বিশ্লেষণঃ দেশক ক্ৰমাত দুৰ্ভিক্ষলৈ ঠেলিছে নেকি মোডী চৰকাৰে? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ দেশক ক্ৰমাত দুৰ্ভিক্ষলৈ ঠেলিছে নেকি  মোডী চৰকাৰে? :: অনন্ত কলিতা

বিশ্লেষণঃ দেশক ক্ৰমাত দুৰ্ভিক্ষলৈ ঠেলিছে নেকি মোডী চৰকাৰে? :: অনন্ত কলিতা

Share This
দেশক ক্ৰমাত দুৰ্ভিক্ষলৈ ঠেলিছে নেকি  মোডী চৰকাৰে?
অনন্ত কলিতা
ভাৰতত কোভিডত আক্ৰান্তৰ সংখ্যা প্রায় ৬০ লাখ অতিক্ৰম কৰিলে। মৃত্যুও হ’ল প্রায় ১ লাখ জন লােকৰ। কাঁহীবাটি বজোৱা, ঘৰৰ বন্তি নুমাই বাৰাণ্ডাত থিয় হৈ মমবাতি জ্বলাই দীপাৱলী পালন কৰাৰ দ্বাৰা কৰ’না মহামাৰী নিয়ন্ত্ৰণৰ বিপৰীতে বিশ্বৰ ভিতৰত দ্রুততম হাৰত সংক্রমিত হ’ল কৰ’না ভাৰতত। দিনে এক লাখ লােকতকৈ অধিক লােক আক্রান্ত হােৱাৰ দিশত আগবাঢ়িছে বর্তমান সংক্রমণ এই হাৰত বাঢ়ি থাকিলে বিশ্বত প্রথম স্থান অধিকাৰ কৰিব। অনেক বিশেষজ্ঞই কৈছে যে অতি সােনকালে ১ কোটি অতিক্রম কৰিব। 
স্বস্তিৰ কথা যে ভাৰতত মৃত্যুৰ হাৰ কম। প্রথম অৱস্থাত সংক্রমণ আছিল চহৰকেন্দ্রিক। বর্তমান গাঁও অঞ্চললৈ বিস্তৃত হৈছে সংক্রমণ ৬৭ শতাংশ হেনাে গাঁও অঞ্চলত তথা চহৰৰ ওচৰৰ অঞ্চলত। বর্তমান উদ্বেগ বিষয় চহৰ অঞ্চলতে ৰােগীসকলৰ বাবে হস্পিতালত ঠাই নােহােৱা হৈছে অর্থাৎ চিকিৎসা ব্যৱস্থা ভাঙি পৰিছে আৰু নৈৰাজ্য চলিছে। পি এম কেয়াছত কিমান টকা সংগ্রহ হৈছে কোনেও নাজানে। চৰকাৰী-বেচৰকাৰী কর্মচাৰীসকলৰ এক দিনৰ দৰমহা কৰ্তন কৰি হেনাে। ৯৬৭৭ কোটি টকা জমা কৰিছে ফান্দত। উদ্যোগ প্রতিষ্ঠানবােৰে হেজাৰ হেজাৰ কোটি দান দিছে। কৰ'না আক্রান্ত ৰােগীসকলক হস্পিতালত ৰখাৰ ব্যৱস্থা কৰিব নােৱাৰিলে বহুত ৰােগীৰ মৃত্যু হ’ব তথা সংক্ৰমণ অনিয়ন্ত্রিত হৈ পৰিব। চৰকাৰে সমস্যাটোক মােকাবিলা কৰিবলৈ নতুন হস্পিতাল জৰুৰীভাৱে নিৰ্মাণৰ উদ্যোগ লােৱা পৰিলক্ষিত হােৱা নাই। গুৱাহাটীৰ নিচিনা চহৰতে কৰ'না ৰােগীৰ বাবে চৰকাৰী বা ব্যক্তিগত হস্পিতালত বিছনা নাই। দেশত যি হাৰত কৰ'নাত আক্রান্ত লােকৰ সংখ্যা বৃদ্ধি হৈছে আৰু বহু লাখ হস্পিতালৰ বিছনাৰ ব্যৱস্থা কৰা জৰুৰী। অসমত ২০০ কোটিটকা নামঘৰত দান দিব আৰু ছাত্ৰীসকলক স্কুটী দিয়াত খৰচ কৰিব ১১০ কোটিটকা। আনফালে কৰ'না আক্রান্ত ৰােগীৰ বাবে বিছনা নাই। তদুপৰি বিনামূলীয়া চিকিৎসা বন্ধ কৰি দিয়াৰ কথা কৈছে। 

ব্যক্তিগত হস্পিতালতাে বিছনা নাই, কিন্তু যিসকলে চৰকাৰী হস্পিতালত বিছনা নাপাই ব্যক্তিগত হস্পিতালত যাব লগা হােৱাত কেইবা লাখ টকা পৰ্যন্ত দিব লগা হৈছে চিকিৎসাৰ বাবে। আনহাতে অক্সিজেন গেছৰাে হেনাে নাটনি। কোভিডৰ সংক্রমণ ৰােধ কৰাৰ নামত অপৰিকল্পিতভাৱে লকডাউন তথা বিভিন্ন নিষেধাজ্ঞা বাবে অর্থনৈতিক কর্মক্রীড়া বন্ধ হৈ গৈছে। ভাৰতৰ অর্থনীতি যােৱা চাৰি বছৰ আগৰে পৰা সংকটৰ দিশত অগ্রগতি কৰিছিল। যােৱা বিত্তীয় বর্ষ (২০১৯-২০) জি ডি পি নিম্নগামী হৈ ৪.২ শতাংশ হৈছিল। অপৰিকল্পিত লক-ডাউনৰ ফলত অর্থনীতিৰ অধােগতিয়েই বিশ্ব অভিলেখ স্থাপন কৰিলে। জি-২০ দেশবােৰৰ ভিতৰতে অধিকতম। ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিক জি ডি পিৰ বিকাশৰ বিপৰীতে অধােগতি হয় ২৩.৯ শতাংশ। 

মােডী চৰকাৰে গৌৰৱ কৰি আছিল যে ভাৰতৰ অর্থনীতিৰ বুনিয়াদ শক্তিশালী। কিন্তু বিশেষকৈ ২০১৬ চনৰ বিমুদ্ৰাকৰণ আৰু পৰৱৰ্তীকালত জি এছ টি কৰ ব্যৱস্থাই দেশৰ অসংগঠিত খণ্ডৰ অর্থনীতিৰ ৰাজহাড় ভাঙি দিছিল। ভাৰতৰ ৯৫ শতাংশ শ্রমিক কর্মচাৰীয়ে জীৱন নির্বাহ কৰে অসংগঠিত খণ্ডৰ অৰ্থনীতিৰ ওপৰত। অপৰিকল্পিত লকডাউন আৰু বিভিন্ন নিষেধাজ্ঞাই ইতিমধ্যে সংকটত আক্রান্ত অর্থনীতিক বিধ্বস্ত অৱস্থা কৰি দিলে। কৰ’না মহামাৰীত বিশ্বত আটাইতকৈ বিধ্বস্ত দেশ আমেৰিকা আৰু ইটালী। কিন্তু আমেৰিকাৰ অর্থনীতিৰ অধােগতি ৯.৫ শতাংশ আৰু ইটালীৰ ১২.৫ শতাংশ। মােডী অর্থনীতিৰ এনেকুৱা এটা ক্ষেত্র নাই যে সংকোচন হােৱা নাই। শিক্ষা ক্ষেত্ৰত (-) ৩৮ শতাংশ, মেনুফেকচাৰিং খণ্ডত (-) ৩৯.৩ শতাংশ, পৰিসেৱা ক্ষেত্রত (-) ২২.৬ শতাংশ, বাণিজ্য ক্ষেত্ৰত (-) ৪৭ শতাংশ, খনিত (-) ২৩.৩ শতাংশ নির্মাণ ক্ষেত্ৰত (-) ৫০.৩ শতাংশ নিম্নগামী হৈছে। 

কৃষি ক্ষেত্ৰৰ বাহিৰে সকলাে খণ্ডৰে অধােগতি মাৰাত্মকভাৱে উদ্বেগজনক। মােডী চৰকাৰৰ যােৱা পাঁচ বছৰীয়া ভ্রান্ত অর্থনৈতিক নীতিয়ে দেশৰ অর্থনীতি জৰাজীৰ্ণ কৰি দিছিল। এতিয়া কোভিডৰ লকডাউনে জৰাজীর্ণ অর্থনীতি প্রকৃত স্বৰূপটো উদঙাই দিলে। এই পৰিস্থিতিত মােডী চৰকাৰে অর্থনতি পুনৰুজ্জীৱিত কৰিবলৈ প্রকৃত কোনাে উদ্দীপক পেকেজৰ ব্যৱস্থা কৰা নাই। তথাকথিত ২০ লাখ কোটি টকীয়া। পেকেজৰ নামত এক বেংকৰ ঋণৰ পেকেজ ঘােষণা কৰিলে যিটো চৰকাৰী ধন বিনিয়ােগেৰে জনগণৰ জীৱন নির্বাহৰ পথ সৃষ্টিৰ উদ্দীপক পেকেজ নহয়। যি কাৰণে যােৱা মে’ মাহতে ঘােষণা ২০ লাখ কোটিটকীয়া পেকেজে যােৱা চাৰি মাহে অর্থনীতিত কোনাে প্রভাৱ পেলাব নােৱাৰিলে। বিপৰীতে অর্থনীতি এনেধৰণে বিপর্যস্ত হ’ল যে লকডাউন খােলাৰ পাছতাে অধিক শ্রমিক কর্মচাৰীয়ে কর্মসংস্থান হেৰুৱালে।

৪০০ নিযুত অসংগঠিত শ্রমিক-কর্মচাৰীয়ে কর্মসংস্থান হেৰুৱাইছে— ফলত তেওঁলােকৰ অৱস্থা লাওলােৱা হৈছে। লকডাউন খােলাৰ পাছত কর্মসংস্থান | বৃদ্ধিৰ বিপৰীতে চি এম আই ইয়ে কৈছে যে ২.১ কোটি বেতনভােগী অর্থাৎ সংগঠিত খণ্ডৰ স্থায়ী শ্রমিক – কর্মচাৰীয়ে কর্মসংস্থান হেৰুৱালে। ভাৰত বৰ্ষত বর্তমান অকল কৰ’না মহামাৰীয়ে নহয় বেকাৰীৰ মহামাৰীয়েও দেখা দিছে। আন্তর্জাতিক শ্রম সন্থাৰ (আই এল অ') মতে ভাৰতত ৮১ শতাংশ শ্রমজীৱী মানুহ অর্থনীতিৰ এই ভয়াৱহ অধােগতিত দৰিদ্ৰতাৰ দিশত গতি কৰিব। পুঁজিবাদী অর্থনীতিৰ বিখ্যাত অর্থনীতিবিদ আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে কৈছে যে আমেৰিকা-ইটালীৰ ভাৰত তকৈয়াে অর্থনৈতিক অধােগতি কম হলেও জি ডি পিৰ ২০ শতাংশৰ পৰিমাণৰ চৰকৰী ধন বিনিয়ােগ কৰিও তেওঁলােকে দেশৰ অর্থনীতি পুনৰুজ্জীৱিত কৰিব পৰা নাই। বিপৰীতে ভাৰতৰ অর্থনীতিৰ অভিলেখপূর্ণ অধােগতি হােৱা সত্ত্বেও জি ডি পিৰ ২০ শতাংশ বিনিয়ােগ কৰা বুলি কৈ আভুৱাভাৰি প্ৰকৃততে এক শতাংশ চৰকাৰী ধন বিনিয়ােগৰ উদ্দীপক পেকেজহে ৰূপায়ণ কৰিছে। ফলস্বৰূপে অর্থনীতিৰ একেবাৰে বিধ্বস্ত অৱস্থা হ'ল। ৰাজনে কৈছে যে চৰকাৰী বিনিয়ােগ হােৱা নাই যি কাৰণে মানুহৰ হাতত পাইচা যােৱা নাই আৰু বজাৰ চাহিদা সৃষ্টি হােৱা নাই। ৰাজনে আৰু কৈছে যে মহামাৰীৰ প্রকোপ বঢ়াৰ বাবে তুলনামূলকভাৱে স্বচ্ছল লােকসকলেও বিভিন্ন সামগ্রী ক্রয় কৰাটো কমাই দিছে। ফলত দেশৰ সকলাে সামগ্ৰীৰে বজাৰ চাহিদা লকডাউন উঠাই দিয়াৰ পাছতাে বৃদ্ধি হােৱাৰ পৰিৱর্তে অধিক হ্রাস পাইছে। ৰাজনে কৈছে যে ভাৰতৰ অথনৈতিক অৱস্থা আমেৰিকা আৰু ইটালিতকৈয়াে বেয়া, সেইবাবে অতিজৰুৰী হৈছে অর্থনীতিত চৰকাৰী বিনিয়ােগ বৃদ্ধি কৰা। চৰকাৰী বিনিয়ােগ বৃদ্ধিত যদি পলম হয় তেতিয়াহ'লে ৰােগীক বচোৱা সম্ভৱ নহ'ব।

মােডী চৰকাৰে বৰ্তমান এনেকুৱাভাৱে দেৱলীয়া হৈছে যে ৰাজহুৱা সম্পদবােৰ বিক্ৰী কৰিব ধৰিছে। প্রধানমন্ত্রী মােডীয়ে উচ্চবাচ্য কৰিছিল যে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে দেশৰ বাবে একো কৰা নাই। বর্তমান কিন্তু মােডী চৰকাৰে নেহৰু আৰু ইন্দিৰা গান্ধী তথা পূৰ্বৰ কংগ্ৰেছ তথা নন-বিজেপি চৰকাৰে সৃষ্টি কৰা সম্পদবােৰ বিক্ৰী কৰিব ধৰিছে। তীখা কাৰখানাৰ পৰা তৈলখণ্ড, বেংক, ৰেল, বিমানকোঠ আদি ২৬টা ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্রী কৰিবলৈ সিদ্ধান্ত লৈছে। চৰকাৰখনে দেশৰ অর্থনীতি পুনৰুজ্জীৱিত কৰিব পাৰিব যে সেইটোৰ কোনাে লক্ষণে প্রতিফলিত হােৱা নাই। অর্থনীতি পুনৰুজ্জীৱিত নহ'লে দেশত যি হাৰত নাগৰিকসকল কর্মহীন হৈ আছে দেশত মাৰাত্মক দুর্ভিক্ষই দেখা দিব।

আনহাতে কৰ'না যি হাৰত সংক্রমিত হৈ আছে চৰকাৰে যদি প্ৰচুৰ ধন বিনিয়ােগ কৰি চিকিৎসা ব্যৱস্থা জৰুৰীভাৱে সম্প্রসাৰিত আৰু উন্নত নকৰে ৰাস্তা-ঘাট মৰাশৰে ভর্তি হৈ যাব। পি এম কেয়ার্চ ফান্দত হেজাৰ হেজাৰ কোটি জমা হৈছে। দেশৰ নাগৰিকসকলক অন্ধকাৰত ৰাখিছে এই পুঁজি সম্বন্ধে। ১৩০ কোটি জনসংখ্যাৰ দেশখনত ভেন্টিলেটৰৰ সংখ্যা ৪৭ হেজাৰ। বর্তমান সংকটজনক ৰােগীসকলক আই চি ইউত ঠাই দিব পৰা নাই। কোভিডৰ ঢকাত সমস্ত চিকিৎসা ব্যৱস্থা অচল হৈ পৰিছে। চৰকাৰী-বেচৰকাৰী হস্পিতালত আন অসুস্থতাৰ বাবেও চিকিৎসা প্রায় বন্ধ হৈ গৈছে। কোটি কোটি মানুহৰ ভৰসাৰ চৰকাৰী হস্পিতালৰ আউটড’ৰ সেৱা কার্যত বন্ধ হৈ গৈছে। সেইদৰে বেচৰকাৰী হস্পিতালবােৰৰাে একে অৱস্থা। ভাৰতত দহ হেজাৰ লােকৰ মাজত ৯খন হস্পিতালত বিছনা আছে। বিপৰীতে আমেৰিকাত ২৮খন, চীন দেশত ৩৮খন, জার্মানীত ৮১খন আছে। মহামাৰীৰ আৰম্ভণিৰ পৰাই এই সংকটে দেখা দিছে কিন্তু সমাধানৰ কোনাে নির্দিষ্ট পদক্ষেপ লােৱা নাই মােডী চৰকাৰে। কৰ’না বহির্ভূত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। দেশৰ এই অভাৱনীয় সংকটময় সময়ত মােড়ী চৰকাৰে দেশৰ নাগৰিকসকলক ৰক্ষা কৰিব পৰা আত্মবিশ্বাসৰ সৃষ্টি কৰিব পৰা নাই। বর্তমানৰ অর্থনীতিৰ প্রতিচ্ছবিখনে জনসাধাৰণক আশ্বস্ত কৰিব পৰা নাই যে তেওঁলােকৰ খাদ্যৰ অভাৱত বা চিকিৎসাৰ অভাৱত মৃত্যু নঘটিব। 
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক) ফোন : ৯৪৩৫০-৪১২০৩, লেখাটি অসমীয়া খবৰ কাকততো সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পাইছে।

No comments:

Post a Comment