মনৰ কথাঃ স্বাধীনমনা সাহসী সংগ্ৰামী অসমীয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ স্বাধীনমনা সাহসী সংগ্ৰামী অসমীয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য :: সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ স্বাধীনমনা সাহসী সংগ্ৰামী অসমীয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
স্বাধীনমনা সাহসী সংগ্ৰামী অসমীয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য
সঞ্জীত কুমাৰ বৰদলৈ
গুৱাহাটীৰ বেলতলা তিনিআলিৰ এটি সুন্দৰ ঘৰত অশীতিপৰ মানুহজনে বাস কৰে৷ ঘৰটোত দাঙৰকৈ ইংৰাজী ’H" বৰ্ণটো জিলিকি আছে৷ সেই ঘৰটোৰ কাষেৰে কিমান বাৰ অহাযোৱা কৰিছোঁ হিচাপ নাই৷ কিন্তু ঘৰটোত প্ৰবেশ কৰি গৃহস্থক দেখা এটা কৰাৰ ইচ্ছাটো এই মুহূৰ্তলৈকে পূৰণ কৰা হোৱা নাই৷ দৰাচলতে উক্ত ঘৰটোৰ গৰাকী জনৰ স’তে বহি দুই এটা কথা পাতিব পৰাকৈ ইমান দিনে মানসিক ভাবে প্ৰস্তুত হ’ব পৰা নাছিলোঁ৷সেই বিশেষ ব্যক্তি গৰাকী আন কোনো নহ’য়,তেওঁ হৈছে-১৯৫৮ চনৰ আই পি এচ বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য৷

আজিৰ পৰা দুবছৰৰ আগতে মই এখন বাতৰি কাকতত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে এখন ৰচনা লিখিছিলো৷ সেইখন পঢ়ি বহুজনে ভাল পাইছিল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোলৈ বিভিন্ন জনে ফোন কৰিছিল৷ তাৰ ভিতৰত দুগৰাকী মানে মোৰ লেখাটো পঢ়ি চকুপানী টুকিছিল বুলি কৈছিল৷ যি কি নহওক সেই সময়তে মোৰ মোবাইল ফোনত ভাহি আহিছিল এটা গলগলীয়া কন্ঠস্বৰ৷ যি কন্ঠস্বৰ শুনি মই পুলকিত হৈছিলোঁ,এক অজানা শিহৰণ অনুভৱ কৰিছিলোঁ৷ সেই কন্ঠস্বৰ আছিল - হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ৷

আজিৰ নতুন চামৰ বহুতে হয়তো হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে বৰ বিশেষ নাজানে৷ কিন্তু অসম আন্দোলনৰ স’তে যিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জৰিত হৈছিল সেই সকলে হিৰণ্য কুমাৰ ভট্টাচাৰ্যক নজনাৰ প্ৰশ্নই নাহে৷ আচলতে হিৰণ্য কুমাৰ ভট্টাচাৰ্যক বাদ দি অসম আন্দোলনৰ ইতিহাস লিখিব নোৱাৰি৷ অসম আন্দোলনৰ সময়ত হিৰণ্য কুমাৰ ভট্টাচাৰ্য আছিল সীমা সুৰক্ষাৰ ডি আই জি৷ অতি দুৰ্ভাগ্যজনক ভাবে ১৯৮১চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত হিৰণ্য কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এবছৰ সময় তেওঁ কাৰাৰুদ্ধ হ’ব লগা হৈছিল৷ ১৯৮৩ চনত তেওঁ পুনৰ ছমাহৰ বাবে কাৰাৰুদ্ধ হৈছিল৷ 

তাৰ পৰবৰ্তী সময়ৰ ঘটনা প্ৰবাহৰ কথা আমি সকলোৱে জানো,সেইবোৰ দোহাৰিব খোজা নাই৷ সেই অস্থিৰ অশান্ত সময়ৰ পাকচক্ৰত পৰি হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দৰে এগৰাকী মেধা,সাহসী আৰু সংগ্ৰামী ব্যক্তিৰ জীৱনলৈ যি ধুমুহা আহিছিল সিয়ে আমাক ভবাই তোলে৷ ভট্টাচাৰ্য দেবে নিজেই এই প্ৰসংগত তেওঁৰ "জীৱন-বিচিত্ৰা" গ্ৰন্থত লিখিছে-“,..জীৱনৰ বিয়লি বেলাৰ উপলব্ধিটো হ’ল যে-“The greatest tragedy of life is to be guilty with out true guilt..' এই উপলব্ধি মোৰ ব্যক্তিগত,চৰকাৰী আৰু ৰাজহুৱা জীৱন আটাইবোৰতে প্ৰযোজ্য৷ এইয়া কোনো অভিযোগনামা নহয়৷ বঞ্চনাৰ দলিল আৰু কৈফিয়ৎনামাও নহয়৷ কিবা এক অদৃশ্য শক্তিয়ে কিদৰে ব্যক্তিৰ জীৱন নিয়ন্ত্ৰণ কৰে সেই কথা হয়তো এই ৰচনাবোৰৰ মাজত ওলাই পৰিব৷"

এলহাবাদ বিশ্ববিদ্যালয়ৰ পৰা এম এ-ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্যই শৈক্ষিক সফলতাৰ বাবে সোণৰ পদক লাভ কৰিছিল৷ ১৯৫৮ চনৰ আই পি এছ ভট্টাচাৰ্যৰ জীৱন বহু বৈচিত্ৰতাৰে পৰিপূৰ্ণ৷ হঠাৎ চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লগা হোৱাত তেওঁৰ পৰিয়ালটোলৈ বহু দুৰ্যোগ আৰু প্ৰত্যাহ্বান আহি পৰিছিল৷ হিৰণ্য কুমাৰ ভট্টাচাৰ্য সহজে হাৰ মনা বিধৰ নাছিল৷ প্ৰচণ্ড সাহসী আৰু জেদীও আছিল৷ কি কৰা নাছিল তেওঁ! গাই গৰু পুহিছিল,হাঁহ পালন কৰিছিল,বাচনবৰ্তন গঢ়া কাৰখানা গঢ়িছিল৷ সেই ৮১-৮২ চনতে আঢ়ৈ লাখ টকা বেংকৰ ঋণ লৈ তেওঁ গো-পালন আৰম্ভ কৰিছিল৷ ৫০০ ৰো অধিক গাই গৰু পুহি তেওঁ দৈনিক ৫০০ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছিল৷ 

কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰৰ হাতোৰা ভট্টাচাৰ্যৰ গাই গৰু ফাৰ্মখনটো পৰিছিল৷ ২৬৯ জনী গৰু মৰি গৈছিল৷ তাতে সেইসময়তে ১৯৮৩ চনত তেওঁক পুনৰ আটক বন্দী কৰা হৈছিল৷বেংকৰ ধাৰৰ বোজা চক্ৰবৃদ্ধি হাৰত বাঢ়িব ধৰিলে৷ ভট্টাচাৰ্য দেবে লিখিছে-“ভোকাতুৰ প্ৰাণী কেইটাৰ অৰ্ধাহাৰ/অনাহাৰ অৱস্থা সহ্য কৰি থকা অসম্ভৱ হৈ পৰিল৷ ইপিনে চক্ৰবৃদ্ধি হাৰৰ সুদৰ বাবে বেংকৰ পাওনাও দ্ৰুতগতিত বাঢ়ি গ’ল৷ধোঁৱা ধোঁৱা দেখিলোঁ৷ঘৰ চলাম৷কেনেকৈ? মাজে সময়ে কোনেও নজনাকৈ টেস্কীও চলাইছিলো৷ 

"আজিৰ তাৰিখত এজন আই পি এছ বিষয়াৰ এনে দুৰৱস্থা সাধুকথাৰ দৰে যেন লাগে যদিও ই নিৰ্মম সত্য৷ পিচে,ভট্টাচাৰ্য দেবৰ সংগ্ৰামৰ শেষ হোৱা নাছিল৷ গো-পালনৰ পাচত তেওঁ আৰম্ভ কৰিছিল হাঁহৰ পালন৷ ৮৫ চনৰ ১৪ আগষ্টৰ দিনা অসম চুক্তিৰ প্ৰসংগত আলোচনা কৰিবলৈ দুখন বায়ু সেনা বাহিনীৰ বিশেষ বিমান যোগে গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সকলে দিল্লীলৈ উৰা মাৰিছিল৷ সেইদিনা বিমান বন্দৰলৈ যোৱাৰ আগমুহূৰ্তত হিৰণ্য কুমাৰ ভট্টাচাৰ্যই হাঁহৰ গড়াললৈ গৈ গন্তি কৰি ৫০৭ টা কণী পাইছিল আৰু তিনিজনী হাঁহ মৰি থকা দেখিছিল৷ দিল্লীত থাকোঁতেই ৩০০জনী হাঁহ মৰিছিল প্লেগ বেমাৰত৷ পাচদিনা ৭০০ জনী হাঁহৰ মৃত্যু হৈছিল৷ যিয়ে হিৰণ্য কুমাৰ ভট্টাচাৰ্যক আকৌ বিপাঙত পেলাইছিল৷ বেংকৰ ধাৰ আঠ লাখতকৈ বেছি হৈছিল গৈ৷ সেই সম্পৰ্কত তেওঁ লিখিছে-“চকুত টোপনি নোহোৱা হ’ল৷ দিন নাযায় ৰাতি নুপুৱাইৰ দৰে অৱস্থা এটা৷ থকা ঘৰটোৰ আধা ভাৰালৈ দিলোঁ--উপায় নাছিল৷চিকাৰ কৰা,বৰশী বোৱা সা-সঁজুলি কিছুমান বাধ্য হৈ বিক্ৰী কৰিছিলোঁ৷ ৰাইফল দুটা,ৰবৰৰ নাও এখন,কেমেৰা এটা আৰু খুব দামী বৰশীৰ চি্প দুদালমান বিক্ৰী কৰিবৰ সময়ত কিমান আঘাত পাইছিলো ভাষাৰে বুজাব নোৱাৰিম৷" 

পৰবৰ্তী সময়ত ইচ্ছাৰ বিৰুদ্ধে গৈ ফাৰ্মৰ ২৩ বিঘা মাটি বিক্ৰী কৰি তেওঁ ঋণ মুক্ত হৈছিল যদিও তেওঁ আকৌ বাচন-বৰ্তন উৎপাদন কৰা ব্যৱসায়ত নামিছিল৷ প্ৰথম পৰ্যায়ত সকলো ঠিকেই আছিল যদিও কেচামালৰ অভাবত সিয়ো বেছি দিন নিটিকিল৷ ইতিমধ্যে ১৯৯৫ চনত চাকৰি সম্পৰ্কত চলি থকা উচ্চতম ন্যায়ালয়ৰ গোচৰত তেওঁ জিকিছিল তথা অভিযোগ মুক্ত হৈছিল আৰু প্ৰাপ্য ধনৰাশি পোৱাৰ বাট মুকলি হৈছিল৷ ভৱিষ্যতে কোনো উৎসৰ পৰা ঋণ নলওঁ বুলি প্ৰতিজ্ঞা কৰি তেওঁ সৃষ্টিশীল ক্ষেত্ৰখনত মনোনিৱেশ কৰে৷

হিৰণ্য কুমাৰ ভট্টাচাৰ্যই বৰশী বোৱা অভিজ্ঞতাৰ আলমত এখন মনোগ্ৰাহী গ্ৰন্থ লিখিছিল৷ অসমীয়া সাহিত্যত বৰশী-বোৱাক কেন্দ্ৰ কৰি লিখা সেইখনেই প্ৰথম গ্ৰন্থ বুলি হোমেন বৰগোহাঞিয়ে লিখিছিল৷ জীয়াভৰলীত শিলঘঁৰিয়া মাছ ধৰাৰ অপুৰ্ব বৰ্ণনাৰে লিখা উক্ত গ্ৰন্থ সচাকৈয়ে অন্যন্ন৷ ফটোগ্ৰাফিৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল৷’ ইলাছট্ৰেটেড উইকলীত" হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ফটো প্ৰকাশ হৈছিল আৰু পুৰস্কাৰো পাইছিল৷

হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ জন্মস্থান নলবাৰীৰ ঘৰ খনৰ কিছু কথা উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰিলোঁ৷নলবাৰীৰ গৰ্ডন ফিল্ডৰ ওচৰতে প্ৰখ্যাত ভট্টাচাৰ্য পৰিয়ালৰ অভিজাত ঘৰখন৷ চতুৰ্ভুজ আকৃতিৰ বিশাল ঘৰখনৰ চৌহদত দুটা সৰু ভাড়াঘৰ আছিল৷তাৰে এটাত আমি আছিলোঁ৷ প্ৰয়াত দেউতাৰ চাকৰি সূত্ৰে আমি সেইসময়ত নলবাৰীত আছিলোঁ৷ আমি তেতিয়া পঞ্চমমানৰ ছাত্ৰ৷ আন্দোলনৰ ভৰপক সময়৷ ১৯৮১চনত হিৰণ্য কুমাৰ ভট্টাচাৰ্য কাৰাগাৰত থাকোতেই তেওঁৰ মাতৃ চন্দ্ৰপ্ৰভা ভট্টাচাৰ্যৰ মৃত্যু হৈছিল৷মাকৰ মৃত্যু বাবে কিছুসময়ৰ বাবে বৰপুত্ৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্য ঘৰলৈ আহিব বুলি জানিব পাৰিছিলোঁ৷ সময়বোৰ বৰ স্পৰ্শকাতৰ আছিল,চৌপাশৰ পৰিস্থিতি অসম আন্দোলনৰ বাবে অস্থিৰ হৈ আছিল৷ যথা সময়ত হিৰণ্য কুমাৰ ভট্টাচাৰ্য আহিছিল৷ চৌপাশে বিভিন্ন চৰ্চা,চেপা উত্তেজনা৷ আৰক্ষী,চোৰাংচোৱাই তেওঁক ঘেৰি ৰাখিছিল৷ দীঘল ডাড়ি চুলিৰে ওখ আৰু তেজাল হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নায়ক সুলভ সুদৰ্শন চেহেৰাক দূৰৰৈ পৰা দেখি আমাৰ দৰে শিশুৰ কোমল মনত এক সুতীব্ৰ শিহৰণ জাগিছিল৷ আক্ষৰিক অৰ্থতে সেই মুহূৰ্ত্তত তেওঁ আমাৰ কোমল শিশুৰ মনোজগত এগৰাকী নায়কৰ দৰে জিলিকি উঠিছিল৷ সেই সময়ত তেওঁ কেনে জটিল পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ স’তে মুখামুখি হৈছিল সেই কথা অনুমান কৰাৰ বয়স আমাৰ হোৱা নাছিল৷ পাচলৈ যেতিয়া আমি বুজা হ’লোঁ তেতিয়া ৰহস্যৰ ভেদ ভাগিছিল৷ যিজন মানুহে অসম আন্দোলনৰ অন্যতম প্ৰধান হোতা আছিল সেইজন মানুহৰে এই আন্দোলনৰ প্ৰতি মোহ ভংগ হৈছিল৷। লিখিব লগা হৈছিল আন্দোলনৰ দুৰ্ভাগ্যজনক কৰুণ অধ্যায়৷ "কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী", "যিকথা নহ’ল কোৱা’,"Betrayal of North East“ আদি গ্ৰন্থত হিৰণ্য কুমাৰ ভট্টাচাৰ্যই সবিস্তাৰে সেইবোৰ কথা উল্লেখ কৰিছে৷

হিৰণ্য কুমাৰ ভট্টাচাৰ্যই একাধিকবাৰ গুৱাহাটীৰ লোক সভাৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ কিন্তু তেওঁ জয়ী হ’ব পৰা নাছিল৷এইয়া আমাৰ বাবে হয়তো দুৰ্ভাগ্য৷ অন্তত এবাৰ তেওঁক লোকসভালৈ নিৰ্বাচিত কৰিব পৰা হ’লে সি তেওঁৰ প্ৰতি থকা আমাৰ মৰম আৰু কৃতজ্ঞতাৰ স্বাক্ষৰ হিচাপে পৰিগণিত হ’লহেঁতেন৷ বিগত তিনিটা দশকত গুৱাহাটীৰ লোকসভাৰ প্ৰাৰ্থী সকলৰ ভিতৰত তেওঁ এগৰাকী সকলো পিনৰ পৰাই উপযুক্ত প্ৰাৰ্থী আছিল বুলি ক’ব পাৰি৷"politics is not my cup of tea' বুলি তাৎপৰ্যপুৰ্ণ ভাবে তেওঁ অলপতে এঠাইত কৈছিল৷ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ৰাজহুৱা আৰু কৰ্মজীৱনৰ কোনো কোনো স্থিতি সমালোচনাৰ উৰ্দ্ধত নিশ্চয় নহয়৷ কিন্তু দেশ জাতিৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম মৰম তথা দায়বদ্ধতা আদৰণীয় আৰু অনুকৰণীয়৷ এক বিচিত্ৰ আৰু ঘটনাবহুল জীৱনৰ অধিকাৰী, জাতীয় জীৱনৰ সাহসী সংগ্ৰামী হিৰণ্য কুমাৰ ভট্টাচাৰ্যক দিবলৈ আমাৰ একো নাই,আছে মাথো এবুকু মৰম আৰু একাঁজলি শ্ৰদ্ধা৷ ভট্টাচাৰ্য দেৱৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰকঃ 

No comments:

Post a Comment