ড° ভগৎ লাল দত্ত
মেগী নুডলচৰ বিজ্ঞাপনত অংশ লোৱা বাবে চিনেমা জগতৰ কোনোবা কেইজন মানক কিছুমান লোকে আইনী নৃত্য-নাটিকাত ভাগ ল'বলৈ জাননী জাৰি কৰাৰ খবৰটো এতিয়া চুৱাপাতনিত পৰিল গৈ যদিও প্ৰসংগটো অপ্ৰাসংগিক হৈ পৰা নাই। বিভিন্ন পেছাত সফল ব্যক্তিক বিভিন্ন ব্যৱসায় সংগঠন-প্ৰতিষ্ঠানে তেওঁলোকৰ বিপণন ৰণনীতিৰ কৌশলৰ অংশ হিচাপে বিজ্ঞাপনত ব্যৱহাৰ কৰে।
প্ৰদৰ্শন কলা (performing arts) আৰু ক্ৰীড়া জগতৰ তাৰকা সকলে তেওঁলোকৰ জনমানসত প্ৰচাৰিত-প্ৰসাৰিত 'ভাৱমূৰ্তি'ৰ আলমত আমাৰ চ'ৰাঘৰত 'এক্সপাৰ্ট অপিনিয়ন'ৰে সৈতে তেওঁলোকে চুক্তিবদ্ধ হোৱা সংস্থা আৰু পণ্যৰ ফেৰিৱালাৰ ভূমিকা লয়হি। অমিতাভ বচ্চন, শ্বাহৰুখ খান, শচীন তেণ্ডুলকাৰ, আজহাৰউদ্দিন আদিয়ে এফালে যেনেকৈ পেপচিকোৰ পণ্যৰ ফেৰি কৰিছিল তেনেকৈ আনফালে আমিৰ খান, ঐশ্চৰ্য ৰায়, চালমান খান, অক্ষয় কুমাৰ আদিয়ে কোকা-কোলাৰ পণ্যৰ ফেৰি কৰিছিল। ইয়াত বেয়া পাব লগা বা ভাল পাব লগা কিবা আছে বুলি নাভাবো। বিজ্ঞাপন গ্ৰাহক আকৰ্ষণ আৰু বাণিজ্য সম্প্ৰসাৰণৰ অভিন্ন অংগ।
তাৰকা সকলক বিজ্ঞাপনত ব্যৱহাৰ এই কাৰণেই কৰে যে, তেওঁলোকৰ নিজৰ নিজৰ পেছাগত জগতখনৰ সফলতাৰ ফলত সৃষ্টি হোৱা অনুৰাগী সকলৰ অনুৰাগ-অৱচেতনাৰ সুযোগ লৈ বিজ্ঞাপনৰ যোগেদি সেই বিশেষ প্ৰডাক্ট কেইটাৰ প্ৰতিও অনুৰক্ত কৰিব পৰাৰ সম্ভাৱনা যথেষ্ট বেছি। কিন্তু এটা বিশেষ ক্ষেত্ৰত ব্যক্তি এজনৰ পটুতাই এইটো সিদ্ধ নকৰে যে, তেওঁলোকে অন্য যি কোনো সামগ্ৰীৰ বিষয়ে আন লোকক প্ৰভাৱান্বিত কৰিব পৰাকৈ যোগ্য। আমাৰ তাৰকা সকলে নিজেও জানে যে তেওঁলোকৰ সেই যোগ্যতা নাই আৰু দাবীও নকৰে। তেওঁলোকে বিজ্ঞাপন একোটাত কেৱল অভিনয়হে কৰে। আৰু সাধাৰণতেই চুক্তিবদ্ধ হয় যে প্ৰতিদ্বন্দ্বী পণ্যৰ বিষয়ে তেওঁলোকে ৰাজহুৱাকৈ গুণানুকীৰ্তন অথবা প্ৰতিদ্বন্দ্বী সংস্থাৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান আদিত অংশ লৈ প্ৰতিদ্বন্দ্বী পণ্যৰ ব্ৰাণ্ডবোৰৰ প্ৰচাৰ নকৰে।
তাৰকা একোজনে বিজ্ঞাপনত অংশ লৈ সামগ্ৰী একোটা ফেৰি কৰা মানে এইটো নুবুজায় যে তেওঁ নিজৰ ব্যক্তিগত জীৱনতো সেই প্ৰডাক্টটোৱেই ব্যৱহাৰ কৰে। ভাবিছে নেকি যে, আমাৰ তাৰকা সকলে তেওঁলোকে বিজ্ঞাপনৰ পৰ্দাত ব্যৱহাৰ কৰি দেখুওৱা চাবোন, মালিচ, তেলৰ পৰা আৰম্ভ কৰি হজমীৰ বড়ী, লিভাৰ টনিক অথবা বীমা পলিচিত বিনিয়োগ কৰে? "হাতীৰ দেখুওৱা দাঁত আৰু চোবোৱা দাঁত বেলেগ" বুলি কথা এষাৰ শুনিছে চাগৈ!
বিজ্ঞাপন একোটাত অংশ লোৱা তাৰকা একোজনক আচলতে তেওঁ ফেৰি কৰা প্ৰডাক্টটোৰ ভাল-বেয়া-হানি-বিঘিনিৰ বাবে পোনে পোনে দায়বদ্ধ কৰিব নোৱাৰি। তেওঁ তাত মাত্ৰ অভিনয়হে কৰে, হয় আইনগত ভাৱে সেইটোৱেই, কেৱল অভিনয়হে। বিজ্ঞাপন এটাত বাবে অভিনয় কৰা তাৰকা সকল বিজ্ঞাপনটোৰ বাবে আইনী ভাৱে দায়ী নহয়, প্ৰডাক্টটোৰ প্ৰস্তুতকৰ্তা সংস্থাহে দায়বদ্ধ। কিন্তু সেইটোকে আমি দৰ্শক-অনুৰাগী সকলে বুজিবলৈ সমৰ্থ নহয়। কাৰণ “দৃশ্যম এফেক্ট”। চকুৰ আগত প্ৰস্তুত কৰা নাট-চিনেমা-অভিনয় আমি সঁচা নহয় বুলিও মগজুৰে জানিও সেইখন চাই খঙ-আনন্দ-উচ্ছাস-নিৰাশা-...ৰ আৱেগ অনুভৱ কৰো। মানুহৰ মন-মগজুৰ এই বিশেষ আৱেগ অনুসংশ্লেষণ (simulation)ৰ গুণটোৰ ওপৰতেই প্ৰদৰ্শন কলাৰ সমগ্ৰ সাফল্য প্ৰতিষ্ঠিত। কেৱল প্ৰদৰ্শন কলাই নহয়, ব্যক্তিগত স্তৰত ধাৰ্মিক আস্থা ৰোপণ-সম্প্ৰসাৰণৰ পৰা ব্যৱসায়িক ব্ৰাণ্ড আনুগত্য সৃষ্টিৰ পৰা ৰাজনৈতিক জনমত গঠনলৈকে সকলোতে প্ৰয়োগকৰ্তাই বিচৰা ধৰণৰ ফলাফল দিব পৰাকৈ ইয়াক সফলভাৱে ব্যৱহাৰ কৰা হৈছে।
আৱেগ অনুসংশ্লেষণৰ এই প্ৰক্ৰিয়াটো এটা স্বাভাৱিক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া, বিচাৰশক্তিসম্পন্ন অন্যতম জীৱ মানুহৰ সমাজ-ব্যৱস্থাৰ গঠন আৰু বিকাশত এই প্ৰক্ৰিয়াটোৰ প্ৰভাৱ বহুত। এই প্ৰক্ৰিয়াটোৰ অবিহনে মানুহে কাহানিও অইন এজন মানুহৰ বা অইন এটা জীৱৰ প্ৰতি সহমৰ্মিতা (empathy) অনুভৱেই কৰিব নোৱাৰিলেহেঁতেন। দয়া, মৰম, কৰুণা, সমতা, ন্যায় আদি বহুত শব্দই অভিধানত নাথাকিলহেঁতেন। অৱশ্যে এইটো কথা উল্লেখ কৰি থ’বই লাগিব যে ব্যক্তি, অৱস্থা, স্থান আৰু সময় ভেদে সহমৰ্মিতাৰ অনুভৱ আৰু অভিব্যক্তি বেলেগ বেলেগ হ’ব পাৰে কাৰণ মানুহ এবিধ বিচাৰশক্তিসম্পন্ন জীৱ আৰু লাভ-লোকচানৰ (আৰ্থিক লাভ-লোকচানতে সীমাবদ্ধ নহয়) হিচাপ কৰি সিদ্ধান্ত ল’ব খোজাটো এনে জীৱৰ স্বাভাৱিক প্ৰবৃত্তি। কিছুমানে দীৰ্ঘম্যাদী হিচাপে কৰে কিছুমানে মুহূৰ্তৰ হিচাপত।
পুনৰ বিজ্ঞাপনৰ জগতলৈ ঘুৰি আহোঁ, তেণ্ডুলকাৰে যেতিয়া এটা বিশেষ বীমা কোম্পানীৰ বীমা আঁচনিৰ মাজেৰে “কালিলৈৰ ওপৰত নিয়ন্ত্ৰণ”ৰ কথা কয়, তেতিয়া আমাৰ অৱচেতন মনত তেওঁৰ ক্ৰিকেটীয় জগতৰ সফলতাৰ বিশাল ছবিখনে তেণ্ডুলকাৰৰ বীমা বিষয়ক উপদেশ দিব পৰাৰ যোগ্যতাৰ সমন্ধে আমাৰ মনত উঠিব লগা সম্ভাৱ্য প্ৰশ্নবোৰ ঢাকি পেলায়। ক্ৰীড়াবিদ হিচাপে তেওঁৰ পটুতা-কুশলতা-শ্ৰেষ্ঠতাৰ ওপৰত মন্তব্য নিষ্প্ৰয়োজন। ক্ৰীড়াবিদ শচীন তেণ্ডুলকাৰ আৰু এজন বিজ্ঞাপনৰ অভিনেতা ব্যক্তি হিচাপে শচীন তেণ্ডুলকাৰৰ মাজত এডাল ৰেখা থকা উচিত। এটা বিশেষ ক্ষেত্ৰত ব্যক্তি এজনে লাভ কৰা সফলতা-বিশালতা-উচ্চতা সমাজ-জীৱনৰ সকলোতে সমানকৈ ব্যৱহাৰ কৰা উচিত নহয়। আয়কৰ বিভাগত তেণ্ডুলকাৰে দাখিল কৰা তথ্য অনুসৰি তেওঁৰ মূল পেছা বিজ্ঞাপনত অভিনয় (মডেলিং), ক্ৰীড়া নহয়। এই তথ্যত আপত্তি বা তেণ্ডুলকাৰৰ চৰিত্ৰহননৰ কোনো চেষ্টা কৰা বুলি অলপো ভাবিব নালাগে, ই সম্পূৰ্ণ আইনে দিয়া সুবিধা। তেণ্ডুলকাৰে আয়কৰ আইনত থকা সুবিধা ব্যৱহাৰ কৰিয়েই যিটো উৎসৰ পৰা বেছিকৈ আয় হয় সেইটোক প্ৰাথমিক আয়ৰ উৎস হিচাপে ঘোষণা কৰিছে যাতে অভিনয়, সংগীত বা অইন প্ৰদৰ্শন কলা বা সাহিত্যৰ মাজেৰে উপাৰ্জিত ধনৰ ওপৰত থকা আয়কৰ ৰেহাইৰ সুবিধা ল’ব পাৰে।
আপোনাৰ-মোৰ-আমাৰ চকুত তেণ্ডুলকাৰ অভিনেতা নহয়, ক্ৰীড়াবিদ হে। দেশে তেওঁক ক্ৰীড়াৰ বাবেহে ভাৰত-ৰত্নৰ স্বীকৃতি দিছে, অভিনয়ৰ বাবে নহয়। কিন্তু তেওঁৰ নিজৰ চকুত পেছা অভিনয়, কাৰণ ই তেওঁক কৰ বচোৱাৰ সুযোগ দিয়ে। ক্ৰীড়াৰ জগতত তেণ্ডুলকাৰ অসাধাৰণ, কিন্তু ব্যক্তিৰ জীৱনত আপোনাৰ-মোৰ দৰেই এজন সাধাৰণ ব্যক্তি। আপোনাৰ মোৰ দৰেই তেৱোঁ কৰ বচাব লাগে। আগতেও কৈছো, আকৌ কওঁ, ইয়াত তেণ্ডুলকাৰৰ প্ৰতিভা-প্ৰতিষ্ঠা-কুশলতাৰ আলোচনা মুঠেও কৰিব খোজা হোৱা নাই, মাত্ৰ এটা উদাহৰণ হিচাপেহে লোৱা হৈছে, বিশালতা আৰু সাধাৰণতা একে জন ব্যক্তিতে থাকিব পৰাৰ উদাহৰণ। ক্ৰিকেটত অসাধাৰণ কিন্তু কৰ বচোৱাৰ প্ৰবৃত্তিত সাধাৰণ। অন্যান্য ক্ষেত্ৰটো এনে উদাহৰণ ঠাহ খাই আছে, অভিনয় জগতৰ তাৰকাসকলৰ “ৰিল আৰু ৰিয়েল লাইফ”ৰ মাজৰ এভাৰেষ্ট শৃংগ আৰু মেৰিয়ানা খাদ প্ৰভেদৰ কথা বহলাই নক’লেও হয়।
তাৰকা সকলে বিজ্ঞাপনত অংশ লোৱাটো সাধাৰণতেই পেছাগত। ইয়াত অংশ লোৱাৰ বাবদ তেওঁলোকে ধন লাভ কৰে। তেওঁলোক চুক্তিবদ্ধ হয়, চুক্তিৰ ম্যাদ থকা পৰ্যন্ত প্ৰতিদ্বন্দ্বী পণ্যক মানুহৰ মাজত বিস্তাৰিত কৰাৰ লগত সংযুক্ত নহ’বলৈ। ব্যক্তিৰ নিজৰ নিজৰ বিশেষ ক্ষেত্ৰৰ কুশলতা-সফলতা-প্ৰতিষ্ঠা সকলো ক্ষেত্ৰলৈ সমানে বিস্তাৰিত নহয়। তথাপিও পেছাগত কাৰণত বিজ্ঞাপনত অংশ লয়। তাৰকা হিচাপে মানুহৰ অৱচেতন মনত গঢ়ি তোলা ভাৱমূৰ্তিৰ সুযোগত পণ্য ফেৰি কৰাৰ। এই কথাও মানি লওঁ যে, পণ্য বিধৰ গুণাগুণ আদিৰ বিষয়ত পেছাগত কাৰণত (ধন লৈ) অভিনয় কৰা তাৰকা সকলক দায়ী কৰিব নোৱাৰি। তেওঁলোকৰ পেছাই হৈছে এইটো। যদি সকলো তথাকথিত “ভাল” কৰি দেখুওৱাটো বাধ্যতামূলক হ’লহেঁতেন কোনোবাই খলনায়কৰ-ধৰ্ষণকাৰীৰ অভিনয় কৰিলেহেঁতেন নে? ধনৰ বিনিময়ত কৰা চিনেমা-নাটক আদিত কৰা অভিনয় আৰু বিজ্ঞাপনত কৰা অভিনয়ৰ মাজত কাৰিকৰীভাৱে তেনেকৈ পাৰ্থক্য নাই। চিনেমা এখনত ধৰ্ষণৰ দৃশ্য এটাত অংশ লোৱা বাবে শিল্পী এজনক দোষ দিব নোৱাৰি কাৰণ অভিনয় তেওঁৰ পেছা। লাগিলে সেয়া “মেথড এক্টিং”-এই নহওঁক কিয়।
দৰ্শক-শ্ৰোতা-সাধাৰণ গ্ৰাহক হিচাপে নাটক-চিনেমাৰ অভিনয় হওক, বিজ্ঞাপনৰ অভিনয় হওক, দুয়োটাকেই একে চকুৰে চাবলৈ শিকাটো অতি প্ৰয়োজনীয়। সকলো বিজ্ঞাপনেই একো একোটা অভিনয়। চিনেমা এখন চাই যি দৰে আৱেগ অনুসংশ্লেষিত “দৃশ্যম এফেক্ট”ৰ বশৱৰ্তী হৈ সিদ্ধান্ত যি দৰে লোৱা উচিত নহয়, কেৱল বিজ্ঞাপনৰ আধাৰতেও পণ্যৰ প্ৰতি আসক্তি-আনুগত্যৰ সিদ্ধান্ত-অনুসিদ্ধান্তৰ দিশত খোজ দিয়া উচিত নহয়। বিচাৰশক্তিসম্পন্ন জীৱ হিচাপে সেইখিনি কৰিবলৈ সকলোৱেই সক্ষম বুলি বিবেচনা কৰোঁ। যি সকলে আৱেগ অনুসংশ্লেষণত উটি যায়, সেই সকলৰ দশাৰ উদাহৰণ হৈছে, ৰেলৰ ডবাৰ ওপৰত উঠি “চল চৈঁয়া চৈঁয়া ...” কৰিবলৈ গৈ পৰিবাহী তাঁৰত লগা সকল।
মানুহে আৱেগ অনুসংশ্লেষণৰ “দৃশ্যম এফেক্ট”ৰ বাহিৰ হৈ সিদ্ধান্ত ল’ব পৰাটো নিশ্চয়কৈ সম্ভৱ। পেছাগত কাৰণত বিজ্ঞাপন এটাত ভাগ লোৱা বাবে ব্যক্তি এজনক ব্যক্তিগত আক্ৰমণ কৰাটো উচিত নহয়। বিজ্ঞাপন এটাত অংশগ্ৰহণ/অভিনয় কৰিলে বুলিয়েই বিজ্ঞাপিত পণ্যটো কিনিব লাগিবই বুলিওতো কথা নাই। তেনেকৈ হোৱা হ’লে অভিনয় জীৱনৰ সৰহসংখ্যক চিনেমাত চৰিত্ৰহীন, লম্পট, ধৰ্ষণকাৰী, দেশদ্ৰোহীৰ চৰিত্ৰত অভিনয় কৰা অনুপম খেৰৰ ভাষণত মানুহৰ দেশপ্ৰেম কেনেকৈ জাগ্ৰত হয়? অথবা কোনোবা গোস্বামী এগৰাকীয়ে খৰিকাত দিয়া গাহৰি একাঁহী আগবঢ়াই বিজ্ঞাপন দিলে বুলিয়েই সত্ৰ মহাসভাৰ অধিবেশনত সেইবিধ মূল ভোজন হৈছেগৈ নে?
সংযোজন –
কাৰোবাৰ গীতৰ বা অভিনয়ৰ প্ৰৱল অনুৰাগী হোৱা মানে তেখেতৰ বাকীবোৰ কৰ্মকাণ্ডৰো সমানেই অনুৰাগী নোহোৱাটোৱেই ভাল। উদাহৰণস্বৰূপে, ভূপেন হাজৰিকা ভাজপা-ৰ সদস্য হৈছিল বুলি ভাজপা বিৰোধী সকলে ভূপেন হাজৰিকাৰ গীত বৰ্জন কৰিব লাগিব জাতীয় চিন্তা-ভাৱনা গ্ৰহণ যোগ্য মুঠেও নহয়। আনহাতে ভোট দিয়া নিদিয়াৰ সিদ্ধান্তটো ৰাজনৈতিক ইছ্যুৰ ওপৰত নিৰ্ভৰ কৰিবলৈ এৰি দিয়ক, গীত-মাতৰ অনুৰাগ আৰু ৰাজনৈতিক আনুগত্য বেলেগ বেলেগ কৈ ৰখাই ভাল। ভাল গায়ক, খেলুৱৈ, অভিনেতা, ..... আদি হ'লেই ৰাজনৈতিক পৰিপক্কতাও থাকিব বুলি আশা কৰি নোলোৱাই ভাল বুলি ভাবো।
সামগ্ৰিকভাৱে তাৰকা-চেলিব্ৰিটি সকলৰ ব্যক্তিগত জীৱনৰ লগতো একেই কথা প্ৰযোজ্য হ’ব লাগে। কাৰোবাৰ, গীত মাত, অভিনয়, ক্ৰীড়াৰ অনুৰাগী মানে তেওঁৰ সকলো কৰ্মকাণ্ডৰে সমৰ্থন কৰিব নালাগে।
(লেখাটি পূৰ্বতে দৈনিক অসম কাকততো প্ৰকাশ পাইছে।) লেখকৰ স্তম্ভ 'দূৰবীণ'ৰ আন আন লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/DURBEEN
No comments:
Post a Comment