ভাল খবৰঃ অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট

ভাল খবৰঃ অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট

Share This
অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট, Assamese ENGINEER WINS AMERICAN US PATENT
অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট
অসম ইঞ্জিনীয়াৰিং কলেজ (Assam Engineering College) ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান আমেৰিকাত কৰ্মৰত অসমৰ জীয়াৰী অভিযন্তা শাশ্বতী দাসে লাভ কৰিবলৈ সক্ষম হৈছে নিজা সৃষ্টিৰ বাবে আমেৰিকান পেটেণ্ট। 'Enhanced trim command support for solid state drives' শীৰ্ষক উদ্ভাৱনীৰ বাবে এই পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে শাশ্বতীয়ে। 
অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট, Assamese ENGINEER WINS AMERICAN US PATENT
United States Patent and Trademark Office (USPTO) য়ে জাৰি কৰা পেটেণ্ট নাম্বাৰ 10909030 ৰ জৰিয়তে এই পেটেণ্ট প্ৰদান কৰা হৈছে। Justia.com ত প্ৰকাশ পোৱা মতে গিৰিশ দেশাই, শাশ্বতী দাস, চেন্থিল থাংগাৰাজ, বৰদা মিশ্ৰ, জুলিয়েন মাৰ্গেটচ আৰু ফিলিপ ৰ'জ এই উদ্ভাৱনীৰ সহকৰ্মী আছিল। এই পেটেণ্টৰ বিষয় বস্তুৰ বিষয়ে অভিযন্তা শাশ্বতীয়ে জনালে এইদৰে- 'The patent is on an advanced methodology to handle trim or deallocate command ie delete operation in SSD . The new method is more reliable and enhances the endurance and life time of the drive.'
অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট, Assamese ENGINEER WINS AMERICAN US PATENT, xukhdukh
অসমৰ গুৱাহাটী মেডিকেল কলেজৰ নিকটৱৰ্তী অঞ্চলৰ জীয়াৰী শাশ্বতীয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা 2003 চনত ইনষ্ট্ৰুমেনটেচন ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতৰ দিল্লী, হাৰিয়ানা পুনে আদিকে ধৰি স্থানত কৰ্মৰত আছিল। তাৰ পাছত ২০০৭চনত আমেৰিকালৈ গৈ তাত Electrical engineering ৰ স্নাতকোত্তৰ ডিগ্ৰী University at Buffalo ৰ পৰা লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান চেন-জ'চ কেৰ্লিফনিয়াৰ নিবাসী শাশ্বতী Senior Staff Engineer ৰূপে Kioxia America Inc ত কৰ্মৰত। এটি পাঁচ বছৰীয়া সন্তানৰ মাতৃ শাশ্বতীৰ Linkedin ৰ প্ৰফাইল হৈছে- https://www.linkedin.com/in/saswati/
অসমৰ জীয়াৰী, অভিযন্তা শাশ্বতী দাসে অৰ্জন কৰিলে আমেৰিকান পেটেণ্ট, Assamese ENGINEER WINS AMERICAN US PATENT, xukhdukh
কাৰিকৰী ক্ষেত্ৰত সফলতাৰ ধ্বজ আমেৰিকাতো উৰুৱাবলৈ সক্ষম হোৱা শাশ্বতীক মনৰ ভাৱ সোধাত এইদৰে কয়- "My work involves architecture design and development of Solid State Devices.... " আৰু নৱ-প্ৰজন্মক নিজৰ উদ্ভাৱনীৰে জগত জিনিবলৈ আহ্বান জনায় এইদৰে- "I would also like to encourage the youths of our nation to dream big , work hard and never give up." 

Intellectual Property Right ৰ ৰূপত আমেৰিকান পেটেণ্ট লাভৰ এই সফলতাৰ বাবে অসমৰ জীয়াৰী শাশ্বতী দাসলৈ অসমীয়াৰ সুখ-দুখ xukhdukh.com ৰ পাঠক-শুভাকাংখী পৰিয়ালৰ পৰাও জনাইছো আন্তৰিক অভিনন্দন।

No comments:

Post a Comment