বিশ্লেষণঃ অসমৰ বান-সমস্যাৰ স্থায়ী সমাধান অসম্ভৱ নেকি? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ অসমৰ বান-সমস্যাৰ স্থায়ী সমাধান অসম্ভৱ  নেকি? :: অনন্ত কলিতা

বিশ্লেষণঃ অসমৰ বান-সমস্যাৰ স্থায়ী সমাধান অসম্ভৱ নেকি? :: অনন্ত কলিতা

Share This
অসমৰ বান-সমস্যাৰ স্থায়ী সমাধান অসম্ভৱ  নেকি?
অনন্ত কলিতা
আন বছৰবােৰৰ দৰে এই বছৰতাে অসমত প্রলয়ংকৰী বান-খহনীয়াই ৰাজ্যখনৰ বিত্তৰ ক্ষতি কৰিলে। প্রায় ৫০ লাখ লােকক সর্বস্বান্ত কৰিলে। এইবাৰৰ বানে উজনি-নামনি অসমৰ প্রায় সকলাে অঞ্চলৰে ক্ষতি কৰিলে, বহু হাজাৰ হেক্টৰ খেতিমাটি, ঘৰ-বাৰী নদীয়ে খহাই নিলে। অসমৰ বান আৰু খহনীয়া স্থায়ী সমস্যাত পৰিণত হৈছে। প্রতিবছৰে সমগ্ৰ অসমতে নহ'লেও ৰাজ্যখনৰ এক বৃহৎ অঞ্চলক বান আৰু খহনীয়াই ক্ষতিগ্রস্ত কৰে। 
ভাৰতৰ আন ৰাজ্যতাে বান হয়, কিন্তু প্রতিবছৰে নহয়, কোনাে এটা বছৰতহে হয়। অসমত প্রত্যেক বছৰতে বান হয়। তদুপৰি অসমত খহনীয়াৰ যি বিধ্বংসী সমস্যা সেই সমস্যা দেশৰ আন ৰাজ্যত নহয়। ইয়াৰ উপৰি প্ৰতিবছৰে বহু হাজাৰ হেক্টৰ খেতিমাটি তিনি-চাৰি ফুট বালিয়ে পুতি খেতিৰ অনুপযােগী কৰে। যােজনা আয়ােগৰ তথ্য মতে অসমৰ ৯২.৬ শতাংশ খেতিপথাৰ বানপ্রৱণ। দেশৰ মুঠ বানপ্ৰৱণ এলেকা ১০.২ শতাংশৰ ভিতৰত অসমৰ ৯.৪০ শতাংশ। অসমৰ অর্থনৈতিক উন্নয়ন তথা দৰিদ্ৰ নিবাৰণৰ বাবে চৰকাৰবােৰ যিমানেই আশ্বাস নিদিয়ক, সেইটো সম্ভৱ নহয় বান আৰু খহনীয়াক নিয়ন্ত্রণ অবিহনে। দেশৰ ৬৮.৮৪ শতাংশৰ বিপৰীতে অসমৰ ৮৫.৯২ শতাংশ গাঁৱলীয়া লােক আৰু এই লােকসকল মূলতঃ কৃষি আৰু কৃষি আনুষংগিক অর্থনীতিৰ ওপৰত নিৰ্ভৰশীল। 

অসমৰ বান আৰু খহনীয়া সমস্যাই কৃষি আৰু কৃষি আনুষংগিক অর্থনীতিৰ মুখ্য অন্তৰায়। তদুপৰি ৰাস্তা-ঘাট-দলং, বিদুৎ, জলসিঞ্চন ব্যৱস্থা, মীন মহল আদি আন্তঃগাঁথনিৰ সর্বস্ব বানে ধ্বংস কৰে। অসমৰ বিজেপি চৰকাৰৰ উদ্যোগমন্ত্রীয়ে অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া উদ্যোগ স্থাপনৰ নীতি নির্ধাৰণ কৰিছে, কিন্তু বানে সম্পূর্ণ আন্তঃগাঁথনি ধ্বংস কৰি দিলে আৰু উদ্যোগ ক্ষেত্ৰবােৰ বানে ধ্বংসকৰি দিলে উদ্যোগ হ’ব কেনেকৈ। অসমত পর্যটন উদ্যোগৰ ৰাস্তা-ঘাটেই নাথাকিলে উন্নয়ন হ’ব কেনেকৈ? ১৯৫০ চনৰ পৰা ২০০০ চনলৈ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৭.৪০ শতাংশ অর্থাৎ ৪.২৭ লাখ হেক্টৰ মাটি নদীয়ে খহাই নিছে। বছৰি গড়ে ৮,০০০ হেক্টৰ মাটি নদীৰ বুকুত জাহ যায়।

ৰাষ্ট্ৰীয় বৰ (BARH) আয়ােগৰ হিচাপ অনুযায়ী অসমৰ ৩১,৫০০ বর্গ কিলােমিটাৰ মাটি বানপ্ৰৱণ, ই ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৪০.১৬ শতাংশ। বিশ্বৰ ভিতৰতে অসমতনদীৰ সংখ্যা হেনাে অধিক। পানীৰ পৰিমাণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ পৃথিৱীৰ অন্যতম বৃহৎ নদী। ভাৰতৰ পানী সম্পদৰ ৩০ শতাংশ ব্ৰহ্মপুত্ৰত আছে আৰু দেশৰ মুঠ জলবিদ্যুৎ উৎসৰ ৪১ শতাংশ ব্ৰহ্মপুত্ৰতে আছে। এই পটভূমিত অসমৰ অর্থনৈতিক উন্নয়ন তথা আন্তঃগাঁথনিৰ উন্নয়নৰ যিমানেই আঁচনি গ্ৰহণ নকৰক, অসমত ব্রহ্মপুত্র নদ বৈজ্ঞানিকভাৱে নিয়ন্ত্রণ কৰি বান আৰু খহনীয়া নিয়ন্ত্রণ কৰিব নােৱাৰিলে অসমৰ অর্থনৈতিক উন্নয়নাে নহ'ব আৰু জনসাধাৰণাে দৰিদ্ৰ অৱস্থাৰ পৰা মুক্ত নহ'ব। অসমৰ অর্থনৈতিক উন্নয়নৰ মুখ্য অন্তৰায় হ’ল বান-খহনীয়া। 

১৯৫০ চনৰ ভূমিকম্পৰ ফলত ব্রহ্মপুত্র নদৰ তলি ওপৰলৈ উঠি অহা বাবে সেই বছৰৰ পৰা অসমত প্রতিবছৰে প্রলয়ংকৰী বান-খহনীয়াই অসমক আক্রমণ কৰি আহিছে। ১৯৫৭ চনত অসমৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। বিজ্ঞানসন্মতভাৱে পর্যালােচনা নকৰাকৈ নদীৰ দুয়ােপাৰে বান্ধ দিলে নদীৰ পানীগাঁৱত সােমাব নােৱৰাৰ ধাৰণাৰে অভিযন্তাসকলৰ উপদেশ মতে চৰকাৰে বহু হাজাৰ কোটি টকাৰে নদীবােৰৰ দুয়ােপাৰে মথাউৰি নিৰ্মাণ কৰিছিল। কিন্তু ব্রহ্মপুত্রকে ধৰি অসমৰ নদীবােৰে পানীৰ লগত গেদীয় সামগ্রী কঢ়িয়াই আনে। গেদীয় সামগ্রী কঢ়িয়াই অনা বিশ্বৰ নদীবােৰৰ ভিতৰত ব্ৰহ্মপুত্র গেদীয় সামগ্রী কঢ়িয়াই অনা অন্যতম মুখ্যনদ। 

ব্ৰহ্মপুত্ৰই প্রতিবছৰে প্রতি কিলােমিটাৰত ১৫১৩ টন গেদীয় সামগ্রী কঢ়িয়াই আনে। বিশেষজ্ঞসকলৰ মতে ১৯৭৮ চনৰ পৰা ১৯৯১ চনলৈ পঞ্চৰত্ন (গােৱালপাৰা) ৫২৭ নিযুত টন আৰু পাণ্ডু (গুৱাহাটী)ত ৪০২ নিযুত টন গেদীয় বস্তু জমা হৈছে। সেইদৰে ব্ৰহ্মপুত্ৰৰ প্ৰতিখন উপনৈয়ে গেদীয় সামগ্রী কঢ়িয়াই আনে। নদীবােৰৰ বিশেষকৈ উপনৈবােৰৰ দুয়ােপাৰে মথাউৰি বন্ধা বাবে গেদীয় সামগ্রীবােৰ (শিল, মাটি, বালি-পলস) নদীৰ বুকুত আৰু দুয়াে মথাউৰিৰ মাজত জমা হৈ গৈছে। বর্তমান নদীৰ তলি আৰু দুয়াে মথাউৰিৰ মাজৰ ঠাইখিনি গাঁওবােৰতকৈ ন্যূনতম দহফুট ওখ। মােৰ গাঁওখন পাগলদিয়া নৈৰ পাৰত। পাগলাদিয়া নৈৰ মথাউৰি গাঁৱৰ ফালৰ পৰা চালে ১৫ ফুট ওখ আৰু নৈৰ ফালৰ পৰা চালে অতি বেছি পাঁচফুট ওখ।

অর্থাৎ এতিয়া নদীৰ তলিয়ে গাঁওবােৰতকৈ ওখ হৈছে। পানীৰ সাধাৰণ ধর্ম ওখৰ পৰা নামনিলৈ বৈ আহে। গতিকে গাঁওবােৰতকৈ ওখ ঠাইৰে নদীবােৰ মথাউৰি বান্ধি বােৱাই নিয়া সম্ভৱ নহয়। মথাউৰি ভাঙিবই আৰু বছৰে বছৰে দুয়াে মথাউৰিৰ মাজৰ ঠাইখিনি ওখ হৈ গৈ থাকিব। সেইবাবে অসমৰ মথাউৰি সম্পূর্ণ বিজ্ঞানসন্মত নহয় আৰু বাস্তৱাে নহয়। মথাউৰি বন্ধা দিনৰে পৰা বানৰ ধ্বংসলীলা হ্রাস পােৱাৰ সলনি বৃদ্ধিহে হৈছে। ২০০২ চনত অর্থনীতিবিদ কিৰীট শান্তিলাল পাৰিখৰ নেতৃত্বত এটা বিশেষজ্ঞ দলক দেশৰ পৰিকল্পনা আয়ােগে অসমৰ অর্থনৈতিক উন্নয়ন আৰু বান সমস্যা অধ্যয়ন কৰিবলৈ দিছিল আৰু আয়ােগে এইদৰে চুপাৰিছ কৰিছিল— ৰাজনীতিবিদ আৰু আমােলাসকলৰ সহযােগত নদী-জলাশয় বিজ্ঞান বুজি নােপােৱা চিন্তাশক্তিহীন অভিযন্তাসকলে আৰু অধিক মথাউৰি নির্মাণকার্য সম্পূর্ণ বন্ধ কৰিব লাগিব। সমস্যাটো সমাধানৰ বাবে পৰিকল্পনা গ্রহণৰ কাৰণে সমাজবিজ্ঞানী, পৰিৱেশ বিজ্ঞানী আৰু ভূগােল বিশাৰদসকলক অন্তর্ভুক্ত কৰিব লাগিব, অন্যথা বান সাহায্যৰ ধন আৰু মথাউৰি নিৰ্মাণৰ ধন দুয়ােটাই দুর্নীতিপৰায়ণ আৰু এই প্রকল্পৰ লগত জড়িত দুষ্টচক্রই আত্মসাৎ কৰিব, অসম উপত্যকাৰ বানৰ বাবে মৃত্যু আৰু প্রলয় চলি থাকিব।পৰিকল্পনা আয়ােগে সঠিকভাৱেই কৈছে— মথাউৰিৰ দ্বাৰা বান-খহনীয়া নিয়ন্ত্ৰণৰ বিপৰীতে অধিকহে হৈছে বানৰ তাণ্ডৱ আৰু মথাউৰি তথা বান সাহায্যৰ নামত দুর্নীতিপৰায়ণ আমােলা ৰাজনীতিবিদ আৰু প্রকল্পবােৰৰ লগত জড়িত দুষ্টচক্রই পুঁজিবােৰ আত্মসাৎ কৰি আছে। বানৰ বাবে অনেক লােক অতিশয় ধনী হৈছে।পৰিকল্পনা আয়ােগে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত প্রতিবেদনখন দাখিল কৰিছিল। তৰুণ গগৈয়ে কিজানি পঢ়িয়ে নাচালে। প্রকৃততে কংগ্ৰেছ চৰকাৰকে ধৰি কোনাে চৰকাৰৰে সদিচ্ছা নাই অসমৰ বান-খহনীয়া সমস্যা সমাধান কৰিবলৈ। যােজনা আয়ােগে কোৱাৰ দৰেই এই সমস্যাটো জীয়াই ৰাখিছে দুর্নীতিপৰায়ণ দুষ্টচক্ৰটোৰ আৰু ৰাজনীতিবিদসকলৰ ধন ঘটাৰ উৎস হিচাপে। 

আজিৰ বিশ্বত বিজ্ঞান-প্রযুক্তিৰ বৈপ্লৱিক উন্নয়নৰ যুগটোত অসমৰবান-খহনীয়া সমস্যা সমাধান কৰাৰ প্রকল্প এটা তৈয়াৰ কৰাটো মুঠেও অসম্ভৱ নহয়। চীনে যিদৰে হােৱাংহাে নদীৰ ক্ষেত্ৰত প্রকল্প তৈয়াৰ কৰি হােৱাংহােক নিয়ন্ত্রণ কৰিছে, অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত কৰি বিভিন্ন বিশেষজ্ঞৰ অধ্যয়নেৰে এটা বহুমুখী মেগা প্রকল্প তৈয়াৰ কৰি অসমৰ বান সমস্যা সমাধান হ'লহেঁতেন। হােৱাংহাে নদীৰেও ব্ৰহ্মপুত্ৰৰ নিচিনা ৬,০০০ কোটি ঘনমিটাৰ পানী বছৰি বৈ যায় আৰু ১৬০ কোটি টন গেদীয় পদার্থ কঢ়িয়াই আনে। নদীখনৰ বানৰ ধ্বংসলীলা এনেকুৱা আছিল যে চীনদেশত হােৱাংহােক ‘চীনৰ চকুলাে বুলিছিল। বর্তমান চীন চৰকাৰে এখন শক্তিশালী বিশেষজ্ঞ কমিটীৰ দ্বাৰা পৰিকল্পনা কৰি ১৭৩টা ৰিজাৰ্ভৰ নির্মাণ কৰি নদীখনক জনগণৰ আশীর্বাদত পৰিণত কৰিছে। অকল বান নিয়ন্ত্রণেই নহয় বহুমুখী প্রকল্পৰে বিদ্যুৎ উৎপাদন, জলসিঞ্চন, মাছ উৎপাদন আদি কার্য কৰিছে। ব্রাজিল, কানাডা, আমেৰিকাতাে আমাজান নদী নিয়ন্ত্রণ কৰিছে। 

পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে দৃঢ় আশ্বাস দিছিল অসমৰ বান সমস্যা সমাধান কৰিব। অসমৰ প্রতি দৰদ দেখুওৱা কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ঘােষণা কৰিছিল যে অসমৰ বান সমস্যা জাতীয় সমস্যা নহয় বা কেন্দ্ৰৰ দায়িত্ব নহয়, ৰাজ্য চৰকাৰৰহে দায়িত্ব। ইয়াৰ দ্বাৰা প্রতিফলিত হয় বিজেপি চৰকাৰৰ কোনাে সদিচ্ছা নাই অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যাত পৰিণত কৰি বিশেষজ্ঞৰ দ্বাৰা অধ্যয়নেৰে মেগা প্রকল্প এটা গ্ৰহণ কৰি কেন্দ্ৰৰ পুঁজিৰে অসমৰ বান সমস্যা সমাধান কৰাৰ। অসমৰ সমস্যাটো কেন্দ্রীয় চৰকাৰৰ নহয়, কিন্তু অসমৰ সম্পদবােৰ বিজেপি চৰকাৰৰ আৰু সেই সম্পদবােৰ বিজেপি চৰকাৰৰ পুঁজিপতিক বিক্ৰী কৰাৰ অধিকাৰ আছে। বান সাহাৰ্য্যৰ নামত ভিক্ষা হিচাপে অলপ-অচৰপ সাহায্য দি থাকিব। যােৱা বছৰবােৰত দেখা গৈছে আনকি বান সাহায্যৰ ক্ষেত্ৰতাে আন ৰাজ্যৰ তুলনাত অসমক বৈষম্য কৰিছে। অসমৰ বান নিয়ন্ত্ৰণৰ হেতু এটা মেগা প্রকল্পৰ বাবে ৰাজ্য চৰকাৰখনৰাে ৰাজহাড় নাই কেন্দ্ৰৰ ওচৰত দাবী কৰিবলৈ। এই চৰকাৰখনে সমস্যাটোৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ নমামি ব্রহ্মপুত্রকে ধৰি বিভিন্ন পূজা-পাতলহে কৰি থাকে। অসমৰ বান-খহনীয়া সমস্যা সমাধান নকৰিলে অর্থনৈতিক উন্নয়নৰ আন সকলাে আঁচনি অসাৰ। অতি দুখজনক কথা যে অসমৰ ছাত্র সংস্থাবােৰ, জাতীয়তাবাদী যুৱ সংস্থাবােৰ আৰু আন জাতীয় সংগঠনবােৰৰ নেতৃত্বত বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজিলৈ সর্বাত্মক আন্দোলন সংগঠিত হােৱা নাই। বান সাহাৰ্য্য নহয়, মথাউৰি নহয়, অসমৰ বানখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্রয়ােজন এক বিজ্ঞানসন্মত মেগা প্রকল্পৰ, যিটোত খৰচ হ’ব লাখ কোটি টকা। অসমাে ভাৰতৰ অংগ ৰাজ্য। অসম ঔপনিৱেশ নহয়। অসমৰ সমস্যা ভাৰতৰ সমস্যা নহ’ব কিয়? কেন্দ্ৰই অসমৰ সমস্যাৰ সমাধানৰ দায়িত্ব ল’ব লাগিব। দল-মত নির্বিশেষে অসমপ্রেমী জাতীয় সংগঠন, বিভিন্ন ৰাজনৈতিক দল মিলি এক সর্বাত্মক আন্দোলন সংগঠিত কৰা জৰুৰী অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত।
(লেখক ভাৰতীয় ষ্টেট বেংকৰ প্রাক্তন সঞ্চালক) ফোনঃ ৯৪৩৫০-৪১২০৩। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত প্ৰৱন্ধ পঢ়িবলৈ একত্ৰ লিংকঃ 

No comments:

Post a Comment