বিশ্লেষণঃ স্বাধীন দেশত বিপন্ন নেকি গান্ধীজীৰ সপোন... :: আব্দুল ওৱাদুদ সেখ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ স্বাধীন দেশত বিপন্ন নেকি গান্ধীজীৰ সপোন... :: আব্দুল ওৱাদুদ সেখ

বিশ্লেষণঃ স্বাধীন দেশত বিপন্ন নেকি গান্ধীজীৰ সপোন... :: আব্দুল ওৱাদুদ সেখ

Share This
স্বাধীন দেশত বিপন্ন নেকি গান্ধীজীৰ সপোন...
( স্বাধীনতা দিৱসত এগৰাকী নাগৰিকৰ দৃষ্টিৰে)
আব্দুল ওৱাদুদ সেখ
কভিড -১৯ ৰ দুৰ্যোগৰ মাজতে এইবাৰ আমি ১৫ আগষ্ট ৰ দিনা ৭৪তম স্বাধীনতা দিবস পালন কৰিম। আমি ভাৰতীয় বিশ্বৰ ভিতৰতেই এক জাকতজিলিকা জাতি। আমাৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য বিশ্বৰ ভিতৰতেই বিৰল। আমি একক আৰু অন্যান্য। আমাৰ সংবিধান পৃথিৱীৰ ভিতৰতেই এক বৃহত্তম সংবিধান। এখনেই ৰাষ্ট্ৰীয় পতাকা। একক নাগৰিকত্ব ব্যৱস্থাই গোটেই ভাৰতবৰ্ষকেই একতাৰ বান্ধোনৰে ৰাখিছে।

তদুপৰি আমাৰ দেশত এখনেই উচ্চতম ন্যায়ালয় আছে। বিধানমন্ডল, কাৰ্যপালিকা আৰু ন্যায় পালিকাৰ অন্যান্য মিলনে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থাক ৰাইজৰ মাজলৈ এক নতুন মাত্ৰাৰে লৈ গৈছে । বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত থকা সম্প্ৰীতিৰ সেঁতুৰ বাবে আমাৰ ভাৰতবৰ্ষ একক আৰু অন্যান্য । বৃটিছে আমাৰ এই মিলনৰ তীৰ্থভূমি 200 বছৰ শাসন কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল ডিভাইড এন্ড ৰুল নীতি । ভাৰতীয় নাগৰিকৰ একান্ত ইচ্ছা আৰু ধৈৰ্য্যৰ ফলত আমি এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ লাভ কৰো । এই চেগতে মই আমাৰ স্বাধীনতা সংগ্ৰামী ছহিদ সকলোক শ্ৰদ্ধাৰে সোৱৰণ কৰিছো। সৰুতে স্বাধীনতা মানে বুজিছিলো স্কুলত জন গণ মন গাই শিক্ষকৰ ভাষণ শুনা আৰু চকলেট খোৱা এক পৰ্ব। আৰু সোনকালেই স্কুল ছুটী। মানে স্বাধীন এক দিন, নিজৰ মতেই চলিব পাৰি । পিছত যেতিয়া ভাৰতীয় স্বাধীনতাৰ ইতিহাস অধ্যয়ন কৰিলো তেতিয়া জানিব পাৰিলো কিমান কষ্টকৰ আছিল এই পৰাধীনতাৰ শিকলিৰ পৰা ওলাই আহা। কিমান স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ ত্যাগৰ ফলত আমি লাভ কৰিছিলো স্বাধীনতা। কিমান সপোন আছিল আমাৰ নেতাসকলৰ। কিমান ভাল পাইছিল নিজৰ দেশক। নাগৰিকৰ জীৱন দেশৰ অৱস্থাক লৈ কিমান চিন্তা কৰিছিল আমাৰ মহান সংগ্ৰামী সকলে। ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু মৌলানা আজাদ, শ্বেইখুল হিন্দ কাছেম নানতবী লৈকে। ভগত সিং ৰ পৰা সুভাষ বসু লৈকে সকলোৱেই আছিল এক আধুনিক আৰু সুন্দৰ ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন ৰচিয়তা ...।



দুখ আৰু পৰিতাপৰ বিষয় এই যে আজি স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো আমাৰ মনত এই প্ৰশ্ন আহে আমি কিমান স্বাধীন?? সকলো নাগৰিকে স্বাধীনতা প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিব পাৰিছে নে ? নে কেৱল মাথোঁ এক শ্ৰেণীৰ লোকৰ মাজত এই স্বাধীনতা থাকিব। ভাৰতীয় সংস্কৃতিৰ হ'ল মিলাপ্ৰীতিৰ সংস্কৃতি কিন্ত আচৰিত জনক ভাবে হত্যা হিংসা , নাগৰিকৰ মাজত শ্ৰেনী বিভাজন ধৰ্মীয় বিভেদ আদি দিনক দিনে বাঢ়ি আছে। এইখন ভাৰতবৰ্ষতেই এতিয়াও Right to equity ধাৰণা প্ৰকৃত অৰ্থত কাৰ্যকৰী নাই হোৱা.। দুখীয়া মানুহৰ বাবে এতিয়াও আইনৰ শাসন বোলা কথা সপোনৰ দৰে।

মহাত্মা গান্ধীয়ে সপোন দেখিছিল ভেদাভেদ বিহীন ভাৰতবৰ্ষ কিন্তু এতিয়া ৰাজনৈতিক প্ৰেক্ষাপট ভেদাভেদ বিহীন সমাজ কল্পনাৰ বাহিৰত। সাম্প্ৰদায়িকতা আৰু নাগৰিকৰ শ্ৰেণী বিভাজন আমাৰ সমাজত এই একবিংশ শতিকাতো বাঢ়ি আছে.। আমাৰ অসমতেই এতিয়াও নাগৰিকত্বৰ নামত বহুত যন্ত্ৰণা ভূগি আছে। ডি ভোটাৰ হৈ আছে। বহুতে আনকি আত্মহত্যাও কৰিছে। কেতিয়াবা এনেকুৱা লাগে কিহৰ স্বাধীনতা লভিলোঁ আমি। ভাৰতীয় সংবিধানৰ তৃতীয় খণ্ড মৌলক অধিকাৰ যি অধিকাৰ আইনৰ দ্বাৰা স্বীকৃত। কিন্তু দুখ আৰু পৰিতাপৰ কথা মৌলিক অধিকাৰৰ এতিয়াও সকলোৰে কাৰণে বোধগম্যই নহয়। তদুপৰি আইনী ব্যৱস্থা এতিয়াও সকলোৰে বাবে সহজে উপলব্ধ নহয়। ভাৰতীয় সংবিধানৰ মতে আখৰে আখৰে এতিয়া দেশ চলি থকা নাই, চলিছে সুৰুঙাৰেহে। ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি এতিয়া পদে পদে পালন নকৰাকৈ থাকিব পাৰে শাসকীয় পক্ষই। তদুপৰি ভাৰতীয় সংবিধানৰ আত্মতো কেতিয়াবা আঘাত হনাৰ দৰে কাম কৰে আমাৰ চৰকাৰে। তাৰ ফলতেই আমি এতিয়াও প্ৰকৃত স্বাধীনতাৰ সোৱাদ লভিব পৰা নাই।

প্ৰতিটো পৰিয়াল, প্ৰত্যেকজন নাগৰিকৰৰ অবস্থা উন্নত মানদণ্ডৰ হলেহে দেশ এখনে স্বাধীনতাৰ সোৱাদ লভিব পাৰে । কিন্তু আমাৰ অৰ্থনৈতিক ব্যবস্থাৰ বাবেই এতিয়া এচাম মানুহৰ মাজত দেশৰ সম্পত্তি আহিব ধৰিছে। ধনীয়ে দিনক দিনে ধনী হৈ আছে আৰু দুখীয়াই কষ্টৰে জীৱন যাপন কৰি আছে। ৰাষ্ট্ৰই নাগৰিকৰ অৰ্থনৈতিক অবস্থা উন্নত কৰাৰ পৰিৱৰ্তে এচাম হিতাধিকাৰী সৃষ্টিত হে অৰিহণা যোগাইছে। কেৱল ভোট-কেন্দ্ৰীভূত ব্যৱস্থাই আমাৰ দেশৰ উন্নয়নৰ প্ৰতি হেঙাৰ হৈ আছে। নাগৰিকৰ মাজত অৰ্থনৈতিক অমিল বেছি হৈ আছে যি কল্যাণকামী ভাৰতবৰ্ষৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয়।

আমাৰ মাজত মানে দেশৰ প্ৰায় সকলো বিভাগতে দুৰ্নীতি নামৰ মহামাৰী এনেদৰে থিতাপি লৈছে যেন আমি এই দুনীতিৰ বাবে ধ্বংস হৈ যাম। আমি এচামে টকাৰ যোৰতেই চাকৰি পাইছে ,অফিচৰ যিকোনো কাম কৰিব লাগিলে পইচা দিব লাগে. কি যে কাৰবাৰ কত বিচাৰি যাম স্বাধীনতা। ভাবিলেই দুখ লাগে যেতিয়া কৃষকে মধ্যভোগী দালালৰ বাবেই উচিত মূল্য নাপায় । আজি এই দিনতো কৃষকে আত্মহত্যাৰ পথ বাছি লৈ আছে । ৰাইজৰ বাবে গণতান্ত্ৰিক চৰকাৰ যেন ৰজাঘৰীয়াৰ দৰে শাসন কৰি আছে ফলত চৰকাৰ আহিছে গৈছে কিন্তু কৃষক শ্ৰেণীৰ অৱস্থা, মধ্যবিত্তৰ অবস্থাৰ একো পৰিবৰ্তন নাই।

এতিয়াও এই দেশত নাৰী নিৰ্যাতন হৈ আছে। লৰা ছোৱালীৰ মাজত পাৰ্থক্য চলিয়েই আছে। পুৰুষ-তান্ত্ৰিক মানসিকতা ফলত বহুত পৰিয়ালতো স্বাধীনতা নোহোৱা হৈছে। যৌতুকৰ নামত অত্যাচাৰ চলিয়েই আছে । কণ্যা ভ্ৰুণ হত্যা হৈয়ে আছে । কোন ফালেদি কওঁ আমি স্বাধীনতা লাভ কৰিছো।

শিক্ষাৰ অধিকাৰৰ পৰা এতিয়াও দেশৰ লাখ লাখ শিশু বঞ্চিত হৈ আছে। স্কুলীয়া শিক্ষা বাধ্যতামূলক হৈছে, শিক্ষা-ব্যৱস্থাৰ বহুত ৰাজ্যত বিনামূলীয়া হৈছে; আমাৰ অসমতো হৈছে কিন্তু এতিয়াও নাৰী শিক্ষা নাই হোৱা। বাল্য বিবাহ চলিয়েই আছে। দেশৰ সকলো ছোৱালী সকলো শিশু যিদিনাই উচ্চ শিক্ষাৰে শিক্ষিত হব তেতিয়াহে আমি স্বাধীন দেশৰ নাগৰিক হবলৈ গৌৰাম্বিত হব পাৰিম।

গান্ধীজীৰ সপোন আছিল এখন ভেদাভেদহীন সমাজ। যত কেৱল অধিকাৰ থাকিব। নাথাকিব উচ্চ নীচৰ মৰ্য্যাদা। কিন্তু এতিয়া আমাৰ তথাকথিত শিক্ষিত সমাজতে বনকৰা ছোৱালীক বিছনাত শুবলৈ নিদিয়ে। একেলগে খাবলৈ নিদিয়ে । শিক্ষাৰ কথা বাৰু নকলোৱেই বা। এই ধাৰণা চলি থাকিলে বাৰু ভাৰতবৰ্ষ প্ৰকৃত অৰ্থত স্বাধীন হব নে?

আজি আমাৰ থানাত মামলা মোকৰ্দমা হলে পুলিচক ঘোঁচ দি কাম কৰিব লাগে। নাগৰিকৰ নিৰাপত্তাৰ বাবে থকা আমাৰ প্ৰশাসন আজিও বহুত ক্ষেত্ৰতে বিফল হয়। আজিও দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিয়েই আছে। এনেকুৱা বহুত কথা মনত আহি থাকে আমি স্বাধীন হম কেতিয়া। কেতিয়া সংবিধান মতে দেশ চলিব। কেতিয়া শাসকীয় পক্ষই দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু জনসাধাৰণৰ কল্যাণ কৰিব। আজি অসম বানপানী গৰাখহনীয়াৰ ফলত লাখ লাখ মানুহ আক্ৰান্ত হৈছে। শতাধিকৰ মৃত্যু হৈছে। কিন্তু এই বান গৰাখহনীয়া সমস্যা সমাধানৰৰ কোনো বাস্তৱ সন্মত সমাধানৰ লক্ষ্য নাই চৰকাৰ। কিন্তু চৰকাৰে এই সমস্যা সমাধান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। 

উদ্যোগবোৰ এতিয়া ক্ৰমাত বন্ধ হৈ আছে। দেশৰ ৰাজহুৱা উদ্যোগ বেচৰকাৰীকৰণ হৈয়ে আছে। কিন্তু নিমাত আমি। এনেকৈয়ে স্বাধীনতা আহিব যাব আৰু আমি জন গণ মন গাই থাকিম। শাসকীয় পক্ষৰ লেকচাৰ শুনিয়েই থাকিম। ২৪ ঘন্টাই বিদ্যুতৰে আলোকিত হোৱাটো এতিয়াও বহুতে বাবে এক সপোন । বহুত ঠাইত এতিয়াও বিদ্যুত নাইয়েই। অসমত এনেকুৱা মহাবিদ্যালয় আছে যত শিক্ষকে এদিনো ক্লাচ নকৰাকৈ দৰমহা লয়। যত কিছুমান শিক্ষকে ভিতৰুৱা অঞ্চল বুলি চাকৰিত যোগদান কৰি বেলেগৰ হতুৱাই কাম কৰে। শিক্ষিত মানুহে যদি নিজৰ দায়িত্ব ভালদৰে বুজি নাপায় তেন্তে আমি কোন স্বাধীনতা লাভ কৰিম আৰু কেতিয়া কৰিম ? কেৱল কাগজে কলমে থাকিব আমাৰ স্বাধীনতা। আৰু বহুত কথা আছে লেখা দীঘলীয়া হব গতিকে সামৰণি মাৰিছো।

মাথো আশা কৰিম আমি এনেকুৱা কোনো কাম নকৰো যাৰ জৰিয়তে নিজৰ , পৰিয়ালৰ আৰু দেশৰ ক্ষতি হয়। আশা কৰিম এদিন আইনৰ শাসন প্ৰতিষ্ঠা হব। নাগৰিকৰ মাজত শ্ৰেণীবিভাজন নোহোৱা হব, চৰকাৰে জনগন মংগলৰ বাবে কাম কৰিব আৰু আমি স্বাধীন লাভ কৰিম প্ৰকৃত অৰ্থত । আশা হেৰুৱা নাই। জয় হিন্দ..

লেখক USTM বিশ্ববিদ্যালয়ৰ আইন বিভাগত সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত। তেখেতৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ
https://www.xukhdukh.com/search/label/Abdul%20Wadud%20Sekh

No comments:

Post a Comment