চিন্তনঃ জাতিভেদ, বর্ণভেদ, স্তন কৰ ইত্যাদি :: ৰূপশ্রী বৰা বৰদলৈ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ জাতিভেদ, বর্ণভেদ, স্তন কৰ ইত্যাদি :: ৰূপশ্রী বৰা বৰদলৈ

চিন্তনঃ জাতিভেদ, বর্ণভেদ, স্তন কৰ ইত্যাদি :: ৰূপশ্রী বৰা বৰদলৈ

Share This

জাতিভেদ, বর্ণভেদ, স্তন কৰ ইত্যাদি
ৰূপশ্রী বৰা বৰদলৈ
শৰীৰৰ ওপৰভাগত তেওঁলোকে কাপোৰ পিন্ধিব নোৱাৰিছিল।মহিলাসকলে উন্মুক্ত কৰি ৰাখিব লাগিছিল বক্ষ। স্তন ঢাকিবলৈ বস্ত্ৰৰ ব্যৱহাৰ আছিল তেওঁলােকৰ বাবে নিষিদ্ধ। কাৰণ তেওঁলােক আছিল তথাকথিত নীচ জাতিৰ লােক!! শতিকাৰ পাছত শতিকা অৰ্ধ-উলংগ হৈ আছিল চন্নৰ (নাডেৰ বুলিও কয়) জাতিৰ মহিলাসকল। উন্মুক্ত বক্ষ ঢাকিব পৰাকৈ এডুখৰি বস্ত্ৰৰ বাবে দর্শকৰ পাছত দশক আন্দোলন কৰিবলগীয়া হৈছিল চুন্নাৰ মহিলাসকলে। ইয়াৰ বাবে তেওঁলােকে উচ্চ জাতৰ নাৰীসকলৰ অত্যাচাৰ-উৎপীড়ন, অকথ্য নির্যাতনৰ বলি হ'ব লগা হৈছিল। 

এই ইতিহাস উনবিংশ শতিকাৰ কেৰেলাৰ ত্রিবাংকুৰৰ। দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে ত্রিবাংকুৰত ৰজাৰ শাসন আছিল। নাডেৰ সকলক অস্পৃশ্য হিচাপে গণ্য কৰা হৈছিল ত্রিবাংকুৰ ৰাজ্যত। নাডেৰ মহিলাসকলে উচ্চজাতিৰ নায়াৰ আৰু নাম্বুদিৰি হ্মণসকলৰ সন্মুখত বক্ষ উন্মুক্ত কৰি ৰাখিব লাগিছিল। কাপােৰেৰে বুকু ঢাকিলেই ৰজাঘৰক "মূলাৰম” অর্থাৎ স্তন কৰ দিব লাগিছিল। ১৯২৪ চনলৈকে ত্রিবাংকুৰ ৰাজ্যত এই কৰ ব্যৱস্থাৰ প্ৰচলন আছিল। উচ্চ জাতৰ নায়াৰ মহিলাসকলে বক্ষ আৰু বাহু ঢাকিবলৈ এডােখৰ বিশেষ কাপােৰ ব্যৱহাৰ কৰিছিল। জাত-পাতৰ এনে বৈষম্যৰ বাবেই নাডেৰ সম্প্ৰদায়ৰ বৃহৎসংখ্যক লােকে হিন্দু ধর্ম এৰি খ্রীষ্টান ধর্ম গ্রহণ কৰিছিল। ধর্ম সলনি কৰাৰ লগে লগে নাডেৰ মহিলাসকলে বুকু ঢাকি কাপোৰ পিন্ধিবলৈ ল'লে।
পাছলৈ নায়াৰ মহিলাসকলে শৰীৰৰ প্ৰভাগত পিন্ধা বিশেষ ও খ্রীষ্ট ধর্মাবলম্বী নাডেমহিলাসকলে পিন্ধিবলৈ ল'লে। তেওঁলােকক দেখি হিন্দু নাডেৰ মহিলাসকলেও শৰীৰৰ ওপৰ অংশ ঢাকি কাপােৰ পিন্ধিবলৈ আৰম্ভ কৰিলে। স্বাভাৱিকতে তথাকথিত নীচ জাতিৰ মহিলাসকলৰ এনে সাহসী পদক্ষেপত জাঙুৰ খাই উঠিছিল উচ্চ জাতৰ নায়াৰসকল। ১৮১৩ চনত ত্রিবাংকুৰৰ আদালতে খ্রীষ্ট ধর্মাবলম্বী চন্নৰ মহিলাসকলক শিৰীৰৰ ওপৰভাগত কাপােৰ পিন্ধাৰ অনুমতি দিয়ে। কিন্তু শীঘ্ৰেই ৰাজ পৰিয়াল আৰু উচ্চ জাতিৰ লােকসকলৰ প্রবল আপত্তিত সেই নির্দেশ উঠাই ল'বলৈ বাধ্য হয়। ইয়াৰ পিছত ১৮৫৯ চনলৈকে শাসকপক্ষই কেতিয়াবা যদি চন্নৰ মহিলাসকলক শৰীৰৰ ওপৰভাগত কাপােৰ পিন্ধাৰ অধিকাৰ দিছিল, কেতিয়াবা সেই অধিকাৰ কাঢ়ি নিছিল। সামাজিক ন্যায় আৰু সম-অধিকাৰৰ দাবীৰে সুদীর্ঘ কাল সংগ্রাম চলাই গৈছিল চন্নৰ মহিলাসকলে। ১৮৫৯ চনত হিন্দু আৰু খ্রীষ্টান উভয় ধৰ্মৰ চন্নৰ সম্প্ৰদায়ৰ মহিলাক শৰীৰৰ ওপৰভাগ ঢাকিব পৰাকৈ কাপােৰ পিন্ধিবলৈ অনুমতি দিয়া হৈছিল যদিও নায়াৰ মহিলাসকলে পৰিধান কৰা বিশেষ বস্ত্র পৰিধান কৰাৰ অনুমতি নাছিল। 

উচ্চবর্ণ তথা আধিপত্যশীল সম্প্রদায় আৰু গােষ্ঠীসমূহৰ প্রভূত্ব আৰু আধিপত্য যাতে সমাজত বৰ্তি থাকে তাৰ বাবে তথাকথিত নিম্ন জাতিৰ লােকসকলৰ বাবে কেতবােৰ নীতি-নিয়ম, বাধা-নিষেধ আৰােপ কৰি দিয়া হয়। এনে নীতি-নিয়ম বা বাধা নিষেধৰ অধিকাংশই মহিলাসকলৰ বাবে। ওপৰৰ ঘটনাটো তাৰেই উদাহৰণ। নাদিৰি ব্ৰাহ্মণ বা নায়াৰ জাতিৰ পুৰুষৰ সন্মুখলৈ আহোঁতে চন্নৰ মহিলাসকলে শৰীৰৰ ওপৰভাগ ঢাকি ৰাখিব নােৱাৰিছিল। এনে কাৰ্যক উচ্চ বৰ্ণৰ প্ৰতি অপমান বুলি গণ্য কিৰা হৈছিল। এক কথাত যেন এনে প্রথা উচ্চ বৰ্ণৰ পুৰুষৰ বাবে বর্ণগত বিশেষাধিকাৰ। দেশ, কাল আৰু সমাজ নির্বিশেষে শক্তিশালী শ্রেণীয়ে নিজৰ অধিকাৰ আৰু প্রভুত্ব খটুৱাবলৈ বা কম শক্তিশালী শ্রেণীক নিজৰ অধীনত ৰাখিবলৈ সেই শ্রেণীটোৰ মহিলাৰ ওপৰত আতিশয্য আৰু আক্রমণ চলােৱাৰ অজস্র উদাহৰণ আছে। 

ঔপনিৱেশিক শাসকেও আনকি নিজৰ শাসন-শােষণ বৰ্তাই ৰাখিবলৈ বহু সময়ত একে পন্থাকেই অৱলম্বন কৰিছিল। উদাহৰণস্বৰূপে দক্ষিণ-পূর্ব এছিয়াৰ লাওছত ফৰাচী ঔপনিৱেশিক শাসকে আনকি মাতৃদুগ্ধৰ ওপৰতাে কৰ আৰােপ কৰিছিল। কৰৰ ভয়ত ঘৰৰ ভিতৰৰ পৰা ওলাব নােৱাৰা হৈছিল সন্তানসম্ভৱা মহিলা অথবা নতুনকৈ মাতৃ হােৱা মহিলাসকলে। (মেকং নৈ দেখিলোঁ— হেম বৰুৱা, পৃষ্ঠা ১০৭)। 

উত্তৰ ভাৰতত উচ্চ নীচ, জাত-পাতৰ বিভেদ ইমানকটকটীয়া, সংবিধানে দিয়া অধিকাৰেও আনকি সুৰক্ষা দিব নােৱাৰে দলিত সম্প্রদায়ক। দলিতৰ প্ৰতি থকা ঘৃণা আৰু প্রতিশােধ পূৰণৰ বাবে বহু সময়ত উচ্চ জাতিৰ পুৰুষে দলিত যুৱতী, মহিলাৰ ওপৰত যৌন উৎপীড়ন চলায়। ধর্ষণক অপৰাধ বুলি গণ্য কৰাৰ বিপৰীতে ইয়াক বর্ণবাদে দিয়া অধিকাৰ বুলিয়েই ভাৱে এনে মনােবৃত্তিৰ উচ্চবর্ণৰ পুৰুষে। পবিত্রতা আৰু সতীত্বৰ অভিধাৰে সমাজে যিহেতু নাৰীক ভাল আৰু বেয়া এই দুটা ভাগত ভাগ কৰিছে, গতিকে দলিত মহিলাৰ পৱিত্ৰতা আৰু সতীত্ব নষ্ট কৰিব পাৰিলেই বর্ণবাদী আৰু পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ প্ৰতিভূ শক্তিসমূহে তেওঁলোকৰ অভিস্পা সিদ্ধি হয় বুলি ধৰি লয়। | হাল্লাছৰ ঘটনাটোৰ নেপথ্যতা আছে দলিতৰ প্রতি ঘৃণা আৰু প্ৰতিশোধ পৰায়ণ মনােভাৱ। যুবতীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি, জিভা কাটি, ৰাজহাড় ভাঙি, ডিঙি চেপি নৃশংসভাবে হত্যা কৰা ঘটনাই তাকেই প্রমাণ কৰে। 

আন বহু ঘটনাৰ দৰেই প্রমাণ নথকাৰ অজুহাতত হাথ্রাছৰ হাত দীঘল দোষীও সাৰি যাব। দেশে স্বাধীনতা লাভ কৰাৰ পাছত সংবিধানে জাতি, ধর্ম, ভাষা, বর্ণ নির্বিশেষে সকলােৰে বাবে সামাজিক ন্যায় আৰু সম-অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু সেই ব্যৱস্থাই বর্ণবাদ আৰু পুৰুষতান্ত্রিকতাৰ পােষকতা কৰাসকলৰ মনােভাৱ আজিও সলনি কৰিব নােৱাৰিলে। বৰং জাতিভেদ বা বর্ণ বৈষম্য সমাজৰ পৰা দূৰ হওক চাৰি নতুনকৈ সাৰ-পানী পাই দিনে দিনে অধিক কটকটীয়াহে হৈছে। ধর্ষণৰ দৰে জঘন্য অপৰাধক লঘু কৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতিয়েই যেতিয়া কয় সংস্থাপনহীনতাৰ বাবেই যুৱকসকলে ধর্ষণ কৰিবলৈ বাধ্য হৈছে বুলি, তেতিয়া| ক'বলৈ আৰু কিবা বাকী থাকে জানাে?
লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখিকাৰ অনুমতি ক্ৰমে ইউনিকডত গুগোল চাৰ্চেৱল কনটেণ্ট ৰূপে সংৰক্ষণ কৰা হৈছে। লেখিকা এগৰাকী জ্যেষ্ঠ সাংবাদিক। 

No comments:

Post a comment