জোনাকীঃ কৃষকৰ অহিংস আন্দোলন আৰু মূক জনতাৰ ভৱিষ্যশংকা :: ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জোনাকীঃ কৃষকৰ অহিংস আন্দোলন আৰু মূক জনতাৰ ভৱিষ্যশংকা  :: ড° নগেন শইকীয়া

জোনাকীঃ কৃষকৰ অহিংস আন্দোলন আৰু মূক জনতাৰ ভৱিষ্যশংকা :: ড° নগেন শইকীয়া

Share This
কৃষকৰ অহিংস আন্দোলন আৰু মূক জনতাৰ ভৱিষ্যশংকা
ড° নগেন শইকীয়া
পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে কেন্দ্রীয় বিজেপি চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে পথ অৱৰােধ কৰি দিনে-ৰাতিয়ে চল্লিছ দিনতকৈয়াে অধিক কাল প্রচণ্ড শীতকো নেওচি কৰা আন্দোলন চলি থকাৰ পিছতাে প্রধানমন্ত্রীয়ে এই আইন সংশােধন হ'ব পাৰে, কিন্তু বাতিল কৰা নহ'ব বুলি কৰা ঘােষণাই চৰকাৰে যে কৃষকসকলৰ মূল সমস্যা আৰু দাবী মানিবলৈ ৰাজী নহয় তাৰ স্পষ্ট ইংগিত দিছে। 
বিগত ৫ জানুৱাৰী পর্যন্ত কৃষকসকলৰ লগত হােৱা আলােচনা। কোনাে সমাধান সূত্র ওলােৱা নাই। কেন্দ্রীয় চৰকাৰে যিটো স্থিতি গ্রহণ কৰিছে সেই স্থিতিটো হ'ল কৃষি উৎপাদনৰ পৰা হ’ব পৰা সর্বোচ্চ লাভ মধ্যভােগী ক্রোড়পতি ব্যৱসায়ীৰ হাতত তুলি দিয়াৰ। মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে পাব পৰা ন্যায্য প্রাপ্তিৰ পৰা তেওঁবিলাক বঞ্চিত হােৱাৰ যিটো পথ আওপকীয়াকৈ চৰকাৰে খুলিছে সেই পথ গ্ৰহণ কৰিবলৈ স্বাভাবিক কাৰণতে কৃষকসকল ৰাজী হােৱা নাই। কিন্তু পুঁজিপতিমুখী পুঁজিবাদী চৰকাৰে কৃষকসকল লাভৰ পৰা বঞ্চিত নহয় বুলি মুখেৰে ক'লেও আইনে সেই সুৰুঙা দিয়া নাই।এতেকে কৃষকসকলে অহিংস উপায়েৰে দিল্লীলৈ অহা পথত ৰাতি-দিন সমকাৰ কৰি অবৰােধৰ কাৰ্যসূচী চলাই আছে। 

ইতিমধ্যে দুগৰাকী কৃষকে চৰকাৰৰ মনােভাবত আশাহত হৈ আত্মহত্যা কৰিছে আৰু ডিচেম্বৰ-জানুৱাৰী মাহত উত্তাপ এক ডিগ্রীলৈ নামি যােৱা এই শীতত আৰু লগতে অহা বৰষুণত তিনি কুৰিতকৈয়ো অধিক লােকে এইপর্যন্ত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ইয়াতকৈ মমান্তিক ঘটনা আৰু কি হ'ব পাৰে? এই চৰকাৰক প্রকৃত অর্থত গণতান্ত্রিক চৰকাৰ বুলি ক'ব পাৰিনে? যদি কৃষকৰ মংগলৰ বাবেই এই আইন কৰা হৈছে তেনেহ'লে কৃষকৰ দাবী মানি লােৱাত চৰকাৰৰ বাধা ক’ত আছে? চৰকাৰে আকোঁৰগােজ হৈ আইন প্রত্যাহাৰ নকৰে বুলি কৈ প্রতিবাদী কৃষকসকলক উচ্চতম ন্যায়ালয়লৈ যাবলৈ পৰামর্শ দিছে। ইয়াৰ নিহিতার্থই স্বাভাৱিকতে সন্দেহ সৃষ্টি কৰাৰ অৱকাশ দাঙি ধৰিছে।

ভাৰতবৰ্ষৰ অন্য ঠাইৰ কথা বাদ দিও অসমতে এতিয়া ধানৰ মূল্য কুইণ্টলত বজাৰত বিক্ৰীৰ দৰৰ নিম্নতম স্তৰ চুইছে। ফলত অনেক কৃষকে উৎপাদনত যিমানখিনি ব্যয় কৰিছিল তাতোকৈ কম মূল্যত ধান বিক্ৰী কৰিবলগীয়া হৈছে আৰু এই ধানৰ পৰা চাউল উলিয়াই মধ্যভােগীয়ে তিনি চাৰে-তিনিহাজাৰ টকা পর্যন্ত কুইন্টলত চাউল বিক্ৰী কৰিছে। কৃষকৰ পৰা অনেক মধ্যভােগী ব্যৱসায়ীয়ে ধান ক্ৰয় কৰি পুঁজিপতি ব্যৱসায়ীক বিক্ৰী কৰি আহিছে। পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ কৃষকসকলে দেশৰ ভিতৰতে অধিক ধান উৎপাদন কৰে। এনে অৱস্থাত এই কৃষকসকলক বাধ্য কৰি পুঁজিপতি ব্যৱসায়ীৰ হাতত চাউল-ঘেঁহু আদিৰ ব্যৱসায় তুলি দিবলৈ কৰা যত্নৰ ফলত স্বাভাৱিকতেই কৃষকসকল এক ভয়ংকৰ বিপদৰ মুখত ঠিয় দিছে। প্রচণ্ড শীতত প্রাণ ত্যাগ কৰা কৃষকসকলৰ প্রতি বা আশাহত হৈ আত্মিহত্যা কৰা কৃষকসকলৰ প্রতি সামান্যতম সহানুভূতিও চৰকাৰে অনুভৱ নকৰাটো মানৱীয়তাৰ বিৰুদ্ধে কৰা এটা সহিব নােৱৰা অপৰাধস্বৰূপে গণ্য হ'বৰ যােগ্য। 

ৰজাৰ দায়িত্ব হ’ল প্রজাক সা-সুবিধা, আনন্দ দিয়া। কিন্তু এই চৰকাৰৰ সাধাৰণ মানুহক ছলনা কৰি নিজৰ ভেটি পকী কৰি লােৱাৰ বাহিৰে মানুহৰ প্রতি থাকিবলগীয়া দায়িত্ববােধ যে শুন্য সেই কথা প্রমাণিত হ'বলৈ বাকী নাই। এই প্রসংগত অসমৰ আগন্তুক নিবাচনৰ আগে আগে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ এটা পােক-পৰুৱা সাৰি যাব নােৱৰাকৈ ভেটী দিবলৈ আৰম্ভ কৰা কাৰ্যক চৰকাৰৰ জনতামুখী কার্য বুলি যদি কোনােবাই ক'ব খােজে, তেনে লােকক নিবাচনৰ খবৰ ওলােৱাৰ পিছত কি জনতামুখী বুলিব পাৰিবনে, তাৰ প্রতি এতিয়াই সঁকীয়াই দিবৰ মন গৈছে।

যি ধন-বস্তু আদি এতিয়া হিতাধিকাৰী বিচাৰি দান কৰিছে, ছাত্ৰ-ছাত্ৰীৰ হাতত ধন তুলি দি তেওঁবিলাকৰ ভৱিষ্যৎ চৰিত্ৰ নষ্ট কৰাৰ আৰম্ভণি কৰিছে, সেই চৰকাৰে নিৰ্বাচনৰ পিছতে বৃহৎ ব্যৱসায়ীসকলক সকলাে ব্যৱহার্য বস্তুৰ মূল্য এগুণত দুগুণ কৰি ল'বলৈ যে সুবিধা উলিয়াই নিদিব তাত বােধকৰোঁ সন্দেহ নাই। আমাৰ ৰাজ্যখনৰ ছাত্র-ছাত্রী আৰু সাধাৰণ মানুহৰ সৰহ সংখ্যকেই এই দিশটো চাবলৈ বােধকৰোঁ পাহৰি গৈছে। হাজাৰ হাজাৰ ছাত্ৰীক বিনামূলীয়া স্কুটী উপহাৰ দিছে। পিছে লিটাৰত সাতাশী টকা হােৱা পেট্রল কেনেকৈ পাব তাৰ কোনো দিশা-ইংগিত দিয়া নাই। আমি সহজেই নিজৰ মূৰ যদি বিক্ৰী কৰোঁ তাৰ ফল ভােগ কৰিবলৈও সাজু হৈ থাকিব লাগিব। 

পঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে মৰণপণ কৰি মূৰ বিক্ৰী নকৰিবলৈ সাজু হৈছে। | মােৰ ভাৱ হৈছে যে এই আন্দোলনকাৰী কৃষকসকলক সহযােগিতা দান কৰাটো দেশৰ অন্ততঃ কৃষকসকলে তেওঁবিলাকৰ এটা নৈতিক আৰু ব্যৱহাৰিক দায়িত্ব বুলি গণ্য কৰা উচিৎ আছিল। কিন্তু এই সম্পর্কে যেনে এটা প্ৰৱল জাগৰণ ঘটিব লাগিছিল তেনে জাগৰণ ক'তাে দেখা পােৱা নাই। এনে ঘটনাই, আমি দিনে দিনে কিমান আপােনপেটীয়া হৈ আহিছে তাৰ ইংগিত দিব পাৰে নাইবা চৰকাৰৰ স্থিতিক সমর্থন কৰাৰ ইংগিতাে দিব পাৰে। দেশৰ সর্বসাধাৰণ মানুহক এই ক্ষেত্ৰত নেতৃত্ব দিবলৈ মধ্যবিত্ত লেখক, বুদ্ধিজীৱী আৰু বিভিন্ন ৰাজনৈতিক দলৰ লােকসকল মাৰ বান্ধি ওলাই নহা দেখি ভাব হৈছে যে আমি আটাইবিলাক মানুহেই কম-বেছি পৰিমাণে হয়তাে নিজৰ গা-বচাই চৰকাৰৰ অসন্তুষ্টিৰ বলি হােৱাৰ পৰা ৰক্ষা পাবলৈ মনে মনে আছে।

অনেকে কব পাৰে যে পঞ্জাব-হাৰিয়ানাৰ কৃষকসকল তুলনামূলকভাৱে ধন-বিত থকা কৃষক। হ'ব পাৰে তেওঁবিলাকৰ ঘৰে ঘৰে টেক্টৰ, ট্রাক আছে, তেওঁবিলাকৰ খেতি বাবে যথেষ্ট মাটি আছে। এতেকে দেশৰ অন্যান্য সৰু সৰু কৃষকতকৈ তেওঁবিলাকৰ অৱস্থা বহুগুণে ভাল হ'ব পাৰে। কিন্তু এনে হােৱাৰ গুৰিত যে তেওঁলােকৰ মনৰ দৃঢ়তা আৰু শ্ৰমৰ মূল্য জড়িত হৈ আছে সেই কথা আমি পাহৰিব নালাগিব। যদিও চৰকাৰে কৈছে তেওঁবিলাকে নিজাববীয়াকৈও নিজৰ উৎপাদন বিক্ৰী কৰিব পাৰিব, তথাপি কৃষক সকল আশ্বস্ত হােৱা নাই কিয়? নােহােৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল যে তেওঁলােক বৃহৎ ব্যৱসায়ীৰ শৰণাপন্ন হ'বলগীয়া হ'লে মধ্যভােগীৰ হাততে অনেকখিনি উৎপাদন তুলি দিব লাগিব। ইয়াৰ ফলত “যি তিমিৰত, সেই সকল তিমিৰতে থাকিব লাগিব"। 

পুঁজিবাদত বিশ্বাসী চৰকাৰে পজিপতিসকলক অসন্তুষ্ট কৰি জনসাধাৰণৰ বাবে কিবা কৰিব বুলি ভাবিবই নােৱাৰি। এনে এটা অৱস্থাত জনসাধাৰণৰ মনত ভৱিষ্যতৰ বিপন্ন অবস্থাৰ সম্ভাৱনাৰ কথা সুমুৱাই দি জনসাধাৰণক ঐক্যবদ্ধ কৰিব নােৱাৰিলে কোনাে কামেই কেতিয়াও নিসিজিব।। | যি জনসাধাৰণে বিজেপিৰ উদাত্ত ভাষণ আৰু অজস্র অর্থহীন প্রতিশ্রুতিত মুগ্ধ হৈ ক্ষমতালৈ আনিছিল, সেই জনসাধাৰণেই ঐক্যবদ্ধ হ’ব পাৰিলে এই ৰাজনৈতিক অৱস্থাৰ পৰিৱর্তনাে ঘটাব পাৰিব। কিন্তু চৰকাৰে দিয়া ‘মিঠা' টোপ খাই যদি আমি আমাৰ দায়িত্বৰ কথা পাহৰি যাওঁ তেনেহ'লে জনসাধাৰণে কোনােদিন এই অৱস্থাৰ পৰা মুক্তি নাপাব। অৱশ্যে গণতান্ত্রিক দেশ এখনত কোনাে ৰাজনৈতিক দলে কৌশলেৰে ক্ষমতা লাভ কৰিলে তেনে চৰকাৰে যদি জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে নিজৰ সিদ্ধান্ত জনসাধাৰণৰ মূৰৰ ওপৰত জাপি দিব খােজে তেওঁলােকৰ সেই প্রচেষ্টা দীর্ঘস্থায়ী হােৱাৰ কোনাে আশা নাথাকে। জনসাধাৰণক মুঢ় বুলি ভবা ক্ষমতাধিষ্ঠিত চৰকাৰক জনতা জনার্দনে বেছিদিনলৈ সহি নাথাকে।।

সন্দেহ নাই, ক্ষমতাই মানুহক মদমত্ত কৰি তুলিব পাৰে, কিন্তু এই কথা জনা ভাল যে এনে মদমত্ততাই জনসাধাৰণৰ আস্থা দীঘলীয়াকৈ লাভ কৰা সম্ভৱ নহয়। পিছে ক্ষমতাই মুৰত যাৰ ধৰে তেনে লােকে ইতিহাসৰ এই শিকনি মনত নাৰাখে। এনে মানুহে ক্ষমতা লাভ কৰিলে উদণ্ড, অহংকাৰী আৰু কাকো নমনা হয়। গণতান্ত্রিক দেশৰ শাসনাধিষ্ঠিত দল হ'ব লাগে সম্পূর্ণরূপে গণমুখী, জনসাধাৰণৰ ইচ্ছা আৰু আগ্ৰহৰ প্রতি শ্রদ্ধাশীল, নৈতিক, গণতান্ত্রিক, মানৱীয় মূল্যবােধেৰে আশাসিত। কিন্তু দুর্ভাগ্যৰ কথা যে ভাৰতবৰ্ষত ছবছৰৰ আগতে আমি যেনে এটা চৰকাৰ পােৱাৰ আশাত উদ্বাহু হৈ আনন্দ প্রকাশ কৰিছিলোঁ সেই আনন্দ এতিয়া নিৰানন্দত পৰিণত হৈছে। এই চৰকাৰ আৰু এই চৰকাৰৰ সমর্থকসকলৰ বাহিৰে যথাৰ্থতে দেশ আৰু মানুহক ভালপােৱা নাগৰিকসকলে সন্মুখত দেখিছে ভবিষ্যতৰ এখন অন্ধকাৰ ছবি।

এই চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লােৱা কৃষি আইনৰ বিৰুদ্ধে কৃষকে কৰা আন্দোলনৰ মাজেদি দেশৰ মূক জনতাৰাে মনােভাৱে আওপকীয়া প্ৰকাশ লাভ কৰিছে। সমাজ-সচেতন গণতান্ত্রিক মনােভাবৰ দেশপ্রেমিক লােকসকল যদি এনে এটা মুহূর্ততে মনে মনে থাকে ইতিহাসে তেওঁবিলাককে ক্ষমা নকৰিব।
-----------
লেখাটি আমাৰ অসম কাকততো পূৰ্বে প্ৰকাশ পাইছে। ইউনিকোডীয় সংৰক্ষণৰ বাবে লেখকৰ মৌখিক অনুমতিসহ  পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ স্তম্ভ 'জোনাকী'ৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ

No comments:

Post a Comment