মনৰ কথাঃ লক-ডাউনৰ জীৱন আৰু কিছু ইতিবাচক কথা :: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ লক-ডাউনৰ জীৱন আৰু কিছু ইতিবাচক কথা  :: মণিকংকনা দাস

মনৰ কথাঃ লক-ডাউনৰ জীৱন আৰু কিছু ইতিবাচক কথা :: মণিকংকনা দাস

Share This
লক-ডাউনৰ জীৱন আৰু কিছু ইতিবাচক কথা  
মণিকংকনা দাস
Good food and a warm kitchen are what makes a house a home. যোৱা দুমাহত বন্ধু-বান্ধৱীসকলে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা লোভনীয় খাদ্যবস্তুৰ ফটোবোৰ দেখিয়ে মনলৈ আহিছে কথাষাৰ৷ এই কেইদিনত ভিন্ন ধৰণৰ খাদ্যবস্তু ৰান্ধিছে তেওঁলোকে৷ বেছিভাগ বান্ধৱীয়ে চাকৰি কৰে; যোৱা দিনকেইটাত পৰিয়াল তথা ঘৰখনক দিবলৈ যথেষ্ট সময় পাইছে আৰু নিজৰ পছন্দ অনুযায়ী খাদ্যবস্তু ৰান্ধি পৰিৱেশন কৰাইছে৷ তাৰে আৰু কিছুদিন আগুৱাই গৈ কথাবোৰ ভাৱিলে আন এখন ছবিহে মনত পৰে৷ স্বাভাৱিক জীৱন চলি থকা সময়বোৰৰ কথাকে কৈছোঁ৷ 
তেতিয়া আমিবোৰ নিজৰ কাম-কাজক লৈ ইমানে 'ব্যস্ত' আছিলোঁ যে কেৱল বাহিৰৰ পৰা অৰ্ডাৰ দি অনা খাদ্যহে খোৱাত একপ্ৰকাৰ অভ্যস্ত হৈ উঠিছিলোঁ৷ বাহিৰৰ ফাষ্টফুড কেতিয়া যে আমাৰ এৰাব নোৱৰা খাদ্য সংস্কৃতি হৈ পৰিছিল টলকিবই পৰা নাছিলোঁ৷ হয়তো হোটেল, ৰেস্তোৰালৈ ওলাই গৈছিলোঁ, নতুবা তেনেই সহজলভ্য হৈ পৰা অনলাইন খাদ্য ডেলিভাৰী এপ ব্যৱহাৰ কৰি খোৱা বোৱা কৰা সংস্কৃতি আঁকোৱালি লৈছিলোঁ৷ 

এতিয়া মহামাৰীৰ সময়, চাৰিওফালে অনিশ্চয়তা, দুৰ্ভাৱনা৷ ভাল বুলিবলৈ একোৱে নাই৷ চকুৰ আগত ভাঁহে মাথো দুখ আৰু হতাশাৰে ভৰা ছবিবোৰ৷ এফালে বেমাৰত আক্ৰান্ত হৈ হাজাৰ হাজাৰ মানুহৰ মৃত্যু, আনপিনে ভোক আৰু ভাগৰত আতুৰ শ্ৰমজীৱীৰ কৰুণগাঁথা৷ তাৰ পাছতো মহামাৰীৰ বাবে চলি থকা লকডাউনৰ সময়ত কি ভাল দেখিছোঁ, 'ডায়েৰী' লিখিবলৈ বহি তাকেই এবাৰ জুকিয়াই চোৱাৰ যত্ন কৰিছোঁ৷ ম'বাইল ফোনটোৰ স্ক্ৰীণখন উজ্বলি উঠাত চকু গ'ল আজিৰ দিনটোলৈ৷ জুন মাহৰ তিনিদিন পাৰ হ'ল, বছৰটোৰ ছমাহে যাবৰে হ'ল৷ জুন মাহ! এয়া দেখোন ঘাঁমৰ গোন্ধ আৰু নেমু পানী খোৱাৰ বতৰ; গৰমৰ বন্ধ আৰম্ভ হোৱাৰ সময়৷ ফোনতে দিনটোৰ তাপমাত্ৰা চালোঁ, দুপৰীয়া ৩১ ডিগ্ৰী চেলচিয়াছ৷ হ'লেও খুব বেছি গৰম অনুভৱ হোৱা নাই৷ আনবাৰ মে'-জুন মাহত আমাৰ ইয়াত গৰম ক্ৰমাৎ অসহ্যকৰ হৈ উঠে৷ এইবাৰ এতিয়ালৈ অতিপাত গৰম অনুভৱ নোহোৱা কথাষাৰত হয়তো পাঠকৰো দ্বিমত নাথাকে৷ অৱশ্যে এয়া আমাৰ অনুভৱহে, গৱেষক-বিজ্ঞানীয়ে দিয়া তথ্যৰ ভিত্তিত কোৱা কথা নহয়৷ দীঘলীয়া লকডাউনৰ সময়ছোৱাত পৰিৱেশ-প্ৰকৃতিৰ ওপৰত সাময়িকভাৱে হ'লেও ইতিবাচক প্ৰভাৱ কিছু পৰাৰ কথা অৱশ্যে বিভিন্ন মহলত চৰ্চা হৈছে৷ লকডাউনত গাড়ী, মটৰৰ ভিৰ নোহোৱা হৈছে, উদ্যোগ-কাৰখানা প্ৰায় বন্ধ হৈ পৰাত বিশ্বৰ ক্ষেত্ৰতে হওঁক বা ভাৰতৰ ক্ষেত্ৰতে হওঁক, বায়ু প্ৰদূষণৰ মাত্ৰা লক্ষণীয়ভাৱে হ্ৰাস পাইছে৷ ইউৰোপীয় মহাকাশ সংস্থাৰ এটি কৃত্ৰিম উপগ্ৰহই প্ৰেৰণ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীৰ শেষৰ পৰা ফেব্ৰুৱাৰীৰ আৰম্ভণিলৈ এছিয়া আৰু ইউৰোপ মহাদেশৰ ব্যস্ত মহানগৰ আৰু ঔদ্যোগিক ক্ষেত্ৰ এলেকাবোৰত বিগত ২০১৯ চনৰ তুলনাত নাইট্ৰ'জেন ডাইঅক্সাইডৰ পৰিমাণ ৪০ শতাংশলৈ হ্ৰাস পাইছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰদান কৰা তথ্য মতেও নিউয়ৰ্ক আৰু আমেৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ মেট্ৰ' চহৰবোৰত চলিত বৰ্ষৰ মাৰ্চ মাহত নাইট্ৰ'জেন ডাইঅক্সাইডৰ গড় হাৰ ২০১৫ চনৰ পৰা ২০১৯চনৰ তুলনাত কমিছে ৩০ শতাংশলৈ৷ পথ পৰিবহন আৰু শক্তিখণ্ডৰ পৰাই মূলত: উৎপন্ন হোৱা তথা মানুহৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰধান বাহক নাইট্ৰ'জেন ডাইঅক্সাইডৰ মাত্ৰা বায়ুত হ্ৰাস পোৱা কথাটো আন আন বিভিন্ন সংস্থায়ো সদৰি কৰিছে৷ বিভিন্ন ছ'চিয়েল মাধ্যমৰ জৰিয়তে দেখিছোঁ বিশ্বৰ প্ৰদূষিত চহৰসমুহৰ অন্যতম বেইজিং, য়ুহান আদিত আচৰিত ধৰণে হ্ৰাস পাইছে বায়ু প্ৰদূষণ৷ ভিন্ন ঠাইৰ পৰা মানুহে শ্বেয়াৰ কৰা ফটোবোৰে কৈছে আকাশ উজ্বল নীলা আৰু অধিক ফৰকাল হোৱাৰ কথা৷ আমাৰ ভাৰতৰ ৰাজধানী চহৰ দিল্লীৰ একেটা ঠাইৰে দুখন বিশেষ ফটোৱে এইকেইদিনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ফটো দুখন ইণ্ডিয়া গেটৰ৷ এখন ফটো লোৱা হৈছিল যোৱা বছৰৰ অক্টোবৰত, আৰু আনখন ২১দিনীয়া লকডাউনৰ মাজতে এপ্ৰিলৰ প্ৰথমভাগৰ৷ অক্টোবৰত তোলা ফটোখন যিমান ধোঁৱা ধূষৰিত, এপ্ৰিলত তোলা ফটোখন সিমানে পৰিষ্কাৰ আৰু স্পষ্ট৷ ৰাজধানী চহৰখনৰ বায়ুত প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাৰ কথা বিভিন্ন তথ্যই বিশ্লেষণ কৰাৰ উপৰিও তুলি ধৰিছে এই ফটো দুখনে৷ মহামাৰীৰ সময়ত অন্তত: কিছু হ'লেও নিৰ্মল বায়ু সেৱন কৰিব পাৰিছে মানুহে৷

বিশ্ব মহামাৰীৰ সময়ত অজস্ৰ বেয়া খবৰৰ মাজত সকলোৱে স্বীকাৰ কৰা ভাল খবৰ এটাই যে প্ৰকৃতিয়ে ক্ষন্তেকৰ বাবে হ'লেও উশাহ ল'ব পাৰিছে৷ স্বাভাৱিক জীৱন স্হৱিৰ হোৱাত আৰু মানুহ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত প্ৰকৃতিয়ে নিজকে জীপাল কৰাৰ সুযোগ পাইছে৷ বিহাৰৰ সিংহবাহিনী নামে গাওঁ এখনৰ পঞ্চায়তৰ মুখীয়াই টুইটাৰত পোষ্ট কৰা হিমালয় পৰ্বতমালাৰ এখন ফটোৱে মে' মাহৰ আৰম্ভণিতে আচৰিত কৰিছিল সকলোকে৷ কেবা দশকৰ মূৰত প্ৰথমবাৰৰ বাবে গাওঁখনৰ মানুহে উপভোগ কৰিব পাৰিছে এই দৃশ্য৷ নিজৰ ঘৰৰ চাদৰ পৰা ফটোখন তোলা বুলি দাবী কৰিছিল মুখীয়াগৰাকীয়ে৷ অকল সেয়াই নহয়, প্ৰায় ৩০ বছৰৰ পাছত পাঞ্জাৱৰ জলন্ধৰৰ পৰাও দৃশ্যমান হৈছে হিমালয়ৰ পৰ্বতশ্ৰেণী৷ বায়ু নিৰ্মল হোৱা বাবেই এই বিৰল দৃশ্য উপভোগ কৰিব পাৰিছে মানুহে৷ লকডাউনৰ প্ৰভাৱ পৰিছে জলভাণ্ডাৰতো৷ এফালে যদি সুদূৰৰ ভেনিছৰ পানী ফটফটীয়া হোৱাত ওপঙি থকা মাছবোৰ দেখি মানুহে তবধ মানিছে, আনপিনে সকলোকে অবাক কৰি পৰিষ্কাৰ হৈছে গংগা-যমুনাৰ পানী৷ যি গংগা-যমুনাৰ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰবোৰে কোটি টকা খৰচ কৰিও সুফল পোৱা নাছিল, মানুহ কিছুদিন গৃহবন্দী হৈ থাকোতেই স্বত:স্ফূৰ্তভাৱে সেই কাম সমাধান হৈছে৷ আনকি হৰিদ্বাৰ-ঋষিকেশত ২০০০ চনৰ পাছত প্ৰথমবাৰলৈ গংগাৰ পানী খোৱাৰ বাবে উপযোগী হৈ উঠিছে৷ আন এক খবৰ মতে, দাক্ষিণাত্যত প্ৰাক্-মৌছুমী বৃষ্টিপাত বৃদ্ধি পাইছে। প্ৰাক-মৌছুমী বৃষ্টিৰ স্বাভাৱিক গড় পৰিমাণ ৭৬মিমি যদিও এইবাৰ হৈছেগৈ ৮৩ মিমি। যাৰ বাবে কৰ্ণাটক আৰু তামিলনাডুৰ আয়ুসৰেখা কাবেৰী নদীৰ জলৰ পৰিমাণ আৰু গুণগতমান দুয়োটাই যথেষ্ট উন্নত হৈছে। ইয়াতকৈ ভাল লগা খবৰ আৰু কি আছে! প্ৰাণী আৰু জীৱকুলকো সকাহ দিছে মহামাৰীয়ে৷ মানুহৰ ভয়ত পলাই ফুৰিবলগীয়া হোৱা বহু জীৱকুলে মুকলিকৈ দেখা দিছে৷ ঊটীৰ ৰাজপথলৈ হৰিণী ওলাই অহা, দিল্লীত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ বিচৰণ বৃদ্ধি পোৱা, নভী মুম্বাইত ফ্লেমিংগোৰ বিশাল জাকে সৰোবৰ সুশোভিত কৰা, কেবাঠাইৰ সাগৰতীৰত জাকে জাকে কাছ ফুৰিবলৈ লোৱা, কলকাতাৰ গংগাৰ ঘাটত ৩০ বছৰৰ মূৰত দক্ষিণ এছিয় ৰিভাৰ ডলফিন দেখা পোৱা নি:সন্দেহে ভাল খবৰ৷ আমাৰ অসমতো দুষ্প্ৰাপ্য বগা কাউৰী, লাজুকী বান্দৰ আদি কত বছৰৰ পাছত যে মানুহে দেখিবলৈ পাইছে! কিন্তু এই ভাল লগা খবৰবোৰৰ স্থায়িত্বই বা কিমান? মানুহৰ প্ৰত্যাহিক জীৱন পুনৰাম্ভ হোৱাৰ পাছতে এই ভাল খবৰবোৰ আকৌ অন্তৰ্ধান হৈ পৰিব চিৰদিনলৈ৷

লেখাৰ আৰম্ভণিতে খাদ্যবস্তুক লৈ ক'বলৈ ধৰা কথাখিনি শেষ কৰিবই পাহৰিছিলোঁ৷ লকডাউনৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে  সকলো স্থবিৰ হৈ পৰাত মানুহৰ অভ্যাসতো সু-প্ৰভাৱ পৰিছে৷ হোটেল, ৰেস্তোঁৰাৰ কৰ্মচাৰী-ব্যৱসায়ীসকললৈ শ্ৰদ্ধা জনাই হ'লেও এই কথা ক'বই লাগিব যে ঘৰৰ খাদ্যতকৈ বাহিৰৰ খাদ্যবস্তু স্বাস্থ্যৰ পক্ষে উৎকৃষ্ট হ'ব নোৱাৰে৷ বন্ধৰ দিনবোৰত বহুতৰে অভ্যাস সলনি হ'ল, ঘৰৰ খোৱাবস্তুৰ গুৰুত্ব বাঢ়িল৷ 'সময়ৰ অভাৱ'ৰ অজুহাত নথকাত আৰু কোনো দ্বিতীয় বিকল্প নথকাত সকলোৱে ঘৰতে যতনাই ল'লে নানা তৰহৰ খাদ্যসামগ্ৰী৷ বাহিৰৰ বস্তু মানুহে আগতেও খাইছিল, আগলৈও খাব লাগিব; কেৱল সেয়া অভ্যাসত পৰিণত নোহোৱাটোৱে স্বাস্থ্যৰ বাবে মংগলজনক৷

No comments:

Post a Comment