স্বাস্থ্য-চৰ্চাঃ মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ :: ডাঃ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্য-চৰ্চাঃ মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ :: ডাঃ ভূপেন শইকীয়া

স্বাস্থ্য-চৰ্চাঃ মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ :: ডাঃ ভূপেন শইকীয়া

Share This
মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ
ডাঃ ভূপেন শইকীয়া
আজিকালি সততে সৰু-ডাঙৰ সকলোৰে মুখত ঘাঁ হোৱা দেখা যায়৷ ই হয়তো এক সাধাৰণ পৰিঘটনা হব পাৰে নতুনা অন্যান্য ৰোগৰ ফলশ্ৰুতিও হব পাৰে৷ মুখক পেটৰ দাপোন বুলি কোৱা হয়৷ গতিকে কৌষ্ঠকাঠিন্য বা আন পাক প্ৰণালীৰ অসুস্থতাৰ পৰিণামস্বৰূপে মুখত ঘা হোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ ওপৰিও আন আন বহুত কাৰণত মুখত ঘা হব পাৰে৷ চাওকচোন মুখত ঘা হোৱাৰ বিভিন্ন কি কি কাৰণ হব পাৰে৷

• ষ্ট্ৰেছ অৰ্থাৎ যি কোনো শাৰীৰিক বা মানসিক চাপ -মুখত ঘা হোৱাৰ ইয়াক এক প্ৰমুখ কাৰণ বুলি গণ্য কৰা হয়৷ বহুতো মানুহে ছাপত পৰিলে অপকাৰী ৰাগিয়াল দ্ৰব্য়ৰ সহায় লয়,সেয়াও ক্ষতিকাৰক৷

• কনষ্টিপেচন আৰু পাকপ্ৰণালীৰ অসুখ- বিশেষকৈ গেষ্ট্ৰইচ ভেজিয়েল ৰিফ্লাস্ক ডিজিজ মুখৰ ঘাৰ উল্লেখযোগ্য কাৰক হব পাৰে৷

• মুখৰ স্বচ্ছতা বা হাইজিন ভালকৈ বৰ্তাই নাৰাখিলে- মুখত ঘাঁ হব পাৰে৷ ব্ৰিটিছ ডেন্টিষ্ট এজনে অলপতে ব্যক্ত কৰিছে যে দিনে অন্তত: দুবাৰকৈ টুথপেষ্ট লগাই ব্ৰাছ কৰিলে মুখৰ হাইজিন ভালে থাকে আৰু মুখৰ ৰোগত আক্ৰান্ত হব নোৱাৰে আৰু কৰ'নাৰ পৰাও সুৰক্ষা পায়৷

• দাঁত ভালে নাথাকিলে আৰু ডেন্টেল প্ৰচিডিউৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে- মুখত ঘা হব পাৰে৷ পোকে খোৱা,ভঙা,ধাৰ থকা দাঁত থাকিলে মুখৰ সংলগ্ন অঞ্চলত ঘাঁ হব পাৰে৷ দাঁত পোনোৱা কামত ব্যৱহৃত তাঁৰৰ আঁচোৰ লাগিও ঘা হব পাৰে৷

• গৰম চাহ,কফি বা আন গৰম খাদ্যৰ প্ৰভাৱ- অসাবধানতাবশত: গৰম খাদ্যই মুখত ঘাঁৰ সৃষ্টি কৰিব পাৰে৷

• শৰীৰত ভিটামিনৰ অভাৱ হলে- ভিটামিন-বি ১২,ফলেট,আইৰণ,জিংক আদিৰ অভাৱ হলে মুখত ঘা হব পাৰে৷

• যি কোনো কাৰণতে শৰীৰৰ ইমিউনিটি হ্ৰাস পালে - যেনে এইডচ,কেঞ্চাৰ বা আন জটিল ৰোগ৷

• ফাংগেল,ভাইৰেল,বেক্টেৰিয়েল ৰোগৰ ফলত মুখত ঘা হব পাৰে৷ কেণ্ডিডা এলবিকানচ নামৰ শেলুৱৈয়ে মুখত ঘাঁ কৰে৷ হাৰপিজৰ বিভিন্ন ভাইৰাছেও মুখত ঘা কৰে৷ এমক্সিচিলিন জাতীয় এন্টিবায়টিকে মুখত ঘা কৰিব পাৰে৷ আন বিভিন্ন এন্টিবায়টিকৰ ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে কেতিয়াবা এনে হব পাৰে৷ 

• মহিলাৰ মাহেকীয়া সময়ত হোৱা হৰমোনৰ অস্থিৰতাৰ হেতু৷

•ফুড এলাৰ্জী, উদাহৰণ-কণী, মাছ, পনীৰ, বাদাম, ষ্ট্ৰবেৰী, আনাৰচ, চকলেট আদি৷

• ড্ৰাগ এলাৰ্জী যেনে ফেনবাৰবিটন,ফেনিটইন আদি মৃগীৰ দৰব৷- 

• অটো-ইমিউন ডিজিজ - উদাহৰণ বেহচেট ডিজিজ৷

ঘাঁৰ বিৱৰণ- মুখত ঘা এটা বা কেইবাটাও হব পাৰে৷ ওঁঠৰ ভিতৰ ফালে, গালৰ ভিতৰ ফালে,দাঁতৰ আলুত, জিভাৰ তলত,জিভাৰ ওপৰত,তালুত,মুখ গহ্বৰত ঘাঁ হব পাৰে৷ এই ঘা বৰ কষ্টদায়ক৷ কিয়নো ই মুখৰ কোমল মিউকাচ মেমব্ৰেনক জখমী কৰে৷ এনে ঘা হলে গোটা বা জুলীয়া খাদ্য খোৱাত অসুবিধা হয়৷ ভালকৈ মুখ মেলিবলৈ আৰু কথা কবলৈ অসুবিধা হয়৷ এনে ঘা ভাল হবলৈ ৭৷১০দিন বা দুসপ্তাহকাল সময় লাগিব পাৰে৷ অসুখৰ কাৰণ নিৰ্মূল নকৰিলে মুখত ঘা বাৰম্বাৰ হোৱা দেখা যায়৷

ঘৰুৱা বিধান -
- কুহুমীয়া গৰম নিমখীয়া পানীৰে দিনটোত ২৷৩বাৰ ভালদৰে কুলকুলি কৰিব৷ - ----- এলোভেৰা পাতৰ ৰস নাইবা এলোভেৰা-জেল ঘাঁত নিতৌ ২৷৩ বাৰ লগাব৷

- বিশুদ্ধ মৌ-জোল মুখৰ ঘাঁত লগালে উপশম পাব৷ 

- নাৰিকল তেল নাইবা অলিভ অইল ঘাত লগালে উপশম পোৱা যায়৷

- হালধি পানীৰে কুলকুলি কৰিলে আৰু হালধিৰ প্ৰলেপ লগালেও ঘাঁ শুকায়৷

- মুখখন পৰিষ্কাৰ কৰিলৈ বেকিং চ'ডাৰ প্ৰলেপ ঘাঁত লগাব পাৰে৷

- মিল্ক অৱ মেগনেচিয়া মুখৰ ঘাত লগাব পাৰে৷

- বৰফ ঘাঁত লগালে শীতলতা অনুভৱ কৰিব৷

(বি০দ্ৰ০ - একেসময়ত যেই কোনো এবিধহে প্ৰয়োগ কৰিব৷)

চিকিৎসাৰ নানানটা কথা –
মুখৰ ঘাৰ চিকিৎসা কাৰণ চিনাক্ত কৰি সেই অনুসৰি কৰা হয়৷ প্ৰয়োজন সাপেক্ষে খোৱা দৰব,বেজী,লগোৱা দৰব আদিৰ পৰামৰ্শ দিয়া হয়৷ উদাহৰণ স্বৰূপে বি-১২ ভিটামিনৰ অভাৱৰ বাবে ঘাঁ হলে তাৰ উচিত প্ৰতিবিধান দিব লাগিব৷ মিথাইলকোবালামিন দিয়া হয় ভিটামিন বি-১২ৰ পৰিপূৰক হিচাবে৷ ফাংগাছৰ বাবে হ'লে এন্টিফাংগেল খোৱা আৰু লগোৱা দৰব দিয়া হয়৷ এচিডিটি বা ৰিফ্লাস্ক ডিজিজ থাকিলে তাৰ যথোপযুক্ত চিকিৎসা অবিহনে মুখৰ ঘা কেতিয়াও নিৰ্মুল নহব৷ কৌষ্ঠকাঠিন্য থাকিলে পোনতে সেয়া নিৰ্মূল কৰিহে ঘাঁৰ চিকিৎসা কৰিব লাগিব৷ 

বজাৰত এন্টিচেপ্টিক মাউথ ৱাচ ভালে কেইবিধ উপলব্ধ৷ আপোনাৰ বিশ্বাসী চিকিৎসকৰ পৰামৰ্শমতে তাৰে এবিধ বাচি লৈ ব্যৱহাৰ কৰিব৷ মুখৰ হাইজিন ভালে ৰাখিবলৈ হাইড্ৰজেন পেৰঅক্সাইড মিহলোৱা পানী কুলকুলি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷

একেদৰে লোকেল এনাচথেচিয়া থকা জেল আৰু লোচনো বহুবিধ দবৰ বজাৰত পায়৷ তলত মুখৰ ঘাত প্ৰয়োগ হোৱা কেইবিধমান দৰবৰ নাম জনালোঁ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি তাৰ মাজৰ পৰা বাচনি কৰিব যেনে-

Mucopain,Zytee, Sucreal,Metrogyl DGL.Candid MouthPaint, Daktarin gel ৷ মোখনিত পাঠকক জনাও যে মোৰ এনে ৰোগ সম্বন্ধীয় ভিডিঅ' ইউ টিউবত চাব পাৰিব৷ তাৰ বাবে ইউ টিউবত Swasthya Katha with Dr. Bhupen Saikia বুলি সন্ধান কৰিলেই দেখা পাব৷ ধন্যবাদ৷ 
ইউ-টিউব চেনেলটোৰ লিংকঃ 
(ডা:ভূপেন শইকীয়া, ৭ নভেম্বৰ ২০২০, গুৱাহাটীৰ পৰা, যোগাযোগ -৯৪৩৫০ ৪৮০৫৫ আৰু drbksaikia@gmail.com)
লেখকৰ আন আন অসমীয়াৰ সুখ-দুখত প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ 

লেখকৰ নিজা ৱেবচাইটৰ ঠিকনাঃ http://www.drbhupensaikia.com/

No comments:

Post a Comment