বিশ্লেষণঃ আচল আয়ুর্বেদ বনাম পতঞ্জলীৰ 'কোৰোনিল'ৰ ব্যৱসায়িক ভাওনা ::পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আচল আয়ুর্বেদ বনাম পতঞ্জলীৰ 'কোৰোনিল'ৰ ব্যৱসায়িক ভাওনা ::পাৰভিন চুলতানা

বিশ্লেষণঃ আচল আয়ুর্বেদ বনাম পতঞ্জলীৰ 'কোৰোনিল'ৰ ব্যৱসায়িক ভাওনা ::পাৰভিন চুলতানা

Share This
আচল আয়ুর্বেদ বনাম পতঞ্জলীৰ 'কোৰোনিল'ৰ ব্যৱসায়িক ভাওনা
পাৰভিন চুলতানা

সৰুতে কাহঁ, পানী লগা জ্বৰ হলে তুলসীৰ লগত মধু খোৱা, গৰম মিঠা তেল বুকুত মালিচ কৰা আমাৰ প্রত্যেকৰে শৈশৱৰ স্মৃতি বুলি ক’লে ভুল নহব। এইবোৰ আছিল ‘দাদিমাৰ ঘৰুৱা নুস্খা’। তদুপৰি বিভিন্ন বিষৰ বাবে তেল-হালধীৰ মিশ্রণ, চর্মৰোগৰ বাবে হালধী-মেহেন্দী-নীম পাতৰ প্রয়োগ, সৰু লৰা ছোৱালীৰ পেলু সমস্যাৰ বাবে তিতা বা হালধীৰ ৰস ইত্যাদি বনৌষধিৰ লগত আমি সকলোৱে পৰিচিত আৰু এই ঔষধিবোৰৰ প্রভাৱৰ বিষয়ে আৰু এইবোৰৰ পার্শ্বক্রিয়াৰ অনুপস্থিতিৰ বিষয়েও আমাৰ মনত কোনো সন্দেহ নাই।

ভাৰতবর্ষই পৃথিৱীক যোগ ব্যায়ামৰ উপহাৰ দিছে। যি সময়ত পশ্চিমীয়া দেশবোৰৰ মানুহ বিভিন্ন জীৱনশৈলীৰ লগত জড়িত বিভিন্ন ব্যাধিত ভুক্তভোগী হৈ পৰিছিল, সেই সময়ত এটি উন্নত আৰু সুস্থ জীৱনৰ বাবে যোগ ব্যায়ামৰ ফলপ্রসূতা বহুত জনপ্রিয় হৈ পৰিছিল। কিন্তু পৰম্পৰাগত ভাৰতীয় চিকিৎসা শাস্ত্র আয়ুর্বেদৰ এফালে যেনেকৈ জনপ্রিয়তা বাঢ়ি আছে আনফালে মাজে সময়ে এনে কিছু ঘটনা সংঘটিত হয় যিবোৰ ঘটনাই মানুহক এই পৰম্পৰাগত চিকিৎসাশাস্ত্রৰ ওপৰত প্রশ্ন কৰিবলৈ বা ইয়াৰ উপকাৰিতাক নাকচ কৰিবলৈ সুযোগ দিয়ে। 


শেহতীয়াভাৱে সংঘটিত ঘটনাটো হ’ল জনপ্রিয় যোগ-ব্যায়ামৰ প্রচাৰক আৰু পতঞ্জলীৰ যোগপীঠৰ প্রমূখ বাবা ৰামদেৱে কৰা এক দাবীক লৈ। বাবা ৰামদেৱে কোৰোনিল নামৰ এটা ঔষধৰ আৱিস্কাৰৰ কথা জনায় আৰু তেওঁৰ মতে মাত্র ৫৪৫ টাকত উপলব্ধ এই ঔষধে কোৰোণাৰ দৰে মহামাৰীক ভাল কৰি পেলাব। তেওঁ দাবী কৰে যে প্রায় ১০০ জন ক'ৰোণা আক্রান্তৰ ওপৰত চলোৱা পৰীক্ষাই এইটো প্রমাণ কৰি দিছে যে কেৱল ১৪ দিনৰ ভিতৰতে এই ঔষধ সেৱন কৰা ১০০% ৰোগী সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে।

তেওঁৰ এই দাবীৰ লগে লগে একাংশ সংবাদ মাধ্যমে ভাৰতবর্ষই সর্বপ্রথমতে কৰোণাৰ ঔষধ আৱিস্কাৰ কৰা বুলি প্রচাৰ কৰা আৰম্ভ কৰিলে। কিন্তু কিছু ঘন্টাৰ ভিতৰতে আয়ূষ মন্ত্রণালয়ৰ পৰা বাবা ৰামদেৱক এই ঔষধৰ প্রচাৰ কৰিবলৈ নিষেধ কৰা হয় আৰু তেওঁ চলোৱা পৰীক্ষাৰ সবিশেষ তথ্য মন্ত্রণালয়ক জনাবলৈ নির্দেশ দিয়া হয়। উত্তৰাখণ্ডৰ আয়ুর্বেদ বিভাগৰ লাইচেঞ্চ প্রদান কৰা বিষয়াৰ মতে পতঞ্জলীৰ ফালৰ পৰা কাহঁ- সর্দী আৰু প্রতিৰোধ শক্তি বর্ধন কৰিব পৰা ঔষধৰ লাইচেঞ্চৰ বাবেহে আবেদন পত্র দিয়া হৈছিল, তাত ক'ৰোণাৰ কোনো ধৰণৰ উল্লেখ নাছিল। তেনে ক্ষেত্রত এই ঔষধক ক'ৰোণাৰ প্রতিকাৰ বুলি প্রচাৰ কৰা কিমান নৈতিক আৰু বৈধ?

পতঞ্জলীয়ে দাখিল কৰা তথ্য মতে তেওঁলোকে বাচি লোৱা ট্রায়াল 'সাবজেক্ট'সকলৰ কোনেও দহ বছৰৰ তলৰ বা ৫৯ বছৰ বয়সৰ ঊর্ধ্বৰ নাছিল। লগতে এওঁলোক কোনো গম্ভীৰ স্বাস্থ্যজনিত সমস্যাত ভুক্তভোগী নাছিল। অর্থাৎ এওঁলোক এসীম্পটোমেটিক ৰোগি আছিল। এনে ৰোগীৰ ক্ষেত্রত সাধাৰণ ফ্লুৰ দৰেই চিকিৎসা কৰা হয় আৰু চৰকাৰী তথ্য মতে ভাৰতবর্ষত কম বয়সীয়া 'এসীম্পটোমেটিক' ৰোগীবোৰৰ সুস্থ হৈ উঠাৰ হাৰ বহুত আশাজনক। গতিকে আৰম্ভণিতে কৈ থব পাৰি যে এই ঔষধ গম্ভীৰভাৱে অসুস্থ ব্যক্তিসকলৰ বাবে বৰ বেছি ফলপ্রসূ নহয়।

ইয়াৰ ওপৰিও সাধাৰণতে নতুন ঔষধ বা ভেক্সিনৰ ক্ষেত্রত এলোপেথীয়ে দীর্ঘদিন ধৰি বহুস্তৰীয়া পৰীক্ষামূলক গৱেষনা চলায় যেন ইয়াৰ প্রভাৱৰ বিষয়ে কোনো সন্দেহ উৎপন্ন নহয়। তেনে ক্ষেত্রত এটা নতুন ব্যাধি যাৰ বিষয়ে দিনক দিনে নতুন তথ্য সন্মুখত আহি আছে, তেনে ব্যাধিৰ ঔষধ কেৱল এমাহত আৰু মাত্র এশজন ৰোগীৰ ওপৰত পৰীক্ষা কৰি বজাৰত সহজলভ্য কৰি দিয়াটো সমীচিন জানোঁ? এনেও পৰিলক্ষিত হৈছে যে কিছু মানুহৰ শৰীৰত এই ৰোগে ভিন ভিন লক্ষণ দেখুৱাইছে। তেনে ক্ষেত্রত এই ঔষধ সকলোৰে ওপৰত সমানভাৱে কাৰ্যকৰী নহবও পাৰে আৰু এইটো জনা অতিকৈ দৰকাৰী। ইয়াৰ বাবে প্রয়োজন আৰু দীঘলীয়া পৰীক্ষণৰ। 

পিছে এই প্রশ্নবোৰ উত্থাপন হোৱাৰ লগে লগে পতঞ্জলীৰ বাবা ৰামদেৱে বিতর্কটোক এক ভিন্ন দিশ দিয়াৰ চেষ্টা কৰিছে। আধুনিক সময়ত বাবা ৰামদেৱে যোগ ব্যায়ামক জনপ্রিয় কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আনকি তেওঁ প্রস্তুত কৰি উলিওৱা বিভিন্ন সামগ্রী বজাৰত যথেষ্ট সমাদৃত হৈছে। কিন্তু আমি মনত ৰখা উচিত যে আয়ুর্বেদৰ ঐতিহ্য আৰু পৰিসৰ পতঞ্জলীতকৈ বহুত বহল। গতিকে পতঞ্জলীক প্রশ্ন কৰাৰ অর্থ আয়ুর্বেদক প্রশ্ন কৰা নহয়।

দুর্ভাগ্যজনকভাৱে এই প্রশ্নবোৰৰ সন্তোষজনক উত্তৰ দিয়াৰ ঠাইত বাবা ৰামদেৱে নিজকে বহুজাতিক ফার্মাচিউটিকেল কম্পেনীৰ ষড়যন্ত্রৰ ভুক্তভোগী সজাবলৈ চেষ্টা কৰিছে। কিন্তু এই অভিযোগ- প্রত্যাভিযোগৰ মাজত ক'ৰোণাত আক্রান্ত ৰোগীসকলৰ স্বার্থ যেন গৌণ কৰা হৈছে। উল্লেখযোগ্য যে বাবা ৰামদেৱৰ বাবে এয়া প্ৰথম বিতর্ক নহয়। ইয়াৰ আগতেও তেওঁ এনে কিছু মন্তব্য কৰিছিল যাৰ বাবে বহু সমালোচনাৰ সন্মুখীন হব লগা হৈছিল। উদাহৰণস্বৰূপে তেঁও দাবী কৰিছিল যে তেওঁ সমকামিতাৰ দৰে ‘ব্যাধি’, এইডছ আনকি কর্কট ৰোগ ঠিক কৰি দিব পাৰে, পতঞ্জলীৰ দিব্য পুত্রবীজক বীজে পুত্র সন্তানৰ জন্ম নিশ্চিত কৰিব পাৰে ইত্যাদি। যি দেশত আইনী নিষেধাজ্ঞা থকা সত্ত্বেও কন্যা ভ্রূণ হত্যা বন্ধ হোৱা নাই, তেনে পৰিস্থিতিত এনে ঔষধৰ প্রচাৰ কিমান ভয়ঙ্কৰ হব পাৰে!

২০১৬ চনত পতঞ্জলীক ১১ লাখ টকাৰ জৰিমনা কৰা হৈছিল বিভ্রান্তমূলক বিজ্ঞাপন প্রচাৰ কৰাৰ বাবে। সেই সময়ত পতঞ্জলীয়ে প্রস্তুত কৰি উলিওৱা মধু, নিমখ, মিঠা তেল, জ্যাম, বেসন ইত্যাদিয়ে ধৰি দিয়া মানদণ্ড ৰক্ষা কৰিব পৰা নাছিল। ২০১৭ চনত সেনাই তেওঁলোকৰ কেন্টীনত পতঞ্জলীৰ আমলা জুচৰ বিক্রি বন্ধ কৰি দিছিল নিম্ন মানদণ্ডৰ বাবে। Advertising Standard Council of India (ASCI)য়ে পতঞ্জলীৰ জনপ্রিয় দন্তকান্তিৰ প্রচাৰো বন্ধ কৰি দিছিল প্রমাণবিহীন দাবীৰ বাবে।

এই কথাবোৰ চিন্তাজনক কাৰন বাবা ৰামদেৱ ভাৰতীয়সকলৰ মাজত যথেষ্ট জনপ্রিয়। তেওঁৰ অনুগামীসকলে তেওঁৰ দাবীৰ সত্যতাৰ প্রমাণলৈ বাট চাই নাথাকিব। বাবা ৰামদেৱক নির্দেশ দিয়া হৈছে যে কোৰোণিলক কাহঁ-সর্দীৰ ঔষধৰূপেহে প্রচাৰ কৰিব পাৰিব। কিন্তু কৰোনাত সংক্রমিত ৰোগীৰ সংখ্যা যি হাৰে দিনক দিনে বাঢ়ি আছে আৰু ক'ৰোণাক লৈ চাৰিওপিনে আজিও যি ধৰণে কিছু বিভ্রান্তিমূলক ধাৰনা বাহৰ পাতি আছে, তেনে ক্ষেত্রত কোনো ব্যক্তিয়ে নিজৰ শৰীৰত কৰোণাৰ লক্ষণ পৰিলক্ষিত কৰিও যদি চিকিৎসালয়লৈ নগৈ এই কোৰোনিল সেৱন কৰে আৰু সেৱনৰ ফলত তেওঁৰ কোনো ক্ষতি নহলেও, যদি তেওঁৰ আন কোনো সমস্যা থাকে তেনেহলে উচিত চিকিৎসা তেও সময়মতে নাপাব পাৰে। এনে ঘটনা যেন সংঘটিত নহয়, এইটো সুনিশ্চিত কৰাৰ নৈতিক দায়িত্ব কিন্তু বাবা ৰামদেৱৰ। 

ব্যাধিৰ প্রতি এলোপেথী আৰু আয়ুর্বেদ, য়ুনানী, সিদ্ধা চিকিৎসাৰ দৃষ্টিভংগী ভিন্ন। গতিকে চিকিৎসাৰ ক্ষেত্রতো সাদৃশ্য নথকাটোৱে স্বাভাৱিক। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মধুলিকা বেনার্জী সুদীর্ঘ তিনিটা দশকৰ পৰা আয়ুর্বেদৰ ওপৰত অধ্যয়ণ কৰি আছে। তেওঁৰ মতে আয়ুর্বেদৰ পৰিসৰ পতঞ্জলী, ডাবৰ বা হিমালয়ৰ দৰে কিছু কম্পেনীতকৈ বহু বহল। তেওঁ শুদ্ধভাৱে আয়ুর্বেদ চিকিৎসা আগবঢ়োৱা বহু চিকিৎসকক লগ পাইছে আৰু বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত আয়ুর্বেদকলৈ গৱেষণা কৰি থকা গৱেষক, অধ্যাপককো লগ পাইছে আৰু তেওঁৰ মতে দিনক দিনে আয়ুর্বেদৰ প্রাচীন জ্ঞানৰ লগত নতুন বহু কথা সংযোজন হৈ আছে।

আয়ুর্বেদ আৰু এলোপেথীক – একে আনটোৰ বিৰোধী বা পৰিপন্থী বুলি ভবা অনুচিত। আয়ুর্বেদে জীৱনশৈলীৰ প্রতি এটি সামগ্রিক দৃষ্টিভংগী গ্রহণ কৰি শৰীৰত প্রতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে। এনে এক দৃষ্টিভঙ্গীৰ আমাৰ দেশত বহুত প্রয়োজন কাৰণ বর্তমান ভাৰতবর্ষত মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগত ভোগা ব্যক্তিৰ সংখ্যা দ্রূতগতিত বাঢ়ি আছে। এটি সুস্থ জীৱনশৈলী, খাদ্যাভ্যাসে এনে বেমাৰৰ পৰা বহুতকে সুৰক্ষা প্রদান কৰিব পাৰে। ইয়াৰ ওপৰিও ভাৰতবর্ষৰ প্রাচীন গ্রন্থ কিছুমান – যেনে শুশ্রূতাসমহিতা, চাৰাকাসমহিতা ইত্যাদিক পুনৰ অধ্যয়ন কৰিলে চিকিৎসা শাস্ত্রৰ এক গৌৰৱোজ্জ্বল ইতিহাস দৃষ্টিগোচৰ হয় আৰু এই ক্ষেত্রত কৰিবলগীয়া যে বহুত কাম আছে সেইটো স্পষ্ট হৈ পৰে।

কিন্তু এনে এক ঐতিহ্যৰ প্রতি প্রত্যাহ্বান কঢ়িয়াই আনে কিছু প্রমাণবিহীন বিভ্রান্তিমূলক দাবীয়ে। লগতে আয়ুর্বেদক এলোপেথীৰ বিকল্পৰ ঠাইত পৰিপূৰকৰূপেহে আমি চোৱা উচিত। এটা কথা নুই কৰিব নোৱাৰি আজিও হোমিওপেথী, আয়ুর্বেদ, য়ুনানী আদি চিকিৎসা ব্যৱস্থাত যথেষ্ট উন্নতমানৰ গৱেষণাৰ প্রয়োজন আৰু সম্ভাৱনা আছে। লগতে এই গৱেষণাবোৰ বহুলভাৱে প্রচাৰ কৰাৰ বাবে উন্নতমানৰ গৱেষক পত্রিকাৰ প্রয়োজন আছে। এইবোৰ সুনিশ্চিত কৰাৰ ক্ষেত্রত চৰকাৰৰ আয়ূষ মন্ত্রণালয়ে এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে। 

কিন্তু ইয়াতে আন এটা কথাও মনত ৰখা উচিত। প্রত্যেক বছৰ 'অল্টার্নেটিভ মেডিচিনৰ' কর্ছত শিক্ষাগত অর্হতা অর্জন কৰি ওলাই আহি ছাত্র ছাত্রীয়ে প্রয়োজনীয় চাকৰি নাপায়। বহু ৰাজ্যৰ লগতে অসমতো নিয়োগ বিচাৰি হোমিওপেথীৰ ছাত্র ছাত্রীয়ে বহুবাৰ প্রতিবাদ কৰিছিল। এই ঘটনাবোৰেও এই চিকিৎসা ক্ষেত্রবোৰক আৰু টনকিয়াল কৰি তোলাৰ প্রয়োজন উনুকিয়াই দিয়ে।

কোৰোনিলৰ চাৰিওপিনে গঢ়ি উঠা বিতর্কই আয়ুর্বেদৰ আৰু উন্নতমানৰ গৱেষণাৰ পথ প্রশস্ত কৰি দিয়ক। ভাৰতবর্ষৰে আন কিছু ফার্মা কম্পেনীয়ে কৰোণাৰ ভেক্সিন তৈয়াৰ কৰি আছে আৰু অতি শীঘ্রেই এই ভেক্সিনৰ ফলপ্রসূতাৰ বিষয়ে আমি গম পাম। কিন্তু তেতিয়ালৈকে আয়ুর্বেদে উচিত গৱেষণাৰ ভিত্তিত ক'ৰোণাৰ সংক্রমণ নিয়ন্ত্রণ কৰাৰ বাবে কিছু প্রতিষেধকৰ বিষয়ে মানুহক অৱগত কৰালে সকলোৱে লাভাৱান্বিত হব আৰু আমাৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ ওপৰত হেঁচা কমকৈ পৰিব।
লেখিকাৰ ফোনঃ ৮০১১৯০৩৬২৩, তেখেতৰ প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ

No comments:

Post a Comment