বিশ্লেষণঃ শিৰোনাম ভেশী 'বিজ্ঞাপন' বনাম কিছু নোসোধা প্ৰশ্ন :: ৰাহুল গৌতম শৰ্মা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ শিৰোনাম ভেশী 'বিজ্ঞাপন' বনাম কিছু নোসোধা প্ৰশ্ন :: ৰাহুল গৌতম শৰ্মা

বিশ্লেষণঃ শিৰোনাম ভেশী 'বিজ্ঞাপন' বনাম কিছু নোসোধা প্ৰশ্ন :: ৰাহুল গৌতম শৰ্মা

Share This
BJP ADVERTISEMENT AS HEADLINES, বিজ্ঞাপনৰ ৰূপত ওলাল হেডলাইন
শিৰোনাম ভেশী 'বিজ্ঞাপন' বনাম কিছু নোসোধা প্ৰশ্ন
ৰাহুল গৌতম শৰ্মা
গণতন্ত্ৰ সফল হোৱাৰ এটা অন্যতম পূৰ্বচৰ্ত হৈছে শিক্ষা। বিজ্ঞাপনক কাকতৰ হেডলাইন বুলি ভবা দেশত গণতন্ত্ৰ বিফল হোৱাটো একো অস্বাভাৱিক কথা নহয়। 
BJP ADVERTISEMENT AS HEADLINES, বিজ্ঞাপনৰ ৰূপত ওলাল হেডলাইন
ঘটনাটো এনেধৰণৰ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ কৰা হ’ল ৰাজ্যৰ প্ৰায় আটাইবোৰ সংবাদপত্ৰত। বিজ্ঞাপনটোৰ ভাষা বিজ্ঞাপনসুলভ নহয় – বাতৰি লিখাৰ কায়দাৰে লিখা হ’ল – উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়! কোনোবা এজনে আটাইকেইখন কাকতৰ বিজ্ঞাপন ওলোৱা ঠাইকণ মিলাই লৈ ফেচবুকত ফ’ট’ মাৰি আপলোড কৰি দিলে। লগালগ চ'ছিয়েল মেডিয়াত হাহাকাৰ। ভাইৰেল সেই ফটো, সৰ্বত্ৰে কেৱল আলোচনা। যেনে, এজনে সুধিলে – সকলো কাকতৰ হেডলাইন একে কেনেকৈ হ’ব পাৰে? আন এজনে ক’লে – গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিক্ৰী গ’ল।

এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকে নোসোধা প্ৰশ্নকেইটা হ’ল –
১) সকলো কাকতৰ একেটা হেডলাইন পৃথিৱীৰ ইতিহাসত কেতিয়াবা হৈ পাইছেনে?
২) সচৰাচৰ ৰাজনৈতিক দলৰ logo ব্যৱহাৰ কৰি বাতৰি প্ৰকাশ কৰে নে ৰাজনৈতিক নেতাৰ ছবি ব্যৱহাৰ কৰি?
৩) অসমৰ সকলো বাতৰিকাকত ৰামধেনু গীতাঞ্জলি ব্যৱহাৰ কৰি মুদ্ৰণ কৰা হয়, তেনেহ’লে আটাইবোৰ কাকতে হঠাতে ইউনিকোড ফণ্টত হেডলাইন দিলে কিয়?

বিজ্ঞাপন সম্পাদকৰ মেজলৈ নাহে, মহাপ্ৰৱন্ধকৰ কাৰ্যালয়লৈ যায়। বিজ্ঞাপনত এইকাৰণেই কাকতৰ আদৰ্শ প্ৰতিফলিত নহয়। ৰাইজে সুধিছে – সম্পাদকে কিয় না নক’লে এনে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ? 

তেওঁলোকে এই ক্ষণত নোসোধা প্ৰশ্নকেইটা হ’ল –
১) বাতৰিকাকতে বিজ্ঞাপন প্ৰকাশ কৰা উচিতনে?
২) বাতৰিকাকতে ৰাজনৈতিক দলৰ বিজ্ঞাপন প্ৰকাশ কৰা উচিতনে?
৩) বিজ্ঞাপন দিয়াটো যিহেতু ৰাজনৈতিক দলৰ অধিকাৰ, সেই অধিকাৰ সম্পাদকৰ ব্যক্তিগত আদৰ্শই খৰ্ব কৰা উচিতনে?
৪) কোনটো বিজ্ঞাপন প্ৰকাশ কৰিব কোনটো নকৰিব, সেইটো কোনে বিচাৰ কৰিব? কংগ্ৰেছৰ বিজ্ঞাপন শুদ্ধ বা বিজেপিৰ বিজ্ঞাপন শুদ্ধ, সেই সিদ্ধান্ত কোনে ল’ব? সেই অধিকাৰ সম্পাদকে কিয় পোৱা উচিত, যেতিয়া সেইটো বাতৰি নহয়, বিজ্ঞাপনহে? যদি সম্পাদকে বিজ্ঞাপনত হস্তক্ষেপ কৰিব পাৰে, মালিকে বাতৰিত হস্তক্ষেপ কৰাটো আমি মানি ল’মনে?
৫) অসমৰ সংবাদপত্ৰৰ আদৰ্শ কোনটো? নিৰ্ধাৰিত নিৰিখৰ বিনিময়ত বিজ্ঞাপন প্ৰকাশ কৰাটো, নে সকলো সম্পাদকে কাবিৰোধী স্থিতি গ্ৰহণ কৰি প্ৰতিবাদ কৰাটোত?
৬) বিজ্ঞাপন প্ৰকাশ নকৰাকৈ কাকতবোৰ চলি থাকিব পাৰেনে?
৭) অসমৰ আটাইতকৈ বেছি প্ৰচলনসংখ্যা থকা অসমীয়া কাকতখনৰ প্ৰচলন মুঠ অসমীয়াভাষীৰ কিমান শতাংশ?
৮) দ্যা ৱায়াৰ.ইন আদি ৱেব পত্ৰিকা ৰাইজৰ বৰঙণিৰে চলে, বিজ্ঞাপন প্ৰকাশ নকৰে, কিন্তু সাত বা ন টকাৰে কাকত এখন নিকিনা সৰ্বজান্তা অসমীয়াই তেনেকৈ সংবাদপত্ৰ এখন জীয়াই ৰাখিবনে? নতুন পদাতিকখনেই অসমৰ কিমান আদৰ্শবাদীৰ ঘৰত ৰাখে, মোৰ সন্দেহ আছে।

এই প্ৰশ্নবোৰ বিজেপিয়ে সোধে কাৰণেই বিজেপিয়ে সেইধৰণে চিন্তা কৰিব পাৰে, আমাৰ সৰ্বজান্তা আদৰ্শবাদীয়ে নোৱাৰে। এজন আদৰ্শবাদীয়ে নিজৰ টাইমলাইনত আমাৰ অসমে আজিৰ দিনটোতেই কুল শইকীয়াক দাঁত নোহোৱা ঢোৰাসাপ বোলা কথাটোত সমৰ্থন বেকত কৰিলে, পাছ মুহূৰ্ততে আন এজনৰ আপডেটত গৈ মন্তব্য কৰিলে – এনে বিজ্ঞাপন প্ৰকাশ কৰা কাকতৰ হেনো নিজকে ‘সত্যনিষ্ঠ’ (উৰ্ধকমাৰ ভিতৰত শব্দটো তেখেতেই লিখিছে, সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত আমাৰ অসমৰ টেগলাইন) বুলি কোৱাৰ অধিকাৰ নাই। কি কৰা কৰা এতিয়া!

এচাম ৰাইজে দৈনিক জনমভূমি আৰু অগ্ৰদূতত বিজ্ঞাপনটো প্ৰকাশ নোপোৱাৰ কথাটো কৈছে। কৈছে – কাকত দুখনে না বুলি কৈ দিছে বিজ্ঞাপনটোক। তেওঁলোকে পাহৰি যোৱা কথাকেইটা হ’ল –
১) দৈনিক জনমভূমিৰ প্ৰচলনৰ সিংহভাগ উজনি অসমত সীমিত।
২) সেইবাবেই উজনি অসমৰ নিৰ্বাচনৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে ছপা মাধ্যমৰ ভিতৰত জনমভূমিকেই প্ৰথমটো সাক্ষাৎকাৰ প্ৰদান কৰিছিল। অসমৰ এইবাৰ বিজেপিৰ চৰকাৰ হ’ব বুলি শিৰোনাম দিয়া সেই সাক্ষাৎকাৰো আঠ কলম জোখত প্ৰকাশ কৰিছিল দৈনিক জনমভূমিৰ সম্পাদনা কক্ষই।
৩) অগ্ৰদূতৰ প্ৰচলন চৰ অঞ্চলত বিস্তৃত।
৪) উজনি অসমৰ পৰা প্ৰকাশ পোৱা আন কাকত যেনে অসম আদিত্য আদিতো সেয়ে চাগৈ প্ৰকাশ নাপালে, এই আলোচ্য 'শিৰোনাম ভেশী বিজ্ঞাপন'।
বাতৰি কাকত কেনেকৈ ছপাশাললৈ যায়, সেই কথালৈ এবাৰ চকু দি চাও আহকচোন। সঁচাই, সম্পাদকে গম পাইনে কি কি বিজ্ঞাপন যাব? এই প্ৰসংগত বলেন দত্তই লিখিছে – “কাকত এখনৰ পৃষ্ঠাবোৰ যেতিয়া লে-আউট কৰা হয়, তেতিয়া বিজ্ঞাপনৰ বাবে যিখিনি ঠাই বিজ্ঞাপন দিওঁতাই বিচাৰে সেই ঠাইখিনি নিৰ্দিষ্টকৈ খালী কৰি ৰাখিবলৈ কাকতৰ বিজ্ঞাপন বিভাগে সম্পাদকক জনাই দিয়ে ৷ সম্পাদকে সেইমতে পৃষ্ঠাৰ লগত জড়িত আন কৰ্মচাৰীখিনিক সেই বিশেষ ঠাইখিনি খালী ৰাখি বাকী থকা ঠাইখিনিৰহে লে-আউট কৰিবলৈ দিয়ে ৷ সম্পাদক বা সম্পাদনা বিভাগে কেতিয়াও গম নাপায়, সেই ঠাইখিনিত কি বিজ্ঞাপন লগোৱা হ'ব ৷ গতিকে বিজ্ঞাপনৰ বাবে সম্পাদকক সন্দেহ কৰাটো বা সংবাদ মাধ্যমক সন্দেহ কৰাটো অযুগুত ৷ আজিকালি প্ৰতিজন সচেতন পঢ়ুৱৈয়ে বুজে-জানে বিজ্ঞাপন কি, বাতৰি কি!” মোৰ ফালৰ পৰা আন এটা সাধাৰণ জ্ঞান – প্ৰথম পৃষ্ঠাৰ লে-আউট হয় শেষত, সাহিত্য পৃষ্ঠাৰ লে-আউট হয় দিনৰ ভাগত।

যিটো বিজ্ঞাপন প্ৰকাশ কৰা হ’ল, সেই বিজ্ঞাপনটোৰ নতুনত্ব কি? বিশেষত্ব কি? এইবাৰ আমাৰ চৰকাৰ হ’ব জাতীয় বিজ্ঞাপন এইদৰে কাকতৰ সেই স্থানতে হাজাৰ হাজাৰ বাৰ প্ৰকাশ পাই গৈছে। আপুনি কথাটো মন কৰা নাছিল। কিয়? সকলো দলৰে এটা নিৰ্ধাৰিত কালাৰ প্লেট থাকে। যেনেদৰে বিজেপিৰ বিজ্ঞাপনবোৰত আখৰবোৰ সাধাৰণতে গেৰুৱাৰ ওপৰত ক’লা ৰঙেৰে লিখা যায়। এতিয়া আপুনি ভাবক – এই একেটা বাক্য গেৰুৱা ৰঙৰ ওপৰত লিখিলে আপোনাৰ প্ৰতিক্ৰিয়া কেনে হ’লহেঁতেন? বিজ্ঞাপন প্ৰস্তুতকৰ্তাৰ কৃতিত্ব তাতেই যে তেওঁলোকে ক’লা-বগা বেকগ্ৰাউণ্ডত বিজ্ঞাপনটো প্ৰকাশ কৰিলে আৰু আপুনি তাক কাকতৰ বাতৰি বুলি ভাবি থাকিল। য’ত নেকি পদুম ফুলপাহৰ কাষত লিখিও থোৱা আছে – on behalf of BJP Assam published by Pabitra Margherita বুলি। দ্বিতীয়তে, সম্পাদকে না কোৱাৰ কথা নাহে ইয়াত। যিকোনো নিৰ্বাচনী বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ প্ৰেৰণ কৰাৰ আগেয়ে নিৰ্বাচন আয়োগে গঠন কৰি দিয়া কমিটীৰ পৰা পাছ হৈ আহিব লাগে। এইটোও সেই কমিটীয়ে পাছ কৰি দিয়া এটা বিজ্ঞাপন। সেই কমিটীত সকলো ৰাজনৈতিক দলৰেই প্ৰতিনিধি থাকে।

এই যে বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবেই সাংবাদিকতা বিক্ৰী যোৱা বুলি ক’লে, এইকেইটা প্ৰশ্ন কিয় নকৰিলে –
১) হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ সাহিত্য সভাৰ স্থিতিক লৈ ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি থকা কাকতখন কি?

২) প্ৰখ্যাত সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে তথ্যসহকাৰে বিজেপি দলৰ ফাঁকি উদঙাই নিয়মীয়াকৈ প্ৰস্তুত কৰা বাতৰি প্ৰথম পৃষ্ঠাত সদায়েই গুৰুত্বসহকাৰে প্ৰকাশ কৰা কাকত কোনখন?

৩) অসমৰ বাওঁ শিবিৰৰ লেখকসকলৰ লেখা আটাইতকৈ মৰ্যাদাসহকাৰে প্ৰকাশ কৰা কাকত কোনখন? কোনখন কাকতত কেইদিনমানৰ আগলৈকে এগৰাকী প্ৰগতিশীল সাংবাদিকক সম্পাদকৰ দায়িত্ব দি থোৱা হৈছিল? ইত্যাদি ইত্যাদি।

এই আলোচনাত নিয়মীয়া বাৰ্তা আদি কাকতৰ প্ৰসংগ আনিব বিচৰা নাই। কাৰণ তেনে কাকতৰ এটা দায়িত্ব থাকে। সেইটো তেওঁলোকৰ পক্ষ। তেওঁলোকৰ সৈতে সেয়েহে এই প্ৰসংগত আলোচনা কৰাৰ থল নাই।

সংবাদ মাধ্যমৰ অৱক্ষয় ঘটিছে, সঁচা। কিন্তু সমগ্ৰ দেশৰ ভিতৰতেই অসমৰ ছপা মাধ্যমে এতিয়াও বহু দূৰলৈ ৰাজহাড় থিয় কৰি আছে। বাতৰি বা সম্পাদকীয় পৃষ্ঠাৰ কথ্য আদিক লৈ সমালোচনা হোৱাটো স্বাভাৱিক। কিন্তু কোনো বিজ্ঞাপনে কাকতৰ আদৰ্শ প্ৰতিফলিত নকৰে। সেই বুলি ভবাটো ভুল।  

আৰু দ্বিতীয়তে, বিক্ৰী যোৱা সাংবাদিকে বিজ্ঞাপনলৈ ৰৈ নাথাকে। মনে মনে সন্তৰ্পণে কৌশলী বাতৰিৰে তেখেতৰ বিশ্বস্ততা জাহিৰ কৰে। নিয়মীয়াকৈ কাকত পঢ়াৰ অভ্যাস নাথাকিলে সেই কথা ধৰিব পৰা নাযায়। বাতৰিৰ শব্দ আৰু গঠন মন কৰিলেহে বুজিব পাৰি, কোন সাংবাদিক কাৰ ওচৰত বেচা গ’ল – কাৰ কমিটমেণ্ট কাৰ প্ৰতি।
                                                                

No comments:

Post a Comment