স্বাস্থ্যঃ ক'ভিড-১৯ৰ চিকিৎসাত এন্টিভাইৰেল ঔষধ :: ডা° ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ ক'ভিড-১৯ৰ চিকিৎসাত এন্টিভাইৰেল ঔষধ :: ডা° ভূপেন শইকীয়া

স্বাস্থ্যঃ ক'ভিড-১৯ৰ চিকিৎসাত এন্টিভাইৰেল ঔষধ :: ডা° ভূপেন শইকীয়া

Share This
ক'ভিড-১৯ৰ চিকিৎসাত এন্টিভাইৰেল ঔষধ
ডা° ভূপেন শইকীয়া
২০জুন শনিবাৰ আৰু ২১জুন দেওবাৰে ভাৰতবৰ্ষত কভিড১৯ৰ বিপৰীতে যুঁজ দিবলৈ দুটি এন্টিভাইৰেল ঔষধ বজাৰত উপলব্ধ কৰা হয় বুলি নিৰ্মাতা কোম্পানী কেইটাই সংবাদমেলত ঘোষণা কৰে৷ ফেভিপিৰাভিৰ নামৰ এন্টিভাইৰেল ঔষধবিধক 'ফেভিফ্লু' নামেৰে প্ৰস্তুত কৰা বুলি গ্লেনমাৰ্ক কোম্পানীয়ে জনায়৷ আনহাতে ৰেমডেচিভিৰ নামৰ এন্টিভাইৰেল ঔষধবিধক দুটি কোম্পানীয়ে (হেটেৰা আৰু চিপলা) নিজা নিজা ব্ৰেণ্ড নামেৰে (কভিফৰ আৰু চিপ্ৰেমি) বজাৰত উপলব্ধ কৰাইছে৷ এয়া নিশ্চয় আশাৰ বতৰা৷ সংকট কালত ৰাইজক সকাহ দিব পৰা খবৰ৷ এই দুয়োবিধ দৰবৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰি চাওঁ আহক৷
ফেভিপিৰাভিৰ - ২০১৪চনৰ পৰা জাপানত ইয়াৰ প্ৰচলন হৈ আহিছে ইনফ্লুৱেঞ্জা ৰোগৰ চিকিৎসাৰ বাবে৷ ইয়াৰ নিৰ্মাতা হ'ল ফুজি কেমেৰাৰ বাবে খ্যাতি অৰ্জা ফুজিফিল্ম হোল্ডিং কৰপোৰেচন কোম্পানী৷ যদিও জাপানত (আৰু সামন্তৰালভাবে আমেৰিকাতো) কোভিড১৯ ৰোগীৰ ওপৰত বৰ্তমান ইয়াৰ প্ৰয়োগ চলাই থকা হৈছে, এতিয়ালৈকে কিন্তু কোভিড১৯ ৰ চিকিৎসাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰা নাই৷ অৱশ্যে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো এবেই আশা ব্যক্ত কৰিছে যে আৰু কিছুদিনৰ পিছতেই ই চৰকাৰী স্বীকৃতি পাব৷ জাপানত ফেভিপিৰাভিৰৰ ব্ৰেণ্ড নাম হ'ল এভিগান৷ এভিগানে এতিয়ালৈ চৰকাৰী মান্যতা নোপোৱাৰ কাৰণ হ'ল বিশেষজ্ঞৰ মতে এই দৰবৰ পাৰ্শ্বক্ৰিয়া হ'ল গৰ্ভস্থ সন্তানৰ বিকৃতি উৎপন্ন কৰা৷ গতিকে গৰ্ভধাৰণৰ সম্ভাৱনা থকা মহিলাই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব৷ আকৌ এই দৰবৰ মাতৃদুগ্ধইদি নিৰ্গত হয় সেয়ে স্তনপান কৰোৱা মাতৃয়ে ইয়াক সেৱন কৰাৰ পৰা বিৰত থাকিব৷ পুৰুষত বীৰ্যৰ যোগেদিও এই দৰব নিৰ্গতহয়,সেয়ে সম্ভাব্য পিতৃয়ে ইয়াক ব্যৱহাৰ নকৰাই মংগলজনক৷ কোনো কোনোৰ মতে কোভিড১৯ৰ চিকিৎসাত ইয়াৰ ফলাফল দাবী কৰাৰ দৰে সফল নহয়৷

ইয়াৰ বিপৰীতে চীন আৰু ৰাচিয়াই নিজৰ দেশৰ কোভিড১৯ ৰোগীৰ চিকিৎসাত ফেভিপিৰাভিৰ প্ৰয়োগ কৰিছে৷ পৰিস্থিতি অনুধাৱন কৰি ফুজিফিল্ম কোম্পানীয়ে এভিগানৰ উৎপাদন তিনিগুণলৈ বৃদ্ধি কৰিছে৷ বিশ্বৰ ৩০খন দেশলৈ (তাৰ ভিতৰত আছে টাৰ্কি,ইণ্ডোনেচিয়া,ইৰাণ,চৌডি আৰব, ম্যানমাৰ,চেক ৰিপাব্লিক,বুলগেৰিয়া আদি দেশ) এভিগান ৰপ্তানি আৰম্ভ কৰিছে আৰু কৈছে প্ৰয়োজনত কোম্পানীয়ে বিনামূলীয়াকৈয়ো দৰবৰ যোগান ধৰিব পাৰিব৷

ৰাচিয়াই ৩৩০জন ৰোগীৰ ওপৰত ফেভিপিৰাভিৰ দৰবৰ প্ৰয়োগ কৰিছে৷ গ্নেনমাৰ্ক কোম্পানীৰ দ্বাৰা ভাৰতত ১৫০জনৰ ৰোগীৰ ওপৰত ট্ৰায়েল কৰা হৈছে যদিও ইয়াৰ ফলাফল এতিয়ালৈ ওলোৱা নাই৷ চীন দেশত ৮০জন ৰোগীৰ ওপৰত অকল ফেভিপিৰাভিৰ দৰব,আৰু ২৩৬ৰোগীৰ ওপৰত ল'পিনাভিৰ আৰু ৰিটানোভিৰ দৰব একেলগে প্ৰয়োগ কৰা হৈছিল৷ দেখা গৈছিল যে ফেভিপিৰাভিৰ দৰব প্ৰয়োগ কৰিলে সোনকালে ভাইৰাচ নিৰ্মূল হয়৷

ফেভিপিৰাভিৰে নবেল কৰ'না ভাইৰাছৰ আৰ এন এক নিষ্ক্ৰিয় কৰি তোলে যাৰ ফলত ভাইৰাছৰ বংশবৃদ্ধি বাধাগ্ৰস্ত হয়৷ সাধাৰণৰ পৰা মজলীয়া লক্ষণ দেখা দিয়া ৰোগীক ফেভিপিৰাভিৰ প্ৰয়োগ কৰিলে ৪দিনৰ পৰা ৰোগৰ লক্ষণসমূহ কমিব ধৰে৷ সাফল্যৰ হাৰ হ'ল ৮৮শতাংশ - এয়া জাপানৰ ২১৪১জন ৰোগীৰ ওপৰত চলোৱা পৰীক্ষাৰ নিষ্কৰ্ষ ৷ ২০ বছৰ বয়সৰ পৰা ৯০বছৰৰ তলৰ ৰোগীক এই দৰব দিব পাৰি৷ দৰব সেৱন কৰিবলৈ হ'লে ৰোগী ডাক্তৰৰ তত্বাধানত দুসপ্তাহ কাল ভৰ্তিহৈ থাকিব লাগিব৷ ৰোগীয়ে নিজৰ শৰীৰত দৰবৰ প্ৰয়োগৰ বাবে সকলো জ্ঞাত হোৱা জনাই লিখিত সন্মতি দিব লাগিব৷ গ্লেনমাৰ্ক কোম্পানীয়ে জনোৱা মতে ৩৪টা টেবলেটৰ একোটা পেকেটৰ মূল্য ৩৫০০টকা,অৰ্থাৎ এটা টেবলেটৰ মূল্য ১০৩টকা৷ প্ৰতিটো টেবলেট ২০০মিলিগ্ৰামৰ৷ ইয়াক দিয়াৰ পদ্ধতি হ'ল- প্ৰথম দিনা ১৮০০মিলিগ্ৰাম (৯টা টেবলেট) দিনটোত দুবাৰ৷ পিছৰ ১৪দিন ৮০০মিলিগ্ৰাম (৪টা টেবলেট) দিনে দুবাৰ৷ লিভাৰৰ অসুখ, কিডনিৰ অসুখ, গাউট বা বৰ্ধিত ইউৰিক এচিড থকা ৰোগীয়ে, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃয়ে এই এন্টিভাইৰেল দৰব সেৱন কৰিব নোৱাৰিব৷

দক্ষিণ আফ্ৰিকাত কৰ্মৰত অসমীয়া বিজ্ঞানী ড০ মুকুট গোঁহাইয়ে জনাইছে যে সেই দেশত কভিড১৯ৰ চিকিৎসাত ফেভিপিৰাভিৰ ব্যৱহৃত হয়৷

ৰেমডেচিভিৰ - গুৰুতৰভাবে কভিড১৯ত আক্ৰান্ত ৰোগীক অক্সিজেন দিয়া হয় আৰু আই চি ইউৰ সহায়ৰ প্ৰয়োজন হয়৷ তেনে ৰোগীৰ বাবে অনুমোদন জনোৱা হৈছে এই ৰেমডচিভিৰ নামৰ এন্টিভাইৰেল ঔষধক৷ ৬০০০টকা মূল্যৰ একোটা বেজী ৫দিনলৈ ভেইনৰ যোগদি দিয়া হয়৷ মূল আমেৰিকাৰ জিলিড ফাৰ্মকিউটিকেলচে উদ্ভাৱন কৰা এই ৰেমডিচিভিৰ বাংলাদেশ,পাকিস্তানকে ধৰি বহু দেশে নিজা কাৰখানাত নিৰ্মাণ কৰি কিছুদিনৰ পৰা বিক্ৰীকৰিআহিছে৷ এতিয়া ভাৰতৰ ইতিমধ্যে উল্লেখ কৰা দৰবৰ কোম্পানী দুটাই ভাৰত চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকৰ অনুমোদন লাভ কৰি বজাৰত নিজৰ উৎপাদন সামগ্ৰী দেশজুৰি বিতৰণ আৰম্ভ কৰিছে৷

উল্লেখযোগ্যযে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত কমেও ১৩০বিধ কভিড১৯ বিনাশকাৰী দৰবৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলি আছে৷ কৰ'না ভাইৰাছৰ ভেকচিনৰ প্ৰয়োগ মানৱ দেহত

পৰীক্ষামূলকভাবে প্ৰদান কৰা হৈছে যদিও কেতিয়ালৈ ভেকচিন নিৰ্মাণৰ ক্ষেত্ৰত বিজ্ঞানীসকল সফল হ'ব তাৰ কোনো নিশ্চয়তা কোনেও দিব পৰা নাই৷ ইফালে বিশ্বত কভিড১৯ৰ আক্ৰান্ত আৰু মৃতকৰ সংখ্যা তীব্ৰভাবে বাঢ়িব ধৰিছে৷ এতিয়ালৈ বিশ্বত ৯২লাখ আৰু চতুৰ্থ স্থানত থকা ভাৰতত ৪লাখ ৪২হেজাৰ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে৷ অসমৰো জনজীৱন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'ব ধৰিছে৷ এই পৰিপ্ৰেক্ষিতত দুবিধকৈ এন্টিভাইৰেল দৰব আমাৰ দেশত উপলব্ধ হোৱাতো এক আশাৰ বতৰা বুলিয়েই আমি গণ্য কৰিব লাগিব৷
(২৫জুনৰ 'অসমীয়া খবৰ' কাকততো প্ৰকাশিত৷), লেখকৰ ম'বাইল ৯৪৩৫০ ৪৮০৫৫, ইমেইল – drbksaikia@gmail.com

No comments:

Post a Comment