ড° অনিমা গুহ
ভাবিছিলাে কৰ’না প্রসংগ পাহৰি থাকিম, কাৰণ ই অন্তৰত বৰ বেদনা জগায়। পিছে পাহৰিব খুজিলেও পাহৰা নাযায়। এজনে মােক সিদিনা ক’লে বর্তমান পৰিস্থিতিত ছাত্রছাত্রীসকলৰ শিক্ষাৰ কি পৰিণতি হ'ব বুলি আপুনি ভাবে। প্রশ্নটোৰ সহজ উত্তৰ নাই। চকুৰে মনিব নােৱাৰা এটা ভাইৰাছে পৃথিৱীখন ওলট-পালট কৰি দিলে। পােনছাটেই ক’ব নােখােজে যে বর্তমান পৰিস্থিতিত শিক্ষাৰ পৰিণতি নেতিবাচক হ’ব। হয়তাে কিছু সময় লাগিব, ছাত্র-ছাত্রীৰ দুটামান বছৰ নষ্ট হয়তাে হ'ব। কিন্তু বিকল্প ব্যৱস্থা এটা হ’বই।
ইতিমধ্যে কোভিড-১৯ ভাইৰাছৰ প্রতিষেধক ছিটা নিশ্চয় আৱিষ্কৃত হ'ব। ইয়াৰ আগতে পৃথিৱীত নানা ধৰণৰ ৰােগৰ উৎপত্তি হৈছিল, যাৰ প্রতিষেধক ছিটাই পৃথিৱীখনক ধ্বংস কৰিব পৰা নাই। মই ভৱিষ্যতৰ বাবে আশাবাদী হলেও শিক্ষাৰ ক্ষেত্ৰত বর্তমান পৰিস্থিতিৰ কথা ভাবিবই লাগিব। কৰ’না ৰােগটো ৰােধ কৰাৰ বাবে প্রথম পদক্ষেপটোৱেই আছিল শিক্ষানুষ্ঠানবােৰ বন্ধ কৰি দিয়াটো। কেৱল আমাৰ দেশতেই নহয়, সমগ্র বিশ্বতে শিক্ষানুষ্ঠানবােৰ বর্তমান বন্ধ। ইউনেস্ক’ৰ এখন প্রতিবেদন মতে বিশ্বৰ ১৯১খন দেশৰ ১৫৭ কোটিতকৈ অধিক ছাত্র-ছাত্রী গৃহবন্দী হৈ আছে। পঢ়াশুনা বন্ধ হৈ তাে আছেই, লগে লগে দেখা দিছে বিবিধ সমস্যা। বাহিৰলৈ ওলাব নােৱাৰা বাবে খেল-ধেমালি আদিৰ পৰা বঞ্চিত হৈ ঘৰতে থাকিবলগীয়া হােৱাত শুই বহি, টিভি, মােবাইল, ফেচবুক, চিনেমা চাই এলেহুৱা হৈছে। গ্রামাঞ্চলত এই সমস্যা কিছু কম। গাঁৱৰ ঘৰবােৰৰ আগচোতাল-পাছচোতাল, খেতি-পথাৰ আদি থকা বাবে সিহঁত পৰিশ্ৰমহীন হ'বলগীয়া নহয়। চহৰাঞ্চলত আজি বেছিভাগ মধ্যবিত্ত মানুহ ফ্লেটত থাকে। চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া ল'ৰা-ছােৱালীৰ দুর্দশাৰ কথা নকলেও অনুমান কৰিব পাৰি। ঘৰৰ চাকৰি নকৰা মহিলাসকলেও শান্তি নােপােৱা হৈছে। অনবৰতে কর্মহীন সন্তানসকলৰ উৎপাত সহিবলগা হােৱাত তেওঁলােকো খিটখিটীয়া হৈছে। মােক এগৰাকী মহিলাই কৈছিল তেওঁৰ ল'ৰা-ছােৱালীহালে অনবৰতে হেনাে খাওঁ খাওঁ কৰি থাকে আৰু বিধে বিধে সিহঁতক ইটো-সিটো বনাই খুৱাব লাগে। ফলত ঘৰত স্বাভাৱিক পৰিৱেশ নষ্ট হৈছে।
এইবােৰ আহোঁ তলাবন্ধ অৱস্থাত ছাত্র-ছাত্রীৰ পঢ়াশুনাৰ বিকল্প এটা ব্যৱস্থালৈ। দেশত যিটো হাত কৰনাৰ সংক্রমণ বৃদ্ধি পাইছে, অদূৰ ভৱিষ্যতে স্কুল খুলিবৰ আশা দেখা নাই। যদিও কোৱা কুই কৰি আছে, খুলিব বুলি। খুলিলে যে বিপদ তাক নক'লেও হ'ব। তদুপৰি অভিভাৱকে যে ল'ৰা-ছােৱালীক পঠাব তাৰ আশাও কম। যি কি নহওক সদ্যহতে অনলাইনত শিক্ষকে ছাত্র-ছাত্রীক পটুৱাই আছে। তাৰ সুফল কুফল কি নাজানাে। কিন্তু শিক্ষানুষ্ঠানবােৰ বন্ধ অৱস্থাত ছাত্র-ছাত্রীক শিক্ষাৰ লগত সাঙোৰ খাই থাকিবলৈ যিটো ব্যৱস্থা কৰিছে ই প্রশংসনীয়। বাংলা ভাষাত এষাৰ কথা আছে-মন্দেৰ ভালাে। বেয়াৰ মাজতে ভাল ব্যৱস্থা। আমাৰ ঘৰত ছাত্রছাত্রী নথকা বাবে অনলাইন পদ্ধতিত শিক্ষাদান তথা শিক্ষাগ্রহণ কি তাৰ প্রত্যক্ষ অভিজ্ঞতা নাই। অনলাইনত পৰীক্ষাও হয় বুলি জানাে।
মনত এটা প্রশ্ন জাগে। টেকনিকেল শিক্ষা, মেডিকেল শিক্ষা, অভিযান্ত্রিক শিক্ষাৰ। ছাত্ৰসকলে থিঅৰী ক্লাছবােৰ যেনিবা অনলাইনতে কৰিলে। প্রেক্টিকেলবােৰ একা? চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ কথা ভাবিছাে। তেওঁলােকেতাে শৱ-ব্যৱচ্ছেদ কৰিবই লাগিব। শুনা মতে আমাৰ মেডিকেল কলেজবােৰত শৱৰ আকাল। এটা শৱ ব্যৱচ্ছেদ কৰে বা পাঠ কৰে কেইবাজন ছাত্ৰই। তেতিয়া সামাজিক দূৰত্ব বজাই ৰাখি একেটা শৱ অধ্যয়ন কৰা সহজ হ'বনে? অৱশ্যে এটা কাম কৰিব পাৰি। সকলাে ছাত্র একেলগে নহয় একো একোটা সৰু সৰু দলে একো একোটা সময়ত কামটো কৰিব পাৰে। নাৰ্ছিং, ফার্মাছিউটিকেল শিক্ষাকে লৈ বহু ভকেচনেল শিক্ষা অনলাইনযােগে সম্ভৱ নহয়।
অত্যন্ত কষ্টকৰ হ’ব নিম্ন আৰু উচ্চ প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত। সৰু ল'ৰা-ছােৱালীৰ হাতত মােবাইল ফোনটো নিৰাপদ নহয়। এটা বয়সলৈ সিহঁতৰ হাতত মােবাইল ফোন স্বাস্থ্যৰ পৰিপন্থী বুলি শুনাে। সেই ক্ষেত্ৰত অভিভাৱকৰ কোনােবাই সিহঁতক সহায় কৰিব লাগিব। যিটো ব্যৱস্থা হয়তাে সকলােৰে বাবে সুবিধাজনক নহ'বও পাৰে। সমাজৰ দুর্বল শ্ৰেণীৰ কম শিক্ষিত অভিভাৱকৰ পক্ষে শিক্ষক আৰু সন্তানৰ মাজত যােগাযােগ স্থাপন কৰা সম্ভৱ নহ'ব। এনেকুৱা বহুত অসুবিধাৰ মাজত কিছুমান সমস্যাও আছে। বাংগালুৰুৰ National Institute for Mental and News scienceৰ সঞ্চালকগৰাকীয়ে কৈছে যে শিশুসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বিঘ্নিত কৰে অনলাইন শিক্ষাই। গতিকে বিষয়টো চিন্তনীয়। বিশ্ব স্বাস্থ্য সংস্থাই বহু আগতেই কৈছে যে কম্পিউটাৰ বা মােবাইল পর্দাত একেৰাহে চাই থাকিলে শিশুৰেই নহয় ডাঙৰৰাে চকু নষ্ট হােৱাৰ আশংকা থাকে। চকুৰেই নহয় স্বাস্থ্যৰাে অৱনতি ঘটে।
যদি সকলােৰে বাবে শিক্ষা নীতিটো বাধ্যতামূলক হয়, তেনেহ'লে ভাৰতৰ দৰে উন্নয়নশীল দেশত অনলাইনত পাঠ গ্রহণ কেইটা পৰিয়ালৰ বাবে সম্ভৱ? অনলাইনত শিক্ষা গ্ৰহণ কৰিবলৈ যিবােৰ সা-সঁজুলি আৰু সা-সুবিধা লাগে সেইবােৰ দৰিদ্ৰ ভাৰতৰ কেইজনে যা-যােগাৰ কৰিব পাৰে। স্মার্টফোন বা এয়ড ফোন কিনাৰ সামর্থ্য কেইজনৰ আছে? সৌ সিদিনা চিৰাং জিলাৰ ৰুণীখাতা অঞ্চলৰ ছুবুংছা নাৰ্জাৰী নামৰ চৈধ্য বছৰীয়া ল'ৰা এজনে ফোন এটা নাপাই আত্মহত্যা কৰিলে। তাৰ দেউতাকে হাজিৰা খাটি সংসাৰখন চলাইছিল। তেওঁৰ পক্ষে কমেও দহ-এঘাৰ হেজাৰ টকীয়া স্মার্টফোন কিনা সম্ভৱ নে ? এনেয়ে আমাৰ সমাজত শ্রেণীবৈষম্য প্রকট, অনলাইন শিক্ষাই যেন এই বৈষম্য আৰু বঢ়াই দিলে।
এইখিনিতে সমস্যা আবদ্ধ হৈ থকা নাই। অনলাইনৰ শিক্ষা ব্যৱস্থাত বিজুলী একেৰাহে এটা গতিত পাব লাগিব। আন ৰাজ্যৰ কথা নাজানাে আমাৰ ৰাজ্যখনত এনে এটা দিন আছেনে যিদিনা লােড শেডিং হােৱা নাই। ভল্টেজ ডাউন হােৱাটোও স্বাভাৱিক ঘটনা। ইণ্টাৰনেটৰ বাবে আপ-ডাউন নােহােৱা বিজুলীৰ প্রয়ােজন। গ্রামাঞ্চলততাে ঘণ্টাৰ পাছত ঘণ্টাজুৰি বিজুলী বন্ধ হৈ থাকে। তেতিয়া চহকী-দুখীয়াৰ একে অৱস্থা। আৰু এটা সমস্যাৰ বিষয়ে পঢ়িলাে। উত্তৰাখণ্ডত পাহাৰ আৰু হাবিৰে ভৰা অঞ্চল বহু আছে। নাইনিতালৰ ওচৰত কাঠগুদামৰ একো একাটা অঞ্চলত পাহাৰ আৰু হাবি ইমানে বেছি যে তাত নেটৱৰ্ক নথকা হেতুকে কণ কণ ছাত্র-ছাত্রীয়ে জীৱনৰ ৰিস্ক লৈ পাহাৰ বগাই চুড়াত উঠিবলগীয়া হয়। কথাষাৰ এবাৰ ভাবি চাওক। তাকে কৰিবলৈ গৈ বিপদৰ মুখামুখি হােৱাৰ সম্ভাৱনা অধিক। আমাৰ ঘৰত কোনাে ছাত্র-ছাত্রী নথকা বাবে অনলাইন শিক্ষা কেনেকৈ প্ৰদান কৰা হয় তাৰ কোনাে চাক্ষুষ অভিজ্ঞতা নাই। কল্পনাৰ চকুৰে চাই উপলব্ধি কৰিছাে যে এজন শিক্ষকে নিজৰ ঘৰৰ কোঠা এটাকে শ্ৰেণীকোঠা যেন ভাবি সন্মুখত ছাত্র-ছাত্রী আছে বুলি ভাবি বক্তৃতা দিয়ে। সেইবােৰকে ভিডিঅ’ ৰেকর্ডিং কৰি ছাত্ৰ-ছাত্ৰীলৈ হােৱাটছএপযােগে পঠায়। শ্ৰেণীকোঠাত শিক্ষকে ছাত্ৰৰ মুখামুখিকৈ পঢ়োৱাৰ আৰু কাৰাে লগত কাৰাে দেখা-সাক্ষাৎ নােহােৱাকৈ পঢ়োৱাৰ মাজত আকাশ-পাতাল পার্থক্য, বিশেষকৈ সৰু সৰু ছাত্রছাত্ৰীৰ বাবে। পঢ়াশালিৰ পৰিৱেশ সুকীয়া। ছাত্র-ছাত্রীয়ে শিক্ষকৰ লগত পােনপটীয়াকৈ যােগাযােগ কৰিব পাৰে। নানাধৰণৰ কথা-বতৰা হয়। ছাত্ৰসকলে নিয়মানুবর্তিতা শিকে, শৃংখলাবদ্ধতা শিকে। ছাত্ৰসকলৰ মাজত বন্ধুত্ব হয়, ভাবৰ বিনিময় ঘটে। কাজিয়া-পেছালাে হয়, মাৰামাৰিও হয়। পিছে এইবােৰাে জীৱনত প্রয়ােজন আছে।
মাজে মাজে শুনাে স্কুলবােৰ খুলিব। ছাত্র-ছাত্রী, শিক্ষক সকলােৱে মাস্ক পিন্ধিব লাগিব আৰু ছয় ফুট দূৰত্ব বজাই ৰাখিব লাগিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ইত্যাদি। সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে নিয়মবােৰ মানি চলিব পাৰিব নে নাই মােৰ সন্দেহ। সিহঁতে বন্ধু পালে বলিয়া হয়। দূৰত্ব বজাই ৰখা আৰু দিনটো মাস্ক পিন্ধি থকা সিহঁতৰ বাবে কঠিন কাম। কিছুমানৰ মতে প্রতিদিনে প্রতিজন ছাত্র-ছাত্রী আহিবনালাগে। এদল যদি আজি আহে আনটো দল আহিব নালাগে। এদল যদি আজি আহে আনটো দল আহিব আন এদিন। তেনে অৱস্থাত শিক্ষকেও সিহঁতক চম্ভালিব পাৰিব, কিন্তু ইও সম্ভৱ নহয়। শুনাে বছৰটো পঢ়ায়াে পাঠ্যক্রম শেষ কৰিব নােৱাৰি। একেখিনি পাঠ একো একোটা দলক পঢ়াবলগীয়া হলে শিক্ষকে বছৰৰ শেষত চকুৰে ধোঁৱাকোৱা দেখিব। কিছুমানৰ মতে শিক্ষকে একেদিনাই তিনিটা কেইবাটাও ক্লাছত পঢ়াব পাৰে। একেজন শিক্ষকৰ বাবে দিনটো একেটা ক্লাছৰ ছাত্ৰক পঢ়োৱা সম্ভৱ জানাে? তাৰ বাবে তেওঁক দৰমহা বঢ়াই দিয়া হ'বনে? আমাৰ অধিকাংশ স্কুলৰ শ্ৰেণীকোঠাবােৰ আহল-বহল নহয়। হােৱা হ'লে সামাজিক দূৰত্ব বজাই ৰাখি ছাত্ৰসকলে বহিব পাৰিলেহেঁতেন আৰু একে সময়তে শিক্ষকে পঢ়াব পাৰিলেহেঁতেন। স্কুল খুলিলেই যে দেউতাক-মাকে ল'ৰা-ছােৱালী পঠাব তাৰাে নিশ্চয়তা নাই। বেমাৰৰ আশংকাতে যে অনেক ল'ৰাছােৱালীক স্কুললৈনপঠিয়াইই ধুৰুপ। মই বহুত অভিভাৱকক ফোনযােগে সুধি একে উত্তৰকে পাইছাে। ক্ষুদ্রাতিক্ষুদ্র এটা ভাইৰাছে আমাক বাৰুকৈয়ে জলাকলা খুৱাই আছে।
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। বাইদেউৰ লেখাবোৰ অসমীয়াৰ সুখ-দুখৰ তলৰ সূত্ৰত একত্ৰে উপলদ্ধঃ
No comments:
Post a Comment