নির্বাচনী নাটক, 'ৰাজনৈতিক দর্শন' আৰু কিছু ৰহস্যময় মৌনতা
ড° মৃদুল শর্মা
(১)
আগে-পিছে সদায়ে হােৱাৰ দৰেই এইবাৰাে ৰাজ্যৰ বিধানসভাৰ নির্বাচন ক্রমশঃ কাষ চাপি অহাৰ লিগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ক্ষমতা দখলৰ বাবে বিবিধ কৌশলৰ আগমন ঘটিছে। এনে কৌশলবােৰৰ ভিতৰত কিছু কৌশলে প্রকৃততেই ক্ষমতা দখলৰ ক্ষেত্ৰত দল বা প্রার্থীক সহায় নিশ্চিতভাৱে কৰে। কিন্তু কিছুমান নির্বাচনী কৌশল প্রকৃততে যেন সাধাৰণ ভােটদাতাৰ মন প্রকৃত পৰিৱর্তে অপ্রকৃতৰ পিনে আকৃষ্ট কিৰি ৰখাহে, তেনে অনুমান হয়।
যােৱা কিছুদিন ধৰি কোনটো সমষ্টিত কোনে প্রার্থিত্ব লাভ কৰিব আছিল বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কর্মীসকলৰ সন্মুখত থকা আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্ন। সময়ৰ লগে লগে কিছুৱে প্রার্থিত্ব পালে আৰু আন কিছু বঞ্চিত হ’ল। বঞ্চিতসকলৰ কিছুসংখ্যকে দলৰ প্রতি আনুগত্য বজাই ৰাখি মনােনীত প্রার্থীকে সহযােগিতা আগবঢ়াবলৈ ধৰিছে। কিন্তু আন কিছু বঞ্চিত ৰাজনৈতিক লােকে ৰাতিটোৰ ভিতৰতে আন এটা দলত যােগ দি হঠাতে আনটো দলৰ নেতা হিচাপে স্বীকৃতি লাভ কৰিছে, হয়তাে প্রার্থিত্বও লাভ কৰিছে। এই যে হঠাতে এটা দলৰ প্রতি মােহভংগ হৈ আন এটা দলৰ সদস্যপদগ্রহণ কৰা নেতাসকল, সেইসকলৰ ৰাজনৈতিক দর্শন কি বাৰু? দর্শন বােলা ধাৰণাটো ইমান কম মূল্যৱান নে যে কেৱল ক্ষমতা দখলৰ পথটোলৈ মনােনীত নােহােৱা বাবেই দীর্ঘদিন বিশ্বাসকো অবিশ্বাসলৈ সলনি কৰি পেলাব পাৰি? এতিয়া দ্বিতীয়টো প্রশ্ন— সর্বসাধাৰণে বাৰু দল একোটাৰ আদর্শ লক্ষ্য কৰে নে প্রার্থীজনৰ ভাবমূর্তি লক্ষ্য কৰে? যদি প্রার্থী ভাবমূর্তিয়েই ভােট লাভৰ একমাত্র মাপকাঠী হয় তেন্তে দলৰ ধাৰণাই নস্যাৎ হৈ পৰিব আনহাতে, দলৰ প্রতি আনুগত্যৰ নামত আমি বাৰু অযােগ্য লােককো ভােট দি জিকাই থাকোঁ নেকি?
দেখা যায় যে, ভাৰতবৰ্ষৰ গণতান্ত্রিক ব্যৱস্থাত দল একোটাই বিশেষ বিশেষ স্থানৰ কাৰণে প্রার্থী বাছনি কৰা ব্যৱস্থাটোও অস্পষ্ট। কেৱল কেইজনমান উচ্চ স্থানৰ দলীয় নেতাই তৃণমূল পর্যায়ৰ কৰ্মীসকলৰ ভাবনাক অকণাে গুৰুত্ব নিদিয়াকৈ প্রার্থী বাছনি কৰাটো গণতান্ত্ৰিক মতক সন্মান কৰা প্ৰথা দলৰ মঞ্চতো মানিলে নিশ্চয়কৈ গ্রহণযােগ্য নহয়। প্রকৃততে দলৰ ভিতৰচ'ৰাতে প্রার্থিত্ব প্রয়াসীসকলৰ মাজত মুকলি বিতর্ক অনুষ্ঠিত কৰিহে প্রার্থী নিশ্চিত কৰা উচিত। কিন্তু আমাৰ দেশত তেনে কৰা নহয়। ফলস্বৰূপে আমাৰ দেশত কিছুমান বিশেষ পৰিয়াল ৰাজনৈতিক পৰিয়াল হিচাপেই পৰিচিত হৈ পৰিছে। ভাবিলেই আমাৰ হাঁহি উঠে, ককাক ৰাজনীতিক আছিল বাবে নাতিয়েকো ৰাজনীতিকেই হ'বলৈ যােৱাটো কেনে যুক্তিপূর্ণ কথা? কিন্তু তেনেকুৱাই হৈ আহিছে আৰু সম্ভৱতঃ হৈয়ে থাকিব। কাৰণ ৰাজনৈতিক দলসমূহৰ বাবে কিবা উমৈহতীয়া আইনাে যদি কাহানিবাকৈ প্রণয়ন কৰা হয়, তথাপি এনে সুৰুঙাবিলাক ৰাখি থােৱা হ'বই বুলি আমাৰ অভিজ্ঞতাজনিত জ্ঞানে কয়— কাৰণ আইন সদায় ৰাজনীতিবিদেই প্রস্তুত কৰি উলিয়ায়। আৰু এইটো কাৰণতে আমাৰ দেশত যিকোনাে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ উধ্বর্তম সীমা বান্ধি থােৱা হৈছে, কিন্তু ৰাজনীতিজ্ঞৰ দেশ বা ৰাজ্য সেৱা কৰাৰ বাবে বয়সৰ ঊর্ধ্বৰ্তম সীমা বান্ধি ৰখা হােৱা নাই। ভাবিলে আচৰিত লাগে, এটা বিভাগৰ সৰু কার্যালয় এটা চলােৱা মানুহজন এটা বিশেষ তাৰিখৰপৰা সেই কামটো কৰিব নােৱৰা হৈ পৰে বুলিয়ে আমি মানি আহিছে, কিন্তু কাল পােনাব নােৱৰা হৈ পৰা বৃদ্ধ লােক এজনেও দেশ বা ৰাজ্য একোখন চলাব পাৰে বুলিও আমি মানি আহিছে।
আন এটা দিশলৈকো লক্ষ্য কৰোঁ। নির্বাচনত অৱতীৰ্ণ হৈ ক্ষমতাসীন হৈ কার্যকাল সম্পূর্ণ কৰিব পাৰিলে একোজন ৰাজনীতিজ্ঞই পেঞ্চন লাভ কৰে। একেদৰেই এটা চৰকাৰী চাকৰিত সেৱা আগবঢ়োৱাৰ বাবেও কর্মচাৰী একোজনে পেঞ্চন লাভ কৰে। এতিয়া কথা হ’ল, ৰাজনীতিকজনে পেঞ্চন লাভ কৰাৰ পদ্ধতিটো পােন আৰু সহজ, কিন্তু কর্মচাৰী একোজনে পেঞ্চন লাভ কৰিবলৈ বহুবাৰ নিজে একালত কাম কৰা কার্যালয়টোলৈকে তাঁত বাটি কৰি থাকিবলগীয়া হয়। অর্থাৎৰাজনীতিক একোজনে ন্যূনতম পাঁচবছৰ ক্ষমতাসীন হৈ থাকিলেই সুবিধাখিনি পায়, অথচ সাধাৰণ চাকৰিয়াল একোজনে পঁচিছৰপৰা পঁয়ত্রিছ বছৰ সেৱা আগবঢ়ায়াে পাবলগীয়া সুবিধাখিনি অসুবিধাৰ সন্মুখীন নােহােৱাকৈ নাপায়।। ইফালে, চাকৰিয়াল একোজনে কর্তব্যত গাফিলতি কৰিলে নিলম্বন, বৰ্খাস্তকৰণ আদিৰ দৰে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আমি সন্মুখত বহুতাে ৰাজনৈতিক লােক দেখিছোঁ, যিসকল জনপ্রতিনিধি হিচাপে চূড়ান্ত ব্যর্থ (আনকি নিজৰ সমষ্টিৰ উন্নয়নৰ বাবে বছৰি খৰচ কৰিবলৈ পােৱা টকাকেইটা খৰচ কৰিব নােৱৰাও আছে)। অথচ ব্যর্থ জনপ্রতিনিধিৰ বাবে কর্তব্যত গাফিলতি কৰাৰ কাৰণে শাস্তিমূলক ব্যৱস্থা আমাৰ নাই।
মন কৰিবলগীয়া যে জনপ্রতিনিধিয়ে বিধানসভা বা লােকসভাত টোপনিয়াই থকা, ম'বাইল ফোনত চিনেমা বা আন ভিডিঅ’ চাই থকা দৃশ্য আজিকালি প্রচাৰ মাধ্যমত খুব সুলভ। ছ'চিয়েল মিডিয়াতাে তেনে দৃশ্যই খুব প্রচাৰ লাভ কৰে। ইফালে, বহু জনপ্রতিনিধি নির্বাচনৰ পৰৱৰ্তী সময়ত সমষ্টিবাসীয়ে লগ নাপাই দেৱাল লিখন আদিৰ যােগেদি নিৰুর্দিষ্ট বুলিও ঘােষণা কৰে। এনে জনপ্রতিনিধিসকলৰ বাবে আমাৰ কৰিবলগীয়া একো নাইনে বাৰু? | পাঁচ বছৰৰ মূৰে মূৰে হােৱা নিৰ্বাচনৰ মুহূর্তত বিভিন্ন দলে বা প্রার্থীয়ে উদাত্ত কণ্ঠৰে দিয়া ভাষণবােৰত আগবঢ়োৱা প্রতিশ্রুতিবােৰ সৰ্বসাধাৰণে মনত ৰাখেনে? এজন প্রার্থীয়ে পাঁচবছৰৰ মূৰত আকৌ ভােট ভিক্ষা কৰোঁতে তেওঁ পূর্বতে দিয়া প্রতিশ্রুতিবােৰ মনত পেলাই ৰাইজে বাৰু তেওঁক প্রশ্ন সুধিব নালাগেনে? চৰকাৰত বহা দল একোটাই নিজৰ কৰ্মসূচীত কিমানখিনি সফলতা লাভ কৰিলে তাক লক্ষ্য কৰিহে ভােটদান কৰিবলৈ আমাৰ ৰাইজক শিকাব কোনে? আমাৰ ব্যৱস্থাটোৰ ক'ৰবাত সাংঘাতিক ছিদ্র এটা ৰৈ গৈছে। সেই ছিদ্ৰটোৰ কাৰণেই সর্বসাধাৰণক প্রশ্ন উত্থাপন কৰিবলৈ সুবিধা দিয়া নহয়, মুকলি বিতর্ক সভা অনুষ্ঠিত কৰা নহয়। তাৰ পৰিৱর্তে ষ্টাৰ কেম্পেইনাৰ, হেলিকপ্টাৰ, ভােজ-ভাত, থীম ছং, নাচ-বাগ, মটৰ চাইকেল ৰেলী আদিৰে আমাৰ ভােটদাতাসকলক মচগুল কৰি ৰাখি ভােট আদায় কৰা হৈ আহিছে। ৰাইজৰাে চকুত আঙুলি থৈ বুজাই দিবলৈ কোনাে নাই যে এইকেইদিনৰ এনে ৰং-ধেমালিত আপােন-পাহৰা হােৱা মানে আগন্তুক পাঁচবছৰলৈ চকুপানী টোকাহে'—মনত ৰাখিবা।।
(২)
অসমত ৰাজ্যৰ বিধানসভাৰ নির্বাচন ক্রমশঃ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ প্রার্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে। এনে প্রচাৰ অভিযানৰ মাজতে ঘটি থকা কিছুসংখ্যক নাটক দেখি আমাৰ দৰে অসহায়, কিন্তু সচেতন লােকৰ চকু কপালতাে উঠিছে। যিখন নাগৰিকত্ব সংশােধনী আই (প্রথমে বিধেয়কৰ ৰূপত) লৈ যােৱা কেইবাটাও বছৰ অসমত তল-ওপৰ লাগি আছিল সেই আইনৰ বিৰােধিতাৰ আন্দোলনেই জন্ম দিছিল কেইবাটাও ৰাজনৈতিক দলৰাে। সেইবােৰ দলে এই সময়ত নির্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু আচৰিত কথা যে এই নির্বাচন। প্রচাৰ অভিযানত কোনাে দলৰ কাৰণেই নাগৰিকত্ব সংশােধনী আইন বিৰােধিতা এটা ইছু হৈ ৰােৱা নাই। শাসনাধিষ্ঠিত দলে নিজেই যিহেতু আইনখন প্রণয়ন কৰিছিল সেয়ে তেওঁলােকে আইনখনৰ প্রসংগ নােলালেই সুবিধাজনক স্থিতিত থাকিব বুলি জানে আৰু সেইমতেই আন আন বিভিন্ন প্রসংগৰে সেইটো বিষয় গুৰুত্বহীন কৰি ৰাখিবলৈ যত্ন কৰিছে।
কিন্তু বাকীবােৰ দল? বাকীবােৰ দল যে মনে মনে আছে? এনে মৌনতাৰ ফলত হয়তাে কোনােবাই ভােট কেইটামান সৰহকৈ বা কমকৈ পাব, কোনােবা জিকিব বা কোনােবা হাৰিব। কিন্তু ইয়াৰ অৰ্থ অসমৰ জনসাধাৰণক বিপথে পৰিচালনা কৰাটোৱেই হয়। যিখন আইনৰ বিষয়ে সাধাৰণ মানুহে একো। নাজানিছিল, কিন্তু বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দইৰাইজক গােট খুৱাই ডিঙিৰ সিৰ ফুলাই ফুলাই বক্তৃতা দি উত্তেজিত কৰি তুলিছিল আৰু শাসনাধিষ্ঠিত দলটোক যেন ধুইহে পেলাব খুজিছিল। বহুসংখ্যক গান-বাজনা কৰা, চিনেমা কৰা মানুহে আহি উদাত্ত কণ্ঠে বক্তৃতা দিছিল। সেইসকলৰ ভিতৰত কেৱল জুবিন গাৰ্গ আৰু মানস ৰবীনক বাদ দি বাকী আটায়েই আকৌ নেজ পেলাই শাসনাধিষ্ঠিত ৰাজনৈতিক দলটোতে যােগদান কৰিলেগৈ। সেইসকল এতিয়া মৌন। পিছে বিৰােধ কৰাসকলাে সম্প্রতি মৌন। এনে মৌনতা ৰহস্যময়।
আকৌ বহু ৰাজনীতিকে নির্বাচনৰ প্ৰচাৰৰ প্ৰসংগত এতিয়া বিশেষ। ধৰ্মাৱলম্বী এজন ৰাজনৈতিক নেতাৰ প্রসংগ দাঙি ধৰিছে আৰু বাৰে বাৰে কৈছে যে সেইজন বিদেশী নেতা, তেওঁ মুখ্য মন্ত্রী হ’বলৈ হ'লে অসমৰ ভৱিষ্যৎ অন্ধকাৰ। এই কথা কৈ আহিছে শাসকীয় দলৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা প্রার্থীজনেই। এতিয়া কথা হৈছে, যিসকল শাসনত আছে সেইসকলৰ হাততে ক্ষমতা আৰু অধিকাৰাে আছে। যদি কোনােবা বিদেশী লােকে অনাধিকাৰ প্ৰৱেশ কৰি ৰাজ্যখনৰ এজন ৰাজনৈতিক নেতা হিচাপে পৰিচিতি লাভ কৰিব পাৰিছে সেইটো শাসকীয় দলটোৰহে দুর্বলতা। তেনে বিদেশীক ধৰি তােমালােকে কাৰাগাৰত থ'ব লাগিছিল নাইবা যিখন দেশৰপৰা আহিছে বুলি তােমালােকে কৈছা তালৈ খেদি পঠিয়াব পাৰিব লাগিছিল। সেইখিনি যদি তােমালােকে কৰিব পৰা নাই তেনেহ'লে তেওঁ বিদেশী নহয়। তেনে স্বদেশী লােক এজনক— যিজনে যথেষ্ট সামাজিক সেৱাৰ কামত নিজকে নিয়ােজিত কৰি আহিছে দীর্ঘদিন ধৰি, মিছাতে বিদেশী বুলি মাইকত ডাঙৰ ডাঙৰকৈ চিঞৰাটো কেনে ৰাজনৈতিক নৈতিকতা?
সমাগত নির্বাচনক কেন্দ্ৰ কৰি দিল্লীৰপৰা বহুত ৰাষ্ট্ৰীয় নেতা অসমলৈ আহিছে, অসমৰ প্রতি আৰু অসমীয়াৰ প্রতি হঠাতে অনা অসমীয়া নেতা বােলা মানুহবােৰৰ বুকুত মৰম সৃষ্টি হৈছে। কোনােবাই আহি গেৰান্টি দিছেহি, কোনােবাই বিগত পাঁচ বছৰত অসমীয়াই লাভ কৰা নতুনত্বখিনিৰ হিচাপ দিছেহি। কার্যতঃ অৱস্থা এনেকুৱা হৈছে, অসমৰ কাৰণে অসমৰ বৰ্তমানৰ চৰকাৰে চলােৱা লােককেইজনে কি কি কৰিলে সেইখিনি অসমীয়া মানুহতকৈ অনা অসমীয়া ৰাজনৈতিক লােকসকলেহে বেছি খবৰ ৰাখিছে। বিগত কেইটামান দশকত অসমৰ ৰাজনৈতিক অধিকাৰত থকাসকলে কৰিলে কি? অসমীয়া মানুহখিনিক কর্মীৰ পৰিৱর্তে লুভীয়া অকর্মণ্য কৰি তােলা নাইনে? কাম কৰি জীৱিকাৰ বাট উলিওৱা লােকসকলে এতিয়া জীৱন যাপনৰ বাবে প্রয়ােজনীয় প্রায় সকলাে সম্পদ বিনামূলীয়াকৈ পােৱাৰ ফলত তেওঁলােক কর্মবিমুখ হৈ পৰা নাইনে? ছাত্র-ছাত্রীয়ে বিনামূলীয়া কম্পিউটাৰ, বিনামূলীয়া স্কুটী লাভ কৰি বিলাসী জীৱনৰ প্রতি লালায়িত হৈ উঠা নাইনে? কম্পিউটাৰ আৰু স্কুটীৰ বিনিময়ত অসমৰ ৰাইজৰ পাই পাই পইচা কোনােবা মাল্টিনেশ্যনেল কোম্পানীৰ বাকচত জমা হােৱাগৈ নাইনে? কম্পিউটাৰৰ লগত সম্পর্কিত ম'বাইল ফোনৰ সংযােগৰ ধন প্রতিমাহতে দিব নালাগেনে ? স্কুটীখন চলাবলৈ ইন্ধন নালাগেনে? তেনে স্কুটী চলাই আপােনপাহৰা হৈ দুর্ঘটনাত পতিত হৈ উঠন বয়সৰ ছােৱালী জীৱনলৈ ঘুণীয়া হােৱা নাইনে?উপৰোক্ত কথাবােৰ কোনে কাক বুজাব? কেইহাজাৰমান হিতাধিকাৰী। সৃষ্টি কৰিবলৈ গৈ তিনিকোটি মানুহৰ ডিঙিত ধাৰৰ মালা পিন্ধাবলে আমি কাৰােবাক ৰাজনৈতিক অধিকাৰ দিছোঁ নেকি ?
আকৌ, বহু প্রচাৰ সভাত কোৱা হৈছে যে শিক্ষা-দীক্ষাৰে আগবঢ়া মানুহ ৰাজনীতিলৈ অহা উচিত নহয়। তাৰমানে যিসকলে সফলভাৱে পঢ়াশুনা কৰি ডিগ্রী লাভ কৰিব নােৱাৰিলে, অর্থাৎ নিৰক্ষৰ (অর্থাৎ একোকে নজনা আৰু নুবুজা) লােকেহে ৰাজনীতি কৰিবলৈ সক্ষমতা আহৰণ কৰে। সম্প্রতি নির্বাচনী প্রচাৰ সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু ৰাজনীতিক আহি অসমীয়া ভাষা শিকি ৰাইজক সম্বােধন কৰিছে, অসমীয়া গামােচা ডিঙিত আঁৰি দেখুৱাইছে। বহুতে অসমৰ ইতিহাসকে নতুন কৰি অসমীয়া ৰাইজক শুনাইছে। বহুতে দাবী কৰিছে যে তেওঁলােকৰ দলৰ চৰকাৰ হ'লেহেৰাজ্যখনৰ উন্নতি হ’ব, অমুক দলৰ চৰকাৰে ইমান দিনত কৰিব নােৱৰা অমুকটো তেওঁলােকে ইমান দিনতে কৰি দেখুৱালে ইত্যাদি। কিন্তু প্রতিটো দলেই নিজে পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি কিমান কাম কৰিব পাৰিলে তাৰ খতিয়ান ৰাজহুৱা কৰিবলৈ নাযায়। তাৰ উপৰি নিজৰ শাসনকালত ব্যর্থ হােৱা দিশসমূহৰ পৰা এনে ৰাজনীতিকসকলে ৰাইজৰ দৃষ্টি আঁতৰাইৰাখিবলৈ বিচাৰে। এনে অৱস্থাত ৰাইজে কৰিব কি? যদি ৰাইজে অন্ধ কিম্বা মুকৰ দৰে অসহায় হৈ সেইসকলৰ চলাহী কথাত ভােল গৈ সেইসকলকে হােৰাহােৰে ভােট দিয়েগৈ তেন্তে বুজিব লাগিব যে সঁচাকৈয়ে জাতি হিচাপে অসমীয়া আৰু জীয়াই থকা নাই।
লেখাটি পূৰ্বতে অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতি ক্ৰমে ইউনিকোডত Google Searchable সমল ৰূপে পুনৰ প্ৰকাশ কৰা হৈছে।
No comments:
Post a Comment