এখন অসমাপ্ত আত্মজীৱনীৰ মুকলি পৃষ্ঠাবোৰ
ড° কমল কুমাৰ তাঁতী
‘There is no political agenda in my poetry. But, then again, personal is political, isn’t it?’ ২০১৪ চনৰ ৬ ডিচেম্বৰত ‘দ্য হিন্দু’ কাকতত প্ৰকাশিত এক সাক্ষাৎকাৰত এই কথাষাৰ কৈছিল সাম্প্ৰতিক ভাৰতীয় ইংৰাজী কবিতাৰ এটা চিনাকী অথচ ব্যতিক্ৰমী নাম গুৱাহাটীৰ দিব্যজ্যোতি শৰ্মাই ৷ড° কমল কুমাৰ তাঁতী
২০১৪ চনত প্ৰকাশিত হোৱা দিব্যজ্যোতিৰ দ্বিতীয়খন ইংৰাজী কাব্য-সংকলন ‘Pages from an Unfinished Autobiography’-ৰ শেষাংশত তেওঁ তাৎপৰ্যপূৰ্ণভাৱে লিখিছে যে – “মই ক’ৰবাত লিখিছিলোঁ, কবিতা এক ব্যক্তিগত কৰ্ম – হস্তমৈথুনৰ দৰে ৷ তুমি কবিতা নিজৰ কাৰণেহে লিখা আৰু এই কবিতাবোৰ বেলেগ কাৰোবাক দেখুওৱাৰ বাবে সাহসৰ প্ৰয়োজন – এই কথা জানিও যে তেওঁলোক এইবোৰৰ বাবে কোনোমতেই আগ্ৰহী নহ’ব ৷ ……. এজন কবি হ’বলৈ তুমি হয় প্ৰেমত পৰিব লাগিব, নহ’লেবা তুমি দূখীয়া হ’ব লাগিব ৷” এই কথাখিনিয়েই যথেষ্ট, কবি হিচাপে দিব্যজ্যোতি শৰ্মাক সম্যকভাৱে বুজি পাবলৈ আৰু লগতে এই কথা জানিবলৈ যে – কবি হিচাপে তেওঁ কিমান সৎ আৰু পোনপটীয়া ! সেয়ে বোধকৰোঁ কবিয়ে স্পষ্টভাষাত ক’ব পাৰিছে যে – “Writing is easier than rioting… Hence, write” ৷
বিভিন্ন ইংৰাজী কাকত-পত্ৰ, আলোচনী-পত্ৰিকা, অনলাইন আলোচনী আৰু কাব্য-সংকলনত দিব্যজ্যোতি শৰ্মাৰ নিয়মীয়াভাৱে কবিতা প্ৰকাশিত হোৱাৰ উপৰিও, এতিয়ালৈকে তেওঁৰ দুখনকৈ কবিতা-পুথি প্ৰকাশিত হৈ ওলাইছে ৷ সেই দুখন হৈছে – ‘Glimpses of a Personal History’ (Writer’s Workshop, Kolkata, 2004) আৰু ‘Pages from an Unfinished Autobiography’ (I Write Imprint, New Delhi, 2014) ৷ ‘টাইমছ অৱ ইণ্ডিয়া’ৰ পুণে আৰু দিল্লী সংস্কৰণৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক আৰু পুণে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ দিব্যজ্যোতিয়ে ডঃ আৰ. ৰাজ ৰাওৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা আন এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে – ‘Whistling in the Dark: Twenty-one Queer Interviews’ (Sage Publications, 2009) ৷
Glimpses of a Personal History-শীৰ্ষক কাব্য সংকলনখন হৈছে, এজন প্ৰবাসী অসমীয়া প্ৰেমিক ডেকা কবিৰ মহানাগৰিক জীৱনক বিশ্লেষণ আৰু পৰীক্ষা কৰি চোৱাৰ এক প্ৰত্যন্ত হাবিয়াস; জঁটিল জীৱনটো জীয়াই থকাৰ মাজেৰে সময়ক নিৰীক্ষণ কৰাৰ এটা প্ৰক্ৰিয়া; হতাশা আৰু অৱসাদগ্ৰস্ততাই কোঙা কৰি পেলোৱা যৌৱনবোৰৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ সেয়ে বোধকৰোঁ কবিয়ে লিখিছে – “And I passed many nights. / Reaching a tunnel at the end of another. / A ceaseless journey through / Perpetuity / Incessant. / Waiting for a birth.” (Prologue, Glimpses of a Personal History) ৷
এই কবিতা পুথিখন প্ৰকাশিত হোৱাৰ পিছত বিখ্যাত ভাৰতীয় ইংৰাজী কবি হোছাংগ মাৰ্চেন্টে তেওঁক কেৱল ইংৰাজীতে কবিতা লিখাৰ পৰামৰ্শ দিছিল ৷ তেতিয়ালৈকে অসমীয়াতো কাব্য-চৰ্চা অব্যাহত ৰখা দিব্যজ্যোতিয়ে অনুভৱ কৰিলে যে – “Not only my sensibilities Indian (Assamese), even my English is broken. ….. Yet I write in English, because it’s how I think, with wrong prepositions ….. I started writing in English for my audience.” ‘দ্য হিন্দু’ কাকতৰ (উপৰোক্ত) সাক্ষাৎকাৰটোত তেওঁ উল্লেখ কৰিছে যে – “গুৱাহাটীত থকালৈকে মই অসমীয়াতে লিখিছিলোঁ ৷ পিছত উচ্চশিক্ষাৰ বাবে পুণেলৈ গুছি অহাৰ পিছত মই ইংৰাজীত লিখিবলৈ আৰম্ভ কৰিলোঁ, কিয়নো মোৰ অনা-অসমীয়া বন্ধু-বান্ধৱসকলে অসমীয়া পঢ়িব নোৱাৰিছিল ৷ এতিয়া মই অসমীয়াত ভাবোঁ আৰু ইংৰাজীত লিখোঁ ৷ এয়া খুব জঁটিল কাম; তথাপিও মই নিজকে ‘ইংৰাজীত লিখা অসমীয়া কবি’ (Assamese poet in English) বুলিয়েই ক’ম ৷”
Pages from an Unfinished Autobiography–ৰ শেষপৃষ্ঠাত সম্প্ৰতি দিল্লীৰ বাসিন্দা কবিয়ে নিজৰ সম্পৰ্কে লিখিছে – “… তেওঁ আশা আৰু অনুতাপৰ মাজৰ এক পতিত-ভূমিত বসবাস কৰিছে ৷ তেওঁ এক উত্তমতৰ অস্তিত্ত্বৰ সপোন দেখিব লাগিছে, যেতিয়া ৰবীন্দ্ৰনাথে তেওঁৰ কাণত গুণগুণাইছে এইবুলি: মই যি বিচাৰোঁ, মই সেয়া নাপাওঁ; মই যি পাওঁ সেয়া মই পছণ্ড নকৰোঁ ৷”
দিব্যজ্যোতি শৰ্মাৰ কবিতা যিকোনো সামাজিক আৰু ব্যক্তিগত ঘটনা-পৰিঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া; আৰু একেসময়তে সেই সমূহৰ প্ৰতি থকা তেওঁৰ দীৰ্ঘকালৰ প্ৰতীতি আৰু সহানুভূতি ৷ কবিৰ তীক্ষ্ণ অন্তৰ্দৃষ্টি আৰু বোধশক্তিয়ে আমাৰ দৰে সাধাৰণ পাঠকক অবাক, বিস্ময়-বিমুগ্ধ কৰি তোলে; অথচ সেই পাঠকৰ মনতে কবিয়ে জগাই থৈ যায় এক উন্নততৰ ভাৱদৃষ্টি ৷ ইয়াৰ আৰঁত আছে দিব্যজ্যোতিৰ কবিতাসমূহৰ তীব্ৰ গীতিময়তা; আৰু সেই গীতিময়তাৰ মাজেদি স্পষ্ট ৰূপত ভাস্বৰ হৈ উঠা এক বিৰল স্বৰ – যি স্বৰে আমাৰ বিস্ময়কৰ জগতখনে আমালৈ অবিৰতভাৱে ঠেলি দিয়া অনুত্তৰিত প্ৰশ্নবোৰৰ উত্তৰবোৰৰ সন্ধান নিৰন্তৰভাৱে কৰি যায় ৷
দিব্যজ্যোতিৰ কবিতা বেছিভাগ সময়তে সৰল-ৰৈখিক আৰু অপ্ৰয়োজনীয় আলংকৰিক সাজ-সজ্জা আৰু অকাৰণ ভাৱবিলাসিতাৰপৰা প্ৰায়-মুক্ত ৷ বৰং তেওঁৰ কবিতা ভৰি থাকে – শান পাথৰত ঘঁহি ধাৰ দিয়া বাছকবনীয়া শব্দেৰে আৰু এখন শান্ত অন্তৰৰ নি:শব্দ অনুভূতিৰে ৷ সেয়ে দিব্যজ্যোতিৰ কবিতা একে সময়তে বিশিষ্ট ভাৱপূৰ্ণ আৰু অনুসন্ধানাত্মক ৷ লেখক-সমালোচক-অনুবাদক কমলাকাৰ ভাটে দিব্যজ্যোতিৰ কবিতাৰ বিষয়ে মন্তব্য কৰিবলৈ গৈ লিখিছে যে – “Dibyajyoti Sarma uses the medium of poetry not as trumpet to exhibit the self, but as a stethoscope to listen to the pulses.” ৷
দিব্যজ্যোতিয়ে Pages from an Unfinished Autobiography–ৰ কবিতাসমূহ তিনিটা থুলত ভাগ কৰিছে – Journal Entry 1: Bio-Data, Journal Entries: 2-120 আৰু The First Chapter ৷ ইয়াৰে প্ৰথম আৰু তৃতীয়টো থুলত এটাকৈ কবিতা আছে আৰু বাকীখিনি কবিতা অন্তৰ্ভূক্ত হৈছে দীঘলীয়া দ্বিতীয়টো থুলত ৷
কাব্য-সংকলনখনৰ প্ৰথমটো কবিতাৰ বিষয়বস্ত্ত চিত্তাকৰ্ষক ৷ কবিতাটোৰ তৃতীয়টো ভাগ আৰম্ভ হৈছে এনেদৰে: “When I was born no drums beat. / My parents were disappointed with their harvest. / They wanted a baby girl, / With my mother’s beauty and my father’s brain. / I was given a girl’s name. / On the third day my father brought me a girl’s dress / My hair was grown long and was / Tied into two plaits with a yellow ribbon. / In short, I was a girl.” ৷ আমাৰ সমাজ-জীৱনৰ প্ৰতি কবিতাটোৰ স্পষ্ট শ্লেষাত্মক সুৰটোৰ উপৰিও সমকামিতাৰ পিনেও ই সহানুভূতিৰ দৃষ্টিৰে লক্ষ্য কৰিছে ৷
আমাৰ সমাজৰ পৰিয়ালকেন্দ্ৰিক বাধ্যবাধকতা আৰু সামাজিক গোড়ামিবোৰৰ প্ৰতি কবিতাটোৱে তীক্ষ্ণভাৱে ভ্ৰুকুটি কৰাৰ লগতে সমকামীসকলৰ মানসিক দূৰ্দশাজনক অৱস্থাবোৰো অবিকল ৰূপত উদঙাই দিয়াৰ চেষ্টা কৰা হৈছে – কবিতাটোৰ শেষাংশত এনেদৰে: “… One day the bubble burst and there / She was; a real daughter for my parents. / They chopped my hair short, / Tore away my frock, / And gave her my name / Leaving me exposed … / I cried and it rained / I was born that day.” (Journal Entry 1: Bio Data, Pages from an Unfinished Autobiography, Pp. 1-2) ৷
মানুহৰ জীৱন আৰু মহাজগতৰ সত্যবোৰৰ যে ভিন্ন ৰূপ আছে, সেই কথা কবিয়ে বিশ্ৱাস কৰে আৰু সেয়ে কবিয়ে লিখিব পাৰিছে যে – “Go and ask the great Euclid / And he’ll tell you / The precise truth of a triangle / Eternal. / Who needs truth? / Give me dreams instead / Dreams filled in a circle / The sun passing through us / We passing through life. / The truth. / We return to where / We had begun / A snake biting its own tail / Uroborus.” (Journal Entry: 7, Pages from an Unfinished Autobiography, Pp. 9) ৷ এই কবিতাটোত সাপৰ প্ৰতীকীয়ে মানুহৰ জীৱনৰ অসৰলৰৈখিক ৰূপটোক চিহ্নিত কৰাৰ লগতে সত্য উন্মোচনৰ একা-বেঁকা, ওখৰা-মোখোৰা বাটবোৰৰো সন্ধান দিবলৈ যত্ন কৰিছে ৷
দিব্যজ্যোতিৰ কবিতাবোৰৰ সৰলৰৈখিক আয়তন আৰু পোনপটীয়া আবেদন সত্ত্বেও, Pages from an Unfinished Autobiography-ৰ কবিতাবোৰৰ মূল অনুপ্ৰেৰণা হৈছে, মানুহৰ পৰিপক্ক চিন্তা-চৰ্চাৰ বিচিত্ৰ ৰূপ আৰু তাৰ জৰিয়তে উন্মোচিত হোৱা মানুহৰ জঁটিল মনন আৰু বিশ্বজগতৰ বহুমাত্ৰিক সত্যসমূহ ৷ ইয়াৰ লগতে যোগ হৈছে, মানুহৰ আশা-আকাংক্ষা আৰু অনুভৱ-অনুভূতিবোৰৰ প্ৰতি থকা কবিৰ উদ্ৱাউল আগ্ৰহ আৰু অনুকম্পা ৷
Pages from an Unfinished Autobiography-ৰ কবিতাবোৰ স্পষ্টত: কবিৰ পোষ্যপুত্ৰ নহয়; বৰং এই ‘কবিতাবোৰ’ হৈছে ‘কবি’ নিজেই ৷ ‘কবি’য়ে নিজকে ‘কবিতা’ৰ ৰূপত প্ৰকট কৰি তোলাটোৱে, এই ‘কবিতাবোৰ’ৰ লগতে, ‘কবি’ৰ ‘কবিতা’ৰ প্ৰতি থকা সততা-সহৃদয়তা আৰু বিশ্বাস-আত্মবিশ্বাসকে নিমজভাৱে প্ৰতিফলিত কৰিছে ৷ সেয়ে বোধকৰোঁ কবিয়ে অনাড়ম্বৰভাৱে ঘোষণা কৰিছে – “Why then is this collection? Because I couldn’t just throw these lines away. These lines are me…” ৷ আমাৰ ভাৱ হৈছে, কবিৰ এই আত্মিক প্ৰচেষ্টা সফল হৈছে ৷

কাব্য-সংকলনৰ নাম: Pages from an Unfinished Autobiography
কবি: Dibyajyoti Sarma
প্ৰকাশক: i write imprint, New Delhi
প্ৰকাশ কাল: 1 January, 2014
ভাষা: English
ISBN: 9788192935508
No comments:
Post a Comment