বিশ্লেষণঃ সবকা বিকাশ, 'টোলটেক্স' কে সাথ :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ সবকা বিকাশ, 'টোলটেক্স' কে সাথ :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ সবকা বিকাশ, 'টোলটেক্স' কে সাথ :: কিশোৰ কুমাৰ কলিতা

Share This
সবকা বিকাশ, 'টোলটেক্স' কে সাথ 
কিশোৰ কুমাৰ কলিতা
xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, asomiya e paper
বিজেপিয়ে চৰকাৰ গঠনৰ আশাৰে যিখন ভিজন ডকুমেন্ট ২০১৬ চনত প্রকাশ কৰিছিল, তাৰ পথ শীর্ষক শিতানত দিয়া প্রতিশ্রুতি কেইটামান আছিল এনেধৰণৰ, অসমৰ সকলাে গাৱৰ পথ পকীকৰণ কৰি সেইসমূহ পথ জিলা আৰু ৰাজ্যিক ঘাইপথসমূহৰ লগত সংলগ্ন কৰা হব।
• অসমৰ সকলাে জিলাৰ ৰাজ্যিক পথৰ পুনৰ নিৰ্মাণ/মেৰামতি কৰা হ'ব, যাতে ই সহজ পৰিবহণ আৰু যােগাযােগ সুচল। কৰি তােলে।

• ব্ৰহ্মপুত্ৰৰ ওপৰত পাঁচখন নতুন দলং আৰু বৰাকৰ ওপৰত পাঁচখন নতুন দলং পাচ বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব।

• ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্রকল্পৰ অধীনত ইষ্ট-ৱেষ্ট কৰিডৰৰ উন্নীতকৰণ আৰু মূল ঘাইপথসমূহ বহল কৰা ইত্যাদি।

এতিয়া আহিছে সর্বানন্দ সােণােৱাল নেতৃত্বাধীন বিজেপি মিত্রজোট চৰকাৰৰ প্রথমখন বাজেটলৈ। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেট ভাষণত বিভ্রমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কৈছিল—“মহাশয়, আমি সকলােৱে জানাে যে আমাৰ ৰাজ্যখনত পথ মেৰামতি কৰাটো প্ৰত্যাহ্বানমূলকেই নহয়, স্পর্শকাতৰ। মই উপলব্ধি কৰোঁ যে আশ্বাসিত আৰু পর্যাপ্ত পুঁজি যােগান নধৰিলে আৰু সময়মতে তাৰ গুণগত কাম সম্পন্ন নহ'লে, দুর্গম-বিপর্যস্ত যােগাযােগ ব্যৱস্থাৰ ফলত জনসাধাৰণে অবিৰতভাৱে দুর্ভোগ ভুগিবলগীয়া হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত মই আশ্বাস দিব বিচাৰোঁ যে পথ মেৰামতিৰ বাবে আগন্তুক তিনি বছৰত ২,০০০ কোটি টকা আবণ্টন দিবলৈ বিত্ত বিভাগ প্রতিশ্রুতিবদ্ধ। বিভিন্ন আঁচনিৰ অধীনত এনেধৰণৰ আবণ্টন বিগত সময়ছােৱাত দেখা নগৈছিল।'

এতিয়া লক্ষ্য কৰা যাওক এই প্রতিশ্রুতিবােৰ ৰূপায়ণৰ বিষয়টো। নৰেন্দ্র মােদী চৰকাৰৰ প্ৰথমটো কার্যকালৰ সময়তে অসমৰ ১,২৫৩ কিলােমিটাৰ ৰাজ্যিক পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ প্রতিশ্রুতি দিয়া হৈছিল। কিন্তু ২০১৯ চনৰ মাজভাগলৈ অসমত মাথোঁ ২১১ কিলােমিটাৰহে ৰাষ্ট্ৰীয় পথ নির্মাণ কৰা হৈছিল। অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ তথ্য অনুযায়ী ২০১৮-১৯ চনৰ মাৰ্চ পর্যন্ত অসমত নতুনকৈ আৰু এক কিলােমিটাৰাে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূর্ণ হােৱা নাছিল। ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ৰ মন্ত্রী নীতীন গাডকাৰিয়ে অসমৰ প্ৰাম্য, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু জিলা সংযােগী পথ নির্মাণ আৰু মেৰামতিৰ বাবে প্রায় এক লাখ কোটি টকা বিনিয়ােগ কৰিব বুলি মুকলি প্রতিশ্রুতি দিছিল। এই প্রতিশ্রুতি কেৱল এক প্রতিশ্রুতি হৈয়ে ৰ'ল।

• ২০১৯ চনত অসম চৰকাৰে প্রধানমন্ত্রী গ্রামচড়ক যােজনাৰ অধীনত গড়ে প্রতিদিনে ৬ কিলােমিটাৰ হিচাপত ১,৮০০ কিলােমিটাৰতকৈ অধিক পথ নির্মাণ কৰিছে বুলি বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘােষণা কৰিছিল। পৰৱৰ্তী বিত্তীয় বৰ্ষত অর্থাৎ ২০১৯-২০ বৰ্ষত এই নির্মাণ দুগুণ কৰা হ'ব বুলি প্রতিশ্রুতি দিছিল। বাস্তৱত অসম চৰকাৰে বিজেপিৰ দখলত থকা সমষ্টিবােৰতহে এই আঁচনি ভালদৰে ৰূপায়ণ কৰা দেখা গ'ল। নামনি অসমৰ অধিকাংশ জিলাতেই পিএমডিএছাই (দ্বিতীয়) আঁচনিখন ৰূপায়ণ কৰাত বৈষম্য প্রদর্শন কৰা হ'ল। উদাহৰণস্বৰূপে গােৱালপাৰা জিলাত আঁচনিখনৰ অধীনত ৫৩৯.০৫ কিলােমিটাৰ গ্ৰাম্য পথ নির্ধাৰণ কৰা হৈছিল যদিও বিভাগীয় কর্তৃপক্ষই মাত্র ২ কিলােমিটাৰ পথৰহে অনুমােদন দিছিল। একেদৰে বঙাইগাঁও জিলাত ১২ কিলােমিটাৰ, বৰপেটা জিলাত ১৮ কিলােমিটাৰ পথৰহে অনুমােদন কৰা হৈছিল। তাৎপর্যপূর্ণভাৱে উল্লেখিত বিত্তীয় বর্ষ (২০১৮-১৯) ধুবুৰী জিলাত এক কিলােমিটাৰ পথৰাে অনুমােদন দিয়া হােৱা নাছিল।

• ২০১৯-২০ বিত্তীয় বৰ্ষত দৈনিক ১২ কিলােমিটাৰকৈ গ্রাম চড়ক যােজনাব অধীনত পথ নির্মাণৰ লক্ষ্য বান্ধি লােৱা হৈছিল। কিন্তু সমগ্ৰ অসমতে ২০১৯ এপ্রিল আৰু মে'ত মাত্র ৩৮ কিলােমিটাৰ গ্রাম্য পথহে নিৰ্মাণ কৰা হৈছিল।

ব্ৰহ্মপুত্ৰৰ ওপৰত যি পাঁচখন নতুন দলং নির্মাণ পাঁচ বছৰৰ ভিতৰত কৰাৰ কথা আছিল, তাৰে এখনৰ (গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী দলং) যৎসামান্য নির্মাণকার্য আৰম্ভ কৰাৰ বাদে বাকী চাৰিখনৰ নিৰ্মাণৰ কাম এখুদো আগবাঢ়িলনে?

পৰিৱৰ্তনৰ ব্ৰহ্মটুপী টোলগেট ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্রকল্পৰ কথা যেতিয়া ভিজন ডকুমেন্ট ২০১৬-২৫ ঘােষণা কৰা হৈছিল, তেতিয়াই বিজেপি দলে আচলতে পৰােক্ষভাৱে ঘােষণা দিছিল যে যিমানেই উল্লিখিত উন্নয়ন প্রকল্পৰ কাম সম্প্রসাৰিত হ'ব, সিমানেই অসম তথা উত্তৰপূবৰ ৰাজপথত টোলগেটৰ সংখ্যা বাঢ়িব। ভাৰতৰ ঘাইপথ প্ৰাধিকৰণ (NHAI) ১৯৭৭ চনৰ দ্য নেশ্বনেল হাইৱেজ অথৰিটী অৱ ইণ্ডিয়া এক্ট, ১৯৭৭ৰ অধীনত গঠিত এক সংস্থা, যাক ১৯৯৫ চনৰ ১০ ফেব্ৰুৱাৰীত এক স্বতন্ত্র সংস্থা হিচাপে গঢ় দিয়া হৈছিল। এই প্ৰাধিকৰণৰ মূল দুটা কামৰ ভিতৰত আছে

১) চৰকাৰে দায়িত্ব অর্পণ কৰা পৰ্থৰ নির্মাণ, মেৰামতি আৰু তাৰ তদাৰকী কৰা।

২) ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা কৰ সংগ্ৰহ আৰু এই বাহনসমূহৰ চলাচল নিয়ন্ত্রণ কৰা। অর্থাৎ বিজেপিয়ে ভিজন ডকুমেন্টত ঘােষণা দিছিলেই যে যদিহে দলটোৱে চৰকাৰ গঠন কৰে, ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়নৰ সমান্তৰালভাৱে মােটামুটিভাৱে অসমৰ প্রান্তে প্রান্তে প্রতি ষাঠি কিলােমিটাৰৰ ব্যৱধানত এখনকৈ টোলগেট প্রতিষ্ঠা কৰিব। অসমৰ ভােটাৰে এই প্রতিশ্রুতিৰ চিকমিকনিত ভােল গ'ল আৰু নিজে গম নােপােৱাকৈ মুৰত একোটাকৈ টুপী পিন্ধি ল'লে। সােণােৱাল চৰকাৰৰ শাসনকালত অসমৰ জনসাধাৰণ টোলগেটৰ চেপাত ক্রমাগতভাৱে বিধ্বস্ত হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত অসমত ইতিমধ্যে ৬খন টোলগেট সক্রিয় কৰি তােলা হৈছে আৰু কেইবাখনাে প্রতিষ্ঠাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে স্থাপন কৰা এই ৬খন টোলগেটৰ পৰা দৈনিক প্রায় ৫৭ লাখ টকা ৰাজহ সংগ্রহ কৰা হয়। শুনা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলগেটৰ অনুকৰণত ৰাজ্যিক পথসমূহতাে টোলগেট বহুওৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। যদি এনে হয়, তেন্তে সমাগত সময়ত অসমৰ যিকোনাে পথ এটাত ভৰি দিব লগা হলেই প্রজাই মাচুল দিব লগাত পৰিব। যদি সেইটোৱেই হয়, তেন্তে আমাৰ বাবে নির্বাচিত চৰকাৰ এখন প্রয়ােজন কত?

বিনামূলীয়া স্বাস্থ্য সেৱা, শিক্ষা গ্রহণৰ সুবিধা আৰু সুচল আৰু বিনামূলীয়া ব্যৱহাৰৰ অধিকাৰক এক মৌলিক অধিকাৰ বুলি পৃথিৱীৰ সৰহভাগ উন্নত দেশে মান্যতা দিছে। সেয়েহে এনে বেছিভাগ দেশতে টোলগেট'ধৰণৰ কোনাে ধাৰণা নাই। গাড়ী পঞ্জীয়নত বৃহৎ পৰিমাণৰ মাচুল নির্ধাৰণৰ জৰিয়তে ভৱিষ্যতে এনে দেশবােৰে যানবাহনৰ ব্যৱহাৰত এক পৰােক্ষ নিয়ন্ত্রণ ধৰি ৰাখিছে আৰু কিছুমান দেশত কেবল বৃহৎ পৰিমাণত মালবস্তু কঢ়িওৱা ব্যৱসায়িক বাহনতহে টোলগেট বাৱস্থাৰ প্রচলন আছে। ইয়াৰ বিপৰীতে সম্প্রতি ভাৰতৰ দৰে জনকল্যাণৰ মৌলিক ধাৰণাটোকে বিসর্জন দিব বিচৰা দেশসমূহৰ স্বৈৰাচাৰী শাসনতন্ত্রই সম্প্রতি সমগ্র পথ পৰিবহণ ব্যৱস্থাটোৰে ব্যৱসায়িকীকৰণ কৰিবলৈ উদ্যত হৈ পৰিছে।
আমি জানাে যে বিজেপি চৰকাৰৰ আমােলত অত্যাৱশ্যকীয় আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে অকল্পনীয়ভাৱে বৃদ্ধি পাইছে পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ দাম। ২০১৬ চনৰ এপ্রিলত পেট্রল আৰু ডিজেলৰ প্রতি লিটাৰত দাম আছিল ক্রমে ৬০.৬৩ টকা আৰু ৫২.৯৪ টকা। ২০২১ ফেব্ৰুৱাৰীত অর্থাৎ বিজেপিৰ পাঁচ বছৰীয়া শাসনকালত অসমত এই দুবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ দাম। হ'ল ক্রমে ৮৭.৫১ টকা (৪৪.৫ শতাংশ বৃদ্ধি) আৰু ৮১.৭৫ টকা (৫৪.৪২ শতাংশ বৃদ্ধি)। সকলােৰে মূৰত ৰামটাঙোন শােধাই বিজেপিৰ আমােলত ৰন্ধন গেছৰ দাম বৃদ্ধি হ’ল সম্পূর্ণ এশ শতাংশ। ২০১৬ চনৰ ১ এপ্রিলত গুৱাহাটীত ঘৰুৱা ৰন্ধন গেছৰ প্রতিটা চিলিণ্ডাৰৰ দাম আছিল ৪৩৩.৫ টকা, যি এশ শতাংশতকৈও অধিক বৃদ্ধি হৈ ২০২১ মার্চত হ'লগৈ ৮৬৮ টকা। গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বিধ্বস্ত সাধাৰণ প্ৰজা পুনৰ টোলগেটৰ মাচুলৰ দ্বাৰা কেনেদৰে বিধ্বস্ত হৈ পৰিছে, তাক আৰু বহলাই ব্যাখ্যা কাৰ প্রয়ােজন নাই। এতিয়া প্রশ্ন হৈছে– ২০১৫ চনৰ ১৫ মে'ত এক ৰাজহুৱা স্বার্থজড়িত আৱেদন নিষ্পত্তি কৰি বােম্বাই উচ্চ ন্যায়ালয়ে মত প্রদান কৰিছিল যে ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদে প্রদান কৰা মৌলিক অধিকাৰৰ ভিতৰত অন্তর্ভুক্ত হৈ আছে যথাযথ আৰু নিয়মীয়াভাৱে মেৰামতি কৰা পথ ব্যৱহাৰ কৰাৰ অধিকাৰ। যদিহে কোনাে নাগৰিকে এনে অধিকাৰ উলংঘনৰ বাবে ক্ষতিগ্রস্ত হয়, তেন্তে তেনে নাগৰিকে ক্ষতিপূৰণ বিচাৰিব পাৰে। এতিয়া প্রশ্ন হ’ল যদিহে যথাযথভাৱে মেৰামতি কৰা পথ ব্যৱহাৰ কৰিবলৈ পােৱাটো নাগৰিকৰ এক মৌলিক অধিকাৰ, তেন্তে নাগৰিকে এনে মৌলিক অধিকাৰ বিনামুলীয়াকৈ নােপােৱাৰ যুক্তি কত? টোল টেক্সৰ মাধমাৰ সোধোৱাৰ চৰকাৰী সিদ্ধান্তৰ ওপৰতে এই এক মৌলিক প্ৰশ্ন হৈ থিয় দিয়া নাইনে?
লেখাটি আমাৰ অসম কাকততো পূৰ্বতে প্ৰকাশ পাইছে। লেখকৰ অনুমতি ক্ৰমে ইউনিকোড সংস্কৰণ সুখ-দুখত প্ৰকাশ কৰা হৈছে। e-mail: Kishorassam@gmail.com
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ 
 

No comments:

Post a Comment