চিন্তনঃ ধৰ্মীয় অনুভূতিত 'আঘাত'ৰ ধুমুহাঃ টানিস্কৰ পৰা ফ্ৰান্সলৈ :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ধৰ্মীয় অনুভূতিত 'আঘাত'ৰ ধুমুহাঃ টানিস্কৰ পৰা ফ্ৰান্সলৈ :: শোণিত কুমাৰ গোস্বামী

চিন্তনঃ ধৰ্মীয় অনুভূতিত 'আঘাত'ৰ ধুমুহাঃ টানিস্কৰ পৰা ফ্ৰান্সলৈ :: শোণিত কুমাৰ গোস্বামী

Share This
ধৰ্মীয় অনুভূতিত 'আঘাত'ৰ ধুমুহাঃ টানিস্কৰ পৰা ফ্ৰান্সলৈ... 
শোণিত কুমাৰ গোস্বামী
বিগত পষেকটোৰ মাজতে এদিন, ফ্ৰান্সত এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত বাক স্বাধীনতাৰ ওপৰত কথা ক’বলৈ গৈ হজৰত মহম্মদৰ(নগ্ন কাৰ্টুন) ফটো দেখুৱাই লেকচাৰ দিছিল। এই কথাটোত ক্ষুণ্ণ হৈ ইছলাম সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে কৰা অনলাইন আপত্তিৰ আধাৰত এগৰাকী কট্টৰ ইছলামপন্থীয়ে ছেমুৱেল পেটী নামৰ শিক্ষকগৰাকীক বিচাৰি আহি তেওঁ বিদ্যালয় চৌহদৰ কাষতে আক্ৰমণ কৰি শিৰচ্ছেদ কৰে। শিক্ষকগৰাকীক হত্যা কৰি হত্যাকাৰীয়ে 'আল্লা হু আকবৰ' ধ্বনি চিঞৰি উঠিছিল। তাৰ পাছৰে পৰা ফ্ৰান্সত এই ধৰ্মীয় অনুভূতিৰ আঘাতৰ এই হিংসাত্মক প্ৰতিক্ৰিয়াৰ ঘটনাক লৈ এতিয়া বিশ্বৰ সচেতন মানুহৰ মনত এক তোলপাৰ।
এই প্ৰসংগতে উল্লেখ কৰিব লাগিব যে, পষেকমান পূৰ্বেই ভাৰতত টানিস্ক নামৰ অলংকাৰ নিৰ্মাতাই এখন বিজ্ঞাপন চুটি ছৱি প্ৰস্তুত কৰিছিল। এই বিজ্ঞাপনটোত ধৰ্মীয় দিশ উন্মোচন কৰি হিন্দু কট্টৰপন্থীয়ে প্ৰতিবাদ আৰম্ভ কৰি দিয়ে। অনলাইন-অফলাইন, দুয়োটা মাধ্যমতে হোৱা তীব্ৰ বিৰোধিতাৰ বাবে টানিস্ক কৰ্তৃপক্ষই ততাতৈয়াকৈ বিজ্ঞাপনটো সকলো মাধ্যমৰ পৰা প্ৰত্যাহাৰ কৰে। সামগ্ৰিক পৰিস্থিতিত ধৰ্মীয় অনুভূতিত আঘাতৰ অভিযোগ আলোচনাবোৰৰ মুখ্য বিষয়ত পৰিণত হৈছে। সকলোতে মাথো ধৰ্মৰ যোগসূত্ৰ। আজমলৰ সভাত আৰবীৰ ব্যৱহাৰ, মুখ্যমন্ত্ৰীৰ মোগলক প্ৰত্যাহ্বান, ৰাজ্যত বিজেপি নেতাৰ গো-মাংসক লৈ ৰাজনীতি ইত্যাদি আদিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত হৈ থকা হিন্দু-মুছলমান বিভেদমূলক মন্তব্যবোৰ আপোনালোকে নিশ্চয় শুনি আহিছে। সকলো কথাত ধৰ্মীয় বিষয়, মোগলৰ বাখ্যা ইমানেই বেছি হৈ পৰিছে যে ভাৰতত নিৰ্বাচনবোৰ এতিয়াওঁ নিবনুৱা সমস্যা দূৰ, উন্নয়নমূলক কাম আদিবোৰ বিষয়ক নহৈ কেৱল মোগলক উচ্ছেদ কৰা, হিন্দু ৰাষ্ট্ৰ স্থাপনত ব্ৰতী হোৱা আদি বিষয়বোৰ চলিব ধৰিছে। 

টানিস্ক কৰ্তৃপক্ষই উ९সৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ একাৱটম (Ekavatam) কেম্পেইনৰ অধীনত এটা বিজ্ঞাপন প্ৰস্তুত কৰিছিল এটা সুন্দৰ বিজ্ঞাপন। বিজ্ঞাপনটোত এটা কাহিনীৰ আধাৰত এয়া দেখুওৱা হৈছিল যে দক্ষিণ ভাৰতীয় এগৰাকী হিন্দু সম্প্ৰদায়ৰ ছোৱালী মুছলমান সম্প্ৰদায়ৰ ঘৰলৈ বোৱাৰী হৈ যোৱাৰ পাছত পঞ্চামৃত অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত আধাসংখ্যক মুছলমান সম্প্ৰদায় আৰু আধাসংখ্যক হিন্দু সম্প্ৰদায় লোক উপস্থিত থাকে। মুছলমান শাহুৰ পঞ্চামৃত খুওৱা অনুষ্ঠানৰ আয়োজন দেখি হিন্দু বোৱাৰীয়ে আচৰিত হৈ সুধিলে যে “মা, আপোনালোকৰ ইয়াত জানো পঞ্চামৃত খুওৱাৰ (গোড ভৰাই) নিয়ম আছে?”, এই প্ৰশ্নৰ উত্তৰত শাহুৱেকগৰাকীয়ে এইবুলি কয় যে, “কন্যাক সুখী কৰি ৰখাৰ পৰম্পৰা জানো সকলো ঘৰতেই নাই”। এটা সুন্দৰ বিজ্ঞাপন, ভাৰতীয় সমাজক একত্ৰিত কৰি ৰখা এটা উন্নত বিজ্ঞাপন। টাটাৰ অলংকাৰ ব্ৰেণ্ড টানিস্কে দীৰ্ঘসময় ধৰি বিজ্ঞাপনবোৰৰ জড়িয়তে এনে এগৰাকী ভাৰতীয় মহিলাৰ চিন্তাক তুলি ধৰিছে, যিগৰাকী স্বাৱলম্বী আৰু সংস্কাৰী। কাম আৰু ঘৰ, দুয়োটা চম্ভালি লোৱা এই ভাৰতীয় নাৰী স্বাৱলম্বী হোৱাৰ লগতে আত্মবিশ্বাসী আৰু আধুনিক। ইয়াৰ পূৰ্বেও টানিস্কে এনে কেইবাটাও বিজ্ঞাপন প্ৰস্তুত কৰিছে যিবোৰত আমি আধুনিক মনৰ সংস্কাৰী, পৰিয়ালকেন্দ্ৰীক এগৰাকী নাৰীক বিচাৰি পাওঁ। এইবাৰৰ বিজ্ঞাপনো কোনো ব্যতিক্ৰম নহয়। আত্মবিশ্বাসী, স্বাৱলম্বী নাৰীয়ে ধৰ্মৰ দিশ চিন্তা নকৰি মানৱীয় প্ৰমূল্যবোধক গুৰুত্ব দিছে। কিন্তু সময় যেন এতিয়া আৰু তেনে বিজ্ঞাপনৰ প্ৰতি অনুকূল হৈ থকা নাই, দেশত।

টানিস্কৰ শেহতীয়া বিজ্ঞাপনে হিন্দু সংগঠনবোৰক ক্ৰোধিত কৰি তোলে। আনকি ছচিয়েল মিডিয়াটো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্বাভাৱিকভাৱেই টানিস্ক বিৰোধী স্থিতি (#boycotttanishq হেছটেগৰ যুদ্ধ) বৃদ্ধি পাবলৈ আৰম্ভ কৰাত টানিস্কে সকলো মাধ্যমৰ পৰা বিজ্ঞাপনটো উঠায় লয় (বিজ্ঞাপনটো এতিয়া মাথো ইউটিউবাৰ বোৰৰ হাতত আছে)। এই বিজ্ঞাপনটো উঠাই লোৱাৰ পাছত টানিস্ক কৰ্তৃপক্ষই এইবুলি কয় যে “বৰ্তমানৰ কঠিন সময়ৰ পৰিপ্ৰেক্ষিটত তেওঁলোকৰ একাৱটম কেম্পেইনৰ অংশস্বৰূপে সকলো ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ মাজত ঐক্যতা বৃদ্ধি তথা উ९সৱৰ আনন্দ বিয়পাবলৈ এই বিজ্ঞাপন ছৱি প্ৰস্তুত কৰা হৈছিল কিন্তু বৰ্ধিত প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আৰু একাংশৰ ধৰ্মীয় ভাৱাবেগক আঘাট হনাৰ বাবে দুখিত হৈ আমি এই বিজ্ঞাপন প্ৰত্যাহাৰ কৰিছো।

বিবাহৰ যোগেদি সাম্প্ৰদায়িক সমন্বয়ৰ কথা কলেই এতিয়া “ল’ভ জিহাদৰ গোন্ধ পোৱা হিন্দু সংগঠনবোৰে এই বিজ্ঞাপনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মুছলমান সম্প্ৰদায়লৈ হিন্দু ছোৱালী বিয়া হৈ যোৱা কথাটো বিজ্ঞাপনৰ মাধ্যমত দেখুওৱাই ল’ভ জিহাদক উদগনি দিয়াৰ অভিযোগ হিন্দু সংগঠনবোৰে উত্থাপন কৰিছে। আনকি কেতবোৰ স্থানত এই প্ৰতিবাদকাৰীসকলে টানিস্কৰ বিপনীত গৈ কৰ্মচাৰীক দাবী-ধমকিও দিছে। একেদৰেই এই বিজ্ঞাপনৰ সমৰ্থনটো আন একংশ লোক সক্ৰিয় হৈ পৰিছে। ভাৰতীয় সত্বাক সজীৱ কৰি তোলা বা ঐক্যতাৰ দিশটোক অধিক শক্তিশালী কৰি তোলা বুলি আন একাংশই ক’ব বিচাৰে। মূলত শিক্ষিত, সমাজত প্ৰতিষ্ঠিত তথা আঢ্যৱন্ত শ্ৰেণীৰ লোকে টানিস্কৰ বিজ্ঞাপনটোৰ মূল সাৰমৰ্ম বুজি পোৱাৰ লগতে বিজ্ঞাপনটোৰ উদ্দেশ্য অনুধাৱন কৰিব পাৰিছে। এই বিজ্ঞাপনৰ সমৰ্থনত হিন্দী চলচিত্ৰৰ তাৰকাই সমৰ্থন দিছে যদিও আন একাংশৰ অন্যতম যেনে বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা কংগনা ৰাণাৱটে এই বিজ্ঞাপনটোৱে ল’ভ জিহাদক সমৰ্থন কৰা বুলি অভিযোগ কৰিছে।

ৰাজনৈতিক পৰিস্থিতি লৈ ভাৰতত কথাবোৰ ভিন্ন হৈ থাকে। বিগত বৰ্ষবোৰত ধৰ্মীয় ভাবাৱেগক লৈ ভাৰতত ৰাজনীতি চলিব ধৰিছে। অন্য কথা আৰু বিষয়বোৰতকৈ ধৰ্মৰ কথাবোৰ বেছিকৈ আলোচিত হৈছে। লাহে লাহে সমগ্ৰ দেশতেই এই কুটিল ৰাজনীতিয়ে সকলোকে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। ধৰ্মৰ ৰাজনীতি নহয় বুলি অহংকাৰ কৰা উত্তৰ-পূবতো এতিয়া ৰাজনীতিকে এতিয়া ধৰ্মীয় ৰাজনীতি কৰিবলৈ বাধ্য হৈছে। আনকি শংকৰ-আজানৰ দেশ বুলি গৌৰৱ কৰা অসম প্ৰদেশতেই শেহতীয়াকৈ ৰাজনীতি মূলত স্পষ্টকৈ হিন্দু-মুছলমানকেন্দ্ৰীক হৈ পৰিছে। 

এনে হোৱাৰ ফলত কথাবোৰ কি হয় সেয়া পাছৰ কথা কিন্তু এই পৰিস্থিতি এইদৰে গতি কৰি থাকিলে আগন্তুক প্ৰজন্মই এক হতাশাজনক ভৱিষ্যত যে লাভ কৰিব সেয়া খাটাং। ২০১৯ চনত এনে এক বিতৰ্কৰ সূত্ৰপাত হৈছিল। খাদ্য বিতৰণকাৰী ব্যৱসায়িক সংস্থা জ’মেটোক (Zomato) এজন ভাৰতীয়ই এইবুলি অভিযোগ দিছিল যে তেওঁলোকে নিযুক্তি দিয়া মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে ডেলিভাৰী দিয়া খাদ্য তেওঁ গ্ৰহণ নকৰে। কিন্তু মহান ভাৰতীয় ঐক্যতাৰ পৰিচয় দি জ’মেটো কৰ্তৃপক্ষই অভিযোগ দিয়া ব্যক্তিজনক এইবুলি উত্তৰ দিছিল যে “খাদ্যৰ কোনো ধৰ্ম নাথাকে”। গতিকে কথাবোৰ তেনেকুৱাই। আমি যিমানেই ধৰ্মীয় আবেগৰ দ্বাৰা পৰিচালিত হৈ ভয়-শংকাৰ মাজত সোমাই থাকিম সিমানেই আমাৰ মানসিক উত্তৰণ বন্ধ হৈ থাকিব আৰু জীৱনবোৰ আধুনিকতাৰ পৰা আঁতৰি গৈ এলান্ধুকলীয়া দিনবোৰলৈ উভটি যাব লাগিব। মানসিক চিন্তাবোৰ আধুনিকতাৰ পৰশেৰে উজ্জীৱিত কৰা উচিত নে ধৰ্মীয় কট্টৰতাৰে পৰিচালিত কৰা উচিত, ইয়াৰ বিচাৰ আপোনালোকৰ হাতত। এনে বিতৰ্কৰ জোৱাৰ আৰু উত্তেজনাৰ প্ৰচাৰ কৰি বহুল প্ৰচাৰিত টিভি আৰু সংবাদ মাধ্যমেও যে মানুহৰ মৌলিক সমস্যাবোৰক লৈ প্ৰশ্ন তোলাৰ বিপৰীতে কেৱল 'ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰপাগাণ্ডাৰ ঢৌ'ৰে দেশৰ জনতাৰ মন-মগজু ভৰাই ৰখাৰ প্ৰচেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে। সময়ে নিশ্চয় সকলো কথাৰেই বিচাৰ নিশ্চয়কৈ কৰিব, সেই কথাও কিন্তু নিশ্চিত।
লেখক দিল্লীত কৰ্মৰত এগৰাকী জ্য়েষ্ঠ সাংবাদিক। ফোনঃ ৯৮৯৯৬৬০৫৮২

No comments:

Post a Comment