সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তৰ-পূৱৰ শিক্ষাৰ্থীঃ অধিক সফল হোৱাৰ উপায় কি?
আশ্বিক জামান
হাৰিয়ানাৰ প্রদীপ কুমাৰে সৰ্বভাৰতীয় পর্যায়ত কেন্দ্রীয় লােকসেৱা আয়ােগৰ দ্বাৰা অনুষ্ঠিত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰিছে। তেওঁৰ লগতে হাৰিয়ানাৰ পৰা আন ১২জন। পৰীক্ষার্থীও উত্তীৰ্ণ হৈছে, তাৰে ৫জনৰ স্থান প্রথম ১০০জনৰ ভিতৰত। হাৰিয়ানাৰ জনসংখ্যা অসমতকৈ প্রায় ৫০ লাখ কম। শিক্ষাৰ হাৰ অসমতকৈ কম। কেৰালাৰ জনসংখ্যা অসমতকৈ ৫০ লাখমান বেছি। মুঠ ৮২৯জন চয়নিত পৰীক্ষাৰ্থীৰ ভিতৰত অকল কেৰালাৰ পৰাই এইবাৰ চয়নিত হৈছে ৬০জন, তাৰে ১০জন আছে প্রথম ১০০জনৰ ভিতৰত। তাৰ বিপৰীতে অসমৰ পৰা মুঠ চয়নিত হৈছে পাঁচজন আৰণ্যক শইকীয়া (৫৯), চিজেল আগৰৱালা (১১২), নিবেদিতা দত্ত (৬৯৭), তপন ডেকা (৭৬৬) আৰু কিশােৰ সূত্ৰধৰ (৭৮৪)। ইয়াৰে আৰণ্যক আৰু তপন যােৱা বছৰাে উত্তীর্ণ হৈছিল, গতিকে প্ৰকৃতাৰ্থত সৰ্বভাৰতীয় অসামৰিক সেৱাত এই বছৰ অসমৰ পৰা যােগদান কৰিব মুঠতে তিনিজন।
সমগ্ৰ উত্তৰ-পূবৰ ফলাফলো বৰ এটা উৎসাহজনক নহয়। অসমৰ বাহিৰে আন সাতখন ৰাজ্যৰ পৰা মুঠ ছজন চয়নিত হৈছে, সৰ্বমুঠ ১১জন। দুজন মণিপুৰৰ, দুজন ছিকিম, এজন নাগালেণ্ডৰ আৰু এজন ত্ৰিপুৰাৰ পৰা। অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ পৰা কোনাে প্রার্থী চয়নিত হােৱা নাই। সমগ্ৰ উত্তৰ-পূবৰ মুঠ জনসংখ্যা ৪.৬ কোটি, উৰিষ্যাৰ জনসংখ্যাতকৈ (৪.৩৭ কোটি) প্রায় ২৩ লাখ বেছি। শিক্ষা-দীক্ষা বা আর্থ-সামাজিক দিশৰ পৰাও ওড়িশাতকৈ উত্তৰ-পূব ভালেখিনি আগুৱাই আছে। ৰঘুৰাম ৰাজন পেনেলে ওড়িশাক ভাৰতৰ ভিতৰত আটাইতকৈ অনুন্নত ৰাজ্য বুলি ঘােষণা কৰিছে। কিন্তু সেই ওড়িশাৰ পৰা ইউ পি এছ চি পৰীক্ষাত মুঠ ২৩জন প্রার্থী উত্তীৰ্ণ হৈছে, তাৰে ২জন প্রথম ১০জনৰ ভিতৰত।
গতিকে ওপৰৰ তুলনাৰ পৰা এটা কথা স্পষ্ট যে অসম বা উত্তৰ-পূবৰ ফলাফল আন ৰাজ্যৰ তুলনাত অত্যন্ত ম্লান। সকলােৰে মনত উদয় হােৱা প্ৰশ্নটো হ’ল— অসম তথা উত্তৰ-পূৱৰ পৰা ভাল ফলাফল কিয় নহয়? ইয়াৰ কোনাে নির্দিষ্ট উত্তৰ নাই। বহুকেইটা কাৰণ আছে। প্রথম কাৰণটো হ’ল ভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীর্ণ হােৱাটো মূলতঃ ব্যক্তিগত প্রচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যিমান বেছি পৰীক্ষার্থী এই পৰীক্ষাত অৱতীর্ণ হ’ব, সফলতাৰ হাৰাে সিমান বৃদ্ধি হ'ব। অসম তথা উত্তৰ-পূবৰ পৰা বহু কমসংখ্যক ছাত্র-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰ বাবে বহুতে হীনমন্যতা আৰু ঘৰৰ ওচৰতে থকাৰ মানসিকতাক (হােম চিকনেছ) দায়ী কৰে। অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ধাৰণা সৰুৰে পৰা গা কৰি উঠে যে আই এ এছ পৰীক্ষা বৰ টান, সেয়া উত্তীর্ণ হােৱা প্রায় অসম্ভৱ কথা। গতিকে বিশ্ববিদ্যালয়ত স্বর্ণপদক পােৱা ছাত্রজনেও এই পৰীক্ষা অতি কঠিন, তেওঁ কেতিয়াও উত্তীর্ণ হ'ব নােৱাৰি বুলি মনতে ধাৰণা এটা কৰি লৈ পৰীক্ষাত অৱতীর্ণ নােহােৱাকৈ থাকি যায়।
তাৰ বিপৰীতে বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদিৰ দ্বিতীয় বিভাগ | পােৱা ছাত্ৰ এজনেও জীৱনত এবাৰ হ'লেও ভাৰতীয় অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। সেই ৰাজ্যসমূহত অসাধাৰণ মেধাসম্পন্ন আৰু অত্যন্ত সপ্রতিভ ছাত্র-ছাত্রীয়েই অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব বুলি ভাবি থকা ধাৰণা নাইকিয়া হৈ গৈছে। দৰাচলতে এনেকুৱা একো কথা নাই। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হােৱা সৰহভাগ ছাত্র ছাত্ৰীয়ে সাধাৰণ মেধাসম্পন্ন। ব্যক্তিগত অভিজ্ঞতাৰ পৰা এটা কথা ক'ব পাৰোঁ যে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হ’বলৈ অসাধাৰণ কিবা মেধাৰ প্ৰয়ােজন নাই। প্রয়ােজন আত্মবিশ্বাসৰ আৰু কষ্ট কৰাৰ মানসিকতাৰ। যিকোনাে সাধাৰণ মেধাৰ ছাত্রছাত্রীয়ে নিজৰ কষ্টৰ গুণত এই পৰীক্ষাত সহজতে উত্তীর্ণ হ'ব পাৰে। বৰ চোকা হ'ব লাগিব, পৰীক্ষা বৰ কঠিন আদি ধাৰণা ক’চিং চেণ্টাৰসমূহৰ মার্কেটিং ষ্ট্রেটেজীৰ সৃষ্টি। এনেকুৱা এটা ধাৰণা সৃষ্টি কৰা হৈছে যাতে সাধাৰণ ছাত্র-ছাত্রীয়ে ভাবিবলৈ বাধ্য হয় যে এই পৰীক্ষা সহজ নহয়, বহুত কঠিন, গতিকে এই কঠিন ভৱ-নদী পাৰ হ'বলৈ ক’চিং চেণ্টাৰ নাৱৰীয়াৰ সহায় বিনে গতি নাই। অসমৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এইক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। ছাত্র-ছাত্ৰীসকলক অনুপ্রাণিত কৰিব লাগিব যাতে বেছিতকৈ বেছি ছাত্র-ছাত্রী প্রতিবছৰে এই পৰীক্ষাত অৱতীৰ্ণ হয়।
দ্বিতীয় কাৰণটো হ'ল— অসমৰ পৰা ছিৰিয়াছ পৰীক্ষার্থী বহুত কম থাকে। অসম তথা উত্তৰ-পূবৰ পৰা যিমান পৰীক্ষার্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ সৰহভাগেইপৰীক্ষাৰ আগদিনা সাধাৰণ জ্ঞানৰ কিতাপ এখন কিনি এই পৰীক্ষাত অৱতীৰ্ণ হােৱাবিধৰ। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা কঠিন নহয়, কিন্তু অত্যন্ত প্রতিযােগিতামূলক। প্রতিটো নম্বৰ ইয়াত বহুত গুৰুত্বপূর্ণ। প্রায় ১১ লাখ প্রার্থীয়ে আৱেদন কৰে। তাৰ পৰা শেষলৈ মাত্র ৮০০ প্রার্থীহে চয়নিত হয়। গতিকে নিঃসন্দেহে এনেকুৱা এক প্রতিযােগিতাত তিষ্ঠি থাকিবলৈ হ'লে সঠিক আৰু অতি ছিৰিয়াছ প্রস্তুতিৰ প্রয়ােজন হ'ব। এই ছিৰিয়াছনেছৰ বাবে এটা পৰিৱেশৰ অতিকৈ প্রয়ােজন।
সম্প্রতি গুৱাহাটীত কেইখনমান ব্যক্তিগত ক’চিং চেণ্টাৰ হৈছে ঠিকই, কিন্তু এইবােৰৰ মানক লৈ বহু অভিযােগ আছে। অসমৰ কলেজ-বিশ্ববিদ্যালয়সমূহে এইক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ছাত্র-ছাত্রীক প্রতিযােগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুত কৰিবলৈ বিভিন্ন শিক্ষানুষ্ঠানে চৰকাৰী-বেচৰকাৰী অনুদান পাই থাকে, কিন্তু সেই অনুদানসমূহৰ সঠিক প্রয়ােগ কেতিয়াও নহয়। প্রতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে এই বিষয়ে নতুনকৈ চিন্তা-চর্চা কৰিব লাগে, একো নহ'লেও ছাত্র-ছাত্রীসকলে যাতে সৰ্বভাৰতীয় বিভিন্ন প্রতিযােগিতামূলক পৰীক্ষাৰ বাবে সঠিক প্রস্তুতি ল'ব পাৰে তাৰ বাবে নিয়মিত আলােচনা, কর্মশালা আদি পাতিব লাগে। অসম চৰকাৰে প্ৰতিবছৰে বহু কোটি টকা খৰচ কৰি ক’চিং অনুষ্ঠিত কৰে বা কচিঙৰ সুবিধা কৰি দিয়ে, কিন্তু তাৰ পৰা কোনাে ছাত্র কেতিয়াবা সর্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি শুনা নাই। গতিকে, চৰকাৰে অনুষ্ঠিত কৰা কচিঙক কিদৰে অধিক ফলপ্রসূ কৰিব পাৰি আৰু কিদৰে চৰকাৰে প্ৰদান কৰা কচিঙক কেন্দ্ৰ কৰি অসমত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে এটা নতুন আলােড়ন সৃষ্টি কৰিব পাৰি, তাৰ বিষয়ে প্রয়ােজন হলে চৰকাৰে এই প্রবন্ধকাৰৰ দৰে বিগত এক দশকত উত্তীর্ণ হােৱা অসমীয়া বিষয়াসকলৰ সহায় ল'ব পাৰে।
এ পি এছ চিৰ বিয়াগােম কেলেংকাৰীও অসমত পৰিৱেশ সৃষ্টিৰ এটা অন্যতম প্রধান অন্তৰায়। দশকজুৰি চলা দুর্নীতি আৰু স্বজনপ্রীতিৰ ফলত সাধাৰণ ছাত্র-ছাত্রীৰ মনত এই ধাৰণা হৈছে। যে অসামৰিক সেৱাৰ পৰীক্ষা টকা আৰু ৰাজনৈতিক প্রতিপত্তি নাথাকিলে সম্ভৱ নহয়। গতিকে দুখীয়া, ভিতৰুৱা অঞ্চলৰ তথা সাধাৰণ মধ্যবিত্ত ছাত্র-ছাত্রীয়ে এই বিষয়ে কষ্ট কৰি একো লাভ নাই বুলি ভাবে। আনহাতে, ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ কঠিন প্রতিযােগিতাৰ ফলত ছাত্র-ছাত্রীৰ মাজত অনিশ্চয়তা থকাটো স্বাভাৱিক। তদুপৰি এই পৰীক্ষা সময়সাপেক্ষ, তিনিটা স্তৰত পৰীক্ষা সম্পূর্ণ হওঁতেইসময় লাগে এবছৰ। গতিকে আন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় অসামৰিক প্রতিযােগিতাৰ প্রস্তুতি কৰাৰ সমান্তৰালভাৱে নিজ ৰাজ্যৰ অসামৰিক পৰীক্ষাৰ বাবেও প্রস্তুতি লৈ থাকে। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হ'ব নােৱাৰিলেও অন্তত ৰাজ্যিক অসামৰিক পৰীক্ষাত হ'ব পাৰিব, এনেকুৱা এটা নিশ্চয়তাই তেওঁলােকক বহুখিনি মানসিক শক্তি প্রদান কৰে। কিন্তু এ পি এছ চিৰ কেলেংকাৰীসমূহৰ কাৰণে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে সেইকণ নিশ্চয়তাও নাপায়। গতিকে অসমৰ পৰা অতি কমসংখ্যক ছাত্র-ছাত্রী ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হােৱাত আচৰিত হ'বলগীয়া একো নাই। এ পি এছ চিৰ চয়ন যিমান নিকা আৰু বিতর্কহীন হ’ব, ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ ফলাফলাে ক্রমে সিমান ভাল হ'ব।
প্রতিবছৰে ৰাজস্থানৰ মীনা জনজাতিৰ পৰা ৩০জনৰাে অধিক প্রার্থী চয়নিত হয়। জনজাতিৰ বাবে সংৰক্ষিত আসনৰ আধাই প্রায় তেওঁলােকে দখল কৰে। ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে মীনাসকলৰ আর্থ-সামাজিক অৱস্থা উত্তৰ-পূবৰ জনজাতিসকলতকৈ কোনােপধ্যে উন্নত নহয়। বৰং তুলনা কৰিলে উত্তৰ-পূবৰ জনজাতীয় ছাত্র-ছাত্রীৰ আই কিউ বেছিহে হ’ব, তদুপৰি উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীয়ে মীনাসকলৰ তুলনাত ইংৰাজী ভাষাৰ সুবিধাও পাব। কিন্তু তাৰ পাছতাে মীনাসকলে বেছি আসন কিয় পায়? কাৰণ তেওঁলােকৰ প্রায় সকলােৱে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত এবাৰ হলেও বহে, অসামৰিক সেৱাত উত্তীর্ণ হ’ব নােৱাৰিলেও কেন্দ্রীয় চৰকাৰৰ আন কিবা চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ যায়। মীনাসকলৰ তুলনাত উত্তৰ-পূবৰ জনজাতীয় ছাত্রছাত্রীসকলে সংৰক্ষণৰ সুবিধা অলপাে গ্রহণ কৰিব পৰা নাই। যােৱা কিছু বছৰৰ পৰা ভাৰতীয় অসামৰিক সেৱাত কাশ্মীৰৰ প্রার্থী সংখ্যা বৃদ্ধিৰ কাৰণ হ'ল– ২০১০ চনত কাশ্মীৰৰ পৰা শ্বাহ ফায়জলে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত প্রথম স্থান দখল কৰাৰ পাছৰ পৰা কাশ্মীৰৰ পৰা অধিকসংখ্যক ছাত্র-ছাত্রীয়ে পৰীক্ষাত অৱতীর্ণ হ’বলৈ আৰম্ভ কৰিলে আৰু তাৰে এক বুজনসংখ্যক কাশ্মীৰৰ জনজাতীয় ছাত্র-ছাত্রী। এই বছৰ মুঠ ১৬জন ছাত্র-ছাত্রী কাশ্মীৰৰ পৰা সফল হৈছে। গতিকে ৰাজস্থানৰ মীনা আৰু কাশ্মীৰৰ গুৰ্জৰ জনজাতিৰ পৰা অসম তথা উত্তৰ-পূবৰ জনজাতীয় ছাত্র-ছাত্রীসকলে অনুপ্ৰেৰণা ল’ব পাৰে।
(প্রকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত । কার্যালয়-পদবীৰ সৈতে কোনাে সম্পর্ক নাই) লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখা একেলগে পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN
No comments:
Post a Comment