ছুপাৰ-৩০ হৈছে বিহাৰৰ আনন্দ কুমাৰৰ এটা সপোনৰ প্ৰজেক্ট। অতি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলেও যাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হবলৈ সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবেই এই বিনামূলীয়া প্ৰশিক্ষণ প্ৰকল্প গঢ়ি এক নিদৰ্শন দেখুৱাইছিল আনন্দ কুমাৰে। তেওঁৰ জীৱন আৰু কৰ্ম বলিউদৰ ঋত্বিক ৰোশন অভিহিত শেহতীয়া ছবি 'ছুপাৰ-৩০'ত তুলি ধৰা হৈছে। বিহাৰৰ হিন্দী মাধ্যমৰ পিছপৰা অঞ্চল আৰু দৰিদ্ৰ-মধ্যবিত্তীয় পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হোৱাৰ এক প্ৰেৰণামূলক ছবিয়ে দেশৰ আন-প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীকো প্ৰেৰণা যোগায়।
সেই প্ৰকল্পৰ দৰেই অসমতো অইল ইণ্ডিয়া লিমিটেডে 'কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনি'ৰ অধীনত ২০১০ বৰ্ষৰ পৰাই OIL INDIA SUPER-30 প্ৰকল্প আৰম্ভ কৰি তেওঁলোকৰ অপাৰেচনেল এৰিয়া অসম আৰু অৰুণাচলৰ প্ৰতিভাসম্পন্ন অথচ আৰ্থিক ভাবে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ইঞ্জিনিয়াৰিঙ পৰীক্ষাৰ বাবে পদ্ধতিগত ভাৱে প্ৰশিক্ষণ দি আহিছে। তাৰ বাবে অইল ইণ্ডিয়া ছুপাৰ-৩০ৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ইটানগৰ আৰু পাচিঘাট কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ দ্বাৰা ২০১০-১৯ বৰ্ষলৈকে মুঠ ১৬৬ গৰাকী প্ৰতিভাবানক আই.আই.টি/ শীৰ্ষ এন আই টি, ৪৮৬ গৰাকীক এন.আই.টি আৰু আন শীৰ্ষ প্ৰতিষ্ঠান আৰু ৯৯ গৰাকীক ৰাজ্যিক অভিযান্ত্ৰিক কলেজ আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে চীট দখল কৰোৱাত সফলকাম হৈ বিজয়ধ্বজ উৰুৱাইছে। এই বৰ্ষতো এই কেন্দ্ৰ কেইটিত অইল ছুপাৰ-৩০ ৰ অধীনত আই.আই.টি/জেইই মেইন আৰু এডভান্স-২০২১ৰ বাবে ১১ মহীয়া বিনামূলীয়া আবাসিক কোচিং আৰম্ভ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে পৰীক্ষা অহা ৩০ জুনত অনুষ্ঠিত হব। বাৰ্ষিক চাৰি লাখ টকাৰ আয়ৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰাৰম্ভিক প্ৰতিযোগিতামূলক পৰীক্ষাৰে প্ৰশিক্ষণৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব লাগিব। অনলাইন পঞ্জীয়ন কৰিবলৈ www.csrlopentest.in ত পদাৰ্পণ কৰক বা হোৱাটচএপ নম্বৰ 7982364403 ত সম্পৰ্ক কৰক। মূল বিজ্ঞাপনটো তলত দিয়া হৈছে। অইল ছুপাৰ-৩০ পৰীক্ষা কেন্দ্ৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ইটানগৰ আৰু পাচিঘাটত আছে।
একেদৰেই অন্য এক তৈল খণ্ডৰ কোম্পানী ONGC (অইল এণ্ড নেচাৰেল গেচ কৰ্পৰেচন) য়েও ২০১৫ বৰ্ষৰ পৰা অসমৰ শিৱসাগৰত এটি ONGC SUPER 30 শিৱসাগৰ খুলি বিনামূলীয়া ১১ মহীয়া আবাসিক প্ৰতিষ্ঠানৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণ লাভ কৰা শিক্ষাৰ্থী সকলে ২০১৫-১৯ বৰ্ষলৈকে মুঠ ২০ গৰাকী প্ৰতিভাবানক আই.আই.টি/ শীৰ্ষ এন আই টি, ৯০ গৰাকীক এন.আই.টি আৰু আন শীৰ্ষ প্ৰতিষ্ঠান আৰু ১৪ গৰাকীক ৰাজ্যিক অভিযান্ত্ৰিক কলেজ আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে চীট দখল কৰিবলৈ সক্ষম হৈছে। ONGC SUPER 30 ৰ বাবেও একেদিনাই পৰীক্ষা হব। বিজ্ঞাপনটো তলত দিয়া হৈছে। ইয়াৰ বাবে কেৱল শিৱসাগৰতহে পৰীক্ষা কেন্দ্ৰ আছে। ইয়াৰ বাবেও অনলাইন পঞ্জীয়ন আহ্বান কৰা হৈছে। অনলাইন পঞ্জীয়ন কৰিবলৈ www.csrlopentest.in ত পদাৰ্পণ কৰক।
অসমৰ প্ৰতিভাবান সকলৰ বাবে যাতে আৰ্থিক দুৰ্বলতা উন্নতিৰ অন্তৰায় নহয়, তাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপৰ বাবে আপুনিও আপোনাৰ চিনাকি তথা অঞ্চলৰ অৰ্হতা থকা তথা প্ৰয়োজন থকা ছাত্ৰ-ছাত্ৰীক এই কথা অৱগত কৰি প্ৰেৰণা যোগাওক। বাট দেখুৱাওক।
No comments:
Post a Comment