বিশ্লেষণঃ সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰক্ষা কৰিব লাগিব বিৰোধীৰ 'ভোট বিভাজন' :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰক্ষা কৰিব লাগিব বিৰোধীৰ 'ভোট বিভাজন'  :: অনন্ত কলিতা

বিশ্লেষণঃ সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰক্ষা কৰিব লাগিব বিৰোধীৰ 'ভোট বিভাজন' :: অনন্ত কলিতা

Share This
xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, asomiya e paper
সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰক্ষা কৰিব লাগিব বিৰোধীৰ 'ভোট বিভাজন'
অনন্ত কলিতা
অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন অতি উৎসাহপূৰ্ণভাৱে সমাপ্ত হ’ল। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ সভাপতি নির্বাচিত হ’ল। বিজেপিৰ সংগী অগপক বাদ দি এতিয়া অসমত দুটা মুখ্য আঞ্চলিক দলৰ জন্ম হ’ল। আনটো অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দল। অসমীয়া জাতি তথা অসমৰ সকলাে খিলঞ্জীয়া জাতি-জনগােষ্ঠী বর্তমান অস্তিত্বৰ মাৰাত্মক সংকটত। অসমৰ থলুৱা জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি লৈ অনা বিজেপি চৰকাৰখনক গাদীচ্যুত কৰাটোৱে হ’ল মূল লক্ষ্য অসমপ্রেমী ৰাজনৈতিক শক্তিসমূহৰ। এই স্বৈৰাতান্ত্রিক সাম্প্রদায়িক ৰাজনৈতিক শক্তিটোৱে অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি আনিয়েই এৰা নাই, অসমৰ প্রাকৃতিক সম্পদ, ৰাজহুৱা সম্পদবােৰ আম্বানী-আদানিৰ নিচিনা বৃহৎ পুঁজিপতি গােষ্ঠীক গটোৱাৰ প্রক্রিয়া আৰম্ভ কৰিছে। অসমৰ ৰাজনীতিৰ এই পটভূমিত শক্তিশালী হিন্দুত্ববাদী বিজেপি দলক পৰাভূত কৰিবলৈ এক ঐক্যবদ্ধ মর্চা জৰুৰী।
xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, asomiya e paper
এজেপি দলৰ জন্মটো অসমৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ ঘটনা। ছয়বছৰীয়া আন্দোলনৰ মাজেৰে শক্তিশালী অগপ দলৰ জন্ম হৈছিল। অসমৰ জনসাধাৰণৰ সর্বান্তকৰণে সমর্থন লাভ কৰি অসম চৰকাৰৰ গাদী দখল কৰিব পাৰিছিল। অসমৰ জনসাধাৰণে আশা কৰিছিল অগপ চৰকাৰে অসমৰ জাতি সমস্যাকে ধৰি অর্থনৈতিক সমস্যাৰ এটি সুসমাধান কৰিব। দুর্ভাগ্যজনক যে অসমৰ জনসাধাৰণৰ এই চৰকাৰখনে পাঁচ বছৰতে আস্থা হেৰুৱালে। চৰকাৰখন দুর্নীতিকে ধৰি সকলাে বিষয়তে ব্যর্থ হ’ল আৰু অপদার্থ-দুর্নীতিগ্রস্ত চৰকাৰৰূপে পৰিগণিত হ’ল। কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰখনেই একেৰাহে। ১৫ বছৰ নির্বাচিত হ’ব পাৰিছিল। কিন্তু জাতীয়তাবাদী চিন্তাধাৰাৰ অসমৰ সর্বক্তৰৰ জনসাধাৰণৰ অকুণ্ঠ সমর্থন লৈ নির্বাচিত হােৱা চৰকাৰখন পাঁচ বছৰৰ বেছি দিন একেৰাহে অসমৰ জনসাধাৰণৰ আস্থাভাজন হৈ থাকিব নােৱাৰিলে। বর্তমান অগপকে ধৰি অনেক জাতীয়তাবাদৰ প্রবক্তাৰে বিজেপি দল ভর্তি হৈ গৈছে। জাতীয়তাবাদীৰাজনীতিৰ এই পটভূমিতে প্রতিফলিত হৈছে যে জাতীয়তাবাদী আদর্শক নিজৰ ক্ষমতা আৰু সমৃদ্ধিৰ জখলা হিচাপেহে এই নেতাবােৰে ব্যৱহাৰ কৰিছে। প্রকৃত জাতীয়তাবাদী অসমপ্রেমী আত্মত্যাগী আদৰ্শৰ ৰাজনীতিৰ তথা নেতৃত্বৰ অভাৱতেই আজি প্রাকৃতিক সম্পদত চহকী অসম অর্থনৈতিকভাৱে অতি অনগ্ৰসৰ হৈ থাকিল আৰু সম্পদবােৰাে লুট হৈ গ'ল, আনফালে অসমীয়া জাতিসত্তা অস্তিত্বহীন হােৱাৰ দিশত অগ্রগতি কৰিলে।

অসমৰ ৰাজনীতিৰ এই প্রেক্ষাপটত বৰ্তমানৰ জাতীয়তাবাদীৰাজনৈতিক দল এজেপি আৰু ৰাইজৰ দলৰ অসমৰ পৰম্পৰা জাতীয়তাবাদী ৰাজনৈতিক চিন্তাধাৰাৰ ব্যতিক্রমী দল হ’ব লাগিব। অর্থাৎ জনসাধাৰণৰ সম্পূর্ণ আস্থা পাবলৈ প্রকৃত জাতীয়তাবাদী আদর্শ তথা অসমপ্রেমী, জনসাধাৰণৰ প্রেমী, নিস্বার্থ আত্মত্যাগী আদৰ্শৰ হ’ব লাগিব। তামিলনাড়ু, মহাৰাষ্ট্র, পঞ্জাব আনকি অন্ধ্রপ্রদেশ, তেলেংগানা আদি ৰাজ্যবােৰত জাতীয়তাবাদী দলবােৰে অসমৰ অগপৰ নিচিনা জনসাধাৰণৰ আস্থা হেৰুৱা নাই তথা তেওঁলােকে ৰাজ্যবােৰৰ জাতিসত্তাৰ স্বার্থ ৰক্ষা তথা অর্থনৈতিক উন্নয়নত বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিছে। মহাৰাষ্ট্ৰত শিৱসেনাই ৰাষ্ট্ৰীয় দলৰ লগত মৰ্চা কৰিলেও অসমৰ অগপই ‘কা’ আইন সমর্থন কৰাৰ নিচিনা মাৰাঠী জাতিসত্তাৰ স্বার্থ জলাঞ্জলি দিয়া নাই তথা অর্থনৈতিক দিশটো মহাৰাষ্ট্ৰৰ তথা জনসাধাৰণৰ উন্নতিৰ সঠিক কার্যসূচী লৈছে। সেইদৰে তামিলনাড়ুৰাে ডি এম কে বা এ আই ডি এম কে দলে সর্বভাৰতীয় দলৰ লগত মৰ্চাত যােগ দিওঁ তামিল জাতিসত্তাৰ স্বাৰ্থ ৰক্ষা কৰিছে তথা অর্থনৈতিক দিশতাে ৰাজ্যৰ উন্নতি কৰিছে। অবিভক্ত অন্ধ্রপ্রদেশতাে এন টি ৰামাৰাও আৰু চন্দ্রবাবু নাইডুৰ নেতৃত্বৰ তেলুগুদেশম দলে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ লগতে তেলুগু জাতিৰ স্বাৰ্থ ৰক্ষাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

বর্তমান অসমত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অসমীয়া জাতি তথা বিভিন্ন খিলঞ্জীয়া জাতি-জনগােষ্ঠীৰ প্রতি ‘কা’ আইনে যি বিপদ কঢ়িয়াই আনিছেইয়াৰ বিৰুদ্ধে দৃঢ় অৱস্থান লােৱাৰ বিকল্প নাই। এজেপি দলৰ নেতৃত্বৰ মাজত কিছুমান নেতাৰ ক্ষেত্ৰত দোদুল্যমানতা পৰিলক্ষিত হৈছিল। আজি অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ কথাটো হ'ল বিজেপিবিৰােধী ভােটবােৰ বিভাজন। হ'ব নালাগে। অকল ‘কা’ আইন , বিৰােধিতা মানে বিজেপি বিৰােধিতা নহয়। কা’আইন বিৰােধিতা অসমৰ ক্ষেত্ৰত প্রথম বিষয় নিশ্চয় হ'ব। কাৰণ ‘কা’ আইন বলৱৰ দ্বাৰা অসমীয়া তথা বিভিন্ন খিলঞ্জীয়া জাতিৰ অস্তিত্বই নােহােৱা কৰিব। তদুপৰি বিজেপি চৰকাৰৰ যি অর্থনৈতিক নীতি, সেই অর্থনৈতিক নীতিৰে অসমৰ সকলাে প্রাকৃতিক সম্পদকে ধৰি মাটি-ভেটি দেশী-বিদেশী পুঁজিপতিক গতাব। ৰাজহুৱা সম্পদবােৰাে পুঁজিপতিক বিক্ৰী কৰা আৰম্ভ কৰিছে। অসম কৃষিপ্রধান দেশ, বিজেপি চৰকাৰে কিন্তু কৃষিখণ্ডক কৃষকৰ অধিকাৰৰ পৰা লৈ গৈ কৰ্প'ৰেটৰ হাতত অৰ্পণ কৰাৰ বাবে ইতিমধ্যে

সেইবাবে কেন্দ্ৰত ফেচিবাদী, সাম্প্রদায়িক হিন্দুত্ববাদী বৃহৎ পুঁজিপতিৰ দালাল দল এটা যদি ক্ষমতাত থাকে, অকল অসমৰ চৰকাৰখনৰ ক্ষমতা দখল কৰিলেই অসমৰ তথা অসমৰ জনসাধাৰণৰ সমস্যাবােৰৰ সমাধান হয়। এই কাৰণেই অসমৰ জাতীয়তাবাদী বা আঞ্চলিক দলবােৰে কেন্দ্ৰৰ শাসন ক্ষমতাত অধিষ্ঠিত ৰাজনৈতিক শক্তিৰ প্রতি অর্থাৎ দেশৰ ৰাজনীতিৰ প্রতিও লক্ষ্য ৰাখিব লাগিব। এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৱে কোৱাধৰণে সর্বভাৰতীয় দল মানে বিজেপিৰ চৰিত্ৰৰ বা নীতি-আদৰ্শৰ নহয়, তথা কোনাে আঞ্চলিক দলেই সর্বভাৰতীয় দলক সমর্থন কৰিলেই অস্পৃশ্য হ'ব . নােৱাৰে। ভাৰতবৰ্ষৰ অংগৰাজ্য অসম। অসম এখন স্বাধীন দেশ নহয়। লােকসভাই প্রণয়ন কৰা নীতি-আইন কেন্দ্রীয় চৰকাৰে জোৰজবৰদস্তি বলৱৎ কৰাৰ চেষ্টা কৰিব। এই পটভূমিত কেন্দ্ৰত স্বৈৰাচাৰী বা ফেচিবাদী সাম্প্রদায়িক আদৰ্শৰ চৰকাৰ এখন থাকিলে কোনাে ৰাজ্য চৰকাৰে ৰাজ্যৰ স্বার্থ তথা জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ কোনাে কামেই কৰিব নােৱাৰিব। যেনে- বর্তমান কেন্দ্রীয় চৰকাৰৰ নীতি হিন্দুত্ববাদী হােৱা বাবে এক দেশ, এক ধর্ম, এক ভাষা, এক জাতিৰ দেশ গঢ়িবলৈ কা’ আইন প্রৱর্তন কৰি অসমীয়া জাতিৰ অস্তিত্বই নিঃশেষ কৰিব বিচাৰিছে। মােডী চৰকাৰখনৰ পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ আইন কৰিছে, যি আইনৰ বিৰুদ্ধে পঞ্জাব, হাৰিয়ানাকে ধৰি দেশৰ কৃষক সমাজ সর্বাত্মক আন্দোলনত নামি পৰিছে। এই কৃষকবিৰােধী জনবিৰােধী আইনৰ বিৰুদ্ধে সংগঠিত হােৱা আন্দোলনৰ প্রতি অসমৰ আঞ্চলিক দল নিমাত থাকিব নােৱাৰে। ই আই এ বা Environmental Impact Assessment Act, 2020ৰ দ্বাৰা অসমৰ সকলাে প্রাকৃতিক সম্পদবােৰ বাধাহীনভাৱে পুঁজিপতিৰ অধিকাৰত দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। অসমৰ আঞ্চলিক দলবােৰে এই আইনৰ বিৰােধিতা কৰিবই লাগিব। বিজেপি চৰকাৰে ক্রমে ক্রমে দেশৰ সাংবিধানিক যুক্তৰাষ্ট্ৰীয় ধাৰণাটো বিলুপ্তি ঘটাই সকলাে অর্থনৈতিক গণতান্ত্রিক ক্ষমতা কেন্দ্রীয় চৰকাৰৰ হাতত লৈ লৈছে। এই ক্ষমতা কেন্দ্রীয়কৰণৰ ধাৰণাটোৰ ফেচিবাদী ধাৰণা, ৰাজ্যবােৰৰ কোনােধৰণৰ স্বকীয় ক্ষমতাই নাথাকিব। বিজেপি চৰকাৰে সকলাে ক্ষমতা কেন্দ্রীভূত কৰি আছে কেন্দ্ৰৰ হাতত আৰু কৰ্প'ৰেটৰ হাতত। যেনে—বিদ্যুতৰ সেৱা সংবিধানৰ কনকাৰেন্ট লিষ্টত আছিল, বিজেপি চৰকাৰে বিদ্যুতৰ ওপৰত ৰাজ্যবােৰৰ সকলাে অধিকাৰৰ বিলুপ্তি ঘটাই পুঁজিপতিৰ অধিকাৰত দি দিছে। সেইদৰে অনেক চৰকাৰী ক্ষমতাই হস্তান্তৰ কৰিছে কৰ্প'ৰেটৰ হাতলৈ। 

এই নীতিবোৰ হােৱাৰ বাবেই অসমৰ সকলাে প্রাকৃতিক সম্পদ অধিকাৰ পুঁজিপতিক দিয়াৰেই ব্যৱস্থা হোৱা নাইনে? একালত, বিজেপি ক্ষমতাত নথকাত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে হােৱা আন্দোলনত এই দলে অংশগ্রহণ কৰিছিল। ক্ষমতাত আহি পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ বাবে তৎপৰভাৱে বৃহৎ নদীবান্ধ সম্পূর্ণ কৰিবলৈ ওলাইছে আৰু বৃহৎ নদীবান্ধৰ নতুন নতুন প্রকল্প হাতত লৈছে। এই পটভূমিতে এজেপি আৰু ৰাইজৰ দলে সর্বভাৰতীয় দলৰ নীতি আৰু কার্যক্রমণিকাৰ প্রতি লক্ষ্য ৰাখিব লাগিব। অগপ দলৰাে কোনাে অর্থনৈতিক কার্যসূচী বা নীতি নাছিল। যি কাৰণে অগপ দলে দুটা কালৰ বাবে শাসন ক্ষমতা দখল কৰিও অসমৰ কোনােধৰণৰ অর্থনৈতিকভাৱে উন্নতি কৰিব নােৱাৰিলে। অগপ দলৰ অর্থনৈতিক ভিছনাে নাছিল। এজেপি আৰু ৰাইজৰ দলৰ অর্থনৈতিক নীতিৰাে প্রয়ােজন। কেন্দ্রীয় চৰকাৰবােৰৰ নব্যউদাৰ অর্থনীতিৰ পটভূমিত অসম চৰকাৰে কি ধৰণৰ অর্থনৈতিক নীতি গ্রহণ কৰি অসমৰ অর্থনৈতিক উন্নয়ন কৰিব সেইটোৰ স্পষ্ট ধাৰণা থকা উচিত। আজি কেৰালা চৰকাৰৰ শাসন ক্ষমতাত সর্বভাৰতীয় বাওঁদল এটা আছে। মােডী চৰকাৰৰ নিচিনা পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ চৰকাৰ এখন থকাৰ পাছতাে কেৰালা চৰকাৰে কেন্দ্ৰৰ লগত বিভিন্ন ক্ষেত্ৰত সংঘৰ্ষৰ মােকাবিলা কৰি কেনেকৈ ৰাজ্যখনৰ তথা ৰাজ্যবাসীৰ চমকপ্রদ উন্নয়ন কৰিছে সেইধৰণৰ আদর্শ ল'ব পাৰিলেহে অসম আৰু অসমৰ জনসাধাৰণৰ উন্নতি সাধন কৰিব পৰা যাব।

২০২১ চনৰ বিধানসভা নির্বাচন সমাগত। নির্বাচনৰ বাবে সাজু হােৱাৰ সময় হৈছে। কা’ আইন বিৰােধী, বিজেপিৰ নীতি বিৰােধী ৰাজনৈতিক শক্তিবােৰ ঐক্যবদ্ধ হােৱাৰ উপযুক্ত সময়। পলম হলেই বিজেপিৰ সুবিধা হ’ব। বিশেষকৈ যিবিলাক দলৰ গণভিত্তি আছে বিভিন্ন অঞ্চলত ভােটদাতাক আকর্ষিত কৰিব পাৰে সেইবােৰ দল ঐক্যবদ্ধ হােৱাটো জৰুৰী। এজেপি আৰুৰাইজৰ দলৰ সৰ্বভাৰতীয় দলৰ প্রতি বিদ্বেষপূর্ণবা পক্ষপাতিত্বমূলক দৃষ্টিভংগীনথকাই ভাল। এইবাৰৰ নিৰ্বাচনৰ দৃঢ় দৃষ্টিভংগী হ’ব লাগিব, বিজেপিবিৰােধী ভােটবােৰ বিভাজিত হ'ব নালাগে। বিজেপিয়ে সুখী হ’ব যদি বিজেপিবিৰােধী ভােটবােৰ বিভাজিত হয়। কংগ্ৰেছ দলৰ ডাঙৰ ভাইৰ দৃষ্টিভংগী আছে। ঘােষণা কৰিছে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবই। কংগ্ৰেছ দলে নিজৰ গণভিত্তি পৰীক্ষা কৰি উচিত সিদ্ধান্ত লােৱাটো জৰুৰী। বিহাৰৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে শিক্ষা লােৱা উচিত। এই সকলােবােৰ সমস্যা পর্যালােচনা কৰি এজেপি আৰু ৰাইজৰ দলে নির্বাচনৰ প্রতি শীঘ্ৰে সাজু হােৱাটো বাঞ্ছনীয়। মনত ৰখা উচিত জাতীয়তাবাদৰ গণভিত্তিৰ ক্ষেত্ৰত ১৯৮৫ চনৰ অৱস্থা নাই। বর্তমান বিভিন্ন দলৰে বিভিন্ন অঞ্চলত গণভিত্তি আছে। এই গণভিত্তিবােৰৰ ভােটদাতাসকলৰ ভােট যাতে বিভাজিত নহয় সেইটোৰ প্রতি লক্ষ্য ৰাখিব লাগিব। তেতিয়াহে শক্তিশালী বিজেপিক পৰাস্ত কৰিব পৰা যাব।
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক, ফোন : ৯৪৩৫০৪১২০৩)
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 

No comments:

Post a Comment