'মাজুলীলৈ দলং' আৰু ৰূপান্তৰৰ প্ৰত্যাশা
অজয় লাল দত্ত
মাজুলীলৈ দলং হব, দক্ষিণপাট ঘাটৰ পৰা টিয়কৰ হাতীশাললৈ ৬.৭৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ লগত ৰাস্তা আদিৰে আনুমানিক ব্যয় ২৪৪২ কোটি টকা। অতি দ্ৰুততাৰে কামবোৰ আগবাঢ়ক। ইয়াৰ লগতে মাজুলীক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ সমুখত গাইড-বান্ধ আদিও জিঅ' টিউব আদি উন্নত প্ৰযুক্তিৰে নিৰ্মাণ হওক। মানুহে বেলেগ কিছু হাতী-ঘোঁৰা এইখন চৰকাৰৰ পৰা আশা কৰা নাই। কেৱল কৈছে যে নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ দ্ৰুতভাৱে ৰূপায়িত কৰক। মানুহৰ সৰল প্ৰাৰ্থনা ইমানকনেই। নিৰ্বাচনৰ আগতে গাডকাৰী চাহাবে মুঠ পাঁচখনমান দলঙৰ কথা কৈছিল... সকলোবোৰ নিৰ্মাণ কৰাৰ বাবেও পদক্ষেপ ল'লে আৰু অধিক ভাল লাগিব। মাজুলীৰ পৰা বিহপুৰীয়াৰ বাঁহগড়া বদতি ঘাট আৰু মাজুলীৰ উলুৱনী চাপৰিৰ মাজতো এখন দলঙ সোনকালেই নিৰ্মাণৰ কথা ভাবিবই লাগে। কেবি ৰোডেৰে লখিমপুৰ সংযোগী খাবলু ঘাটতো দলঙ হওক। হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলী সংযোগ কৰি ঢকুৱাখনা হৈ ধেমাজি জিলালৈ এই অঞ্চলটো ৰেলৱেৰ দ্বাৰা সংযোগৰ কাম-কাজৰ কথাও চলি আছিল। কিছু এই সম্পৰ্কত চাৰ্ভেৰ কাম হোৱা বুলিও কোৱা হয়। মুঠতে সুচলতৰ হওক সকলো সংযোগ আৰু সহজ হওক আহ যাহৰ সম্ভৱপৰ ব্যৱস্থা। গুগোল মেপত চালে দেখিব, ভৌগোলিক ভাৱে মাজুলী এক উজনি অসমৰ এক মধ্যম স্থানত থাকিও কিদৰে এতিয়াও বিকাশৰ মূলসুঁতিৰ পৰা একাষৰীয়াকৈ ৰৈ গৈছিল। কেৱল যাতায়তৰ সুচলতা সৃষ্টি নোহোৱাটো আছিল ইয়াৰ এক মূল কাৰণ।
মনত ৰাখিব, মুম্বাইৰ নিচিনা এখন অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ চহৰ সাতটা দ্বীপৰ মাজত কেৱল 'দলঙ' নিৰ্মাণ কৰিয়েই গঢ় দিয়া হৈছিল। এতিয়া মুম্বাইক কোনেও দ্বীপ....নিৰ্জন, পিছপৰা...এইবোৰ শব্দৰ আওতাত ৰাখিব পৰা নাই। এই দলঙ আৰু পথ, এই দুটা সাৰ্বজনীন প্ৰয়োজনীয় বস্তু, কাৰণ ইয়াৰেই হয় সংযোগ প্ৰগতিৰ সৈতে, সংযোগ হয় বৰ্হিঃ বিশ্বৰ সভ্যতা সংস্কৃতিৰ সৈতে। মাজুলীও 'নদীদ্বীপ'ৰ একাকীত্বৰ পৰা মুক্ত হব। বৰ্তমানে ঢকুৱাখনাৰ ফালে থকা দলঙেৰে কোনো অসুবিধা নোহোৱাকৈ মাজুলীৰ সৈতে বাকী দেশৰ পথ সংযোগ অলৰেডি আছেই। সেইফালে মাজুলী-গুৱাহাটী নাইট চুপাৰো চলে! ডিব্ৰুগড় মেডিকেল কলেজলৈকো বাচ চলে। মেডিয়াই বানপানীৰ বতৰত ফেৰী নচলিলেই বৰ্হিবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্নতাৰ বাতৰি কৰে, জেংৰাইমুখ-ঢকুৱা সংযোগী পকা দলঙৰ সুলভতাৰ কথা উল্লেখ নকৰে!! কিন্তু দক্ষিণ মাজুলী আৰু কমলাবাৰীৰ ফালৰ ৰাইজৰ যোৰহাট-মুখিতা আৰু সহজ দূৰত্বত সুলভ সুবিধাৰ বাবে যোৰহাট-মাজুলী দলঙে জীৱনবোৰ আৰু অধিক সহজতৰ কৰি তুলিব পাৰিব। বিহপুৰীয়া, লখিমপুৰ সংযোগী পথৰ দলঙৰ লগতে ৰেলৱেৰ সাম্ভাব্য সুচলতাই মাজুলীৰ উন্নতিক নিশ্চয়কৈ তৰান্বিত কৰিব পাৰিব।
সংবিধানপ্ৰণেতা বি.আৰ. আম্বেদকাৰে কৈ থৈ গৈছে- 'একোটা চিন্তা-ধাৰণাৰো প্ৰসাৰতাৰ প্ৰয়োজন, যাতে ফুলত পানী দিয়াৰ দৰে ই সজীৱ হৈ থাকিব পাৰে'। সেয়ে, এই পটভূমিত পাঁচটা মন কৰিব লগীয়া কথা আলোচনা কৰিবলৈ বিচৰা হৈছে। প্ৰথম, সেয়া হৈছে যে মাজুলীৰ নৈ পৰীয়া মাটিৰ বেছি ভাগৰে ম্যাদি পট্টন নাই। গতিকে ভূমি অধিগ্ৰহণ আদিৰ ক্ষেত্ৰত বৰ্তমানে ভোগ-দখল কৰি থকা সকলে ক্ষতিপূৰণ 'ফৰলেনত কোটিপতি' হোৱা সকলৰ দৰে নাপাব। মাজুলী প্ৰশাসনে এই বিষয়ে ধেমাজি প্ৰশাসনে পূৰ্বতে কৰাৰ দৰে বগীবিলৰ মাটি অধিগ্ৰহণৰ আগে আগে ব্যাপক ম্যাদি পট্টনৰ ব্যৱস্থাৰ উদাহৰণ গ্ৰহণ কৰিলে কথাটো জনকল্যাণমুখী হব, ক্ষতিপূৰণো ভালকৈ পাব। আৰু মাজুলীৰ ৰাইজক নতুন জিলা হোৱাৰ পৰা এই ব্যাপক ম্যাদিকৰণ সুবিধা দিলে চৰকাৰেও সদনাম পাব। বিগত দশকটোত ধৰিত্ৰী চফটৱেৰ যোগে অসমৰ মাটিৰ মেপবোৰৰ ডিজিটেলাইজেচন কৰাৰ ফলত চৰকাৰী আগ্ৰহ থাকিলে, এই কাম সনিপুণ ভাৱে কৰিব পৰা যাব।
দ্বিতীয়তে, এই ক্ষেত্ৰত চৰকাৰৰ নীতি হব লাগিব অতি অনুকম্পামূলক আৰু সহানুভূতিশীল। কাৰণ মাজুলীৰ ইতিহাস জনা সকলে ভালকৈ জানে যে পূৰ্বৰ শতিকাৰ মাজুলীৰ এক তৃতীয়াংশ মান ভূমি, এক বিশাল শালমৰা মৌজাই ইতিমধ্যেই লুইতৰ বুকুত জাহ গৈছে। এতিয়াও হাজাৰটা পৰিয়ালে ওখ ঠাই অথবা মাথাউৰিতে ঘৰ বান্ধি গৃহহীন, ভেটিহীন হৈয়ে ৰৈছে। এই সকল প্ৰাকৃতিক কাৰণত শৰণাৰ্থীত পৰিণত হোৱা লোকৰ বাবে বিকল্প ঠাইত সুচল মাটি আবণ্টন (ম্যাদি পট্টনৰ সৈতে) আৰু চৰকাৰী আঁচনিৰ ঘৰৰ নিম্নতম ব্যৱস্থা কৰাৰ বাবে এক সুনিৰ্দিষ্ট নীতি চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। নিম্নতম আয় নিশ্চিতকৰণৰ বাবে কাৰ্যকৰী প্ৰকল্পও এই সকলৰ বাবে গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। কাৰণ, এই সকল লোক মাটি-বাৰীৰ ডকুমেণ্টৰ অভাৱতে দেশৰ কল্যাণকামী পদক্ষেপবোৰৰ পৰা বঞ্চিত হৈয়ে ৰব লগা হৈছে। বানপানীৰ নিয়ন্ত্ৰণ আৰু সহ-অৱস্থান এই দুয়োটা দিশতে কৰণীয় কামবোৰৰো এক মুকলি পৰ্যালোচনা হোৱা উচিত।
তৃতীয়তে, ভৱিষ্যতৰ দশকটোত প্ৰস্তাৱিত দলঙবোৰ নিৰ্মিত হৈ মাজুলী উজনিৰ সজীৱতম প্ৰাণকেন্দ্ৰ হৈ পৰক, অৰ্থনৈতিক ভাৱেও। তাৰ লগতে কিন্তু সাংস্কৃতিক সমলৰ যাতে হৰণ ভগন নহয়, তাৰ বাবেও সজাগ হব লাগিব। অসমীয়া জাতীয় সংস্কৃতিৰ লগতে ধৰ্মীয় বৰঘৰ মাজুলীক এই 'ধাৰ্মিক সাংস্কৃতিক' আগ্ৰাসনৰ পৰা বচাই ৰখাটোও হব, আন এটা গুৰুত্বপূৰ্ণ কথা! এই আগ্ৰাসন হিন্দী বলয় ধৰ্মী হিন্দুত্ব, মিছনেৰীৰ ভেশত আৰু বালি চাপৰিদখল কৰা ধৰ্মীয় সংখ্যালঘুৰ তিনিওটাৰ বাবেই প্ৰযোজ্য হব লাগিব। ফৰাছী লেখক ভিক্টোৰ হুগোৰ কথাষাৰ এইক্ষণত আমিও আওৰাব পাৰো যে-"আপুনি মত সলাওক, কিন্তু নীতি নহয়। আপুনি পাত সলাওক, কিন্তু শিপা নহয়"!
চতুৰ্থতে, মাজুলী গাখীৰে, মাছে উভৈনদী ঠাই। খেতিবাতিও ভাল হয়, পশুপালনক বিজ্ঞান সন্মত কৰি হাজাৰ কোটিৰ ব্যাপকতা দিয়াৰ আছে প্ৰভূত সম্ভাৱনা। স্কেভেঞ্জিয়ান উন্নত দেশ চুইডেন আদিৰ আৰ্হিত চৰকাৰী উদ্যমত বিশাল বিশাল পশু পালনৰ প্ৰকল্প ৰূপায়িত কৰি এক আৰ্হি বিকাশ কৰাৰ বাবে মাজুলী আমাৰ দৃষ্টিত এক অনুপম ঠাই। এনে বিশাল পামত আঠ ঘণ্টাকৈ তিনিটা চিফটত উন্নত মজুৰীয়ে কাম কৰিবলৈ পালে মাজুলীৰ ডেকাই আকৌ নিশ্চয়কৈ দেশৰ ভিন্ন প্ৰান্তত নিম্ন দৰমহাৰ অউতপাদনমুখী কামত ধৰিবলৈ যোৱাৰ প্ৰয়োজন নহব। শ্বেত বিপ্লৱ (দুগ্ধ), নীল বিপ্লৱ (মাছ) আৰু পিংক বিপ্লৱ (মাংস)ৰ কিছু উদাহৰণযোগ্য প্ৰকল্পই মাজুলীক অসমৰ এক অৰ্থনৈতিক ৰূপান্তৰৰ আখৰাথলীলৈ পৰিবৰ্তিত কৰাৰ প্ৰভূত সম্ভৱনা আছে। লগতে ভিন্ন ৰঙী সূতাৰ জনগোষ্ঠীয় ডিজাইনৰ হস্ততাঁত বস্ত্ৰ-শিল্পক সংগঠিত ৰূপত গঢ়ি 'উজনিৰ মানচেষ্টাৰ' গঢ়াৰ কথাওটো ভাবিব পাৰি। পৰম্পৰাগত মুখা-শিল্প, বাঁহ-বেতৰ ভেলু এডেড প্ৰডাক্ট (ফাৰ্নিচাৰ তথা বায়-ডিগ্ৰেডেবল পুতলা) নিৰ্মাণৰ জৰিয়তেও সংগঠিত ৰূপত ৰাজহ সৃষ্টিৰ প্ৰভূত সম্ভাৱনা মাজুলীয়ে বহন কৰিছে।
পঞ্চমতে, গ্ৰাম্য পৰ্যটন, সাংস্কৃতিক পৰ্যটন, ধাৰ্মিক পৰ্যটনটো থাকিবই। সেয়ে মাজুলীক লৈ এক দীৰ্ঘম্যাদি এক সুসংহত প্ৰকল্প হাতত লোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰাকৃতিক বিল-জান-সুঁতিয়েদি ভেনিচৰ দৰে নাও, গাঁৱৰ মাজে মাজে গোৱাৰ পানাজীৰ দৰে পথ! সেয়ে তাৰ সুচল ভূমি যাতে ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ বাবেই যাতে বহিৰাগতৰ হাতলৈ যাব নোৱাৰে, এতিয়াই শ শয়ে বিঘা ভূমি মাজুলীয়াৰ বাদে আনে যাতে কিনি ৰাখিব নোৱাৰে, তাৰ বাবে সংবিধানৰ আওতাত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, গ্ৰামদান আদি বিভিন্ন পদ্ধতিৰে ৰাইজে ভেটি-মাটিৰ সুৰক্ষাৰ কথাও নিশ্চিত কৰি লওক। এয়াই হৈছে সময়ৰ আহ্বান। মাজুলীক মাজৰ ঠাই হিচাবে অসমৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ৰাজধানী একত্ৰে কৰি 'মুম্বাই'ৰ দৰে উজ্বলাই পেলোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বাবে এক দূৰদৰ্শী সামুহিক সদিচ্ছাৰ প্ৰয়োজন আছে।
এই নতুন দলঙ হওক, এইবোৰ কাংখিত ৰূপান্তৰৰ দিশে নতুন এখোজ। মাজুলীৰ ভৱিষ্যত সলাব পৰা আশা কঢ়িয়াই অনা এই দলঙৰ বাতৰি যাতে নিৰ্বাচনৰ পূৰ্বে নতুন ঠাইত 'কেৱল নতুন আধাৰশিলা'ৰ অনুষ্ঠানতে থমকি নৰয়। তাৰ বাবে ৰাইজ সচেতন হব লাগিব আৰু নতুন মাজুলীৰ এক ভিজন ডকুমেণ্ট তৈয়াৰ কৰি তাৰ বাস্তৱায়িত কৰাৰ বাবে ঐক্যবদ্ধ ভাৱে ৰাজনৈতিক নেতৃত্বক বাধ্য কৰাব পাৰিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ
No comments:
Post a Comment