শিৱাজীৰ পৰা ঔৰংগজেৱলৈঃ ইতিহাসৰ পাতত ব্ৰাহ্মণ্যবাদ আৰু জাত-প্ৰথা
শৈলেন বৰকটকী
মােগল সম্রাট ঔৰংগজেৱৰ দিনত মহাৰাষ্ট্ৰত শিৱাজীৰ নেতৃত্বত মাৰাঠা শক্তিৰ উত্থান ঘটে। কিন্তু শিৱাজীৰ ৰাজ্য বেছি দিন টিকি নথকাৰ অন্যতম কাৰণ জাত প্রথা বুলি ঐতিহাসিক ড° যদুনাথ সৰকাৰে তেখেতৰ ‘শিৱাজী’গ্রন্থখনত উল্লেখ কৰিছে। আমি ইয়াত ড° সৰকাৰৰ এটি দীঘলীয়া উদ্ধৃতি দাঙি ধৰিছোঁ, য'ৰ পৰা পাঠক সমাজে শিৱাজীৰ ৰাজ্যত জাতপ্রথা কিমান শক্তিশালী হৈ আছিল আৰু সিয়ে শিৱাজীৰ ৰাজ্যক কেনেকৈ ধ্বংসৰ মুখলৈ লৈ গৈছিল সেই কথা বুজিব পাৰিব।
ড° সৰকাৰে কৈছে— বহুদিন ধৰি অনুৰ্বৰ দৰিদ্ৰ মহাৰাষ্ট্ৰত দেশৰ বহু ব্রাহ্মণেই শাস্ত্রচর্চা আৰু পুৰােহিতালি ত্যাগ কৰি হিন্দুমুছলমান উভয় চৰকাৰৰ তলত চাকৰি কৰি অর্থ আৰু প্রতিপত্তি ভােগ কৰি আছিল। মাৰাঠা জাত নিৰক্ষৰ, হলজীৱী অর্থাৎ নাঙলজীৱী আছিল; কিন্তু কায়স্থসকল জাতিগতভাৱেই আছিল ‘লেখক। তেওঁলােকে পঢ়া-শুনা কৰি চৰকাৰী চাকৰি পাবলৈ ধৰিলে, ধনে-মানে তেওঁলােকৰ প্রতিপত্তি বাঢ়ি আহিবলৈ ধৰিলে। ইয়াকে দেখি ব্রাহ্মণসকলে হিংসাত জ্বলিবলৈ ধৰিলে। কায়স্থসকলক শূদ্ৰ আৰু অন্ত্যজবু লি ঘােষণা কৰা হ'ল। উপবীত গ্ৰহণৰ অপৰাধত কায়স্থসকলক অকথ্য কুৎসা ৰটনা কৰিবলৈ ধৰিলে। তেওঁলােকৰ নেতাসকলক এঘৰীয়া কৰা হ'ল।
‘আনকি শিৱাজীৰ অভিষেকৰ সময়ত ব্রাহ্মণসকলে একগােট হৈ মাৰাঠা জাতিৰ ক্ষত্রিয়ত্ব অস্বীকাৰ কৰি বৈদিক ক্রিয়া-কর্ম আৰু মন্ত্রপাঠত শিৱাজীৰ কোনাে অধিকাৰ নাই বুলি ক'বলৈ ধৰিলে। তেওঁলােকৰ এই অহংকাৰ আৰু গােড়ামীত বিৰক্ত হৈ শিৱাজীয়ে এবাৰ (১৬৭৪ চনত) ঘােষণা কৰিলে, ব্রাহ্মণসকলৰ জাতিগত ব্যৱসায় হ’ল শাস্ত্রচর্চা আৰু পূজা-পাতল কৰা; উপবাস আৰু দাৰিদ্ৰই হ’ল তেওঁলােকৰ ব্ৰত। গতিকে শাসন বিভাগত চাকৰি কৰা তেওঁলােকৰ পাপ। গতিকে, সকলাে ব্রাহ্মণ মন্ত্রী আৰু আমােলা, সেনাপতি আৰু দুতক চাকৰিৰ পৰা বৰ্খাস্ত কৰি শাস্ত্রসন্মত কর্মত নিয়ােগ কৰি ৰখাটোহে হিন্দু ৰজাৰ কর্তব্য। মই সেইটোকেই কৰিম। তেতিয়া ব্রাহ্মণসকলে কন্দা-কটা কৰি শিৱাজীৰ ওচৰত ক্ষমা বিচাৰিলে। | ‘এইদৰে ব্ৰাহ্মণসকলে অধিক ক্ষমতা পাই অব্রাহ্মণ সকলৰ প্রতি সামাজিক অত্যাচাৰ অবিচাৰ কৰি থাকিল। আকৌ ব্রাহ্মণসকলৰ মাজতাে একতা নাছিল। তেওঁলােকৰ মাজত শ্রেণী (বা শাখা) বিভাগ আৰু কৌলীন্য অভিমান লৈ ভীষণ অৰিয়াঅৰি আৰু বিবাদ উপস্থিত হ’ল। পেশ্বোৱাৰৰ কোঁকনবাসীসকল (“চিৎপাবন’ শাখাৰ) আছিল ব্রাহ্মণ শ্ৰেণীৰ। কিন্তু পুনা অঞ্চলৰ স্থানীয় (দেশস্থ’ শাখাৰ) ব্রাহ্মণসকলে কোঁকনবাসীসকলক অশুদ্ধ হীন-শ্রেণীৰ ব্রাহ্মণ বুলি ঘৃণা কৰিছিল, | তেওঁলােকৰ লগত সহ-ভােজন নকৰিছিল।
আকৌ চিৎপাবনসকল ‘কহাডে’ শাখাৰ ব্রাহ্মণসকলৰ ওপৰত খৰ্গহস্ত | পেশ্বোৱাৰসকলে ভিন ভিন শ্রেণীৰ ব্রাহ্মণসকলৰ গৌৰৱ খর্ব কৰিবলৈ ৰাজশক্তি প্রয়ােগ কৰিছিল। গােৱা অঞ্চলবাসী গৌড় সাৰস্বত শাখাৰ ব্ৰাহ্মণসকল অত্যন্ত তীক্ষ্ণ বুদ্ধি আৰু কাৰ্যদক্ষ আছিল। কিন্তু তেওঁলােককো সকলাে শ্ৰেণীৰ ব্রাহ্মণসকলৰ সমাজত বাঙালী ব্রাহ্মণসকলৰ দৰে অৱজ্ঞা আৰু পীড়ন কৰা হৈছিল। এনেদৰে জাতৰ লগত জাত, আনকি একে জাতৰ মাজতেই এটা শাখাৰ লগত অন্যটি শাখাৰ বিবাদ চলিবলৈ ধৰাত সমাজ চিন্ন-ভিন্ন হৈ গ’ল, ৰাষ্ট্ৰীয় একতা লােপ পালে আৰু অৱশেষত শিৱাজীৰ শাসন ধূলিস্যাৎ হ’ল।
হিন্দু সমাজত প্রচলিত এনেবােৰ কুসংস্কাৰ, অন্ধবিশ্বাসক মােগল সম্রাটসকলে অতি সতর্কতাৰে আতৰ কৰিবলৈ যত্ন নকৰাকৈ থকা নাছিল। এইক্ষেত্ৰত সম্রাট আকবৰৰ নাম প্রথমেই মনলৈ আহে। আকবৰে সতীদাহ, বাল্যবিবাহ আদি কুপ্রথাবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ হিন্দুসকলৰ মাজত বিধবা বিবাহ প্রচলন কৰিবলৈ যত্ন কৰিছিল আৰু অত্যধিক যৌতুক নিষেধ কৰিছিল। ষােল্ল বছৰৰ কম ল’ৰা আৰু চৈধ্য বছৰৰ কম ছােৱালীৰ বিয়াও তেওঁ নিষিদ্ধ কৰিছিল।
এই সন্দৰ্ভত এ এল শ্রীবাস্তৱ নামৰ এগৰাকী ইতিহাসবিদে ‘The Mugal Empire' sgu G2163: 'He tried to abolish Sati, child marriage and old-age marriage. He exercised strict supervision over prostitutes and segregated them.' সকলো ধৰ্মৰ সাৰ সংগ্ৰহ কৰি ‘দীন-ইলাহী’ নামৰ একেশ্বৰবাদী ধর্ম প্ৰৱৰ্তন কৰি আকবৰে অকল ধর্মীয় সহিষ্ণুতাৰে পৰিচয় দিয়া নাছিল, আনকি সকলাে ধর্মীয় সম্প্রদায়ৰ মাজত এক সমন্বয়ৰ সাঁকোও গঢ়ি তুলিবলৈ তেওঁ যত্ন কৰিছিল। সম্রাট জাহাংগীৰেও হিন্দু সমাজৰ মাজত থকা কু-প্রথাবােৰক উচ্ছেদ কৰিবলৈ নির্দেশনা জাৰি কৰিছিলঃ He also issued orders that Hindu widows should not be compelled to become Sati without his government's permission and he tried to put a stop to female infanticide. (ঐ) সম্রাট ঔৰংগজেবৰ দিনতাে সতীদাহ প্রথা নির্মূলল কৰিবলৈ চেষ্টা কৰা হৈছিল।
চুলতানী আৰু মােগল সম্রাটসকলে কৰা এনে সমাজ সংস্কাৰমূলক কামবােৰক বহুতেই হিন্দু ধর্ম ওপৰত বিধর্মীৰ বলপূর্বক হস্তক্ষেপ বুলি সমালােচনা কৰিছিল, আনকি বিদ্রোহ কৰিবলৈ লৈছিল আৰু পৰৱৰ্তী কালত হিন্দুত্ববাদী ইতিহাসবিদসকলেও সাম্প্রদায়িকতাৰ ৰহন সানি এইবোৰ ইতিহাস বিকৃত কৰিবলৈ লৈছিল। জাতপ্রথা, অস্পৃশ্যতা, পৌত্তলিকতা, কৌলীন্য প্রথা, সতীদাহ প্রথা, বাল্যবিবাহ আদি কু-সংস্কাৰৰ বিৰুদ্ধে চুলতানী আমােলতেই এক সর্বব্যাপী আন্দোলনৰ ৰূপ লােৱা ভক্তি আন্দোলনটো মােগল আমােলতাে পূৰ্ণৰূপত আন্দোলিত হৈ আছিল। আকবৰৰ শাসনকালৰ পৰা আৰম্ভ কৰি পৰৱর্তী মােগল যুগৰ শ্ৰেষ্ঠ ভক্তিবাদী সন্ত কবি তুলসীদাস, সুৰদাস, মীৰাবাই, একনাথ, শংকৰদেৱ, শিখ ধর্মগুৰুসকল আৰু তাৰ পৰৱৰ্তী কালত বাংলাৰ বৈষ্ণৱ কবি চণ্ডীদাস, জ্ঞানদাস, গােবিন্দ দাস আদিৰ যােগেদি সৃষ্টি হােৱা ভক্তি আন্দোলনৰ ঢৌৱে সমগ্ৰ ভাৰতবর্ষকে বিধৌত কৰি তােলে। সেয়েহে, এইসকল ভক্তি আন্দোলনৰ ৰথী-মহাৰথীৰ গণতান্ত্রিক চেতনাসম্পন্ন, সাম্যমৈত্রীযুক্ত ধর্মপ্রচাৰে তৎকালীন ভাৰতীয় সমাজখনক ব্রাহ্মণ্যবাদৰ কঠোৰ শৃংখলাৰপৰা বহুখিনি মুক্ত কৰি তুলিছিল। কিন্তু এই ইতিহাসৰ পৰা শিকনি লবলৈ যেন বৰ্তমানৰ সমাজে আহৰি নোপোৱা হৈছে। সাম্প্ৰদায়িক চিন্তা-চেতনাৰ প্ৰৱাহিত প্ৰপাগাণ্ডাই কেৱল ৰাজনীতিৰ ঢৌত ভাৰতীয় সমাজত উটাই নিবলৈ বিচৰাৰ উপক্ৰম হোৱা বৰ্তমানৰ নৱ-প্ৰজন্মই এইবোৰ ভাৰতীয় সমাজ সংস্কাৰৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ বিষয়েও সজাগ হোৱা উচিত।
লেখাটি আমাৰ অসম কাকততো পূৰ্বতে প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৮৬৪০-২৬৩৯১
No comments:
Post a Comment