মনৰ কথাঃ অৰ্ণৱ গোস্বামীঃ সাংবাদিকতাৰ পৰা টিআৰপিৰ জখলালৈ :: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অৰ্ণৱ গোস্বামীঃ সাংবাদিকতাৰ পৰা টিআৰপিৰ জখলালৈ :: ইন্দ্ৰজিত বৰা

মনৰ কথাঃ অৰ্ণৱ গোস্বামীঃ সাংবাদিকতাৰ পৰা টিআৰপিৰ জখলালৈ :: ইন্দ্ৰজিত বৰা

Share This
অৰ্ণৱ গোস্বামীঃ সাংবাদিকতাৰ পৰা টিআৰপিৰ জখলালৈ
ইন্দ্ৰজিত বৰা
শেহতীয়াকৈ অৰ্ণৱ গোস্বামী বিতৰ্কলৈ আহিছে। এই বিতৰ্ক পালঘৰৰ ঘটনাৰ পাছত, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰাজিত মুম্বাই পুলিচৰ স্থিতিক লৈ ধাৰাবাহিক অনুষ্ঠানৰ যোগেদি চাপ প্ৰয়োগ আৰু মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ সৈতে বিৰোধিতাৰ স্থিতিৰ ফলতেই বুলি অনুমান কৰিব পাৰি। মুম্বাইৰ পুলিচ কমিচনাৰে সংবাদমেল পাতি এইবাৰ "ধনৰ বিনিময়ত টিআৰপি মেনুপুলেচনৰ কেচত" সাঙুৰিলে অৰ্ণৱ গোস্বামী আৰু তেওঁৰ 'ৰিপাব্লিক টিভি নেটৱৰ্ক'ক। তাৰো প্ৰত্যুত্তৰো টিভি ষ্টুডিঅৰ মজিয়াৰ পৰাই দি গৈছে গোস্বামীয়ে।  হয়তো, পূৰ্বৰ ছোনিয়া গান্ধীক পালঘৰৰ ঘটনাত সাঙোৰাৰ বাবে মুম্বাই পুলিচৰ জেৰাৰ সন্মুখীন হব লগা হোৱা ঘটনাৰ পুনৰাবৃত্তিৰ সন্মুখীনো সাংবাদিক গৰাকী হব লাগিব।
তাহানিৰ পৰাই মই ব্যক্তিগতভাৱে অৰ্ণৱ গোস্বামীৰ এজন অনুৰাগী ৷ এজন সাংবাদিক হিচাবে থাকিব লগা সকলোখিনি কুশলতাৰ তেওঁ অধিকাৰী ৷ ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ জগতখন আমাৰ জীৱনৰ সমসাময়িকভাৱেই বিকাশ হৈছে ৷ এতিয়াৰ পৰা বিশ বছৰমানৰ আগতে ষ্টাৰ নিউজৰ কাৰণে এন.ডি.টিভিয়ে টেলিকাষ্ট কৰিছিল ৷ তাৰ পৰাই অৰ্নৱৰ ইলেক্ট্ৰনিক কেৰিয়াৰ আৰম্ভ হৈছিল বুলি ক’ব পাৰি ৷ ডিডি মেট্ৰ’ৰ কাৰণে এনডি টিভিয়ে টেলিকাষ্ট কৰা নিউজ টুনাইট নামৰ অনুষ্ঠানটোৰ আঁত ধৰোতা অৰ্ণৱ গোস্বামীয়েই আছিল, যাৰ কাৰণে ২০০৪ চনত তেওঁ Best News Anchor of Asia বঁটা পাইছিল ৷

তাৰ পাছত ২০০৬ চনত টাইমচ নাও চেনেলৰ মুখ্য সম্পাদক হিচাবে যোগদান কৰে ৷ তাৰ লগে লগে তেওঁ নিজৰ সাংবাদিকতাক আক্ৰমনাত্মক সাংবাদিকতা হিচাবে এক নতুন শৈলী বুলি দাবী কৰিবলৈ লয় । বিভিন্ন মঞ্চত তেওঁ নিজৰ এই নতুন শৈলীটো পৰম্পৰাগত নিৰৱ সংবাদ জগতখনৰ মাজত এক নতুন জাগৰণ বুলিও অভিহিত কৰে । সঁচাকৈয়ে অৰ্ণৱৰ এই বিৱৰ্তন লক্ষনীয় আছিল। লাহে লাহে এই আক্ৰমনাত্মক সাংবাদিকতাই ট’ক শ্ব বিলাকত পেনেলিষ্টৰ সংখ্যা ইমানেই বৃদ্ধি কৰিছিল যে টিভিৰ পৰ্দাত তেওঁলোকৰ মুখ কেইখনো চকুৰে নমনা হৈ পৰিছিল আৰু কাৰোবাৰ মত-অভিমত শুনাতো প্ৰায়ে অসম্ভৱ হৈ পৰিছিল । আলোচনাবোৰ মানুহৰ মৌখিক আক্ৰমনাত্মক আচৰণৰ একো একোটা প্ৰদৰ্শণীলৈ ৰূপান্তৰ হৈছিল । সেই সন্ধিক্ষণত মোৰ কোনোবা এজন বন্ধুৱে কথা-প্ৰসংগতে অৰ্ণৱ গোস্বামীৰ এনডি টিভিৰ দিনৰ ট’ক শ্বৰ কথা কৈ নষ্টালজিক হৈ পৰাৰ কথা এতিয়াও মনত পৰে। তেওঁ আছিল মোৰ সমানেই অৰ্ণৱ গোস্বামীৰ অনুৰাগী । 

এটা কথা স্বীকাৰ কৰোঁ যে ভাৰতৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমক এক সুস্থ সাংবাদিকতাৰ ধাৰাৰে গতি দিয়াত এনডিটিভিৰ অৱদান অতুলনীয় । আজি অৰ্ণৱ গোস্বামীকে ধৰি ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাৰে বিভিন্ন চেনেলসমূহত একোজনকৈ সফল সাংবাদিক হিচাবে প্ৰতিষ্ঠা লাভ কৰাসকলৰ বহুতেই নিজৰ সাংবাদিক জীৱন এনডি টিভিতেই আৰম্ভ কৰা । যিকোনো আলোচনাতেই আলোচকসকলৰ সমান অংশগ্ৰহণ সুনিশ্চিত কৰাটো নিতান্তই প্ৰয়োজন । সেই অনুষ্ঠানবিলাকত প্ৰতিজন বক্তাৰে আলোচনাত সমভাৱে অংশগ্ৰহণ সুনিশ্চিত কৰা হৈছিল। নিৰ্দিষ্ট সময়ৰ বাদে আলোচনাৰ পৰিচালকজনে অলোচকসকলৰ মন্তব্যৰ ওপৰত হস্তক্ষেপ নকৰিছিল। পৰিচালকৰ সামৰণিৰ মন্তব্য কেতিয়াও উত্তেজক হোৱাৰ প্ৰশ্নই নাছিল, বৰঞ্চ বিভিন্ন দৃষ্টিকোনৰ এক উৎকৃষ্ট সাৰাংশ আছিল । এতিয়াও মই সম্পূৰ্ণভাৱে উপলদ্ধি কৰি ক’ব পাৰোঁ যে এনে আলোচনা যুক্তিনিষ্ঠতাৰ সপক্ষেহে পক্ষপাতদৃষ্ট আছিল। তাৰ বিপৰীতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ শেহতীয়া বিৱৰ্তন কেতিয়াও গ্ৰহণযোগ্য নহয়। এক আলোচক মণ্ডলীৰ আলোচনাৰ যোগেদি কেনেকৈ সংবাদক এক বিশেষ ৰূপ দিয়াৰ চেষ্টা কৰা হয় । কেতিয়াবা এনে লাগে যেন তেওঁলোক আলোচক নহয়, কিবা যেন অধ্যাদেশ শুনাবলৈহে একত্ৰিত কৰা হৈছে ।

অৰ্ণৱ গোস্বামীয়ে ২০১৭ চনত ৰিপাব্লিক টিভিৰ সঞ্চালক আৰু মুখ্য সম্পাদক হোৱাৰ লগে লগে এক বাণিজ্যিক দিশো তেওঁৰ সাংবদিকতাৰ সৈতে পোনপটীয়াকৈ জৰিত হৈ পৰিল । এয়া একো নতুন কথা নহয় । অৰ্ণৱৰ সমকালীন সকলো সাংবদিকৰে বাণিজ্যিক অংশীদাৰিত্ব আছে । জন্মলগ্নৰে পৰা মেডিয়া হাউচৰ লগত বাণিজ্য জৰিত হৈ আছেই । বানিজ্যৰ যোগেদিয়েই সাংবাদিকতাই নিজৰ সেৱা আগবঢ়াই আহিছে আৰু কৃতিত্বও অৰ্জন কৰি গৈছে । অৱশ্যে এইটোও স্বীকাৰ কৰিব লাগিব যে প্ৰায়বিলাক সাংবাদিকৰ লগতেই বিতৰ্কও সমানেই জৰিত হৈ আছে। সুস্থ সাংবাদিকতাই স্বতঃস্ফূৰ্তভাৱেই বাণিজ্যৰ সৃষ্টি কৰিব । তাৰ বিপৰীতে বাণিজ্য আৰু নিৰ্বাচনী ৰাজনীতিয়ে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিব বিচাৰিলে সাংবাদিকতা বাচি নাথাকে । 

এজন অনুৰাগী হিচাবে অৰ্ণৱ গোস্বামীক সংবাদ জগতত সদায় বিচাৰিম। আশাকৰোঁ অযথাকৈ মাতি অনা এই চাপপূৰ্ণ সময়ৰ এদিন অন্ত পৰিব । সাংবাদিকতা সকলোৰে কাৰণে তিতা-কেঁহা লগা বস্তু আৰু সকলোৰে কাৰণে সমানেই তিতা-কেঁহা হিচাবেই সাংবাদিকতা জীয়াই থাকক ।

No comments:

Post a Comment