মুকলি চিন্তাঃ ‘ষ্ট্ৰীট আৰ্ট’ আৰু প্ৰতিবাদী সত্বা :: পঙ্কজ প্ৰতিম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তাঃ ‘ষ্ট্ৰীট আৰ্ট’ আৰু প্ৰতিবাদী সত্বা :: পঙ্কজ প্ৰতিম বৰদলৈ

মুকলি চিন্তাঃ ‘ষ্ট্ৰীট আৰ্ট’ আৰু প্ৰতিবাদী সত্বা :: পঙ্কজ প্ৰতিম বৰদলৈ

Share This
‘ষ্ট্ৰীট আৰ্ট’ আৰু প্ৰতিবাদী সত্বা
পঙ্কজ প্ৰতিম বৰদলৈ
নীৰস কংক্ৰিটেৰে নিৰ্মাণ কৰা দেৱাল এখন যেতিয়া এখন সজীৱ কেনভাছলৈ পৰিৱৰ্তিত হয় ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু সেই দেৱাল শিল্পই যদি আমাৰ সামগ্ৰিক সাংস্কৃতিক পৰিৱেশ বা ৰাজনৈতিক অৱস্থাৰ বিভিন্ন দিশক লৈ এক শক্তিশালী মেছেজ দিবলৈ সক্ষম হয়, তেন্তে এই দেৱালৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিয়ে এই শিল্পৰ প্ৰতি এবাৰ হ’লেও দৃষ্টি দিবলৈ বাধ্য আৰু এয়াই দেৱাল শিল্পৰ জনপ্ৰিয়তা আৰু সাফল্য। 
ইটালীয়ান ভাষাৰ graffiare শব্দৰ পৰা ইংৰাজী গ্ৰাফিটি শব্দটো আহিছে আৰু তাৰ সমাৰ্থক হ’ব আকঁমৰা,আচঁটনা ইত্যাদি। প্ৰাচীন কালৰে পৰা ইতিহাসত এই কলাৰ ব্যৱহাৰৰ বিষয়ে জনা যায়। ফ্ৰান্সৰ বিখ্যাত লেছক’ গুহাত (Lascaux Cave) অংকিত চিত্ৰ সমূহ আৰু প্ৰাচীন গ্ৰীচ আৰু ৰোমান চহৰ সমূহত এনে চিত্ৰৰ ব্যৱহাৰ জনা যায়। প্ৰাচীন ইজিপ্তৰ আবু চিম্বেল (Abu Simbel) চহৰ আৰু ইটালীৰ পম্পেই(Pompeii) চহৰৰ বিভিন্ন শিলত এনে শিল্প পোৱা গৈছিল। প্ৰাচীন কালত খাদ্যৰ পৰা পোৱা আনন্দ আৰু বন্ধুত্ব আৰু প্ৰেমৰ বিভিন্ন বাণীক এই গ্ৰাফিটিৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল। ভাৰতৰ অজন্তাৰ গুহাচিত্ৰও এনে কলা পদ্ধতিৰ উত্কৃষ্ট নিৰ্দশন। এই বিষয়ক লৈ লিখা নিক’লাছ গেঞ্জ (Nicholas Ganz) আৰু ট্ৰিষ্টান মেনক’ (Tristan Manco) ৰ সুবিখ্যাত গ্ৰন্থ In Graffiti World: Street Art from Five Continents ত উল্লেখ আছে যে, যদিও হাড় আৰু শিলৰ টুকুৰাৰ দ্বাৰা এই চিত্ৰ সমূহ অংকন কৰা হৈছিল, প্ৰাচীন চিত্ৰকৰসকলৰ ৰঙ ছটিয়াই দেৱালত চিত্ৰ অংকনৰো সম্যক জ্ঞান আছিল। ৰঙবোৰ গুড়ি কৰি জুলীয়া ৰূপ দি দীঘলীয়া হাড়ৰ খোলাৰ মাজেদি ইয়াক দেৱালত ছিটিকাই শিল্প নিৰ্মাণ কৰা হৈছিল। পম্পেইৰ খননত বহু চিত্ৰত অনাগত নিৰ্বাচনৰ শ্লোগানৰ লগতে বহু যৌন উত্তেজক চিত্ৰও পোৱা গৈছিল। 
আনহাতে ৰোমান সাম্ৰাজ্যত এই গ্ৰাফিটি ৰাজনৈতিক বাণী আৰু অভিমত প্ৰকাশৰ বাবে ব্যৱহাৰ হৈছিল। চহৰৰ দেৱাল সমূহ জনসাধাৰণৰ সমস্যা আৰু ক্ষোভ প্ৰকাশৰ ঠাই হিছাপে ব্যৱহাৰ হৈছিল। এই বিষয়ক আন এখন প্ৰসিদ্ধ গ্ৰন্থ ছিদাৰ লিউছন (Cedar Lewisohn) ৰ Street Art: The Graffiti Revolution ত কোৱা হৈছে যে শেইক্সপীয়েৰৰ সময়তো এই দেৱাল শিল্পৰ প্ৰাধান্য আছিল কিন্তু উনৈশ শতিকাৰ শেষৰ ফালে এই কলাই ইয়াৰ গুৰুত্ব হেৰুৱাই। ইয়াৰ মূল কাৰণ হিছাপে লিউছনে শ্ৰ্মিক বৰ্গ আৰু ধনীক শ্ৰেণীৰ সংঘাত মুখ্য কাৰণ হিছাপে ব্যাখ্যা কৰিছে। সাংস্কৃতিক উত্পাদনৰ নিয়ন্ত্ৰণ ধনীক শ্ৰেণীৰ হাতত আছিল আৰু দেৱাল শিল্পক নিম্ন আয়ৰ লোকৰ কলা বুলি উত্সাহ জনোৱা হোৱা নাছিল। পুজিঁবাদৰ নব্য আগ্ৰাসনে সাধাৰণ মানুহৰ চিন্তা আৰু সমস্যাক প্ৰতিফলিত কৰা এই দেৱাল শিল্পৰ জনপ্ৰিয়তাৰ প্ৰতি কঠোৰ দৃষ্টি দিছিল আৰু ই এই দেৱাল শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰক ৰুদ্ধ কৰিছিল। 

দ্বিতীয় মহাসমৰৰ সময়ছোৱাত জাৰ্মান নাজী বাহিনীয়ে নিজৰ মতামত প্ৰকাশৰ বাবে আৰু নাজী আদৰ্শ প্ৰচাৰৰ বাবে দেৱাল শিল্পৰ সহায় লৈছিল। আনহাতে নাজী বিৰোধী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা অগনণ গোপন সংস্থাই এই দেৱাল শিল্পৰ জৰিয়তে সমগ্ৰ ইউৰোপতে নাজী বিৰোধী জনতাৰ সমৰ্থন লাভৰ প্ৰয়াস কৰিছিল। 

প্ৰতিবাদৰ এক ধাৰাল, অভিনৱ আৰু নব্য মাধ্যম হিছাপে দেৱাল শিল্পই সমগ্ৰ ইউৰোপ, দক্ষিণ আমেৰিকা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুত জনপ্ৰিয়তা লাভ কৰিলে। ফ্ৰান্সৰ ব্লিক লা’ ৰেট (Blek le Rat),যাৰ প্ৰকৃত নাম জেভিয়’ৰ প্ৰ’ (Xavier Prou), তেওঁৰ অসংখ্য নিগনিৰ চিত্ৰই পেৰিছ চহৰৰ দেৱালত তোলপাৰ লগাইছিল। তেওঁৰ মতে নিগনি হৈছে ‘only free animal in the city, and one which spreads the plague everywhere, just like street art’ । সমগ্ৰ বিশ্বৰ প্ৰধান চহৰ সমূহৰ এক মানৱীয় সমস্যা গৃহহীন সকলক লৈ এইজন শিল্পীৰ ২০০৬ চনত কৰা শিল্পকৰ্মই সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছিল। এইজন শিল্পীৰ দ্বাৰা ঘাইকৈ প্ৰভাৱান্বিত হোৱা তথা বৰ্তমান বিশ্বৰ অন্যতম জনপ্ৰিয় অথচ লোকচক্ষুত অপৰিচিত হৈ থাকি ভালপোৱা শিল্পীজন হৈছে বেঙ্কছী (Banksy)। প্ৰকৃতাৰ্থত দেৱাল শিল্পৰ বৰ্তমানৰ জনপ্ৰিয়তা, গুৰুত্ব আৰু কলাত্মক গ্ৰহণযোগ্যতাৰ মূল কৃতিত্ব হৈছে বেঙ্কছীৰ অভূতপূৰ্ব সৃজনীশীলতা, শক্তিশালী মেছেজ আৰু অভিনৱ থীমৰ অথচ সহজবোধ্য দেৱাল শিল্প। 

ইংলেণ্ডৰ ব্ৰিষ্টল চহৰত নব্বৈদশকৰ আৰম্ভণিতে কিছু অভিনৱ দেৱাল শিল্পই জনতাৰ মন আকৰ্ষণ কৰিছিল। Bristol Underground Scenes নামে জনাজাত হোৱা এইলানি শিল্পই বেঙ্কছীক চিনাকী কৰিতোলে। সমকালীন বিশ্বৰ অতিশয় প্ৰতিভাৱান আৰু প্ৰভাৱশালী ষ্ট্ৰিট আৰ্ট শিল্পী জন হৈছে ইংলেন্ডৰ বেঙ্কছী । তেওঁৰ প্ৰকৃত নাম জনা নাযায় আৰু প্ৰায় ৪৭ বছৰ বয়সীয়া এই শিল্পীগৰাকীৰ দেৱাল শিল্পই প্ৰথমতে ব্ৰিষ্টল চহৰ আৰু তাৰ পাছত সমগ্ৰ ইংলেণ্ডতে তোলপাৰ লগাই । অতি অভিনৱ ধাৰণা,ৰঙৰ উচিত প্ৰয়োগ,ঠাইৰ পৰিপক্ক ব্যৱহাৰ আৰু আকৰ্ষণীয় শিল্পকৰ্মৰ বাবে তেওঁৰ জনপ্ৰিয়তা তুংগত।

সমকালীন প্ৰতিবাদৰ এক নব্যধাৰা হিছাপে দেৱাল শিল্পৰ প্ৰভাৱক ইজিপ্তত হোৱা চৰকাৰবিৰোধী স্বত:স্ফূৰ্ত গণ আন্দোলনকালীন সময়ৰ পৰ্যালোচনাৰে বুজিব পাৰি। আৰৱ বিপ্লৱৰ সময়ছোৱাৰ আৰু পাছৰ কালতো কাইৰো চহৰ মধ্যপ্ৰাচ্যৰ দেৱাল শিল্পৰ ৰাজধানীত পৰিণত হয়। স্থানীয় শিল্পী কেইজাৰ(Keizer)ৰ ‘Respect Existence or Expect Resistance’ শ্লোগানযুক্ত দেৱাল শিল্পই বিশ্বব্যাপী প্ৰসিদ্ধি লাভ কৰিছিল। ইজিপ্তৰ দেৱাল শিল্পই সাধাৰণজনতাক তেওঁলোকে কি ভৱা উচিত সেয়া সদায় নিৰ্ণয় কৰি দিয়া ৰাজনৈতিক গণ্ডীৰ পৰা ওলাই আহি স্বকীয় আৰু মৌলিক দৃষ্টিভ্ংগীৰে স্বাধীনচিতিয়াকৈ পৃথিৱীখন চোৱাৰ এক পৰিৱেশ দিছিল। ইজিপ্তৰ বিপ্লৱে সামগ্ৰিকভাৱে জনগণক কি দিলে সি অন্য এক আলোচনাৰ বিষয় কিন্তু এক নব্যধাৰাৰ সজীৱ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে দেৱাল শিল্পক মধ্যপ্ৰাচ্যত প্ৰতিষ্ঠা কৰিলে।

দেৱাল শিল্পই বৰ্তমান এক বিৰ্বতনৰ মাজেৰে যাত্ৰা কৰি আছে, অনাগত সময়ে এই দেৱাল শিল্পক আৰু নতুন সমলেৰে সমৃদ্ধ কৰিব। সৃষ্টিশীল এচাম শিল্পীৰ অভিনৱ চিন্তাই এই শিল্পক যে অনন্য মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত ভাৱে ক’ব পাৰি। 

বেঙ্কছী আৰু অন্যান্য শিল্পী সকলৰ দৃশ্য শিল্পই দেৱাল শিল্পক দিছে এক নতুন মাত্ৰা,নতুন ভাষা আৰু প্ৰতিষ্ঠা কৰিছে প্ৰতিবাদৰ এক নতুন মাধ্যম হিচাপে। দেৱাল শিল্পক‌ মোহাৰি পেলাই বা শিল্পীক অৱৰুদ্ধ কৰি শিল্পীৰ বাক্ স্বাধীনতাক খৰ্ব কৰিব পাৰি, কিন্ত সেই শিল্পৰ স্বকীয়তা আৰু সাৰ্বজনীনতা তথা শিল্পৰ ' মেছেজ'ক স্তব্দ্ধ কৰিব নোৱাৰি । সেয়াই সকলো শিল্প আৰু বিশেষকৈ ৰাজনৈতিক দৃষ্টিভংগীৰ দেৱাল শিল্পৰ প্ৰতিবাদৰ শক্তি আৰু দৃশ্যকলাৰ সৌন্দৰ্য।
লেখক ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী—১১০০০৪ৰ ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়ত সংগ্ৰ্হালয় শিক্ষা বিষয়া হিচাবে কৰ্মৰত। ফোন নং ৮৮০০৯৪৮৮০৮ই-মেইল ; protimpankaj@gmail.com

No comments:

Post a Comment