মনৰ কথাঃ মিঞাৰ জনগোষ্ঠীয় পৰিচয়, ঐতিহ্য সন্ধান বনাম মিউজিয়ামৰ প্ৰস্তাৱ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ মিঞাৰ জনগোষ্ঠীয় পৰিচয়, ঐতিহ্য সন্ধান বনাম মিউজিয়ামৰ প্ৰস্তাৱ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন

মনৰ কথাঃ মিঞাৰ জনগোষ্ঠীয় পৰিচয়, ঐতিহ্য সন্ধান বনাম মিউজিয়ামৰ প্ৰস্তাৱ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন

Share This
মিঞাৰ জনগোষ্ঠীয় পৰিচয়, ঐতিহ্য সন্ধান বনাম মিউজিয়ামৰ প্ৰস্তাৱ
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
এই কথা অনস্বীকাৰ্য যে ব্ৰিটিছ শাসনৰ আৰম্ভণিৰে পৰা বিভিন্ন কাৰণত অসমলৈ বংগমূলীয় লোকৰ আগমণ হৈছিল। বংগীয় মুলৰ হিন্দু ভদ্ৰলোকসকলে অসমীয়া ভাষাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে পমুৱা মুছলমানে অসমীয়া ভাষা শিকা আৰু ইয়াক টনকীয়াল কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। বাঙালী বাবুসকলে ব্ৰিটিছ শাসকসকলক বুজাইছিল যে অসমীয়া বাঙালী ভাষাৰে অপভ্ৰংশ, ই কোনো স্বকীয় ভাষা নহয়। সেইমৰ্মে অসমত অসমীয়াৰ পৰিবৰ্তে বাঙালী ভাষা হৈ চৰকাৰী কাৰ্যালয় আৰু শিক্ষাগ্ৰহণৰ ভাষা। আমেৰিকীয় খ্ৰীষ্টান মিচনেৰি তথা অসমৰ প্ৰথিতযশা ব্যক্তিৰ সংগ্ৰামৰ ফলত অসমীয়া পুনৰ প্ৰতিস্থিত হৈছিল। 
পূৰ্ববংগৰ পৰা অহা পমুৱা মুছলমানৰ দোৱানৰ সৈতে পশ্চিমবংগীয় বাঙালীৰ বাংলা ভাষাৰ পাৰ্থক্য আছিল। কালক্ৰমত অসমত নিগাজীকৈ থাকিবলৈ অহা পূৰ্ববংগৰ খাতিখোৱা লোকসকলে তেওঁলোকৰ সুবিধাৰ্থে বাংলা ভাষাতকৈ অসমৰ স্থানীয় ভাষা আয়ত্ব কৰাতহে গুৰুত্ব আৰোপ কৰিছিল। তেনে কৰিবলৈ যাওতে তেওঁলোকে অলেখ ত্যাগ আৰু সংগ্ৰাম কৰিবলগীয়া হৈছিল। যি ঠাইত বাস কৰা হয়, সেই ঠাইৰে ভাষা আৰু সেই ঠাইক মাতৃভুমি হিচাবে গ্ৰহণ কৰা উচিত বুলি থকা ধৰ্মীয় বিশ্বাসৰ কাৰণেও পূৰ্ববংগীয় মূলৰ সৰহসংখ্যক মানুহে অসমীয়া ভাষা গ্ৰহণ কৰিছিল। তেওঁলোকে চৰ চাপৰি অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি ল’ৰা ছোৱালীক অসমীয়া ভাষাৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। ঘৰত পুৰ্ববংগীয় দোৱানেৰে কথা বতৰা পাতিলেও সকলো ৰাজহুৱা আৰু সামাজিক কাম কাজত অসমীয়া ভাষাকে তেওঁলোকে এতিয়াও ব্যৱহাৰ কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল। ১৯৫১ চনৰ পৰা প্ৰতিটো লোকপিয়লতে পূৰ্ববংগীয়মূলৰ মুছলমানৰ সৰহসংখ্যক লোকে অসমীয়া ভাষাকে মাতৃভাষা বুলি ঘোষণা কৰি আহিছে। কেৱল লোকপিয়লত ঘোষণা কৰাই নহয় অসমৰ নিগাজী বাসিন্দা হৈ পৰা পূৰ্ববংগীয় মুছলমানসকল এতিয়া হাড়ে হিমজুৱে অসমীয়া হোৱাৰ চেষ্টা ব্ৰতী হৈ আছে। পুৰ্ববংগীয় মুলৰ বহু শিক্ষিত লোকে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি অসমীয়া ভাষা-সংস্কৃতি টনকীয়াল কৰিছে। চৰ-চাপৰি সাহিত্য সভাৰ জৰিয়তে সাহিত্য চৰ্চাৰেও অসমীয়া সাহিত্য জগতত বহুমুলীয়া অৰিহনা যোগাইছে।

ভাষা আন্দোলনৰ পৰা অসম আন্দোলনলৈ, কোকৰাঝাৰ গোষ্ঠী সংঘৰ্ষৰ পৰা ওডালগুৰি গোষ্ঠী সংঘৰ্ষলৈ অসমৰ প্ৰথিতযশা বুদ্ধিজীৱি, সাহিত্যিক, দল-সংগঠনে পুৰ্ব বংগীয় লোকসকলৰ প্ৰতি সহানুভুতিশীল হোৱাই নহয়, তেওঁলোকৰ হৈ মাত মাতি আহিছে। অসম আন্দোলনৰ সেই ভয়াবহ দিনবোৰটো তেওঁলোকৰ পক্ষত থিয় দিয়া বাবে এইসকল লোক আন্দোলনকাৰীৰ নিৰ্যাতনৰ বলী হৈছিল। প্ৰতিটো লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা হ্ৰাস পোৱাৰ পাছতো অসমীয়া ভাষা ৰাজ্যৰ স্বীকৃত ভাষা হিচাবে বৰ্তি থকাৰ মুলতে যে পমুৱা মুছলমান এই কথা অসমৰ বুদ্ধিজীৱিসকলে পতিয়ন নিয়াই আহিছে। অসম সাহিত্য সভাইও এই তত্ব মানি লৈছে। স্মৰ্তব্য যে লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি ঘোষণা কৰা ১ কোটি ৬০ লাখ মানুহৰ ভিতৰত পূৰ্ববংগীয় মূলৰ সেইসকল লোকো আছে, যিসকলে অসমকে নিজৰ মাতৃভূমি বুলি আঁকোৱালি লৈছে আৰু আজি যুগ যুগ ধৰি অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা বুলি ঘোষণা কৰি আহিছে। কেৱল লোকপিয়লত ঘোষণা কৰাই নহয়, এইসকল ব্যক্তিয়ে অসমীয়া সাহিত্য, ভাষা–সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগবঢ়াই আহিছে। তেওঁলোকৰ বহুতেই নিজৰ পূৰ্ব বংগীয় পৰিচয় পাহৰি এতিয়া বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ হৈ পৰিছে। ইয়াৰ মুলতে আছে পমুৱা মুছলমানৰ পুৰ্বপুৰুষ সকলৰ দুৰদৰ্শিতা, চৰম ত্যাগ, আত্ম বলিদান, অবিৰত সংগ্ৰাম।

কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে নিজকে অসমীয়া বুলি ঘোষণা কৰা পূৰ্ববংগীয় লোকসকলকলৈ বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ ৰাজনৈতিক দলে তেওঁলোকক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে। তেওঁলোকৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক উত্তৰণৰ বিষয়ে কেতিয়াও নাভাৱিলে। এই অজুহাততে এচাম শিক্ষিত পমুৱা মুছলমান যুৱক যুৱতীয়ে ‘মিঞা জনগোষ্ঠী’ নামৰ নোহোৱা নোপোজা এটা কৃত্ৰিম জনগোষ্ঠী সৃষ্টি কৰি লৈছে। 

মিঞা শব্দৰ অৰ্থবহতালৈ নগৈ, অসমত যে এই শব্দটো তুচ্চাৰ্থত ব্যৱহাৰ কৰা হয় আৰু তাৰে গইনা লৈ এই নামত জনগোষ্ঠীয় পৰিচয় প্ৰতিস্থিত কৰাত উঠিপৰি লাগিছে। 'মিঞা মিউজিয়াম'ৰ দাবী তাৰে ফলশ্ৰুতিত সৃষ্টি এটা অবান্তৰ ৰাজনৈতিক কূট-কৌশল। মিঞা বুলি যি সময়ত কোনো জনগোষ্ঠীয়ে অসম কিয় সমগ্ৰ বিশ্বতে পাবলৈ নাই তেনেক্ষেত্ৰত এই যুক্তিযুক্ততা কি? তেওঁলোকৰ মতে নামবিহীন লাঞ্চিত, বঞ্চিত, অৱহেলিত আৰু কলংকিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে তেওঁলোকে। সময়ৰ সোঁতত বিভিন্ন জনে বিভিন্ন নামকৰণেৰে পূৰ্ব-বংগীয় লোকসকলক সম্বোধন কৰি আহিছে৷ ইয়াৰে ভিতৰত মিঞা, ন-অসমীয়া, চৰুৱা, পমুৱা, বংগমুলীয়, পুৰ্ববংগমুলীয় অসমীয়া, অভিবাসী, লুইতপৰীয়া, ভাটীয়া আদি নামেৰে নামাকৰণ কৰা হৈছে। অৱশ্যে এইকথাও অনস্বীকাৰ্য যে মুলসুঁতিৰ উগ্ৰ অতি জাতীয়তাবাদী অসমীয়াৰ এক বুজন সংখ্যকে তেওঁলোকক অসমীয়া হিচাবে গ্ৰহণ নকৰে।

সেইবাবেই চচিয়েল মিডিয়াত পুৰ্ব বংগীয় মুলৰ বহু শিক্ষিত যুৱক যুৱতীয়ে আক্ষেপ আৰু ক্ষোভত নিজকে অসমীয়া নহয় বুলিও কব বিচাৰে। কিন্তু তেওঁলোকক সম্বোধন কৰা কোনো এটা নামেই আজিকোপতি সৰ্বজন সমাদৃত হৈ উঠা নাই৷ সম্প্ৰতি মিঞা নামটোকে এইসকলে প্ৰতিষ্ঠা কৰাত উঠিপৰি লাগিছে৷ পোন প্ৰথমে এই শব্দটো অসম মিঞা (অসমীয়া) পৰিষদ নামৰ পাবত গজা সংগঠন এটাই আৰম্ভ কৰিছিল। কিন্তু তেওঁলোকে জনসাধাৰণৰ পৰা কোনো সহাঁৰি আজিলৈকে পোৱা পৰিলক্ষিত হোৱা নাই। তেওঁলোক আৰু এখোপ চৰা, পমুৱা মুছলমানে নামটো গ্ৰহণ নকৰিলেও নিজৰ সংগঠনৰ নামত 'মিঞা' শব্দটো সাঙুৰি লৈছিল আৰু এই তথাকথিত জনগোষ্ঠীক মিঞা হিচাবে অভিহিত কৰিব বিচৰা হৈছিল৷ কিন্তু সেই সংগঠনৰ মিঞাৰ সংজ্ঞা মতে দেশী, গৰীয়া, মৰীয়া, চিলেটীয়া আদি অসমত বসবাস কৰা সকলো মুছলমানেই মিঞা৷ তেওঁলোকৰ এই নামকৰণৰ কোনো ভিত্তি নাই৷ সি যি কি নহওক, এচাম সুযোগ সন্ধানী স্বার্থলোভী মানুহে এই লাঞ্চিত, বঞ্চিত, অৱহেলিত আৰু কলংকিত মানুহখিনিক কিদৰে বিপথে পৰিচালিত কৰাত উঠিপৰি তাৰ উমান ইতিমধ্যে পোৱা গৈছে।

মিঞা শব্দটোৰে জনগোষ্ঠী এটা প্ৰতিষ্ঠা কৰিবলৈ এটা কৃত্ৰিম মিঞা নামৰ ভাষাত কবিতা, প্ৰবন্ধ আদি লিখি সাহিত্য চৰ্চাৰ এক ব্যাপক ট্ৰেণ্ড আৰম্ভ হৈছে। যিটো শব্দৰ কোনো সাংবিধানিক ভিত্তি নাই সেই শব্দটো প্ৰতিষ্ঠা কৰিবলৈ উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল কৰিবলৈও এটা চক্ৰই উঠিপৰি লাগিছে৷ কিছুসংখ্যক উদীয়মান যুৱক, স্কলাৰকে আদি কৰি অসম মিঞা পৰিষদৰ আহ্বানত এখন সভাত তেওঁলোক মিলিতও হৈছিল, উদ্দেশ্য আছিল-মিঞা ইতিহাস অনুসন্ধান সমিতি গঠন কৰা। সেই সভাখনতে বহু বাক-বিতণ্ডাৰ অন্তত মিঞা ইতিহাস অনুসন্ধান সমিতি গঠন কৰা হৈছিল৷ এইকথা ইতিমধ্যে প্ৰতিপন্ন হৈছে যে তেওঁলোকে মিঞাৰ ঐতিহাসিক দস্তাৱেজ প্ৰস্তুত কৰিবলৈ আহ্বান কৰিছিল উক্ত সভা৷ মিঞা সাহিত্য সভা গঠন কৰাৰো যো-জা চলাই থকা হৈছে৷ অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি থকা বহু পমুৱা মুছলমানক তেওঁলোকে মিঞা বুদ্ধিজীৱী, মিঞা লেখক-সাহিত্যিক, মিঞা গৱেষক, মিঞা উদীয়মান শিক্ষিত যুৱ সমাজ নামেৰে সৈতে আলোচনা-পৰ্যালোচনা কৰি মিঞা সাহিত্য সভা গঠনৰ প্ৰস্তুতি চলাইছে৷ তাৰে একাংশই সপক্ষে আন একাংশই বিপক্ষে মত পোষণ কৰিছে৷ বিপক্ষে মতপোষন কৰাসকলে সকীয়াই দিছে ধৈৰ্য্য সহকাৰে সময়-সুবিধা বুজিহে সভা গঠন হ'ব লাগে৷ তাকো সকলোৰে (মিঞা-অমিঞা) সমৰ্থনৰ সৈতে৷ সকলোৰে দাবী মিঞা দোৱানত সাহিত্য চৰ্চা হ'লেও লিপি অসমীয়া হ'ব লাগে৷ আনকি মিঞা দোৱানত সৃষ্ট সাহিত্যৰাজি অসমীয়া ভাষাতো অনূদিত হ'ব লাগে৷ যাৰ দ্বাৰা মিঞা সমাজৰ লগতে অসমীয়া ভাষা-সংস্কৃতি আৰু অধিক চহকী হ'ব৷ কিন্তু শেহতীয়াকৈ তথাকথিত মিঞা কবিতাৰ যি ট্ৰেণ্ড চলিছে তাকলৈ সকলো পক্ষ সন্দিহান হৈ পৰিছে।

প্ৰথম প্ৰশ্ন হ’ল, মিঞা জনগোষ্ঠী বুলি নোহোৱা নোপোজা এটা জনগোষ্ঠী সৃষ্টিৰ উদ্দেশ্য কি? এই সৃষ্টিৰ আঁৰত হয়তো লুকাই আছে পুঞ্জীভুত ক্ষোভ, বহুতে তুচ্চ তাচ্চিল্য কৰাৰ পৰিপূৰক এক উত্তৰ। তেনে কৰিলে জানো তুচ্চাৰ্থত ব্যৱহৃত শব্দটো ইতিবাচক হৈ পৰিব? মিঞা শব্দতকৈ বাংলাদেশী শব্দটোহে অধিক ব্যৱহৃত হয়। সেইবুলি বাংলাদেশী জনগোষ্ঠী বুলি নামাকৰণ কৰিব জানো? তাতকৈ বহুবছৰ আগেয়ে বহুকেইজন প্ৰথিতযশা বুদ্ধিজীৱিয়ে তেওঁলোকক ন-অসমীয়া নামেৰে অভিহিত কৰিছিল। সেই নাম গ্ৰহণ কৰাত আপত্তি কিয়? এনে এক অৱস্থিতি গ্ৰহণ কৰি তেওঁলোকে সমগ্ৰ অসমীয়া সমাজখনকে কাঠগড়াত থিয় কৰোৱা নাইনে? তেওঁলোকৰ সপক্ষে থিয় দি নিজ সমাজৰ আধিপত্যশীল উগ্ৰ অংশৰ ৰোষৰ সম্মূখীন হোৱা অসমীয়া বুদ্ধিজীৱি, সাহিত্যিক, দল-সংগঠনক তেওঁলোকে অবমাননা কৰা নাইনে? তেওঁলোকৰ অপাৰ চেষ্টা, সংগ্ৰামৰ ফলশ্ৰুতিতে ১৯৭১ লৈকে অহা অভিবাসী মুছলমানক নাগৰিকত্ব দিবলৈ আন্দোলনকাৰী, চৰকাৰী পক্ষ মান্তি হৈছিল। তেওঁলোকৰ সেই সংগ্ৰাম কেনেকৈ পাহৰিলে? অপপ্ৰচাৰত বিপথে পৰিচালিত হোৱা আৰু স্বাৰ্থসিদ্ধিৰ বাবে নিজ জনগোষ্ঠীকে বিপদত পেলাবলৈ কুণ্ঠাবোধ নকৰাসকলে সেই জাতিৰ উন্নতি সাধন কৰিব নোৱাৰিব। 

লাহে লাহে বিচ্চিন্ন হবলৈ ধৰা লোকসকল এনে প্ৰকৰণৰ দ্বাৰা অধিক বিচ্চিন্ন হোৱাৰ আশংকাহে ঘনীভূত হৈছে। অসমীয়া ভাষা-সংস্কৃতি আকোৱালি হাৰে হিমজুৱে অসমীয়া হোৱাৰ চেষ্টাত ব্ৰতী পূৰ্ব-পুৰুষৰ সেই ত্যাগ আৰু সংগ্ৰামকো তেওঁলোকে নস্যাৎ কৰিবলৈ ওলাইছে আৰু ই উত্তৰপুৰুষৰ বাবে এক আত্মঘাটী সিদ্ধান্তত পৰিণত হ’ব। সৌ সিদিনা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যেতিয়া আন্দোলন তীব্ৰতৰ হৈছিল, তেতিয়াও মুলসুঁতিৰ অসমীয়া মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে ভাষিক জাতীয়তাবাদক গুৰুত্ব দিবনে ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক গুৰুত্ব দিব। অসমীয়াই ভাষিক জাতীয়তাবাদক হে গুৰুত্ব দি আছে আৰু নিশ্চিতভাৱে গুৰুত্ব দি থাকিব।

কোনো জনগোষ্ঠীৰ মিঞা (মিয়া) ভাষা বুলি কিবা যে ভাষা আছে সেই কথা আগতে কোনেও জনাই নাছিল৷ এইসকল লোকৰ দোৱান মৈমনসিঙীয়া, জামালপূৰীয়া, বগুৰা, ৰংপুৰীয়া আদি ভাষাৰ সংমিশ্ৰণত গঢ় লৈ উঠা মিশ্ৰিত কথিত মাধ্যম৷ ইয়াৰ কোনো ব্যাকৰণো নাই। আনকি বাংলাদেশতো এই ভাষাই কি স্বীকৃতি পায় তাকলৈ সন্দেহৰ অৱকাশ থাকি যায়। তদুপৰি বিগত এশ বছৰত এই কথিত মাধ্যমটোত বুজনসংখ্যক অসমীয়া শব্দ সোমাই ইয়াৰ ৰূপ সলনি হৈছে৷ বিগত ত্ৰিশ চল্লিশ বছৰত এই সংমিশ্ৰণৰ মাত্ৰা বহুগুণে বাঢ়িছে৷ ই শুভ লক্ষণ৷ ইয়াৰ দ্বাৰা বৃহত্তৰ অসমীয়া জাতি গঠণ প্ৰক্ৰিয়া তৰান্বিত হওক৷ এনে সময়ত সামাজিক মাধ্যমত দুই চাৰিজনে কিবা মিঞা কবিতা লিখিবলৈ আৰম্ভ কৰিছে কৰক৷ তাত কোনোৱে আপত্তি নকৰে। তেওঁলোকৰ ক্ষোভ আছে, সেই ক্ষোভ অসমীয়া ভাষাতে যুক্তিসংগতভাৱে কবিতা, গল্প, প্ৰবন্ধ লিখি প্ৰকাশ কৰক, তেতিয়া সকলোৰে দৃষ্টিগোচৰ হ’ব আৰু সাহিত্যৰ ভড়াল চহকী হ’ব৷ যি সময়ত মূলসূতিৰ অসমীয়া মানুহখিনিৰ মাজত ভাষাৰ অস্তিত্বক লৈ শংকা জাগিছে, কোনোবা চক্ৰান্তকাৰীয়ে ‘চলো পাল্টাই, ২০২১’ৰ ষড়যন্ত্ৰ ৰচিছে তেনে সন্ধিক্ষণত মিঞা ভাষাৰ সাহিত্য চৰ্চাই মূলসূতিৰঁমানুহখিনিৰ মাজত সন্দেহ, শংকা বৃদ্ধি কৰাত অৰিহণা যোগাব। 

আল-জাজিৰা, মধ্যপ্ৰাচ্য বা দেশৰ অন্যান্য মঞ্চত অসমীয়া জাতিক জেন’ফবিক হিচাবে প্ৰতিস্থিত কৰিলে অসমত বসবাস কোনো জাতি-জনগোষ্ঠীৰে উপকাৰ সাধন নহয়। মিঞা দোৱানত সাহিত্য চৰ্চাৰে ইয়াক প্ৰতিষ্ঠা কৰাৰ আঁৰত যে বাঙালী Identity লোৱাৰ প্ৰয়াস চলিছে তাকলৈয়ে বহু বুদ্ধিজীৱীয়ে আশংকা প্ৰকাশ কৰিছে। এইকথাও গুৰুত্বপুৰ্ণ যে তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিলেও ঘৰত মিঞা দোৱানত কথা পাতে, মছজিদৰ ইমামসকলে বাঙালীত বৰ্ণনা কৰে, ৰাজনৈতিক সভা-সমিতিটো বাঙালী ভাষা প্ৰয়োগ কৰি আহিছে। মিঞা দোৱানৰ সৈতে অসমত বসবাস কৰা লোকসকলৰ বাঙালী ভাষাৰ মিল অধিক। সেয়ে এই ট্ৰেণ্ডক ‘চলো পাল্টাই’ৰ অংশবিশেষ বুলি অভিহিত কৰিলেও আচৰিত হোৱাৰ কাৰণ নাই। সাম্প্ৰতিক সময় এনে বিতৰ্কৰ বাবে একেবাৰে সঠিক নহয়, সেয়ে সকলো ক্ষেত্ৰত সুক্ষ্ম বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে। এনে বিতৰ্কই খাতিখোৱা মানুহখিনিক অধিক বিপদৰ ফালেহে ঠেলি দিব। তাৰ পৰিবৰ্তে শৈক্ষিক আন্দোলনৰ প্ৰয়োজনীয়তা হে অধিক বুলি ভাৱো কাৰণ জনবিস্ফোৰণ, বাল্য বিবাহ, বহু বিবাহ, বিভিন্ন কু-সংস্কাৰ, অপৰাধ প্ৰবনতাৰ দৰে সমস্যাবোৰৰ মুলতে হ’ল অশিক্ষা।

No comments:

Post a Comment