চিন্তনঃ অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস :: মানস প্ৰতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

চিন্তনঃ অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস :: মানস প্ৰতিম দত্ত

চিন্তনঃ অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস :: মানস প্ৰতিম দত্ত

Share This
অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস
অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস
মানস প্ৰতিম দত্ত
'আহক আমি প্ৰত্যেকেই খোলা-মেলা যুক্তিবাদী মনেৰে আলৌকিক বুলি প্ৰচাৰিত ঘটনাবোৰ পৰ্যালোচনা কৰি চাওঁহক, এইবোৰনো প্ৰকৃততে আলৌকিক হয়নে নহয়। এইখিনিতে প্ৰতিজন পাঠক-পাঠিকালৈ মোৰ অনুৰোধ - যুক্তিবাদী মনৰ গৰাকী হ'বলৈ এই মুহূৰ্ততে প্ৰতিজ্ঞা কৰক- কোনো অন্ধবিশ্বাসৰ বশৱৰ্তী নহওঁ। বহুজনে বা বিখ্যাত ব্যক্তিয়ে মানি লৈছিল বুলিয়েই কোনো ধাৰণাক মানি নলওঁ, যুক্তিৰে চালি-জাৰি বিচাৰ কৰিম আৰু তাৰ পাছতহে গ্ৰহণ বা বৰ্জন কৰিম।'
- প্ৰবীৰ ঘোষ ( আলৌকিক নয়, লৌকিক)
অন্ধবিশ্বাস, সন্দীপ মহেশ্বৰী আৰু অপবৈজ্ঞানিক অন্ধবিশ্বাস
বিজ্ঞান মনস্ক মন এটা গঢ় ল'বলৈ হ'লে ভাৰতীয় বিজ্ঞান আৰু যুক্তিবাদী সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা যুক্তিবাদৰ পথিকৃতস্বৰূপ প্ৰবীৰ ঘোষে কোৱা উপৰোক্ত সংকল্প আমি গ্ৰহণ কৰিবই লাগিব। কিয়নো বিজ্ঞান হ'ল যুক্তি-যুক্ত আৰু বিশ্লেষণৰ প্ৰামাণিক সত্য, যি অন্ধবিশ্বাসৰ সম্পূৰ্ণ বিপৰীত।

অন্ধবিশ্বাস শব্দৰ সন্ধি ভাঙি ইয়াৰ অৰ্থ নিৰ্ণয় কৰিলেই ইয়াৰ মূল অৰ্থ প্ৰকাশ হৈ উঠে। চকুৰে নেদেখাকৈ, সত্যাসত্য প্ৰমাণ নোহোৱাকৈয়ে কৰা বিশ্বাসেই অন্ধবিশ্বাস। পৰম্পৰাগত চিন্তা, দেৱতা-অপদেৱতাৰ কাহিনী পঠন-শ্ৰৱণে আমাৰ মনোজগতত অন্ধবিশ্বাসৰ প্ৰাথমিক শিপা মেলাৰ পথ প্ৰশস্থ কৰে। বহু সময়ত দেখা যায় যে, আমাৰ পৰম্পৰাগত কিছুমান অবৈজ্ঞানিক চিন্তাধাৰা শিশু মনত প্ৰোথিত কৰাৰ পৰিৱৰ্তে 'নাপায়'ৰ সলনি প্ৰকৃত কাৰণসমূহ বুজাই নিদিয়াৰ ফলতো অন্ধবিশ্বাসে ঠন ধৰি উঠে। এই কথাটো বুজিবলৈ আমি দুটামান উদাহৰণ ল'ব পাৰোঁ। অন্ধবিশ্বাসৰ উদাহৰণ বুলিলেই প্ৰথমে মনলৈ আহে কিচকিচকৈ ক'লা মেকুৰীটোৰ কথা নহয়নে? আমি বহু সময়ত দেখা পাওঁ যে, আজোও বহুলোকে সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে গাড়ীখন অলপ পিছুৱাই আনি তাৰ পিছতহে সেই ঠাইৰ পৰা আগলৈ যায়। আচলতে পুৰণি দিনত যেতিয়া আধুনিক গাড়ীৰ প্ৰচলন নাছিল, তেতিয়া মানুহে যাতায়তৰ বাবে গৰুগাড়ী বা ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। যেতিয়া গৰু বা ঘোঁৰাই গাড়ী টানি গৈ থাকে তেতিয়া সন্মুখত হঠাৎ মেকুৰী বা অন্য বন্য জীৱ দেখিলে উচপ্ খাই উঠিছিল। ই এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু এই প্ৰক্ৰিয়া মানুহৰ মাজত থাকি গ'ল। সেয়েহে আজিও মানুহে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মেকুৰীয়ে বাট কাটিছে বুলি গাড়ী পিছুৱাই আনে বা অলপ ৰৈহে যায়।

এই উদাহৰণটো লিখি থকাৰ সময়তে মোৰ মবলৈ আহিছে ভাৰতবৰ্ষৰ অভিৰোচন প্ৰবক্তা সন্দীপ মহেশ্বৰীৰ এটা উদাহৰণমূলক অন্ধবিশ্বাস বিৰোধী বক্তৃতাৰ কথা। বক্তৃতাটোত উল্লেখ কৰা কাহিনীটো আছিল এনেধৰণৰ-

এবাৰৰ কথা। কেইজনমান বিজ্ঞানী লগ হৈ এটা খুউব আমোদজনক পৰীক্ষা কৰিলে। তেওঁলোকে এটা গড়ালৰ ভিতৰত পাঁচটা বান্দৰ ভৰাই দিলে। গড়ালৰ ভিতৰত এডাল জখলা লগাই দিলে। সেউ জখলাডালৰ একেবাৰে ওপৰত এআখি কল ওলোমাই দিলে। কলখিনি দেখাৰ লগে লগে বান্দৰৰ লোভ লাগিল আৰু এটা এটাকৈ কলখিনি আনিবলৈ জখলাদি আগবাঢ়িলে। যেতিয়া বান্দৰে জখলাইদি গৈ সেই কলখিনিৰ ওচৰ পাই তেতিয়াই ওপৰৰ পৰা ঠাণ্ডা পানী নিগৰাই দিছিল। যেতিয়াই বান্দৰটোৰ গাত ঠাণ্ডা পানী পৰে তেতিয়াই বান্দৰটো খৰধৰকৈ তললৈ নামি আহে। বান্দৰটো তললৈ আহি পোৱাৰ লগে লগে পানী নিগৰোওৱা বন্ধ কৰি দিয়া হৈছিল। এনেকৈয়ে ইটোৰ পাছত সিটো বান্দৰ জখলাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰে। কলখিনিৰ ওচৰ পালেই পানী পৰে, লগে লগে বান্দৰটো তললৈ নামি আহিবলৈ বাধ্য হয়। অৱশেষত বান্দৰবোৰে এইটো সিদ্ধান্তত উপনীত হ’ল যে জখলাত উঠিলেই ঠাণ্ডা পানী পৰে। তাৰ পাছত কোনো বান্দৰে যদি সেই জখলাডালত উঠিব চেষ্টা কৰে তেতিয়া বাকী বান্দৰবোৰে সেই বান্দৰটোক নমাই আনে আৰু মাৰিবলৈ ধৰে। তাৰ পাছত বিজ্ঞানীসকলে কৰিলে কি, সেই গড়ালত আৱদ্ধ বান্দৰকেইটাৰ পৰা এটা বান্দৰ আঁতৰাই তাত এটা নতুন বান্দৰ ভৰাই দিলে। সেই নতুন বান্দৰটোৱে এই বিষয়ে জনা নাছিল যে তাৰ ভিতৰত কি ঘটি আছে। সি যেতিয়াই কথাখিনি দেখা পালে, সেইখিনি আনিবলৈ জখলাত উঠিবলৈ চেষ্টা কৰিলে।কিন্তু এইবাৰ বিজ্ঞানীসকলে ওপৰৰ পৰা কোনোধৰণৰ পানী নিগৰাই নিদিলে। কিন্তু আন বান্দৰবোৰে এইবাৰো বান্দৰটোক ধৰি লগাই আনিলে আৰু মৰিয়াবলৈ ধৰিলে। তাৰপাছত পুনৰ আন এটা নতুন বান্দৰ গড়ালৰ ভিতৰত ভৰাই দিলে। সিয়ো কলখিনি দেখাৰ লগে লগে জখলাৰে কলখিনি আনিবলৈ জখলাত উঠাৰ লগে লগে অন্য বান্দৰবোৰে তাক ধৰি মাৰিবলৈ ধৰিলে। লাহে লাহে এই কথাটো বান্দৰবোৰে ঠিক কৰি ল’লে যে জখলাৰ ওপৰলৈ যাব নাপায়। তাত কিবা অপশক্তি আছে। সেয়েহে, যিয়ে তালৈ যায় সিয়ে আন বান্দৰৰ পৰা মাৰ খায়। কোনেও কিন্তু পূর্বৰ প্রকৃত কাৰণটো জানিবলৈ চেষ্টা নকৰিলে।

গতিকে, সন্দীপ মহেশ্বৰীৰ এই উদাহৰণটোৰ সৈতে ওপৰত উল্লিখিত ক’লা মেকুৰীৰ বিষয়ক অন্ধবিশ্বাসটো তুলনা কৰিলেই অন্ধবিশ্বাস কেনেকৈ গঢ় লৈ তাক সহজে বুজিব পাৰি।

এতিয়া আহো আন এটা অন্ধবিশ্বাস - ‘আগফালে তেতেলী, পাছফালে ঔ, সেইঘৰ মানুহ মৰিবৰ হ;লনে নৌ’ৰ কথালৈ। পুৰণি দিনত হাবিৰ পৰা হৰিণবোৰ তেতেলী খাবলৈ আহিছিল। সেই হাবিৰ হৰিণবোৰ অহাৰ ফলত চিকাৰ বিচাৰি বাঘ অহাৰ সম্ভাৱনা থাকে। একেদৰে পাছফালে ঔ টেঙাৰ গছ থাকিলে হাতী অহাৰ সম্ভাৱনা থাকে। হাতী আহিলে ঘৰ দুৱাৰ ভঙা অথবা মানুহ গচকি আঘাত কৰাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে সেই সময়ত এনে কথা কোৱা হৈচিল। কিন্তু সম্প্রতি এনে হাবিকাষৰীয়া ঠাইবোৰ নোহোৱা হ’ল। মানুহৰ জনবসতি বাঢ়িল। গতিকে, এই দুবিধ গছ য’ত থাকিলেও কোনো ক্ষতিগ্রস্ত হোৱাৰ আশংকা নাই। অথচ ই আজি জন-বিশ্বাসৰ পৰা অন্ধবিশ্বাসৰ ৰূপ লৈছেগৈ। যুক্তিহীনভাৱে এই ফকৰাটি বর্তমানেই ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত ঔষধি মানসম্পন্ন এই দুবিধ গছৰ সংৰক্ষণ তথা ভৱিষ্যতৰ প্রতিও ভাবুকি নামি আহিছে। আমাক ফল দি, তৃপ্তি দি, বিশুদ্ধ অক্সিজেন দি, আমাক ৰক্ষা কৰি অহা গছবোৰ সংৰক্ষণ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু কর্তব্য। তেতেলী, ঔটেঙাৰ দৰে মদাৰ, বকুল, আদিও অন্ধবিশ্বাসৰ কবলত পৰি কমি অহা যেন অনুভৱ হৈছে।

অন্ধবিশ্বাসৰ কবলত যে কেৱল অশিক্ষিত জনেই যে বান্ধ খাই এনে নহয়। বহু অন্ধবিশ্বাস শিক্ষিত ব্যক্তিৰ বাবেই আজিও বৰ্তি আছে। আমাৰ বহুতেই ভাবে যে, বিজ্ঞান বিভাগত শিক্ষাগ্ৰহণ কৰিলেই এজন ব্যক্তি বিজ্ঞান মনস্ক হৈ পৰে। আচলতে এইষাৰ কথা ভ্ৰান্ত ধাৰণাৰ বাদে আন একো নহয়। বিজ্ঞান মনস্ক হ'বলৈ ব্যক্তি এজন বিজ্ঞান বা কলা বা বাণিজ্য শাখাত পঢ়িবই লাগিব বুলি কোনো কথা নাই। আনুষ্ঠানিক শিক্ষা নথকা ব্যক্তি এজনো বিজ্ঞান মনস্ক হ'ব পাৰে বা আনুষ্ঠানিক শিক্ষা থকা ব্যক্তি এজনো অন্ধবিশ্বাসৰ চিকাৰ হ'ব পাৰে। বিজ্ঞান মনস্ক হ'বৰ বাবে লাগে এক যুক্তিবাদী, জ্ঞান অন্বেষী মন। বিজ্ঞান শাখাত পঢ়া বহুতো তথাকথোত শিক্ষিত লোকৰ মাজতো অন্ধবিশ্বাস আজিও বিয়পি আছে। তাৰেই জ্বলন্ত উদাহৰণ ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা এক জঘন্য কাণ্ড। ঘটনাৰ স্থান চিতোৰ জিলাৰ মদনাপল্লেৰ। তাতে সংঘটিত হৈছে এক নৃশংস কাণ্ড। আমি সদায় যাৰ কোলাত সবাতোকৈ বেছি নিৰাপদ অনুভৱ কৰো সেয়া জানো পিতৃ-মাতৃৰ বাদে আন কোনোবা হ'ব পাৰে! অথচ পিতৃ-মাতৃৰ হাততে অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে দুগৰাকী শিক্ষিত যুৱতী আলেক্যা আৰু চাই দিব্যাই। পিতৃ-মাতৃও উচ্চ শিক্ষিত। মাতৃ ভি পদ্মজা গণিতৰ স্নাতকোত্তৰ আৰু পিতৃ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ভি পুৰুষোত্তম নাইডু। এই পিতৃ-মাতৃ আছিল ভণ্ড বাবাজীৰ ভক্ত আৰু ভণ্ডৰ ভণ্ডামিত ভোল গৈ কৰি পেলালে পিতৃ-মাতৃয়ে কেতিয়াও, কোনোদিনে নকৰা জঘন্য কাণ্ড। ঘটনাটো এনেধৰণৰ - দুই কণ্যা আলেক্যা আৰু চাই দিব্যাৰ সৈতে সুখেৰে বসবাস কৰিছিল পৰিয়ালটো। তেওঁলোকে গম পালে বোলে দুই কণ্যা মৃত্যুৰ পাছত পুনৰ উভতি অহাৰ সক্ষমতা আছে আৰু এয়া পৰম সত্য। সেয়েহে দুয়ো ডাম্বল বেলেৰে দুই কণ্যাক হত্যা কৰিলে । যেতিয়া পুলিচ ঘটনাস্থলীলৈ গ'ল তেতিয়া তেওঁলোকে এনিশাৰ সময় বিচাৰিছিল আৰু পুৱালৈ মৃত দুই কণ্যাই প্ৰাণ পাব বুলিও কৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই ঘটনাই আমাক বহু কথাই কৈ গ'ল । কেৱল উচ্চ ডিগ্ৰীধাৰী হ'লেই অন্ধবিশ্বাস বিৰোধী হ'ব বুলি কোনো কথা নাই । এওঁলোকে কেৱল পঢ়িলেহে। জ্ঞানী বা শিক্ষিত ব্যক্তি হয়তো নহ'ল।

গ্ৰহণৰ বেলিকাও অপবৈজ্ঞানিক তত্বৰে এচাম শিক্ষিত মানুহে অন্ধবিশ্বাস প্ৰশ্ৰয় দিয়া দেখা যায়।লেখক, বিজ্ঞানী, চিন্তাবিদ জয়ন্ত নাৰ্লিকাৰে তেখেতৰ অভিজ্ঞতাৰে দ্য হিন্দু কাককত 'Science should have the last word' অৰ্থাৎ বিজ্ঞানেই শেষ কথা হোৱ উচিত শীৰ্ষক লেখাত এচাম তথাকথিত শিক্ষিত মানুহে গ্ৰহণৰ সময়ত কেনেদৰে অন্ধবিশ্বাসৰ বলি হয় সেই বিষয়ে এটা উদাহৰণ দি লিখিছে - As a housewife from a well-educated family once explained to me, the food in the fridge is supposed to be destroyed after an eclipse as evil rays will have contaminated it. However, the local priest had a solution which would avoid the food being wasted. His solution, the woman proudly told me, was to smear the fridge with cow dung, which would protect the food. ( এগৰাকী শিক্ষিত গৃহিণীয়ে এবাৰ মোক কৈছিল যে গ্ৰহণৰ বেলিকা যিবোৰ খাদ্যসামগ্ৰী ফ্ৰীজত থাকে সেইবোৰ নষ্ট কৰি পেলাব লাগে। কিয়নো এই সামগ্ৰীবোৰ ভয়ানক ৰশ্মিয়ে দূষিত কৰে। ইয়াৰ।সমাধান সম্পৰ্কে মহিলাগৰাকীয়ে গৌৰৱেৰে এজন পুৰোহিতৰ কথা ক'লে আৰু সেই পুৰোহিতজনে হেনো খাদ্য সামগ্ৰী নষ্ট নহ'বৰ উপায়ো দিছে যে ফ্ৰিজৰ চৌপাশে গোবৰৰ প্ৰলেপ দিলে তাত সেই ভয়ানক ৰশ্মি প্ৰৱেশ কৰিব নোৱাৰে।)

এনেদৰেই বহুতো অবাস্তৱ আৰু অপবৈজ্ঞানিক বিশ্বাসে সমাজখনক কলুষিত কৰি আহিছে। সাম্প্ৰতিক সময়ত প্ৰযুক্তিবিদ্যাৰ সহায়ত তথা তথাকথিত 'হোৱাটছ্ এপ য়ুনিভাৰ্চিটি'ৰ উদ্যোগত অপবৈজ্ঞানিক বিশ্লেষণেও অন্ধবিশ্বাস বৃদ্ধিত অৰিহণা যোগাইছে। বিভিন্ন ৱেবচাইটত ভুৱা তথ্য প্ৰকাশ কৰি সেই তথ্যৰ অৰ্থহীন, বিসংগতিপূৰ্ণ বিশ্লেষণেৰে তাক সত্য প্ৰমাণ কৰিবলৈ উঠি পৰি লাগে। মূলত: অপবিজ্ঞান হ'ল বিজ্ঞান বুলি প্ৰমান কৰিবলৈ ব্যৱহৃত ভুৱাকৈ সৃষ্ট বিজ্ঞান। জয়ন্ত নাৰ্লিকাৰে অপবৈজ্ঞানিক অন্ধবিশ্বাস কেনেদৰে বিয়পে সেই সম্পৰ্কে 'Science should have the last word ' লেখাটোতে বৰ্ণনা কৰিছে । তেখেতে বাৰ্মুডা ত্ৰিভুজৰ উদ্ধৃতিৰে কৈছে যে বাৰ্মুডা ত্ৰিভুজৰ বিষয়ে প্ৰচলিত আলৌকিক কথাবোৰ অন্ধবিশ্বাসৰ বাদে আন একো নহয়। এই ক্ষেত্ৰত বাৰ্মুডা সম্পৰ্কীয় বিভিন্ন কথাৰে চাৰ্লচ বাৰ্লিট্জ নামৰ বিজ্ঞানীজনে কিছুমান ৰহস্য ঘন কথা লিখি এনে ৰহস্যময় কথাবোৰ মানুহৰ মাজলৈ বিয়পি যোৱাত সহায় কৰিছিল। পৰৱৰ্তী সময়ত বাৰ্মুডাৰ ৰহস্য ভেদ কৰিবলৈ বহুতো অভিযান আৰম্ভ হৈছিল। সেই সম্পৰ্কে নাৰ্লিকাৰে প্ৰবন্ধটোত লিখিছে - Lawrence David Kusche did seminal work in debugging the Triangle stories. His investigations have shown that the stories were either inflated, or did not tell the whole truth, or tinkered with the vital part of the evidence. Thus, one can safely say that there is no tangible evidence to ascribe an alien character to the Bermuda Triangle. (লৰেন্স ডেভিড কুচ্ছ নামৰ লেখকজনে এই ৰহস্য উদঘাটনৰ বাবে অভিযান চলাইছিল। তেওঁৰ অনুসন্ধানে দেখুৱাই যে এই কাহিনীবোৰ আচলতে অৰ্দ্ধসত্য, বঢ়াই কোৱা ধৰণৰ আৰু কোনো প্ৰমাণ নাই। গতিকে, আমি ক'ব পাৰো যে বাৰ্মুডা ত্ৰিভুজৰ কোনো ৰহস্য নাই, বা তাত কোনো এলিয়েনৰ দৰে চৰিত্ৰ বা জীৱ নাই।)

অন্ধবিশ্বাস বিয়পাৰ মূল কাৰণেই হ'ল শৈক্ষিক আৰু ৰাজনৈতিক। সাক্ষৰহীন আৰু সাক্ষৰ সকলোৰে মাজত ই কম-বেছি পৰিমাণে বিয়পি আছে। শ্ৰেণী বিভক্ত সমাজ এখনত ৰাজনৈতিক প্ৰতিপত্তিৰ বাবেও অন্ধবিশ্বাস জীয়াই নৰখা নহয়। এই সময় বৰ ভয়াৱহ। তাৰ মাজতে অন্ধবিশ্বাস আঁতৰাই পেলোৱাটো সহজ কাম নহয় যদিও অসম্ভৱ নহয়। আমি আমাৰ মাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিবলৈ সু-সংগঠিতভাৱে আগবঢ়াই নিব লাগিব।কাৰণ এয়া আমাৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য।

No comments:

Post a Comment