মনৰ কথাঃ বিবেক-বিবেচনাৰে কৰক বিপুল ভোটদান:: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ বিবেক-বিবেচনাৰে কৰক বিপুল ভোটদান::  সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথাঃ বিবেক-বিবেচনাৰে কৰক বিপুল ভোটদান:: সঞ্জীত কুমাৰ বৰদলৈ

Share This

xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, ZUBEEN GARG, জুবিন গাৰ্গ

বিবেক-বিবেচনাৰে কৰক বিপুল ভোটদান

সঞ্জীত কুমাৰ বৰদলৈ
সত্য কাৰোবাৰ বাবে প্ৰিয় হ’ব পাৰে,অপ্ৰিয় হ’ব পাৰে৷ কিন্তু সত্যক অস্বীকাৰ কৰা টান৷ প্ৰিয় বা অপ্ৰিয় যিয়েই নহওক সত্যক স্বীকাৰ কৰি লোৱাই শ্ৰেয়৷ এইবাৰ নিৰ্বাচনত আপুনি কোনটো দল জয়ী হোৱাটো বিচাৰে সেইটো আপোনাৰ একান্ত ব্যক্তিগত কথা৷ কোনো ৰাজনৈতিক দলেই জনগণৰ আশা আকাংক্ষাক সম্পূৰ্ণকৈ পুৰণ কৰিব নোৱাৰে৷ বিশেষকৈ অসমৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিদেৱে বহু দিনৰ আগতেই কোৱাৰ দৰে আমি প্ৰতিটো নিৰ্বাচনতে "বেয়া আৰু বেছি বেয়া" এই দুটাৰ ভিতৰত এটাক বাচি ল’ব লগা হয়৷
xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, ZUBEEN GARG, জুবিন গাৰ্গ
প্ৰকৃত অৰ্থত ভাল বা জনমুখী চৰকাৰ পোৱাটো বৰ কঠিন৷ বিজেপি নেতৃত্বাধীন চৰকাৰ অসমত নতুন৷ প্ৰথমটো কাৰ্যকাল শেষ হৈছে মাত্ৰ৷ পাঁচবছৰীয়া কাল চোৱাৰ এটা বছৰ কা-বিৰোধী আন্দোলন আৰু ক’ভিড-১৯ৰ বাবে এনেই যোৱাৰ দৰে হ’ল৷ সেই সময়চোৱাত হোৱা ক্ষয়ক্ষতিৰ পৰা আমি এতিয়াও মুক্ত হ’ব পৰা নাই৷ আমাৰ অৰ্থনীতি দুৰ্বল হোৱাৰ উপৰিও আন বহুটো ক্ষয়ক্ষতি হ’ল৷ তাৰোপৰি ক’ভিড ১৯ এতিয়াও চিন্তাৰ কাৰন হৈ আছে। সি যি হওক,বিজেপি নেতৃত্বাধীন চৰকাৰ খনে চাৰিটা বছৰহে ভালদৰে কাম কৰাৰ সুযোগ পালে৷

কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতি বা কৰ্মকাণ্ডই বহুতকে হতাশ কৰিছে, ক্ষোভিত কৰিছে সেই কথাত সন্দেহ নাই৷ কিন্তু অসমত বিজেপি নেতৃত্বৰ চৰকাৰখনে কা-কেব আৰু ক’ভিড-১৯ এ আনি দিয়া ছুনামি সদৃশ প্ৰত্যাহ্বান গ্ৰহণ কৰিও উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ প্ৰকৃতাৰ্থত কিমান সক্ষম হৈছে, ৰাইজেই বিচাৰ কৰিব৷ ৰাজ্যৰ জনমূৰি ঋণৰ বোজা যে বহুখিনি বাঢ়ি গ’ল এই কথা অস্বীকাৰ কৰাৰ উপায় নাই৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে৷ পেট্ৰ'ল, ডিজেল আৰু গেছৰ মূল্যই ইতিহাস ৰচিছে৷ ইয়ো দৰাচলতে এক বিৰাট ৰিস্ক৷ এনে ৰিস্ক বা প্ৰত্যাহ্বানৰ স’তে অনাগত সময়ত বিজেপিয়ে কেনেদৰে মোকাবিলা কৰে সি লক্ষনীয় হ’ব৷ নৈত জাপ মাৰিলে সাঁতুৰিব লাগিবই৷ বিজেপিয়ে কিমান সাঁতুৰিব পাৰিব, ফলাফলে কব৷ বিজেপিৰ সফলতাৰ সম্ভাৱনা বেছি, কাৰন কেন্দ্ৰত তেওঁলোকৰ দলৰ চৰকাৰ৷ তাৰোপৰি বিজেপিয়ে কঠোৰ সিন্ধান্ত ল’ব পাৰে৷ প্ৰথাগত ধ্যান-ধাৰণাৰ পৰা কিমান নিলগত ৰাইজেই জুকিয়াই চাব৷ অসম আৰু অসমীয়াৰ জাতি-মাটিৰ প্ৰতিশ্ৰুতি কিমান পালন কৰিলে সেয়াও জানো ৰাইজে বিচাৰ নকৰিব?
কংগ্ৰেছৰ প্ৰতি মানুহৰ বৰ বেছি আস্থা আৰু দৰদ আজিৰ অসমত কিমান আছে সংখ্যাগত ভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰা অৱস্থা। বিগত দুটা দশক ধৰি একে কেইখন মুখেই আছে নেতৃত্বত৷একালৰ বহু গতিশীল নেতা এতিয়া সেই দলত নাই৷ নেতৃত্বক লৈয়ো তেওঁলোকৰ মাজত খোৱাকামোৰা আছে, লবী আছে বুলি সংবাদ সংস্থাবোৰে মাজে সময়ে জনাই থাকেই। দিল্লীতো কংগ্ৰেছৰ ভেটি একেবাৰে দুৰ্বল৷ এনে বহু কাৰনত কংগ্ৰেছৰ মুষ্টিমেয় পকেট ভোট খিনিৰ বাহিৰে অসমত কিমান সফলতা লাভ কৰিব পাৰিব, সেয়া কেৱল এতিয়া অনুমান লগাব পৰা অৱস্থাতহে আছে৷

বিগত সাত বছৰীয়া মোদীৰাজৰ দিনত দেশত সাম্প্ৰদায়িকতা বৃদ্ধি পোৱাৰ কথা আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰৰ প্ৰতিবেদনতো উজ্বলি উঠিছে। দেশৰ মুছলমান সমাজক যেন কিবা এক চেঁপাৰ মাজত ৰখাৰ পৰিস্থিতি বিদ্যমান। এনে পৰিৱেশত ইছলামধৰ্মী লোক সকলৰ স্থিতি ৰাজনৈতিক সংখ্যাৰ খেলত নিশ্চয় লক্ষনীয় হব। কংগ্ৰেছে, এ আই ইউ দিএফৰ স’তে মিত্ৰতা কৰাৰ বাবে পূৰ্বৰ তুলনাত কেইখনমান আসন বৃদ্ধি পোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷ কিন্তু কংগ্ৰেছ দলে সমাগত নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা ল’ব বুলি এতিয়া ব্যক্তিগত ভাৱে মনে মানি লব পৰা নাই, কিন্তু এই মহাজোঁটেই যে বিজেপিৰ এনডিএ মিত্ৰ দলৰ প্ৰধান প্ৰতিযোগী হব সেয়া খাটাঙ।

amazon assam affiliated program
বাকী থাকিল অখিল গগৈৰ নেতৃত্ব "ৰাইজৰ দল" আৰু লুৰিণজ্যোতিৰ নেতৃত্বত থকা "অসম জাতীয় পৰিষদ"৷ এই দল দুটাই এইবাৰ বিধান সভাত সংখ্যাৰ খাতা খুলিব পাৰিলেই সফল বুলি ধৰিব পৰা যাব বুলিহে ভাবিছো৷ তাতকৈ যদি এই দল দুটাই ৰাজনৈতিক সমীকৰণ সলনি কৰিব বুলি কোনোবাই ভাবিছে তেন্তে সেই সকলৰ ৰাজনৈতিক পৰিপক্বতাৰ প্ৰতি সন্দেহ উপজিব যেন বোধ হয়৷ এই দল দুটাৰ উপস্থিতিত 'নাগৰিকত্ব সংশোধনী বিধেয়ক'ৰ ক্ষেত্ৰত বিজেপি দলৰ স্থিতিক লৈ ক্ষোভিত ৰাইজৰ ভোট-সংখ্যাৰ যে বিভাজন ঘটিব আৰু তাৰ দ্বাৰা বিৰোধীৰ ক্ষতি আৰু শাসকীয় মিত্ৰদলৰ নিৰ্বাচনী মুনাফা হব, সেয়াও ৰাইজে আলোচনা নকৰাকৈ থকা নাই।

বিৰোধীৰ মহাজোঁট বুলি যি এক ধাৰনা কৰা হৈছে তাৰ কোনো শক্তিশালী ভিত্তি নাই, মানে কমন ইস্তাহাৰ জানো আছে? হাগ্ৰামাই অৱশ্যেই কিছু পৰিমানে হাংগামা কৰিব পাৰে৷ তেওঁ নিজৰ স্থিতিক কিছু মজবুত কৰিবলৈ সক্ষম হ’ব পাৰে৷ গতিকে দেখা যায়,কৰোবাৰ অপ্ৰিয় তথা অপচন্দৰ হ’ব পাৰে কিন্ত বিজেপিৰ মোদী-শাহকে ধৰি তাৰকাৰ সঘন আকাশী আগমনৰ ফলত প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু শক্তিশালী স্থানত আছে। সমাগত বিধান সভা নিৰ্বাচনত বিজেপিয়ে পুনৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব নে সেয়া ৰাইজেই নিৰ্ধাৰণ কৰিব৷ বিজেপি-মিত্ৰদলে দিছপুৰ দখল কৰাৰ সম্ভাৱনা প্ৰবল বুলি মন্তব্য কৰিলেও এতিয়া সেয়া চালুকীয়া কথাহে হব। কাৰণ, ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সকলো প্ৰাৰ্থী বা দলেই নিজকে বিজেতা বুলিয়েই ভাৱে৷এইয়া হৈছে বাস্তৱ প্ৰেক্ষাপট৷
প্ৰাসংগিক লেখা
আমাক এখন সুস্থিৰ আৰু সবল চৰকাৰ লাগে৷ কিন্তু নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত বিগত নিৰ্বাচনৰ প্ৰতিশ্ৰুতিবোৰৰ ৰূপায়নক লৈ খতিয়ান দিবলৈ হ'লে চৰকাৰ চলোৱা সকলে মন কৰা দেখা পোৱাই নাই। শেষ বিচাৰ ৰাইজেই কৰিব। এই মুহূৰ্তত বিবেচনাৰ ভাৰ ভোটাৰৰ হাতত। আশা কৰোঁ, কথাবোৰ সত্য আৰু বাস্তৱতাৰ আধাৰত বিচাৰ বিশ্লেষণ কৰিয়েই ৰাইজে ভোটদান কৰি গণতন্ত্ৰ সৱল কৰিব। ২মেৰ দিনা, সকলো দিনৰ পোহৰৰ দৰে স্পষ্ট হ’ব৷ আমাৰ হাতত নিৰ্ভৰযোগ্য বিকল্প আছে কি আছে? প্ৰাৰ্থী চামনে দল? নীতি চাম নে দল-বাগৰাৰ নিৰ্লজতা? পুনৰ কওঁ,পচন্দ-অপচন্দ, প্ৰিয়-অপ্ৰিয় সেইয়া সুকীয়া কথা। ৰাজনীতিত হেনো সকলো সম্ভৱ!! ৰাইজে সচেতন হৈ বিপুল ভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াত শান্তিপূৰ্ণকৈ অংশ লবলৈ ইয়াৰে আহ্বান জনালো।

ভাৰত বিশ্বৰ বিশালতম গণতন্ত্ৰ। গণতান্ত্ৰিক পৰম্পৰা শক্তিশালী বিৰোধী অবিহনে দুৰ্বল আৰু বিপদজনক৷ আমাক শক্তিশালী বিৰোধী লাগিবই। সেইবাবে কিছু সংখ্যক প্ৰতিশ্ৰুতি সম্পন্ন নেতা, সৱল কণ্ঠৰ নেতা বিৰোধী শিবিৰত বহিব পৰাকৈ এইবাৰ নিৰ্বাচিত হৈ আহিব বুলি আমি আশা কৰোঁ৷ এতিয়া সকলো ৰাইজৰ তুলাচনীত, কোন জিকিব, শেষ বিচাৰ হবনে শেষ ৰাতিৰ খেল, তাৰ বাবে মাথো সময়ৰ অপেক্ষা...।
                                                                           

No comments:

Post a Comment