জীৱনঃ ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন :: ৰূপাংকৰ চৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনঃ ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন :: ৰূপাংকৰ চৌধুৰী

জীৱনঃ ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন :: ৰূপাংকৰ চৌধুৰী

Share This
ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন, LIFE AFTER THIRTY,  অসমীয়াৰ সুখ দুখ, Asomiya
ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন
ৰূপাংকৰ চৌধুৰী

আমি বহুতেই ২০বছৰ বয়সৰ পৰা ৩০বছৰ বয়সলৈকে বিভিন্ন নকৰিবলগীয়া কাম কৰি, কিছুমান বেয়া স্বভাৱ গোটাই লওঁ। এক কথাত ক'বলৈ গ'লে এক বিশৃংখল জীৱন-যাপনত অভ্যস্ত হোৱা যায়- ২০ৰ পৰা ৩০ৰ ভাগতে, যেনে- নিশা দুপৰলৈ পাৰ্টী কৰা, চিগাৰেটৰ ধোঁৱা উৰুৱাই আমেজ পোৱা, নিজৰ কষ্টাৰ্জিত ধন- বেপৰোৱা ভাৱে উৰুৱাই দিয়া ইত্যাদি।

ত্ৰিশৰ পিছত জীৱন-যৌৱনৰ কিছু প্ৰশ্ন, LIFE AFTER THIRTY,  অসমীয়াৰ সুখ দুখ, Asomiya

কিন্তু বয়স আহি যেতিয়া ৩০ৰ দশকত সোমাই তেতিয়া কথাবোৰ বেলেগ কৈ ভাবিব আৰম্ভ কৰিব লাগে যাতে জীৱনৰ অনাগত দিনবোৰ ব্যক্তিগত আৰু পেচাগতভাবে সুকলমে পাৰ হয়।

আমি যি সকলে ৩০ৰ ঘৰত ভৰি দিছোঁ, সকলোৱে তলৰ দহটা কিটিপ বিশেষভাৱে পালন কৰিলে জীৱনজোৰা সাফল্যৰ উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে। আহক জীৱনৰ অন্য এক নাম দিবলৈ চেষ্টা কৰোঁ- ৩০ৰ পিছতঃ

১) ধূম্ৰপান বন্ধ কৰক:
ধুম্ৰপানৰ বদঅভ্যাসে যদি আপোনাকো লম্ভিছে তেন্তে অনতি পলমে সেয়া পৰিহাৰ কৰক। বিগত সময়ত কৰা ধূম্ৰপানে আপোনাৰ শৰীৰত যি ক্ষতিসাধন কৰিলে সেয়া আপুনি নোহোৱা কৰিব নোৱাৰে। কিন্তু গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে যে যি সকল ব্যক্তিয়ে ৪০বছৰ বয়সৰ আগতে ধূম্ৰপান ত্যাগ কৰে তেওঁলোকৰ ক্ষতিৰ পৰিমাণ ৪০ৰ পিছৰ ধূম্ৰপায়ীতকৈ ৯০% কম।

২) দৈনিক শোৱা আৰু শোৱাপাটী এৰাৰ সময় একেই ৰাখক:
সপ্তাহৰ শেষৰ দিন দুটাত দেৰিলৈকে শোৱাপাটীত থকাৰ মাদকতাই বেলেগ! কিন্তু নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ, সদায় একে সময়তে শোৱা আৰু শোৱাপাটী এৰাৰ অভ্যাস গঢ়ি তোলক ৩০ত ভৰি দিয়াৰ সময়তে।

৩) দৈনিক কছৰত কৰা আৰম্ভ কৰক:
নিজক যিমান পাৰে চলন্ত অৱস্থাত ৰাখিবলৈ চেষ্টা কৰক। যিকোনো ধৰণৰ শাৰিৰীক পৰিশ্ৰম- খোজকঢ়া, চাইকেল চলোৱা, দৌৰা, সাঁতোৰ, খেলা-ধূলাত নিজকে ব্যস্ত ৰাখিবলৈ সময় উলিয়াব চেষ্টা কৰক।

৩০ৰ দেওনা পাৰ কৰাৰ পিছত লাহে লাহে মাংসপেশী দুৰ্বল হৈ পৰে। সেয়েহে এই সময়ত শাৰিৰীক পৰিশ্ৰম কৰি কৰি মাংসপেশীবোৰ শক্তিশালী কৰি ৰখা অতি প্ৰয়োজন। শাৰিৰীক পৰিশ্ৰম এনেকুৱা এবিধ বাচনি কৰিব লাগে- যিবিধ কৰি আপুনি মানসিক আনন্দ পায়। মনেৰে ভাল নোপোৱা শাৰিৰীক পৰিশ্ৰম কৰিলে সেয়া ক্ষন্তেকীয়া হোৱাৰ সম্ভাৱনাই যথেষ্ট।

৪) ডায়েৰী লেখিবলৈ আৰম্ভ কৰক:
দিনটোৰ উল্লেখযোগ্য ঘটনাবোৰ টোকা-বহীত সযতনে টুকি ৰখাৰ অভ্যাস গঢ় দিয়ক। ভৱিষ্যৎ জীৱনত কেতিয়াবা হতাশাই আগুৰি ধৰিলে আপুনি নিজৰ মনটোক সতেজ কৰি তুলিব পাৰিব- অতীতৰ ঘটনাবোৰ স্মৰণ কৰি।

৫) ধন জমা কৰিবলৈ আৰম্ভ কৰক:
ধন সাঁচিবলৈ যিমান সোনকালে আৰম্ভ কৰিব সিমানেই অনাগত দিনত নিজকে সুৰক্ষিত অনুভৱ কৰিব। ৩০ত ভৰি দিয়াৰ পিছতে ধন সাচিবলৈ অভ্যাস গঢ় দিয়াটো নিতান্তই প্ৰয়োজন।

৬) জীৱনৰ যিকোনো এক গুৰুত্ত্বপূৰ্ণ সপোন সাকাৰ কৰিবলৈ আৰম্ভ কৰক:
জীৱনৰ যিকোনো এক সপোন সাকাৰ কৰিবলৈ চেষ্টা কৰক। সেই সপোন হ'ব পাৰে- নিজাকৈ ঘৰ বনোৱা, পৰিয়াল পৰিকল্পনা, কিতাপ এখন লিখা ইত্যাদি। যিকোনো এটা বাচি লওক আৰু আগবাঢ়ি যাওক।

৭) নিজৰ যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ শিকক:
নিজৰ যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ শিকিলে জীৱনত বহুত আনন্দিত হৈ থাকিব পাৰিব আৰু হতাশাগ্ৰস্তত ভোগাৰ পৰা নিজকে নিলগাই ৰাখিব পাৰিব।

আনন্দময় জীৱনৰ আনক এক সত্য হ'ল আত্মতুষ্টি। নিজৰ থকাখিনিক প্ৰশংসা কৰিলে আমি অধিক আনন্দিত হ'ব পাৰোঁ।

৮) সকলোকে সন্তুষ্ট কৰাৰ চিন্তা পৰিহাৰ কৰক:
৩০ত ভৰি থোৱাৰ পিছত এই কথা ভাবি মূৰ নঘমাব যে আপুনি সকলোকে সন্তুষ্ট কৰিব লাগিব। নিজৰ বন্ধু আৰু সম্পৰ্কত থকা সকলৰ তালিকাখন নিজৰ সুবিধানুযায়ী সাৱধানে প্ৰস্তুত কৰক। আপোনাৰ লগত যিয়ে বন্ধুত্বসুলভ আচৰণ নকৰে তেনে ব্যক্তিক আপুনি গুৰুত্ব নিদিয়াই শ্ৰেয়।

সেই সকল ব্যক্তিৰ লগত নিজৰ সময় বেচিকৈ পাৰ কৰক যাৰ লগত থাকি আপুনি মানসিক শান্তি লাভ কৰে। আপোনাৰ শক্তি আৰু সময়- সতৰ্কতাৰে ব্যৱহাৰ কৰক।

৯) নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক:
আপোনাৰ বন্ধু নাইবা পৰিয়ালৰ আন কাৰোবাৰ সমানে যদি জীৱনত কিবা এটা কৰিব পৰা নাই তেন্তে নিজকে শান্ত কৰি ৰাখক। নিজকে আনৰ লগত তুলনা কৰি মানসিক অশান্তিত দিন পাৰ কৰিব নালাগে।

৩০বছৰ বয়সত ভৰি দিয়াৰ পিছত, নিজকে আনৰ লগত তুলনা কৰি থাকিলে আপুনি নিজৰ জীৱনৰ লক্ষ্যৰ পৰা আঁতৰি থকাৰ সম্ভাৱনাই বেছি। তাতকৈ আপুনি নিজৰ লক্ষ্যত উপনিত হ'বলৈ যিমান পাৰে চেষ্টা কৰক।

১০) নিজৰ ভুলৰ বাবে নিজক ক্ষমা কৰা আৰম্ভ কৰক:
নিজৰ ভুলবোৰ পাহৰিবলৈ চেষ্টা কৰক। আমি সকলোৱে বহুতো ভুল কৰোঁ। অতীতৰ ভুলবোৰ ফঁহিয়াই নিজৰ সুন্দৰ বৰ্তমান আৰু ভৱিষ্যৎৰ সুখৰ পৰা নিজকে বঞ্চিত নকৰিব।

আত্ম-সহানুভুতি- জীৱনত উন্নতিৰ অন্যতম কাৰক। যিসকল ব্যক্তিয়ে আত্ম-সহানুভুতি কৰে- তেওঁলোকে নিজৰ দুৰ্বলতাবোৰ সলনি কৰিবলৈ চেষ্টা কৰে আৰু অতীতৰ ভুলৰ পৰা শিকে।

এই দহটা কিটিপ ব্যৱহাৰ কৰক। দেখিব ৩০ৰ পিছত জীৱনটো এক নতুন মাত্ৰা লাভ কৰিছে।
(উৎস: Business Insider)

No comments:

Post a Comment