কেৰিয়াৰঃ তেল কোম্পানীৰ চাকৰিঃ ক'ত আৰু কেনেকৈ? :: ড° অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰঃ তেল কোম্পানীৰ চাকৰিঃ ক'ত আৰু কেনেকৈ? :: ড° অজয় লাল দত্ত

কেৰিয়াৰঃ তেল কোম্পানীৰ চাকৰিঃ ক'ত আৰু কেনেকৈ? :: ড° অজয় লাল দত্ত

Share This
JOBS IN OIL COMPANIES OIL ONGC IOCL তেল কোম্পানীৰ চাকৰি অইল অএনজিচি
তেল কোম্পানীৰ চাকৰিঃ ক'ত আৰু কেনেকৈ?
ড° অজয় লাল দত্ত
আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কেৰোচিন, পেট্ৰল, ডিজেল, ৰন্ধন গেচ আদিৰ উপৰিও মমবাতি, ভেচলিন, চাবোন, ৰাসায়নিক সাৰ আদি বিভিন্ন সামগ্ৰীও আচলতে তৈলজাত সামগ্ৰীহে। এই সামগ্ৰীবোৰৰ কেঁচা মাল আহৰণ কৰা হয় খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা। 

JOBS IN OIL COMPANIES OIL ONGC IOCL তেল কোম্পানীৰ চাকৰি অইল অএনজিচি
আকৌ এই খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সমূহ সৃষ্টি হয় মৃত জীৱ-জন্তু, গছ-গছনি আদি প্ৰাকৃতিক দুৰ্যোগত বহু যুগৰ আগতে মাটিৰ তলত পোত খাই থকাৰ পৰা, বা সাগৰৰ তলীত সামুদ্ৰিক জীৱ-বা-উদ্ভিদ আদি জমা হোৱাৰ পাছত তাৰ ওপৰত মাটি, বোকা, বালি সময়ৰ সতে জমা হোৱাৰ ফলত। এনেদৰে জমা হোৱা জীৱদেহ বা উদ্ভিদবোৰ যেতিয়া কেইবাশ বছৰৰ সময়ৰ সতে কেইবাশ মিটাৰ গভীৰতাত থাকে, তেতিয়া পৃথিৱীৰ অভ্যন্তৰৰ যি উত্তাপ তাৰ প্ৰভাৱত এটা সময়ত এইবোৰ উতিলবলৈ ধৰে। 

ওপৰত আকৌ চামনি পৰা মাটি বা শিলৰ তৰপে এইবোৰক ওলাই যাব নোৱাৰাকৈ ধৰি ৰাখে। তাৰ ফলতে যি ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেচৰ সৃষ্টি হয় তাক আচলতে ঢাকোন মাৰি থোৱা এটা বাচনত তলৰ পৰা জুই দি ৰন্ধা-বঢ়া কৰাৰ লগতহে তুলনা কৰিব পাৰি। মাটিৰ তলিত বা সমুদ্ৰৰ পানীৰ তলৰ মাটিৰ গভীৰতাত এনে প্ৰকৃতিৰ এই অনুপম ৰন্ধনৰ ফলেই আচলতে এই খাৰুৱা তেল আৰু প্ৰাকৃতিক গেচ, যাৰ অবিহনে আজি আমি আধুনিক যুগত এটা দিনো চলিব নোৱাৰোহক।

পৃথিৱীত এনে ধৰণৰ প্ৰকৃতিৰ দান স্বৰূপ তৈল-বা-গেচ ভাণ্ডাৰক আৱিস্কাৰ কৰি তাৰ উপাদন কৰাটো হল প্ৰথম কাম। তাৰ পাছতে, এইবোৰ ৰিফাইনেৰীত শোধন আৰু সংশ্লেষণৰ কৰি বিভিন্ন উপাদান আহৰণ কৰি তাৰ পৰা ব্যৱহাৰ যোগ্য সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কেঁচামাল আহৰণ কৰা হয়। তাৰ বাবে ভূ-গৰ্ভৰ পৰা এনে তৈল ভাণ্ডাৰ বিচাৰি উলিওৱা আৰু তাৰ পৰা তৈল-খাদ খানি তাক আহৰণ কৰাৰ বাবে গঠন কৰা কোম্পানীবোৰক অন্বেষণ আৰু উপাদন কোম্পানী বুলি অভিহিত কৰা হয়।

ভাৰতবৰ্ষত এনে ধৰণৰ দুটাই চৰকাৰী কোম্পানী আছে । সেয়া হ'ল অইল ইণ্ডিয়া লিমিটেড, যাৰ মুখ্য কাৰ্যালয় অসমৰে দুলীয়াজানত আৰু তেল আৰু প্ৰাকৃতিক গেচ নিগম(অ' এন জি চি)ৰ মুখ্য কাৰ্যালয় উত্তৰাখণ্ডৰ ডেৰাডুনত আছে। তাৰ বাহিৰেও ভাৰত চৰকাৰৰ নতুন অন্বেষণ আৰু উপাদন নীতিৰ আধাৰত বহুকেইটা ভাৰতীয় কোম্পানী আৰু বহু-দেশীয় কোম্পানীয়ে ভাৰতত অন্বেষণ আৰু উপাদনৰ কাম হাতত লৈছে। তাৰে ভিতৰত ৰিলায়েঞ্চ, ক্ৰেইন এনাৰ্জি, ব্ৰিটিছ গেছ, ব্ৰিটিছ পেট্ৰলিয়াম, কেনেৰু ৰিছৰ্ছেছ আদি অন্যতম।

এনে কোম্পানীত বিশেষকৈ ভূ-গৰ্ভত থকা তৈল বা গেচ ভাণ্ডাৰ আৱিস্কাৰ কৰাৰ বাবে ভূ-তত্ববিদৰ প্ৰয়োজন হয়। ভূ-গৰ্ভত থকা শিল বা মাটিৰ স্তৰ বা তাৰ গঠন, আকাৰ আদি নিৰূপনৰ বাবে শাব্দিক পদ্ধতি আদিৰ প্ৰয়োগৰ প্ৰয়োজন হয় আৰু তাৰ বাবে ভূ-পদাৰ্থবিদৰ প্ৰয়োজন হয়।
সাগৰৰ মাজত স্থাপন কৰা ড্ৰীলিং ৰিগ আৰু
তৈলখাদযুক্ত প্লেটফৰ্ম আৰু
চাপ্লাই জাহাজ

এনে বিশেষজ্ঞ হিচাবে নিজৰ কেৰিয়াৰ গঢ় দিবলৈ ভূ-তত্ব(Geology) আৰু ভূ-পদাৰ্থবিদ্যাক (Geo-physicist) বিষয় হিচাবে লৈ উচ্চ শিক্ষা লাভ কৰাৰ প্ৰয়োজন। ইয়াৰ লগতে বিশাল কম্পিউটাৰ চেণ্টাৰৰ সহায়ত ক্ষেত্ৰ -ভিত্তিক অধ্যয়নৰ তথ্য বিশ্লেষণ কৰাৰ প্ৰয়োজন হয় আৰু তাত কৰ্ম সংস্থান লাভৰ বাবে কম্পিউটাৰ আৰু প্ৰগ্ৰামিং বিষয়ত বিশেষজ্ঞৰ প্ৰয়োজন হয়।

ভূ-তত্ববিদে যেতিয়া কোনো এটা স্থানৰ নিৰ্দিষ্ট গভীৰতাত তেল বা গেচৰ ভাণ্ডাৰ থকাৰ সংকেত তথ্যৰ পৰা লাভ কৰে, তেতিয়াই তাত তৈল-খাদ খনা বা ড্ৰিলিঙ কৰাৰ প্ৰয়োজন হয়। এই ড্ৰিলিঙৰ কাম কৰাটোও এটা বিশাল উদ্যোগেই। ড্ৰিলিঙৰ কামতো বহু বিশেষজ্ঞৰ প্ৰয়োজন হয় আৰু দলগত সমন্বয়ৰ মাজেৰেহে এই কামটো সম্ভৱ হয়। ইয়াৰ বাবে ড্ৰিলিং ইঞ্জিনীয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ৰসায়ন বিভাগৰ বিশেষজ্ঞ আৰু ভূ-তত্ব বিদৰ প্ৰয়োজন হয়। ইয়াৰ লগতে ভূ-পদাৰ্থবিদেও তৈল খাদৰ ভিতৰত শিলাস্তৰবোৰ চিনাক্তকৰণৰ বাবে লগিং আহিলাৰ ব্যৱহাৰত হাত উজান দিব লগা হয়।

যেতিয়া খাদ এটা উপাদনৰ বাবে তৈয়াৰ হৈ উঠে, তেতিয়াৰ পৰাই উপাদন অভিযন্তাৰ কাম আৰম্ভ হয়। আৰু উপাদন অভিযন্তাই এই খাৰুৱা তেল, গেচ আৰু লগতে ওলোৱা পানীক মাটিৰ ওপৰত থকা সংগ্ৰহ ব্যৱস্থা বা সমুদ্ৰত উতপাদন মঞ্চলৈ সুৰক্ষিত ৰূপত বোৱাই নিয়াৰ কামৰ দ্বায়িত্ব লব লগা হয়। এই তেল, গেচ আৰু পানীৰ মিশ্ৰনৰ পৰা তিনিওটাৰে পৃথক কৰি শোধনাগাৰক বিক্ৰী কৰিব লগা ৰূপলৈ অনাৰ দ্বায়িত্ব এই সকলে লব লগা হয়।



সমুদ্ৰৰ মাজত স্থাপিত প্ৰডাকচন আৰু প্ৰচেছিং
কমপ্লেক্সৰ ফটো
এতিয়া আঁহো এই খাৰুৱা তেল আৰু গেচক শোধন কৰি প্ৰয়োজনীয় কেৰাচিন, পেট্ৰল, ডীজেল আদি উপাদন কৰা ক্ষেত্ৰ খনলৈ। শোধনাগাৰত বিশেষকৈ কেমিকেল ইঞ্জিনীয়াৰৰ ভূমিকা প্ৰধান। পিছে শোধনাগাৰটোৰ বিভিন্ন যন্ত্ৰ, বৈদ্যুতিক আহিলা, নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে ইয়াত মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেচন আদি বিষয়ৰো বিশেষজ্ঞৰ প্ৰয়োজন হয়। শোধনাগাৰ তথা তৈল ক্ষেত্ৰৰ সুৰক্ষাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ সদা প্ৰয়োজন আৰু তাৰ বাবে অগ্নি নিৰ্বাপনৰ স্নাতক তথা ডিপ্লমা থকা সকলৰ বাবে যথেষ্ট নিয়োগৰ সুবিধা আছে। 

তেল শোধন আৰু বিক্ৰী কৰা চৰকাৰী কোম্পানীবোৰ হল ভাৰতীয় তেল নিগম, হিন্দুস্তান পেট্ৰলিয়াম, ভাৰত পেট্ৰলিয়াম, নুমলীগড় ৰিফাইনেৰী লিমিটেড আদি। তাৰোপৰি ভাৰতত ৰিলায়েঞ্চ, এছাৰ অইল আদিৰো বৃহত শোধনাগাৰ আছে। প্ৰাকৃতিক গেচৰ বিভিন্ন উপাদান আহৰণৰ কৰি বিক্ৰী কৰাৰ বাবে সৰ্বভাৰতীয় ৰূপত গেচ অথৰিটী অৱ ইণ্ডিয়া(গেইল), মহানগৰ গেচ লিমিটেড আদি, ৰাজ্যস্তৰত নামৰূপত সাৰ কাৰখানা, আসাম গেচ কোম্পানী আৰু শেহতীয়াকৈ অসমতো ব্ৰহ্মপুত্ৰ পলিক্ৰেকাৰৰ দৰে গেচ ক্ৰেকাৰ প্ৰকল্প হাতত লোৱা উদ্যোগিক কোম্পানী স্থাপিত হৈছে।

তেল শোধনাগাৰৰ দৃশ্য
এতিয়া আহোঁ এইবোৰত নিয়োগৰ সুবিধাৰ কথালৈ। তাৰ বাবে কেইবাতৰপীয়া নিয়োগৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিব লাগিব। কাৰিকৰী বিশেষজ্ঞ ৰূপে নিয়োজিত হবৰ বাবে ইঞ্জিনীয়াৰিঙ বা বিভিন্ন বিজ্ঞান বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ আৱশ্যক হয়। এই সমূহ নিযুক্তি সাধাৰণতে সৰ্ব-ভাৰতীয় লিখিত পৰীক্ষা আৰু তাৰ পাছত হোৱা সাক্ষাতকাৰৰ ভিত্তিত হয়। আজিকালি বহুকেইটা চৰকাৰী কোম্পানীয়ে গেট(গ্ৰেজুৱেট এপটিটিউড টেষ্ট) পৰীক্ষাৰ নম্বৰৰ ভিত্তিতো পোনে পোনে সাক্ষাতকাৰলৈ মতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

বহু কোম্পানীয়ে নিজৰ প্ৰয়োজন অনুসৰি কলেজে, বিশ্ববিদ্যালয়ে গৈও সাক্ষাকাৰ গ্ৰহণ কৰে আৰু এনে কেম্পাছ ইণ্টাৰভিউৰ সুবিধা থকা শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈকে ছাত্ৰ ছাত্ৰী সকলে চেষ্টা কৰিব লাগে। আৰু এনে নিযুক্তিৰ বিজ্ঞাপন এমপ্লইমেণ্ট নিউজ, কোম্পানীৰ ৱেব চাইট আৰু আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশিত হয়। আজিকালি চাকৰিৰ খবৰ দিয়া বেবচাইট চাকৰি.অৰ্গ (www.sakori.org) আদিতো প্ৰায়বোৰ বিজ্ঞাপন ধাৰাবাহিক ভাৱে পোৱা যায়।

মাত্ৰ কাৰিকৰী বিশেষজ্ঞৰে উদ্যোগ নচলে, সেয়ে ৰাজ্যিক ভিত্তিত পৰীক্ষা পাতি অভিযান্ত্ৰিক ডিপ্লমা থকা সকল আৰু কিছু বিজ্ঞান বিষয়ৰ স্নাতক সকলক সামৰি মধ্যমীয়া বৰ্গৰ নিয়োগৰ সুযোগ এই কোম্পানীবোৰে প্ৰদান কৰে। ইয়াৰ বিজ্ঞাপন সমূহ ৰাজ্যিক বাতৰি কাকত আৰু ৱেব চাইট যোগে পাব পাৰি।

আৰু কৰ্মপটু শ্ৰমজীৱি বনুৱা অবিহনেও কোনো উদ্যোগ চলিব নোৱাৰে। সেয়ে কৰ্মদক্ষ আৰু হস্তবিদ্যাৰে অভিজ্ঞ বহু বেছি লোকৰ প্ৰয়োজন তৈল ক্ষেত্ৰত প্ৰয়োজন হয়। ইয়াৰ বাবে স্থানীয় উদ্যোগিক প্ৰতিস্থান (আই.টি.আই)ৰ পৰা বিভিন্ন ট্ৰেডত পাছ কৰা সকলক আগস্থান দিয়া হয়। আৰু এই নিয়োগৰ বাচনি স্থানীয় বা অঞ্চল ভিত্তিক সাধাৰণতে কৰা হয় আৰু সেই ঠাইৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীকৃত সকলক প্ৰথম সুযোগ প্ৰদান কৰে। ইয়াৰ বিজ্ঞাপন সমূহ কোম্পানীৰ স্থানীয় কাৰ্যালয়, নিয়োগ বিনিময় কেন্দ্ৰ আদি যোগে সাধাৰণতে প্ৰচাৰ কৰা হয়। স্থানীয় সংবাদ মাধ্যম তথা চাকৰি সংক্ৰান্তীয় ৱেব চাইট সমূহেও সংগ্ৰহ কৰি এনে খবৰ প্ৰচাৰ কৰে।

কাৰিকৰী শিক্ষা নাই বাবেই যে তৈল ক্ষেত্ৰৰ কোম্পানীত চাকৰি নাপাব, তেনে কোনো কথা নাই। তৈলজাত সম্পদ উতপাদন বা শোধন বা বিক্ৰেতা কোম্পানীবোৰৰ কাৰ্যালয় তথা ব্যৱসায়িক দিশৰ ব্যৱস্থাপনাৰ বাবে অৰ্থনীতি তথা ব্যৱ্স্থাপনাৰ উচ্চ শিক্ষিত, মানৱ সম্পদ ব্যৱস্থাপনাৰ বাবে সেই বিষয়ৰ মেনেজমেণ্টৰ উচ্চ শিক্ষিত বা সাধাৰণ স্নাতকৰ বাবেও পদ থাকে। আইনজ্ঞৰো নিয়োগৰ ব্যৱস্থা আছে। আনকি ৰাষ্ট্ৰীয় ভাষা প্ৰয়োগৰ বাবে হিন্দী শিক্ষাৰ উচ্চ শিক্ষিতৰ বাবেও পদৰ ব্যৱস্থা আছে। শাৰিৰীক ভাৱে অক্ষম লোক সকলৰ বাবেই চৰকাৰী নীতি অনুসৰি কাৰ্যালয়ৰ লঘু কামৰ চাকৰিৰ ব্যৱস্থা আছে। কিন্তু কাৰিকৰী ক্ষেত্ৰ বাবে এনেবোৰ চাকৰিৰ সংখ্যা তুলনামূলক ভাৱে কম।

এইখিনি হ'ল সাধাৰণ ভাৱে চৰকাৰী কোম্পানী কেইটিত স্থায়ী পদত নিয়োগৰ সম্ভাৱনাৰ কথা। এইবোৰ পদৰ উপৰিও অস্থায়ী পদত কোম্পানীৰ চাকৰিয়াল ৰূপে আৰু মানৱ সম্পদ যোগান ধৰা আন কোম্পানীত ঠিকা ভিত্তিক পদতো বহু সংখ্যক লোকক নিয়োগ কৰা হয়। বিভিন্ন প্ৰকল্পৰ নিৰ্মাণৰ বাবে সুদক্ষ কৰ্মীৰ প্ৰয়োজন এইদৰে পূৰণ কৰে।

বেচৰকাৰী কোম্পানী সমূহত কোম্পানীৰ পোনে পোনে কৰ্মচাৰীৰূপে মাত্ৰ ওপৰৰ মেনেজমেণ্ট আৰু কাৰিকৰী বিশেষজ্ঞ সকলকহে ঘাইকৈ নিয়োগ কৰে। বাকী মানৱ সম্পদৰ বাবে কৰ্ম-পটু মানৱ সম্পদ যোগান ধৰা কোম্পানীৰ ওপৰতে এই সকল কোম্পানীয়ে ভৰসা কৰা দেখা যায়।
পেট্ৰ'লজাত সামগ্ৰীৰে তৈয়াৰী বিভিন্ন সা-সামগ্ৰী

আৰৱ আৰু পশ্চিমীয়া দেশৰ তৈল কোম্পানীবোৰত চাকৰি কৰিলে সেই দেশৰ মুদ্ৰাৰ মূল্য ভাৰতীয় টকাৰ বিপৰীতে কেইবাগুণো হোৱা বাবে ভাৰতীয় হিচাবত বহু টকা উপাৰ্জন কৰিব পাৰি। তাত চাকৰি কৰিবলৈ যাবলৈ প্ৰথমে ভাৰতত যি কোনো তেল কোম্পানীৰ প্ৰকল্পত কাম কৰাৰ অভিজ্ঞতা থকাৰ প্ৰয়োজন হয়। জি জি ঘীৱালাৰ দৰে বৃহত আম্তৰ্জাতিক মানৱ সম্পদ সৰবৰাহ কৰা কোম্পানী যোগে আৰু ৰাষ্ট্ৰীয় কাকতত এইবোৰৰ বিজ্ঞাপনৰ সূত্ৰ ধৰি এনে সুবিধা লাভ কৰিব পাৰি। বিশেষজ্ঞ পদৰ বাবে বিদেশী কোম্পানীবোৰে পোনে পোনে নিজৰ ৱেব চাইট যোগে নিযুক্তিৰ ব্যৱস্থা কৰে। পিছে এইদৰে বিদেশলৈ কাম কৰিবলৈ যোৱাৰ আগতে সেই দেশত কাম কৰি থকা যি কোনো চিনাকি আৰু ভৰসা কৰিব পৰা মানুহৰ সতে বিপদ-আপদ-সম্পদ আদিৰ সকলো দিশ খৰচি মাৰি জানি লব লাগে। আজিকালি বিদেশত থকা অসমীয়া সকলৰ সংগঠন অসম সমাজ, ডুবাই, কাটাৰ আদিৰ সতেও যোগাযোগ কৰি এই বিষয়ে দিহা লব পাৰি। এনে কৰিলে ভিচা, নিযুক্তি আদি বিষয়ত বহুতে খোৱাৰ দৰে ঠগৰ সন্মুখীন হব পাৰি। পৃথিৱীৰ বিভিন্ন দেশত থকা অসমীয়া সকলৰ সংগঠনৰ ঠিকনা ইণ্টাৰনেটত প্ৰকাশিত অসমীয়াৰ সুখ-দুখ (www.xukhdukh.com) ত উপলব্ধ আৰু এই কাকতলৈ প্ৰশ্ন প্ৰেৰণ কৰিও এই বিষয়ে আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে দিহা পাব পাৰে।
শিশু-কিশোৰৰ আলোচনী "আকাংক্ষা"তো
লেখাটি প্ৰকাশিত হৈছে।

সেয়ে যি কোনো ধৰণৰ শিক্ষাই নলওক কিয়, সেই শিক্ষা ভালকৈ লব লাগে। পুথিগত শিক্ষা লোৱাৰ লগে লগে চাকৰি কেনেকৈ পাব পাৰি, কি কি গুণৰ বাবে সহপাঠী সকলতকৈ আপোনাক কিয় নিৰ্বাচিত কৰিব সেয়া চিন্তা কৰিব লাগে, নিজৰ দক্ষতাক সঠিক মঞ্চত কেনেকৈ উপস্থাপন কৰিব তাৰ কলাও আহৰণ কৰাটো চাকৰি পোৱাৰ বাবে অতি প্ৰয়োজনীয় কথা।

তৈল ক্ষেত্ৰৰ কোম্পানীত চাকৰি কৰিবলৈ মন থাকিলে, সেই ক্ষেত্ৰত দেশৰ ভিতৰত বা বাহিৰত চাকৰি কৰা জ্যেষ্ঠ জনৰ সৈতে আলোচনা কৰি ক্ষেত্ৰখনৰ চাকৰিৰ সুবিধা-অসুবিধা-পাৰিপাশ্চিকতা-বিপদ আদি সকলো দিশৰ কথা জানি, সুধি লোৱাটো অতীৱ প্ৰয়োজন। যি কোনো বিশেষ বিষয়ৰ অধ্যয়নৰ বাবে বা কোনো ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনীয়তাৰ কথা জানিবলৈ অসমীয়া বিশেষজ্ঞ সকলৰ মঞ্চ সমিধান.অৰ্গ ৱেব চাইট (www.xomidhan.org) যোগে প্ৰশ্ন কৰিব পাৰে।

মানুহৰ সাধাৰণ ধাৰণা মতে তৈল ক্ষেত্ৰৰ চাকৰিৰ দা-দৰমহা আৰু সা-সুবিধা বহুত। সেয়ে বহু লোকেই এই ক্ষেত্ৰত নিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কিন্তু এই ক্ষেত্ৰত কাম কৰিবলৈ নিজে কৰ্মদক্ষ আৰু জ্ঞানসমৃদ্ধ হোৱাৰ উপৰিও অতি দৈহিক কষ্ট সহ্য কৰা, দিন-ৰাতি এক কৰি কাম কৰা তথা বিপদজনক পৰিবেশতো কাম কৰিবলৈ মানসিক ভাৱে সাজু থকাটো এটা এৰাব নোৱাৰা প্ৰয়োজনীয়তা, সেই কথাও মনত ৰাখিব লাগিব।
লেখকৰ টোকাঃ
এই লেখাটি শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰকাশিত আলোচনী "আকাংক্ষা"ৰ পাতত সংখ্যা এপ্ৰিল-মে'২০১৪ত পূৰ্বে প্ৰকাশিত হৈছে। ইয়াত এই ক্ষেত্ৰৰ প্ৰাথমিক আভাস দিবলৈ চেষ্টা কৰা হৈছে। তৈল-ক্ষেত্ৰৰ চাকৰিক লৈ সবিশেষ লেখা পৰবৰ্তী পৰ্যায়ত স্নাতক, স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে সুবিধা হোৱাকৈ লিখি প্ৰকাশ কৰা হব।-লেখক
                       

2 comments: