ভাল খবৰঃ NEET-২০২০ৰ শীৰ্ষস্থানত আকাংক্ষা সিং নহৈ চৈয়েব আফটাব কিয়? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ NEET-২০২০ৰ শীৰ্ষস্থানত আকাংক্ষা সিং নহৈ চৈয়েব আফটাব কিয়?

ভাল খবৰঃ NEET-২০২০ৰ শীৰ্ষস্থানত আকাংক্ষা সিং নহৈ চৈয়েব আফটাব কিয়?

Share This

 NEET-২০২০ৰ শীৰ্ষস্থানত 

আকাংক্ষা সিং নহৈ চৈয়েব আফটাব কিয়?

নেচনেল টেষ্টিং এজেন্সিয়ে কালি NEET 2020 ৰ ৰিজাল্ট ঘোষণা কৰিছে। ভাৰতত মেডিকেল পঢ়িবৰ বাবে যোগ্যতা অৰ্জনকাৰী পৰীক্ষাটোত প্ৰায় চৈধ্য লাখ শিক্ষাৰ্থীয়ে ভাগ লৈছিল। এই পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে ৰেকৰ্ড গঢ় দি আকাংক্ষা সিং নামৰ ছাত্ৰী গৰাকী আৰু চৈয়েব আফটাবে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।  পূৰ্বতে কোনো শিক্ষাৰ্থীয়েই এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাছিল আৰু এই সফলতাৰ অধিকাৰী আকাংক্ষা আৰু চৈয়েব যুটীয়া ভাৱে অধিকাৰ কৰিছে। কিন্তু চ'চিয়েল মেডিয়াত একে সফলতাৰ অধিকাৰী আকাংক্ষাৰ নাম প্ৰচাৰ হোৱা দেখা নাই, যিমান কেৱল চৈয়বৰ সফলতাৰ বাতৰি ভাইৰেল হৈছে। আনকি উদেশ্য প্ৰণোদিত ভাৱে, UPSC/ IAS ৰ পাছত এইবাৰ NEET টো 'মুছলিমৰ জেহাদ' ধৰণৰ অলাগতীয়া পোষ্টো প্ৰকাশ পাইছে। সেয়ে এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

চৈয়ব উৰিষ্যাৰ বাসিন্দা আৰু ৰাজস্থানৰ কোটাত এলেন কচিংত প্ৰশিক্ষণ লৈ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰেই উত্তৰ প্ৰদেশৰ কুশীনগৰৰ বাসিন্দা আকাংক্ষা সিঙেও আকাশ ইনষ্টিটিউটত কচিং কৰি এই ধ্বজ উৰুৱাবলৈ সক্ষম হৈছে। আকাংক্ষাক দেশৰ ভিতৰতে ছোৱালীৰ ভিতৰত শীৰ্ষ স্থান প্ৰাপ্ত বুলি ঘোষণা কৰা হৈছে। মেধাৰ ভিত্তিত দেশৰ ভিতৰত প্ৰথম দহটা স্থান প্ৰাপ্ত স্থান প্ৰাপকৰ তালিকাখন হৈছে-

স্থান       প্ৰাৰ্থীৰ নাম        প্ৰাপ্ত নম্বৰ (মুঠ  ৭২০)

১.    চৈয়েব আফটাব        ৭২০

২.    আকাংক্ষা সিং           ৭২০

৩.    তুম্মালা স্নিকিথা          ৭১৫

৪.     বিনীত শৰ্মা                 ৭১৫

৫.     অম্ৰিশা খৈতান           ৭১৫

৬.     গুঠি চৈতন্য সিন্ধু       ৭১৫

৭.       সাত্বিক গোদাৰা          ৭১১

৮.        সৃজন আৰ                 ৭১০

৯.     কাৰ্থিক ৰেড্ডি              ৭১০

১০.    মাত্ৰবডিয়া মানিট       ৭১০

মন কৰিব লগীয়া যে দহটা স্থান লাভ কৰা এই সকলৰ দুজনে ৭২০ নম্বৰকৈ আৰু চাৰিজনে ৭১৫কৈ আৰু তিনিজনে পুনৰ ৭১০ কৈ নম্বৰ লাভ কৰিছে।  এতিয়া প্ৰশ্ন হয় যে, এই ৰেংকিং কি পদ্ধতিৰে কৰা হৈছে। একে নম্বৰ লাভ কৰা প্ৰাৰ্থীজনে যদি বায়লজিত বেছি নম্বৰ লাভ কৰিছে কেমিষ্ট্ৰিতকৈ, তেতিয়া হ'লে তেওঁক উচ্চ ৰেংকিং প্ৰদান কৰা হৈছে। যদি তাতো ট্ৰাই ভাঙিব পৰা নাই, তেন্তে এই ক্ষেত্ৰত বয়সক গুৰুত্ব দিয়া হৈছে। বেছি বয়সৰ প্ৰাৰ্থী হ'লে, তেওঁক বয়সৰ ভিত্তিত অগ্ৰাধিকাৰ দি উচ্চ ৰেংক দিয়াৰ ব্যৱস্থা আছে, যাতে বেছি বয়সৰ সকলে প্ৰথমে পঢ়িবলৈ সুবিধা লাভ কৰে, সেই লক্ষ্যৰে।নীটৰ সকলো ৰিজাল্ট https://ntaneet.nic.in/Ntaneet/Welcome.aspx লিংকত ক্লিক কৰিও চাব পাৰিব।


টাইমচ নাউয়ে প্ৰস্তুত কৰা এখন প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, একে নম্বৰ লাভ কৰিও আকাংক্ষাক এই বয়সৰ বাবেই শীৰ্ষস্থান প্ৰদান কৰা নহ'ল। বয়সত চৈয়ব আকাংক্ষাতকৈ কেইমাহমান ডাঙৰ। সেয়ে প্ৰথম স্থানৰ ৰেংক চৈয়বক প্ৰদান কৰা হৈছে, প্ৰচলিত ৰেংকিং পদ্ধতি অনুসৰি। কিন্তু তাৰ বিপৰীতে তুলনামূলক কম বয়সতে একে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আকাংক্ষাহে ৰাইজৰ সাধাৰণ দৃষ্টিত হৈছে বেছি সফল, বা শীৰ্ষ স্থানৰ গৰাকী!!


উপৰোক্ত তালিকাৰ পৰা এই কথাও দেখা যায় যে, এইবাৰ NEET ত মুছলমানৰ জেহাদ ধৰণৰ প্ৰপাগাণ্ডাও আচলতে ভুৱাহে। দেশৰ ৰাজনৈতিক পৰিস্থিতিত সকলো কথাকে হিন্দু-মুছলমানৰ চশমাৰে চাবলৈ বিচৰা লোক সকলে UPSC ত এইবাৰৰ মুছলমন শিক্ষাৰ্থীয়ে বেছি সফল হোৱা বুলি 'জেহাদ' নামেৰে প্ৰচাৰ চলাইছিল। শিক্ষাৰ্থীৰ ধৰ্ম বিচাৰ আৰু তাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰচাৰ আচলতে গৰিহণা যোগ্যহে। ৰাইজক অৰ্ধ-সত্যৰ পূৰ্ণ প্ৰচাৰেৰে মানুহক বিভ্ৰান্ত কৰাৰ প্ৰচেষ্টাৰ বিপৰীতে সেয়ে এই প্ৰতিবেদনেৰে পূৰ্ণ সত্য দাঙি ধৰাৰ চেষ্টা কৰা হ'ল।

No comments:

Post a Comment