বিশ্লেষণঃ ক্ৰমাত 'পুঁজিবাদী গণতন্ত্ৰ'লৈ ৰূপান্তৰিত হৈছে নেকি ভাৰতবৰ্ষ? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ক্ৰমাত 'পুঁজিবাদী গণতন্ত্ৰ'লৈ ৰূপান্তৰিত হৈছে নেকি ভাৰতবৰ্ষ? :: অনন্ত কলিতা

বিশ্লেষণঃ ক্ৰমাত 'পুঁজিবাদী গণতন্ত্ৰ'লৈ ৰূপান্তৰিত হৈছে নেকি ভাৰতবৰ্ষ? :: অনন্ত কলিতা

Share This
ক্ৰমাত 'পুঁজিবাদী গণতন্ত্ৰ'লৈ ৰূপান্তৰিত হৈছে নেকি ভাৰতবৰ্ষ?
অনন্ত কলিতা
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ মূল ঘোষণাটো হৈছে- "Preamble declares India to be a sovereign, socialist, secular and democratic republic"। সেই সূত্ৰেই ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ। ভাৰতীয় অৰ্থনীতিৰ গাঁঠনিটো প্ৰকৃততে মিশ্ৰ-অৰ্থনীতিৰ। এই দেশত চৰকাৰী আৰু বে-চৰকাৰী খণ্ড দুয়োটাকে বিকশিত হবলৈ দি প্ৰতিযোগিতামূলক বজাৰৰ সৃষ্টি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। অৰ্থনৈতিক পৰিকল্পনাৰ দীৰ্ঘম্যাদি কথাবোৰ দেখ-ৰেশ কৰিছিল ভাৰতীয় পৰিকল্পনা আয়োগে। কম্পিটিচন আয়োগৰ প্ৰস্তাৱনাত কোৱা হৈছিল- "Commission to prevent practices having adverse effect on competition, to promote and sustain competition in markets, to protect the interests of consumers and to ensure freedom of trade carried on by other... "। কিন্তু বৰ্তমানে চৰকাৰী কোম্পানীক ব্যক্তিগত পুঁজিপতিৰ হাতলৈ তুলি দিয়াৰ বাবে গ্ৰহণ কৰা হৈছে আগ্ৰাসী নীতি, এইখন ভাৰততে। এই পটভূমিতে এই লেখাৰ অৱতাৰণা কৰা হৈছে।
আমি বিচাৰ কৰিবলৈ যাওতে, প্ৰথমেই দৃষ্টি দিব লাগিব যে, আজি বিশ্বত চীন, কিউবা, ভিয়েটনাম, লাওচৰ বাহিৰে প্রায় সমস্তকেইখনেই পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্র। পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থাত বিশ্বাসী লােকসকলৰ ধাৰণা অনুযায়ী এই গণতান্ত্রিক ব্যৱস্থাত সকলােৰে সম-অধিকাৰ, কোনাে লােকে কোনাে লােকক শােষণ কৰি ৰাখিব নােৱাৰে বা কোনােৱে কাকো দমাই ৰাখিব নােৱাৰে, অন্যায়-অবিচাৰ কৰিব নােৱাৰে। সুযােগ, সুবিধা, অধিকাৰ, বিচাৰ হেনাে সকলাে নাগৰিকৰ বাবে সমান। সমাজবাদী দেশবােৰত হেনাে গণতন্ত্র নাই তাত একনায়কত্ববাদ। ভাৰতৰ এই গণতন্ত্রত বিশ্বাসী ৰাজনীতিবিদ, বুদ্ধিজীৱী, তত্ত্ববিদ, পুঁজিপতি আদি সকলােৱে গৌৰৱ কৰে ভাৰতবর্ষ হেনাে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ আৰু ইয়াত সকলাে নাগৰিকৰ সমান অধিকাৰ। টাটা, বিৰলা, আম্বানি, আদানি, যদু-মধু আদি সকলাে হেনাে আইনৰ চকুত সমান।

১৯৫০ চনত গ্ৰহণ কৰা ভাৰত গণৰাজ্যৰ সংবিধানত ৰাষ্ট্রই পালন কৰিব লগা নির্দেশনাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছিল। এইবােৰৰ ভিতৰত আছে—প্রতিজন নাগৰিকৰ বাবে জীৱনৰ পর্যাপ্ত উপায় আৰু কামৰ অধিকাৰ, সম্পদৰ কেন্দ্রীকৰণ কৰিব নােৱাৰা এক অর্থনৈতিক ব্যৱস্থা, শিক্ষাৰ অধিকাৰ আৰু ল'ৰা-ছােৱালীৰ বাবে বিনামূলীয়া তথা বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা, শ্ৰমিকৰ বাবে জীৱন ধাৰণৰ ন্যূনতম মজুৰি আৰু পুৰুষ-মহিলাৰ ক্ষেত্রত একধৰণৰ কামৰ বাবে সমান মজুৰি। ন্যায় বিচাৰ প্রদান, বিচাৰ ব্যৱস্থা নিৰপেক্ষ হ’ব। সম্পূর্ণ নাগৰিক অধিকাৰৰ নিশ্চয়তা দিয়া হ'ব। ব্যক্তি আৰু বসতিৰ অধিকাৰ হ’ব অলংঘনীয় আৰু বিনা বিচাৰে কোনাে ব্যক্তিক আটক কৰা নাযাব, বিবেক, ধর্মীয় বিশ্বাস আৰু উপাসনাৰ অবাধ অধিকাৰ থাকিব। বাক্‌স্বাধীনতা, সংবাদপত্ৰৰ অধিকাৰ, সমাৱেশ কৰা, ধর্মঘট কৰা, আন্দোলন কৰা আৰুবৃত্তি নির্বাচন কৰাৰ অধিকাৰ, ৰাজনৈতিক দল আৰু সংস্থা গঠনৰ অধিকাৰ, যাতায়াত আৰু জীৱিকাৰ অধিকাৰ, মতানৈক্য প্রকাশৰ অধিকাৰ ইত্যাদি।

বর্তমান গণতান্ত্রিক ব্যৱস্থাত গণতান্ত্রিক দেশবােৰৰ বহুচর্চিত গণতন্ত্রৰ ক্ষেত্ৰত ভি আই লেনিনৰ বক্তব্য উল্লেখ্য। ১৯১৮ চনত লেনিনে জার্মান শ্রমিক নেতা কাউটস্কিৰ লগত এটা গুৰুত্বপূৰ্ণ বিতর্কৰ সূচনা কৰিছিল। পুঁজিবাদী সমাজ ব্যৱস্থাৰ এখন গণতান্ত্রিক ৰাষ্ট্ৰত পুঁজিৰ শাসনক অব্যাহত ৰাখি শ্রেণীগত বিভাজন সত্ত্বেও পুঁজিপতি আৰু জনসাধাৰণৰ সমঅধিকাৰ কি অর্জন কৰিব পাৰে? লেনিনৰ সিদ্ধান্ত আছিল পুঁজিবাদী গণতন্ত্রত ই কেতিয়াও সম্ভৱ নহয়। এই গণতান্ত্রিক দেশত দেখাত পুঁজিপতি এজনৰ যেনেকুৱা ভােটদানৰ ক্ষমতা আছে আৰু জনসাধাৰণৰ মাজৰ এজনৰাে সেই অধিকাৰ আছে, কিন্তু এই গণতন্ত্রত দুজনৰ শক্তিয়ে সমান এই যুক্তি অচল। লেনিনৰ মতে ইউৰােপৰ তৎকালীন গণতান্ত্রিক ৰাষ্ট্ৰবােৰে মুষ্টিমেয় পুঁজিপতিৰ সংখ্যালঘুৰ গণতান্ত্রিক ৰাষ্ট্র। সংখ্যাগৰিষ্ঠ জনসাধাৰণ প্রকৃত গণতান্ত্রিক অধিকাৰৰ পৰা বঞ্চিত এইধৰণৰ গণতন্ত্রত। লেনিন সিদ্ধান্ত আছিল পুঁজি আৰু উৎপাদনৰ উপায়বােৰৰ সামাজিক মালিকানা বিনে আৰু শ্রেণী বিভাজনৰ অৱসান বিনে এখন ৰাষ্ট্ৰত আৰু সমাজত কেতিয়াও প্রকৃত গণতন্ত্র প্রতিষ্ঠিত হ'ব নােৱাৰে। অর্থাৎ গণতন্ত্ৰৰ সংজ্ঞা বিবেচনা কৰিবলৈ হ'লে পুঁজি আৰু শ্ৰেণীৰ প্রশ্নটো মৌলিক। ইয়াৰ সমাধান নকৰাকৈ জনসাধাৰণে প্রকৃত গণতন্ত্র পাব নােৱাৰে। লেনিনে সেইবাবেই ৰাছিয়ান ডুমাক ‘গাহৰিৰ গৰাল’ বুলি কৈছিল। পুঁজিবাদৰ যিমানেই বিকাশ ঘটিছে পুঁজিবাদী গণতন্ত্র আন্তঃগাঁথনি আৰু ইয়াৰ শাখা-প্রশাখাবােৰৰ নিৰন্তৰ উন্নতি ঘটাইছে। সেই লক্ষ্যৰেই পাৰিবাৰিক মূল্যবােধ, ধর্মীয় অনুশাসন, বিশ্ববিদ্যালয় পর্যন্ত শিক্ষাৰ মর্মবস্তু, সাংস্কৃতিক জগত, প্রচাৰ মাধ্যম সকলােবােৰৰ মাজেৰে

পুঁজিৰ শাসনৰ পক্ষত জনমতক বান্ধি ৰখাৰ ব্যৱস্থা কৰিছে। গণতন্ত্রৰ তীর্থস্থান বুলি খ্যাত ইউৰােপৰ দেশবােৰ, আমেৰিকা বা ভাৰতৰ গণতান্ত্রিক ব্যৱস্থা শ্রেণীগত বিচাৰত ধনিক শ্ৰেণীৰ স্বাৰ্থতে পৰিচালিত, কিন্তু সাধাৰণ মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু সমর্থন বিতর্কৰ অতীত। আমেৰিকাৰ নিউয়র্ক চহৰত ২০১১ চনত সংঘটিত হােৱা ‘অকুপাই ৱাল স্ট্রিট’আন্দোলনৰ প্রবক্তাসকলে কৈছিল— এওঁলােক একভাগ আমি নিৰান্নব্বৈ। সংখ্যাৰ দিশত সেইটো সত্য। কিন্তু কঠিন বাস্তৱ হ’ল একভাগৰ স্বার্থই নিৰান্নব্বৈ ভাগক প্রভাবিত কৰি বান্ধি ৰাখিছে। ৰিপাব্লিকান অথবা ডেমক্রেটে আমেৰিকাৰ জনমতক শিকলিৰে বান্ধি ৰাখিছে। আমেৰিকা মুলুকৰ আন্দোলনকাৰীসকলৰ সিংহভাগ, বিশেষতঃ সেই দেশৰ দুর্বল অংশ, বাৰাক অবামাকেই নির্বাচনত জিকাইছিল এওঁলােকে। ইয়াত কোনাে জবৰদস্তি, উৎপীড়ন, বলপ্রয়ােগ নাছিল, মূলতঃ আজি বিশ্বত সংখ্যাগৰিষ্ঠৰ সমর্থনৰ ভিত্তিতে সংখ্যালঘুৰ গণতন্ত্র চলি আছে। ঠিক সেইদৰে একেই প্রক্রিয়াতে ডনাল্ড ট্রাম্প তথা ভাৰতৰ নৰেন্দ্ৰ মােডীৰ নিচিনা নেতাসকলৰ নেতৃত্বৰ চৰকাৰ গঠনৰ বাবে এই পুঁজিবাদী গণতন্ত্রত জনসাধাৰণে অভিমত দিছিল। বর্তমান বিশ্বত এইটোৱে বহু প্রশংসিত পুঁজিবাদী গণতন্ত্র।

কমিউনিষ্টসকলৰ ভাষাত বুর্জোৱা গণতন্ত্র। জোৰ কৰি নহয়, সন্মতিৰ ভিত্তিতে সংখ্যালঘু পুঁজিপতিৰ বা ধনিক শ্ৰেণীৰ শাসন। গণতন্ত্রৰ (of the people, by the people, for the people) 2017 উৰাই নব্য উদাৰ অৰ্থনীতিৰ তত্ত্বৰে অকল দেশীয় পুঁজিপতিয়ে নহয়, আন্তর্জাতিক পুঁজিপতিসকলৰাে স্বাৰ্থত চৰকাৰ চলায়। উন্নত দেশবােৰে বিশেষকৈ আমেৰিকান চৰকাৰে গণতন্ত্রৰ নামত সাম্রাজ্যবাদী নীতি, সাম্রাজ্যবাদী যুদ্ধ চলায়। সেইজন বুশ্বেই হওক, অবামাই হওক বা ডনাল্ড ট্রাম্পেই হওক।

ভাৰতত বর্তমান আমি সংসদীয় গণতন্ত্রত বাস কৰিছাে। দীর্ঘদিনীয়া আন্দোলন তথা জনসাধাৰণৰ অশেষ ত্যাগৰ বিনিময়ত ব্রিটিছ সাম্রাজ্যবাদৰ কবলৰ পৰা দেশখনক মুক্ত কৰি স্বাধীন গণতান্ত্রিক ভাৰত সৃষ্টি কৰিছিল। স্বাধীনতা আন্দোলনত ভাৰতৰ শ্ৰমিক শ্রেণী, কৃষক সমাজ, মধ্যবিত্ত শ্রেণীৰ লােকসকল, বুদ্ধিজীৱী, মহিলা, ছাত্র আৰু যুৱ সমাজৰ ব্যাপক অংশগ্রহণৰ বাবেই স্বাধীনতাৰ বাবে চলা জাতীয় আন্দোলন সফল হৈছিল। অৱশ্যে হিন্দুত্ববাদী আদৰ্শৰ সংগঠনৰ লােকসকলে স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰা নাছিল। ভাৰতৰ জনসাধাৰণে দেশপ্রেমেৰে উদ্দীপ্ত হৈছিল আৰু এখন স্বাধীন ভাৰতবর্ষ তথা জনগণৰ বাবে এক নতুন জীৱন আশা কৰিছিল।

ভাৰত স্বাধীন হােৱাৰ ৭০ বছৰ পাছতাে যেতিয়া স্বাধীন ভাৰতৰ গণতন্ত্রই জনসাধাৰণৰ জীৱন ধাৰণৰ সমস্যাৰ কোনাে সমাধান কৰিব নােৱাৰিলে আৰু বিপৰীতে ভাৰতীয় কৰ্প'ৰেট গােষ্ঠীৰ হাতত দেশৰ সম্পূর্ণ সম্পদ থুপ খালে, তেতিয়া ভাৰতৰ জনসাধাৰণ বিক্ষোভিত হৈ পৰিছিল আৰু চৰকাৰৰ পৰিৱর্তন বিচাৰিছিল। এই পৰিস্থিতিতেই ভাৰতৰ বৃহৎ পুঁজিপতি গােষ্ঠীয়ে জনসাধাৰণক নিজৰ মৌলিক সমস্যাৰ দাবীৰ পৰা মনােযােগ আঁতৰাই নিবলৈ সাম্প্ৰদায়িকতাবাদক সন্মুখত লৈ আনি সাম্প্রদায়িক তথা অতি সোঁপন্থী ৰাজনৈতিক দলৰ দিশত জনসাধাৰণৰ মনােযােগ বিপথগামী কৰিছিল। ভাৰতৰ এই পটভূমিতে ২০১৪ চনত নৰেন্দ্ৰ মােডীৰ নেতৃত্বত বিজেপি দল জনসাধাৰণৰ জনাদেশ পাই কেন্দ্রীয় চৰকাৰৰ শাসন ক্ষমতাত অধিষ্ঠিত হৈছিল। বর্তমান ভাৰতত পুঁজিবাদী বা বুর্জোয়া গণতন্ত্রই জনসাধাৰণক সাংবিধানিক গণতান্ত্রিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। এই পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থাত ভাৰত গণৰাজ্যৰ সংবিধানে যিখিনি অধিকাৰ দিছে, সেইখিনিও ব্যৱহাৰ কৰি জনসাধাৰণে যাতে নিজৰ নিৰাপত্তা, নিজৰ পৰিচয়, জীৱন-জীৱিকাৰ পথৰ দাবী কৰিব নােৱাৰে, সেইবাবে পুঁজিপতি গােষ্ঠীয়ে নৰেন্দ্ৰ মােডীৰ নেতৃত্বৰ বিজেপিক শাসন ক্ষমতাত বহুৱাই জনসাধাৰণক ধর্ম, জাত আদিৰ ভিত্তিত বিভাজিত কৰি জনসাধাৰণৰ গণতান্ত্রিক অধিকাৰ খর্ব কৰি ফেচিবাদীশাসন প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিছে। গণতান্ত্রিক অধিকাৰ আৰু জনগণৰ নাগৰিক স্বাধীনতাৰ ওপৰত আক্রমণে মুখ্য কাৰ্যসূচী হৈ পৰিছে মােডী চৰকাৰখনৰ। 

চৰকাৰ এখনৰ নীতি বা পলিচিৰ বিৰােধীতাৰ প্ৰত্যেকটো কাৰ্যসূচীকে বা ঘটনাকে কোৱা হৈছে দেশদ্রোহ। বিনা বিচাৰে তথা কোনাে এক অজুহাত দেখুৱাই আটক কৰি ৰাখিবলৈ আনিছে কঠোৰ আইন ইউ-এপি-এ, এন-এছ-এ আৰু ৰাষ্ট্রদ্রোহিতা আইন। সমাজকর্মী, বুদ্ধিজীৱীসকলক দুবছৰ ধৰি জেলত আটক কৰি ৰাখিছে আৰু এওঁলােকৰ বিৰুদ্ধে জাৰি কৰা হৈছে ইউ-এপি-এৰ নিচিনা আইন, যাতে তেওঁলােকে জামিন আবেদন কৰিব নােৱাৰে। অসমত কাবিৰােধী আন্দোলনক দমন কৰিবলৈ তথা আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপিবিৰােধী শক্তিক দুর্বল কৰিবলৈ কৃষক নেতা অখিল গগৈক অন্যায়ভাৱে মাওবাদী সজাই যােৱা এবছৰ ধৰি জেলত আটক কৰি ৰাখিছে।।

যুক্তিবাদী আৰু বিজ্ঞানমনস্কতাৰ পক্ষত যিসকলে প্রচাৰ কৰে, ৰাষ্ট্ৰৰ মদতত এওঁলােকক আক্রমণ কৰিছে সংকীর্ণ, অন্ধ মতবাদৰ দ্বাৰা পৰিচালিত এদল লােকে। বিজ্ঞানমনস্কতাক উৎসাহিত কৰাৰ পৰিৱর্তে হিন্দুত্বৰ ভাবাৱেগ জগাই তুলিবলৈ প্রকাশ্যে সংকীর্ণতা, ৰক্ষণশীলতা আৰু কুসংস্কাৰক মদত দিছে। আনফালে স্বাধীন সাংবিধানিক প্রতিষ্ঠানক খর্ব কৰাৰ কাম আৰম্ভ কৰিছে। যােৱা লােকসভা অধিৱেশনত প্রশ্নোত্তৰ পর্ব বাতিল কৰি দিছিল। বিজেপিয়ে দেশৰ সৰ্বদিশত বিৰাট জনসভা অনুষ্ঠিত কৰিছে, আনফালে কোভিড সংক্ৰমণৰ নামত লােকসভাৰ শীতকালীন অধিৱেশন বাতিল কৰিছে। ভাৰতীয় সংবিধানৰ মর্মবস্তু হ’ল জনগণৰ সার্বভৌমত্ব, যিটো কার্যকৰী হয় নির্বাচিত প্রতিনিধিসকলৰ মাধ্যমত। তেওঁলােকৰ ওচৰত জৱাবদিহি হ'বলৈ বাধ্য থাকে চৰকাৰ। সংসদৰ কার্যক্রমণিকাক পংগু কৰিলে সাংবিধানিক আন্তঃগাঁথনি ভাঙি পৰিব। দেশৰ কৃষকসকলক ধ্বংস কৰাৰ বিলকেইখন যিভাবে বলপূর্বক ৰাজ্যসভাত অনুমােদন কৰা হ’ল তাত ফেচিষ্টসুলভ লক্ষণ স্পষ্টভাৱে প্রতিফলিত হৈছে। ফেচিষ্টসুলভ প্রৱণতাক তীব্ৰতৰ কৰাৰ লগত আৰ এছ এছৰ ৰাজনৈতিক লক্ষ্যৰ ঘনিষ্ঠ সম্পর্ক আছে। এই লক্ষ্য হ’ল ধর্মনিৰপেক্ষ গণতান্ত্রিক ভাৰতীয় সাংবিধানিক সাধাৰণতন্ত্রক আক্রমণাত্মক ফেচিষ্টসুলভ হিন্দুৰাষ্ট্ৰত ৰূপান্তৰিত কৰা। ভাৰতবৰ্ষত এতিয়া সংসদীয় গণতন্ত্রও বিপদৰ সন্মুখত। পুঁজিবাদৰ যেতিয়া এওঁলােকেই সৃষ্টিকৰা গণতন্ত্রই বিপদ হিচাপে দেখা দিয়ে এই গণতন্ত্রকে তিষ্ঠি থাকিব নিদিয়ে। আজি সেই অৱস্থাই হৈছে ভাৰতত যদি সংবিধানে স্বীকৃত অধিকাৰবােৰক জনগণে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে এই ফেচিবাদী সাম্প্রদায়িক শক্তিটোৰ বিৰুদ্ধে সংগ্রাম কৰি পৰাজিত কৰিব পাৰিলেহেঁতেন। জনগণে যাতে গণতান্ত্রিকভাৱে বিক্ষোভ প্রকাশ কৰিব নােৱাৰে আৰু জনগণৰ বিক্ষোভে এই ফেচিবাদী শক্তিটো পৰাজিত কৰিব নােৱাৰে তাৰ বাবেই সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰি জনগণক বিভাজিত কৰাৰ আক্রমণাত্মক কার্যসূচী গ্রহণ কৰিছে আৰু সাংবিধানিক গণতান্ত্রিক অধিকাৰবােৰ খর্ব কৰিছে। বর্তমান এই ফেচিবাদী চৰকাৰখনে নতুন কৃষি আইনকে ধৰি উন্নতিৰ নামত যিবােৰ অর্থনৈতিক সংস্কাৰ প্ৰৱর্তন কৰিছে, সকলােবােৰেই কেৱল কেইজনমান পুঁজিপতিৰ স্বাৰ্থত আৰু ই ভাৰতীয় জনগণৰ স্বার্থবিৰােধী।
(লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্রীয় ব'র্ডৰ প্ৰাক্তন সঞ্চালক, ফোন : ৯৪৩৫০৪১২০৩)
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ 

No comments:

Post a Comment