পথাৰ নচহোৱাকৈয়ে খেতি কৰিব নেকি
'নতুন আঞ্চলিক দল' সমূহে?
ডা° বিৰাজ কুমাৰ শৰ্মা
অসমত ২০২১ চনৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে আৰু বিভিন্ন ৰাজনৈতিক দলে নিজৰ কুচ-কাৱাজ ইতিমধ্যেই আৰম্ভ কৰিছেই । অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ছবিখন যে অতি ধূসৰ হ’ব আৰু শাসকীয় দলৰ বাবে পুনৰ শাসনৰ বাঘজৰী ধৰি ৰখাটো ইমান সহজসাধ্য নহ’ব আৰু যে অত্যন্ত প্ৰত্যাহ্বানমূলক হ’ব, সেইকথা ইতিমধ্যে প্ৰতিয়মান হৈছে। কাৰণ, শেহতীয়াকৈ কংগ্ৰেছ আৰু এ.আই.এ.ইউ.ডি.এফ.ৰ মাজত হ’ব পৰা মিত্ৰতাৰ ইংগিত আৰু “নাগৰিকত্ত্ব সংশোধনী আইন”ৰ বিৰোধীতাৰে গঠিত হোৱা বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল, বিশেষকৈ অখিল গগৈৰ নেতৃত্বৰ 'ৰাইজৰ দল' আৰু জগদীশ ভূঞা-অদীপ ফুকন-বসন্ত ডেকা নেতৃত্বৰ 'অসম জাতীয় পৰিষদে' একপ্ৰকাৰ অসমৰ ৰাজনীতিত এক জটিল সমীকৰণ সৃষ্টি কৰিছে । এনে আঞ্চলিকতাবাদী দলৰ সৃষ্টিয়ে একপ্ৰকাৰ খিলঞ্জীয়া ভোটাৰৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি বিভিন্ন বিজ্ঞ মহলে দাবী কৰিছে যদিও কিন্তু তাতেই বিভিন্ন প্ৰশ্ন লুকাই আছে যে সঁচাকৈয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমৰ নৱগঠিত আঞ্চলিক দলসমূহে এন নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবনে ?
উক্ত প্ৰশ্নৰ উত্তৰ বিছাৰিলে আমি হয়তো কিছুদূৰ উভতি চাব লাগিব । ১৯৮৩ চনৰ অসম আন্দোলনৰ পিছৰ পৰ্য্যায়ত অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ ধ্বজ উৰুৱাই ভূমিষ্ঠ হোৱা অসম গণ পৰিষদে দুটাকৈ কাৰ্য্যকাল অসমত শাসনৰ বাঘজৰী হাতত লোৱাৰ আঁৰত আছিল অসমীয়া জনসাধাৰণৰ আৱেগ । যাক মূলধন কৰিয়েই অসম গণ পৰিষদে অসমত দুটাকৈ কাৰ্য্যকাল শাসনত আছিল যদিও পিছৰ পৰ্য্যায়ত দলটো এনেদৰে বিধ্ধস্ত হৈ পৰিল যে নতুন ৰাজনৈতিক পৰিকল্পনাৰ অভাৱত দলটো আজিকোপতি মূৰ দাঙি উঠিব পৰা নাই আৰু এতিয়াও সেই নব্বৈৰ দশকৰ আৱেগৰ মায়াজালৰ মাজতে আৱদ্ধ হৈ থাকিল। অথচ অসমৰ দৰে এখন ৰাজ্যত এনে এটি আঞ্চলিক দলে দক্ষিণ ভাৰতৰ ৰাজ্যবোৰৰ আঞ্চলিক দলবোৰৰ দৰে দপদপাই থাকিব লাগিছিল আৰু অসমৰ ৰাজনীতিত নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰি থাকিব পাৰিব লাগিছিল। কিন্তু সেই দলৰ কিছুমান নেতা-কৰ্মীয়ে দলটোত নিজৰ খেয়াল-খুচিমতে কৰা কিছুমান কাম-কাজ আৰু শেষত গৈ কিছুমান নেতাই আন সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰা কাৰ্য্যই দলটোৰ শেষ পোহৰখিনিও স্তিমিত কৰিবলৈ ধৰিলে। সেয়েহে আজিৰ সময়ত অসমত গঠন হ’বলৈ আগবঢ়া বিভিন্ন আঞ্চলিক দলসমূহৰ শক্তিক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাতো স্বাভাৱিক। কাৰণ দেখা গৈছে যে বহু উমৈহতীয়া সমস্যাক মূলমন্ত্ৰ কৰি ভূমিষ্ঠ হ’বলৈ বুলি আগবঢ়া এনে দলসমূহৰ ক্ষেত্ৰত এক সঠিক পৰিকল্পনা, বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু নিজৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচিত কৰি আনিবৰ বাবে সমষ্টিয়ে প্ৰতি ক্ষেত্ৰভিত্তিক অধ্যায়ণৰ অভাৱ আদি সু-স্পষ্ট হৈ পৰিছে ।
আগতেই উল্লেখ কৰা হৈছে যে নব্বৈৰ দশকত আঞ্চলিকতাবাদী শক্তিৰ উত্থানৰ আঁৰত আৱেগে বহুক্ষেত্ৰত শক্তিশালী ইন্ধন যোগাইছিল আৰু সেইসময়ত ভোটাৰ আৰু জনগাঁঠনিও এক গুৰুত্ত্বপূৰ্ণ দিশ আছিল । কিন্তু আজিৰ পৰিস্থিতিৰ সৈতে নব্বৈৰ দশকৰ পৰিস্থিতিৰ বহুক্ষেত্ৰত অমিল আছে । আজিৰ সাম্প্ৰতিক সময়ত কোনো এটা সমষ্টিত প্ৰাৰ্থী এজন নিৰ্বাচিত হৈ অহাৰ ক্ষেত্ৰত ভোটৰ সমীকৰণে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু সুচতুৰ ৰাজনৈতিক নেতাই এটি সমষ্টিত প্ৰাৰ্থী এজন আগবঢ়াই দিওতে এনে বিভিন্ন দিশসমূহ পূংখানুপূংখভাৱে অধ্যায়ন কৰি লয় । কিন্তু শেহতীয়াকৈ দেখা গৈছে যে অসমত আছু, কৃষক মুক্তিকে আদি কৰি বিভিন্ন দল-সংগঠনে পৃথকে পৃথকে ৰাজনৈতিক দল গঠনেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি হুংকাৰ দিছে যদিও বিজয়ী হৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ বিজয়ী হোৱাৰ এক মুলমন্ত্ৰ তথা কৌশলৰ অভাৱ সুস্পষ্ট হৈ ধৰা দিছে । আনহাতে যি সময়ত আঞ্চলিকতাবাদী ভাৱধাৰাৰ সমভাৱপন্ন দল-সংগঠনসমূহ একগোট হোৱাৰ প্ৰয়োজন আছিল, তেনেস্থলত পৃথকে পৃথকে গঠিত হোৱা এনে দল-সমূহে খিলঞ্জীয়া ভোট একত্ৰিত হোৱাৰ পৰিবৰ্তে বিভাজিত হোৱাৰহে সুযোগ দিব আৰু তৃতীয় শক্তিকহে হয়তো বিজয়ৰ হাঁহি মাৰিবলৈ সুযোগ দিব।
যদিহে বিভিন্ন দল-সংগঠনসমূহে অসমৰ বিভিন্ন সমস্যাসমূহৰ সমাধানাৰ্থে এক আঞ্চলিক শক্তিৰ ৰূপত অৱতীৰ্ণ হ’ব বিছাৰিছে, তেন্তে বিভিন্ন মত-বিৰোধ একাষৰীয়া কৰি ঐক্যৱদ্ধভাৱে যুঁজ দিব লাগিব আৰু সেইমতে পৰিকল্পনা যুগুত কৰি এক শক্তিশালী ৰণনীতি প্ৰস্তুত কৰিব পাৰিব লাগিব, সমষ্টিভিত্তিক তথা ক্ষেত্ৰভিত্তিক অধ্যায়ন কৰি প্ৰাৰ্থী থিয় কৰাব লাগিব আৰু জনতাৰ বিশ্বাসভাজন হ’ব পৰাকৈ কৌশল প্ৰয়োগ কৰিব লাগিব। কাৰণ এইকথা অনস্বীকাৰ্য যে অসমৰ অন্যতম আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ নেতা-কৰ্মীৰ বিভিন্ন কাম-কাজত ৰাইজ বিতুষ্ট হৈ ৰাইজ ক্ষোভত আছে যদিও মূলসুঁতিৰ অসমৰ খিলঞ্জীয়া ৰাইজে এটি শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰে। সমষ্টিয়ে প্ৰতি ভোটাৰৰ জনগাঁঠনি, ভোটাৰৰ দূৰ্বলতা তথা সজাগতা, ভোটাৰৰ আকৰ্ষণ, কোনো বিশেষ ব্যক্তিৰ বিভিন্ন ভোটাৰৰ মাজত থকা জনপ্ৰিয়তা, সাম্ভাৱ্য নিৰ্দিষ্ট ভোট, বিবেক ভোট, দলকেন্দ্ৰীক ভোট, প্ৰাৰ্থীকেন্দ্ৰীক ভোট ইত্যাদি বিভিন্ন বিষয়সমূহ অধ্যায়ণ কৰি এক ৰণনীতি যুগুত কৰিহে ৰাজনীতিৰ ৰণক্ষেত্ৰত জঁপিয়াই পৰা উচিত আৰু এনে ৰণনীতি যুগুত কৰিবলৈ হ’লে তৃণমূল পৰ্য্যায়ৰ লোকসকলক লৈ আগবাঢ়িব লাগিব । কাৰণ দেখা যায় যে তৃণমূল পৰ্য্যায়ত শক্তিশালী নোহোৱা তথা তৃণমূল কৰ্মীক গুৰুত্ত্ব নিদিয়া দলসমূহে নিৰ্বাচনৰ ফলাফলত বেয়াকৈ মুখ থেকেচা খোৱা দেখা যায়। সেয়েহে আঞ্চলিক ৰাজনৈতিক দল হিচাবে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ হ’লে এনে বিভিন্ন বিষয়ৰ ওপৰত ধ্যান দিব লাগিব । অন্যথা আৱেগৰ বশবৰ্তী হৈ যধে-মধে প্ৰাৰ্থী থিয় কৰোৱাই অকল ক্ষণিক চমক সৃষ্টিয়ে আঞ্চলিকতাবাদক উপস্থাপন কৰাটো একপ্ৰকাৰ অসম্ভৱ । আৱেগৰ দিন আৰু এতিয়া নাই । অপ্ৰিয় হ’লেও সত্য যে ভোটৰ সমীকৰণৰ অংক আৰু ঐক্যৱদ্ধতাৰ অভাৱ হ’লে অকল ৰাজপথৰ আৱেগ ঢালি নিৰ্বাচনত জয়ী হোৱাৰ দিন আৰু এতিয়া নাই । এনেবোৰ বিষয় চালিজাৰি চাইহে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়া উচিত । অন্যথা অসমৰ ৰাইজে এনে কাম-কাজক কিছুমানৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ আখৰা বুলিহে ভাবিবলৈ ল’ব ।
No comments:
Post a Comment