পৰ্যটনঃ অসমৰ পৰ্যটনলৈ ‘BEYOND KAZIRANGA’ৰ জোৱাৰ আনক... :: শান্তিকাম হাজৰিকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যটনঃ অসমৰ পৰ্যটনলৈ ‘BEYOND KAZIRANGA’ৰ জোৱাৰ আনক...  :: শান্তিকাম হাজৰিকা

পৰ্যটনঃ অসমৰ পৰ্যটনলৈ ‘BEYOND KAZIRANGA’ৰ জোৱাৰ আনক... :: শান্তিকাম হাজৰিকা

Share This
উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি, অসম পৰ্যটন, ASSAM TOURISM, XUKHDUKH,
অসমৰ পৰ্যটনলৈ ‘BEYOND KAZIRANGA’ৰ জোৱাৰ আনক 
শান্তিকাম হাজৰিকা
পৰ্যটন হৈছে সেৱাখণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান, যাৰ ভাৰতৰ দৰে বিকাশশীল এখন দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ভূমিকা লোৱাৰ সক্ষমতা আছে। পৰ্যটনে অতি সুস্থভাৱে এখন দেশৰ অৰ্থনীতিলৈ ৰাজহ সৃষ্টিৰ অৰিহণা যোগাব পাৰে, যিবোৰ বৈদেশিক মুদ্ৰাৰ আগমন ঘটোৱা, সমাজৰ এক বিশাল অংশলৈ সংস্থাপন আগবঢ়োৱা, আৰ্থ-সামাজিক বিকাশৰ অনুঘটক হোৱা আৰু অনুন্নত অঞ্চললৈ বিকাশৰ বাৰ্তা কঢ়িওৱা অন্যতম। আৰু এইবোৰ সম্ভৱপৰ হয়, দেশৰ সাংস্কৃতিক সম্পদ, চহকী ঐতিহ্য আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যক বিশ্বৰ সমুখত প্ৰচাৰ আৰু প্ৰচাৰৰ যোগেদি। পৰ্যটন ক্ষেত্ৰৰ প্ৰায়বোৰ সেৱাখণ্ড সৰু-বৰ উপাদানৰ উপৰিও প্ৰাথমিক খণ্ডবোৰৰ লগতো সম্পৰ্ক আছে। সেয়ে পৰ্যটনৰ দেশৰ অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ বাবে অৰিহণা যোগাব পৰাকৈ শক্তি আছে বুলি অনুভৱ কৰিব পাৰি। 
উজনি অসম পৰ্যটন মণ্ডলঃ বিশাল সম্ভাৱনীয়তা বনাম কৰণীয়খিনি, অসম পৰ্যটন, ASSAM TOURISM, XUKHDUKH,
ৱৰ্ল্ড টেভেল এণ্ড টুৰিজিম কাউন্সিল (WTTC), ট্ৰেভেল আৰু টুৰিজিম হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ অন্যতম দ্ৰুততম বিকাশ হোৱা ক্ষেত্ৰ। পৰ্যটন উদ্যোগ কৰোনাকালিন স্থবিৰতাৰ আগলৈ এই দশকৰ বহু বছৰ ধৰি স্থিৰ গতিৰে বিকাশ হৈ আছিল আৰু ভাৰতলৈকো আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমনৰ হাৰ দুগুণ পৰ্যন্ত বৃদ্ধি হৈছিল। ভাৰতত টুৰিজিমে মুঠ ঘৰুৱা উতপাদন(জিডিপি)লৈ প্ৰায় ৯.২শতাংশ অৰিহণা যোগায় আৰু এই বছৰৰ আগলৈকে প্ৰায় বছৰি ৬.৭ শতাংশ গতিৰে বিকাশ হৈ আছিল। এই পৰ্যটন উদ্যোগে ৮ শতাংশতকৈ অধিক লোকক সংস্থাপন দিছিল। ৱৰ্ল্ড টেভেল এণ্ড টুৰিজিম কাউন্সিলৰ সমীক্ষামতে ভাৰত পৰ্যটনৰ ক্ষেত্ৰত চীন, আমেৰিকা আৰু জাৰ্মানীৰ পাছতে চতুৰ্থ পৰ্যটন অৰ্থনীতিলৈ উন্নীত হোৱাৰ সম্ভাৱনাও প্ৰকাশ পাইছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন যোৱা দুটা দশকত ভাৰতলৈ পাঁচ গুণতকৈ অধিক বৃদ্ধি পাইছিল। সেইদৰে সংগৃহীত ৰাজহো ২০১৬-১৭চনৰ ১০.০৪% বৃদ্ধিৰ দৰৰ দৰেই ক্ৰমাত ২০২৩ পৰ্যন্ত ১.৩ বিলিয়ন ডলাৰৰ হোৱাৰ অনুমানো প্ৰকাশ পাইছিল।

অসমো যে ৰাষ্ট্ৰীয় পৰ্যটনৰ এই অভাৱনীয় বিকাশৰ অংশীদাৰ হৈছিল তাত কোনো সন্দেহ নাই। অসমতো বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ খবৰে সংবাদ শিৰোনামো দখল কৰিছিল। কিন্তু প্ৰকৃত তথ্যৰ অভাৱত এই বৃদ্ধিৰ আচল হাৰ অনুমান কৰিব নোৱাৰিলেও, অসমৰ প্ৰাকৃতিক সম্পদেৰে গঢ়িব পৰা পৰ্যটনৰ সম্ভাৱনাক যে এই ‘ভীৰ হোৱা পৰ্যটন’ পৰ্যন্ত লৈ যাবলৈ সক্ষম হোৱা নাই, সেই কথা সহজেই অনুমেয়। অসমৰ পৰ্যটনত যেন ‘প্ৰদৰ্শনযোগ্য সমলৰ নতুনত্বৰ অভাৱ’হে, যাৰ ফলত ভাৰতীয় মধ্যবিত্তৰ পৰ্যটনৰ ধুম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বিশাল আগমনৰ এই বিশাল ঢৌৰ পৰ্যটন বিকাশৰ ক্ষেত্ৰত বিশেষ লাভ উঠাব পৰা নাই।

স্পষ্টভাৱে কবলৈ গ’লে, অসমৰ পৰ্যটন যেন কাজিৰঙাৰ সৌষ্ঠৱ, অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ পৰা আগুৱাবই পৰা নাই। বেছি ভাগ পৰ্যটকেই অসমলৈ বিশেষকৈ কাজিৰঙাত কেৱল গঁড় চাবলৈহে আহে, যেন অসমৰ আৰু পৰ্যটনৰ বাবে আগুৱাই দিবলৈ আন সমলৰ অভাৱহে!এই কথা স্বীকাৰ কৰিব লাগিব যে, অসমলৈ অহা এই পৰ্যটক সকলক কিন্তু নিজৰ ৰাজ্যৰ ফালে ঢাল খোৱাই লৈ যাবলৈ মেঘালয় সৰ্বাধিক সফল হৈছে। অসমৰ বাহিৰৰ পৰা অহা বেছি ভাগ পৰ্যটকেই গুৱাহাটীৰ পৰা পোনে পোনে কাজিৰঙালৈ এপাক মাৰি, মেঘালয়কো উভতনি যাত্ৰাত সামৰি লোৱাটো স্বাভাৱিক কথালৈ ৰূপান্তৰ হৈছে। পূৱৰ স্কটলেণ্ড খ্যাত শ্বিলংঙৰ উপৰিও, বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই চেৰাপুঞ্জীৰ উপৰিও মেঘালয় টুৰিজিমে এছিয়াৰ আটাইতকৈ নিকা গাওঁ বুলি কোনে আখ্যা দিলে তাকো নজনা ঠাই মাৱলিয়াং পৰ্যন্ত পৰ্যটকক আকৰ্ষণ কৰি নিবলৈ সক্ষম হৈছে। বাংলাদেশ বৰ্ডাৰৰ ডাউকীৰ নিকা পানীৰ নদীত নাও বোৱা আৰু মেঘালয়ৰ বিখ্যাত শিপাৰ দলঙকো বিশ্ব পৰ্যটনৰ মেপত আকৰ্ষণীয়কৈ স্থান দিব পৰাটো মেঘালয়া টুৰিজমৰ এক বিশেষ প্ৰশংসনীয় সাফল্য স্বৰূপেই। শেহতীয়াকৈ অৰুণাচলৰ ভিন্ন প্ৰান্ত আৰু টাৱাঙ এক পৰ্যটনৰ বিশেষ আকৰ্ষণ হিচাবে গঢ় লৈ উঠিছে।

এই প্ৰেক্ষাপটতত অসমৰ পৰ্যটনক কাজিৰঙাৰ পৰা আগলৈ নিয়াৰ চিন্তা কৰিবৰ সময় হ’ল, কাৰণ তেতিয়াহে অসমৰ পৰ্যটন উদ্যোগক এক গতি প্ৰদান কৰিব পৰা যাব। প্ৰথম কথা, কাজিৰঙা কেইবাটাও দিশৰ পৰা প্ৰায় সংপৃক্ত হৈ গৈছে। যদিও, কাজিৰঙা বিশ্বৰ ভিতৰতে ভালকৈ ব্যৱস্থাপিত এখন বন্য-জন্তুৰ অভয়াৰণ্য, এশিঙীয়া গঁড়ৰ একমাত্ৰ বসতিস্থল, এছিয়ান হাতী, বনৰীয়া ম’হ (Water Buffalo), ভিন্ন প্ৰকাৰৰ পহু (Swamp deer), বাঘকে ধৰি চহকী জৈৱ-বৈচিত্ৰ্যৰ বাবে বিখ্যাত। কিন্তু পৰ্যটকৰ সংখ্যাধিক্যতা, জধে-মধে চলা নিৰ্মাণ, আৰু বনাঞ্চলৰ ওপৰত বেদখল আদি মাত্ৰাধিক হৈ পৰিছে। অতি সোনকালেই কাজিৰঙা ‘অভাৰ-টুৰিজিম’ৰ বলি হোৱাৰ আৰু পৰ্যটন বিকাশলৈ স্থবিৰতা অনাৰ সম্ভাৱনাই দেখা দিছে, যিটোৱে আৰ্থ-সামাজিক-পৰিৱেশৰ বহনক্ষমতালৈকো প্ৰভাৱ পেলাব। ‘Law of Diminishing return’ৰ প্ৰভাৱত কাজিৰঙালৈ আহিব লগা স্থবিৰতাৰ এই সম্ভাৱনাৰ পৰা উত্তৰণৰ স্বাৰ্থতে অসমৰ পৰ্যটনে ‘BEYOND KAZIRANGA’ শ্লোগানক লৈ এক জোৱাৰ তোলাৰ কথা চিন্তা কৰাৰ সময় আহিল।

কোনোৱে যেতিয়া ‘BEYOND KAZIRANGA’ বুলি কয়, তেতিয়া ই কাজিৰঙাৰ পূৱলৈ অৰ্থাত উজনি অসমৰ কথাকে বুজোৱা হয়। উজনি অসমত এতিয়াৰ পৰ্যটনৰ প্ৰভূত সম্ভাৱনীয়তা আছে, যাক দুভাৰ্গ্যজনক ভাৱে কাহানিও প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা হোৱা নাই।‘কাজিৰঙাৰ আগলৈ’ বুলি কোৱাৰ অৰ্থ কেৱল উজনি অসমত পৰ্যটনৰ বিকাশৰ কথা কব খোজা নাই, কিন্তু অসমৰ পৰ্যটনক ‘BEYOND KAZIRANGA’ ৰে সমৃদ্ধ ৰূপত বিকাশৰ কথাহে কব খোজা হৈছে।

এতিয়ালৈকে, টুৰিজিমক সেৱা খণ্ডৰ কেৱল ভ্ৰমণ, থকা-খোৱা, ৰিক্ৰিয়েচন, চাইট-চিয়িং, ৰিলেক্সেচন, এৱেৰনেচ আৰু বেলেগ সংস্কৃতিৰ সংস্কৃতি, অভ্যাস আৰু ঠাইৰ সৈতে পৰিচয় কৰোৱাৰ মাধ্যম ৰূপেহে গণ্য কৰা হৈছিল। কিন্তু জীৱনৰ প্ৰতিটো ক্ষেত্ৰলৈ অহা পৰিৱৰ্তনৰ দৰেই টুৰিজমলৈকো নতুন চিন্তাৰ আগমণি ঘটিছে। এতিয়া পৰ্যটন হৈ পৰিছে বিশেষত ‘Offering experiences’ হে, যাক Gilmore and Pine য়ে তেওঁলোকৰ গ্ৰন্থ ‘The Experience Economy’ ত লিখিছে, “Travel is now more about rejuvenation, adventure, fulfillment, learning new skills and ‘being more of who you are’ than just ticking off places and things and flopping in the sun…”। সেয়ে অসমৰ পৰ্যটনক ‘BEYOND KAZIRANGA’ ৰূপত গঢ়াৰ বাবে প্ৰতিষ্ঠিত পন্থাতকৈ নতুন পদ্ধতি অৱলম্বনৰ বাবে পৰামৰ্শ দিব বিচাৰিছো।

উজনি অসম বিশেষকৈ চাৰিটা উদ্যোগেৰে সমৃদ্ধঃ চাহ, কয়লা, ৰেলৱে আৰু খাৰুৱা তেল। এই উদ্যোগ কেইটাই উজনি অসম অঞ্চলত বিশ্বৰ ভিতৰতে একপ্ৰকাৰ বিকাশৰ আগৰণুৱা ভূমিকা লৈছিল।উজনি অসমত কয়লা ব্ৰিটিছ স্কাউটে ১৮২০ চনতে আৱিস্কাৰ কৰিছিল। প্ৰথমটো চাহ কোম্পানী (দ্যা অসম কোম্পানী) ১৯৩৯চনত গঠিত হৈছিল। ১৮৮০চনতে এই অঞ্চলত ৰেলৱে লাইন স্থাপিত হৈছিল। বিশ্বৰ প্ৰথম মেকানাইজড ড্ৰিলিং ১৮৫৭চনত আমেৰিকাৰ বাহিৰত প্ৰথম এই উজনি অসমৰে মাৰ্ঘেৰিটাত কৰা হৈছিল। এই চাৰিটা উদ্যোগ এতিয়াও সমৃদ্ধ ৰূপত এই অঞ্চলবোৰত চলি আছে। শতিকা পূৰ্বে এই উদ্যোগ সমূহ এই অঞ্চলত কিদৰে স্থাপিত হৈছিল, সেই দৃশ্য তথা পৰিৱেশ সমূহৰ RECREATE কৰিও মানুহে এক কল্পনাৰ জগতৰ জড়িয়তে এক অনাবিল অভিজ্ঞতাৰ সোৱাদ লোৱাৰ ব্যৱস্থা গঢ় লব পাৰে। বহুতেই এই কথাও নাজানে যে হলিউডৰ বিখ্যাত অভিনেত্ৰী জুলি ক্ৰিষ্টীৰ জন্ম হৈছিল উজনি অসমৰ এখন চাহ বাগিচাৰ হাস্পতালতহে। Industrial History টুৰিজমৰ প্ৰমোচনৰ যোগেদি এনে বহু নজনা কথা পোহাৰলৈ অহাৰ সম্ভৱনাও আছে। এই অঞ্চলবোৰ বিশাল জনগোষ্ঠীয় বৈচিত্ৰ্যতাৰে (Ethnic diversity) ৰে ভৰা। উদ্যোগিক ইতিহাসৰ সৈতে স্থানীয় জনগোষ্ঠীয় বৈচিত্ৰ্যতাৰ সংমিশ্ৰণত এক নতুন ধৰণৰ পৰ্যটনৰ ধাৰাও (Niche Tourism) সৃষ্টি হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ আছে।

দ্বিতীয় বিশ্বযুদ্ধ (1942-45)ত উজনিৰ অসমৰ এটা অংশ চীনা বাৰ্মা ইণ্ডিয়া (CBI)থিয়েটাৰ হিচাবে গণ্য কৰা হৈছিল। সংযুক্ত ফৰ্চৰ হাজাৰ হাজাৰ সৈনিক যিবোৰ, আমেৰিকা, ইউৰৰোপ, চাইনা, ভাৰত আৰু আন কমনৱেলথ ৰাষ্ট্ৰৰ আছিল, তেওঁলোকে এই ভূ-খণ্ডত একত্ৰে সমবেত হৈছিল আৰু জাপানী আগ্ৰাসনক প্ৰতিহত কৰিবলৈ কেইবাখনো যুদ্ধত অৱতীৰ্ণ হৈছিল। এই যে নামবোৰ, লিডু, কোহিমা, ষ্টিলৱেল, লেক অফ নো-ৰিটাৰ্ণ, ৱিনগেট, হাম্প, কুনমিং আদিবোৰৰ এই যুদ্ধৰ ইতিহাসৰ সৈতে সংপৃক্ত নামহে। ডিগবৈত WWII Cemetery ক the Commonwealth War Graves Commission য়ে চোৱাচিতা কৰে। এই যুদ্ধবোৰৰ বহুতো ধ্বংসাৱশেষ তথা চিন এই অঞ্চলবোৰত পোৱা যায়। কিছু বছৰ পূৰ্বে তেনে এক জাপানিজ যুদ্ধ-নিহত সৈনিকৰ গ্ৰেভয়াৰ্ড অৰুণাচলত আৱিস্কৃত হৈছিল। সেই দেশ সমূহৰ পৰ্যটক সমূহৰ বাবে এই যুদ্ধক্ষেত্ৰ সমূহ পৰ্যটনৰ আহিলা হব পাৰে, তীৰ্থ ৰূপেও। বিশ্বৰ ইতিহাসক দিশ নিৰ্ণায়ক হোৱাকৈ পূৰ্ব-পুৰুষে অংশ লোৱা যুদ্ধবোৰৰ স্মৃতি চিহ্নবোৰ চাই ভাবুক হোৱাকৈ সেই সৈনিক বীৰ সকলৰ সতি-সন্তনি, বৰ্ষীয়ান যুঁজাৰু সকলৰ বাবে এই স্থান সমূহে এতিয়াও পৰ্যটনৰ সম্ভাৱনা ধৰি ৰাখিছে। বিশ্বৰ বহু দেশত জনপ্ৰিয় ধাৰা Battlefield Tourism ঐতিহাসিক সমল থকা স্বত্তেও অসমত এতিয়াও জনপ্ৰিয়কৰণ কৰা হোৱা নাই।

একেদৰেই, উপনিবেশিক কালৰ বিষয়া সকল, খ্ৰীষ্টিয়ান মিচনেৰীজ, টী-প্লেণ্টাৰ, উদ্যোগিক প্ৰফেচনেল যি সকলে সেই অতীতত এই অঞ্চলটোত কাম কৰিছিল, সেই সকলৰ সতি-সন্ততি তথা পৰিয়াল বৰ্গই চাব পৰাকৈ ভিন্ন সমলবোৰক লৈ এক ধৰণৰ Nostalgia Tourism য়ো ‘Beyond Kaziranga’ ধাৰণাৰ পৰ্যটন বিকাশৰ বাবে ইউনিক চেলিঙ পইণ্ট ৰূপে প্ৰমোচনৰ সমল নিশ্চয়কৈ হব পাৰে। 

প্ৰায় তিনিটা দশক পূৰ্বে যেতিয়া মই দুলীয়াজানত কৰ্মৰত আছিলো, তেতিয়া উত্তৰ পূৰ্বৰ নিৰ্বাচিত গল্ফাৰ সকলৰ North Indian Club ৰ সদস্য সকলৰ সৈতে ভাব-বিনিময় কৰিবলৈ পাইছিলো। তেওঁলোকে জনোৱা মতে এই উজনিৰ অঞ্চলটোত Golf Enthusiastic ৰ বাবে চল্লিশ কিলমিটাৰ ব্যাসাৰ্ধত প্ৰায় সুদৃশ্য ৰূপত আঠ খনকৈ গল্ফ কৰ্ছ আছে। এবাৰ ভাবকচোন, যে উজনি অসমত এনেকুৱা সমল আছে, যে বিশ্বৰ আগ্ৰহী পৰ্যটকে এটা সপ্তাহৰ ছুটীত আহি প্ৰতিদিনেই একোখনকৈ নতুন গল্ফ কৰ্ছত খেলাৰ অভিজ্ঞতা লভিবও পাৰে! গল্ফৰ বাহিৰেও এই অঞ্চলটোৱে মনোৰঞ্জন (Recreational activity) ৰ বাবে মাছমৰা, ৰাফটিঙ, হাইকিং, বাৰ্ড ৱাটছি আৰু প্ৰকৃতি পৰ্যটনৰ বহু সমল আগবঢ়াব পাৰে। যি সকলে এডভেঞ্চাৰ ভাল পায়, ভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি, ইতিহাস, খাদ্য, জীৱন-ধাৰাৰ অভিজ্ঞতা লব খোজে, তেওঁলোকৰ বাবে গ্ৰাম্য জীৱনৰ পৰ্যটনকো সামৰি এক Recreational Tourism পেকেজ গঢ়াৰো এক প্ৰভূত সম্ভাৱনা এই উজনি অসমে বহন কৰিছে।

এই অঞ্চলটোত থকা বিশাল জনগোষ্ঠীয় বৈচিত্ৰ্যতাৰ মাজত একক আৰু অনন্য সাংস্কৃতিক সমলৰ লগতে ধৰ্মীয় পৰ্যটনৰো সমল আছে। বৌদ্ধ ধৰ্মীয় মথৰো কেইবাটাও আকৰ্ষণীয় স্থল আছে। Socio Religious Tourism ৰ এক ধাৰাও সুসংগঠিত ৰূপত আৰম্ভ কৰাৰ সম্ভাৱনীয়তা আছে।

এই তালিকাখন আচলতে সীমাহীন। আশাকৰোঁ অসমৰ উদ্যমী যুৱ প্ৰজন্মই এই পৰ্যটনৰ সম্ভাৱনীয়তাবোৰক লৈ বিশদ অধ্যয়ন কৰিবলৈ আগবাঢ়িব আৰু ভিন্ন ধৰণৰ নতুন শৈলীৰ পৰ্যটন গঢ়িবলৈ আগবাঢ়ি আহিব। এই অ়ঞ্চলৰ পৰ্যটনৰ সমল অনিবৰ্চনীয়। সেই বাবেই আকৌ কৈছো, ‘Beyond Kaziranga’ৰ শ্লোগানৰ পৰ্যটনেৰে অসমৰ পৰ্যটনলৈ আনিব পাৰিব এক নৱ-জাগৰণ। 
******
(লেখক প্ৰতিষ্ঠাপক ডাইৰেক্টৰ, আসাম ইনষ্টিটিউট অফ মেনেজমেণ্ট (অসম চৰকাৰৰ এখন চ’ছাইটি))
*******
সম্পাদকৰ সংযোজনঃ 
লেখকৰ এই প্ৰৱন্ধৰ আঁত ধৰি অসমীয়াৰ সুখ-দুখত অসমত পৰ্যটনৰ প্ৰসাৰৰ বাবে এলানি লেখা প্ৰকাশ কৰাৰ দিহা কৰা হব। পাঠকে নিজা নিজা ভ্ৰমণ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ লেখা xukhdukh@gmail.com লৈ পঠাব পাৰিব। এইখিনিতে উল্লেখ কৰিব বিচৰা হৈছে যে লেখকে উল্লেখ কৰাৰ দৰেই বৰ্তমান ডিগবৈত ইণ্ডিয়ান অইলে এখন 'অইল পাৰ্ক' স্থাপন কৰিছে, মাৰ্ঘেৰিটাত কোল ইণ্ডিয়ায়ো এখন কয়লা অন্বেষণৰ থীম হিচাবে এখন পাৰ্ক স্থাপন কৰিছে। বৌদ্ধ তীৰ্থ স্থানৰ ভিতৰত নামফাকে নামৰ ঠাইত ধুনীয়াকৈ টুৰিজিমৰ ব্যৱস্থা কৰিছে পেইম থী গোহাঁই নামৰ এগৰাকী ব্যক্তিয়ে। মাজুলীতো একেদৰেই ৰিলিজিয়াচ টুৰিজিমৰ বাবে থলুৱা যুৱকে আন্তঃগাঁঠনি তৈয়াৰ কৰিছে। এইবোৰৰ বিষয়ে সবিশেষ আমি পাছৰ প্ৰৱন্ধবোৰৰ যোগেদি আলোকপাত কৰিবলৈ চেষ্টা কৰিম।
---------------
অসমীয়াৰ সুখ-দুখৰ ৱেব-কাষ্ট সুখ-দুখ LIVE,
  Youtube চেনেল xukhdukh ত চাওক, 
বিশেষজ্ঞৰ সৈতে ব্যৱহাৰযোগ্য মনোজ্ঞ আলোচনাঃ
ক্লিক কৰকঃ
https://www.youtube.com/channel/UCAAMwACpnh655HAdeZxdwBA
---------------------
উদ্যমিতাক বিষয় হিচাবে লৈ 'নতুন ব্যৱসায় গঢ়িবৰ বাবে SMART উপায়'..... অভিজ্ঞতা সম্পন্ন অভিযন্তা-উদ্যমী শ্ৰীমন্ত বৰদলৈৰ 
সৈতে সুখ-দুখ LIVE ৰ এটি আলোচনা চাওক তলৰ ভিডিঅ'ত। আঁত ধৰিলে, xukhdukh.com ৰ Founder Editor, অজয় লাল দত্তই...

No comments:

Post a Comment