বিশ্বৰ দেশে দেশে বিপন্ন নেকি গণতন্ত্ৰৰ ভৱিষ্যত?
পঙ্কজ প্ৰতিম বৰদলৈ
সমগ্ৰ বিশ্বই কৰ’ণা মহামাৰীৰ সৈতে যুজিঁ থকা সময়তে, গণতন্ত্ৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে কিছু সন্দেহৰ। সাম্প্ৰতিক ঘটনাৱলীয়ে আছলতে এই বহু চৰ্চিত বিষয়টোক লৈ পুনৰ এক চিন্তা-চৰ্চাৰ বাট মুকলি কৰি দিছে। প্ৰায় সাত লাখ লোক কৰ’ণা মহামাৰীত আক্ৰান্ত হোৱা সময়তে যোৱা ২৫ জুনৰ পৰা ১ জুলাইৰ ভিতৰত ৰাছিয়াত সংবিধান সংশোধনৰ বাবে এক গণভোট অনুষ্ঠিত হয়। সিদিনা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰা ডনাল্ড ট্ৰাম্পৰ সমৰ্থকে জ' বাইদেনৰ নিৰ্বাচনক মানি নোলোৱাৰ হুংকাৰ দি আমেৰিকান কংগ্ৰেছৰ প্ৰতিষ্ঠানলৈ পতাকা সহ সোমাই যোৱাৰ ঘটনাও বিশ্বই প্ৰত্যক্ষ কৰিলে। বহু দেশত দেশৰ বিধি ব্যৱস্থা, সংবিধান আদিক শাসকে নিজৰ সুবিধা হোৱাকৈ সংশোধন কৰি লোৱা আৰু সমৰ্থকৰ উগ্ৰতাৰে বিৰোধীক দমন আদিৰ কথাও বিশ্বই আজি দেশে দেশে প্ৰত্যক্ষ কৰিছে। এনেবোৰ পৰিঘটনাক পটভূমিতে এই লেখাৰ অৱতাৰণা কৰা হৈছে।
ৰাইজে জানি আচৰিত হব যে, অতি কৌশলেৰে ৰাছিয়াৰ সংবাদ মাধ্যমে বিশ্বজনতাৰ চক্ষুৰ পৰা আতঁৰত ৰাখিব খোজা এই গণভোটৰ একমাত্ৰ আৰু মূল বিষয়টো আছিল ৰাষ্ট্ৰ্পতি ভ্লাডিমিৰ পুটিন ২০৩৬ চনলৈকে সৰ্বোচ্ছ পদবীটোত বাহাল থকাৰ পথ সুগম কৰাটো আৰু এই গণভোটৰ জৰিয়তে এই সংশোধনক ন্যায্যতা প্ৰদান কৰাটো। দ্বিতীয় দুটা ঘটনা চীনদেশৰ। চীনদেশত গণতান্ত্ৰিক প্ৰমূল্যৰ কাৰ্যত কোনো স্থান নাই আৰু ২০১৮ চনতে সৰ্বোচ্ছ নেতা জি জিনপিঙে আজীৱন ৰাষ্ট্ৰপতি হৈ থকাৰ ব্যৱস্থা কৰি থৈছে। আনহাতে হ্ংকঙৰ গণতান্ত্ৰিক অধিকাৰ কেন্দ্ৰিক আন্দোলনৰ কঠোৰ, অমানৱীয় নিয়ন্ত্ৰনে ইতিমধ্যেই চীন প্ৰশাসনৰ গণতন্ত্ৰৰ প্ৰ্তি থকা বিষোদ্গাৰ প্ৰকাশ কৰিছে। কিন্তু এই দুয়োখন দেশেই দুটা ভিন্ন ধাৰাৰ আধুনিক গণতান্ত্ৰিক চৰকাৰৰ প্ৰতীক।
দুটা শতিকাৰ আগলৈকে বিশ্বৰ প্ৰায়বোৰ দেশতেই স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা বা সাম্ৰাজ্যবাদী শক্তিৰ শাসন চলিছিল। প্ৰথম বিশ্বযুদ্ধৰ অৱসানে বহুবোৰ গণতান্ত্ৰিক দেশৰ জন্ম দিছিল, কিন্তু ১৯৩০ চনলৈ এনে বহু দেশত পুনৰ একতন্ত্ৰ স্থাপিত হয়। ১৯৪৫ চনত ১৩৭ খন স্বৈৰতন্ত্ৰৰ দেশৰ বিপৰীতে মাত্ৰ ১২ দেশ গণতান্ত্ৰিক আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাত তথা সাম্ৰাজ্যবাদী শাসনৰ অন্তৰ ফল স্বৰুপে বহু গণতান্ত্ৰিক দেশ স্থাপিত হয়। আশীদশকৰ শেষৰ বছৰকেইটাত এই সংখ্যা বৃদ্ধি পায়। ২০০১ চনত ৮৮ খন দেশত গণতন্ত্ৰ থকাৰ বিপৰীতে বৰ্তমান প্ৰায় এশৰ ওপৰৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা চলি আছে আৰু আশীখন দেশত একনায়কত্ববাদী শাসন পদ্ধতি বাহাল আছে। কিন্তু যোৱা দুটা দশকত “ প্ৰকৃত গণতান্ত্ৰিক” দেশৰ সংখ্যা হ্ৰাস পাইছে। ২০০৬ চনৰ পৰাই লণ্ডনৰ বিখ্যাত দ্য ইক’নমিষ্ট কাকত গোটৰ ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিট নামৰ সংস্থাই প্ৰতিবছৰে বিশ্বৰ দেশসমূহৰ শাসন ব্যৱস্থাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি এটা মানদণ্ড প্ৰদান কৰে। মূলত প্ৰকৃত গণতন্ত্ৰ, ক্ৰটিপূৰ্ণ গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ আৰু মিশ্ৰিত শাসন ব্যৱস্থা( hybrid regime) এই চাৰি ভাগত বিভক্ত কৰিছে। এই তথ্যমতে বিশ্বত মাত্ৰ ২২ খন দেশতহে প্ৰকৃত গণতন্ত্ৰ আছে। বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল কাণ্ডাৰী স্বৰুপ আমেৰিকা আৰু ভাৰত এই পৰিসংখ্যামতে ক্ৰটিপূৰ্ণ গণতান্ত্ৰিক দেশ। আনহাতে চীন, ৰাছিয়া আদি দেশ গণতন্ত্ৰৰ আঁৰত আছলতে একনায়কত্ববাদী স্বৈৰতন্ত্ৰহে। বিশ্বৰ প্ৰকৃত জনসংখ্যাৰ মাত্ৰ ৪ দশমিক ৫ শতাংশলোকেহে প্ৰকৃত গণতন্ত্ৰৰ সোৱাদ লাভ কৰিছে।
স্বাভাৱিকতেই প্ৰশ্ন উঠিছে যে গণতন্ত্ৰৰ এনে পতনৰ কাৰণ কি? গণতন্ত্ৰৰ ভৱিষ্যত কোন দিশে ধাৱমান? ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত গণতন্ত্ৰক লৈ বিশ্বসমাজ যথেষ্ট আশাবাদী হৈ উঠিছিল আৰু সেইসময়ত এনে আশাকৰা হৈছিল যে অতি কমসময়ত বিশ্বৰ দেশসমূহত একচ্ছত্ৰী শাসনৰ অন্ত পৰিব। বহুবছৰ ধৰি একচ্ছত্ৰী শাসকৰ অধীনত থকা আৰৱ দেশ সমূহতো যোৱাটো দশকৰ শেষৰ বছটোৰ পৰা গনতন্ত্ৰ বিছাৰি আৰম্ভ হোৱা স্বৰ্তস্ফূৰ্ত আন্দোলনে অধিক আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু এনে নহ’ল। পশ্চিমীয়া গণতান্ত্ৰিক দেশ সমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰৰ এনে পতনক লৈ চিন্তান্বিত হোৱা দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰ্পতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্বাচন আৰু পৰৱৰ্ত্তী বহুবোৰ আঁচনিয়ে বিশ্বৰ শক্তিশালী দেশখনৰে গণতন্ত্ৰৰ মূল ভেঁটিটো কঁপাই তুলিছে। কিন্তু,ই বহুবোৰ কাৰকৰ এটাহে। প্ৰকৃততে বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাটোৱে এক বহুমুখী প্ৰত্যাহ্বানৰ মুখামুখী হৈছে। ৰাজনৈতিক বিশ্লেষক সকলে আঙুলীয়াই দিয়া এটা মূল দিশ হৈছে চিন্তা চেতনাৰ প্ৰণালীবদ্ধ মেৰুবিভাজন বা এক নিদিৰ্ষ্ট চিন্তা-চেতনাৰ প্ৰতি উত্সাহিত কৰাৰ নিৰন্তৰ প্ৰয়াস। গণতান্ত্ৰিক পৰিৱেশৰ সুযোগ লৈ নীতি নিৰ্ধাৰণ, আঁচনি গ্ৰহন, প্ৰশাসনীয় ব্যৱস্থা,কল্যাণমূলক আঁচনি, ধৰ্ম, বৈদেশিক নীতি, প্ৰতিৰক্ষা, উচ্চ শিক্ষা, নিৰ্বাচন,জনমত,সংবাদ মাধ্যম আদি সকলো দিশতে শাসকীয় পক্ষৰ এই মেৰুবিভাজনৰ নীতিয়ে বিৰোধী পক্ষক যিকোনো উপায়েৰে ক্ষমতা দখলৰ বাবে প্ৰেৰণা যোগাইছে আৰু গণতান্ত্ৰিক উতকৰ্ষৰ ব্যাপক ক্ষতি সাধন কৰিছে। বৰ্তমান সময়ত ডিজিটেল ব্যৱস্থা আৰু সামাজিক মাধ্যমে আৰু অধিক উদ্দেশ্যসিদ্ধ ভাৱে ব্যৱহাৰত সহায় কৰিছে। আনহাতে শক্তিশালী বিৰোধীহীন দেশত প্ৰজন্মৰ পাছত প্ৰজন্ম এনে একীভুত চিন্তা-চেতনাৰ কৰাল গ্ৰাসত পৰি সুস্থ আৰু মুক্ত চিন্তাৰ পৰা বঞ্চিত হৈছে। চীন এই পৰিণতিৰ এক জ্ব্লন্ত উদাহৰণ। বিশ্বৰ প্ৰায় সকলোবোৰ গণতান্ত্ৰিক ব্যৱস্থাই সন্মুখখীন হোৱা আন এক বৃহত সংকট হৈছে প্ৰব্ৰজন আৰু বহুজাতি (ধৰ্ম?) বিশিষ্ট গণতন্ত্ৰৰ বৰ্তি থকাৰ প্ৰত্যাহ্বান। বিশ্বৰ সকলো দেশৰ সন্মুখত প্ৰব্ৰজনে এক ভয়াবহ সমস্যা হিচাপে দেখা দিছে। নৃগোষ্ঠীগত সংঘৰ্ষ, ধাৰ্মিক অসহিষ্ণুতা,দুৰ্ভিক্ষ, দৰিদ্ৰতা, সন্ত্ৰাসবাদ, মানৱ অধিকাৰ উলংঘন আৰু অতি শেহতীয়াকৈ বিভিন্ন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইউৰোপৰ উন্নত দেশ সমূহ একে দোমোজাৰ সন্মুখীন হৈছে যি গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। আনহাতে এনে নিৰন্তৰ প্ৰব্ৰজনৰ ফলত বহুজাতিবিশিষ্ট গণতন্ত্ৰই আৰ্থ-সামাজিক আৰু জনগাঁঠনি পৰিৱৰ্তনৰ সংকটৰ মোকাবিলা কৰিব লগা হৈছে। উদাহৰণ আমাৰ ৰাজ্যৰ দীঘলীয়া বিদেশী বহিস্কাৰ আন্দোলন আৰু শেহতীয়াকৈ হোৱা “কা” বিৰোধী আন্দোলন।
বিশ্বায়ণ আৰু অৰ্থনৈতিক বৈষম্যতা গণতন্ত্ৰৰ পতনৰ আন এক মূল কাৰণ হিচাপে বিবেচিত হৈছে। বিশ্বায়ণসৃষ্ট গোলকীয় অৰ্থনীতিৰবাবে দেশসমূহৰ আত্মনিৰ্ভৰ্শীলতা হ্ৰাস পাইছে, ফলস্বৰুপে দেশসমূহৰ পৰনিৰ্ভৰশীলতা বৃদ্ধি পাইছে,যিটোৱে দেশসমূহৰ অৰ্থনীতিক কোঙা কৰিছে। দেশৰ ভিতৰটো সম্পদৰ বিতৰণৰ বৈষম্য, উন্নয়ণৰ নিম্নগামীতা, জীৱন-ধাৰণৰ মানদণ্ডৰ পাৰ্থক্য আদিয়ে প্ৰত্যক্ষভাৱে গণতান্ত্ৰিক ব্যৱস্থাসমূহ যেনে নিৰ্বাচন, নিৰ্বাচনী ব্যয়, নিৰ্বাচনী ইস্তাহাৰ,প্ৰাৰ্থী নিৰ্বাচন আদিক নেতিবাচকভাৱে প্ৰভাৱান্বিত কৰিছে আৰু গণতন্ত্ৰৰ ক্ষয়মুখী যাত্ৰাক ত্বৰানিত কৰিছে। শেহতীয়াকৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান এক সময়োচিত পদক্ষেপ। গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ প্ৰতি জনসাধাৰণৰ আস্থাহীনতা, আন এক মুখ্য কাৰণ হিচাপে দেখা দিছে। কেইবছৰমান আগতে আমেৰিকাত চলোৱা এক পৰিসংখ্যাত মাত্ৰ ১৯ শতাংশলোকেহে চৰকাৰে গ্ৰহণ কৰা আচঁনি আদি জনমুখীবুলি মন্তব্য কৰিছিল। বৰ্তমানৰ চৰকাৰ সমূহৰ কাৰ্যপ্ৰণালীয়ে এই দিশটো বাৰুকৈ প্ৰতিফলিত কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাৰ ওত:প্ৰোত অংগ ন্যায়পালিকা, সংসদ আৰু আন স্বতন্ত্ৰ অনুষ্ঠান সমূহৰ বিশ্বাস হ্ৰাসহোৱাটো শুভ লক্ষণ নহয়। ‘জনতাৰ বাবে,জনতাৰ হৈ,জনতাৰ দ্বাৰা’ আপ্ত বাক্যশাৰী বৰ্তমান এক প্ৰহসনত পৰিণত হোৱাৰ সময়ত গণতান্ত্ৰিক ব্যৱস্থাৰ ফলপ্ৰসূতা এক চিন্তনীয় বিষয়।
তেন্তে গণতন্ত্ৰৰ ভৱিষ্যত কি বা ইয়াৰ বিকল্প ব্যৱস্থা কি হ’ব ? প্ৰকৃততে আধুনিক শাসন ব্যৱস্থাত গণতন্ত্ৰই শ্ৰেষ্ঠ ! হয়। চীন, উত্তৰ কোৰিয়া, আফ্ৰিকাৰ বহুবোৰ দেশ আৰৱ দেশ সমূহৰো বহু ৰাষ্ট্ৰই গণতন্ত্ৰৰ প্ৰত্যাশাত দিন পাৰ কৰিছে। মুক্ত হ’ব বিচৰাটো মানুহৰ স্বাভাৱিক ধৰ্ম। গণতন্ত্ৰই সেই সুবিধা বহুলাংশে প্ৰদান কৰে। ‘প্ৰকৃত গণতন্ত্ৰ” আচলতে এটা ‘মীথ’। সম্পূৰ্ণ ক্ৰুটিমুক্ত গণতান্ত্ৰিক পৰিৱেশ পোৱাটো এশ শতাংশ সম্ভৱপৰ নহ’য় কিন্তু গণতন্ত্ৰৰ সংস্কাৰ সাধন কৰি ইয়াৰ সন্মুখত সৃষ্টি হোৱা প্ৰত্যাহ্বান সমূহৰ ন্যস্তস্বাৰ্থ পৰিহাৰ কৰি সময় থাকোতেই মোকাবিলা কৰাটো প্ৰতিখন গণতান্ত্ৰিক দেশৰ কৰ্তব্য আৰু জনসাধাৰণৰ হৃত বিশ্বাস পুনৰ উদ্ধাৰেৰে এই প্ৰচেষ্টা আৰম্ভ হোৱা উচিত। অন্যথা, সমগ্ৰ বিশ্বতে চীন আৰু ৰাছিয়াৰ নিচিনা গণতন্ত্ৰৰ মুখাপিন্ধা একচ্ছত্ৰী শাসনৰ আৰম্ভ হোৱাটো অসম্ভৱ নহয় !
লেখক ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী—১১০০০৪ৰ ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়ত সংগ্ৰ্হালয় শিক্ষা বিষয়া হিচাবে কৰ্মৰত। ফোন নং ৮৮০০৯৪৮৮০৮ই-মেইল ; protimpankaj@gmail.com
লেখক ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী—১১০০০৪ৰ ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়ত সংগ্ৰ্হালয় শিক্ষা বিষয়া হিচাবে কৰ্মৰত। ফোন নং ৮৮০০৯৪৮৮০৮ই-মেইল ; protimpankaj@gmail.com
তেখেতৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment