ধৰ্ম নে জাতি উদ্ধাৰঃ অসমীয়াৰ তুলাচনীত এইবাৰ কি?
অসমত বিধান সভাৰ নিৰ্বাচন সমাগত। শাসক আৰু বিৰোধী দলে নিজা নিজা প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। টিকট নোপোৱাজনে একে দিনাই গৈ বিৰোধী দলত যোগ দিও, পোনে পোনে টিকট পাইছে। ৰাজনীতিত নৈতিকতা বোলা বস্তুটো যে দুৰ্লভ হৈ পৰিছে, সেয়া শাসক-বিৰোধী দলৰ নেতাৰ কৰ্মকাণ্ডই ভালকৈয়ে মানুহক হৃদয়ংগম কৰাইছে। এই পটভূমিতে কিছু মনৰ কথা আলোচনা কৰিব খুজিছো। মনলৈ বাৰে বাৰে প্ৰশ্ন আহিছে যে খাল খানি অসমীয়া জাতিলৈ ঘঁৰিয়াল চপাব খোজা গেৰুৱা কাউৰীবোৰ অসমৰ পৰা উৎখাত হ'বনে ? এই প্ৰসংগ কেৱল কা বা কেব বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত বিগত সময়চোৱাত গঢ় লোৱা ৰাজনৈতিক নৈৰাজ্য, ফেচীবাদী চিন্তাৰ উত্থান, ভাষণৰ ভেল্কিবাজীত অতীষ্ঠ হোৱা পৰিৱেশৰ মাজতহে মূল দাঙি উঠিছে।
মনত পৰে, এজন বহুবল্কী মন্ত্ৰীয়ে কৈছিল - কোনোবাই গীতা এখন বুকুত লৈ পাকিস্থান বা চৌদি আৰব বা কোনো ইছলামিক দেশলৈ গ'লে তেওঁলোকে নাগৰিকত্ব নিদিয়ে গতিকে ভাৰতবৰ্ষই দিব লাগিব। এইটো আকৌ কেনে ধৰণৰ কথা? প্ৰশ্ন হয়, সংবিধানে এনে সংজ্ঞা দিছেনে এইখন ভাৰতত? আমাৰ ভাৰতবৰ্ষ পাকিস্থান, চৌদি আৰব আদি দেশৰ দৰে মৌলবাদী দেশ এতিয়ালৈকে হোৱা নাই। কোনোবাই কোৰাণ এখন বুকুত লৈ পাকিস্থান বা চৌদি আৰব বা আন কোনো ইছলামিক দেশলৈ গ'লে তেওঁলোকে তেওঁক নাগৰিকত্ব দিব জানো? ইজৰাইলৰ ইহুদীসকলৰ কথাটো বাৰু সুকীয়া। এসময়ত তেওঁলোক অস্তিত্বৰ সংকটত পৰাৰ বাবে তেওঁলোকে গোটেই পৃথিবীৰ ইহুদীসকলক একত্ৰিত হোৱাৰ কথা কৈছে। পিছে ভাৰতৰ মিজোৰামৰ ইহুদিসকলক ইজৰাইলে এতিয়াও নাগৰিকত্ব দিয়া নাই। উন্নত দেশেসমূহে কাৰোবাক নাগৰিকত্ব দিবলৈ হ'লে সেই মানুহজনৰ যোগ্যতাই সেইদেশৰ অৰ্থনীতিৰ উন্নয়ণত কিমান অৰিহণা যোগাব তাৰ বাচ-বিছাৰ কৰি লয়। মোক সেই হিচাবতে কানাডাই নিজৰ সংবিধানৰ নীতি মানি নাগৰিকত্ব দিছিল। যদি ভাৰতে কোনোবা বিদেশীক ভাৰতবৰ্ষৰ নাগৰিকত্ব দিব খোজে তেনেহ'লে ভাৰতেও ভাৰতৰ অৰ্থনীতিৰ উন্নয়ণত অৱদান যোগাৱ পৰা মানুহক যোগ্যতাৰ ভিত্তিত নাগৰিকত্ব দিয়া উচিত, কেবল হিন্দু বুলিয়েই নহয়।
প্ৰশ্ন হয়, নিবনুৱাৰে ভৰি থকা ভাৰতবৰ্ষলৈ, অসমলৈ হিন্দু বাংলাভাষী ভাই সকলে আলাউদ্দিনৰ চাকি লগত লৈ আহিব নেকি ? আচল কথা গৰিষ্ঠসংখ্যক হিন্দু ভোটে বিজেপি ভাৰতবৰ্ষত-অসমত সদায় ক্ষমতাত অধিষ্ঠ হৈ থাকিব বিছাৰে - বাকী গণতন্ত্ৰ ক'ত মৰ মৰ। এতিয়া খিলঞ্জীয়াও মৰিব, চাৰিওফালে অৰাজকতা হব আন্দোলন কৰিব, অসমৰ সম্পদ দিল্লীয়ে নি থাকিব, মূল্য বৃদ্ধি হৈ থাকিব, পাছত কব আইন শৃংখলা, আন্দোলনে অসমত উন্নয়ন বাধা কৰিলে, টকাবোৰ তাতে খৰচ হল, সঁজাতী দল দিল্লী যাব ভিক্ষা বিচাৰি তাৰে দুজন মান মেনেজ হৈ যাব, খিলঞ্জীয়া চিঞৰি থাকা, মেনেজ যদি নোহোৱাসকলক ভণ্ড দেশভক্তসকলে দেশদ্ৰোহী সজাই দিব ।
বাংলাদেশত ১.৭ কোটি হিন্দু বঙালী মানুহে বসবাস কৰে। মোৰ মা কোঁছ ৰাজপৰিয়ালৰ...এতিয়া ধুবুৰী, গোৱালপাৰা, কোঁছবিহাৰ আৰু বাংলাদেশত থকা আমাৰ সন্বন্ধীয়সকলৰ ভিতৰত বাংলাদেশী হিন্দু মোৰ মামা এজন ৰংপুৰত থাকে (ৰংপুৰৰ জমিদাৰৰ পৰিয়ালৰ), এজন ঢাকাত... মইও এসময়ত বাংলাদেশৰ ঢাকাৰ এপল' হস্পিটালৰ দন্ত চিকিৎসা বিভাগৰ মূৰব্বী আছিলো, মই নিজে দেখিছো আৰু জানো এসময়ত বাংলাদেশত হিন্দুৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ হৈছিল....এতিয়া বহুত কম.. বাংলাদেশলৈ গণতান্ত্ৰিক বাতাবৰণ বহুখিনি ঘূৰি আহিছে....মাথো মৌলবাদীৰ প্ৰকোপ কিছু আছে...সেইয়া ভাৰতৰ হিন্দুমৌলবাদীৰ উৎপাততকৈ বহুত কম....মই কেতিয়াও নিবিছাৰো মোৰ সেই বাংলাদেশত থকা সন্বন্ধীয়সকল হিন্দু বুলিয়েই ভাৰতলৈ বা অসমলৈ আহক....বিজেপিয়ে যিমানেই ফোপোলা যুক্তি নিদিয়ক কিয়?....তেওঁলোক বিদেশী তেওঁলোকৰ প্ৰতি ভাৰত চৰকাৰ কিয় দায়বদ্ধ হ'ব? তেওঁলোকে তাতে থাকি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰক....
ফেচবুকত সাম্যবাদত বিশ্বাসী এজনক দেখিছিলো বাংলাদেশৰ পৰা প্ৰবজিত সৰ্বহাৰা হিন্দু বঙালীৰে ভাৰতৰ সাম্যবাদী বিপ্লৱ তৰিতাম্বিত কৰাৰ কথা....কি অদ্ভূদ চিন্তা? .বঙালী মানেই প্ৰগতিশীল মানুহ নেকি? সকলো জাতিৰ মাজত থকাৰ দৰে চূড়ান্ত প্ৰতিক্ৰিয়াশীল বঙালী মানুহো আছে...নহ'লে আটাইতকৈ খৰচী (৪কোটিৰ অধিক) দুৰ্গাপূজাখন এসময়ত বাওঁপন্থীয়ে শাসন চলোৱা ত্ৰিপুৰাত নহ'ল হয়। সৰ্বহাৰা শ্ৰেণীৰ সংখ্যা বৃদ্ধিয়ে বিপ্লৱ তৰিতাম্বিত হোৱাটো নুবুজায়....সঠিক মতাৰ্দশ আৰু ৰণকৌশল অবিহনে বিপ্লৱ হ'বনে? কিউবা বিপ্লৱৰ অন্যতম ৰূপকাৰ ফিডেল কাষ্ট্ৰোয়ে কৈছিল - "বিপ্লৱ মানুহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে সঠিক মতাৰ্দশৰ ওপৰত....কাৰণ সঠিক মতাৰ্দশক কেতিয়াও হত্যা কৰিব নোৱাৰি।" সাম্যবাদত বিশ্বাসীসকলৰ বাবে বিপ্লৱৰ সঠিক সময় আহিব যিদিনা ভাৰতৰ পুঁজিপতিসকলেও তেওঁলোকৰ এই চিষ্টেম কোনোপধ্যেই চলাই নিবলৈ অপৰাগ হ'ব। সেই দিন সমাগত।
ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সম্পৰ্কীয় চুক্তিৰ স্বাক্ষৰকাৰী দেশ নহয় আৰু ভাৰত আৰু বাংলাদেশৰ মাজতো শৰণাৰ্থী প্ৰত্যাবৰ্ত্তনৰ বাবে তেনে কোনো বিশেষ চুক্তি নাই। তাৰোপৰি ভাৰতে চহী কৰি দায়বদ্ধ হোৱা Universal Declaration of Human Rights, International Convention of Civil and Political Rights, UN Declaration on Territorial Asylum 1967ৰ মতে যদি কোনো এখন দেশৰ মানুহে প্ৰাণৰ শংকাত সেই দেশ ত্যাগ কৰি ভাৰতত ভগনীয়া হিচাবে আহে আৰু সেই দেশলৈ ঘূৰি যাবলৈ অনিচ্ছুক হয়, তেন্তে আন্তৰ্জাতিক মানৱ অধিকাৰৰ আধাৰত তেনে লোকক আশ্ৰয় নিদি স্বদেশলৈ উভতি যাবলৈ বাধ্য কৰিব নোৱাৰিব। দেশ বিভাজনৰ ঐতিহাসিক প্ৰেক্ষাপটত দীৰ্ঘদিন ধৰি ভাৰতত বসবাস কৰি অহা লোকসকলক বিদেশী হিচাবে গণ্য কৰাটোও এটা অন্যায়। আমি যিমানেই নিচিঞৰো কিয় কাৰ্য্যত ১৯৭১ চনৰ পিচত অহা বাংলাদেশীকো আমি বাংলাদেশলৈ ঘুৰাই পঠাবলৈ যে সমৰ্থ হ'ম সেইয়া আশা কম।
জাতিৰ পৰিচয় আগত নে ধৰ্মীয় পৰিচয় আগত হোৱা উচিত ৷ জাতিৰ পৰিচয়ে একতাৰ ভাব মনলৈ আনে ৷ ধৰ্মতকৈ জাতিৰ ধাৰণা ব্যাপক আৰু ই মানব আত্মাৰ অধিক ওচৰ চপা ৷ সেইবাবে একেই জাতিৰ মাজত যুদ্ধ বিৰল ঘটনা ৷ এনে যুদ্ধ যদিও লাগে তেন্তে তাক যুদ্ধ বুলি নকৈ বিদ্ৰোহ বুলিয়েই কোৱা হয় ৷ কিন্তু বিভিন্ন জাতিৰ একেটা উমৈহতিয়া ধৰ্ম হলেও ধৰ্মই জাতিৰ প্ৰাচীৰ ভাঙিব নোৱাৰে বাবেই একে ধৰ্মাৱলম্বী বিভিন্ন জাতিৰ মাজত যুদ্ধ তেনেই সাধাৰণ ঘটনা ৷
আমি নিদ্ধাৰণ কৰিব লাগিব যে আমি জাতি হিচাবে জীযাই থাকিম নে ধৰ্মক লৈ জীযাই থাকিম ৷ কিন্তু মনত ৰাখিব লাগিব যে জাতিৰ পৰিচয় হেৰালে সকলো হেৰাব আমাৰ ৷
কোৱা হয়- লংকালৈ গলে সকলো ৰাৱণ হয়। কিন্তু শাসনৰ ভাৰ লোৱাৰ পাছৰেপৰাই দেখা গল- ভাৰতক ৰামৰাজ্যত পৰিণত কৰিব বিচৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া লংকালৈ নোযোৱাকৈয়ে ৰাৱণৰ ৰূপ ললে। ৰামৰাজ্য নহয় বিশ্বৰ বৃহৎ ধৰ্মনিৰপেক্ষ দেশখনক এখন স্বৈৰতান্ত্ৰীক “হিন্দু ৰাষ্ট্ৰ” হিচাপে গঢ়িবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি নিৰলস প্ৰচেষ্টা তাত হে তেখেতে “প্ৰধানসেৱক” হিচাপে অৱদান আগবঢ়াইছে। আৰু এই প্ৰচেষ্টাত বলিৰ পঠা সজাব খোজা হৈছে আমাৰ অসমী আইক।
No comments:
Post a Comment