সুখবৰঃ চৈয়দ আব্দুল মালিকৰ "সূৰুযমুখীৰ স্বপ্ন" প্ৰকাশ পালে এইবাৰ ৰাছিয়ান আৰু মান্দাৰিন ভাষাত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখবৰঃ চৈয়দ আব্দুল মালিকৰ "সূৰুযমুখীৰ স্বপ্ন" প্ৰকাশ পালে এইবাৰ ৰাছিয়ান আৰু মান্দাৰিন ভাষাত

সুখবৰঃ চৈয়দ আব্দুল মালিকৰ "সূৰুযমুখীৰ স্বপ্ন" প্ৰকাশ পালে এইবাৰ ৰাছিয়ান আৰু মান্দাৰিন ভাষাত

Share This
চৈয়দ আব্দুল মালিকৰ "সূৰুযমুখীৰ স্বপ্ন" প্ৰকাশ পালে এইবাৰ ৰাছিয়ান আৰু চীনৰ মান্দাৰিন ভাষাত
অসমীয়া সাহিত্যৰ জগতলৈ আহিছে নতুন সুখবৰ। অসমীয়া সাহিত্যৰ নিৰ্বাচিত বহু গ্ৰন্থই বিভিন্ন দেশৰ ভিন্ন ভাষালৈ অনুদিত হোৱাৰ জৰিয়তে অসমীয়া সাহিত্যৰ সৃষ্টিয়ে বিশ্বৰ বহু নতুন কোনত গৈ ধ্বজ উত্তোলন কৰিবলৈ সক্ষম হৈছে। এই ধাৰাৰ লগতে সংগতি ৰাখি এইবাৰ চৈয়দ আব্দুল মালিকৰ ধ্রুপদী উপন্যাস "সূৰুযমুখীৰ স্বপ্ন" ৰাছিয়ান আৰু মান্দাৰিন ভাষালৈ অনূদিত হোৱাৰ সুখবৰ পোৱা গৈছে।

সাহিত্য অকাডেমীয়ে উদ্যোগ লৈ এই জনপ্রিয় উপন্যাসখন একেলগে দুটাকৈ বিদেশী ভাষালৈ অনুবাদ কৰি ইতিমধ্যে প্রকাশাে কৰা হৈছে। প্রধানমন্ত্রীৰ এটা আঁচনি আৰু চাংহাই ক'অপাৰেচন ইনিচিয়েটিভ’ৰ উদ্যোগত অসমীয়া সাহিত্যৰ বাৰে গৌৰৱৰ এই কাম সম্পাদন কৰা হৈছে।
উল্লেখ্য, এই আঁচনিৰ জৰিয়তে প্রত্যেক বর্ষতে ভাৰতীয় ভাষাৰ আধুনিক সাহিত্যৰ কমেও এখনকৈ ধ্রুপদী উপন্যাস ৰাছিয়ান আৰু চীনা ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰা হয়। ২০১৯ চনত সাহিত্য অকাডেমীৰ কাৰ্যকৰী কমিটীৰ বৈঠকত ডাঃ ধ্ৰুৱজ্যোতি বৰাই চৈয়দ আব্দুল মালিক ছাৰ এই উপন্যাসখন ৰাছিয়ান আৰুমান্দাৰিন ভাষালৈ অনুবাদ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। সাহিত্য অকাডেমীৰ কার্যকৰী সদস্য ডাঃ ধ্রুবজ্যোতি বৰা অসমীয়া ভাষা উপেদষ্টা পৰিষদৰো আহ্বায়ক। তেওঁৰ এই প্ৰস্তাৱ সাহিত্য অকাডেমীয়ে গ্রহণ কৰে আৰু মালিকৰ নাৰী প্রধান চৰিত্ৰৰ সূৰুযমুখীৰ স্বপ্ন উপন্যাসখন ৰাছিয়ান আৰু মান্দাৰিন ভাষালৈ অনুবাদ কৰােৱাৰ বাবে অনুমোদন দিয়ে। উল্লেখযোগ্য যে, চৈয়দ আব্দুল মালিকদেৱৰৰ এই সুৰুযমুখীৰ স্বপ্ন প্রায় সকলাে ভাৰতীয় ভাষালৈ ইতিমধ্যেই অনুবাদ হৈছে। বিশ্বৰ অন্যতম সৱল ভাষা ৰাছিয়ান আৰু মান্দাৰিনত সুৰুযমুখীৰ স্বপ্ন নতুনকৈ প্ৰাণ পাই উঠক। এই অনুপম পদক্ষেপ লোৱাৰ বাবে ডাঃ ধ্ৰুৱজ্যোতি বৰা তথা সাহিত্য অকাডেমীলৈ 'অসমীয়াৰ সুখ-দুখ xukhdukh.com'ৰ তৰফৰ পৰাও জ্ঞাপন কৰিছো আন্তৰিক ধন্যবাদ।

মালিকদেৱৰ এই ‘সূৰুযমুখীৰ স্বপ্ন’কে ধৰি মুঠ দহখন আধুনিক ভাৰতীয় ধ্ৰুপদী কাহিনী গ্ৰন্থৰ ৰাছিয়ান আৰু চীনা ভাষালৈ অনুদিত গ্ৰন্থ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে Shanghai Cooperation Organization (SCO) Summit-ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ ‘সূৰুযমুখী স্বপ্ন’ৰ চীনা আৰু ৰাছিয়ান অনুবাদ সম্পন্ন হৈছে প্ৰদীপ আচাৰ্য্যৰ ইংৰাজী অনুবাদ ‘Longing for Sunshine’ৰ জৰিয়তে৷ ৰাছিয়ান অনুবাদ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰঞ্জনা ছাক্সেনাৰ আৰু চীনা অনুবাদ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সহঃ অধ্যাপিকা ছহেলী ছট্টৰাজৰ৷ ২০১৯ বৰ্ষৰ SCO Summit-ৰ সিদ্ধান্ত অনুযায়ী ‘আধুনিক ভাৰতীয় ধ্ৰুপদী গ্ৰন্থ’ শীৰ্ষক এই প্ৰকল্প ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ হৈ সাহিত্য অকাডেমিয়ে সম্পাদন কৰে৷

বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত বাৰে বাৰে চৈয়দ আব্দুল মালিকদেৱৰ সৃষ্টিৰ অপবাখ্যাৰে পৰিৱেশ কলুষিত কৰিব বিচৰা সকলৰ বিপৰীতে, সৃষ্টিৰ এই বিশ্বমুখী যাত্ৰাই অসমীয়া সাহিত্যৰ পথাৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে।

No comments:

Post a Comment