জীৱনঃ বিচ্ছেদিত বিবাহৰ ভাৰসাম্যহীন ভৱিষ্যত প্ৰজন্ম :: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনঃ বিচ্ছেদিত বিবাহৰ ভাৰসাম্যহীন ভৱিষ্যত প্ৰজন্ম :: মণিকংকনা দাস

জীৱনঃ বিচ্ছেদিত বিবাহৰ ভাৰসাম্যহীন ভৱিষ্যত প্ৰজন্ম :: মণিকংকনা দাস

Share This
বিচ্ছেদিত বিবাহৰ ভাৰসাম্যহীন ভৱিষ্যত প্ৰজন্ম
মণিকংকনা দাস
ছোৱালীজনী অত্যন্ত দুখী, খঙটোও বাঢ়িছে, দিনে দিনে খিঙখিঙিয়া হৈছে, ঘৰৰ মানুহ যাকে যেনেদৰে ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিছে। মাক-দেউতাক দুয়োকে বৰ ভাল পায় তাই, যিকোনো কাৰণত কোনো এজনকো এৰিব নোখোজে তাই। দুয়োকে লাগে কাষত, একেখন ঘৰত। আগৰ দৰেই মৰম ভালপোৱাৰে উপচি থাকিব লাগে পৰিয়ালটো আৰু সেই মৰমত ওমলিব তাই। যদি মাক-দেউতাকৰ বিচ্ছেদ হয়, যিকোনো এজনৰ সৈতেহে থাকিব লাগিব... কাক বাছনি কৰিব... কাৰ মৰম এৰিব... ক’ত থাকিব...মনত হেজাৰটা প্ৰশ্ন।দেউতাকে ঘৰ এৰি ওলাই গৈছে ইতিমধ্যে ; গতিকে দেউতাকৰ আদৰৰ দুলাৰীয়ে মাককে বৰকৈ কথা শুনাইছে। হঠাৎ জীৱনলৈ অহা পৰিৱৰ্তনবোৰৰ বাবে এদিন তাই চৰম সিদ্ধান্ত ল’বলৈ আগুৱায় আৰু আত্মহত্যাৰ চেষ্টা পৰ্যন্ত চলায়।
টিভিৰ ধাৰাবাহিক চোৱা কেতিয়াবাই এৰিছিলো। কিন্তু শেহতীয়াকৈ আকৌ গঢ় লৈছে সেই বদ অভ্যাস। আজিকালি টিভিৰ অনুষ্ঠান চাবলৈ টিভিটো নহ’লেও হয়। ম’বাইলটোত বা ফেচবুকতে সকলো পায়। সময়ৰ অপচয়ৰ বাহিৰে আন একো নহয় বুলি জানিও আজি কিছুদিনৰ পৰা এখন ধাৰাবাহিকৰ নিয়মীয়া দৰ্শক হৈছো। স্বামীৰ প্ৰতাৰণাৰ বাবে স্ত্ৰীয়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’বলৈ বাধ্য হোৱাত পৰিয়ালটোত সৃষ্টি হৈছে খেলিমেলিৰ। বিশেষকৈ সন্তানৰ ওপৰত আহি পৰিছে অনাহুত চিন্তা-হতাশা-বেমেজালি। স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ কথা ভালদৰে অনুধাৱণ কৰিব নোৱৰা বয়সৰ কিশোৰী কন্যাজনীৰ ওপৰত মাক দেউতাকৰ বিচ্ছেদৰ সিদ্ধান্তই কেনে প্ৰভাৱ পেলাইছে সেই কথাই বান্ধৱী এজনীলৈ মনত পেলাই দিয়াত মনটো গধুৰ হৈছে।

পঢ়ি থকা সময়ৰ কোনটো ঢাপত তাইক লগ পাইছিলোঁ বিতংকৈ ক’বলৈ মন যোৱা নাই। লগ পাইছিলোঁ খুব কম সময়ৰ বাবে, হয়তো বৰ বেছি এবছৰ। শ্ৰেণীটোৰ শান্ত-নম্ৰ, তেনেই অমায়িক ছোৱালীজনীয়ে প্ৰায়ে আমাৰ কাষত আহি বহে। কথা পাতে, কথা শুনে। এনে লাগে বহু কিছু ক’ব বিচাৰে, অথচ একো ক’ব নোৱাৰে। বাহিৰত যিমান শান্ত, ভিতৰখনত সিমানে প্ৰৱল ধুমুহা তাইৰ। মনটো প্ৰায়ে মৰহি থাকে। খণ্ড খণ্ডকৈ কিবাকিবি কৈ যায় কেতিয়াবা, বুজা-নুবুজাৰ দোমোজাতে ৰৈ যাওঁ আমি। তাইৰ মন ভাল লগাবলৈ কছৰৎ চলিল আমাৰ। বন্ধুত্বও গভীৰ হ’বলৈ ল’লে। বাহিৰা কিতাপ পাতি পঢ়াত বৰ ৰাপ তাইৰ। এদিন জানিব পাৰিলোঁ তাইৰ সেমেকা মনটোৰ মূল কাৰণ সিহঁতৰ ঘৰখন। মাক-দেউতাকৰ সম্পৰ্কত জটিলতা অহাৰ বাবে ককায়েক-বায়েক আৰু তাইৰ জীৱনলৈ নামিছে অন্ধকাৰ। ঘৰখন মানেই সিহঁতৰ বাবে যন্ত্ৰণাময় পৰিৱেশ এটা, দেউতাকৰ অবৈধ সম্পৰ্ক আৰু মাকৰ গালি-গালাজ বকনি। দুয়োৰে মাজত অলপো মিল নোহোৱাৰ পৰিণাম ভূগিছে সন্তানকেইটিয়ে। মাক-দেউতাকৰ কাজিয়া-বেমেজালি আৰু হাহাকাৰে সিহঁতক ক্ৰমাৎ অন্তৰ্মুখী কৰি পেলাইছে; আত্মবিশ্বাস হেৰুৱাইছে, মানুহৰ সৈতে সহজে মিলিব নোৱৰা হৈছে। অনবৰতে লাজ-শংকাই আৱৰি ৰাখে, জানোচা কোনোবাই সিহঁতৰ ঘৰৰ কথাবোৰকে পাতিছে, ৰং চাইছে, হাঁহিছে...। ককায়েকে অনাই-বনাই ঘূৰি ফুৰে, নিশা কোনোমতেহে ঘৰটোত সোমায়। যিটো বয়সত পঢ়া-শুনা কৰি থকা সৰহভাগ ল’ৰা-ছোৱালীৰে ক্লাচৰ পাছত ঘৰত সোমোৱাবলৈ দৌৰাদৌৰি, তেনে সময়ত ওলোটা ছবিখন দেখিছিলোঁ বান্ধৱীজনীৰ ক্ষেত্ৰত। ঘৰ বুলি একোৱে আকৰ্ষণ নাই। নৰক যেন লগা তেনে এখন ঘৰত মুঠেও সোমাবলৈ ইচ্ছা নাযায় তাইৰ। সকলো এৰি কেতিয়াবা অজান ঠাইলৈ পলাই যোৱাৰ কথা কয়। তাৰ পাছতো সেইখন ঘৰত তাই থকাৰ একমাত্ৰ কাৰণ বায়েকজনী, যাৰ মৰমক সাৰথি কৰি জীছে প্ৰতিদিনে।লাহে লাহে আমাৰ ৰাস্তা সলনি হ’ল। সময়ৰ গতিত নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ পৰাত খা-খবৰবোৰো সঘনে নোপোৱা হ’লো। এদিন আন এজনী বান্ধৱীৰ মুখত হঠাৎ শুনিবলৈ পালোঁ অনাকাংক্ষিত খবৰ এটি। সেই বান্ধৱীৰ ঘৰৰ কাজিয়া-অশান্তিবোৰ লাহে লাহে ইমানেই বাঢ়িছিল যে অৱশেষত আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’লে তাইৰ মাকে। ঘৰৰ কাজিয়াবোৰ যেনিবা থমকিল, কিন্তু হতাশা-জঠৰতাই গ্ৰাস কৰি পেলালে ছোৱালী দুজনীৰ জীৱন...। 

ল’ৰা এজনৰ কথাও এইখিনিতে মনত পৰিছে। মাক-দেউতাকৰ বিবাহ বিচ্ছেদ হৈছে। তেওঁ মাকৰ লগত থাকে। মাকেও পৰৱৰ্তী সময়ত বাছি লয় আন এজন জীৱন সংগী। হঠাৎ নতুন মানুহ এজনে পিতৃৰ স্থান ল’লে; তেনে এটা নতুন পৰিৱেশত নিজকে খাপ খুৱাবলৈ বহু সময় লাগিছিল তেওঁৰ। বৰ চুপ-চাপে থাকে, নক’লে নোহোৱা কথাখিনিহে কয়। অকলশৰে থাকি ভাল পোৱা ল’ৰাজনৰ লগ বন্ধুও তেনেই নাই বুলিলে হয়। পঢ়া-শুনাত চোকা এই ল’ৰাজনৰ স্বভাৱটো শৈশৱতে দেখি অহা ঘৰুৱা অশান্তিবোৰৰ বাবেই সলনি হৈছে বুলি মানুহে কয়। 

স্বামী-স্ত্ৰীৰ সম্পৰ্কত জটিলতাই দেখা দিলে, এজনে আনজনৰ সৈতে থাকিব নিবিচাৰিলে আমাৰ আইনী ব্যৱস্থাই বিবাহ বিচ্ছেদৰ অনুমতি দিছে। সেই অনুসৰি বহুতো স্বামী-স্ত্ৰীয়ে ইজনে আনজনৰ পৰা আতৰিও গৈছে। বহুতে পৰৱৰ্তী সময়ত সুখেৰে জীৱন অতিবাহিত কৰিছে। মাক, দেউতাক, সন্তানেৰে এখন ঘৰ সম্পূৰ্ণ। মৰম-ভালপোৱাই সেই ঘৰখনক পূৰ্ণতা দিয়ে। কিন্তু স্বামী-স্ত্ৰীৰ কাজিয়া, অশান্তি আৰু বিবাহ বিচ্ছেদৰ বাবে বহুতো সন্তানে দুৰ্ভোগ ভূগিব লাগে। বুজা-নুবুজা বয়সতে কিছুমান সন্তানে সীমাহীন মানসিক কষ্টৰ সম্মুখীন হ’ব লগা হৈছে। মাক দেউতাকৰ মাজৰ পৰা যিকোনো এজনক বাছি লোৱা কিমান কঠিন হ’ব পাৰে! বহুতো সমীক্ষাই এই কথা সদৰি কৰি আহিছে যে মাক-দেউতাকৰ সম্পৰ্কৰ জটিলতা তথা ঘৰুৱা অশান্তিৰ বাবে সন্তানৰ মানসিক বিকাশ, শৈক্ষিক দিশ, ব্যক্তিত্ব গঠনৰ ওপৰত বিৰাট প্ৰভাৱ পৰে আৰু এই প্ৰভাৱ গোটেই জীৱন কঢ়িয়াই নিব লাগে। বহু সময়ত একাংশ সন্তানে মনোৰোগত আক্ৰান্তও হৈছে।

অৱশ্যে ওপৰৰ ঋণাত্মক ছবিকেইখনৰ বিপৰীতে পাঠকে এনে সন্তানো নিশ্চয় দেখিছে যিসকল মাক দেউতাকৰ বিচ্ছেদৰ পাছতো খুব সুন্দৰকৈ ডাঙৰ দীঘল হৈছে। মাক বা দেউতাকে বিচ্ছেদৰ পাছত পুনৰবিবাহ কৰোৱাই লাভ কৰা সংগী, যি জন্মদাতা নোহোৱা স্বত্তেও তেওঁলোকক অতি মৰমেৰে আকোঁৱালি লৈছে। কোনো অভাৱ তেওঁলোকে অনুভৱ কৰিবলগীয়া হোৱা নাই। মৰমৰ এনাজৰীয়ে বান্ধি ৰখা কিছুমান ল’ৰা-ছোৱালীয়ে বহু বছৰলৈ নজনাকৈয়ে থাকি যায় যে সেয়া দৰাচলতে তেওঁৰ নিজৰ মাক বা দেউতাক নহয়। তাৰ উপৰি পৰিলক্ষিত হোৱা আৰু এটা কথা যে বিবাহ বিচ্ছেদৰ পাছত একাংশ অভিভাৱকে কেৱল সন্তানৰ কথা ভাৱিয়েই পুনৰ বিবাহত নবহে। এককভাৱেই সন্তানটিৰ দায়িত্ব সুন্দৰকৈ গ্ৰহণ কৰা মাক-দেউতাকো বহুত আছে। আনপিনে, সন্তানৰ ভৱিষ্যত বিশৃংখল নোহোৱাকৈ ৰখাৰ স্বৰ্থতে কিছুমানে স্বামী-স্ত্ৰী হিচাপে বৈবাহিক সম্পৰ্কৰ একো তান নথকাৰ পাছতো বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’ব নোৱাৰা হৈ ৰৈছে। নিজৰ স্বাভিমান, অশান্তিক একাশৰীয়া কৰি কেৱল মাক-দেউতাক হিচাপে আপোচ কৰি একেলগে থাকিয়ে জীৱন কটাই দিয়া মানুহো আমাৰ মাজতে বহুত আছে। 

এটা কথা সকলোৱে তাৰ মাজতো স্বীকাৰ কৰিবলৈ বাধ্য যে বিবাহ বিচ্ছেদৰ সংখ্যা তুলনামূলকভাৱে আজিৰ সময়ত বাঢ়িছে। সকলো অশান্তিৰ পৰা মুক্তি পাবলৈ স্বামী-স্ত্ৰীয়ে খুব সহজে বিচ্ছেদিত হ’ব পাৰিছে। কিন্তু তেওঁলোকৰ সন্তানক সুস্থ এক পৰিৱেশ দিবলৈ আমাৰ দৃষ্টিত আইনী ব্যৱস্থা আৰু সমাজখনে নতুনকৈ চিন্তা কৰাৰ সময় নিশ্চয় আহি পৰিছে।
(লেখাটি নিয়মীয়া বাৰ্তা কাকততো লেখিকাৰ স্তম্ভলেখা ৰূপে পূৰ্বে প্ৰকাশ পাইছে)

No comments:

Post a Comment