মনৰ কথাঃ সংবাদ শিৰোনামত 'ছদ্মবেশী বিজ্ঞাপন' বনাম অপযুক্তিৰ জোৱাৰ :: ড° অৰবিন্দ ৰাজখোৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সংবাদ শিৰোনামত 'ছদ্মবেশী বিজ্ঞাপন' বনাম অপযুক্তিৰ জোৱাৰ :: ড° অৰবিন্দ ৰাজখোৱা

মনৰ কথাঃ সংবাদ শিৰোনামত 'ছদ্মবেশী বিজ্ঞাপন' বনাম অপযুক্তিৰ জোৱাৰ :: ড° অৰবিন্দ ৰাজখোৱা

Share This
BJP ADVERTISEMENT AS HEADLINES, বিজ্ঞাপনৰ ৰূপত ওলাল হেডলাইন
সংবাদ শিৰোনামত 'ছদ্মবেশী বিজ্ঞাপন' বনাম অপযুক্তিৰ জোৱাৰ
ড° অৰবিন্দ ৰাজখোৱা
"The right way is not always the popular and easy way. Standing for right when it is unpopular is a true test of moral character."
-আমেৰিকান ৰাজনীতিবিদ মাৰ্গাৰেট চেজ স্মিথ

জনপ্ৰিয় মত মানেই শুদ্ধনে? নৈতিকতা ৰাজনৈতিক ক্ষেত্ৰত ক্ৰমাত দুস্প্ৰাপ্য হৈ পৰিছে কিয়?  কুটিল পন্থা, অনৈতিক কাৰ্য আদিক সাৰোগত কৰি গাদী প্ৰাপ্তিৰ এনেক অপৰাধমূলক প্ৰচেষ্টাকো 'নতুন চাণক্য' নীতিৰ নাম দি বৈধতা প্ৰদান কৰাৰ যি সামগ্ৰিক পৰিৱেশ, তাৰেই মাজত এই লেখাৰ অৱতাৰণা কৰা হৈছে। 

BJP ADVERTISEMENT AS HEADLINES, বিজ্ঞাপনৰ ৰূপত ওলাল হেডলাইন

অসমৰ বাতৰি কাকত সমূহত 'সংবাদ শিৰোনাম সদৃশ' স্থানত প্ৰকাশিত এটা বিজ্ঞাপনক লৈ কালি পুৱাৰেপৰা অসমীয়া পঢ়ুৱৈসকলে সামাজিক গণ-মাধ্যমত যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে৷ তাৰ প্ৰতিক্ৰিয়াস্বৰূপে তিনি ধৰণৰ ব্যক্তিয়ে পঢ়ুৱৈসকলক ধমক দিবলৈ আৰম্ভ কৰিছে - 1. উক্ত বিজ্ঞাপনটোৰে স্বাৰ্থ আদায় কৰিব খোজাসকল, 2. বিজ্ঞাপনটোৱে কোৱাৰ দৰে যদি কথাবোৰ হৈ যায়, তেন্তে তৈলমৰ্দনৰ যোগেদি সুবিধা আদায় কৰিবলৈ ৰৈ থকা একাংশ লেখক-শিক্ষক-অধ্যাপক-শিল্পী-বুদ্ধিজীৱী৷ যিসকলে সদায়ে যুঁজৰ শেষত বিজয়ীৰ  পক্ষত আছিলোঁ বুলি সাধুকথাৰ বাদুলীটোৰ দৰে ঘোষণা কৰে, 3. সংবাদ মাধ্যমৰ লগত পোনপটীয়াকৈ জড়িতসকল৷ 


এইখিনিতে উল্লেখযোগ্য যে,  এখন সংবাদ পত্ৰৰ মুখ্য-সম্পাদকে ফেচবুকত দিয়া স্পষ্টীকৰণ সুলভ পোষ্টত প্ৰকাশ পায় যে, প্ৰতিটো নিৰ্বাচনী বিজ্ঞাপন 'নিৰ্বাচন আয়োগৰ বিশেষ কমিটি'য়ে অনুমোদন দিলেহে প্ৰকাশিত হয়। এই কমিটিত প্ৰতিটো ৰাজনৈতিক দলৰে সদস্য থাকে। পিছে এই সন্দৰ্ভত অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিকে দিয়া মন্তব্যও আকৰ্ষণীয়- "বিজ্ঞাপন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সন্মতি পত্ৰখন এতিয়ালৈকে ফেচবুকত উৰি ফুৰা নাইযে? মানুহক বুৰ্বক বনোৱাৰো বহুত তৰিকা হে!!" আজিকালি যি কোনো বাতৰি, নিৰ্দেশ আদিৰ পিডিএফ বা ফটো লগে লগে ভাইৰেল হয় হোৱাটচএপ, ফেচবুক, টুইটাৰ আদিত। কিন্তু এডিটৰ-ইন-চীফৰ ক্লেইম মতে এই 'সংবাদ শিৰোনামত ছদ্মবেশী বিজ্ঞাপনটিৰ' বাবে দিয়া অনুমতি পত্ৰখন কিন্তু 'নৈতিক দায়িত্ব পালন কৰি' সকলো ফাদিল কৰা অহা কোনো সংবাদ মাধ্যমেই 'ৰাজহুৱা' কৰাৰ তাড়না অনুভৱ নকৰিলে।

জ্যেষ্ঠ সাংবাদিকৰ চিন্তাকৰ্ষক প্ৰশ্ন!!
প্ৰথম প্ৰকাৰৰ ব্যক্তিসকলৰ লক্ষ্য স্পষ্ট, জনতাৰ চকুত ধূলি দি হ’লেও যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’ব লাগে৷ দ্বিতীয় প্ৰকাৰৰ ব্যক্তিসকল সদায়ে ঘৃণাৰ যোগ্য, জাতীয় জীৱনক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি আছে এইসকলে৷ এইসকলক বিৰোধী পক্ষতো দেখিব, চৰকাৰী পক্ষতো দেখিব, মুঠতে স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে৷ উল্লিখিত দুয়ো প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে লিখি কাৰো সময় অপচয় কৰিব খোজা নাই৷ 

প্ৰাসংগিক লেখা: পঢ়িবলৈ ফটোত ক্লিক কৰক

কিন্তু তৃতীয় প্ৰকাৰৰ ব্যক্তিয়ে আজি প্ৰকাশ কৰা কিছুমান বিবৃতিৰ উত্তৰ দিয়া উচিত বুলি ভাবিছোঁ৷ তেওঁলোকে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰাৰ সপক্ষে ক’বলৈ গৈ পঢ়ুৱৈক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে৷ মাচ-কমিউনিচেনৰ জ্ঞান দিবলৈও আৰম্ভ কৰিছে৷ পাকে প্ৰকাৰে বুজাবলৈ আৰম্ভ কৰিছে যে, কাকত প্ৰকাশ হয় বিজ্ঞাপন-দাতাৰ অনুগ্ৰহতহে, জনতাৰ কণ্ঠ হিচাপে নহয়৷


তেওঁলোকৰ প্ৰতি তলৰ কথাখিনি আগবঢ়ালোঁ৷ আশাকৰোঁ মন দি পঢ়িব–

1. বাতৰি কাকতে বিজ্ঞাপন কিহৰ ভিত্তিত পায়? প্ৰচলন সংখ্যাৰ ভিত্তিত নহয় জানো? বিজ্ঞাপন পাবৰ বাবে প্ৰচলন সংখ্যা কেতিয়াবা অধিক দেখুৱাব লগা হয় নেকি বাৰু? সেই প্ৰচলন কাৰ মাজত হয়? বিজ্ঞাপন দিওতাৰ মাজত নে জনতাৰ মাজত? হাজাৰ বিজাৰ জনতাৰ মাজত নিজৰ কাকতখন চলে বুলি বাৰে বাৰে কাকতগোষ্ঠীয়ে কিয় কৈ থাকিব লগা হয়? 

2. বাতৰি কাকতৰ সম্পাদক আৰু সাংবাদিকসকলৰ সামাজিক গুৰুত্বৰ ভিত্তি কোনসকল? বিজ্ঞাপন দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নে জনতা? জনতা আছে বাবেই তেওঁলোকৰ নূ্যনতম গুৰুত্ব বৰ্তি থকা নাই জানো? সেয়ে বিজ্ঞাপন পাই থকা নাই জানো? কোম্পানী বা ৰাজনৈতিক দলৰ প্ৰচাৰ পুস্তিকা আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্য থাকিব নালাগে নেকি?

3. বিজ্ঞাপনৰ দ্বাৰা ধন ঘটিবলৈকাকতবোৰ জীয়ায়ো থাকিব লাগিব৷ বিজ্ঞাপনবোৰ বতৰীয়া, মাজে মাজেহে আহে৷ সেই মাজে মাজে অহা বিজ্ঞাপনবোৰ ছপা হোৱা কাকতবোৰ কাৰ মাজত জীয়াই থাকে? 

4. প্ৰায়বোৰ কাকতেই নিজৰ আদৰ্শৰ কথা কাকতৰ নামটোৰ লগতে ছপা কৰে৷ যেনে - ‘সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত’, ‘স্বদেশ আৰু স্বজাতিৰ সেৱাৰে দৃঢ় সংকল্পৰে’, ‘নিৰ্ভীক নিৰপেক্ষ’ ইত্যাদি৷ এইবোৰ কাক প্ৰলুব্ধ কৰিবলৈ কোৱা হয়? পঢ়ুৱৈক নহয় জানো? তেন্তে পঢ়ুৱৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হজম কৰিব নোৱাৰে কিয়?

5. কোনোবাই কৈছে, অসমৰ মানুহে ‘মাচ-কমিউনিকেচন’ নপঢ়া বাবেহে আজি হৈ চৈ কৰিছে৷  আজিলৈকে সাংবাদিকতা কৰিবৰ বাবেহে মাচ-কমিউনিকেচনৰ জ্ঞান প্ৰয়োজন হয় বুলি বুজি আছিলোঁ, কিন্তু আজিৰপৰা বুজিলোঁ বাতৰি কাকত পঢ়িবৰ বাবেও মাচ-কমিউনিকেচনৰ জ্ঞান লাগে৷ কথাটো হয়, লাহে লাহে এনেকুৱা হ’বগৈ যে চিনেমা চাবলৈ, গান শুনিবলৈও তাত্ত্বিক কথাবোৰ জানিব ল’ব লাগে বুলি দাবী উত্থাপিত হ’ব৷ ছাত্ৰ হ’বলৈ ‘টিচিং মেথ’ড’লজী’ জানি লোৱাৰো প্ৰয়োজন হ’ব চাগে?

 

6. দুজমমানে আটাহ পাৰিছে, কাকত নপঢ়া মানুহেও আজি প্ৰতিবাদ কৰিছে৷ অসমীয়া শিক্ষিত মানুহেও আজিকালি কাকত কিনি  নপঢ়ে, কাকতকেইখনৰ অৱস্থা সেয়ে বেয়া হৈ গৈ আছে৷ তেওঁলোকৰ নাম নোলোৱাকৈ কৈছোঁ, সেইখিনি কথা কি সমীক্ষাৰ ভিত্তিত কোৱা হ’ল? গোগ্ৰাসে পঢ়ি থাকিবলৈ কাকতবোৰে মান ৰক্ষা কৰিব পাৰিছেনে? তদুপৰি আজিকালি সকলো কাকতৰ ই-সংস্কৰণ প্ৰকাশ পায়, সেয়া জানেনে? কাকত সংক্ৰান্তীয় বিষয়ত মত দিবলৈ কাকত কিনাৰ ৰিচিপ্টখন আপলোড কৰি ল’ব লাগিব নেকি?

7. বছৰ বছৰ জুৰি জনতাক ভেটি কৰি কাকতবোৰ প্ৰকাশ পাই আছে৷ নিৰ্বিবাদে জনতাই কাকতবোৰ লৈ আছে৷ আজি এটা বিষয়ত জনতা ৰুষ্ট হ’ল, কাকতগোষ্ঠীসমূহে দুখ প্ৰকাশ কৰিব নালাগিছিল নে?  যিয়েই নহওক কিয়, বিনাচৰ্তে পঢ়ুৱৈক ক্ষমা বিচাৰিব নালাগিছিল নেকি? তেওঁলোকৰ বাবে  জনতা জনাৰ্দন নহৈ পুঁজিপতিহে যে সাৰ হ’লহি তাকে খোলাকৈ কৈ নিদিয়ে কিয়?

8. অতদিনে দেখি আহিছোঁ একোখন ভাল কাকতৰ মৃত্যুত জনতাই সদায় দুখ প্ৰকাশ কৰে, কাকতখনৰ অৱদানক লৈ চৰ্চা কৰে৷ পাৰিলে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব খোজে৷ শেহতীয়া উদাহৰণ ‘সাদিন’৷ যোৱা বছৰ ‘সাদিন’ বন্ধ হৈ যোৱাৰ সময়ৰ ফেচবুক চাবচোন৷ অসমীয়া জনতাই কিমান প্ৰতিবাদ কৰিছিল, ক্ষোভ-দুখ প্ৰকাশ কৰিছিল? তেতিয়া কোনটো বিজ্ঞাপন এজেন্সী বা কোম্পানীয়ে দুখ কৰিছিল, কোনোবাই বুজাই ক’ব নেকি?


শেষত কওঁ, জনতাৰ সামূহিক স্বাৰ্থক ভৰিৰে মোহাৰি যি দল, প্ৰতিষ্ঠান বা ব্যক্তিয়ে দাম্ভিকতা প্ৰকাশ কৰিছে, সিয়ে ধ্বংস হৈছে, বিশ্বৰ ইতিহাস তাৰ সাক্ষী আছে৷ জনতাৰ কণ্ঠ বুলি ভুৱা ষ্টাম্প মাৰি যিয়ে জনতাক ঠগিছে সিয়ে নিঃশ্চিহ্ন হৈ গৈছে৷ বিলুপ্তিৰ পথলৈ গৈ থকা ৰাজনৈতিক দল দুটামানকে চাওকচোন৷ এই জনতা বোলা বস্তুটো বৰ নিৰীহ যেন লাগে, ঠগাই খাই আছোঁ যেন লাগে, কিন্তু জনতা ৰুষ্ট হৈ উঠিলে কাৰো শেষ ৰক্ষা নহয়৷ মধ্যযুগতে কাৰো ৰক্ষা হোৱা নাছিল, এতিয়াতো আধুনিক যুগ৷

সম্পাদকীয় সংযোজনঃ 
অসম জাতীয় পৰিষদ নামৰ দলটোৱে এই বিষয়ত দিয়া প্ৰতিক্ৰিয়াৰ টুইটটো তলত দিয়া হৈছে। তেওঁলোকে নিৰ্বাচন আয়োগৰ প্ৰতিও এই বিষয়ত কাৰ্য-ব্যৱস্থা লোৱাৰ বাবে আবেদন দাখিল কৰিছে

                                                

No comments:

Post a Comment