মনৰ কথাঃ সঁচাই আহিছেেনে হিমন্ত আশাৰে বতৰা লৈ? :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ সঁচাই আহিছেেনে হিমন্ত আশাৰে বতৰা লৈ? :: বুলন কুমাৰ শইকীয়া

মনৰ কথাঃ সঁচাই আহিছেেনে হিমন্ত আশাৰে বতৰা লৈ? :: বুলন কুমাৰ শইকীয়া

Share This
হিমন্ত বিশ্ব, HIMANTA BISWA DANCE
সঁচাই আহিছেেনে হিমন্ত আশাৰে বতৰা লৈ?
বুলন কুমাৰ শইকীয়া
(১)
ঢোলে দগৰে, নগৰে চহৰে, হয় বাজিছে, আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ...। আপোনালোকে এই নিৰ্বাচনী বতৰৰ গানটো শুনিছেনে ? হয় ! আপুনিও শুনিছে ৷ ময়ো শুনিছো । আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ... প্ৰশ্ন হয়, সঁচাই আহিছেনে, পিছে এই আশাটো কি ধৰণৰ ? হিমন্তই কি ধৰণৰ আশা কঢ়িয়াই আনিছে ? নাই ! প্ৰশ্নটো এনেকৈ কৰিলে বহুতে বুজি নাপাব ৷ আন ধৰণৰে কৰিব লাগিব।
HIMANTA DANCING, হিমন্ত ডান্স
আপোনালোকৰ ২০১৬ৰ গানটো মনত আছে নহয় ? সকলোৰে আনন্দ সৰ্বানন্দ৷ হয়, ঠিকেই ধৰিছে৷ সেই গানটোৰ কথাই কৈছো ! সৰ্বানন্দই বাৰু এই পাঁচটা বছৰত সকলোকে আনন্দিত কৰিব নোৱাৰিলে নেকি? যাৰ বাবে এতিয়া পুনৰ এজনে আশাৰ বতৰা কঢ়িয়াই লৈ আহিবলগীয়া হৈছে? প্ৰশ্নটো ভবাৰ ধৰণে সহজ নহয় ৷ ২০১৬ৰ নিৰ্বাচনী প্ৰেক্ষাপট আৰু এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট এতিয়া সম্পূৰ্ণৰূপে পৃথক ৷ জাতি-মাটি-ভেটিৰ শ্লোগান এতিয়া আৰু সৰ্বানন্দৰ মুখেদি ওলালে কোনেও বিশ্বাস নকৰিব৷ সেয়ে নিৰ্বাচনী গীততো সলনি হ’ব ধৰা ৰাজনৈতিক প্ৰেক্ষাপটটোকেই তুলি ধৰিব বিচৰা হৈছে৷ সৰ্বানন্দৰ আনন্দৰ ম্যাদ শেষ ৷ এইবাৰ সেয়ে মাৰ্কেটিং কৰা হৈছে হিমন্তীয় আশাবাদৰ৷ আনকি কেইবাখনো দৈনিক বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত 'প্ৰমোচনেল' দায়লুপ্তি নিদিয়াকৈ 'হিমন্ত বিশ্ব শৰ্মাক কিয় মুখ্যমন্ত্ৰী হিচাবে বিচাৰে' তাৰো 'প্ৰৱন্ধ' সগৌৰৱে প্ৰকাশ পাইছে। আমি পৰ্যবেক্ষক হিচাবে পঢ়ি গৈছো মাথো দৃশ্যবোৰ।
amazon assam affiliated program
অৱশ্যে অসম বিজেপিত এক নম্বৰত কোন থাকিব সেই লৈ আৰম্ভ হোৱা যুঁজখনৰ ৰেহৰূপে স্বাভাৱিকতে আকৰ্ষণীয় হৈ পৰিছে৷ সৰ্বানন্দ সোনোৱালৰ সোঁ-বাওঁৱে থকা বহুতেই উপলব্ধি কৰিছে সোনোৱালে তেওঁলোকক আগবঢ়াই দিব নোৱাৰে ৷ অলপতে এজনে সোনোৱালৰ ওচৰলৈ গৈ কৈয়ো আহিল: "আপোনাৰ লগত থাকিলে মোৰ ৰাজনৈতিক কেৰিয়াৰ নহ’বগৈ ৷ সেয়ে মই আপোনাৰ ওচৰৰ পৰা বিদায় ল’লো ৷" তেওঁ অৱশ্যে দলটোৰ পৰা বিদায় লোৱা নাই ৷ শিবিৰহে সলনি কৰিলে ৷ সোনোৱালৰ ওচৰলৈ যোৱাৰ পূৰ্বসন্ধ্যা তেওঁ হিমন্তৰ শৰণাপন্ন হ’ল ৷ ইফালে অমিত শ্বাহৰ আশিসপুষ্ট হিমন্ত বিশ্ব শৰ্মায়ো অদ্যপি নিশ্চিত নহয় তেওঁৰ নিজলৈ আশাৰ বতৰা আহিব নে নাই ? বিজেপি চৰকাৰেহে অসমীয়া ৰাইজৰ মান-স্বাভিমান ৰক্ষা কৰিব পাৰিব বুলি ধাৰণা এটা দিয়া সোনোৱালেও ভিতৰুৱাকৈ পোৱা খবৰনুসৰি অভিমানতে অমিত শ্বাহৰ ফোন ৰিছিভ কৰাটো বাদেই একোবাৰত উপাই নাপায় ফোন ৰিছিভ কৰি গা বেয়াৰ অজুহাতত শ্বাহৰ আবাসলৈ নিমন্ত্ৰণ জনোৱা স্বত্ত্বেও নাযাওঁ বুলি কৈ দিলে ৷ অৱশ্যে গা বেয়াৰ পিচতো মোডীৰ ফ’ন পোৱাত তেওঁক সাক্ষাৎ কৰি স্বস্তি লাভ কৰি আহিল ৷

এই পটভূমিত আপুনি বাৰু ভাবেনে বিজেপি মিত্ৰজোঁটে ১০০+ পাব? মুঠেও নাপায়৷ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা অতিক্ৰম কৰিলেই ৰক্ষা পৰে সোনোৱালে ৷ আৰু যদি প্ৰয়োজনীয় সংখ্যা নাপাই তেন্তে ৰক্ষা পৰিব হিমন্ত বিশ্ব শৰ্মা ৷ কাৰণ তেতিয়া প্ৰয়োজনীয় বিধায়ক গোটোৱাৰ ভাৰ পৰিব হিমন্তৰ হাতত আৰু মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিৰ্ণিত কৰিব অমিত শ্বাহে ৷
সোনোৱাল-শৰ্মাৰ এই দৌৰখনত তৃতীয় এজনো লাইনত আহি আছে ৷ সোনোৱালৰ হাতৰ আঙুলিতো অজস্ৰ আঙুঠি ৷ হিমন্তৰ আঙুলিতো ৷ তৃতীয়জনে কিন্তু অলপতে সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত নিজৰ আঙুলি দেখুৱাই কৈয়ে দিছে : আঙুঠি চাঙুঠিত বিশ্বাস নাই, নিপিন্ধেও বুলি৷ আচৰিত নহয় নে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দুয়োজন আঙুঠি পিন্ধা নেতাক তেনেকৈ অতি কৌশলৰে কটাক্ষ কৰাটো ?
(২)
হিমন্ত, আজমল আৰু লুৰীণ
ক) হিমন্ত : ২০০৯ চনত সেইসময়ৰ তৰুণ গগৈৰ চৰকাৰত বিসম্বাদ আৰম্ভ হোৱা নাই। হোমেন বৰগোহাঁঞি ছাৰে "আমাৰ অসম" কাকতৰ নিজৰ কলমত "মুখ্যমন্ত্ৰীৰ উত্তৰাধিকাৰী কোন" বুলি এটা নিবন্ধ লিখিছিল ৷ তাৰ কেইদিনমানৰ পিছত সেই লেখাটোৰ আলমতে মোৰ এটা লেখা প্ৰকাশ পাইছিল ৷ লেখাটোত স্পষ্টকৈয়ে উল্লেখ কৰিছিলো নিজৰ অতি চতুৰালি ত্যাগ কৰিব পাৰিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনৰ বাবে উপযুক্ত ব্যক্তি ৷ শৰ্মা মহোদয় এতিয়া কংগ্ৰেছত নাই ৷ তেওঁ বৰ্তমানে বিজেপি দলৰহে ৷ আজিও তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সম্পৰ্কত মোৰ বক্তব্যৰ সামান্যতমো সালসলনি হোৱা নাই ৷ এটা কথা মন কৰিবচোন ! হিমন্ত কংগ্ৰেছত থাকোতে বিসম্বাদ সৃষ্টি হোৱাৰ কালত বাতৰি কাকত আৰু দলীয়ভাৱেও আলোচনা হৈছিল যে হিমন্তই কংগ্ৰেছক ধ্বংস কৰিব ৷ এতিয়াও বহুল আলোচনা হৈ থাকে যে হিমন্তই বিজেপিক গ্ৰাস কৰিলে। কংগ্ৰেছৰ দৰে বিজেপিকো ধ্বংস কৰিব ৷ আৎচ্ছা , হিমন্তই কংগ্ৰেছ ধ্বংস কৰিলে, বিজেপিকো ধ্বংস কৰিব ৷ কিহ’ৰ কিডাল অসমৰ জাতীয় জীৱনৰ লোকচান হ’বহে ? কংগ্ৰেছ বা বিজেপিয়ে অসমৰ সমাজ জীৱন জৰ্জৰিত কৰা বুলি আমিতো সকলোৱেই জানোৱেই ৷ তেন্তে সেই দল দুটা যদি হিমন্ত বিশ্ব শৰ্মাৰ বাবে ধ্বংসও হৈ যায় কাৰ কি লোকচান ?

খ) আজমল : আজমলৰ ভীতিত অসমীয়া শংকিত হোৱাৰ সঁচাই বাস্তৱতা আছে নে ? আজমল কোন ? আজমলক বাংলাদেশীয়ে ভোট দিবলৈ আহে নেকি ? যদি বাংলাদেশীয়ে আজমলৰ পাৰ্টীক ভোট দি জিকাই আহিছে তেন্তে ৰাষ্ট্ৰৰ বাবে ই এক ভয়ংকৰ কথা ৷ ভাৰত ৰাষ্ট্ৰই দেৱাংগনা কলিতাৰ দৰে এজনী ছাত্ৰীক ভয়তে কাৰাৰূদ্ধ কৰি থৈছে সেই ৰাষ্ট্ৰই আজমলৰ দলটোৰ নিৰ্বাচনী আয়োগৰ স্বীকৃতি কিয় বাতিল কৰিব পৰা নাই ? সাধাৰণ এটা প্ৰশ্ন ৷ এই প্ৰশ্নটো আজমলৰ ভয়ত বীতত হৈ থকা অসমীয়াই নিজকে সুধিছেনে ?

গ) লুৰীণ : লুৰীণজ্যোতিৰ আছুত উত্তৰসুৰী শংকৰজ্যোতি বৰুৱাই মোক উপলুঙা কৰিবলৈ গৈ "হিমন্তৰ মানুহৰ পইছা পাই থকা"বুলি ফেচবুকত কমেন্ট দিছিল যেতিয়া লুৰীণজ্যোতিৰ দলটোৰ ভৱিষ্যত সম্পৰ্কে মই এটা ৱেবপৰ্টেলত আলোচনা কৰিছিলো ৷ আজিও কওঁ, লুৰীণৰ ষ্ট্ৰেটেজী সম্পৰ্কে মোৰ আস্থা নাই ৷ এই কথা কিছুদিনৰ পূৰ্বে লুৰীণজ্যোতিক সন্মুখত পাই কৈছো ৷ তথাপিও সংযোগ কৰিছো : মোৰ ব্যক্তিগত আস্থা -অনাস্থাই একো সলনি কৰিব নোৱাৰে ৷ সুস্থ জাতীয়তাবাদৰ সম্পৰ্কত লুৰীণৰ যি বক্তব্য, দিল্লীক শত্ৰু বুলি কোৱাৰ যি সাহস... সেই সাহস আৰু বক্তব্যই ভৱিষ্যত শূন্য অসমীয়াক অলপ হ’লেও সকাহ দিছে ৷
(৩)
জয় হনুমান আৰু অন্যান্য প্ৰসংগ
কোৱা হয় হনুমানতকৈ বেছি ৰাম ভক্ত আৰু কোনো নাই ৷ দেশৰ ৰাজনীতিত ৰামৰ প্ৰসংগ টানি অনা দলটো চাবলৈ গ’লে একপ্ৰকাৰৰ হনুমানৰ দলেই ৷ হনুমান বান্দৰ কূলৰ ৷ এতেকে এনেকৈ কৈ দিলে বিশ্বৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক দলটোৰ কাৰ্যকৰ্তাসকলে বিকট অত্যাচাৰ আৰম্ভ কৰি দিব ৷ অৱশ্যে সকলো কাৰ্যকৰ্তাক হনুমান বুলি কোৱাৰ যুক্তিও নাই আৰু বাস্তৱতাও নাই৷ যদি দলটোত সহনশীল,মুক্ত বিচাৰধাৰাৰ কোনো লোক আছে তেন্তে নিশ্চয়কৈ বুজিব কোনখিনিক আমি উপদ্ৰৱকাৰী বান্দৰ বুলি আখ্যায়িত কৰাৰ পক্ষপাতী ৷  অৱশ্যে ধনে জনে চহকী দলটোত বান্দৰকূলৰ সংখ্যা কেতিয়া বেছি হ’বলৈ পালে? এজন কবিৰ নেতৃত্বতো এই দলটোৱে মৰ্চা চৰকাৰ কৰা দেখিছিলো ৷ তেতিয়া কিন্তু হনুমানমখাৰ অতপালি কিয় ? উদ্ভৱেই হোৱা নাছিল৷ বিৰোধ কৰিব লাগে বুলিয়েই আমি বিৰোধ কৰাৰ পক্ষপাতীও নহওঁ ৷ 

কৰ্পোৰেট গোষ্ঠীৰ চৰণত শাসক পক্ষই দেশখন সঁপি দিছে যদিও এই সময়ছোৱাত ৰূপায়ণ হোৱা ভাল কামসমূহৰ উল্লেখ নকৰিলে হ’ব জানো? স্বাস্থ্য আৰু যোগাযোগখণ্ডত দেশখনে বিৰল অগ্ৰগতি লাভ কৰিছে ৷ ইছৰো’ৰ দৰে প্ৰতিষ্ঠানে দেশীয় প্ৰযুক্তিৰ বিকাশ ঘটোৱাই নিতৌ ক্ষেপনাস্ত্ৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ সফল পৰীক্ষণ কৰিছে ৷ অনগ্ৰসৰ মুছলমান মহিলাসকলক প্ৰয়োজনীয় মৰ্যাদা দিছে ৷ এইবোৰ সুখকৰ কথা ৷ কিন্তু একেসময়তে নেতিবাচক কাম-কাজৰো তালিকা এখন উলিয়াই ল’ব লাগিব৷ ইছৰোৱেহে বিজ্ঞানৰ জয়গান গাইছে ৷ হনুমানসকলৰ দেৱতুল্য প্ৰধানমন্ত্ৰীয়ে ডাৱৰৰ পৰা খোৱাপানী, বিজুলী উৎপাদন, অক্সিজেন আদি উৎপাদনৰ উদ্ভূট কথা কৈ বিশ্বৰ আগত দেশখন লজ্জানত কৰিছে৷ গণেশৰ শুঁৰডালে প্ৰাচীন ভাৰতৰ অস্ত্ৰোপচাৰৰ জয়গান গাই বুলি উল্লেখ কৰি সকলোকে হতভম্ব কৰিছে৷ 

দেশৰ সাংবিধানিক ,গণতান্ত্ৰিক স্বতন্ত্ৰ সংস্থাসমূহৰ চৰিত্ৰ এতিয়া ৰিমোট কন্ট্ৰল নিয়ন্ত্ৰিত ৷ সকলোতে ভাৰত বিৰোধী শক্তিৰ উমান পোৱা শাসকীয় পক্ষই চৰকাৰৰ বিৰোধিতা কৰিলেই বৰ্ষীয়ান বুদ্ধিজীৱি, ছাত্ৰী, সংগ্ৰামী নেতা সকলোকে কাৰাৰূদ্ধ কৰি অঘোষিত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন ঘটাইছে ৷ এফালে মুছলমান মহিলাক সন্মান দিবলৈ যোৱা শাসকসকলৰ দিনতেই মুছলমানৰ পাকঘৰত কি খাদ্য থাকিব তাকে লৈ এচাম উদণ্ড অসহিষ্ণুৱে ৰজাঘৰীয়াৰ আশিসপুষ্টহৈ উপদ্ৰৱ চলোৱাটো বাদেই মানুহ হানি খুচি হত্যা কৰাৰ বৰ্বৰ উদাহৰণো স্থাপন কৰিছে ৷ হিন্দুত্বৰ জয়গান গাবলৈ গৈ হিন্দুৰ মাজতো উচ্চবৰ্ণ-নিম্নবৰ্ণৰ ৰেখাডাল স্পষ্টকৈ আঁকিছে ৷ এনেকি দলিত সম্প্ৰদায়ৰ যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিচতো ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত আৰক্ষী বাহিনীয়ে সৎকাৰৰ সময়ত ন্যূনতম মানৱীয় প্ৰমূল্যবোধ দেখুওৱা নাই। 

এতিয়া আহোঁ অসমৰ কথালৈ৷ অসমত ১৬মে’ ২০১৬ৰ পৰা বিদেশীক খেদোৱাৰ কথা আছিল ৷ নেখেদালে ৷ বৰঞ্চ ২০১৪চন পৰ্যন্ত ধৰ্মৰ আধাৰত বিদেশীক সংস্থাপন কৰাতহে জোৰ দিলে ৷ বিভিন্ন বিভাগত মন্ত্ৰী বিধায়কৰ আত্মীয়ক নিযুক্তি দিয়াৰ পিচত নাক ৰক্ষা কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত নিযুক্তি প্ৰক্ৰিয়াসমূহ স্বচ্ছ কৰিবলৈ যত্ন কৰা হ’ল ৷ এতিয়া ভোটৰ বতৰত সেইবোৰ কথাৰে শাসকীয় পক্ষই জয়গান গাইছে ৷ কিন্তু এবাৰলৈ ক’তো উল্লেখ কৰা নাই কেনে পৰিস্থিতিত চৰকাৰৰ সৈতে ঘনিষ্ঠ মহলক নিযুক্তি পৰীক্ষাসমূহ চলাবলৈ আউটচৰ্চিংৰ সুবিধা কৰি দিছিল ? সেইবোৰৰ প্ৰকৃত অনুসন্ধান কাহানিবা হ’বগৈনে ? অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ অনীহা কিয় ? কিয় খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণত চৰকাৰৰ হাত উজান নাই ? অৱশ্যে খিলঞ্জীয়া কোন সেয়া নিৰ্ধাৰণ নোহোৱাকৈ চৰকাৰে খিলঞ্জীয়াৰ সংজ্ঞা আৱিষ্কাৰ কৰি মাটিৰ পট্টাও বিতৰণ কৰিলে ৷ বাকী এক্সপ্ৰেছ হাইৱে তথা অন্যান্য প্ৰতিশ্ৰুতিৰ কথা নকওঁ ৷ "কা" বিৰোধী আন্দোলনৰ প্ৰকোপত তিষ্ঠিব নোৱাৰি যি চৰকাৰে ইন্টাৰনেট সেৱা পৰ্যন্ত কাটি দিছিল সেই চৰকাৰে নিজকে কয় জনপ্ৰিয় চৰকাৰ ৷ কি পৰিহাস !

আমি হনুমান নহয় ৷ কিন্তু হনুমান নিৰ্ভৰ দলটোৱে বিচাৰ কৰা উচিত ধন-জনৰ প্ৰকোপত তেওঁলোকে সুশাসন দিয়া বুলি দাবী কৰিও আজি কিয় পুনৰবাৰ শাসনলৈ আহিবলৈ বহিৰাগত নেতাৰ প্ৰচাৰকে সাৰথি কৰি ল’বলগীয়া হৈছে ? মনত ৰাখিব, হনুমানে সোণৰ লংকা জুই লগাই চাৰখাৰ কৰিছিল ৷ ৰামে কিন্তু প্ৰজাৰ কথালৈ মন কাণ দিছিল ৷ ধুবীৰ কথাও শুনিছিল ৷
                                                                     

No comments:

Post a Comment