বিশ্লেষণঃ অখিল গগৈ সঁচাকৈয়ে মাওবাদী নেঃ ইতিহাসে কি কয়? :: শৈলেন বৰকটকী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ অখিল গগৈ সঁচাকৈয়ে মাওবাদী নেঃ ইতিহাসে কি কয়? :: শৈলেন বৰকটকী

বিশ্লেষণঃ অখিল গগৈ সঁচাকৈয়ে মাওবাদী নেঃ ইতিহাসে কি কয়? :: শৈলেন বৰকটকী

Share This
অখিল গগৈ সঁচাকৈয়ে মাওবাদী নেঃ ইতিহাসে কি কয়?
শৈলেন বৰকটকী
ইতিহাসৰ পাতত দেখা যায় যে, কুৰি শতিকাৰ ষাঠি-সত্তৰ দশকত পশ্চিমবঙ্গ দার্জিলিং জিলাৰ অন্তৰ্গত নক্সালবাৰী অঞ্চলত যি কৃষক অভ্যুত্থান ঘটিছিল সি ক্রমান্বয়ে সমগ্র ভাৰততেই বিয়পি পৰিছিল। এই অভ্যুত্থানৰ নেতৃত্ব লােৱা 'ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী-লেলিনবাদী)'-য়ে মাও-চে-তুঙৰ নীতি গ্রহণ কৰি সশস্ত্র সংগ্রামৰ পথ লৈ সমগ্ৰ ভাৰততেই আলােড়ন সৃষ্টি কৰিছিল।


এই সশস্ত্র বিপ্লৱৰ মূল নেতা চাৰু মজুমদাৰে একালত ঘােষণা কৰিছিল, “চীনৰ চেয়াৰমেন আমাৰাে চেয়াৰমেন।” কিন্তু এই বিপ্লৱৰ নেতৃত্ব বহনকাৰীসকলে লােৱা “শ্রেণীশত্রু খতম কৰ” নীতিকে ধৰি বহু হঠকাৰী আৰু ভুল সিদ্ধান্তৰ বাবে দেশৰ শাসক-শােষক গােষ্ঠীয়ে ইয়াক নির্মমভাবে মষিমূৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে সেই সশস্ত্র কৃষক অভ্যুত্থানটোৰ কোনাে ভিত্তি নাছিল। ষাঠিৰ দশকত সমগ্ৰ ভাৰতত বিশেষকৈ পশ্চিমবঙ্গত তীব্র খাদ্য সংকটে দেখা দিছিল। ১৯৬২ চনত চীন-ভাৰত আৰু '৬৫ চনত ভাৰত-পাক যুদ্ধই ভাৰতৰ অর্থনীতি বিপর্যস্ত কৰি তুলিছিল। মুদ্রাস্ফীতি অর্থাৎ ভাৰতীয় টকাৰ অবমূল্যায়ণ ঘটিছিল। নেহেৰুৰ মিশ্র অর্থনীতিয়ে সৃষ্টি কৰা অবাধ দুর্নীতি, উদ্বাস্ত সকলৰ নাজল-নাথল অৱস্থা,নগৰাঞ্চলত শ্রমিক শ্রেণীৰ ওপৰত ক্রমবর্ধমান ৰূপত। বাঢ়ি অহা পুঁজিপতি-মালিকগােষ্ঠীৰ শােষণ, দুখীয়া কৃষক জনতাৰ ওপৰত জমিদাৰ- ভূমিস্বামীসকলৰ নির্মম শােষণ- নির্যাতন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ইয়াৰ ফলত সৃষ্টি হােৱা তীব্র খাদ্য সংকটে ভাৰতৰ গৰীবশ্রেণী, কৃষক-জনতাৰ জীৱন সেই সময়চোৱাত সংকটাপন্ন কৰি তুলিছিল। 

ইফালে ষাঠি দশকৰপৰাই কমিউনিষ্ট শিৱিৰত দুই মতাদর্শক লৈ হােৱা মহাবিতৰ্কৰ ফলত চি.পি,আই, আৰু পিছলৈ চি.পি.এমেও শােধনবাদী নীতি গ্রহণ কৰি দেশৰ শাসকগােষ্ঠীৰ লগত সহ-অৱস্থান কৰিবলৈ ধৰিলে। উক্ত বাঁওপন্থী দল দুটাই ভাৰতীয় সংসদীয় প্রথাত বিশ্বাসী হৈ শ্রেণী সংগ্ৰামৰ সেই পথ পৰিহাৰ কৰে। 

সেই যুগৰ ৰাজনৈতিক-অর্থনৈতিক অস্থিৰতাত সমগ্ৰ ভাৰতৰ শ্ৰমিক-কৃষক জনতা বিশেষকৈ তৰুণ প্রজন্মই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰিবলৈ বাধ্য হৈছিল আৰু তাৰে এচামে ৰাষ্ট্রযন্ত্র উৎখাত কৰাৰ লক্ষ্যেৰে সশস্ত্র বিপ্লৱৰ পথ গ্রহণ কৰিছিল। যি কি নহওক, পশ্চিমবঙ্গ কংগ্ৰেছী মুখ্যমন্ত্রী সিদ্ধার্থশংকৰ ৰায়ৰ নেতৃত্বত এই নক্সালবাৰী গণবিপ্লৱটোক নির্মমৰূপে মষিমূৰ কৰিলেও ভাৰতৰ ইতিহাসত এক শোষকৰ বিৰুদ্ধে গণ-সংগ্ৰাম ৰূপে ই খোদিত হৈয়ে ৰল। 

এনেদৰেই পঞ্চাশৰ দশকত তেলেঙ্গানা আন্দোলন, ১৯৬৭–৭৭ চন পর্যন্ত নক্সালবাৰী আন্দোলন আৰু ৮০ দশকত অন্ধ, বিহাৰ আৰু মাহাৰাষ্ট্ৰত সশস্ত্র সংগ্রাম গঢ়ি উঠিছিল। ভাৰত চৰকাৰী যন্ত্ৰই এইবােৰ গণসংগ্রামক চলে বলে কৌশলে দমন কৰি আহিলেও পুনৰ নতুন শক্তি লাভ কৰি সেই ধৰণৰ অভুত্থানে ভিন্ন সময়ত দেশৰ ভিন্ন প্ৰান্তত মূৰ দাঙি উঠাৰ ইতিহাস আছে। 

নক্সালবাৰী গণ-অভ্যুত্থানৰ পিছত চি.পি.আই (এম.এল.) দলটো দুর্বল হৈ পৰাত ২০০৪ চনত ‘পিপছু ৱাৰ গ্রুপ' আৰু মাওবাদী কমিউনিষ্ট চেন্টাৰৰ সহযােগত 'কমিউনিষ্ট পার্টি অব ইণ্ডিয়া (মাওবাদী)'নামৰ সংগঠনটোৰ জন্ম হয়। উল্লেখযােগ্য যে এই মাওবাদী সংগঠনটোত নক্সালবাৰী আন্দোলনৰ পুৰণি বহু সশস্ত্র ধাৰাৰ লোকো সােমাই পৰিছিল। সেয়েহে এই মাওবাদী সংগঠনটোক নক্সাল সংগঠন বুলিও অভিহিত কৰা হৈছে। এই সশস্ত্র মাওবাদীসকলে ভাৰতৰপৰা বিচ্ছিন্নতাৰ দাবী উত্থাপন কৰা নাই, বৰং সমগ্ৰ ৰাষ্ট্রযন্ত্রকেই উৎখাত কৰি তাৰ কাঠামােৰ ব্যৱস্থাবােৰ পৰিৱর্তন কৰাৰ কথাহে ঘােষণা কৰিছে। পিছে প্রশ্ন হয়, স্বাধীন ভাৰতত এনে ভয়ানক পৰিস্থিতি হবলৈ পালে কিয়? তেওঁলােকৰ এই সংকল্পৰ অন্তৰালত বলিষ্ঠ যুক্তি, সাক্ষ্য-প্রমাণ ইতিহাসত কিদৰে সাক্ষী হৈ আছে। সেয়াও এক বিশ্লেষণৰ বিষয়।

প্রচলিত অৰ্থত মাওবাদী বুলিলে যি বুজা যায়, সেয়াৰে ভাৰতীয় মাওবাদীসকলক তেনেদৰে চিনাক্ত কৰিব পৰা নাযায়। ভাৰতৰ মাওবাদী সশস্ত্র সংগ্রামখনক মূলতঃ দেশখনৰ পিছপৰা আদিবাসী জনগােষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ সংগ্রাম বুলিহে ৰাজনৈতিক বিজ্ঞানী সকলে কয়। অতি-লাভখােৰ বহুজাতিক কোম্পানীসমূহে ভাৰতত শাসকীয় দলবোৰৰ সহযােগত এই আদিবাসী-ভূমিপুত্ৰসকলৰ বসতি অঞ্চলসমূহত সঞ্চিত হৈ থকা খনিজ বনজ সম্পদসমূহ লুণ্ঠন কৰিবলৈ নীতি নিৰ্মাণ কৰি লয় আৰু তাৰেই আলমত ভিতৰুৱা বহু ঠাইত অতি লাভজনক বহু বৃহৎ বৃহৎ উদ্যোগ স্থাপন কৰে। ভাৰত চৰকাৰৰ লগত চুক্তি কৰি এই কোম্পানীসমূহে আয়ৰ পৰা দেশৰ কোষাগাৰত কেৱল ৭ শতাংশ মানহে ধন দিয়াৰ নিয়ম বনাই লয়। আৰু সন্তুষ্ট হৈ ভাৰতত চৰকাৰ চলোৱা দলবোৰে এই মুনাফালােভী কোম্পানীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে লাখ লাখ টকা খৰছ কৰিছে, লুণ্ঠন-শোষণৰ এই ব্যৱস্থাক সুৰক্ষা দিছে। কিন্তু এইবােৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিপুত্র, আদিবাসীসকলক 'মাটি-পানী-জংঘল-ঘৰ-গাঁও' আদিৰ পৰা উতখাত কৰাৰ অভিযোগ আছে। খনি প্ৰধান ৰাজ্য তথা অঞ্চল সমূহত এই কথাবোৰ বেছিকৈ ঘটিছে। সাধাৰণ মানুহৰ উন্নতি হোৱাক চাৰি, থলুৱা মানুহৰবোৰ পথৰ ভিক্ষাৰীলৈহে পৰিণত হৈছে, গৃহহীনহে হৈছে। প্ৰতিবাদ কৰা সকলক মাওবাদী দমনৰ নামত অত্যাচাৰ চলিছে, যিবোৰৰ ডকুমেণ্টেড ফেক্ট ৰূপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠিছে। 

সেই বন-পাহাৰ নিৰ্ভৰ জনজাতি সকলে নিজৰ অঞ্চলৰ সম্পদৰ ওপৰতে ভূমিপুত্ৰসকলৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। বছৰ বছৰ ধৰি নে শােষণ-বঞ্চনা-লাঞ্ছনাত অতিষ্ঠ হৈ থকা লোকৰ মাজত সেয়েহে মাওবাদীসকলে খোপনি পিতিবলৈ সাৰুৱা ঠাই বিচাৰি পাইছে। ভাৰতৰ মধ্যাঞ্চল তথা ঝাড়খণ্ড, ছটিশগড়, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, উৰিষ্যা, বিহাৰ আৰু পশ্চিমবঙ্গ বিস্তৃর্ণ অঞ্চলত এই সশস্ত্র কামকাজ এতিয়াও অব্যাহত। 

যদিও আপুনি-মই মাওবাদীসকলৰ সশস্ত্র সংগ্রামক, হিংসাত্মক কার্যপন্থাক সমর্থন নকৰিব পাৰো, কিন্তু এই সংগ্রামখন যে মূলতঃ ভাৰত চৰকাৰৰ সহযােগত মুনাফালােভী বহুজাতিক কোম্পানীসমূহৰ স্বাৰ্থত দীর্ঘদিন ধৰি ভূমিপুত্র, আদিবাসীসকলৰ ওপৰত চলি অহা অমানবীয় শােষণ, বঞ্চনা, অবিচাৰ, অপমান আৰু বুভুক্ষাৰ বিৰুদ্ধে কৰা দুখীয়া মানুহৰ গণ-প্ৰতিৰোধ সেই কথা জানো কোনো ৰাজনৈতিক পণ্ডিতে অস্বীকাৰ কৰিব পাৰিব। 

তাৰ বিপৰীতে, অসমত এই দশকটোত আমি দেখিছো কি? অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমৰ জাতীয় স্বার্থ, অসমৰ সম্পদ সুৰক্ষাৰ স্বাৰ্থত দীর্ঘদিন ধৰি গণ-আন্দোলনৰ যােগেদিহে প্ৰতিবাদ কৰি আহিছে। ভূমিহীন কৃষকক মাটি পট্টা দিয়া, উচ্ছেদিত আৰু উদ্বাস্তু লােকসকলক সংস্থাপিত কৰা, ভূমিনীতিৰ আমূল পৰিৱর্তন সাধন কৰা, অসমৰ খনিজ-বনজ সম্পদকে ধৰি জৈৱ-বৈচিত্র্যৰ সংৰক্ষণৰ হকে মাত মতা, অবৈধ কৰ সংগ্ৰহ আৰু চিণ্ডিকেট বন্ধ কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা, বিভিন্ন মন্ত্রী-আমােলাৰ দুর্নীতি উদ্ঘাটন কৰি তাক উচিত তদন্তৰ বাবে দাবী কৰা, হিন্দুত্ববাদ আৰু সাম্প্রদায়িকতাৰ দৰে অপশক্তিবােৰৰ বিৰুদ্ধে সােচ্চাৰ হােৱা, কৃষিভূমিত বৃহৎ উদ্যোগ স্থাপনৰ বিৰােধিতা কৰা, আৰু উন্নত পদ্ধতিৰে কৃষিকার্য কৰিবলৈ চৰকাৰক দাবী জনােৱা আদিকে ধৰি অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা নাগৰিকত্ব সংশােধনী বিল/আইন'ৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতিয়ে যি গণ-সংগ্রামৰ ধাৰা চলাই আহিছে, তাক ন্যস্ত-স্বার্থৰ শক্তিসমূহৰ বাহিৰে সকলাে গণতান্ত্রিক আৰু স্বাভিমানী অসমীয়াই সমর্থন নিদিয়াকৈ থাকিব পৰা নাই। 

অসমীয়া জাতিধ্বংসী 'কা’ৰ বিৰুদ্ধে শাসক দল আৰু তেওঁলােকৰ পাণ্ডাসকলৰ বাহিৰে আজি অসমৰ সৰ্বস্তৰৰ সকলাে লােকেই প্রতিবাদ কৰিছে। এই কা'বিৰােধী আন্দোলনত অখিল গগৈ আৰু তেওঁৰ সংগঠনটোৱে এক বলিষ্ঠ ভূমিকা লােৱাটো সকলোৱেই দেখিছে। ৰাইজে স্পষ্টকৈ দেখিছে যে অখিল গগৈয়ে বা কৃঃমুঃসঃসমিতিয়ে শাসক শ্রেণীৰ এনেবােৰ জনস্বার্থ-বিৰােধী কার্যকলাপৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ গৈ নক্সালবাৰী বা মাওবাদী নেতাসকলৰ দৰে সশস্ত্র সংগ্রাম ঘােষণা কৰা নাই। চাৰু মজুমদাৰৰ দৰে হাতত অস্ত্র লৈ ‘শ্রেণী শত্রু খতম কৰ কাৰ্যসূচীও গ্রহণ কৰা নাই। সংগঠনটোৱে বা ব্যক্তিগতভাবে অখিল গগৈয়ে নিজকে ‘মাওবাদী' বুলি বা মাওবাদী মতাদর্শ গ্রহণ কৰিছে বুলি কোনােদিনে ঘােষণা কৰা নাই বা তাৰ লক্ষণ আমি দেখা পােৱা নাই। 

কৃষক মুক্তিয়ে ভাৰতৰ পৰা বিচ্ছিন্নতাৰ কোনো দাবীও উত্থাপন কৰা নাই বা সেই উদ্দেশ্যত আন্দোলনাে কৰা নাই। তাৰ বিপৰীতে অখিল গগৈ আৰু তেওঁৰ সংগঠনটোৱে শাসক-শােষকগােষ্ঠীৰ জনস্বার্থ-বিৰােধী কার্যকলাপৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে গণতান্ত্রিক পদ্ধতিৰে, সংবিধান স্বীকৃতি পদ্ধতিৰে। গণসংগঠন আৰু গণআন্দোলনৰ পথ গ্রহণ কৰি তেওঁলােকে যুক্তিসংগত দাবীত প্রতিবাদ কৰি আহিছে। ইয়াৰপৰা সহজে বুজিব পাৰি যে নক্সাল বা মাওবাদীসকলে মুক্তিৰ বাবে গ্ৰহণ কৰা পথ আৰু কৃষক মুক্তিয়ে গ্রহণ কৰা পথ সম্পূৰ্ণই বেলেগ। 

তেনেহ'লে শাসকশ্রেণীয়ে এনে গণতান্ত্রিক প্রতিবাদকাৰীৰ মুখ বন্ধ কৰিবলৈ কিয় অহৰহ ষড়যন্ত্র কৰিবলৈ লৈছে? কাঁ-বিৰােধী প্ৰতিবাদৰ সময়ত চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলােৱা কার্যত কৃষক মুক্তি সংগঠন জড়িত বুলি অখিল গগৈৰ ওপৰত যি গােচৰ জাপি দিয়া হৈছে সি শাসকশ্রেণীৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্র বুলিহে ক্ৰমাত প্রতিপন্ন হৈছে। কৃষক মুক্তিৰ নিজা মতাদর্শ হয়তাে আছে। বাঁও-জাতীয়তাবাদী মতাদৰ্শৰ লক্ষণ সংগঠনটোৰ কার্যকলাপত পৰিলক্ষিত হয়। কিন্তু সংগঠনটোৱে মাওবাদী আদৰ্শৰে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্র সংগ্রামৰ আখৰা কৰা বুলি অসমৰ ৰাইজে আজিলৈকে কোনাে সাক্ষ্য-প্রমাণ দেখিবলৈ পােৱা নাই। 

তেন্তে শাসকগােষ্ঠীয়ে অখিল গগৈকে ধৰি সংগঠনটোৰ কেইবাজনাে সদস্যক মাওবাদী সজাই দীর্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাৰ উদ্দেশ্য কি? ইতিমধ্যে স্বাস্থ্যবিভাগ আৰু জেইল কর্তৃপক্ষৰ চুড়ান্ত হেমাহিৰ বাবে কাৰাবন্দী অখিল গগৈ আৰু তেওঁৰ সংগীসকলৰ দেহত কৰােনা পজিটিভ ধৰা পৰাৰ কথা জানিব পৰা গৈছে। আমাৰ ঘােৰতৰ সন্দেহ হৈছে, শাসকগােষ্ঠীয়ে এনেকৈয়ে প্রতিবাদী কণ্ঠক চিৰদিনলৈ ৰুদ্ধ কৰাৰ এক গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে। এয়া চৰকাৰৰ চৰম অন্যায় আৰু অমানবীয় কার্য বুলি সকলােৱে ধিক্কাৰ দিবলৈ লৈছে। জাতি-মাটি-ভেটিৰ নামত শাসন ক্ষমতা দখল কৰা বিজেপিৰ নেতৃত্বাধীন এই ৰাজ্য চৰকাৰৰ আজি এই ৰূপ দেখি স্বাভাৱিকতেই ৰাইজৰ মনত হাজাৰটা প্রশ্ন জাগিছে! আনকি আজি দেশৰ ন্যায়ব্যৱস্থাৰ ওপৰতে ৰাইজৰ আস্থা দিনে দিনে টুটি আহিছে, কাৰণ এই ন্যায়ব্যৱস্থাৰ ওপৰতাে এতিয়া শাসকশ্রেণীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই ক্ষণত দেশ আৰু ৰাজ্যৰ ৰাজনৈতিক ভৱিষ্যতৰ বাট, সচেতন ৰাইজে বিচাৰ বিশ্লেষণেৰে, সঠিককৈ নিৰূপণ লোৱাৰ কিন্তু, সময় আহি পালেহি, সেই কথাহে কিন্তু নিশ্চিত।

(প্ৰকাশিত মতামত লেখকৰ নিজা। লেখকৰ ফোনঃ ৯৮৬৪০-২৬৩৯১ Email : sailenborkataki@gmail.com) লেখকৰ আন প্ৰকাশিত লেখা পঢ়িবলৈ অসমীয়াৰ সুখ-দুখৰ তলৰ লিংকত ক্লিক কৰকঃ 

No comments:

Post a Comment