মনৰ কথাঃ সন্দেহযুক্ত নাগৰিক আৰু গেৰুৱা প্ৰপাগাণ্ডাৰ পেটাৰ্ন :: ডা° নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সন্দেহযুক্ত নাগৰিক আৰু গেৰুৱা প্ৰপাগাণ্ডাৰ পেটাৰ্ন :: ডা° নভনীল বৰুৱা

মনৰ কথাঃ সন্দেহযুক্ত নাগৰিক আৰু গেৰুৱা প্ৰপাগাণ্ডাৰ পেটাৰ্ন :: ডা° নভনীল বৰুৱা

Share This
সন্দেহযুক্ত নাগৰিক আৰু গেৰুৱা প্ৰপাগাণ্ডাৰ পেটাৰ্ন
ডা° নভনীল বৰুৱা
(১)
যোৱা চাৰি দশক জুৰি অসমত এটা জনপ্ৰিয় শব্দ হৈছে 'সন্দেহযুক্ত'। তাৰ পাচত লগোৱা হয় বাংলাদেশী নাইবা নাগৰিক -ইয়াৰে যি কোনো এটা শব্দ। মই এই সন্দেহযুক্ত নাগৰিক বা বাংলাদেশী সম্পৰ্কে কিছু কব খুজিছো। নামনি আৰু মধ্য অসমৰ এক বৃহৎ জনগোষ্ঠী মিঞা সকল। এই সন্দেহযুক্ত শব্দতো তেওঁলোকৰ ক্ষেত্ৰ্তেই ব্যৱহৃত হয় কিন্তু হিন্দু বঙালীৰ ক্ষেত্ৰত নহয়। অৰ্থাৎ, এক নিৰ্দিষ্ট ছবি গঢ়ি উঠিছে যে লুঙি, টুপি পৰিহিত, দাড়ি থকা মানুহ এজনক সহজেই সন্দেহযুক্ত নাগৰিক বুলি লেবেল এখন মাৰি stereotype কৰিব পৰা যায় ।
মিঞা সম্প্ৰদায়ৰ বাবে যদি আটাইতকৈ স্পৰ্শকাতৰ বিষয় আছে সেইতো হৈছে তেওঁলোকৰ নাগৰিকত্ব! এজন মিঞাই তেওঁক জিহাদী বা ক্ৰিমিনেল বুলি গালি পাৰিলেও হয়তো সহ্য কৰিব কিন্তু বাংলাদেশী বুলি ক'লে খুবেই আঘাত পায়। ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ পুৰ্বপুৰুষ প্ৰবজন কৰাৰ মূল্য দি দি ভাগৰি গৈছে। এইবাৰ এন.আৰ.চি পাচত তেওঁলোকে এক আশা পুহি ৰাখিছিল যে এই অপবাদৰ পৰা তেওঁলোক চিৰ দিনৰ বাবে মুক্ত হ'ব, কিন্তু সেই আশা ও সফল নহল। গেৰুৱা বাহিনীৰ কুটিল ৰাজনীতিৰ আহিলা এই প্ৰপাগাণ্ডা থমকি ৰোৱাক চাৰি দিনক দিনে দৃষ্টিকটু হৈ বৃদ্ধি হবলৈহে ধৰিছে। তাৰ ফলশ্ৰুতি কিন্তু ভয়ংকৰ হ'বলৈ গৈ আছে ।বিশেষকৈ নামনি আৰু মধ্য অসমত ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰিব ।

আপুনি মিঞাক বেয়া পায়। পাবও পাৰে , হয় আপুনি মিঞাৰ হাতত অপকৃত হৈছে বা আপোনাৰ এটা perception আছে। মই সেই বিষয়ে একো ওকালতি কৰিবলৈ নেযাও। কাৰণ মই কোনো নিৰ্বাচন খেলিবলৈকো নেযাও যে মিঞাৰ ভোটৰ আশাত তেওঁলোকৰ হৈ ওকালতি কৰি তেওঁলোকৰ আস্থাভাজন হ'বলৈ যাম,স্পষ্ট কথা নেযাওঁ‌। দ্বিতীয়তে, এতিয়া মিঞা সমাজক কোনো উকিলৰ প্ৰয়োজন নাই , তেওঁলোকে তেওঁলোকৰ স্বাৰ্থ নিজেই ৰক্ষা কৰিবলৈ সক্ষম । আপুনি মই হিন্দু মুছলমান খেলি নিৰ্বাচনী বৈতৰণীৰ কথা ভাবি থাকোতে তেওঁলোকে কষ্ট কৰি আৰ্থিক ভাবে টনকীয়াল হৈ আহিছে আৰু শিক্ষা দিক্ষাতো বহু আগ বাঢ়ি গৈছে । মই সেই সমাজখন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছো বাবেহে কৈছো ।

অসম চুক্তিৰ আধাৰত এন.আৰ.চিয়ে কোন মিঞা স্বদেশী কোন বিদেশী স্পষ্ট কৰি দিছে। এন.আৰ.চি.ত আপত্তি দৰ্শোৱাৰ সুবিধা হৈছিল আৰু লাখ লাখ মিঞাই সেই আপত্তিৰ সন্মুখীন হৈছিল। তেওঁলোকৰ নাম এন.আৰ.চি ত অন্তৰ্ভুক্তকৰা মানুহ বোৰ কোনো মিঞা নাছিল। তেওঁলোক আছিল মিঞা বিদ্বেশী এখন চৰকাৰ বহতীয়া কৰ্মচাৰী। যি কৰ্মচাৰীয়ে অখিলৰ হৈ চাকি জ্বলাওতেই পোতাশালত সুমুৱাই, সেই কৰ্মচাৰীয়ে বিদেশী মিঞাক স্বদেশী কৰিব পাৰে বুলি আপুনি বিশ্বাস কৰিব পাৰে নে ? আৰু বিদেশী মিঞাক স্বদেশী কৰি এই চৰকাৰৰ হাতৰ পৰা ৰক্ষা পৰিব পাৰে নে ?

কিছু মিঞাই আইন ভংগ কৰে। যিয়ে যতেই আইন ভংগ কৰিছে , তাত কঠোৰ কঠোৰ পদক্ষেপ লওক। কাৰণ ইণ্ডিয়ান পেনেল কোড সকলোৰে বাবে একে (বাকী বিয়া বাৰু সম্পত্তিৰ ভাগ বতৰোৱাৰ বাবেহে পাৰ্চনলে ল' বেলেগ হয়)। মই তাতো মাত মাতিবলৈ নেযাও, কিন্তু লগতে তেওঁলোকৰ প্ৰতি হোৱা অন্যায় বোৰতো আইনে বা প্ৰশাসনে পদক্ষেপ লওক।

আপুনি যদি মিঞাক বেয়া পাই, মিঞা বুলি গালি পাৰক , কিন্তু এই সন্দেহযুক্ত শব্দটো নিজৰ স্বাৰ্থতে বাদ দিয়ক ।প্ৰব্ৰজন বিৰোধী মঞ্চই মিঞাক মিঞা বুলিয়েই গালি পাৰে। আপোনালোকৰ ইমান ভয় কিয়? মিঞা বেয়া পাই যদি মিঞা বুলি কবলৈ ভয় কিয় ? কিহৰ সন্দেহযুক্ত ? ইমান বছৰ শাসন কৰাৰ পাচত অসমত সন্দেহজনক নাগৰিক ঘূৰি ফুৰিছে কেনেকৈ? কেনেকৈ মাটি দখল কৰিব পাৰিছে বা বেআইনি কাম কৰিব পাৰিছে ? যদি সন্দেহজনক হয়, ট্ৰাইবুনেল ডিটেঞ্চন কেম্পত নেথাকি ঘৰত কেনেকৈ আছে ? তাৰ নিশ্চয়তা দিয়াৰ দায়িত্ব থকা চৰকাৰ প্ৰশাসনৰ প্ৰতি কিন্তু এই প্ৰপাগাণ্ডা চলোৱা সকলে প্ৰশ্ন নকৰে, বা দায়বদ্ধ কৰাৰ কথাত সাংঘাতিক ভাৱে নিশ্চুপ।

সাহস দেখুৱাওক -হয় মিঞাক accept কৰক নহয় মিঞা বুলি গালি পাৰক। এই সন্দেহযুক্ত জাতীয় শব্দ নিজৰ ভালৰ বাবেই বাদ দিয়ক। বেছিকৈ জোকালে মেকুৰী ও বাঘৰ দৰে খঙালহৈ পৰে । আৰু তাৰ ফল কাষৰ মানুহে বা প্ৰতিবেশী জনগণেহে ভোগে, দূৰত্বৰ পৰা ৰাজনৈতিক লাভালাভ উঠোৱাকেইজনে নহয়।

(২)
কেতিয়াবা মন কৰিছে নে যে গেৰুৱা বাহিনীৰ প্ৰপাগাণ্ডাৰ এক সুন্দৰ পেটাৰ্ণ আছে আৰু বিভিন্ন জনে একে সময়তে একেটা বিষয়ত পোষ্ট দিয়ে যাতে এটা ভ্ৰান্ত নেৰেটিভ আৰম্ভ হৈ যায়? আৰু কথা বিলাক সুচতুৰ নিৰ্বাচন কেন্দ্ৰীক নহয় নে? 

আছু আৰু অখিল অলপ ওচৰ চাপিল কি নাই, পেনিক ধৰ্মী প্ৰচাৰ আৰম্ভ হৈ গল! ক'ৰ পূৰণা ভিডিঅ' ক্লিপ খুঁচৰি অখিলক আহোমতকৈ বেছি মুচলমান প্ৰেমী বুলি কেম্পেইনৰ শুভাৰম্ভই কৰি দিয়ে। পিচে সেইটো কৰিবলৈ গৈ খিলন্জীয়া মুচলমানৰ ইতিহাস বিকৃত কৰাৰ ৰোষৰ ভয়ত আকৌ ব্ৰেক মাৰিলে! সঁচা ইতিহাসক স্বীকাৰ নকৰি, সু-কৰ্ম নতুন ভৱিষ্যত লিখাৰ সলনি, ইতিহাস বিকৃতিৰ অভিলাস কৰা সকলক সকলোৱেই সাৱধানে পৰ্যবেক্ষণ কৰি থকা উচিত।

মাজতে হঠাৎ মনত পৰিল আমছুৱে কৰা বৰপেটা কাণ্ডৰ কথা । এনেকুৱা কে হৈচৈ কৰিছে যেন অসমীয়া খিলন্জীয়াৰ বিৰুদ্ধে সেইটো হে এক মাত্ৰ ঘটনা! কিন্তু সেই সকলেই নাম নলয় ৰন্জিৎ বৰপূজাৰীক কোনে গুলিয়াইছিল, অনিল বৰা, মোজাম্মিল হকক কোনে হত্যা কৰিছিল ? গজেন আৰু পুতুল কোন বনিয়াৰ বাবে খাদ্য আন্দোলন কৰি শ্বহীদ হৈছিল? কাৰণ এই ভাষিক গোষ্ঠী সমূহ তেওঁলোকৰ ভোট বেংক!!

এইবাৰ আৰম্ভ কৰিলে যে কাঁ-ৰ নামত লাখে লাখে বাংলাদেশী আহিব পাৰে বুলি যে কাঁ বিৰোধী সকলে কৈছিল, ক’ত আহিলে? হঠাৎ এই কেম্পেইন কিয় জানেনে ? এওঁলোকে ভালকৈ জানে যে অহা নিৰ্বাচনত কাঁ আন্দোলন এটা বিষয় হব আৰু কাঁ আন্দোলনৰ সময়ত এওঁলোক কেনেকৈ গাতত সোমাব লগীয়া হৈছিল , সেয়াও মনত আছে! কাঁ লৈ এওঁলোকৰ ইমান ভয় যে সেই ইচুটোকে নিস্ক্ৰিয় কৰিবলৈ যেনে তেনে চেষ্টা কৰিছে !

এইটো কথা কিয় নকয় যে কাঁক আইন বনালে কিন্তু তাৰ অধিনিয়ম বনাই কা কাৰ্য্যক্ষম কৰিবলৈ সাহসেই কিয় নকৰিলে! তেনেহ’লে কাঁ’ৰ জৰিয়তে এজনো বিদেশী কেনেকৈ আহিব ? আৰু কাঁ পাচ কৰি এতিয়াওঁ কাৰ্য্যক্ষম নকৰি বাংলাভাষী সকলক যে ৰাম ঠগন দিলে , সেই কথাও লুকুৱাব লাগিল নহয়! তেতিয়াহে আকৌ কাঁ কাৰ্যকৰীকৰণৰ গাজৰৰ লোভ দি অনাগত ভোটৰ বৈতৰণী পাৰ হব পাৰিব!!

তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰিল যে, আমি যিটো কথা কৈছিলো যে বিদেশী মুছলমানে ধৰ্মান্তৰন কৰি কাঁৰ সুবিধা লব বিছাৰিব , সেইয়া সত্য বুলি ৰিপোৰ্ট ওলালেই !! বিদেশত ধৰ্মান্তৰণ কৰি ভাৰতলৈ সোমোৱাৰ প্ৰচেষ্টাৰ কথাবোৰ বাতৰিত ওলোৱাৰ লগে লগে লগেই সেই বিষয়টো আলোচনালৈ যাতে নাহে, তাৰ বাবে ব্যাপক হেডলাইন মেনেজ হোৱাকৈ অনাহূত 'শিলাদিত্য টাইপ' বিতৰ্কৰে টিআৰপি দিয়াৰ মছলা খবৰৰ অৱতাৰণা কৰা হব, বা হৈছেই। মুঠতে এওঁলোকে ভালকৈ জানে যে ২০১৬ টো সন্মিলিত বিৰোধীৰ ভোট বেছি আছিল । কেনেবাকৈ সঁচাই বিৰোধী ঐক্য হ’লে যে বিপদ, ভালকৈ বুজিছে !! এতিয়া মাথো লক্ষ্য, কেনেকৈ এই বিৰোধী ঐক্য গঠন হোৱাতকৈ কাঁ-বিৰোধী, বিজেপি বিৰোধী ভোট সমূহ পকেট কৰিবলৈ কিছুমান Dummy প্ৰতিদ্বন্দী নিৰ্বাচনলৈ সাজু কৰিব পাৰি। ৰাইজে সুক্ষ্ম ভাৱে দৃষ্টি ৰাখিলে, এই কথাবোৰ জলজল পটপটকৈ লোকচক্ষুত পৰিবই, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment