মহীৰূহৰ লেখাঃ অসমৰ অনাগত নির্বাচন হব আঞ্চলিক স্বার্থ, অস্তিত্বৰ অগ্নিপৰীক্ষা :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ অসমৰ অনাগত নির্বাচন হব আঞ্চলিক স্বার্থ, অস্তিত্বৰ অগ্নিপৰীক্ষা :: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ অসমৰ অনাগত নির্বাচন হব আঞ্চলিক স্বার্থ, অস্তিত্বৰ অগ্নিপৰীক্ষা :: ড° হীৰেন গােহাঁই

Share This
অসমৰ অনাগত নির্বাচন হব আঞ্চলিক স্বার্থ, অস্তিত্বৰ অগ্নিপৰীক্ষা
ড° হীৰেন গােহাঁই 
নতুন আঞ্চলিক দল প্রতিষ্ঠা কৰাৰ মানসেৰে  ৰাজনৈতিক অভিবৰ্তন অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উদ্যোক্তাসকল মােৰ পৰিচিত। আজি প্রায় চাৰি-পাঁচ দশক ধৰি অসমৰ আঞ্চলিক স্বার্থৰ হকে তেওঁলোকে যুঁজি আহিছে, মাত মাতি আহিছে। সেয়ে এটা আঞ্চলিক দলে ৰাইজৰ আস্থা হেৰুৱা সময়ত নতুন আপোচহীন লক্ষ্যৰে নতুন দল গঠিত হােৱা স্বাভাৱিক। এনেদৰে ইতিমধ্যে দুটা দল গঠিত হৈছে। আৰু এটা দলৰ কিবা প্রয়ােজন আছিল নেকি, সেই প্রশ্ন স্বাভাৱিকতেই ৰাইজৰ মনত উদয় হ'ব।
মনত ৰখা ভাল যে এই দলবােৰ ঘৃণনীয় কা” আইনখনৰ বিৰুদ্ধে অসমজুৰি হােৱা সংগ্ৰামৰ থলীৰ পৰা ওলাই আহিছে। সেই আন্দোলনত বিভিন্ন আঞ্চলিক শক্তিয়ে আত্মপ্রকাশ কৰিছিল যদিও তেওঁলােক  এই নির্বাচন আঞ্চলিক স্বার্থ আনুষ্ঠানিকভাৱে এক হােৱা নাছিল আৰু ধাৰাবাহিকভাৱে একেলগে কাম কৰা নাছিল। সেয়ে আন্দোলনৰ যােগেদি তেওঁলােক ঐক্যবদ্ধ হ'ল আৰু এটা ঐক্যবদ্ধ মঞ্চৰো গঠন হল। 

ইতিমধ্যে অসমত বিধান সভাৰ নির্বাচনো সমাগত হোৱাৰ সময় আহি পালে। আটায়ে উপলব্ধি কৰিছে যে এই নির্বাচন হ’ব অসমৰ আঞ্চলিক স্বার্থ আৰু অস্তিত্বৰ অগ্নিপৰীক্ষা। বিজেপি দলে ধন-ক্ষমতাৰ লােভেৰে বিভিন্ন জনগোষ্ঠীয় সংগঠক হাত কৰি এটা সংকটময় পৰিস্থিতিৰ জন্ম দিছে। অর্থাৎ অসমৰ সুকীয়া অস্তিত্ব, সাংস্কৃতিক পৰম্পৰা, আৰু ৰাজনৈতিক স্বার্থ ৰক্ষা কৰিবলৈ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ এটা অংশহে আগবাঢ়ি আহিব। এই মানুহখিনি একগােট কৰি ৰখাতেই বিৰােধীৰ ৰাজনীতিৰ সাফল্য নিৰ্ভৰ কৰিব। কেনেবাকৈ ভােট ভাগ হলেই সেই সুৰুঙাৰে বিজেপি দলে সৰকি আহিব। এই কথা প্রতিটো বিৰােধী দলেই মনত ৰাখিব লাগিব। কা বিৰােধী আন্দোলনত জড়িত হৈ থকা সময়তে বিৰােধীসকলে বিজেপিৰ চৰিত্ৰৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিছিল। অসমৰ ৰাইজৰ সকলাে দুৰ্বাৰ আৰু বিৰামহীন প্রতিবাদ, বিক্ষোভ উৰাই দি, সংসদ তীব্র বেগে আলােচনাহীন পৰিৱেশ সৃষ্টি কৰি, মাজনিশা এই আইন গ্ৰহণ কৰা হৈছিল। আৰু তাৰ প্রতিক্রিয়াত অসমৰ চহৰে-নগৰে হাজাৰ-বিজাৰ জনতা ক্ষোভ উত্তাল হৈ হিলদল ভাঙি ৰাজপথত আগুৱাই গৈছিল আৰু পেঁপুৱা লগা মুখ্যমন্ত্ৰীয়ে কাতৰ কণ্ঠে ওৰে নিশা ৰাইজক শান্ত হ'বলৈ, ঘৰলৈ উভতি যাবলৈ অনুৰােধ কৰিছিল বাৰে বাৰে। জনতা তেনে আশ্বাসবাণীত সমূলি নির্বিকাৰ হৈ আছিল। অৱশেষত পুলিচৰ গুলীচালনাত পাঁচজনকৈ যুৱক শ্বহীদ হৈছিল। জনগণৰ প্ৰতি চৰম অৱজ্ঞাৰ আন কি লক্ষণ দাঙি ধৰিব লাগে।

আন্দোলন কিছু শান্ত হােৱাৰ পিছতাে চৰকাৰে আন্দোলনকাৰীক ৰেহাই নিদি নানা গোচৰত অপৰাধী সজাইছে। অখিল গগৈ আৰু আন কোনাে কোনােজনক মিছাকৈ মাওবাদী সজাই এবছৰে বন্দী কৰি ৰাখি অসমৰ জনগণৰ পৰা দূৰৈত ৰাখিছে। ইয়াতকৈ অসমবিৰােধী, স্বৈৰতন্ত্রী আচৰণ কিবা হ'ব পাৰেনে? এই কথা কাৰাে অবিদিত নহয় যে চৰকাৰৰ কোনাে দুষ্কার্য, কোনাে ব্যর্থতাৰ প্রতিবাদ মাত্রেই দেশদ্রোহী' বা ৰাষ্ট্রদ্রোহী’ অপৰাধ গণ্য হ'ব পাৰে এতিয়া, আৰু তাৰ শক্তিও অমানুষিক। ফলত লেখকৰ কলম সংকুচিত, সাংবাদিকৰ কণ্ঠ সতর্ক, সর্বসাধাৰণে মুকলিকৈ মনৰ ভাব ব্যক্ত কৰিবলৈ ভয় কৰা পৰিৱেশ। 

ইতিমধ্যে দল তথা চৰকাৰৰ প্ৰকৃত চৰিত্র সম্পর্কে এবছৰ -আগলৈকে অসমৰ ৰাইজৰ এটা তিক্ত অভিজ্ঞতা হৈছিলেই। কর্মসংস্থান, মূল্যবৃদ্ধি ৰোধ, ৰাজ্যৰ ৰাষ্ট্ৰীয় খণ্ড বাহিৰৰ বেপাৰীক গতাই দিয়াৰ তৎপৰতা, কোনাে ক্ষেত্ৰত চৰকাৰৰ সাফল্য চকুত নপৰিল। আনকি দুর্নীতিৰ বিৰুদ্ধে প্রচণ্ড তর্জন-গর্জন কৰা দলটোৰ চৰকাৰ ক্ৰমে কদর্য দুর্নীতিৰ গৰাহত সােমাই গৈছে। অবৈধ ধন সংগ্রহ বাদেই, চৰকাৰী বিভাগে পতা চাকৰিৰ পৰীক্ষাও দুর্নীতি পংকত ডুব গৈছে৷ তাৎপর্যপূর্ণ যে তদন্তৰ দৃষ্টি ওপৰৰ স্তৰলৈ যােৱাই নাই। এনে পৰীক্ষাত দলৰ সমৰ্থৰ পাছদুৱাৰেদি সহায় কৰাৰ সন্দেহজনক প্রমাণ উজনি অসমৰ এখন ঠাইত উদঘাটিত হৈছে। অপৰাধী ৰাজনৈতিক অনুগ্ৰহত সাৰি যােৱাৰ উদাহৰণ দেখি অপৰাধীবিলাক উৎসাহিত হৈছে। অসম নালাগে, সমগ্র ভাৰততে অপৰাধৰ সংখ্যা আৰু নৃশংসতা বৃদ্ধি হৈছে। বিশেষ বিশেষ সম্প্রদায়ৰ বিৰুদ্ধে ঘটা হিংসাত্মক অপৰাধৰ পৰা বহু অপৰাধী বিনাকষ্ট বা সামান্য ক্ষতিৰে সাৰি অহা দেখি সাধাৰণ শান্তিপ্রিয় নাগৰিক শিহৰিত আৰু অপৰাধী উৎসাহিত হৈছে। এক কৃত্রিম উত্তেজনাত জনগণক সততে মগ্ন কৰি ৰাখি দেশৰ দুর্দশা পাহৰাই ৰখা হৈছে। ইয়াৰ পৰা মুক্তিৰ বাবে মুকলি আকাশৰ তলত নিশ্চিতমনে উশাহ ল'ব পৰা পৰিৱেশৰ বাবে, বিজেপিক বাধা দিয়াটো সচেতন দেশপ্রেমিক নাগৰিকৰ প্ৰথম আৰু প্রধান কর্তব্য। 

মই নিশ্চিত যে প্রস্তাবিত নতুন দলটোৰ উদ্যোক্তাসকলৰ এই বিষয়ে কোনাে দ্বিধা নাই। সেয়ে এই লক্ষ্যৰ বাবে জনসজাগতা সঞ্চাৰ কৰিবলৈ তেওঁলােকে নিশ্চয় দ্বিধা নকৰিব। | এইক্ষেত্ৰত এ.আই.ইউ ডি.এফ দলটোক এঘৰীয়া কৰি মুশ্লিম ভােট নিশকতীয়া কৰিবলৈ, গণতন্ত্রবাদীসকলৰ মনত বিভ্রান্তি আৰু বেমেজালি সৃষ্টি কৰিবলৈ এক কৌশল কৰা হৈছে। যদি বিৰােধীসকলে শতৰুৰ আক্ৰমণত বিব্ৰত হৈ সেই কৌশলী প্ৰচাৰত সমর্থন দিয়ে বা নীৰৱ হৈ থাকে, সি তেওঁলােকৰ ভয়ংকৰ অদূৰদৰ্শিতা প্রতিপন্ন কৰিব। বদৰুদ্দিন আজমলৰ দাড়ি আৰু টুপি দেখিয়েই যদি তেওঁৰ বিষয়ে কিবা অদ্ভুত গুজৱ হজম কৰা হয়, তেন্তে ই দেখদেখকৈ অন্যায় হ'ব। তেওঁ মৌলানা। কিন্তু কোনাে সাধু-সন্ত বুলি নিজকে সাব্যস্ত কৰা নাই। তেওঁ কিছুমান মুছলিম মানুহে নেতা বুলি মনা ব্যক্তি। তেওঁৰ বিষয়ে আমাৰ কিবা-কিবি আপত্তি থাকিব পাৰে, কিন্তু তেওঁক দেশদ্রোহী ষড়যন্ত্রকাৰী আৰু মুছলিম আধিপত্যবাদী সজোৱা নিজেই এক কুটিল ষড়যন্ত্র। কোনাে -আঞ্চলিক বা জাতীয়তাবাদী দলে গােটে গােটে এনে প্রচাৰ গিলাটো, উক্ত দলৰ ৰাজনৈতিক, সাধুতা অথবা পৰিপক্কতাৰ লক্ষণ হ'ব নােৱাৰে। নতুন দলে এনে বিষাক্ত অপপ্ৰচাৰৰ সজোৰে বিৰােধিতা কৰিব লাগিব। আমি মুছলিমৰ হৈ একপক্ষীয়ভারে কাম কৰাৰ পক্ষপাতী নহয়, কিন্তু সকলাে সাধাৰণ শান্তিপ্রিয় নাগৰিকৰ লগতে মুছলিম নাগৰিকৰাে নিৰাপত্তা বিচাৰোঁ।।

জনসাধাৰণক দেশৰ আসন্ন সংকটৰ পৰা পৰিত্ৰাণ কৰিবলৈ জনসাধাৰণক এইক্ষেত্ৰত ঐক্যবদ্ধ কৰিব লাগিব। তাৰ বাবে সকলাে বিৰােধী দল, শক্তি ঐক্যবদ্ধ হ'ব লাগিব। ইয়াৰ গত্যন্তৰ নাই। আশা কৰে৷ নতুনকৈ গঠন হোৱা আঞ্চলিক গণ মৰ্চা দলে এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা ল'ব। তাৰ জন্মলগ্নত মােৰ শুভেচ্ছা থাকিল। 
(লেখাটি আঞ্চলিক গণ মৰ্চাৰ গুৱাহাটীত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনৰ উদ্বোধনী ভাষণ। লেখা হিচাবে আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতি ক্ৰমে লেখাবোৰৰ ইউনিকোড সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাবে সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে।)

No comments:

Post a Comment