চিন্তনঃ অসমীয়াক লাগে স্বাৱলম্বী অৰ্থনীতিৰ এক ৰূপান্তৰৰ আখৰা :: ৰঞ্জিত মুক্তিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমীয়াক লাগে স্বাৱলম্বী অৰ্থনীতিৰ এক ৰূপান্তৰৰ আখৰা :: ৰঞ্জিত মুক্তিয়াৰ

চিন্তনঃ অসমীয়াক লাগে স্বাৱলম্বী অৰ্থনীতিৰ এক ৰূপান্তৰৰ আখৰা :: ৰঞ্জিত মুক্তিয়াৰ

Share This
আমাক অসমীয়াৰ অৰ্থনৈতিক অৱস্থাৰ ৰূপান্তৰ কৰিব পৰাকৈ এক স্বাৱলম্বনৰ বিশাল গণ-আন্দোলন লাগে। এয়া আজিৰ দিনৰ অনুভৱ।অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তাহানিতে এষাৰ কথা কৈছিল " যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ নিজৰ হাতত ৰাখিব নোৱাৰে ", সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে " এই কথাষাৰ যেন বৰ্তমান বাস্তব হ'বলৈ গৈ আছে । কাৰণ অসমীয়া এনে এটা শক্তিশালী আৰু কৰ্ম সংস্কৃতিবান জাতি আছিল , যি জাতিয়ে ১৮২৬ চনৰ আগলৈকে কোনো বস্তুৰ বাবে আনৰ মুখলৈ বাট চাবলগীয়া নহৈছিল প্ৰত্যেকেই নিজৰ বস্তু নিজৰ ঘৰতেই উৎপাদন কৰিবলৈ সক্ষম হৈছিল কিন্তু আজি .....?

এনে এটা কৰ্ম সংস্কৃতিবান জাতিৰ পৰা অৰ্থনৈতিক অধিকাৰ আনৰ হাতলৈ যাবলৈ মাত্র দুশ বছৰো নালাগিল কিয় ? কিয় আজিৰ অসমীয়াই নিত্য ব্যবহাৰ্য সকলো সামগ্ৰীৰ বাবে আনৰ মুখলৈ চাই থাকিব লগীয়া হ'ল ? ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমুহে বছৰি কৰি যোৱা পলুৱা ভুমি ভাগৰ বাবেই অসম হৈ পৰিছিল " শস্যে মস্যে উভৈনদী হৈ পৰা এখন সমৃদ্ধশালী ৰাজ্য । কিন্তু আজি ? 
ষাঠি দশকৰ পৰা অসমত বহু আন্দোলন হ'ল, বহু নেতা জন্ম হ'ল , ৰাজনৈতিক কাৰণতেই হওক বা কোনোবা নেতা হোৱাৰ স্বাৰ্থতেই হওক অসমীয়া জাতিক অসমীয়া জাতিক ভাঙি চিঙি এক শক্তিহীন জাতি কৰি পেলালে কোনেও কিন্তু অৰ্থনৈতিক স্বাৱলম্বীতাৰ কথা নকলে বা অৰ্থনৈতিক আন্দোলনৰ কথা নক'লে । প্ৰফুল্ল মহন্তৰ পৰা সমুজ্জ্বল ভট্ৰাচাৰ্যলৈকে আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা পলাশ চাংমাইলৈকে কোনো এজন নেতাই ঘোষণা নকৰিলে অৰ্থনৈতিক আন্দোলনৰ কথা । কোনেও নাভাবিলে অসমীয়াৰ জাতীয়তাবাদ ৰাজপথৰ পৰা পথাৰলৈ নমাই নিয়াৰ কথা বা ব্যৱসায় বানিজ্যৰ প্ৰতি আগৱঢ়াই নিয়াৰ কথা।

আন্দোলনৰ নামত অসমীয়াই এতিয়ালৈকে হেৰুৱালে প্ৰায় ষোল্ল হাজাৰ মান তেজাল সাহসী যুৱকক বহু হাজাৰে নিৰ্য্যাতন ভুগিলে, বহু জন চিৰ দিনৰ বাবে ঘূণীয়া হ'ল কিন্তু লাভ কৰিলে এটা প্ৰকাণ্ড শূন্য । বিদেশী সমস্যা যেন অসমৰ নেতা বনোৱা মেছিন হে । একেটা সমস্যা সমাধানৰ বাবে পঞ্চাছটাৰো অধিক সংগঠনৰ জন্ম হ'ল কিন্তু সমস্যা বোৰ সমস্যা হৈয়ে ৰ'ল । 

অসমৰ অসমীয়াই এতিয়া প্ৰতিটো বস্তুৰ বাবে হাত পাতিব লাগে কোনো বহিৰাগত ব্যৱসায়ীৰ ওচৰত। প্ৰায় চল্লিশ বছৰ আন্দোনল কৰি অসমত এচাম ধুৰন্ধৰ নেতাৰ জন্ম হোৱাৰ বাহিৰে আন একোকে নহ'ল । ৰাজ্যখনৰ পদপথটোৰ কাষৰ মাটিৰো অধিকাৰো এতিয়া নাই অসমীয়াৰ হাতত। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ ব্যৱসায়ৰ সুবিধা থকা মাটি সমূহো অসমীয়া দালালৰ প্ৰভাৱতে বিঘাই বিঘাই গতাই গৈছে বহিৰাগত বনিয়াৰ হাতত।  আনহাতে চৰকাৰী এটকীয়া চাউলৰ প্ৰভাৱত গ্ৰামাঞ্চলত মানুহক কৃষিৰ প্ৰতি ধাউতি ক্ৰমাত্ কমাই আনিলে । ফলত কৃষিভূমি সমূহ এফালৰ পৰা বনিয়াক বেছি বেছি সন্তানক দামী মটৰ চাইকেল , ম'ৱাইল , আদি কিনি দিয়াৰ অঘোষিত প্ৰতিযোগীতাও দেখা যায়।

বৰ্তমান অসমত এক অৰ্থনৈতিক বিপ্লৱৰ অতি প্ৰয়োজন । জাতিৰ ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে অসমীয়াই ৰাজপথ উত্তাল কৰিছে ভাল কথা কিন্তু সমান্তৰাল ভাবে যদি অসমত অসমীয়াই অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিব নোৱাৰে তেতিয়া এই গণ আন্দোলনে অসমীয়াক সুৰক্ষা কৰিব পাৰিব নে নাই সন্দেহ হয়। কাৰণ অসম প্ৰকৃতি প্ৰদত্ত ভাবে যিমানবোৰ সম্পদৰ অধিকাৰী সেই সম্পদ বিশ্বৰ আন আন ঠাইতকৈ বহুত বিৰল কিন্তু আজি অসমীয়াৰ সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত নাই । যিদিনা অসমীয়াই এই সম্পদৰ অধিকাৰ নিজৰ হাতলৈ আনিব পাৰিব, সেইদিনাৰ পৰাই অসমীয়াই স্বাভিমান ঘূৰাই পাব। 

এই ক্ষেত্রত অসমৰ জাতীয় সংগঠন সমূহৰ ভালে খিনি কৰণীয় আছে বা এই দায়িত্ব অসমৰ জাতীয় সংগঠন সমূহে লোৱা উচিত । সংগঠন সমূহে যদি সাংগঠনিক কাম কাজৰ লগতে অসমৰ প্ৰতিখন সৰু বৰ নগৰ চহৰ বা তিনিআলি চাৰিআলিত একো একো খনকৈ অসমীয়া বজাৰ গঢ়ি তুলিব পাৰে নতুন প্ৰজন্ম যদি কৃষি বিপ্লৱৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে তেতিয়া হয়টো আন্দোলন নকৰাকৈ জাতি সুৰক্ষা কৰিব পাৰিব । এখন পাঞ্জাৱে যদি সমগ্ৰ ভাৰতবৰ্ষক বাচমতি চাউল খুৱাব পাৰে , অসমে কিয় নোৱাৰে ? বৰ্তমান অসমৰ থলুৱা , বাও আৰু শালি ধানৰ বিদেশত যি চাহিদা সেই চাহিদা অনুসৰি উৎপাদন কিন্তু বহুত কম । গতিকে সেই চাহিদা পুৰণ কৰিবলৈ আমাক কৃষি বিপ্লৱৰ প্ৰয়োজন ।

শেহতীয়াকৈ অসমত ভালেকেইজন ব্যক্তিয়ে , অসমীয়া যুৱক সকলক কৃষি অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ ক্ষেত্রত আগৱাঢ়ি অহা চকুত পৰিছে। সেই সকলৰ ভিতৰত, ৰাজীব শৰ্মাৰ নেতৃত্বত মৰিগাওঁ সীতাজখলা দুগ্ধ সমবায়ে, অসমত যি দুগ্ধ বিপ্লৱৰ সূচনা কৰিছে এই বিপ্লৱে অসমলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও তিনিচুকীয়া, কাকপথাৰ, মৰিয়নি, বঙাইগাওঁ অঞ্চলৰ যুৱকে কুকুৰা কণীৰ বৃহৎ উৎপাদন ক্ষেত্রৰে কামত আগৱাঢ়িছে। মনোজ বসুমতাৰী দৰে উচ্চ শিক্ষিত ব্যক্তিয়ে, গাহৰি পালনৰ ক্ষেত্রত প্ৰশিক্ষণৰ ব্যৱস্থাৰে অসমীয়া যুৱকক আগৱঢ়াই অনা দেখা গৈছে । দেবব্ৰত ৰাভা, মনোজ বসুমতাৰী, পুষ্পধৰ দাস, মনোৰম গগৈ, অনুজ বৰুৱা , ইন্দুকল্প ভৰালী, দেৱাঙ্গ পল্লৱ শইকীয়া, অনুপম চৌধাৰী , টি এন প্ৰাণ , প্ৰনৱ সিংহ , জিতেন দত্ত ,ধ্ৰুৱজ্যেতি অৰ্জুন , বৰ্ণালী শৰ্মা বৰুৱা, ৰাজীৱ শৰ্মা , ৰঞ্জিত বৰুৱা , সত্যেন মহন্ত, নয়নমনি ভট্ৰাচাৰ্য, নিলম দত্ত, ক্ষিৰোদ শৰ্মা আদি ব্যক্তি সকলে অসমীয়া যুৱক সকলক কামত আগৱঢ়াই নিবলৈ প্ৰচেষ্টা হাতত লৈছে, ইয়াৰ উপৰিও বহুতো ব্যক্তিয়ে নিৰৱে অৰ্থনৈতিক সংগ্ৰাম চলাই থকা দেখা যায় ।

এতিয়া আমাৰ কাম কৰা সময়, উৎপাদন কৰা সময় , অসম অৰ্থনৈতিক ভাৱে সৱল কৰিব পৰা ইমান সমল থকাৰ পাচতো , অসমৰ কৃষি বিভাগ,মীন বিভাগ হাতত বহুত থল থকাৰ পিছতো আগৱঢ়াই নিব নোৱাৰাটো আমাৰ বাবে অতি দুখৰ কথা কিন্তু এই ক্ষেত্রত অসমীয়াক লাগিব আগ্ৰহ । অসমীয়াই যদি সময় থাকোটেই অৰ্থনৈতিক সংগ্ৰামৰ সূচনা নকৰে তেতিয়া হ'লে , অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোৱা " যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে" কথাষাৰ বাস্তৱ হবলৈ বেছি দিন নালাগিব ।
লেখকৰ ঠিকনাঃ ডিগবৈ, ফোনঃ ৭৫৭৭৮১৯৩৪২

No comments:

Post a Comment