চাকৰিৰ খবৰঃ কটন বিশ্ববিদ্যালয়ত অধ্যাপনাৰ ৪৭ টা পদৰ বাবে আবেদন আৰম্ভ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চাকৰিৰ খবৰঃ কটন বিশ্ববিদ্যালয়ত অধ্যাপনাৰ  ৪৭ টা পদৰ বাবে আবেদন আৰম্ভ

চাকৰিৰ খবৰঃ কটন বিশ্ববিদ্যালয়ত অধ্যাপনাৰ ৪৭ টা পদৰ বাবে আবেদন আৰম্ভ

Share This

 

কটন বিশ্ববিদ্যালয়ত অধ্যাপনাৰ  ৪৭ টা পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ

কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যোৱা ৮ অক্টোবৰ ২০২০ তাৰিখে ঘোষণা কৰা হৈছে অধ্যাপনাৰ বাবে মুঠ ৪৭টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে। নিয়মীয়া পদত এই নিযুক্তি সমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।

১. প্ৰফেচাৰৰ পদঃ ১৫ টা
২. এচোচিয়েট প্ৰফেচাৰৰ পদঃ ২৬টা

৩. এচিষ্টেণ্ট প্ৰফেচাৰৰ পদঃ ৬টা

বিভিন্ন বিভাগ সমূহৰ বিপৰীতে খালী পদৰ সবিশেষ দিয়া হৈছে তলৰ লিংকৰ পিডিএফত। পিডিএফ পাবৰ বাবে ক্লিক কৰকঃ 

https://cottonuniversity.ac.in/pdf/DetailAdvt_061020.pdf

দৰমহাৰ নিৰিখঃ

১. প্ৰফেচাৰঃ শৈক্ষিক স্তৰ-১৪ঃ ১,৪৪,০০০ ৰ পৰা ২,১৮,২০০/-টকালৈ

২. এচোচিয়েট প্ৰফেচাৰঃ শৈক্ষিক স্তৰ-১৩(ক): ১,৩১,০০০ ৰ পৰা ২,১৭,১০০/-টকালৈ

৩. এচিষ্টেণ্ট প্ৰফেচাৰঃ শৈক্ষিক স্তৰ-১০: ৫৭,০০০ ৰ পৰা ১,৮২,৪০০/-টকালৈ

অৰ্হতা সমূহ UGC ৰ নিৰ্দেশনাৱলী অনুসৰিয়েই প্ৰয়োজন হব। সবিশেষ https://cottonuniversity.ac.in/ ত চাব পাৰিব। 
বয়স ১ অক্টোবৰ ২০২০ তাৰিখৰ ভিত্তিত গণনা কৰা হব। 

আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখবৰোঃ

১. আবেদন পত্ৰৰ চফট কপি (সকলো আবেদকৰ বাবে)- ৪ নৱেম্বৰ ২০২০
২. হাৰ্ড কপি জমা দিয়াৰ বাবেঃ
        ভাৰতৰ ভিতৰৰ আবেদকৰ বাবেঃ ১০ নৱেম্বৰ ২০২০
        বিদেশৰ পৰা আবেদন কৰাৰ বাবেঃ ১৭ নৱেম্বৰ ২০২০

No comments:

Post a Comment