প্ৰেৰণাময় ব্যতিক্ৰমঃ xobdo.org অনলাইন অভিধানৰ সূত্ৰধাৰ বিক্ৰম মজিন্দাৰ বৰুৱাৰ সৈতে মালায়চিয়াত কিছু সময়:: ড° স্তুতি ৰঞ্জিত কোঁৱৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময় ব্যতিক্ৰমঃ xobdo.org অনলাইন অভিধানৰ সূত্ৰধাৰ বিক্ৰম মজিন্দাৰ বৰুৱাৰ সৈতে  মালায়চিয়াত কিছু সময়::  ড° স্তুতি ৰঞ্জিত কোঁৱৰ

প্ৰেৰণাময় ব্যতিক্ৰমঃ xobdo.org অনলাইন অভিধানৰ সূত্ৰধাৰ বিক্ৰম মজিন্দাৰ বৰুৱাৰ সৈতে মালায়চিয়াত কিছু সময়:: ড° স্তুতি ৰঞ্জিত কোঁৱৰ

Share This
অসমীয়া অনলাইন অভিধান xobdo.org , শব্দ.অৰ্গ, Assamese Online Dictionary
xobdo.org অনলাইন অভিধানৰ সূত্ৰধাৰ
বিক্ৰম মজিন্দাৰ বৰুৱাৰ সৈতে 
মালায়চিয়াত কিছু সময় 
ড° স্তুতি ৰঞ্জিত কোঁৱৰ
কিছুমাহৰ পূৰ্বে মালায়চিয়াৰ কুৱালালাম্পুৰলৈ গৱেষণাৰ সংক্ৰান্তত এটা নিমন্ত্ৰণ পোৱা গৈছিল। তাত থকা সময়চোৱাতে মালায়চিয়াৰ অন্যতম আকৰ্ষণ পেট্ৰ’নাচ টুইন টাৱাৰত বৰ্তমান কৰ্মৰত অসমৰ এজন অভিযন্তা বিক্ৰম মজিন্দাৰ বৰুৱাৰ সৈতে কিছুসময় বাৰ্তালাপ কৰাৰ এটা সুযোগ পাইছিলোঁ । কোন এই বিক্ৰম মজিন্দাৰ বৰুৱা, তেওঁক তেওঁৰ সৈতে হোৱা কথা বতৰাৰ পৰাই জানোঁ আহকচোন। 

অসমীয়া অনলাইন অভিধান xobdo.org , শব্দ.অৰ্গ, Assamese Online Dictionary
প্ৰশ্ন : অসমৰ পৰা মালায়চিয়ালৈকে হোৱা এই যাত্ৰাৰ বিষয়ে কিছু কথা কওঁক। 

বিক্ৰম মজিন্দাৰ বৰুৱা : মোৰ জন্ম যোৰহাটত । দেউতা অসমৰ চৰকাৰৰ জলসিঞ্চন বিভাগত চাকৰি কৰাৰ সূত্ৰে মই ডাঙৰ দীঘল অসমৰ বিভিন্ন ঠাইত হৈছোঁ ; কাৰ্বি আংলং জিলাৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আদি বিভিন্ন ঠাইত শৈশৱ পাৰ কৰিছোঁ যদিও পঢ়া-শুনা বিশেষভাৱে গুৱাহাটী আৰু ডিব্ৰুগড়ত কৰা । ১৯৮৯ চনত গুৱাহাটীৰ ফেকাল্টি উচ্চ মাধ্যমিকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰোঁ । ইয়াৰ পৰা উচ্চতৰ মাধ্যমিক পাছ কৰি ধানবাদৰ ভাৰতীয় খনি বিদ্যাপীঠ (ইণ্ডিয়ান স্কুল অৱ মাইন্স) ৰ পৰা তৈল অভিযান্ত্ৰিকত (পেট্ৰলিয়াম ইঞ্জিনীয়াৰিং) ডিগ্ৰ্ৰী লৈয়েই লগে লগে দুলীয়াজান অইল ইন্ডিয়াত চাকৰিত যোগদান কৰোঁ। তাত প্ৰায় চাৰিবছৰ মান চাকৰি কৰি ১৯৯৯ ৰ শেষৰ ফালে স্নাতকোত্তৰ কৰিবলৈ যাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Texas Tech University, Lubbock লৈ। 

তাৰ পৰা তৈল অভিযান্ত্ৰিকত স্নাতকোত্তৰ কৰি উঠি Schlumberger নামৰ কোম্পানীত চাকৰিত সোমাওঁ। মোৰ প্ৰথম নিযুক্তি আছিল মেক্সিক’ত। মেক্সিক’ত প্ৰায় ৪ বছৰ চাকৰি কৰিলোঁ। তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউস্তনত কেইবছৰমান থাকি তাৰ পৰা আবুধাবিলৈ কৰ্মসূত্ৰে আহিব লগা হয় ২০০৫ চনৰ আৰম্ভনিতে। আবুধাবিত Kelkar and Associates, Inc. বুলি কোম্পানী এটাত চাকৰিত যোগদান কৰোঁ। তাৰ পিছত অৱশেষত ২০১১ ত মালায়চিয়াৰ পেট্ৰ’নাচত যোগদান কৰিলোহি। 

প্ৰশ্ন : বিদেশৰ কোম্পানীসমূহত চাকৰিৰ বাবে সাক্ষাতকাৰবোৰ কেনেকৈ হয় ?

বিক্ৰম মজিন্দাৰ বৰুৱা: সাক্ষাতকাৰ সকলোতে বেলেগ বেলেগ ধৰণে হয় । অইল ইন্ডিয়া আৰু Schlumberger এই দুয়োটা চাকৰি মোৰ campus interview ত হয় । কেম্পাচ মানে ধানবাদ আৰু টেক্সাচৰপৰা । কেলকাৰৰ চাকৰি মই সতাঁৰত (অনলাইন) আবেদন জনাইছিলোঁ । তাতে মোৰ কোম্পানীটোৰ চি ই অ’ ডঃ মোহন কেলকাৰৰ লগত চিনাকী হয় । তেওঁৰ আচল ঘৰ পুণেত যদিও তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰচিটি অৱ টালচাৰৰ তৈল অভিযান্ত্ৰিক (পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং) বিভাগৰ মূখ্য অধ্যাপক। তেওঁৰ এই কনচালটিং পামখন এটা অতিৰিক্ত ব্যৱসায় হিচাবে চলাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এইটো এটা ভাল কথা আছিল যে অধ্যাপকসকলেও নিজৰ নিজৰ একোটা ব্যৱসায় ৰাখিব পাৰে । বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ যিসকল অধ্যাপক, তেওঁলোকে বৰঞ্চ এইক্ষেত্ৰত আনকো বহুত উত্সাহ জনায় যাতে তেওঁলোকে উদ্যোগসমুহৰ লগত এটা যোগসূত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰে । আৰু এই কথাবোৰ অভিযান্ত্ৰিক বিভাগসমূহৰ লগত বেছি জৰুৰী। 
আৰু এটা উল্লেখনীয় কথা যে এই বিশ্ববিদ্যালয়সমুহে তেওঁলোকক বাৰমাহৰ ভিতৰত মাত্ৰ আঠমাহহে দৰমহা দিয়ে । বাকী চাৰিমাহ তেওঁলোকে নিজে উপাৰ্জন কৰিব লাগে । গ্ৰীষ্মকালৰ যি চাৰিটা মাহ বন্ধ থাকে সেই চাৰিমাহত তেওঁলোকক এনেধৰণৰ কিছুমান উদ্যোগৰ লগত কাম কৰিবলৈ বিশ্ববিদ্যালয়য়ে নিজে উদগনি যোগায় । তেনেকুৱা সুবিধাসমুহ থকাৰ বাবে এই অধ্যাপকসকলৰ লগত গৱেষণা কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ ব্যক্তিগত পামসমুহত কিছুমান নিজাববীয়াকৈ কাম কৰাৰ সুবিধা পায় । তেওঁলোকৰ গৱেষণাৰ কামসমুহ কাৰ্য্কৰী কৰিবলৈ কিছুমান সুযোগ পায় । তেনেদৰেই ময়ো ইন্টাৰনেট আৰু টেলিফোনৰ যোগেদি যোগাযোগ কৰিছিলোঁ । সেইমৰ্মে তেওঁলোকে টেলিফোনতে মোৰ সাক্ষাতকাৰ লৈ আৰু মোৰ অধ্যাপকসকলৰ পৰা সঁহাৰি লৈ মোক চাকৰিৰ বাবে নিৰ্বাচন কৰে । মালায়চিয়াৰ পেট্ৰ’নাচলৈ অহাৰ প্ৰক্ৰিয়াটো অৱশ্যে অলপ বেলেগ ধৰণৰ আছিল । ইয়াত পেট্ৰ’নাচে মানৱ সম্পদ পাম কিছুমানক দক্ষ কৰ্মী বিচাৰিবলৈ ঠিকা দিয়ে । তেনেকুৱা কিছুমান পামৰ ৱেবচাইটত মই মোৰ নিজৰ বায়’ডাটাখন আপলোড কৰি থোৱা আছিল । আৰু সেইমৰ্মে তেওঁলোকে মোৰ প্ৰফাইলৰ লগত মিলা চাকৰি ওলোৱাত মোক খবৰ কৰি মোক সাক্ষাতকাৰৰ বাবে মাতে । আৰু তেনেদৰেই মোৰ ইয়াত মালায়চিয়াৰ পেট্ৰ’নাচত চাকৰি হয়।
xukhdukh,xukhdukh live,xukhdukh লাইভ,xukh-dukh,xukhdukhl live,axomiyar xukhdukh,xukh dukh,xukhdukhvideo,assamese educational,rti,assamese,talkshow,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, ZUBEEN GARG, জুবিন গাৰ্গ
প্ৰশ্ন : পৃথিৱীৰ বিভিন্ন চহৰৰ জীৱনধাৰণ প্ৰণালীৰ অভিজ্ঞতাৰ বিষয়ে কিছু কথা । 

বিক্ৰম মজিন্দাৰ বৰুৱা: সকলো চহৰৰে নিজস্ব এটা জীৱনশৈলী আছে । মেক্সিক’ৰ জীৱন শৈলীয়ো তেনেদৰে অলপ ব্যতিক্ৰমী আছিল । তাৰ স্থানীয়লোক সকলৰ লগত মোৰ বহুত ভাল বন্ধুত্ব আছিল, লগতে তেওঁলোক বিশ্বাসীও আছিল । তেওঁলোকে জীৱনটো উপভোগ কৰি খুউব ভাল পায় । প্ৰায় প্ৰত্যেকটো সপ্তাহৰ শেষত তেওঁলোক সকলোৱে লগ হৈ অলপ স্ফুৰ্তি কৰে , মুকলিকৈ ৰং তামাচা কৰে, উতসৱৰ নিচিনাকৈ খোৱা বোৱা কৰে । মেক্সিক’ চহৰখন চোৰ ডকাইত, স্মাগলাৰ আদিৰে ভৰ্তি বুলি বাহিৰৰ মানুহৰ মেক্সিক’ৰ প্ৰতি সদায় এটা ভুল ধৰণা থাকে । কিন্তু আমি তাত থকা সময়খিনিত তেনেকুৱা একো পৰিৱেশ পোৱা নাছিলোঁ । চোৰ, ডকাইত, স্মাগলৰ যে মেক্সিক’ত নাই তেনে নহয় ,কিন্তু আমি কেতিয়াও তাত তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’ল । তাত বৰঞ্চ আমি বহুত ভাল পৰিৱেশ এটাহে পাইছিলোঁ । তাৰ কৰ্ম সংস্কৃতিয়ো যথেষ্ট ভাল আছিল । তাত আমি জনাত সেইসময়ত অসমীয়া মানুহটো দূৰৰেই কথা ভাৰতীয় মানুহেই খুউব তাকৰ আছিল। মেক্সিক’ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল তাৰ ভাষাটো। যিহেতু তাত সকলোৱে স্পেনিচ কয় গতিকে সেই ভাষা শিকাটো সকলোৰে বাবে বাধ্যতামূলক আছিল । তাত তেওঁলোকে ইংৰাজী জানিলেও নকয় , তেওঁলোকৰ নিজা ভাষা স্পেনিচহে কয়। এটা কথা ভাল আছিল যে স্পেনিচ ভাষাটো শিকিবলৈ সহজ । কাৰণ ইংৰাজী ভাষাৰ লগত তাৰ বহুখিনি সামঞ্জস্য আছে । ভালকৈ শিকিলে আৰু অভ্যাস কৰিলে ছ্মাহমানৰ ভিতৰত অন্ততঃ ক’ব পৰা আৰু বুজিব পৰা অৱস্থাত ই আহি যায় । মই প্ৰথম মেক্সিক’লৈ যাওঁতে স্পেনিচ ভাষাটো নজনাৰ বাবে মোক তাৰ স্থানীয় মেক্সিকান বন্ধুকেইজনমানে এটা জীয়াই থকাৰ খণ্ডবাক্য শিকাই দিছিল , ”চিংক্’ তাক্’ উন’ মিৰিণ্দা ।” তাৰ অৰ্থ হ’ল চিংক’ মানে 5 খন , তাক’ মানে ৰুটী আৰু এটা মিৰিন্দা । যিটো বাক্য আমি স্পেনিচ ভালকৈ ক’ব নোৱাৰালৈকে জীৱনী মন্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছিলোঁ। 

মেক্সিকান খাদ্য বহুত মচলা থকা । ইয়াক পৃথিৱীৰ ভিতৰতে অন্যতম মচলাযুক্ত খাদ্য বুলিয়ো ক’ব পাৰি । তাত স্থানীয় কিছুমান খাদ্য বিৰাট আমোদজনক আছিল । আমি যিটো চকলেট বুলি কওঁ , সেইটো আচলতে মেক্সিকান উতসৰ বস্তু । তাক স্থানীয় ভাষাত চকটেল বুলি কয় । এই চকলেটৰ মুখ্য বীজ ক’কোৱাৰ পৰা থুপথুপীয়াকৈ এবিধ জুলীয়া বস্তু বনোৱা হয় যিটো তেওঁলোকে মাংস বনাওঁতে জোল হিচাবে ব্যৱহাৰ কৰে । এই জুলীয়া বস্তুবিধক তেওঁলোকে মল্লে’ বুলি কয় । এনেদৰে বনোৱা খাদ্যৰ সোৱাদটো জ্বলা, নিমখীয়া আৰু মিঠাৰ মাজত কিবা এটা হয়গৈ । তেওঁলোকে আনকি কেক্টাচো খায় । তেওঁলোকৰ এই খাদ্যসম্ভাৰসমূহ স্পেনিচসকল অহাৰ আগৰ খাদ্য প্ৰণালী । তেওঁলোকৰ প্ৰকৃত খাদ্য সামগ্ৰী । স্পেনিচ অহাৰ পিছত তেওঁলোকৰো খাদ্য প্ৰণালীত অৱশ্যে বহুখিনি পৰিৱৰ্তন আহে । তাত মদ্যপান কৰাটোত কোনো বাধা নাছিল । সকলোৱে মুকলিকৈ এইবোৰ উপভোগ কৰিছিল । মেক্সিক’ৰ জীৱনশৈলীটো সঁচাই বহুত বেলেগ ধৰণৰ আছিল । জলবায়ুৰ বিষয়ে ক’বলৈ গ’লে তাত গৰম অলপ বেছি, বৰষুণ কম হয় আৰু অলপ শুকান ঠাইবোৰ । আমাৰ ৰাজস্থানৰ নিচিনা বুলিব পাৰি । তাতো ৰাজস্থানৰ দৰে সৰু সৰু বগৰী গছ কিছুমান পোৱা যায় । মেক্সিক’ত ওখ গছ একেবাৰে নাই । তাৰপিছ্ত আহিলোঁ আবুধাবিলৈ । তাতো এটা সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ । আবুধাবিত গৰম বেছি । জনসংখ্যাৰ প্ৰায় আশী শতাংশ বিদেশী আৰু বাকী মাত্ৰ ১৫% স্থানীয় মানুহ । বিদেশীসকলৰ ৮0 % ই ভাৰতৰ কেৰেলা ৰাজ্যৰ ৷ যদি কেনেবাকে মালায়লাম ভাষাটো জনা থাকে, তেন্তে তাত জীৱন নিৰ্বাহ কৰিবলৈ যথেষ্টখিনি সহজ হৈ যায় । তাত স্থানীয় মানুহবোৰ অলপ আচুতীয়া কৈ থাকে । মূল চহৰৰ পৰা ভালেখিনি আঁতৰত থকা, মৰুভুমিৰ মাজত নিজৰ গাঁওসমুহত নিজৰ মানুহৰ লগত থাকি তেওঁলোকে বেছি ভাল পায় । তেওঁলোকে আনকি বিদেশী মানুহৰ লগত ইমান বেছি মিলামিচা কৰিবলৈয়ো ভাল নাপায় । সাজপোছাকতো তেওঁলোকক সদায় নিজৰ পৰম্পৰাগত সাজপোছাক পৰিধান কৰাই দেখা যায় । সেইটো তেওঁলোকৰ কাৰণে একপ্ৰকাৰৰ বাধ্যতামূলক । কিন্তু বিদেশীসকলৰ বাবে সাজপোছাকত তাত তেনেকুৱা কোনো বাধা নাই । 
অনলাইন অভিধানখনলৈ যাবলৈ ওপৰৰ ফটোত ক্লিক কৰক
আবুধাবিত আমাৰ অসমীয়া মানুহ বহুত আছিল । তাত প্ৰত্যেক বছৰেই সকলোৱে মিলি বিহু মেলা বহুত ডাঙৰকৈ পতা হয় । ৰঙালীবিহু অৱশ্যে ডুবাইত পতা হয় , মাঘবিহু আৰু দিৱালী আমি আবু ধাবিত পাতিছিলোঁ । সেইসময়ত আবুধাবী আৰু ডুবাইত থকা সকলো অসমীয়া মানুহ আমি লগ হওঁ; বিহু, পূজা বুলি অলপ স্ফুৰ্তি কৰোঁ । 
 
প্ৰশ্ন : ভাষাৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতা । 

বিক্ৰম মজিন্দাৰ বৰুৱা : ভাষাৰ ক্ষেত্ৰত আবুধাবী আমাৰ ভাৰতৰ নিচিনা, ইংৰাজী আৰু হিন্দী দুয়োটা ভাষা চলাৰ দৰে তাত ইংৰাজী আৰু আৰবিক দুয়োটা ভাষাই চলে৷ তাত আৰবী চৰকাৰী ৰাজভাষা (official language ) হ’লেও ইংৰাজী সমানেই চলে । তাত চাইন ব’ৰ্ড , বেনাৰৰ পৰা আৰম্ভ কৰি সকলোতে ইংৰাজী আৰু আৰবিক দুয়োটা ভাষাই ব্যৱহাৰ কৰা হয় । কিন্তু মেক্সিক’ত ভাষাৰ ক্ষেত্ৰত বহুত বেলেগ আছিল । স্পেনিচ ভাষাটো তাৰ ৰাজভাষা বা প্ৰধান official working language । তাত কাৰ্যালয়ৰ সকলো কামকাজ স্পেনিচ ভাষাত হয় । আমি আনকি কাৰিকৰী প্ৰতিবেদন বনোৱাৰ পৰা আৰম্ভ কৰি সকলো কামকাজ স্পেনিচ ভাষাত কৰিবলগীয়া হৈছিল । ৰাস্তাঘাটৰ পৰা আৰম্ভ কৰি সকলো ঠাইতে দেখা পোৱা চাইন ব’ৰ্ড, বেনাৰ আদি সকলোতে স্পেনিচ ভাষা ব্যৱহাৰ কৰা হয় । ইংৰাজী ভাষাটো তেওঁলোকে একেবাৰে গ্ৰহণ কৰা নাছিল । মালায়চিয়াতো মালয় ভাষাৰ বাহিৰে বেলেগ ভাষা নচলে । ইয়াত সকলোতে সকলো কথা মালয় ভাষাত লিখা দেখা পোৱা যায় । কিন্তু কাৰ্যলয়ৰ কাৰিকৰী কামকাজসমুহ ইংৰাজীত চলে । স্পেনিচ আৰু মালয় ভাষাত এটাই সুবিধা আছিল যে এই ভাষা দুটাৰ লিপিবোৰ ইংৰাজী লিপিবোৰেই হয় । গতিকে তাক অন্ততঃ পঢ়িব পাৰি । পঢ়ি নিজৰ মাজতে কিবা এটা বুজিব পাৰি নতুবা ভাষাটো সোনকালে শিকিব পাৰি । কিন্তু আৰবিক ভাষাত সেইটো সুবিধা নাছিল । মালায়চিয়াত ভাষাৰ ওপৰত এটা সাংঘতিক নিয়ন্ত্ৰণ আছে । যিটো আমাৰ অসমীয়া ভাষাত নাই । অসমীয়া বাতৰি কাকত, টিভি চেনেলসমুহে যাৰ যি মন যায় তেনেকৈয়ে লিখে । আবুধাবিতে হওঁক নতুবা মালায়চিয়াতে হওঁক তেওঁলোকৰ নিজৰ ভাষা নিয়ন্ত্ৰণৰ এখন চৰকাৰী অথ’ৰিটি আছে। তেওঁলোকৰ নিজস্ব কিছুমান শব্দৰ ভঁৰাল আছে, যিবোৰ সকলোৱে ব্যৱহাৰ কৰাটো বাধ্যতামূলক । সেইকাৰণে তেওঁলোকৰ ভাষাটোত বহুত সুষমতা আৰু ভাৰসাম্যতা আছে । 

ভাষাটো শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ তাত পুলিচৰ নিচিনাকৈ ভাষা নিয়ন্ত্ৰণৰ এটা বাহিনী থাকে । যিয়ে এইবোৰ কথা সকলো ঠাইতে নিয়ন্ত্ৰণ কৰি থাকে । ক’ৰবাত কিবা ভুলকৈ লিখা দেখিলেই তেওঁলোকে তাক শুধৰাই দিয়ে । সেয়া লগিলে চাইনব’ৰ্ডেই হওঁক নতুবা বাতৰিকাকতেই হওঁক , টিভিৰ ঘোষক-ঘোষিকাই হওঁক; সকলোৰে ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰি থাকে । টিভি ৰেডিঅ’ৰ বাতৰি পঢ়োতাসকলেও আনকি চাকৰি পাবলৈ ভাষাৰ কিছুমান নিৰ্দ্দিষ্ট পৰীক্ষা পাছ কৰিব লগে । সেয়া শব্দ উচ্ছাৰণৰ পৰা আৰম্ভ কৰি ভাষাটোৰ ওপৰত থকা তেওঁলোকৰ জ্ঞানৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকক এই চাকৰিৰ বাবে নিৰ্বাচন কৰে । ইয়াত তেওঁলোকৰ মাজত হোৱা কথাবতৰাবোৰতো সম্পূৰ্ণ মালয় ভাষা ব্যৱহাৰ কৰা দেখা যায় । কথাবতৰাত তেওঁলোকে আমাৰ নিচিনাকৈ মাজে মাজে ইংৰাজী শব্দ নাইবা ইংৰাজী বাক্য কেতিয়াও ব্যৱহাৰ নকৰে । সেয়ে দুজন মালয় মানুহে কথা পাতি থাকিলে ওচৰত শুনি থকা অনা মালয় এজনে একো কথাই বুজি নাপায় । একে অভিজ্ঞতা হৈছিল আবুধাবীতো । ইংৰাজীত নতুন শব্দ ওলালেই যে তেওঁলোকে সেই শব্দটোকে নিজৰ ভাষাটো ব্যৱহাৰ কৰিব তেনে নহয় । প্ৰত্যেকটো ইংৰাজী শব্দৰ বিপৰীতে তেওঁলোকে নিজৰ ভাষাত এটা প্ৰতিশব্দ উলিয়াই লয় আৰু সেইমতে তেওঁলোকে তাক নিজৰ ভাষাত কথাবতৰা কৰোঁতে ব্যৱহাৰ কৰে ।

আৰবিকসকলে কেতিয়াও কম্পিউটাৰক কম্পিউটাৰ বুলি নকয় , তেওঁলোকে কম্পিউটাৰৰ এটা আৰবিক প্ৰতিশব্দ উলিয়াই লৈছে আৰু সেইমতে তাক ব্যৱহাৰ কৰিছে । টেকন’লজি যিমানেই উন্নত হৈছে সিমানেই নতুন নতুন শব্দৰ সৃষ্টিৰ হৈছে । কিন্তু সেই শব্দৰ প্ৰতিশব্দ একোটা নিজৰ ভাষাত সৃষ্টি কৰি লোৱাটোৱেই এটা উল্লেখযোগ্য পদক্ষেপ । অসমীয়াতো তেনে প্ৰতিশব্দ আছে, কিন্তু আমি তাক ব্যৱহাৰ নকৰোঁ । আমাৰ ভয় থাকে, জানোচা ইংৰাজী শব্দ ব্যৱহাৰ নকৰি তেনে অসমীয়া প্ৰতিশব্দ ব্যৱহাৰ কৰিলে মানুহে বুজি নাপাব । মই সদায় সেই কথাটোতে গুৰুত্ব আৰোপ কৰোঁ । 

নতুন নতুন টেকন্’লজি ওলোৱাৰ লগে লগে নতুন নতুন ইংৰাজী শব্দ ওলাবই । কিন্তু আমি তাৰ কিছুমান প্ৰতিশব্দ সৃষ্টি কৰি তাক ব্যৱহাৰ কৰিলেহে অসমীয়া ভাষা আৰু চহকী হ’ব । তাক যদি কোনেও বুজি নাপাব বুলিয়েই আমি ব্যৱহাৰ নকৰোঁ তেন্তে তাক মানুহে বুজি নোপোৱাই হৈ থাকিব । তেনে প্ৰতিশব্দবোৰ আমি সকলোৱে ব্যৱহাৰ কৰিব লাগিব , তাক সকলোৱে প্ৰচাৰ কৰিব লাগিব তেতিয়াহে অসমীয়া ভাষা সদায় অসমীয়া ভাষা হৈয়ে জীয়াই থাকিব । উদাহৰণস্বৰুপে, কম্পিউটাৰ , ইন্টাৰনেট , ৱেবচাইট আদি শব্দৰ কোনো অসমীয়া প্ৰতিশব্দ আমি কথাবতৰা, লিখামেলা আদি ক’তোৱেই ব্যৱহাৰ নকৰোঁ । এনেকৈ অসমীয়া ভাষাত মাজে মাজে ইংৰাজী শব্দ ব্যৱ্হাৰ কৰাটোক মই ভাষাৰ ভ্ৰূণ হত্যা কৰা বুলিয়েই কওঁ । যিহেতু নতুনকৈ আৱিৰ্ভাৱ হোৱা একো একোটা ইংৰাজী শব্দৰ কোনো অসমীয়া প্ৰতিশব্দৰ জন্ম হোৱাৰ আগতেই আমি তাক মাৰি পেলাইছোঁ । 

আজিৰ পৰা 50 বছৰ মানৰ আগতে অসমীয়াত বহুত ধুনীয়া ধুনীয়া অসমীয়া প্ৰতিশব্দ ওলাইছিল । সেইবোৰ তেতিয়া মানুহে সুন্দৰকৈ ব্যৱহাৰো কৰিছিল । উদাহৰণস্বৰুপে, প্ৰশান্ত মহাসাগৰ, ভূমধ্য সাগৰ, বিদ্যুত, বিজুলীচাকি আদিৰ কথা আমি ক’ব পাৰোঁ । এই অসমীয়া শব্দবোৰ ইংৰাজী শব্দটোৰ সৈতে সম্পূৰ্ণকৈ খাপ খায়ো পৰিছিল । তেনেকৈ আমি নতুন ধুনীয়া অসমীয়া প্ৰতিশব্দ কিয় উলিয়াব পৰা নাই ? 

প্ৰশ্ন : ইয়াৰ কাৰণে কোনোবা নিৰ্দ্দিষ্ট এজন ভাষাবিদৰ প্ৰয়োজন হ’বনে সকলোৱে নিজে নিজে যিকোনো প্ৰতিশব্দ উলিয়াব পাৰিব ? 

বিক্ৰম মজিন্দাৰ বৰুৱা : ইয়াত দুটা কথা অছে । এটা হ’ল, মানুহৰ সামুহিক যি ইচ্ছা তাৰ অভাৱ ঘটিছে । দ্বিতীয় কথাটো হ’ল , বৰ্তমান আমাৰ অসমীয়া ভাষাত নেতৃত্বৰ অভাৱ হৈছে । সেইটো আমি সকলোৱে জানোঁ । আজিকালি কোনেও অসম সাহিত্য সভাৰ কথা নামানে । কোনেও অসম বিজ্ঞান সমিতিৰ কথা নামানে । তেনেদৰে গুৱাহাটী নাইবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কথাও কোনেও মনা দেখা নাযায় । অকল কোনো অনুষ্ঠান প্ৰতিস্থানেই নহয়, কোনোবা এজন নিৰ্দ্দিষ্ট ব্যক্তিও নাই যাক আমি ভাষাবিদ হিচাবে সকলোৱে মানি চলিব পাৰোঁ । অসমীয়া ভাষাৰ পণ্ডিত বহুত আছে , কিন্তু কোনেও কাৰো কথা নুশুনে । আমাক এক নেতৃত্ব দিব পৰা ব্যক্তিৰ বা প্ৰতিষ্ঠানৰ প্ৰয়োজন হৈছে । আৰু এইক্ষেত্ৰত কোনোবা এটা অসমীয়া শব্দ নতুবা প্ৰতিশব্দ উলিয়ালেও বাকী মানুহবোৰে তাক গ্ৰহণ কৰিব লাগিব আৰু ব্যৱহাৰ কৰিব লাগিব । তাতোকৈ ডাঙৰ কথা, সেই শব্দটো মানুহে ব্যৱহাৰ কৰাৰ আগতে স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব । সেয়েহে কওঁ , প্ৰথম আমাক লাগিব ভাষা নিয়ন্ত্ৰন কৰিব পৰা এখন সমিতি , তাৰপিছত সেই সমিতিয়ে স্বীকৃতি দিয়া প্ৰত্যেকটো অসমীয়া শব্দক আমি গ্ৰহণ কৰিব লাগিব, তাৰপিছত তাক আমি সকলোৱে ব্যৱহাৰ কৰিব লাগিব ,তাৰপিছতহে তাৰ প্ৰচাৰ হ’ব আৰু লাহে লাহে তেতিয়া শব্দটো অসমীয়া ভাষাত স্থায়ী হৈ ৰ’ব । 

অসম চৰকাৰৰ ভাষা নিয়ন্ত্ৰণ বিভাগ তথা অসম বিজ্ঞান সমিতিৰো নিজা কিছুমান অসমীয়া প্ৰতিশব্দৰ একো একোখন তালিকা আছে । অসম বিজ্ঞান পৰিভাষা বুলি তেওঁলোকৰ ডাঙৰ ডাঙৰ কিতাপ আছে । তেনেদৰে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে তেনেকুৱা ধুনীয়া ধুনীয়া শব্দ উলিয়াই থৈছে । অসম সাহিত্য সভাৰ কথাটো ক’বই নালাগে । তদুপৰি ৰাজ্যিক ভাষা প্ৰচাৰ সমিতি বুলিয়ো এখন সমিতি আছে । কিন্তু সমস্যাটো হৈছে এই শব্দবোৰ আমি কথা-বতৰা নতুবা লিখা মেলা ক’তোৱেই ব্যৱহাৰ নকৰোঁ । এতিয়া অসমীয়া টিভি চেনেল এটাত বাতৰি পঢ়ি থকাৰ সময়ত আমি যদি টিভিৰ পৰ্দাখনলৈ মন কৰোঁ, তেন্তে তাতো আমি ৭০ শতাংশ ইংৰাজী শব্দ দেখা পাওঁ । ঘোষক ঘোষিকাৰ কোৱাটোতো দূৰৰেই কথা । মই বুজি নাপাওঁ ব্ৰেকিং নিউজৰ অসমীয়া প্ৰতিশব্দ এটা কিয় কোনেও উলিয়াব নোৱাৰে । আমোদজনকভাৱে অসমীয়া নিউজ চেনেলসমূহৰ নামবোৰো আমি দেখা পাওঁ ইংৰাজী ভাষাত । ডিৱাই 365 , নিউজ লাইভ, নিউজ টাইম , প্ৰাগ নিউজ ; সকলোতে ইংৰাজী শব্দৰ বহুল প্ৰয়োগ !! 

প্ৰশ্ন : আপোনালোকৰ শব্দ অনলাইন অভিধানৰখনৰ বিষয়ে কিছু কথা কওঁকচোন । 

বিক্ৰম মজিন্দাৰ বৰুৱা : প্ৰথম কথা, মই অনলাইন শব্দটো ব্যৱহাৰ নকৰোঁ । মই অনলাইনক অসমীয়া ভাষাত সতাঁৰ বুলি কওঁ । সেই শব্দটোকে প্ৰচাৰ কৰিবলৈ মই বহুত চেষ্টা কৰি আছোঁ । কিন্তু কোনেও তাক ব্যৱহৰ নকৰে । সতাঁৰত শব্দৰ অভিধানখন উলিওৱাৰ সময়ত অসমীয়া ভাষাত তেনেকুৱা কোনো সতাঁৰ অভিধান নাছিল । বেলেগ ভাষাত কিন্তু বহুত আছিল । মই যেতিয়া কিবা এটা লিখিবলৈ বহোঁ, মোৰ ডাঙৰ ডাঙৰ অসমীয়া অভিধানসমুহ মেলি চাবলগীযা হয় । এই অভিধানসমুহ সকলো ঠাইলৈকে কঢ়িযাই লৈ ফুৰিবলৈ অসুবিধা । সতাঁৰত য’তে ত’তে এটা বস্তু চাবলৈ যিমান সুবিধা হয় তেনে সুবিধা এই অভিধানসমুহ লগত কঢ়িয়াই লৈ ফুৰাত অসুবিধা । আৰু তেনেদৰেই অসমীয়া ভাষাত এখন সতাঁৰ অভিধান বনোৱাৰ ধাৰণাটো মনলৈ আহে । প্ৰথমতে একেবাৰে কমকৈ প্ৰায় এশটা মান শব্দ নিজে লিখি অভিধানখন বনোৱা হ’ল । তাৰপিছত দুই এজনে তাত অৱদান যোগাবলৈ আৰম্ভ কৰিলে । তাৰপিছ্ত অভিধানখনৰ প্ৰক্ৰিয়াটো আৰু অলপ উন্নত কৰি তাক ইন্টাৰনেটৰ যোগেদি যিকোনো লোকে শব্দ যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ল । লাহে লাহে দুই এজন মানুহ আগবাঢ়ি আহিল । কেইজনমান ভাষাবিদো আহিল । এই ক্ষেত্ৰত প্ৰিয়াংকু শৰ্মা (তেতিয়া ফ্লৰিডা বিশ্ববিদ্যালয়ত পঢ়ি আছিল) প্ৰথম আগবাঢ়ি আহিছিল ৷ তাৰ পিছ্ত আমেৰিকাত থকা পল্লব শৰ্মা, যিয়ে ডাটাবেচ মেনেজমেন্টত কাম কৰে ; তেওঁ আৰু মই ; আমি এই তিনিজন মানুহে আৰম্ভনিতে এই কামটো আৰম্ভ কৰোঁ । কাৰণ এখন সতাঁৰ অভিধান বনাবলৈ প্ৰথম আমাক লাগিব linguistics ৰ মানুহ , তাৰপিছ্ত এজন ডাটাবেচৰ মানুহ আৰু মই ৱেবচাইটটো বনাবলৈ আৰু গোটেই প্ৰক্ৰিয়াটো চম্ভালিবলৈ আছিলোঁ । 

তাৰপিছ্ত ইয়ালৈ বহুত আহিছে, বহুত গৈছে তেনেকুৱা হৈ আছে । ক’বলৈ গ’লে এতিয়ালৈকে মূল অৱদান প্ৰায় তিনিশমান মানুহে কৰিছে । তাৰে ভিতৰত ৫০ জন মানুহক মূখ্য অৱদানকাৰী বুলি ক’ব পাৰি । এই অভিধানখনত এতিয়ালৈকে আমাৰ ৪0,000ত কৈয়ো বেছি শব্দ জমা হৈছে । তদুপৰি শব্দৰ লগত সংগতি ৰাখি আন কিছুমান কামো কৰি থকা হৈছে । সেয়া হৈছে খণ্ডবাক্য নতুবা জতুৱা ঠাঁচ সংগ্ৰহ কৰা । এতিয়ালৈকে আমাৰ প্ৰায় ৫০০ মান ফকৰা যোজনা নাইবা জতুৱা ঠাঁচৰ এটা ভঁৰাল গঠন হৈছে । অকল জতুৱা ঠাঁচ ভৰোৱাই নহয়, আমি প্ৰত্যেকটো জতুৱা ঠাঁচৰ বাখ্যাসমুহো ইয়াত সন্নিবিষ্ট কৰিবলৈ যত্ন কৰিছো । 

ইয়াৰোপৰি বৰ্তমান আৰু এটা কাম কৰি থকা হৈছে, সেয়া হৈছে অসমীয়া বানান পৰীক্ষকৰ কাম, তাৰ নাম আমি ‘লিটিকাই’ থৈছোঁ । এই সকলোবোৰ www.xobdo.org নামৰ জালস্থান বা ৱেবচাইটটোত সন্নিবিষ্ট কৰা হৈছে । এই কামবোৰত বিভিন্নজনে আমাক সহায় কৰিছে , তাৰ ভিতৰত উল্লেখযোগ্য ডঃ অঞ্জল বৰা, প্ৰবোধ বৰা, আজিজুল হক, নৱনাথ চহৰীয়া আদি । লিটিকাইৰ কাৰণে আমি যিটো অলগৰিথম ব্যৱহাৰ কৰিছোঁ সিয়ে প্ৰায় ষাঠি লাখলৈকে শব্দৰ বানান পৰীক্ষা কৰিব পাৰে । এই লিটিকাইক উন্নত কৰি সম্পূৰ্ণ কৰিবলৈ আৰু বহুকাম বাকী আছেগৈ । 

ফেচবুকত থকা আমাৰ গ্ৰুপটোত আমি কিবা এটা শব্দৰ আপডেট দিলেই খবৰ দিওঁ, তেতিয়া বহুত মানুহে আমাক প্ৰতি সঁহাৰি জনায় আৰু বহুতে ভুল শুদ্ধটো আমাক দেখুৱাই দিয়ে । ইয়াৰোপৰি বৰ্তমান আমি ব্যাকৰণৰ সৰু সৰু গঠন কিছুমান বিশ্লেষণ কৰি আছোঁ । অসমীয়াত থকা আমাৰ সম্বন্ধ কিছুমানকো আমি ইয়াত স্থান দিছোঁ , যেনে মোমাই, ভাগিন, খুৰা খুৰীকে আদি কৰি ননদ জেশাহুলৈকে অসমীয়াত যিমানবোৰ সম্বন্ধ আছে তাক স্থান দিয়া হৈছে । এনেকৈ আমাৰ বহুতবিলাক কাম কৰিবলৈ এতিয়াও বাকী আছে , কিন্তু আমি সকলোৱে এইবোৰ কাম সম্পূৰ্ণ কৰিবলৈ যতপৰোনাস্তি চেষ্টা চলাই আছোঁ ।

আৰু এটা বেলেগ কাম আমি ইতিমধ্যেই হাতত লৈছোঁ সেয়া হৈছে www.bigyan.org নামেৰে অসমীয়াত এখন সতাঁৰ বিজ্ঞান আলোচনী উলিওৱা । এইখন উলিওৱাৰো আমাৰ প্ৰধান উদ্দেশ্য হৈছে বিজ্ঞানৰ শব্দসমুহ অসমীয়া ভাষাত প্ৰচাৰ কৰা । ইয়াৰ ইতিমধ্যে কেইটামান সংখ্যা প্ৰকাশ হৈছে । শব্দৰ ক্ষেত্ৰত আমি মানুহৰপৰা বহুত ভাল সঁহাৰি পাইছো, সেইসূত্ৰে এই বিজ্ঞান আলোচনীখনতো আমি ভাল সঁহাৰি পাম বুলিয়েই আশা কৰিছোঁ । কিন্তু তথাপিও কিছুমানে আমাক এইবোৰ কাম কৰি কি লাভ হ’ব নতুবা এই কামবোৰত নিজৰ সময় কিয় নষ্ট কৰিছোঁ আদি মন্তব্যবোৰ নিদিয়া নহয়। 

বহুতক এনেকৈয়ো ভবা দেখো , অসমীয়া পঢ়ি কি লাভ হ’ব নতুবা অসমীয়াত কথা পাতি কি লাভ হ’ব নাইবা অসমীয়া জানি কি লাভ হ’ব ? দেশ বিদেশ, য’তে নাথাকিলেও আমি যদি নিজৰ ঘৰখনত এটা অসমীয়া পৰিৱেশ বজাই ৰাখোঁ, আমাৰ ল’ৰা ছোৱালীৰ লগত হোৱা কথা বতৰা অসমীয়াত হোৱাটোত গুৰুত্ব দিওঁ, তেন্তে অসমীয়া ভাষাই কোনো দিনাই সংকটৰ সন্মুখীন নহ’ব । অসমীয়া ভাষাটো আমাৰ প্ৰজন্মলৈকে ভালকৈয়ে আহিল । কিন্তু এই কথাবোৰ দেখিলে অসমীয়া ভাষাটো আমাৰ পাছৰ প্ৰজন্মত থাকিব নে নাথাকে মোৰ সন্দেহ হৈ যায় । তাক তেওঁলোকৰ মাজলৈ আগবঢ়াই আমিয়েই নিব লাগিব । 

প্ৰশ্ন : অসমীযা ভাষাকলৈ এতিয়া যি এটা জাগৰণ আহিছে তাক লৈ আপুনি আশাবাদী নে ? 

বিক্ৰম মজিন্দাৰ বৰুৱা : কোনোবা এজন মিচনেৰীয়ে কৈ থৈ গৈছিল যে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ বৈ থাকিব তেতিয়ালৈকে অসমীযা ভাষা থাকিবই । মই এই কথাষাৰে বিশ্বাস কৰোঁ । অসমীয়া ভাষাৰ প্ৰচলন এতিয়া হয়্তু অলপ কমি আহিছে , আগতে যেনেদৰে অৰুণাচল প্ৰদেশ, মেঘালয় আদি সকলোতে অসমীয়া ভাষাই প্ৰাধান্য পাইছিল, এতিয়া সি অলপ কোঁচ খাই আহিছে । অসমৰ ভিতৰতে ইয়াৰ প্ৰচলন অলপ কমি আহিছে । কিন্তু তথাপিও কওঁ অসমীয়া ভাষাৰ কোনোকালে মৰণ নহয় । এতিয়া আনকি ইন্টাৰনেটৰ যুগত অসমীয়া ভাষাক লৈ বেলেগ এটা জাগৰণৰ সৃষ্টি হৈছে । বাহিৰত বিশেষকৈ তাৰ যথেষ্ট প্ৰচাৰ হৈছে । সেই হিচাবে অসমীয়া ভাষাৰ অস্তিত্বকলৈ বৰ বেছি চিন্তা কৰিবলগীয়া একো নাই । শেষত কওঁ, ই এখন গৈ থকা চিটী বাছৰ নিচিনা । বাছখন যিদৰে গৈ থাকিব ভাষাটোৱো তেনেদৰে গৈ থাকিব । তাত কিছুমান মানুহ উঠিব ,কিছুমান নামিব । অসমীয়া ভাষালৈয়ো সময়ে সময়ে কিছুমান আহিব, কিছুমান আঁতৰি যাব । কোন থাকে আৰু কোন যাব সেয়াহে আচল কথা । যেনেদৰে বাছখনত কেতিয়াবা ভিৰো হ’ব পাৰে , কেতিয়াবা ভিৰ কমো হ’ব পাৰে । ভাষাটোৱো সময়ে সময়ে ব্যৱহাৰ কৰা আৰু প্ৰচাৰ কৰা মানুহ কমিবও পাৰে আৰু কেতিয়াবা বাঢ়িবও পাৰে । এতিয়া হয়্তু কিছুদিনৰ কাৰণে অসমীযা ভাষাত ভিৰ অলপ কমি গৈছে , তাক আমি বঢ়াব লাগিব । কিন্তু অসমীয়া ভাষা কোনোদিনাই শেষ হৈ নাযায় । ই এটা চিৰসত্য কথা !

লেখিকাৰ ঠিকনা: গণিত বিভাগ, আই আই টি বম্বে, মুম্বাই।
 মোবাইল নম্বৰ : 09619900469
লেখাটি পূ্ৰ্বতে সাদিন কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment