মনৰ কথাঃ ক'ৰোনা কালত "কুৰবানী ঈদ" :: ড° হাফিজ আহমেদ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ক'ৰোনা কালত "কুৰবানী ঈদ" :: ড° হাফিজ আহমেদ

মনৰ কথাঃ ক'ৰোনা কালত "কুৰবানী ঈদ" :: ড° হাফিজ আহমেদ

Share This
ক'ৰোনা কালত "কুৰবানী ঈদ"
ড° হাফিজ আহমেদ

সমগ্র বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লােকসকলে বছৰত দুবাৰকৈ পবিত্র ঈদ উৎসৱ পালন কৰে। ৰমজান মাহত এমাহকাল পৱিত্ৰ ৰােজাব্রত পালন কৰাৰ পিছত শুদ্ধ তন-মনেৰে পালন কৰা হয়—ঈদ-উল-ফিটৰবা ৰমজানৰ ঈদ। ঠিক সেইদৰে হিজৰী চনৰ জিলহজ মাহৰ দহ তাৰিখে প্রতিবছৰে পালন কৰা হয় ঈদ-উজ জোহা বা কুৰবানী ঈদ।


এই ঈদ-উজ-জোহাৰ আগদিনাখন সমগ্র বিশ্বৰ মুছলমানসকলে মক্কা শ্বৰিফত মিলিত হৈ 'হজ’ সমাপন কৰে। সামর্থ্যবান প্রতিগৰাকী মুছলমানে জীৱনত এবাৰ হ'লেও হজ’ পালন কৰাটো ফৰজ-বাধ্যতামূলকভাৱে পালন কৰ্বিলগীয়া কর্তব্য। ঈদ-উজ-জোহা ত্যাগৰ উছৱ, আল্লাহতালাৰ নামত মানৱে নিজকে উছৰ্গা কৰাৰ উছৱ। সৃষ্টিকর্তাৰ দ্বাৰা এই পৃথিৱীলৈ মানবজাতিৰ সংস্কাৰৰবাবে প্রেৰণ কৰা মহান পুৰুসকলৰ অন্যতম, নবীব্রাহিম (আঃ) এ সপােনত দৈৱ নির্দেশ পাইছিল তেওঁ প্রিয়তম প্রাণীটোক আল্লাহতালাৰ নামত উছৰ্গা কৰিবলৈ। ব্রাহিম (আঃ)-এ দুম্বা (উট) এটা উছৰ্গা কৰিলে সৃষ্টকর্তাৰ নামত। কিন্তু সপোনত পুনৰায় নির্দেশ আহিল নবীগৰাকীলৈ তেওঁৰ প্রিয়তম প্রাণীটোক আল্লাহৰ নামত কুৰবানী কৰিবলৈ। অনেক ভাবি-চিন্তি নবীগৰাকীয়ে সিদ্ধান্ত ল'লে— তেওঁ তেওঁৰ প্রাণাধিক পুত্র হজৰত ইছমাইল (আঃ) কে আল্লাহৰ নামত কুৰবানী কৰিব, যিহেতুকে তেওঁ ইছমাইলকে সর্বাধিক ভাল পায়। ইছমাইল (আঃ) কো জনােৱা হ'ল এই কথা। ইছমাইলে স্ব-ইচ্ছাই নিজকে আল্লাহতালাৰ নামত উছর্গিত কৰিবলৈ আগবঢ়াই দিলে। পিতৃ ইব্রাহিমক তেওঁৰ চকুযুৰি ডাঠ কাপােৰেৰে বান্ধি ল’বলৈ অনুৰােধ কৰিলে— যাতে পুত্ৰৰ মুখলৈ চাই তেওঁৰ পিতৃয়ে আল্লাহৰ প্ৰতি থকা ভক্তি ভাবৰ পৰা পিছলি নপৰে। দূৰৈৰ পাহাৰ এখনত নবীব্রাহিমে পুত্র ইছমাইলক আল্লাহৰ নামত কুৰবানী দিবলৈ ডিঙিত ছুৰীৰে ৰেপি দিলে। কুৰবানী হৈ যােৱাৰ পিছত চকুৰ বান্ধোন খুলি নবী ইব্রাহিমে চালে- ইছমাইলৰ সলনি দুম্বা এটাহে কুৰবানী হৈ গৈছে। এই ঘটনাৰ স্মৃতিত প্রতিবছৰে সমগ্ৰ বিশ্বৰ মুছলমানসকলে বিভিন্ন ধৰণৰ জন্তু আল্লাহতালাৰ নামত কুৰবানী কৰি আহিছে। ইছলামৰ মতে, এয়া ৱাজিব—যি কাম কৰিলে মহাপুণ্য হয়। 

ঈদ-উজ-জোহা উপলক্ষে কুৰবানী কৰাৰ অৰ্থ হ'ল—আল্লাহতালাৰ নামত, সৃষ্টিকর্তা প্রদত্তপথত চলিবলৈ হলে প্রয়ােজনবােধে পার্থিব সম্পদ উপৰি নিজৰ প্ৰিয়তমজনকো পৰিত্যাগ কৰিবলৈ সাজু থাকিব লাগিব। ইছলামৰ নির্দেশ মানি ব্যক্তিগত স্বার্থক পৰিত্যাগ কৰি সমূহীয়া স্বার্থৰ ওপৰত গুৰুত্ব আৰােপ কৰিব লাগিব। ইছলামৰ এই মহান ত্যাগৰ বাণী সাৰােগত কৰা বাবেই হজৰত মহম্মদ (ছাঃ)-এ সমগ্র মুছলিম বিশ্বৰ শ্রেষ্ঠ নেতা হৈও সর্বসাধাৰণ লােকৰ দৰে জীৱন যাপন কৰিছিল। মৃত্যুৰ পূর্বে নবীগৰাকীয়ে নিজৰ ঢালখন বিক্ৰী কৰি ইহুদী লােক এজনৰ ধাৰ পৰিশােধ কৰিছিল। তেওঁৰ মৃত্যুৰ দিনাখন ঘৰত চাকি জ্বলাবলৈ তেলটুপিও নাছিল। তাৰ বিপৰীতে আজিৰ দিনত মুছলমান নামধাৰী একাংশ ধর্মীয় আৰু ৰাজনৈতিক নেতাৰ কৰ্মৰাজি পর্যবেক্ষণ কৰিলে মনত প্রশ্ন উদিত হয়এই নেতাসকল প্রকৃতার্থত ইছলামৰ অনুগামী হয় জানাে? এই নেতৃবৃন্দ অধিকাংশেৰে লক্ষ্য হ’ল নিজৰ স্বার্থ পূৰণ কৰাটো। সমাজৰ দীনহীনজনৰ কথা ভাবি যেন তেওঁলােকৰ অৱকাশেই নাই। অসমৰ মুছলমান সমাজৰ অধিকাংশ নেতাই স্বৰাজোত্তৰ কালত শাসক দলৰ দালালি কৰি নিজৰ স্বাৰ্থপূৰণতহে ব্যস্ত থাকিল। জননেতা আতাউৰ ৰহমান বা মৌলানা আব্দুল হকৰ দৰে ব্যতিক্রমী মুছলমান নেতাও অবশ্যে অসমত আছিল। 

আজিৰ অসমখনত ঈদৰ এই পৱিত্ৰ দিনত লডাউনৰ ফলত কর্মচ্যুত হৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰপৰা স্বগৃহলৈ উভতি অহা লাখ লাখ মুছলমান শ্রমিকৰ কথা, বানপানীত সর্বস্ব হেৰুৱাই আশ্রয় শিবিৰত আশ্রয় লৈ এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰি থকাসকলৰ কথা ভাবিবলৈ অসমৰ মুছলমান সমাজৰ কিমানজন নেতাৰ আহৰি আছে? এনে নেতাসকলৰ বাবে ঈদ-উল-আজহাৰ ত্যাগৰ আদৰ্শৰ কিবা মূল্য আছে জানাে? এক জটিল পৰিস্থিতিৰ মাজত এইবাৰৰ ঈদ-উল-আজহা পালিত হ'বলৈ গৈ আছে। কোভিড-১৯ৰ আক্ৰমণৰ ফলত বাৰে বাৰে ঘােষিত লডাউনে শ্রমিকসকলৰ অৱস্থা শােচনীয় কৰি পেলাইছে। বানৰ ফলত আশ্রয় শিবিৰত, মথাউৰিত হাজাৰ হাজাৰ লােকে আশ্রয় লৈ এমুঠি আহাৰৰ বাবে হাহাঁকাৰ কৰি আছে। এনে পৰিস্থিতিত কুৰবানী কৰাটো সামর্থ্যবানসকলৰ বাবেও সম্ভৱ নহ'বও পাৰে। সেয়ে তাৰ বাবে আক্ষেপ নকৰি কুৰবানীৰ জন্তু ক্ৰয়ৰ বাবে ব্যয় কৰিব খােজা ধন দুখীয়া-নিচলাৰ মাজত ভগাই দিলেও হ'ব বুলি ইতিমধ্যে ধর্মীয় সংস্থা কেতবােৰে ঘােষণা কৰিছে। এই ঘােষণাক সাৰােগত কৰি কুৰবানীৰ বাবে ব্যয় কৰিব বিচৰা ধন দুখীয়া-নিচলাৰ মাজত ভগাই দিলেও ঈদ-উল-আজহাৰত্যাগৰ আদৰ্শৰ্ক পালন কৰা হব। আমি ভাবোঁ—এইদৰেও কুৰবানীৰ পৰা প্রাপ্য পুণ্য লাভ কৰিব পৰা যাব আৰু একে সময়তে দুর্দশাগ্রস্ত লােকসকলকো সহায় কৰিব পৰা যাব।

সমূহীয়াভাৱে ঈদগাহ বা মছজিদত নামাজ আদায় কৰিবলৈ গলে কোভিড-১৯ৰ সংক্ৰমণৰ ভয় থকা বাবে চৰকাৰে নিজ গৃহত ঈদৰ নামাজ আদায় কৰিবলৈ নির্দেশ দিয়ে। এই নির্দেশ অসমৰ প্ৰতিগৰাকী মুছলমানেই পালন কৰা উচিত। পাহৰি গ'লে নহ'ব যে কোভিড-১৯ৰ বাবে এইবাৰ বিশ্বৰ বিভিন্ন দেশৰপৰা হজ কৰিবলৈ মক্কা শ্বৰিফলৈ যােৱাটোকে নিষিদ্ধ কৰা হৈছে। অযথা আৱেগৰ বশৱৰ্তী হৈ সেয়ে কোনাে মছজিদ বা ঈদগাহত যাতে অনেক লােক সমবেত হৈ নামাজ আদায় নকৰে—তাৰবাবে অসমৰ মুছলমান সমাজ সচেতন ব্যক্তিসকলে চোকা নজৰ দিব লাগিব। ঘৰতে নামাজ আদায় কৰিলেও যে সমূহীয়া নামাজ আদায় কৰাৰ সমানেই পুণ্য। লাভ কৰিব পৰা যাব— এই কথা সকলােকে বুজাই দিব লাগিব। 

সমগ্র অসমবাসীলৈ ঈদ মােবাৰক।
(লেখাটি দৈনিক অসম কাকততো প্ৰকাশ পাইছে।)

No comments:

Post a Comment