চিন্তনঃ মাদ্ৰাছা আৰু সংস্কৃত টোলক লৈ ৰাজনীতি কিয়? :: চৈয়দ আইনুল হক চৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ মাদ্ৰাছা আৰু সংস্কৃত টোলক লৈ ৰাজনীতি কিয়? :: চৈয়দ আইনুল হক চৌধুৰী

চিন্তনঃ মাদ্ৰাছা আৰু সংস্কৃত টোলক লৈ ৰাজনীতি কিয়? :: চৈয়দ আইনুল হক চৌধুৰী

Share This
মাদ্ৰাছা আৰু সংস্কৃত টোলক লৈ ৰাজনীতি কিয়?
চৈয়দ আইনুল হক চৌধুৰী
অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ টিভিৰ পৰ্দাত অসমত চৰকাৰী মাদ্ৰাছা বন্ধ কৰা হব বুলি ঘোষণা কৰিছে। কোৰাণৰ শিক্ষা দিয়াৰ কোনো শিক্ষানুষ্ঠানত চৰকাৰী ধন খৰছ নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিতো ভীষণ কিবা এটা 'আমূল সংস্কাৰ' আনিব খোজাৰ কৃৰ্তিত্ব দাবী কৰিছে। মাদ্ৰাছাৰ বাবে হেনো কোটি কোটি টকা খৰছ হৈ আছে!! একেই লজিকত ধৰ্মীয় শিক্ষা দিয়া সংস্কৃত টোলো বন্ধ হব নেকি বুলি সোধা সাংবাদিকৰ উত্তৰত, একেডাল মাপকাঠিৰে সংস্কৃতক নোজোখাৰ ইংগিত দি, সেয়া বেলেগ বিষয় আৰু তাৰ বাবে বেলেগে নটিফিকেচন উলিয়াব বুলি তেখেতে ঘোষণা কৰে। 
মন কৰক, প্ৰায় তিনিবছৰ আগলৈ। অসম চৰকাৰে ঘোষণা কৰিলে যে অসমত বাধ্যতামূলকেই হব সংস্কৃত শিক্ষা। পৰিবৰ্তনকামী সর্বানন্দ সােণােৱাল নেতৃত্বাধীন চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্ত সেই সময়ৰ। নিজৰ শিক্ষা বিভাগৰ এনে এক গুৰুত্বপূর্ণ সিদ্ধান্ত ৰাজহুৱা কৰিবলৈ কৌশলেৰে শিক্ষা মন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই আগবঢ়াই দিছিল মন্ত্রী চন্দ্রমােহন পাটোৱাৰীক। সততে ফে'চবুক, টুইটাৰত সক্রিয় মন্ত্রী ড° শৰ্মাই এতিয়ালৈ সংস্কৃত ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভত মতামত ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল। কিন্তু বিজেপি চৰকাৰখনৰ এনে এক সিদ্ধান্তৰ বিৰুদ্ধে সকলাে মাধ্যমত ৰাজ্যৰ গৰিষ্ঠসংখ্যক লােকে বিৰােধিতা কৰাটোহে অতি লক্ষণীয় বিষয় হৈ পৰিছিল। কেন্দ্রীয় চৰকাৰ, বিজেপিৰ শীর্ষ নেতৃত্ব আৰু আৰ এছ এছক সন্তুষ্ট কৰিবলৈ যেন অসমৰ একাংশ ৰাজনৈতিক নেতাৰ অঘােষিত যুঁজ চলিছিল আৰু চলি আছে। এই যুঁজৰ আঁৰত এটাই উদ্দেশ্য মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক দুর্বল প্রতিপন্ন কৰা আৰু নিজৰ ইমেজৰ উজ্বল কৰা। 

দিল্লী-নাগপুৰৰ মেৰু বিভাজনৰ সূত্র ৰাজ্যখনলৈ বিয়পাই দিয়াৰ ক্ষেত্ৰত এটা চক্র যেন অতি তৎপৰ হৈ উঠিছিল। কিন্তু ৰাজ্যত অষ্টম শ্রেণীলৈ সংস্কৃত শিক্ষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈ দিল্লী-নাগপুৰৰ প্রশংসা ল’ব খােজা ৰাজ্য চৰকাৰে যেন ক'ৰবাত উজুটিহে খালে। হিতে বিপৰীত হােৱাৰ দৰে ৰাজ্যৰ উদাৰ হিন্দু সমাজৰ পৰাই এই সিদ্ধান্ত তীব্র বিৰােধিতা আৰম্ভ হ'ল। শিক্ষাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা তিনি খলপীয়া ব্যৱস্থাকো আওকাণ কৰি একপক্ষীয়ভাৱে গ্ৰহণ কৰা এই সিদ্ধান্তৰ এসপ্তাহ সময় পাৰ নৌহওঁতেই শিক্ষা জগত, ৰাজনৈতিক মহল, যুৱ-ছাত্র সংগঠনকে ধৰি প্ৰায়ভাগেই এই সিদ্ধান্তৰ বিৰােধিতা কৰিলে। সংস্কৃত শিক্ষা প্রচলন কৰাৰ কোনেও বিৰােধিতা কৰা নাই বা নাছিল, বিৰােধিতা কৰিছে বাধ্যতামূলক কৰাৰ বাবেহে। পৃথিৱীৰ অতি প্রাচীন ভাষা হিচাপে সংস্কৃত ভাষাক সকলােৱে সন্মান কৰে। কিন্তু ভাষাটোৰ ব্যৱহাৰিক প্রয়ােগ কম হােৱা বাবে এই ভাষাৰ প্ৰচলন কমিছে। তাৰ মাজতাে বহু ছাত্র-ছাত্রীয়ে এই ভাষাত উচ্চ শিক্ষা আহৰণ কৰিছে। ভাষাটো বর্তমান পূজা-পার্বৰ্ণত পুৰােহিতে ব্যৱহাৰ কৰা বাবে বহুতে হিন্দু ধৰ্মৰ ভাষা বুলিও ভাবে। কিন্তু সেয়া সম্পূর্ণ ভুল ধাৰণা। সংস্কৃত এটা ভাষা। এই ভাষাত শুদ্ধতা আৰু নীতি জ্ঞানৰ এক সুন্দৰ নিদর্শন উপলব্ধ। | এতিয়া আহাে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্যলৈ। 

সংমিশ্রিত থলুৱা ভাষা, সংস্কৃতি, জাতি ধর্ম, ক্ষুদ্র ক্ষুদ্র জনগােষ্ঠীৰে ভৰি থকা অসমত পােন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসন ওফৰাই বিজেপি শাসনলৈ আহিল। কিন্তু বিজেপিৰ মূল চালিকা শক্তি আৰ এছ। এছ। আৰ এছ এছে বিচৰাধৰণে অসমত হিন্দুত্ববাদৰ প্ৰসাৰণ ঘটোৱাৰ বাবে পৃষ্ঠভূমিৰ অভাৱ। চৰকাৰ গঠনৰ পিচৰে পৰা হঠাৎ অতি তৎপৰ হৈ পৰা আৰ এছ এছে অসমৰ জনমানসত হিন্দুত্ববাদৰ দৰে মৌলবাদী চিন্তাৰ বিস্তাৰ কৰাৰ বাবে এতিয়ালৈ পৰিবেশ-পৰিস্থিতি বিচাৰি পােৱা নাই। তেওঁলোকৰ অচিলা হৈছে সম্প্ৰদায় ভিত্তিক মুছলান লোকৰ শিক্ষা সংস্থা, সামুহিক সংস্থাত ভিৰ, মুছলমান ভীতি আৰু তাৰ ভেঁটিত ঘৃণাৰ খেতি ইত্যাদিহে। বিজেপিৰ সাংগঠনিক ভেটি নথকা অসমত চৰকাৰ গঠন কৰা কথাটো এতিয়াও ৰাজনৈতিক ভু নৰখা ব্যক্তিৰ বাবে এক ডাঙৰ সাঁথৰ। দীঘলীয়া লক্ষ্য-উদ্দেশ্য লৈ কাম কৰা আৰ এছ এছে সেয়েহে চৰকাৰ গঠনৰ পূৰ্ণ সুযােগ গ্রহণ কৰি ৰাজ্যখনত নিজৰ আৰু বিজেপিৰ ভেটি মজবুত কৰাৰ বাবে উঠি-পৰি লাগিছে। নতুনকৈ নিৰ্বাচন অহাৰ বাবে এই খদমদম পুনৰ আৰম্ভ হৈছে। কিন্তু ইয়াত পুনৰ মুছলিম বিৰোধিতাকেই ভিত্তি কৰিব খোজাটো অতি দৃষ্টিকটু হৈ দেখা দিছে। এটা কথা সকলোৱে অনুধাৱন কৰাটো উচিত যে, মুছলমানৰ বিৰােধিতা কৰি হিন্দুত্ববাদৰ প্ৰসাৰণ ঘটাই ৰাজ্য আৰু দেশৰ ভাৰ লােৱা বিজেপিৰ বাবে 'চৰকাৰ হিচাবে' বহু ভাল কাম কৰাৰ সময় আৰু দায়িত্ব এতিয়াও আছে। 

ৰাজ্যৰ শিক্ষা ব্যৱস্থা এতিয়া চাৰি ভাগত বিভক্ত বুলি ক'লে ভুল নহ'ব। ৰাজ্যত এতিয়া শিক্ষা সঞ্চালকালয়, মাদ্ৰাছা শিক্ষা সঞ্চালকালয়, সংস্কৃত শিক্ষা সঞ্চালকালয় আৰু ব্যক্তিগত শিক্ষা ব্যৱস্থাৰ অধীনত চলি আছে চাৰিধৰণৰ শিক্ষা ব্যৱস্থা। সাধাৰণ শিক্ষা বিভাগৰ পয়ালগা ৰূপৰ কথাটো সকলােৰে অৱগত। মাদ্ৰাছা শিক্ষাৰ নামত ইমান দিনে চলি আহিছে। এক আপুৰণি আৰু কৰ্ম-অনুপযােগী শিক্ষা ব্যৱস্থা। মাদ্ৰাছাৰ শিক্ষা সঞ্চালকালয়ৰ অধীনতে ৭০৭ খন বিভিন্ন মাদ্ৰাছা আছে। দীর্ঘদিন ধৰি এই মাদ্রাছাসমূহৰ শিক্ষা নীতি সংশােধন নােহােৱাৰ বাবেই মুছলমান সমাজত অনগ্ৰসৰতা, নিবনুৱা সমস্যাই হেঁচা মাৰি ধৰিছে। মাদ্রাছাত আৰবী শিক্ষা প্রচলন কৰিব লাগে, শুকুৰবাৰে চৰকাৰী বন্ধ ৰাখিব লাগে বুলি আৱেগিক কথা কৈ এ আই ইউ ডি এফকে ধৰি একাংশ ভুৱা বাওঁপন্থী শিবিৰে হৈ-চৈ লগাই নিজৰ নিজৰ ৰাজনীতি কৰাত ব্যস্ত। কিন্তু আধুনিক আৰু উচ্চ শিক্ষা অবিহনে যে মুছলমান সমাজৰ উন্নয়ন অসম্ভৱ, সেয়া কোনেও নকয়।

আৰব দেশত প্রচলিত আৰবী ভাষাক ইছলাম ধৰ্মৰ লগত সংযুক্ত কৰি কেনেদৰে ৰাজনীতি কৰি যাব পাৰি সেই লৈ সকলাে উঠি-পৰি লাগিছে। ঠিক একেদৰে অসমত বহু চৰকাৰী সংস্কৃত টোল আছে। মাদ্ৰাছাবােৰত ছাত্র-ছাত্রীৰ ভিৰ থকাৰ বিপৰীতে আকৌ এই সংস্কৃত টোলবােৰত শিক্ষক আছে, কিন্তু কোনাে সংস্কৃত ভাষা শিকা হিন্দু ছাত্র-ছাত্রী নাই। ইয়াৰ অন্যতম কাৰণ হ'ল অনগ্ৰসৰ মুছলমান সমাজে উপায়বিহীন হৈ নিজৰ সন্তানক ওচৰৰ মাদ্রাছাত নামভৰ্তি কৰাইছে। কিন্তু হিন্দু সমাজ আগৰ পৰা শিক্ষা ক্ষেত্ৰত আগবঢ়া। সেয়ে নিজৰ। সন্তানক কেতিয়াও টোলত সংস্কৃত পঢ়িবলৈ পঠোৱা নাই। চৰকাৰী ব্যৱস্থাৰ মাজত চলি থকা এই তিনি প্রকাৰৰ শিক্ষা ব্যৱস্থাৰ বিপৰীতে চৌদিশে এতিয়া গঢ়ি উঠিছে ব্যক্তিগত শিক্ষানুষ্ঠান। ইয়াৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বাধ্যতামূলক সংস্কৃত শিক্ষা। শিক্ষা ক্ষেত্ৰত চলি থকা এই সকলাে বহুধা বিভক্ত আৰু কর্ম অনুপযােগী শিক্ষা ব্যৱস্থাক একত্রিত কৰি ধৰ্মীয় ৰং নথকা একোখন বিদ্যালয়ৰ আওতাত আনি ‘সবকা সাথ সবকা বিকাশ কৰিব নােৱাৰেনে? শিক্ষানুষ্ঠানৰ স্থান একে ৰাখি মাদ্ৰাছা আৰু সংস্কৃত ব’ৰ্ডত শিক্ষা সঞ্চালকালয়ৰ লগত বিলীন কৰি দেশৰ সকলাে নাগৰিকৰ বাবে উপযুক্ত শিক্ষা ব্যৱস্থা দিয়াত নিশ্চয় কাৰাে আপত্তি নাথাকে। বিদ্যালয়ৰ নামবােৰৰ পৰা ‘মাদ্রাছা’ বা ‘টোল’ শব্দ দুটা মচি দি সকলােতে সাধাৰণ আৰু কৰ্ম উপযােগী শিক্ষা ব্যৱস্থা প্রচলন কৰিলেই ধর্মীয় মেৰুকৰুণ চিৰদিনৰ বাবে বিলােপ হ'ব। তাৰ লগত ঐচ্ছিক বিষয় হিচাপে সকলাে বিষয় যেনে সংস্কৃত, আৰবী, হিন্দী, ভূগােল, বুৰঞ্জী থাকক। এই বিষয়বােৰৰ বাবে উপযুক্ত শিক্ষক নিযুক্ত কৰিলেই হ'ল। সকলাে ধৰ্মৰ ছাত্র-ছাত্রীয়ে যেতিয়া একেখন চালিৰ তলত বিদ্যা আহৰণ কৰি ডাঙৰ-দীঘল হ'ব, তেতিয়া সম্প্রীতিৰ এনাজৰীডালা সুদৃঢ় হ'ব। মৌলবাদী চিন্তায়াে স্পর্শ কৰিব নােৱাৰে। তাকে নকৰি মাদ্ৰাছা বাঢ়িছে বুলি প্ৰচাৰ বা বিপৰীতে সংস্কৃত বাধ্যতামূলক কৰিলে চৰকাৰী বিদ্যালয়ৰ অচিৰে বিলুপ্তি হব আৰু ব্যক্তিগত শিক্ষানুষ্ঠানমুখী হব সকলাে পৰিয়াল। চৰকাৰৰ এতিয়া চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত আৰু সংস্কৃত টোল সন্দৰ্ভত এক প্ৰকাৰ নিৰৱতাই কিন্তু আন কিছু প্ৰশ্নৰহে উদ্ৰেক কৰে।

সংকীর্ণ ৰাজনীতিৰ উধ্বলৈ গৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰা অতি প্রয়ােজন। চৰকাৰে ইচ্ছা কৰিলে জধে-মধে ভেন্সাৰ স্কুল খােলা বন্ধ কৰাৰ দৰে উইহাফলুৰ দৰে গঢ়ি উঠা খাৰেজীয়া মাদ্ৰাছা গঠনত কঠোৰ নীতি গ্রহণ কৰিব পাৰে। তাকে নকৰি পৰিবৰ্তনৰ শ্ল'গান দি শাসনৰ গাদীত বহা সােণােৱাল চৰকাৰে আপুৰণি চিন্তালৈ ঘূৰাই নিব খুজিলে অসমবাসীয়ে চৰকাৰ ওফৰাই দিবলৈ বেছিপৰ নালাগিব। কথাখিনি সকলােৱে এবাৰ অনুধাৱন কৰা উচিত। ধর্মক যিমানদূৰ ৰাজনীতিৰ লগত সম্পৃক্ত কৰিম, সিমানে জাতি গঠন প্রক্রিয়াত স্থবিৰতা আহিব। উগ্র হিন্দুত্ববাদ, বাবৰি মছজিদৰ ৰাজনীতি কৰা বিজেপিয়ে দুর্নীতিৰ বােকাত লুতুৰি-পুতুৰি হােৱা কংগ্ৰেছ দলক শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ আজিৰ তাৰিখত হিন্দুত্ববাদ প্রসাৰেই শেষ পন্থা হ'ব নােৱাৰে, সেই কথাও কিন্তু নিশ্চিত। 
দূৰভাষ : ৯৪৩৫১-৯৭৮৩১, লেখকৰ পূৰ্বে প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/Syed-Ainul-Haque-Choudhury

No comments:

Post a Comment