Sunday, July 5, 2015

পলকতে সুখ-দুখৰ বতৰা

আজিৰ ভাল খবৰবোৰ
১. কালি ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিলে অন্যভাৱে সক্ষম ইৰা সিংঘালে। প্ৰথম চাৰিওটা স্থানেই দেশৰ জীয়ৰী সকলে দখল কৰাৰো সুখবৰ। অসমৰ পৰা ১৬গৰাকীয়ে সফলতা লাভ কৰি গঢ়িলে অন্য এক অভিলেখ। অসমৰ অনন্যা দাসে দেশৰ ভিতৰতে ষষ্ঠদশ স্থান দখল কৰাৰো সুখৰ খবৰ।

২. অসম আৰক্ষীৰ (সশস্ত্ৰ শাখা)ৰ কনিষ্টবল নিযুক্তিৰ ফলাফল অহা ১০জুলাইত ঘোষণা কৰা হব। যোগ্যতাৰ ভিত্তিতহে কেৱল এই নিৰ্বাচন হব বুলি অসমৰ গৃহ বিভাগে ৰাজহুৱা জাননী জাৰি কৰি কাৰোবাক ইয়াৰ বাবে ধন দিছিল যদিও ঘূৰাই লবলৈ আহ্বান জনাই জাননী জাৰি কৰিছে। এনেদৰে চাকৰিৰ প্ৰলোভন দি ধন দাবী কৰা সকলৰ সন্ধান ০৩৬১-২৪৬২২৯৫ নম্বৰত অসম পুলিচক দি ধৰাই দিবলৈকো আহ্বান জনাইছে।

৩. ভাৰতীয় ষ্টেট বেংকে যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰলৈ এখন এম্বুলেঞ্চ প্ৰদান কৰিচে। সামাজিক দায়বদ্ধতা পুঁজিৰ পৰা এই এম্বুলেঞ্চখন দৰিদ্ৰ আৰু পিছপৰা অঞ্চলৰ ৰাইজৰ সেৱাত উচৰ্গা কৰি আনুষ্ঠানিকভাৱে প্ৰদান কৰে বেংকটোৰ মহা প্ৰৱন্ঝক পান্নালাল দাসে।

৪. অসমতো আৰম্ভ হৈছে ডিজিটেল ইণ্ডিয়া সপ্তাহ। এই উপলক্ষত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এটি ৰাজহুৱা সহায়ক কেন্দ্ৰ কালি মুকলি কৰে উপায়ুক্ত মনালিচা গোস্বামীয়ে। এই কেন্দ্ৰৰ পৰাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতি-জনজাতিৰ প্ৰমাণ পত্ৰ, জন্ম-মৃত্যুৰ পঞ্জীয়ন আদি কৰাৰ সুবিধা লাভ কৰিব বুলিও জানিব পৰা গৈছে।

৫. কোকৰাঝাৰত বীৰুবালা ৰাভাক কোকৰাঝাৰত কালি প্ৰদান কৰা হয় উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সেনানী সন্মান। উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে আগবঢ়োৱা এই বঁটা প্ৰদান কৰে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ইউ.জি. ব্ৰহ্মই।

৬. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় মনালিছা শইকীয়াৰ নতুন উপন্যাস “শংখনিনাদ”। কুৰি শতিকাৰ শেষৰ দুটা দশকৰ অশান্ত অসমৰ ভেটিত ৰচিত এই উপন্যাসখন প্ৰকাশ কৰিছে বনলতাই। গ্ৰন্থখনৰ উন্মোচনীত অংশ লয় চিন্তাবিদ ডঃ হীৰেন গোহাঁই, অনুৰাধা শৰ্মা পূজাৰী, হিমজ্যোতি তালুকদাৰকে ধৰি সুধীজনে।

৭. অহা ২-৩মাহৰ ভিতৰতে লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ৯৯.৮শতাংশ সম্পূৰ্ণ হোৱা বুলিও সুখবৰ প্ৰকাশ কৰিছে প্ৰকল্পটোৰ পৰিচালন সঞ্চালক প্ৰভূ নাথ প্ৰসাদে।

৮. বাঁহৰ পৰা ইথানল প্ৰস্তুতকৰণ কৰিব পৰা দেশৰ প্ৰথমটো প্ৰকল্প নুমলীগড় তেল শোধনাগাৰত স্থাপন কৰা হব। এই প্ৰকল্পৰ বাবে দহ হাজাৰ কোটি টকা ব্যয় বিনিয়োগ কৰা হব আৰু ফিনলেণ্ডৰ চেমপলিচ নামৰ কোম্পানীৰ বাবে এই বিষয়ত চুক্তি সাক্ষৰিত হোৱা বুলিও শোধনাগাৰৰ পৰিচালন সঞ্চালক পি পদ্মনাভনে প্ৰকাশ কৰিছে। শোধনাগাৰটোৰ শোধন ক্ষমতা ৯এমএমটি বৃদ্ধি কৰিবলৈকো ২০হাজাৰ কোটিৰ বিনিয়োগ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. উত্তৰ-পূৱৰ অন্যতম ফটোগ্ৰাফী শিক্ষা প্ৰতিষ্ঠান “ইউ বি ফটোজ ইনষ্টিটিউট অৱ ফটোগ্ৰাফী”য়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰে এখন ফটোগ্ৰাফী কৰ্মশালা অহা ১৫জুলাইৰ পৰা আয়োজন কৰিছে। ইয়াত অংশ লোৱাৰ বাবে ৯০৮৫০৯৮৬০৩ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

১০. গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ সহযোগত এটা গ’ল্ড বেংক স্থাপন কৰাৰ বাবে প্ৰস্তুতি চলা বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে কলকতাৰ এম.এম.টি.চি সংস্থাই আলোচনাত বহিছে। এই আলোচনাত নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

প্ৰেৰণাময় ব্যতিক্ৰম

ইৰা সিংঘলঃ প্ৰতিবন্ধকতা নেওচি দেশৰ শীৰ্ষস্থান লভা নাৰীগৰাকী
দেশৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কালি ঘোষিত ফলাফলত সফল হোৱা সকলৰ বাতৰিয়ে দেশৰ ভিন্ন প্ৰান্তত শিক্ষাৰ্থী সকলৰ মাজতো উৎসাহৰ ঢলৰ সৃষ্টি কৰিছে। তাৰ মাজতে, দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰা ইৰা সিংঘলৰ জীৱন গাঁথাই প্ৰেৰণাময় ব্যতিক্ৰম ৰূপে চৰ্চা লাভ কৰিছে। দিল্লীৰ যুৱতী ইৰাই জীৱনৰ শাৰিৰীক প্ৰতিবন্ধকতাতো জিনি দেশৰ ভিতৰতে ৰাষ্ট্ৰৰ আটাইতকৈ কঠিন পৰীক্ষা ৰূপে পৰিচিত প্ৰতিযোগিতাত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিলে। এয়া সঁচাই সকলোৰে জীৱনৰ বাবেই প্ৰেৰণাদায়ক নহয়নে?

৩১বছৰীয়া ইৰা সিংঘলে এইবাৰ চতুৰ্থ বাৰৰ বাবে এই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ দেশৰ ভিতৰতে অসামৰিক সেৱাৰ পৰীক্ষাৰ সেৱাত জেনেৰেল কেটেগেৰীত শীৰ্ষস্থান লাভ কৰা অন্যভাৱে সক্ষম মহিলা ৰূপে পৰিগণিত হৈছে। তেওঁ বিগত ২০১০ চনতো এই পৰীক্ষাত সফলতা লাভ কৰিছিল, কিন্তু তেওঁক শাৰিৰীক প্ৰতিবন্ধকতাৰ কথা দোহাই দি কোনো পোষ্টিং দিয়া হোৱা নাছিল। তেওঁ মেৰুদণ্ডৰ সৈতে জড়িত অস্থিৰোগ (Scoliosis)ত আক্ৰান্ত আৰু তাৰ বাবে হাতৰ বাহু লৰচৰ কৰাত বিশেষকৈ অসুবিধা। এই অসুবিধাৰ কথা দোহাই দি তেওঁক পোষ্টিঙৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ সৈতে আইনী যুদ্ধত নামিব লগা হয়, আৰু তাত বিজয়ী হৈ অৱশেষত ২০১৪চনৰ ডিচেম্বৰ মাহত পোষ্টিং পাবলৈ সক্ষম হয়।

এই সফলতাত উফুল্লিত হৈ ইৰা সিংঘলে, এয়া তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতিশয় সুখৰ মুহূৰ্ত বুলি প্ৰকাশ কৰিছে। লগতে এই সফলতাৰ বাবে সমাজে নাৰী সকলক অধিক সন্মান দিবলৈ আৰম্ভ কৰিব আৰু বিশেষকৈ অন্যভাৱে সক্ষম নাৰীক অধিক সন্মানজনক দৃষ্টিৰে চাব বুলিও আশা প্ৰকাশ কৰিছে। প্ৰথম বাৰত পোষ্টিং নোপোৱাৰ ঘটনাতো হতাশ নহৈ তেওঁ অধিক প্ৰত্যাহ্বানমূলক মনোভাৱেৰে তাৰ পাছতো দুবাৰকৈ এই পৰীক্ষাত বহে আৰু নিজৰ ৰেংক উন্নীত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হয়। ঘঁহি থাকিলে শিলো ক্ষয় যায়, এই মনোভাৱেৰে নিজৰ অধ্যৱসায় আৰু চেষ্টাৰ ফলত ইৰাই দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি এক অনন্য অভিলেখৰ সৃষ্টি কৰিবলৈ সক্ষয় হয়।

বৰ্তমান ভাৰতীয় ৰাজহ সেৱাৰ শুল্ক আৰু আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত ৰূপে দিল্লীত নিযুক্ত হৈ থকা ইৰাই এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাৰ আশা পোষণ কৰিছে। ইৰাই দিল্লীৰ নেতাজী সুভাষ ইনষ্টিটিউট অৱ টেকনলজি (NSI)ৰ পৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লোৱাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ মেনেজমেণ্ট ষ্টাডিজ(FMS)ৰ পৰা ব্যৱস্থাপনাৰ স্নাতকোত্তৰ এম.বি.এ ডিগ্ৰীও আহৰণ কৰিছিল। তেওঁ স্পেনিছ ভাষাৰ শিক্ষয়িত্ৰী হিচাবেও এবছৰ কাম কৰিছিল। কেডবেৰী কোম্পানীত মেনেজাৰ ৰূপে আৰু কোকো-কোলা কোম্পানীত মাৰ্কেটিং ইণ্টাৰ্ন ৰূপেও কাম কৰাৰ অভিজ্ঞতা থকা ইৰাই নিজৰ সাধনাৰে অৱশেষত সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিলে। ইৰা তথা পৰিয়াললৈ এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

অসমতো অন্যভাৱে সক্ষম শিশু সকলৰ বাবে তথা দুৰাৰোগ্য ৰোগে প্ৰত্যাহ্বান জনোৱা সকলৰ কল্যাণৰ অৰ্থে কৰুণাধাৰাই এক আন্দোলনৰ ৰূপ লৈছে। ইৰাৰ এই সফলতাৰ শীৰ্ষ আৰোহণৰ এই যাত্ৰাই, এই সকল শিশু তথা অভিভাৱকৰ বাবেও হব পাৰে প্ৰেৰণাময়। জীৱনে আনি দিয়া প্ৰত্যাহ্বানকো হেলাৰঙে জিনি আত্ম-প্ৰতিষ্ঠাৰ এই সংঘাতময় এই কাহিনী হব পাৰে সাময়িক হতাশাৰ সন্মুখীন হোৱা বহুতো নৱ-প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ উজ্বল নক্ষত্ৰ।

(সমলসূত্ৰঃ ইণ্টাৰনেট)

মুকলি চিন্তা

পৰীক্ষাৰ মূল্যাংকন পদ্ধতিৰ পৰ্যালোচনা কৰক
লীলাকান্ত পায়েং
আমি সদায়ে শুনিবলৈ পোৱা কথা এষাৰ যে আমাৰ স্কুল-কলেজৰ চাৰ-বাইদেউ সকল নম্বৰ দিবলৈ টান পায়, যেন নিজৰ পকেটৰ পৰা উলিয়াইহে নম্বৰ দিছে। কথাটো ইমানো মিছা নহয়। দশম, দ্বাদশ বা স্নাতক সমাপ্ত কৰি বহুত ছাত্র-ছাত্রীয়ে বাহিৰৰ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানবোৰত পঢ়াৰ সপোন দেখে, কিন্তু আমাৰ অসমৰ পৰীক্ষাৰ মূল্যাংকন পদ্বতিয়ে কিছু হলেও বাধা বিঘনি সৃষ্টি কৰি অহা বুলি ৰাইজে প্ৰত্যক্ষ কৰিছে।

এইয়া নতুন অভিযোগ নহয়। অসমত সুখ্যাতিৰে আনকি শীৰ্ষ স্থান লাভ কৰি পাছ কৰাৰ পাছতো অসমৰ বাহিৰত পঢ়াৰ সুযোগ আমাৰ লৰা-ছোৱালীয়ে নোপোৱাৰ অভিযোগে এইবাৰে সংবাদ শিৰোনামা লাভ কৰিছে। দিল্লীৰ আগশাৰীৰ কলেজৰ কাট-অফ মাৰ্কলৈ চাই বহুতেই হুমুনিয়াহ কাঢ়িব লগা বুলিও বাতৰি কাকতত প্ৰকাশ পাইছে।

ছাত্র-ছাত্রীৰ প্ৰতিটো পৰীক্ষাৰ ফলাফলে তেওঁলোকৰ ভবিষ্যতে শৈক্ষিক কেৰিয়াৰ গঢ়াত বহুতখিনি ভূমিকা লয়। অসমত টেটৰ চাকৰিৰ ক্ষেত্রতো ইয়াৰ গুৰুত্ব দিয়াতো অতিশয় ইতিবাচক কতা হৈছে। তাৰ বাহিৰেও উচ্চ শিক্ষাৰ ক্ষেত্ৰত চীট পাবৰ বাবেই নম্বৰৰ শতাংশৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

অসমৰ ল'ৰা-ছোৱালীক অলপ নম্বৰ বেছি দিলে বহুত মহামান্য শিক্ষক-অধ্যাপক সকলে ভাবি লয় যে তেওঁলোক প্রয়োজনতকৈ বেছি নম্বৰ দিছে! এই কথা হাইস্কুলৰ পৰা স্নাতকোত্তৰ পৰ্যন্তই প্ৰযোজ্য। কিন্তু যেতিয়া অসমৰ বাহিৰলৈ পঢ়িবলৈ যোৱা যায়, তেতিয়া আচলতে তেওঁলোকে এই মানসিকতাৰে কৰা মূল্যাংকনে বহুত বেছি প্ৰভাৱিত কৰে শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত। সর্বভাৰতীয় তুলনাত অসমৰ ছাত্র-ছাত্রীক প্ৰাদেশিক শিক্ষাবৰ্ডত কম নম্বৰ দিয়াটোৱেই যেন স্বাভাৱিক পৰম্পৰা। এই মানসিকতাৰ পৰা আনকি কাৰিকৰী বা পেশাদাৰী শিক্ষা প্ৰতিষ্ঠান সমূহৰ শিক্ষক সমাজো যেন মুক্ত নহয়। হলেও তেনে সংখঅয়া তেনেই নগন্য। ইয়াৰ ফলত দেশৰ শীর্ষস্থানীয় শিক্ষানুষ্ঠানসমূহত অসমৰ লৰা-ছোৱালীয়ে নাম ভর্তিৰ সুযোগ নেপায়। তেনেই দাৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা জনসংখ্যা অসমত বহু বেছি। গতিকে বহুতৰ দৰে সকলো ল'ৰা-ছোৱালীৰ আর্থিক অৱস্থা ইমানো ভাল নহয় যে বৃহৎ অংকৰ ধন দি ব্যাক্তিগত প্রতিস্থানবোৰত নাম ভর্তি কৰিব।

কিন্ত আজিৰ যুগত আন ৰাজ্যৰ তুলনাত ফেৰ মাৰিব পৰাকৈ আমাৰ পৰীক্ষাৰ মুল্যাংকন পদ্বতিৰ পৰিৱর্তনৰ প্রয়োজনীয়তা আছে, ইয়াৰ বাবে শিক্ষক সংস্থাবোৰে আৰু শিক্ষা বিভাগে বিষয়টোৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। যদিও আমি পঢ়ি অহা সময়তকৈ আজিকালি নম্বৰ বেছিকৈ পোৱা পৰিলক্ষিত হৈছে, তথাপি যদিও যিটো হাৰত ইয়াৰ সা-সলনি হোৱা উচিত আছিল এয়া হোৱা নাই।

অতি আচৰিত হলেও সত্য যে চিবিএচই(CBSE)অন্তর্গত উত্তীর্ণ হোৱা ছাত্র-ছাত্রীয়ে পোৱা নম্বৰৰ শতাংশ চেবা(SEBA)ৰ মেট্রিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ছাত্র-ছাত্রীৰ পোৱা নম্বৰৰ শতাংশ তুলনামূলক ভাৱে অতি বেছি। এইবাৰ অৱশ্যে শীৰ্ষস্থান প্ৰাপ্ত সকলে প্ৰায় পাঁচ শতাংশৰ ভিতৰতে এই উচ্চ সীমাৰ মাজত পাৰ্থক্য আনিছে, তথাপি এই পাঁচ শতাংশৰ পাৰ্থক্যই দেশৰ শীৰ্ষতম কলেজত নাম লগোৱাৰ ক্ষেত্ৰতো প্ৰাচীৰ হৈ ঠিয় দিছে। বাকী মধ্যমীয়া বা নিম্ন মেধাৰ বুলি বিবেচনা কৰা সকলৰ কথা নকলোৱেই যেনিবা!

অকল দশম বা দ্বাদশ পৰীক্ষা বুলিয়েই নহয়, যি সকল লটৰা-ছোৱালীয়ে স্নাতক সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ পঢ়িবলৈ যায়, তেওঁলোকৰ ক্ষেত্রতো একেটা কথাই যেন প্ৰযোজ্য হৈছে। যিসকল কলেজ বা বিশ্ববিদ্যালয়ত অভ্যন্তৰীণ ভাৱে (INTERNAL)পৰীক্ষাৰ মূল্যাংকন পদ্বতিৰ ব্যৱস্থা আছে তাতে কিছুমানে অনুসুচিত-জাতি বা জনজাতিৰ শিক্ষাৰ্থীক বেছি নম্বৰ দিবলৈ টান পায় বুলিও অভিযোগ উঠে। কিয়নো তেওঁলোকৰ বাবে আৰক্ষণ পদ্ধতি আছেই বুলি এটি মানসিকতাই শিক্ষক সমাজৰ মন ক্ৰীড়া কৰি থাকে। গতিকে কম নম্বৰ হলেও চিন্তা নাই বুলিয়ে হৃদয়খুলি যেন তেওঁলোকে বাকী সকল শিক্ষাৰ্থীৰ সতে একে হাৰত নম্বৰ দিব নোৱাৰে। কিন্তু আৰক্ষণ পদ্ধতি আছে বুলিয়েই কম নম্বৰ দিয়াটো কোনোপধ্যেই যুক্তিসংগত কথা হব নোৱাৰে। এই মানসিকতাৰ সমস্যাৰটোৰ সমাধানৰ কি উপায় আছে, সেয়াও সচেতন সমাজেই চিন্তা কৰিব লাগিব।

মই নিজেও ব্যাক্তিগত ভাৱে এনে সমস্যাৰ মুখামুখি হব লগীয়া হৈছিল যেতিয়া মই চাৰি বছৰীয়া মীন বিজ্ঞানৰ স্নাতক সমাপ্ত কৰি সর্বভাৰতীয় প্ৰৱেশ পৰীক্ষা এটাত উত্তীর্ণ হৈ যেতিয়া নামভর্তিৰ বাবে দিল্লীলৈ গৈছিলো। তেতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ ল'ৰা-ছোৱালীক লগ পাইছিলো। তেওঁলোকৰ নম্বৰৰ তুলনাত মোৰ নম্বৰৰ পৰিমান অতি বেয়া যেনেই আছিল। আনকি তাকে দেখি, বেলেগ ৰাজ্যৰ দুই-এজন ছাত্র-ছাত্রীয়ে আমাৰ পৰীক্ষাৰ মুল্যাংকন পদ্ধতিৰ বিষয়েও জানিবলৈ বিচাৰিছিল। তেতিয়া অলপ বেয়া আৰু লাজো লাগিছিল।

অসমৰ সুধী সমাজে বিষয়টো আলোচনা কৰি হাইস্কুলৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত পৰীক্ষাৰ মূল্যাংকনৰ বিষয়টোত পদক্ষেপ লওক। যাতে ভৱিষ্যতে ৰাষ্ট্ৰীয় স্তৰৰ শিক্ষা প্ৰতিষ্ঠানতো অসমৰ বুজন সংখ্যকে পঢ়াৰ সুবিধা পায় আৰু উন্নত কেৰিয়াৰ গঢ়িবলৈ সুবিধা লাভ কৰে।
লখিমপুৰ নিবাসী লেখকৰ ফোনঃ৮০১১৭৭৮০৩৮

Saturday, July 4, 2015

চিন্তন

স্বাভিমান, অহংকাৰ, অশিষ্টতা ইত্যাদি…
হিতেন্দ্র কুমাৰ শৰ্মা

ওপৰত উল্লেখ কৰা শব্দকেইটাৰ অৰ্থ বিশ্লেষণ কৰা অলপ জটিল। এই কেইটা ভাৱ বা আচৰণৰ মাজত থকা সীমাৰেখাবোৰো অতি ক্ষীণ। আটাইকেইটা গুণৰে অলপ অলপ সকলোৰে গাত কেতিয়াবা নহয় কেতিয়াবা দেখা যায় । স্বাভিমান আৰু আত্মসন্মানবোধ থকাটো ব্যক্তি এজন বা জাতি এটাৰ কাৰণে বৰ দৰকাৰী। নহ'লে জীৱনত আৰু সমাজত তেনে লোকক আনেও সন্মানৰ চকুৰে নাচায়।

স্বাভিমান কাক বোলে বাৰু ? স্ব অৰ্থাৎ নিজক লৈ কৰা অভিমানকে স্বাভিমান বোলে আক্ষৰিক অৰ্থত। অৰ্থাৎ ইয়ো একপ্রকাৰৰ অহংকাৰ। তেনেহ'লে স্বাভিমান এক দৰকাৰী গুণ আৰু অহংকাৰ এক ঋণাত্মক গুণ বুলি কিয় ভবা যায়! এই দুয়োটা গুণৰ মাজত থকা পাৰ্থক্যৰ ৰেখাডাল অতি ক্ষীণ। স্বাভিমান (অৰ্থভেদে আত্মসন্মান) হৈছে নিজৰ কোনো বস্তু, গুণ, সফলতা আদিক লৈ কৰা গৌৰৱবোধ যাৰ দ্বাৰা আনক অসন্মান বা অস্বীকাৰ কৰা নুবুজায়। আনক আঘাত দিবলৈ স্বাভিমান প্রদৰ্শন কৰা নাযায়। কিন্তু জনৈক ব্যক্তি বা গোটৰ স্বাভিমানকো অহংকাৰ বুলি ভুল কৰাৰ পুৰামাত্রাই সম্ভাৱনা আছে যদিহে দ্বিতীয় পুৰুষজন পৰশ্রীকাতৰ, পৰচৰ্চ্চাকাৰী, নিন্দুক প্রকৃতিৰ লোক হয়।তেনে লোকক চিনি উলিওৱাটো বৰ প্রয়োজন, নিজৰ স্বাৰ্থতে। তেনে লোকৰ মন্তব্য আৰু আচৰণক গুৰুত্ব দিলে নিজৰ মানসিক শান্তিহে বিঘ্নিত হয়। নিজেও নিশ্চিত হোৱাৰ দৰকাৰ যাতে অহংকাৰ প্রদৰ্শনৰ পৰা আমি নিজেও বিৰত থাকো।

কিন্তু সঁচাকৈ অহংকাৰৰ পৰা দূৰৈত থকাটো সাধাৰণ মনিচৰ বাবে সম্ভব নে? মুঠেও নহয়। প্রাণী মাত্রৰেই অহংকাৰ থাকে। অহংকাৰ্ থকাৰ অৰ্থ হল আপুনি এতিয়াও জীয়াই আছে। কিন্তু ইয়াক প্রদৰ্শন কৰাটো অত্যাৱশ্যকীয় নহয় । অহং(সংস্কৃত)+কাৰ অৰ্থাৎ নিজৰ অস্তিত্বৰ জ্ঞানেই হ’ল অহংকাৰ কিন্তু যেতিয়াই এই নিজ-নিজ বা মই-মই ভাবটো সীমা চেৰাই যায় তেতিয়াই ই এক ঋণাত্মক ভাবলৈ পৰিৱৰ্ত্তিত হয়। তেতিয়া ই নিজৰ অস্তিত্বৰ জ্ঞানতেই সীমিত নাথাকি নিজকেই সকলোৰে কাৰক হিচাপে প্রদৰ্শন কৰে ।


অশিষ্টতা বা অভদ্রতা অন্য এক ঋণাত্মক গুণ (?)। অহংকাৰী লোকৰ গাত এই দোষ বিশেষকৈ দেখা যায়। অৱশ্যে স্বাভিমানী, নৈতিকভাবে শুদ্ধ আৰু সৎ মানুহো অশিষ্ট বা অভদ্র হ’ব পাৰে। ইয়াৰ কাৰণ হ’ল শিষ্টাচাৰ বা শিষ্টতাৰ পৰিভাষা বা সীমা নজনাটো। বহুতে অজানিতেই অভদ্র আচৰণ কৰে আৰু ইয়াক লৈ পৰিতাপো নকৰে কাৰণ তেওঁ নিজেই এই বিষয়ে অজ্ঞ। এনে ব্যক্তিক সহজভাবে বুজাব পাৰি। যদি তেওঁ নিজৰ আচৰণক লৈ অনুতাপ দেখুৱায় তেনেহলে তেওঁক ক্ষমা কৰিব পৰা যায়। কিন্তু যদিহে তেওঁ অস্বীকাৰ কৰে তেতিয়া বুজিব লাগিব তেওঁৰ পৰা দূৰৈত থকাই মংগল। আত্মসন্মানত আঘাত হ'লে কেতিয়াবা নিজেও অলপ কঠোৰ ভাষা ব্যৱহাৰ কৰিব লগা হয় এনে লোকৰ চকু মেল খুৱাবলৈ। আত্মসন্মান বা স্বাভিমানক ৰক্ষণাবেক্ষণ দিবলৈ এনে কৰাটো যেন গ্রহণযোগ্যই!

অসমীয়াসকলৰ মাজত স্বাভিমানৰ অভাৱ, কিন্তু অসমীয়া জাতিটো এটা অত্যন্ত শিষ্ট, ভদ্র আৰু শান্ত জাতি। স্বাভিমানৰেই যেতিয়া অভাৱ, গতিকে অহংকাৰৰ প্রশ্নই নুঠে। ইমান বছৰ অসমৰ বাহিৰত থকাৰ পিছত আৰু বিভিন্ন প্রান্তৰ মানুহ লগ পোৱাৰ পিছত এয়া মোৰ অনুভৱ। ইয়াৰ তুলনাত তামিলসকল প্রচণ্ড স্বাভিমানী লোক। এই ক্ষেত্রত পাঞ্জাবী, মাৰাঠী আৰু গুজৰাটীসকলো পিচ পৰা নহয় ।

এটা সৰু উদাহৰণ-
ধৰা হওক, তিনিজন অসমীয়া লোক আৰু এজন মাৰাঠী (বা গুজৰাটী/তামিল/পাঞ্জাবী) লোকে একেলগে কোনো অফিচত কাম কৰে। চাৰিওজনে মিলি কথা পাতিলে সেই অনা-অসমীয়া জনৰ অসুবিধা নহওক বুলি অসমীয়া কেইজনেও পাৰেমানে হিন্দী বা ইংৰাজীতেই কথা পাতিবলৈ চেষ্টা কৰিব ভুলে শুদ্ধই। অসমৰ সীমাৰ ভিতৰত হলেও এই আচৰণৰ পৰিৱৰ্ত্তন নহয়। কিয় বাৰু সেই অনা-অসমীয়াজনক অসমীয়া শিকিবলৈ বাধ্য কৰাব নোৱাৰো। কাৰণ দুটা- স্বাভিমানৰ অভাৱ আৰু প্রয়োজনাধিক শিষ্টতা।

একেই ঘটনা যদি অসমৰ বাহিৰত ঘটে আৰু এজন অন্যভাষী লোকে কেবাজনো মাৰাঠী/গুজৰাটী/তামিল আদি লোকৰ্ লগত কাম কৰিব লগা হয় তেতিয়া তেওঁলোকে সেই অন্যভাষীজনৰ অস্তিত্বৰ কথা যেন পাহৰিয়েই যায়। তিনিজন মাৰাঠী লোকৰ মাজত এজন অসমীয়া বা তিনিজন তামিলৰ মাজত এজন গুজৰাটী অথবা তিনিজন গুজৰাটীৰ মাজত এজন বঙালীৰ যেন অস্তিত্বই হেৰাই যায়। চতুৰ্থজন ব্যক্তিয়ে যে অস্ব্স্তি পাই আছে আৰু তেওঁ এই কথোপকথনৰ একো ভাগ লব পৰা নাই তাক লৈ কোনেও মুৰ নঘমায়।মই ভাবো, এয়া অসহানুভূতিশীল(insensitive/indifferent) আৰু অশিষ্ট আচৰণ ।


কিন্তু শিষ্টতাৰ নামত আমি আমাৰ স্বাভিমানো হেৰাই যাবলৈ ধৰা নাইনে ? অসমতে অসমীয়া বস্তু, সংস্কৃতি, ভাষাৰ আদৰ কমি গৈছে। অসমৰ বাহিৰৰ কথা বাদই দিলো যেনিবা, অসমৰ ভিতৰতে আজি অনা-অসমীয়া, বীজতৰীয়া ভাষা, সংস্কৃতিৰ দপদপনি ।

আন এটা উদাহৰণ। কোনোবাই যদি পৰীক্ষাত ভাল কৰা বাবে, চাকৰি পোৱা বাবে বা নতুন গাড়ী কিনা বাবে আনন্দ প্রকাশ কৰিছে, চকুচৰহা, পৰশ্রীকাতৰ লোকে তাকো অহংকাৰৰ আখ্যা দিয়ে। এই ক্ষেত্রত নিজেও সাৱধান হোৱাৰ দৰকাৰ, যাতে নিজৰ সুখ প্রকাশ কৰিব যাওতে আনৰ লগত তুলনা কৰা নহয়। অন্যথাই ইয়াক অহংকাৰজনিত অশিষ্টতা বোলা যাব ।

জাতি হিচাবে ইংৰাজ, আমেৰিকান, জাপানী, জাৰ্মান আদি লোক অত্যন্ত স্বাভিমানী আৰু কিছু পৰিমানে অহংকাৰী। সেয়েহে তেওঁলোকে কোনো অসফলতাক সহজভাবে লব নোৱাৰে। বৰং প্রত্যাহ্বান হিচাবে লৈ এনে অসফলতাকো এদিন জয় কৰে ।

মহাত্মা গান্ধীয়ে কোৱাৰ দৰে, স্বাভিমান কোনেও কাঢ়ি নিব নোৱাৰে যদিহে আমি নিজে তাক এৰি নিদিও। অহংকাৰে সন্মান লাঘব কৰে আনহাতে স্বাভিমান, অমায়িক, সহানুভুতিশীল আচৰণে আনৰ দৃষ্টিত সন্মান বৃদ্ধি কৰে।

আহমেদাবাদ, গুজৰাটত কৰ্মৰত লেখকৰ ফোন নম্বৰঃ ৯৯০৪০৮২১২

পৰ্যবেক্ষণ

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সলনি হৈছে সংজ্ঞা
অজয় লাল দত্ত
ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে চিহ্নিত সংবাদ মাধ্যমক লৈ মুকলি তৰ্ক-বিতৰ্কৰো অন্ত নাই। সাম্প্ৰতিক সময়ত সংবাদ সংস্থা সমূহ ধনী ব্যৱসায়ী, ৰাজনৈতিক নেতা অথবা দলৰ প্ৰত্যক্ষ বা পৰোক্ষ হাতোৰাত বন্দী হৈ পৰাৰ অভিযোগেও তোলপাৰ লগাইছে। ছপা মাধ্যমেই হওক বা টিভি চেনেলেই হওক সাধাৰণ মানুহৰ পক্ষে কোনো নতুন সংবাদ সেৱা খুলি বজাৰত থাওনি পোৱাটো আজিৰ তাৰিখত প্ৰায় অসম্ভৱেই। ইয়াৰ মূল কাৰণ হৈছে ইয়াৰ সৈতে জড়িত বিশাল পৰিমানৰ মূলধন আৰু ইয়াৰ সৈতে জড়িত থকা নিগেটিভ কেচ ফ্ল’। বাতৰি কাকত এখন প্ৰকাশ কৰিবলৈ ছপা কামত যিমান টকাৰ প্ৰয়োজন হয়, তাতকৈ বেছি ধনৰ প্ৰয়োজন হয় ঘৰে ঘৰে বাতৰি কাকত এখন পহোচাই দিবলৈ। বিতৰণ, বিপননৰ জৰিয়তে ৰাজ্যজুৰি বা দেশৰ জুৰি বজাৰ দখলৰ কথা চিন্তা কৰিলে প্ৰতিদিনেই প্ৰয়োজন হয়, বিশাল ধনৰাশিৰ। একেদৰেই একোটা টিভি চেনেল খুলিবলৈ লগা কেইকোটিমান টকাৰ বিপৰীতে ডাইৰেক্ট-টু-হোম সেৱাৰ ডিচ টিভি, টাটা-স্কাই, ভিডিঅ’কন ডি-টু-এইচ বা কেবোল আদিৰে ঘৰে ঘৰে পহোচাবলৈ লাগে প্ৰতিমাহে এই সেৱা প্ৰদানকাৰী কোম্পানীক দিব লগা কোটি টকীয়া ফীজো। গতিকে আৰম্ভণি কৰাটো যিমানেই সহজ, কিন্তু চলাই যোৱাটো সিমানেই কঠিন কাম হয়, এই দুয়োটা মাধ্যমৰ বাবেই। অসমত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ কেইবাটাও সংস্থা আৰম্ভ কৰি বজাৰ দখল কৰি কৰি দেখুওৱাৰ কৃৰ্তিত্ব থকা অতনু ভূঞাই শেহতীয়া গ্ৰন্থ “টিআৰপি”ত এই বিষয়বোৰ উদঙাই দেখুৱাইছে। চাৰ্কুলেচনৰ সংখ্যাৰ ওপৰত মানে অ'ডিট ব্যুৰো অৱ চাৰ্কোলেচনৰ তথ্যৰ ভিতিত বাতৰি কাকতত আৰু টিআৰপিৰ ভিত্তিত টিভিৰ চেনেলে বিজ্ঞাপন লাভ কৰে। নতুন বাতৰি কাকতে বিক্ৰীৰ টকা ঘূৰাই পোৱাতোও এটা দুৰূপ কাম আৰু নতুন চেনেলেও টি.আৰ.পিৰ খেলত প্ৰতিষ্ঠা পোৱালৈ কেৱল সমলৰ মানদণ্ডৰ ভিত্তিত, বিশাল ধনবলেৰে ঠেকা অবিহনে টিকি থকাটো টান।

গতিকে বিশাল মূলধনী শক্তি থকা ব্যক্তি বা সংস্থাৰ দ্বাৰা প্ৰযোজিত নহলে আজিৰ তাৰিখত এই দুটা মাধ্যমত বজাৰত সংবাদ মাধ্যম চলাই থকাটো অতিশয় দুৰূপ কাম। এই সমস্যাৰ বাবেই প্ৰতি বছৰেই কেইবাখনো সংবাদ পত্ৰই জন্মলাভ কৰে আৰু অকালতে মৃত্যুবৰণ কৰাও আমি দেখিবলৈ পাইছো। অসমত টিভি চেনেলো অকালতে মৰহি যোৱাৰ উদাহৰণ কেইবাটাও আছে। বেছিভাগ কাকতেই অডিট ব্যুৰো অৱ চাৰ্কুলেচনৰ আগত বেছিকৈ ছপা হোৱা তথ্য দেখুৱাই বিজ্ঞাপন লভি টিকি থকাৰ নৈতিকতাহীন কুচ-কাৱাজ কৰি থকা বুলিও "'টিআৰপি" কিতাপখনতে প্ৰকাশ পাইছে। বহু কেইখন পেপাৰে আকৌ মালিকৰ ক'লাধন বগা কৰাৰ স্বাৰ্থত বা লোকচান ভৰি হলেও বিশেষ ৰাজনৈতিক প্ৰপাগাণ্ডাৰ চলোৱাৰ কামত ব্যৱহাৰ হোৱা বাবেই প্ৰকাশ হৈ আছে।

অসমৰ লগতে ভাৰতৰ বিভিন্ন সংবাদ মাধ্যমৰ মালিক পক্ষৰ অফুৰন্ত মূলধনৰ উতসক লৈয়ো সদায়েই প্ৰশ্নবোধক জিলিকি থাকেই। সকলোৱে জানিলেই কথাবোৰ মুকলিকৈ কব নোৱাৰে। বহুতো সংবাদ মাধ্যমৰ মালিকানা আকৌ ভাৰতৰ বিশাল আইনী সুৰুঙা থকা কোম্পানী আইনৰ ঢাল ব্যৱহাৰ কৰিয়েই চলি আছে। প্ৰত্যক্ষ ভাৱে মালিক কোম্পানীটোৰ মালিক আকৌ পাঁচোটা আন কোম্পানী, যাৰ মালিক আকৌ আন কোনোবা কোম্পানীৰ দৰে এক পৌনঃপৌনিক কৰ্পৰেট সূত্ৰৰ জালত আচল মালিকৰ মুখ চৰকাৰী দস্তাবেজৰ আধাৰত নিৰ্ণয় কৰাটো দুৰূহ হৈ পৰে। তথাপিও পৰিচালন গোটৰ সঞ্চালক, অংশীদাৰিত্বৰ প্ৰকাশিত তথ্যৰ ভিত্তিত মানুহে কাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত সংবাদ সংস্থা বা চেনেল সমূহৰ পৰিচালিত হয় তাক অনুমান কৰিব পাৰেই। সম্পাদনা কক্ষৰ নীতিয়েও কাৰ প্ৰপাগাণ্ডা চলাই থকা হৈছে তাক উজলাই তোলেই। ৰাষ্ট্ৰীয় স্তৰত দেশৰ আধাতকৈ বেছি চেনেল তথা সংবাদ পত্ৰৰ মালিকীস্বত্বৰ কোম্পানীৰ অংশীদাৰিত্বৰ ভিত্তিত প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণ কৰিব পৰাকৈ আম্বানী পৰিয়ালৰ হাতত থকা বুলিয়েই জনপ্ৰিয় ৰাজহুৱা মাধ্যমত প্ৰকাশ পাই আহিছে। শেহতীয়াকৈ টিভি১৮ গোটৰ আই.বি.এনক প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ অনাৰ লগে লগে এই কোম্পানীৰ অধীনৰ বহুতো আঞ্চলিক ভাষাৰ চেনেল, মনোৰঞ্জন চেনেলো পোনপটীয়াকৈ ৰিলায়েঞ্চৰ হাতলৈ আহে। বাকীবোৰ চেনেল বা বাতৰি কাকতৰ মালিক, কোম্পানী আদিৰ বিষয়েও অৰ্থনৈতিক সূত্ৰ, ৰাজনৈতিক অংশীদাৰিত্ব আদিৰ বিষয়ে ইণ্টাৰনেটতে জানিব পাৰি। নিউজ-লণ্ড্ৰী.কমে এই বিষয়ে নিজৰ ৱেবচাইটত সূত্ৰবোৰ ফঁহিয়াই সবিশেষ বিশ্লেষণেৰে এক পৃষ্ঠা অনলাইনতে উপলদ্ধ কৰি ৰাখিছে।

মালিকৰ ব্যৱসায়িক তথা ৰাজনৈতিক স্বাৰ্থই সম্পাদনা নীতিত কিমান প্ৰভাৱ পেলায়, সেইটোও এটা বিতৰ্কিত বিষয়। বহুতো বিশিষ্ট সাংবাদিকে এই বিষয়ত নিজে কাম কৰা সংবাদ গোষ্ঠীৰ মালিকৰ প্ৰভাৱৰ পৰা নিজৰ সম্পাদনা নীতি মুক্ত বা কোনো প্ৰভাৱ নাই বুলিয়েই দাবী কৰে। কিন্তু আন সংবাদ গোষ্ঠীৰ ক্ষেত্ৰত ৰাজনৈতিক তথা অৰ্থনৈতিক প্ৰভাৱে খবৰ আৰু সম্পাদকীয় মতত প্ৰভাৱ পেলোৱাৰ কথা নুই নকৰে। এই পাৰস্পৰিক গোত্ৰ-বিৰোধী বা স্ববিৰোধী মতৰ বাবেই বাতৰি কাকত আৰু চেনেলৰ মাধ্যেমেৰে বিশেষ শ্ৰেণীৰ ন্যস্তস্বাৰ্থৰ প্ৰপাগাণ্ডা যে চলি থাকে সেই কথা ৰাইজে বুজিব পাৰে। কোনো ঘটনাক লৈ ধাৰাবাহিক প্ৰতিবেদন, অনুসন্ধানমূলক বিস্ফোৰণৰ পাছত সাংবাদিকৰ স্থিতি যেতিয়া পাছলৈ সেমেকা হবলৈ বাধ্য হয়। মুকলিকৈ কোনেও আহি নকলেও মালিকপক্ষৰ হেঁচাত আৰু স্বাৰ্থ আঘাত হনা ক্ষমতাশালী লোকৰ পৰোক্ষ চাপত এয়া সংঘটিত হয় বুলি সকলোৱেই অনুমান কৰিব পাৰে। বহুক্ষেত্ৰত আকৌ প্ৰতিবেদনকাৰী সাংবাদিকে আপোচ কৰাৰো উদাহৰণ দেখিবলৈ পোৱা যায়।

কিছুমান বাতৰি-কাকতে বিজ্ঞাপনৰ বাবেই সমাজৰ ক্ষতি কৰা শক্তিকো বিৰোধ কৰিব নোৱাৰাত পৰে। প্ৰথম পৃষ্ঠাত কেঞ্চাৰ হাস্পতালৰ বাবে দাতব্য সেৱাৰ বাবে বাতৰি-কাকতখনে লোৱা পদক্ষেপ জিলিকি থাকিলেও শেষৰ পৃষ্ঠাজুৰি আকৌ চিগাৰেট, গুটখাৰ বিজ্ঞাপন ভৰি থকাৰ উদাহৰণো দেখা যায়। পেইড মেডিয়া বা পেইড নিউজৰ অভিযোগৰ আবৰ্ততো সোমাই পৰা মেডিয়াৰ সংবাদ কৰ্মী সকলক ৰাইজে সাংবাদিক 'হালধীয়া' নোহোৱাটোহে আচৰিত হব লগা কথা ধৰণৰ তীৰ্যক মন্তব্যও কৰা পৰিলক্ষিত হয়। নৈতিকতাহীন সমাজব্যৱস্থাত কেৱল সাংবাদিক সকলেই নৈতিকতাৰ ঠিকা লৈ থৈছে নেকি বুলিও তেনে সময়ত সেই পেশাৰ লোকসকলে মত প্ৰকাশ কৰে। নিৰ্বাচনৰ সময়ত বিশাল বিজ্ঞাপন, প্ৰলোভন আদিৰ কৱলত পৰা, সংবাদ গোষ্ঠীৰ মালিক পক্ষকে গোপন মিতিৰালিৰে নিজৰ ফলীয়া কৰি লোৱা আদি উৰণীয়া খবৰৰ বাবে “মেডিয়া আজি মোদীয়াহে” বুলিও বিৰোধীয়ে কটাক্ষ কৰা দেখা গৈছে। তাৰ বিপৰীতে শাসক বা স্বাৰ্থ সিদ্ধিত ব্যাঘাত জনালেই প্ৰেছক নিলাজ শব্দৰ ব্ৰহ্মাস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাও দেশবাসীয়ে প্ৰত্যক্ষ কৰিব লগা হৈছে।

ইয়াৰ বিপৰীতে মালিকানাৰ জাল ফালি, মুক্ত চিন্তা, মুক্ত খবৰৰ প্ৰৱাহৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে অনলাইন মেডিয়াই। ইণ্টাৰনেটৰ যোগে বিশ্বজোৰা বিনামূলীয়া বিপনন, অতি কম খৰছত বেৱচাইট বনোৱা, ভিডিঅ’ আৰু বাৰ্তা সংবহনৰ দ্ৰুত মাধ্যমৰ প্ৰযুক্তিয়ে এতিয়া “অনলাইন মেডিয়া”ক সশক্ত কৰিছে। আনকি "চ’চিয়েল মেডিয়াঃগণতন্ত্ৰৰ নতুন চতুৰ্থ স্তম্ভ" শীৰ্ষক শ্লোগানেও এতিয়া প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। অনুসন্ধান মূলক ৱেবচাইট ৱিকি-লিকচ, গুলেইল.কম, কোব্ৰা-পোষ্ট আদিয়ে বহুতো গোপন খবৰ ফাদিল কৰি দেশ অথবা বিশ্বক সচকিত কৰিছে। নিউজ-লণ্ড্ৰী.কমকে ধৰি বিভিন্ন অনলাইন টেক্সট আৰু ভিডিঅ’ৰে হাস্য মধুৰ ব্যংগৰ লগতে বিশ্লেষণেৰে সংবাদ প্ৰৱাহৰ ক্ষেত্ৰ সমৃদ্ধ কৰিছে। মালিকৰ স্বাৰ্থ হানি কৰি সমাজৰ বাবে কাম কৰিব নোৱাৰা বুলি অনুভৱ কৰা এদল সাংবাদিকে নিজেই ইণ্ডিয়াচম্বাদ.কমৰ জন্ম দিছে। ভাৰতৰ অনুসন্ধানমূলক সাংবাদিকতাৰ অন্যতম ধ্বজবাহক দীপক শৰ্মা ( কফিন কেলেংকাৰী, চলমান খুৰশ্বিদৰ কেলেংকাৰী ফাদিল কৰা)ৰ নেতৃত্বত বহুতো ভিতৰুৱা বিস্ফোৰক বতৰা প্ৰকাশ কৰা এই বেৱচাইটৰ ওপৰত এতিয়া গোচৰ ৰুজু কৰাৰ বাতৰিও ওলাইছে। তেওঁলোকৰ নিষ্ঠাৰ প্ৰতি সদয় হৈ বিনামূলীয়াকৈ উচ্চতম ন্যায়ালয়ত এই গোচৰৰ বিৰুদ্ধে যুক্তি দৰ্শাবলৈ বিশিষ্ট অধিবক্তাও আগবাঢ়ি অহাৰো যোগাত্মক বাৰ্তাও প্ৰকাশ পাইছে।

বহুতো সৰু সৰু স্বেচ্ছাসেৱী গোট, সচেতন নৱ-প্ৰজন্মই কোনো অৰ্থনৈতিক হেঁচা বা তাৰ জালত নপৰাকৈয়ে নিজা ৱেবচাইট খুলি চিন্তাৰ কৰ্ষণ কৰিছে, আলোচনাৰ নতুন নতুন দ্বাৰ উন্মোচন কৰিছে। প্ৰতিনিয়ত বৃদ্ধি পোৱা সমাজ সচেতন অথচ নতুন চামৰ ক্ষুৰধাৰ বিশ্লেষণে প্ৰতিষ্ঠিত সকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দিল্লীত আম আদমী পাৰ্টিয়ে প্ৰতিষ্ঠিত চেনেল তথা সংবাদ গোষ্ঠীৰ সৈতে হোৱা মুকলি সংঘাত সময়চোৱাত কেৱল চ’ছিয়েল মেডিয়াক ভৰসা কৰিও ইয়াক গণভিত্তি অৰ্জনৰ সফল আহিলা ৰূপে প্ৰমাণ কৰি দেখুৱালে। ৱেব টিভি, লাইভ-ৱেব কাষ্ট আদিৰ জৰিয়তেও মালিকবিহীন চেনেলৰ ধাৰণাৰে চিন্তা-ধাৰণাৰ মু্ক্ত প্ৰৱাহৰ উদাহৰণ দাঙি ধৰিলে।


চ’চিয়েল মেডিয়াই সচেতন কৰি অনা সমাজখনত নাগৰিক সাংবাদিকৰ নতুন ধাৰণা এটাও সৱল ভাৱে গঢ় লৈ উঠিছে। টুইটাৰ, ফেচবুক আদিৰ জনপ্ৰিয়তাই কোনো খবৰৰ বাবে পেশাদাৰী সাংবাদিকৰ খবৰলৈ ৰৈ থকাৰ নিৰ্ভৰশীলতা নাশ কৰি আনিছে। পেশাদাৰী সাংবাদিকলৈ ৰৈ নাথাকি চ’চিয়েল মেডিয়া যোগে সমাজৰ স্বাৰ্থৰ সপক্ষে যিকোনো ঘটনাক উদঙাই দিয়াৰ সাহস কৰিছে এই প্ৰযু্ক্তিৰে সৱল সচেতন নতুন নাগৰিকে। কোনো ঘটনাৰ মোবাইলতে লোৱা ভিডিঅ’ৰ আপলোডে আনকি মন্ত্ৰী-বিধায়কৰো বিতৰ্কিত বিষয়ত প্ৰমাণ ৰূপে ব্যৱহৃত হৈ চকী লৰাই দিবলৈ সক্ষম হৈছে। সাধাৰণ মানুহৰ এনে ভিডিঅ'কে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত সংবাদ মাধ্যমে ব্যৱহাৰ কৰিবলৈ লৈছে। আনকি অৰ্ণৱ গোস্বামীয়ে ভিভিআইপিৰাজৰ বিৰুদ্ধে চলোৱা পদক্ষেপতো এইদৰে নাগৰিকেই সাংবাদিক হিচাবে সমল যোগাই সকলোৰে দৃষ্টি কাঢ়ি নিবলৈ সক্ষম হৈছে।

আনকি চ'চিয়েল মেডিয়াৰ জৰিয়তে গোট খোৱা লোকে তথ্য জনাৰ অধিকাৰ, ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন আদিৰে দেশৰ সাংবিধানিক বিধি ব্যৱস্থাই দিয়া নাগৰিকৰ যুঁজাৰ আহিলা সমূহো ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিছে। এনে বৰ্ধিত সচেতনতা খবৰ আৰু মতক নিজৰ পুঁজিৰে চিৰদিন নিয়ন্ত্ৰণত ৰাখিব বুলি আজিও কল্পনা কৰা সকলকো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে অৱস্থা কৰিছে।


বিশ্ব বা ৰাষ্ট্ৰৰ সতে ফেৰ মিলাই উত্তৰ-পূৱ তথা অসমতো আঞ্চলিক, স্থানীয় আনকি নৃ-গোষ্ঠীয় ভাষাতো বেৱচাইট, ফেচবুক গোট, অনলাইন আলোচনী আদি গঢ় লৈ উঠিছে। ভিতৰুৱা ঠাইৰ মুক কণ্ঠয়ো এতিয়া এই সামাজিক যোগসূ্ত্ৰৰ মঞ্চত পাবলৈ সক্ষম হৈছে সম-মৰ্যদা। পোনপটীয়াকৈ আনকি দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, সাংসদ, মুখ্যমন্ত্ৰী তথা বিভাগলৈ বাৰ্তা, প্ৰশ্ন তথা সমস্যা অৱগত কৰাটো সম্ভৱপৰ হৈছে। এই মঞ্চই কিমান শক্তিশালী মাধ্যম ৰূপে কাম কৰিবলৈ আৰম্ভ কৰিছে সেই কথা নেতাসকলেও উপলব্ধি কৰিবলৈ ধৰিছে।

চ’ছিয়েল মেডিয়া হৈছে গণতন্ত্ৰৰ নতুন চতুৰ্থ স্তম্ভ, এই ধাৰণাই আমাৰবোৰ ঠাইতো সঠিক ৰূপত প্ৰসাৰতা লাভ কৰি মালিকানাৰ ধাৰণাৰ পৰা খবৰ আৰু চিন্তাক মুক্তি কৰি নতুন জন-জাগৰণৰ সৃষ্টি কৰিব বুলিও আমাৰ দৃঢ় বিশ্বাস। সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকে সেই কথাও আমি অনুভৱ কৰিব লাগিব আৰু এই নতুন স্তম্ভই যাতে বিশ্বৰ বিশালতম গণতন্ত্ৰখনক সৱল কৰাতহে প্ৰয়োগ হয়, তাৰ বাবেও আমি সজাগ দৃষ্টি ৰাখি তাক নিশ্চিত কৰিব লাগিব।

Friday, July 3, 2015

পলকতে সুখ-দুখৰ বাতৰি


আজিৰ ভাল খবৰবোৰ
১. কালি গুৱাহাটী কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ সহযোগত এক ৰাজ্যিক পৰ্যায়ৰ ঋণ শিবিৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্কীয়ে ৰাজ্যত গ্ৰাম্য উন্নয়ন পৰিষদ আৰু মহিলা উন্নয়ন পৰিষদ গঠন কৰা হব বুলিও প্ৰকাশ কৰে। কালি এই ঋণমেলাত ৰাজ্যৰ ৩৯৫৯টা আত্ম-সহায়ক গোটক মুঠ ২০.৪২কোটি টকাৰ ঋণ প্ৰদান কৰা হয়।

২. দেশৰ প্ৰতিজন নাগৰিককে তথ্য-প্ৰযুক্তি সেৱা প্ৰদান কৰাৰ উদেশ্যে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে “মিছন ডিজিটেল ইণ্ডিয়া সপ্তাহ”ৰ। এই অভিলাসী আঁচনিৰে সকলো গাঁও পঞ্চায়তকে ব্ৰডব্ৰেণ্ডৰে সামৰি লোৱা, ই-গৱৰ্নেঞ্চৰ প্ৰসাৰ কৰা, ১৮লাখ কৰ্মসংস্থানৰ সৃষ্টি, বিদ্যালয়-বিদ্যালয়ত ৱাই-ফাই আদিৰ লক্ষ্যৰে এই মিছন উদ্বোধন কৰা হৈছে। মুকেশ আম্বানীয়ে ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰখনত ২লাখ ৫০হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা বুলিও বাতৰি প্ৰকাশ পাইছে।

৩. মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত গোগামুখত অনুষ্ঠিত হৈছে আঠখন জিলাৰ সহস্ৰাধিক কৃষকৰ অংশগ্ৰহণেৰে কৃষক অধিৱেশন। উন্নত কৃষি কৰ্মৰে ৰাইজক স্বাৱলম্বী কৰাৰ বাবে পদক্ষেপ লোৱা হব আৰু এই ক্ষেত্ৰত টাটা কোম্পানীয়ে সামাজিক দায়বদ্ধতাৰ শিতানৰ পৰা ১৩কোট মীন আৰু ১০কোটি কৃষিকৰ্মৰ উন্নীতকৰণৰ বাবে বিনিয়োগ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে। সফল খেতিয়ক আৰু কৃষি বিজ্ঞানী সকলেও অংশগ্ৰহণ কৰি ৰাইজক পদ্ধতিগত উন্নত কৃষিকৰ্মৰ বিষয়ে অধিবেশনতে অৱগত কৰা বুলিও জানিব পৰা গৈছে।

৪. চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পৰে খ্যাতি অৰ্জা নগঞা শিল্পী সুজিত দাসে এইবাৰ তৈয়াৰ কৰি উলিয়ালে সাহিত্যচাৰ্য মহিম বৰাৰ মাটিৰ আবক্ষ মূৰ্তি। অহা ৬জুলাইত সাহিত্যিকগৰাকীৰ ৯২সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত নিৰ্মাণ কৰা মূৰ্তিটো শিল্পীজনে মাত্ৰ চাৰি ঘণ্টাৰ ভিতৰতে সাজি উলিয়াই এই দুফুট উচ্চতাৰ আবক্ষ মূৰ্তিটো।

৫. ৰাষ্ট্ৰীয় এম্বুলেঞ্চ সেৱা ১০২য়ে অসমত ইয়াৰ সেৱাৰ এবছৰ দহমাহ সম্পূৰ্ণ কৰিছে। বিগত ৬৩৫দিনত ৩১৬খন বাহনেৰে ৰাজ্যৰ ২৭খন জিলাক সামৰি মুঠ ২লাখ ৫১২গৰাকী লোকলৈ এই সেৱা আগবঢ়োৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. বিগত দুবছৰে বানৰ পৰা ৰক্ষা পাব পৰাকৈ বাৰিষাৰ পূৰ্বে চপাব পৰাকৈ বৰোধানৰ খেতি কৰি মৰিগাঁৱৰ কৃষক সকলে সফলতা লাভ কৰাৰ পাছত এইবাৰ মাকৈ খেতিৰে অধিক লাভৰ মুখ দেখা বুলি জানিব পৰা গৈছে। বৰোধানৰ খেতিৰে অভিলেখ গঢ়া কৃষক সকলে এইবাৰ কম খৰচী মাকৈ খেতি কমেও ২৫০০হেক্টৰ ভূমিত কৰাৰ লগতে প্ৰতি কুইণ্টলত ১০০০টকালৈকে দাম দাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বিঘাত দুই-তিনিহেজাৰ টকাৰ খৰছৰ বিপৰীতে ৯কুইণ্টেললৈকে মাকৈ লাভ কৰাত এই খেতিয়ে সাধাৰণ ৰাইজৰ মাজত লাভজনক খেতি ৰূপে জনপ্ৰিয়তা লাভ কৰা বুলিও সুখবৰ পোৱা গৈছে।

৭. তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অঘৰী লোকৰ ৰাত্ৰি যাপনৰ বাবে ৰাত্ৰি আশ্ৰয়গৃহ নিৰ্মাণ কৰিবলৈ লোৱা গৈছে। প্ৰায় ৪৬লাখ টকাৰে দুমহলীয়াকৈ এটি ভৱন তৈয়াৰ কৰি এটা মহলত নাৰী আৰু এটা মহত পুৰুষ সকলক আশ্ৰয় লব পৰাকৈ ব্যৱস্থা কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. মেঘালয়ৰ ইউনিভাৰ্চিটী অৱ চায়েঞ্চ এণ্ড টেকনলজিয়ে উত্তৰ-পূৱৰ মহাবিদ্যালয় সমূহৰ বাৰ্ষিক আলোচনী সমূহৰ মাজত অনুষ্ঠিত কৰা আলোচনী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। খানাপাৰাৰ ভেটেনেৰী কলেজে প্ৰথম, কটন কলেজে দ্বিতীয় আৰু ডুমডুমা কলেজে তৃতীয় শ্ৰেষ্ঠ আলোচনীৰ বঁটা লাভ কৰিচে। ৰঙিয়া কলেজ, ডি.আৰ. কলেজ আৰু নগাঁও কলেজলৈ নিচুকণি বঁটা আগবঢ়োৱা হৈছে। অহা ৮-৯ আগষ্টত বিভিন্ন শাখাৰ বঁটা সমূহ প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৯. ৰাভা হাছঙ স্বায়ত্ত শাসিত পৰিষদ এলেকাত কৃষি বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিতৰতে প্ৰথম বাৰৰ বাবে তৈল খেজুৰ খেতিৰ শুভাৰম্ভ কৰা হৈছে। দুধনৈৰ ওচৰৰ খুংখ্ৰাজানী গাঁৱত উক্ত খেতিৰ শুভাৰম্ভ কৰে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। কেইজনমান উদীয়মানৰ প্ৰচেষ্টাত মুঠ ১৬০হেক্টৰ মাটিত এই খেতি কৰিবলৈ লোৱা হৈছে।

১০. বৰপেটাৰ সাহিত্য সভা ভৱনত কালি পাঁচ গৰাকী কন কন শিশুৱে উন্মোচন কৰে সু-সাহিত্যিক, শিক্ষাৰত্ন বঁটাপ্ৰাপক কৃৰ্তি শিক্ষক অক্ষয় কুমাৰ মিশ্ৰৰ “জীৱনটো গঢ়োঁ আহাঁ” শীৰ্ষক এখনি গ্ৰন্থ।

সাম্প্ৰতিক প্ৰসংগ

গ্ৰীছৰ অৰ্থনৈতিক সংকট 
আৰু অসমৰ বিত্তীয় পৰিস্থিতি  
দীপাংকৰ মল্ল বৰুৱা
অসমীয়াত এষাৰ কথা আছে যে আঠুৱা চাইহে ঠেং মেলিব লাগে। অৰ্থাৎ নিজৰ সাধ্য অনুযায়ীহে আনন্দ উপভোগ কৰিব লাগে। কিন্তু যেতিয়া কোনো এজন ব্যক্তি বা কোনো এখন দেশে নিজৰ আয়তকৈ অধিক ব্যয় কৰিবলৈ আৰম্ভ কৰে তেতিয়াই সেইজন ব্যক্তি বা সেইখন দেশৰ বাবে বিত্তীয় পৰিস্থিতিৰ অৱনতি হ’বলৈ ধৰে আৰু এসময়ত বিত্তীয় সংকট আৰম্ভ হয়। এনে সংকটৰ পৰা উদ্ধাৰ পাবলৈ হ’লে দুটাই উপায় আছে, সেয়া হ’ল আয় বৃদ্ধি নতুবা ব্যয় সংকোচন। যেতিয়া এই দুয়োটা উপায় কাৰ্যকৰী কৰিবলৈ অসমৰ্থ হ’লে, সেই ব্যক্তিজন বা দেশখনে দেউলীয়া হোৱাৰ পিনে গতি কৰে।

ইউৰোপ মহাদেশৰ গ্ৰীছ এখন অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। প্ৰাচীন সভ্যতাৰ ধ্বজাবাহী এইখন উন্নত দেশ আজিৰ সময়ত চৰম অৰ্থনৈতিক সংকটত পৰিছে। বছৰৰ পিছত বছৰ ধৰি গ্ৰীছ চৰকাৰে আয়তকৈ অধিক ব্যয় কৰি থকাৰ বাবে দেশখনৰ বিত্তীয় পৰিস্থিতি শোচনীয় হৈ পৰিছে। গ্ৰীছ বৃহত্তৰ ইউৰোপিয়ান অৰ্থনীতিৰ অংশ যদিও দেশখনৰ উত্পাদন আৰু উপাৰ্জনে ক্ষমতা ইউৰোপৰ উন্নত দেশ সমূহৰ তুলনাত কম। সেয়েহে বহু বছৰৰ পৰা দেশৰ বাজেট মিলাবলৈ গ্ৰীছ চৰকাৰে অন্য চুবুৰীয়া দেশৰ পৰা ঋণ লৈ আহিছে। আনৰ পৰা ঋণ লাভ কৰিবলৈ হ’লে নিজৰ বিত্তীয় পৰিস্থিতি টনকিয়াল হোৱাটো প্ৰয়োজনীয়। সেয়েহে বিত্তীয় বিপৰ্যয়ত পৰা দেশ এখনে বিত্তীয় পৰিস্থিতিৰ সঠিক প্ৰতিচ্ছবি ডাঙি নধেৰে। ২০১০ চনত দেশৰ বিত্তীয় ঘাটিৰ পৰিমাণ কমকৈ দেখুৱাই গ্ৰীছ চৰকাৰে বিত্তীয় অনিয়ম কৰা বুলি প্ৰমাণিত হোৱাৰ পিছৰে পৰা ঋণদাতা দেশ সমূহ আৰু আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে গ্ৰীছক নতুন ঋণ দিবলৈ অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত দেশখনত মহা আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে। ইউৰোপিয়ান ইউনিয়নে ইতিমধ্যে গ্ৰীছক আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ ১১০ বিলিয়ন ইউৰো ঋণ হিচাপে আগবঢ়াইছে। এই ঋণৰ চৰ্ত আছিল যে চৰকাৰে কৰ বৃদ্ধি কৰি হ’লেও আয় বৃদ্ধি কৰিব লাগিব আৰু বৃদ্ধ নাগৰিকৰ পেঞ্চনকে ধৰি সকলো অনাৱশ্যকীয় ব্যয় কৰ্তন কৰিব লাগিব।

এখন চৰকাৰৰ বাবে জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াটো আয় বৃদ্ধিৰ এক সহজ উপায়। গ্ৰীছত ইতিমধ্যে ৪৫% আয়কৰকে ধৰি প্ৰতিজন চাকৰিয়ালে মুঠ আয়ৰ প্ৰায় ৬০% ধন কৰ হিচাপে পৰিশোধ কৰিব লাগে। সেইদৰে উদ্যোগ সমূহেও বৃহৎ পৰিমাণৰ কৰ আদায় দিব লগীয়া হয়। কৰৰ বোজা বৃদ্ধি কৰাৰ ফলত গ্ৰীছৰ অৰ্থনীতি অধিক সংকুচিত হৈ পৰিছে, উত্পাদন বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে, গ্ৰাহকৰ অভাৱত বজাৰ মন্দা হৈ পৰিছে। এনে পৰিস্থিতিত গ্ৰীছ চৰকাৰ সন্মুখীন হৈছে ভয়ংকৰ অগ্নি পৰীক্ষাৰ। ইউৰোপিয়ান ইউনিয়নে গ্ৰীছ চৰকাৰক ঋণ পৰিশোধ কৰিবলৈ দিয়া সময় প্ৰায় উকলি গৈছে। ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হ’লে গ্ৰীছক দেউলীয়া বুলি ঘোষণা কৰা হ’ব আৰু হয়তো ইউৰোপিয়ান ইউনিয়নৰ পৰা দেশখন ওলাই আহিব। তেনে পৰিস্থিতিত গ্ৰীছে ইউৰোৰ সলনি নিজস্ব মুদ্ৰাৰে নিজাববীয়াকৈ দেশৰ অৰ্থনৈতিক উত্থানৰ বাবে চেষ্টা কৰিব লাগিব। ইউৰোপিয়ান ইউনিয়নৰ তৰফৰ পৰা নতুনকৈ ঋণ লাভ কৰিবলৈ হ’লে অধিক কঠোৰ অৰ্থনৈতিক বাধা নিষেধ আৰোপ কৰাৰ চৰ্ত আৰোপ কৰা হৈছে, যাৰ অৰ্থ হৈছে জনসাধাৰণৰ ওপৰত আৰু অধিক কৰৰ বোজা জাপি দিয়া হ’ব। ইতিমধ্যে তীব্ৰ বিত্তীয় সংকটত দাৰিদ্ৰৰ সন্মুখীন হোৱা জনসাধাৰণে এই অতিৰিক্ত বোজা ল’ব পাৰিবলে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। এনে পৰিস্থিতিত গ্ৰীছৰ প্ৰধানমন্ত্ৰীয়ে গণভোটৰ আহ্বান কৰিছে। জনসাধাৰণৰ ৰায় অনুসৰি গ্ৰীছে নিজৰ ভৱিষ্যতৰ সিদ্ধান্ত ল’ব।

গ্ৰীছৰ এই উদাহৰণৰ পৰা এটা কথাই বুজিব পাৰি যে কোনো এখন দেশৰ চৰকাৰে যেতিয়া আয়ৰ প্ৰতি লক্ষ্য নাৰাখি মইমতালিৰে ৰাজহুৱা ধন খৰছ কৰিবলৈ আৰম্ভ কৰে তেতিয়াই দেশখনৰ অৰ্থনৈতিক পতন আৰম্ভ হয়। উত্পাদন বা উপাৰ্জনৰ উত্স বঢ়োৱাৰ সলনি ৰাজকোষৰ ধন লুণ্ঠনত ব্যস্ত হৈ পৰা চৰকাৰ এখনে দেশৰ পৰিস্থিতি ভয়ানক কৰি তুলিব পাৰে।

দেশৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে ঘৰুৱা উত্পাদন বৃদ্ধি হোৱাটো অতি আৱশ্যকীয়। দেশত ব্যৱসায় বাণিজ্যৰ বৃদ্ধিয়ে ঘৰুৱা উত্পাদন বৃদ্ধিত অৰিহণা যোগায়। কিন্তু দেশত ব্যৱসায় বাণিজ্যৰ পৰিৱেশ গঢ়ি উঠাটো তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ চৰকাৰ বা অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বিনিয়োগকাৰী সকলৰ আস্থা থাকিব। এখন দেশে আনৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও অৰ্থনৈতিক কৰাল গ্ৰাসৰ পৰা মুক্ত হ’ব নোৱাৰে। নিজৰ ভৰিত নিজে থিয় হ’ব নোৱৰা দেশৰ বাবে পতন অনিবাৰ্য।

আজিৰ সময়ত আমাৰ ৰাজ্যখনতো অৰ্থনৈতিক সংকটৰ কথা সঘনাই শুনিবলৈ পোৱা যায়। আমাৰ ৰাজ্যত উত্পাদন আৰু উপাৰ্জনৰ উত্স সীমিত হোৱাৰ বাবে প্ৰতি বছৰে কেন্দ্ৰীয় অনুদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ভৌগলিক ভাৱে দেশৰ এটা চুকত আৰু যোগাযোগৰ দৃষ্টিৰে দুৰ্গম এলেকাত অৱস্থিত হোৱা বাবে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা উপভোগ কৰি আছে। কেন্দ্ৰীয় আঁচনি সমূহৰ ৰূপায়নৰ বাবে ৰাজ্যখনে এতিয়ালৈ ৯০ শতাংশ ধন অনুদান হিচাপে আৰু ১০ শতাংশ ধন ঋণ হিচাপে লাভ কৰি আছে। কিন্তু ৰাজ্যখনৰ আয় অনুযায়ী ব্যয় অধিক হোৱা বাবে প্ৰতি বছৰে বিত্তীয় ঘাটি বৃদ্ধি পাই আছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান কমকৈ পালে ৰাজ্যখনত হাহাকাৰ লাগে।

এইখিনিতে প্ৰশ্ন হয়, প্ৰাকৃতিক সম্পদত অতি চহকী, সাৰুৱা কৃষি ভূমিৰে ভৰা আমাৰ ৰাজ্যখন স্বাধীনতাৰ প্ৰায় সাতটা দশকৰ পিছতো কিয় পৰমুখাপেক্ষী হৈ থাকিব লগীয়া হৈছে। উল্লেখ্য যে স্বাধীনতাৰ সময়ত অসমৰ জনমূৰি আয় দেশৰ গড় জনমূৰি আয়তকৈ অধিক আছিল আৰু অসম জনমূৰি আয়ত দেশৰ এখন আগৰণুৱা ৰাজ্য আছিল। কিন্তু প্ৰগতিৰ দৌৰত এতিয়া প্ৰায়বোৰ ৰাজ্য অসমতকৈ বহুত আগুৱাই গ’ল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ থাকিও অসম আজি কেন্দ্ৰৰ অনুগ্ৰহত চলি থকা দুখীয়া ৰাজ্যত পৰিণত হৈছে।

স্বাধীনতাৰ পিছত পূৰ্ৱবংগৰ লগত থকা অসমৰ বাণিজ্যিক পথ সমূহ ৰুদ্ধ হৈ পৰিল। আগতে পূৰ্ব বংগৰ ঢাকা, ময়মনসিংহ, ছট্টগ্ৰাম আদিৰ লগত থকা বেহা বেপাৰৰ সম্পৰ্ক সমূহ নাইকীয়া হ’ল। মাথোন কেই কিল’মিটাৰমান বহল কুকুৰাৰ ডিঙি (Chicken Neck) সদৃশ স্থলভাগেৰে অসম দেশৰ বাকী অংশৰ লগত সংযোজিত হোৱাৰ বাবে অসমৰ ঔদ্যোগীকৰণ, ব্যৱসায় বাণিজ্য আদি সকলো মন্থৰ হৈ পৰিল। বৃটিছ ৰাজৰ সময়তে স্থাপন কৰা উদ্যোগ সমূহেই মূলত: অসমৰ অৰ্থনীতি কোনোমতে ধৰি ৰাখিলে।

আজিৰ সময়ত অসমৰ মুঠ ঘৰুৱা উত্পাদন দেশৰ ভিতৰতে পিছপৰা। ৰাজ্যখনলৈ প্ৰতিবছৰে যথেষ্ট কেন্দ্ৰীয় পুঁজি আৱণ্টিত হয় যদিও আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰীকৰণৰ অসমৰ্থতাৰ বাবে যথেষ্ট পুঁজি অব্যৱহৃত হৈ ঘূৰি যায়। ব্যৱহৃত হোৱা পুঁজিৰ বিপৰীতেও বহু সময়ত ৰাজ্য চৰকাৰে ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিবলৈ অসমৰ্থ হয়। অলপতে ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসম চৰকাৰে ১২ হাজাৰ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব পৰা নাই আৰু ৰাজকোষৰ পৰা উলিয়াই নিয়া প্ৰায় বহু টকাৰ কোনো হিচাপ নাই। ৰাজহুৱা ধন ব্যৱহাৰৰ ক্ষেত্ৰত এনে ব্যাপক খেলিমেলিয়ে ৰাজ্যখনৰ বিত্তীয় শৃংখলাহীনতা উদঙাই দেখুৱাইছে। কেন্দ্ৰৰ পৰা উন্নয়নৰ আঁচনিৰ বাবে অহা পুঁজি অন্য কামত ব্যয় হৈছে, উন্নয়নৰ বাবে দিয়া ধন বেংকত ফিক্সড ডিপোজিট কৰি সুদ উপাৰ্জন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰক আৱণ্টিত ধন ব্যৱহাৰৰ হিচাপ দিব নোৱৰাৰ বাবে নতুন আৱণ্টন বন্ধ হৈ আছে। ফলত উন্নয়ন মূলক প্ৰকল্প, সামাজিক হিতৰ বাবে প্ৰৱৰ্তিত আঁচনি সমূহ বধাপ্ৰাপ্ত হৈছে। বিত্তীয় ব্যৱস্থাৰ এনে খামখেয়ালিয়ে ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে ভয়ংকৰ সংকেট কঢ়িয়াই আনিছে।

এটা কথা নিশ্চয়কৈ ক’ব পৰা যায় যে কেন্দ্ৰৰ পৰা পুঁজি আৱণ্টন কম হোৱাৰ সময়ত কোনো উত্পাদন বা উপাৰ্জন বৃদ্ধি নোহোৱাকৈ ৰাজ্যচৰকাৰে ৰাজকোষৰ ধন মইমতালিৰে খৰছ কৰি থাকিলে অচিৰেই ৰাজ্যখনৰ ৰাজকোষ উদং হৈ পৰিব আৰু শিক্ষক কৰ্মচাৰীক দৰমহা দিবলৈও ধনৰ নাটনি হ’ব। আৰ্থিক সংকটত পৰা ৰাজ্য চৰকাৰে নিশ্চিত ভাৱে তেনে পৰিস্থিতিত কেন্দ্ৰৰ পৰা অধিক অনুগ্ৰহ বিচাৰিব। আঁচনি বহিৰ্ভূত এনে অনুদান নিশ্চয়কৈ ঋণ হিচাপেহে আহিব। তেনে পৰিস্থিতিত ঋণ পৰিশোধ কৰাৰ অতিৰিক্ত বোজাই ৰাজ্যখনক আৰু অধিক বিত্তীয় সংকটলৈ ধাৱমান কৰিব।

অসম অৰ্থনৈতিক উন্নয়নত পিছপৰি থকাৰ কাৰণ কেৱল ভৌগলিক অৱস্থানেই নহয়। ৰাজ্যখনৰ আৰ্থ সামাজিক পৰিৱেশো ইয়াৰ বাবে জগৰীয়া। ভয়ানক নিবনুৱা সমস্যাৰে নিমজ্জিত ৰাজ্যখনত উদ্যোগপতি ব্যৱসায়ী সকলক খীৰতি গায় হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা গা কৰি উঠিছে। ব্যৱসায়ী সকলৰ পৰা বলপূৰ্বক ধন দাবী, সময় অসময়ে আন্দোলন, বন্ধ, বিক্ষোভ আদিয়ে ৰাজ্যখনত ব্যৱসায় বাণিজ্যৰ বাবে সুচল পৰিৱেশ সৃষ্টি হ’বলৈ দিয়া নাই। পৰিস্থিতিৰ উন্নতিৰ বাবে চৰকাৰৰ তৰফৰ পৰাও বিশেষ কোনো সদিচ্ছা প্ৰতিফলিত হোৱা নাই। কেৱল ভোট বেংকৰ প্ৰতিপালনত ব্যস্ত হৈ থকা চৰকাৰ খনে ৰাজ্যখনৰ উন্নয়নতকৈ পৰৱৰ্তী নিৰ্বাচন জিকাৰ অংকতহে অধিক আগ্ৰহী হৈ পৰিছে।

গ্ৰীছৰ অৰ্থনৈতিক সংকটে এই কথাকে প্ৰতিপন্ন কৰিছে যে আনৰ ওপৰত নিৰ্ভৰশীল হৈ চিৰদিন চলিব পৰা নাযায়। স্ব নিৰ্ভৰশীল হ’ব নোৱৰা দেশ বা ৰাজ্য এখনৰ বাবে আঠুৱা চাই ঠেং নেমেলিলে বিত্তীয় সন্তুলন বজাই ৰখাটো সম্ভৱপৰ নহয়। সেয়েহে বিত্তীয় শৃংখলা বজাই ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু আমাৰ নিৰ্বাচনকেন্দ্ৰিক শাসন ব্যৱস্থাত চৰকাৰে বিত্তীয় অনুশাসন মানি চলাৰ পৰম্পৰা দেখিবলৈ পোৱা নাযায়। অসমৰ দৰে কেন্দ্ৰৰ অনুগ্ৰহত বৰ্তি থকা ৰাজ্য সমূহৰ বাবে বিত্তীয় শৃংখলাৰ গুৰুত্ব আটাইতকৈ বেছি। কাৰণ কেন্দ্ৰই দিয়া ধনৰ হিচাপ দিয়াটো অনিবাৰ্য।

গ্ৰীছৰ অৰ্থনৈতিক পৰিস্থিতিয়ে ইতিমধ্যে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে। গ্ৰীছৰ অৰ্থনৈতিক সংকটৰ পৰা অসম চৰকাৰে কিবা শিক্ষা ল’ব পাৰিবনে?

লেখক দুলীয়াজান নিবাসী। ফোন: ৯৪৩৫০৩৯৮২০

সম্পাদকলৈ চিঠি

মূল্যবৃদ্ধিত জৰ্জৰিত ৰাইজঃ
কিয়
শুই আছে জাতীয় সংগঠন? 
চামিউল আহেমদ, শিৱসাগৰ
সম্পাদক মহোদয়,
নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন বিজেপি চৰকাৰে দেশৰ জনগণক বিভিন্ন প্ৰতিশ্ৰুতি দি দেশৰ শাসনভাৰ দখল কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিশ্ৰুতি সমূহৰ অন্যতম এটা হৈছে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ। কিন্ত নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন এই চৰকাৰৰ সময় অতিবাহিতহৈ অহাৰ লগে লগে এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনতহে যেন পৰিণত হ'ল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ দৰেই বিজেপি চৰকাৰৰ ভাল দিনৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধহৈ আছে।

বৰ্তমান সময়ত অসমৰ প্ৰতিখন জিলাতেই সৃষ্টি হৈছে ভয়ংকৰ মূল্যবৃদ্ধি। কি দাইল, কি চাউল, কি ফলমূল। সকলোতে কেৱল সৰ্বসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ মাৰ। এইক্ষেত্ৰত অসমৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ খনেও সম্পূৰ্ণ ৰূপে বিফল হৈছে। নাকী লগোৱাত বিফল হৈছে খাদ্য ও অসামৰিক বিভাগৰ মন্ত্ৰীও। কথাই প্ৰতি আমেৰিকাৰ লগত তুলনা দিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিভিন্ন দায়সৰা মন্তব্য কৰি নিজৰ বিফলতাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰিছে।

বৰ্তমান সময়ত এক অসাধু চক্ৰই ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ চলি থকাৰ গয়নালৈ বিভিন্ন ফলমূল তথা ইফতাৰ আৰু চেহেৰিৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে। যাৰ ফলত ৰাজ্যৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ লগেতে সৰ্বসাধাৰণৰ নাগৰিকও ভীষণ বিপদত পৰা পৰিলক্ষিত হৈছে। ইমানৰ পাছত অসমৰ কংগ্ৰেছ চৰকাৰৰ যোগান বিভাগ বৰ্তমানেও গভীৰ নিদ্ৰাত মগ্নহৈ আছে। যাকলৈ সৰ্বসাধাৰণৰ নাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ। এতিয়া এই মূল্যবৃদ্ধিৰ
বিষয়টোক লৈ কোনো প্ৰতিবাদৰ জোৱাৰ নোতোলা  অসমৰ গণ-সংগঠনবোৰৰ মুখলৈকে কিন্তু ৰাইজে এতিয়া আশাৰে বাট চাই।  মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক পদক্ষেপ লবলৈ বাধ্য কৰোৱাত অসমৰ বিভিন্ন জাতীয় সংগঠনেই ভূমিকা লব লাগিব। কিন্তু বিষয়টোত চকু-মুদাৰ কুলিৰ ভাও ধৰা সংগঠনবোৰে, বেপাৰী ক'লাধনৰ চান্দাৰে চলা সংগঠনে এতিয়া বিষয়টোত কিদৰে নিজৰ স্থিতি গ্ৰহণ কৰে সেইয়াও লক্ষণীয় হব।

প্ৰৱন্ধ


অসমৰ শিক্ষা জগতৰ সাম্প্ৰতিক সমস্যা
দিগন্ত কুমাৰ বড়া


শিক্ষক হৈছে এটা জাতিৰ স্ৰষ্টা ৷ মানৱ সম্পদ গঢ়োতা এই শিক্ষক সকলৰ পদমৰ্যদা, সন্মান সকলোৰে উৰ্দ্ধত বুলি পৰিগণিত হৈ আহিছে৷ পদমৰ্যদাৰ ফালৰ পৰা এওঁলোক উৰ্দ্ধত হোৱা হেতুকে দৈনন্দিন কৰণীয় যিকোনো কাম কাজৰ ক্ষেত্ৰতেই তেওঁলোক সচকিত হৈ থাকিব লগা হয়৷ এটি শিশুৰ উন্নতিত পিতৃ-মাতৃৰ পিছতেই শিক্ষকৰ স্থান৷ আপোনালোকে নিশ্চয় ভাবিছে আমি এইবোৰৰ পাতনি মেলিছো কিয়? আচলতে, বৰ্তমান পৰিস্থিতিত এই শিক্ষক সকলক উচিত মৰ্যদা দি অহা পৰিলক্ষিত হৈছে জানো৷ প্ৰত্যেক ক্ষেত্ৰতেই এই শিক্ষক সকল বঞ্চিত হৈ অহা দেখিবলৈ পোৱা গৈছে৷ সমাজৰ অন্যান্য চৰকাৰী চাকৰীয়াল সকলৰ দা-দৰমহাৰ ক্ষেত্ৰত যেনে নীতি, তেনে নীতি যেন শিক্ষক সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আগৰ কথাবোৰ বাদ দি, যদি বৰ্তমান পৰিস্থিতিৰ কথা চাওঁ, তেন্তে সেই কথাবোৰ স্পষ্ট ৰূপত অনুভৱ কৰিব পাৰো৷

মানৱ সম্পদ সৃষ্টিকাৰী এই লোকসকলৰ নিযুক্তিৰ ক্ষেত্ৰতো এখন ক'লা বজাৰ অসমতো বহু দিনৰ পৰাই চলি আছিল৷ যিখন বজাৰৰ মষিমূৰ হ'ল ২০১২ চনত সেই সময়ৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ যোগেদি৷ ইয়াৰ লগে লগেই শিক্ষাৰ ক্ষেত্ৰত এক ব্যাপক পৰিবৰ্তনৰ সূচনা হোৱা সৰ্বজনবিদিত৷ বহুবছৰ ধৰি নিবনুৱা সমস্যাই ককবকাই থকা অসমত যেন আশাৰ সঞ্চাৰ হ'ল৷ অসমত নিযুক্তিৰ সুবিধা নথকাৰ বাবেই বহু উচ্চ-শিক্ষিত ডেকা-গাভৰুৱে প্ৰাথমিক স্কুলৰ শিক্ষকতাকো বাছি ল'লে, যাৰ ফলত মানৱ সম্পদৰ উচিত ব্যৱহাৰো পৰিলক্ষিত নহ'ল৷ তৎসত্ত্বেও তেওঁলোক নিযুক্ত হ'ল মাথো সমাজৰ স্বাৰ্থত, নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত৷

হয়তো অসমত এয়ে প্ৰথম যে, শদিয়াৰ শিক্ষক ধুবুৰীত নিযুক্ত হ'ল, কাছাৰৰ শিক্ষক দৰংত নিযুক্ত হ'ল৷ এই ব্যৱস্থাই পৰম্পৰাগতভাৱে চলি অহা শিক্ষকৰ চিনস্বৰূপ, বেকানলীয়া ছাতি আৰু চাইকেলখনক যেন অপমানহে কৰিলে৷ মাথো কেইটামান টকাৰ বিনিময়ত এই সকল শিক্ষকে ঘৰৰ মায়া-মোহ এৰিও শিশুসকলৰ মোহত যোৱা তিনিবছৰে মোহাছন্ন হৈ আহিছে৷ যাৰ ফলত কেৱল শিক্ষকৰ অভাৱত বছৰ বছৰ ধৰি অ-আ, ক-খ নজনাকৈয়ে প্ৰাথমিক শিক্ষা পাৰ কৰা বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সদ্যঘোষিত মূখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত ১০০শতাংশ উত্তীৰ্ণ হোৱাও দেখিবলৈ পোৱা গৈছে৷ এইখিনিয়েই যে যথেষ্ট এনে নহয়, এতিয়াওঁ ৰাজ্যৰ বহু শিক্ষানুষ্ঠান এজনীয়া শিক্ষকেৰে চলি আহিছে৷

কিন্তু, ঘৰত থকাৰ সুখ ত্যাগ কৰা এই টেট শিক্ষক সকল বাৰে বাৰে বঞ্চিত হৈ আহিছে৷ ঘৰৰ পৰা বহুযোজন আঁতৰত থকা এই শিক্ষকসকলৰ সামান্য প্ৰাপ্য খিনি যদি সঠিক সময়ত আদায় দিয়া নহয় তেন্তে তেওঁলোকৰ অৱস্থা তথৈৱচ হৈ পৰে৷ তাৰোপৰি তেওঁলোকৰ চাকৰি থাকে নে নাথাকে তাক লৈয়ো তেওঁলোক ভীতিগ্ৰস্ত৷ এওঁলোকৰ দৰমহা প্ৰধানকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে, সেইকাৰণে কেন্দ্ৰৰ পুঁজিৰ অভাৱত এওঁলোকৰ দৰমহা মাজে মাজে বন্ধ হৈ পৰে৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰে এই সংক্রান্তত বাৰে বাৰে এটা কথাই কৈ আহিছে যে, ৰাজ্য চৰকাৰখনে সঠিক খৰছৰ তথ্য কেন্দ্ৰক জমা দিয়াৰ অভাৱতেই তেওঁলোকে কেন্দ্ৰৰ পুঁজি বন্ধ কৰি ৰাখিছে৷ এতিয়া কথাতো হ'ল ৰাজ্য আৰু কেন্দ্ৰৰ যুঁজত বিৰিণাৰ লেখীয়া হৈছে টেট শিক্ষকৰ লগতে হাজাৰ হাজাৰ সবৰ্বশিক্ষা কৰ্মী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ কৰ্মী৷

অন্য প্ৰসংগক বাদ দি যদি আমি কেৱল টেট শিক্ষক সকলৰ কথাই চাওঁ, তেন্তে দেখিম যে, তেওঁলোকে যদি চাকৰি হেৰুৱাবলগা হয় তেন্তে হাজাৰ হাজাৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ কি হ'ব? যি সময়ত চৰকাৰে ব্যক্তিগত বিদ্যালয়, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিৰুদ্ধে মাত মাতি আহিছে, সেই সময়ত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ এনে অৱস্থাই ব্যক্তিগত বিদ্যালয় সমূহক অধিক সাৰ-পানী যোগান নধৰিবনে? বৰ্তমানে অসমত ৩৪,৫১০ জন ঠিকাভিত্তিক নিযুক্ত টেট শিক্ষক আছে৷ এইসকলৰ এতিয়া এটাই মত শিশুসকলৰ শিক্ষাদানৰ হেতু তেওঁলোকক মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখক৷ কাৰণ, এটা মানসিক বোজা লৈ শিক্ষাদান কৰাতো কোনোপ্ৰধ্য সম্ভৱ নহয়৷
 
শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড৷ আমি দেখিবলৈ পাইছো অন্য ৰাজ্য বা ৰাষ্ট্ৰবোৰত শিক্ষাক যিদৰে অগ্ৰাধিকাৰ দি আহিছে, অসমত যেন তাৰ ওলোটা ছবিহে পৰিলক্ষিত হৈছে৷ শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰতো এই পাৰ্থক্য পৰিলক্ষিত হয়৷ যি ৰূপত চৰকাৰে শিক্ষকসকলক বঞ্চনা কৰি আহিছে এদিন হয়তো এনেকুৱা সিদ্ধান্ত ল'ৱলৈৱো কুন্ঠাবোধ নকৰিব যে- শিক্ষাখণ্ডত বিনিয়োগ বন্ধ কৰিব লাগে, বহু পৰিমাণে ধনৰ ৰাহি হ'ব৷বৰ্তমান সময়ত সৰ্ৱত্ৰে চৰ্চিত এক শৈক্ষিক ব্যৱসায় হৈছে ব্যক্তিগত বিদ্যালয়৷ আমি সকলোতে কাঠফুলাৰ দৰে গঢ়ি উঠা জুনিয়ৰ কলেজ বোৰ দেখি আহিছো৷ মাধ্যমিক শিক্ষা পৰ্য্যায়ত এইটো এটা লাভজনক ব্যৱসায় হিচাপে বহুতে গণ্য কৰি আহিছে৷এই জুনিয়ৰ কলেজবোৰৰ আন্তঃগাথনিলৈ মন কৰিলে দেখিম যে, মুকলি ঠাইৰ অভাৱ,মাত্ৰ দুটা কোঠাতেই চলাই আছে তেওঁলোকে শিক্ষাদান৷ তেওঁলোকৰ বেছিভাগ শিক্ষকৰেই আকৌ প্ৰয়োজনীয় অৰ্হতাৰো অভাৱ৷ ব্যৱসায়ী মালিক সদৃশ কৰ্তৃপক্ষই তেওঁলোকক মাথো ১৫০০-২০০০ মাহেকীয়া বেতনতে চলাই আছে৷যাৰ ফলত তেওঁলোকও সীমিত পইচাৰ বাবে তিনি-চাৰিখন বিদ্যালয়ত একেসময়তে কৰ্মৰত৷ ছাত্ৰ-ছাত্ৰীয়ে কোনো কাৰণতে তেনে শিক্ষকসকলক শ্ৰেণী সময়ৰ বাহিৰে অন্য সময়ত লগ ধৰিব নোৱাৰে৷ তৎসত্ত্বেও এইসমূহ জুনিয়ৰ কলেজ বুকু ফিন্দাই বৰ্তি আছে একমাত্ৰ চৰকাৰী সোপাধিলা নীতিৰ বাবেই ৷

আজি এই সকলো জুনিয়ৰ কলেজ যদি বন্ধ কৰি দিয়ে তেন্তে ছাত্ৰ-ছাত্ৰী পঢ়িব ক'ত? সেই লৈয়ো এক গভীৰ প্ৰশ্ন৷ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত আছেনে এনে সুবিধা ৷ বেছিভাগ চৰকাৰী বিদ্যালয়েই দেখা যায় বছৰ বছৰ ধৰি শিক্ষকৰ অভাৱ৷ কিছুমান বিষয়ৰ ছাত্ৰ-ছাত্ৰীহে আছে, শিক্ষক নাই৷ তেনে সময়তে সকলোলৈকে আশাৰ সঞ্চাৰ কঢ়িয়াইছিল মাধ্যমিক পৰ্য্যায়ৰ টেট অনুষ্ঠিত কৰি৷ আপোনালোকে হয়তো ভাবিছে এই প্ৰবন্ধকাৰ জন ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিজা মানুহ৷ সেই কাৰণেই তেওঁক বাৰে বাৰে প্ৰশংসা কৰি আছে৷ আচলতে কথাতো তেনে নহয়৷ যিজন নেতাই সমাজৰ কাম কৰে তেওঁ সকলোৰেই প্ৰিয়ভাজন৷ সেই কাৰণেই হয়তো বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হোমেন বৰগোহাঞিদেৱেও তেওঁক অসমৰ একমাত্ৰ Thinking Politician উপাধি দি থৈছে৷

যা হওঁক, আমি উচ্চ মাধ্যমিক পৰ্য্যায়ৰ নিযুক্তি প্ৰক্রিয়ালৈ যদি মন কৰো, তেন্তে দেখিম যে বৃহৎ পৰিমাণৰ পদ খালী হৈ থকা সত্ত্বেও মাথো ৩০০ মান পদৰহে নিযুক্তি হৈ গ'ল৷ চৰকাৰী অৱহেলাৰ বাবেই উচ্চ মাধ্যমিক টেট উত্তীৰ্ণ হৈয়ো বহু যুৱক-যুুৱতী এতিয়াওঁ নিযুক্তি পোৱা নাই৷ যাৰ ফলত প্ৰকাৰান্তৰে চৰকাৰে ব্যক্তিগত জুনিয়ৰ কলেজকহে উৎসাহ যোগাইছে৷বৰ্তমানৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়া এজন অভিজ্ঞ ব্যক্তি৷ তেওঁক লৈ আমি সকলো আশাবাদী৷ তেওঁ নিশ্চয় অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তন আনিব পাৰিব৷ তেওঁৰ সদ্যঘোষিত এটি বাৰ্তা হৈছে মাধ্যমিক পৰ্য্যায়ত কৰ্মৰত প্ৰায় আঠহাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব৷ সচাঁকৈয়ে এইটো এটা উচিত পদক্ষেপ৷ যাৰ দ্বাৰা মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাত ব্ৰতী সেইসকলৰ ভৱিষৎ সুনিশ্চিত হ'ব৷ অৱশ্যে, বিগত সময়ত তেখেতৰো কথা আৰু কামৰ আকাশ-পাতাল পাৰ্থক্য পৰিলক্ষিত হৈছে ৷ সদৌশেষত, আমি এটি আহবান জনাম যে, যেতিয়ালৈ শিক্ষকৰ ভৱিষৎ সুনিশ্চিত নহ'ব, তেতিয়ালৈ শিক্ষকসকল মানসিকভাৱে প্ৰস্তুত হ'ব নোৱাৰিব শিক্ষাদানৰ বাবে৷ গতিকে সমাজৰ উন্নতিৰ স্বাৰ্থত শিক্ষকৰ ভৱিষৎ সুনিশ্চিত ক'ৰিবই লাগিব৷

 লেখক মৰিগাঁও নিবাসী আৰু ফোন- ৯৬১৩৬৯৬১৪৬

Thursday, July 2, 2015

সাম্প্ৰতিক প্ৰসংগ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ আৰু অসমৰ আদিবাসীসকল
ড° কমল কুমাৰ তাঁতী
সম্প্ৰতি অসমত দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (National Register of Citizens) উন্নীতকৰণৰ কাম তীব্ৰগতিত চলি থকাৰ মাজতে অসমত ‘আদিবাসী-চাহ জনগোষ্ঠী-চাহ শ্ৰমিক’ নামেৰে পৰিচিত প্ৰায় এক কোটি ‘প্ৰকৃত অসমীয়া’ ৰাইজ প্ৰবল সমস্যা আৰু বিপদৰ সম্মূখীন হৈছে ৷ নিজৰ দেশতে, নিজৰ মাটিতে বিদেশী হোৱাৰ উপক্ৰম হৈছে অসমৰ এই থলুৱা, খিলঞ্জীয়া জনগোষ্ঠীটো ৷ লেখাটোৰ আৰম্ভণিতে দেশৰ উচ্চতম নায়্যালয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাব খোঁজো - অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ প্ৰায় এক কোটি ‘অসমীয়া’ ‘থলুৱা’ ৰাইজক বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰা হওক ৷ লগতে এই সম্পৰ্কীয় সকলোবোৰ সংশয়, ভূল বুজাবুজি আৰু সন্দেহ মৰিষণ কৰি অতিশীঘ্ৰেই উচ্চতম ন্যায়ালয় আৰু সংশ্লিষ্ট চৰকাৰী পক্ষসমূহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পিছত প্ৰকাশিত হ’বলগীয়া নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলক অন্তৰ্ভূক্ত কৰাৰ বাবে উচিত পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাওঁ ৷

ইতিমধ্যেই বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰাৰ দাবীত অসমৰ আদিবাসী ৰাইজে সমগ্ৰ অসম-জুৰি তীব্ৰ গণ-আন্দোলন গঢ়ি তুলিছে ৷ গণ-সমাৱেশ, পথ-অৱৰোধকে আদি কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে, আনকি দেশতে বিদেশী হোৱাৰ ভয়ত আত্মহত্যাৰ চেষ্টা চলোৱা বুলিও খবৰ ওলাইছে ৷ আদিবাসী-চাহ জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনসমূহ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আছা, আটছা আদিকে কৰি সকলোবোৰ সংগঠনে যৌধ কাৰ্যসূচী হাতত লৈছে আৰু চৰকাৰক দাবী জনাইছে যাতে অনতিপলমে এই সম্পৰ্কে উচিত ব্যৱস্থা হাতত লোৱা হয়, অন্যথা অধিক জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিছে ৷ এনে পৰিস্থিতিত এই সম্পৰ্কে কিছু কথা আলোচনা কৰিব বিচৰা হৈছে ৷

এইকথা ইতিমধ্যে প্ৰমাণিত হৈছে যে, অসমত ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ প্ৰকৃত অৰ্থৰ সূচনা হয় অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিছাবোৰত কাম কৰাবলৈ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ জৰিয়তে, শ্ৰমিক আৰু শ্ৰমৰ স্থানান্তৰিতকৰণৰ জৰিয়তে ৷ ভাৰতৰ বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে তেওঁৰ কেইবাখনো বিখ্যাত গৱেষণা-পত্ৰত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷

অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ব্ৰিটিছ চৰকাৰ আৰু বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলে ভাৰতৱৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰপৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলত: আদিবাসী লোকসকলক ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰাইছিল আৰু সেই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷ পৰৱৰ্ত্তী সময়চোৱাতো ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ অব্যাহত আছিল আৰু ১৯০১ চনৰ Census of India-ৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলত: আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০ জন ৷

১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, অসমৰ চাহ-বাগিছাসমূহত কাম কৰিবলৈ বলপূৰ্বকভাৱে আমদানি কৰা আদিবাসী শ্ৰমিকসকলৰ পৰিসংখ্যাবোৰ এই লেখাত উল্লেখ কৰিব খুঁজিছোঁ ৷ সেইমতে, ১৮৭৩-১৮৮০ চনৰ ভিতৰত ২,৮৭,০০০ জন, ১৮৮১-১৮৯০ চনৰ ভিতৰত ৩,২৭,৬০০ জন, ১৮৯১-১৯০০ চনৰ ভিতৰত ৫,৯৬,৯০০ জন, ১৯০১-১৯১০ চনৰ ভিতৰত ৩,৬৭,২০০ জন, ১৯১১-১৯২০ চনৰ ভিতৰত ৭,৯০,৮০০ জন, ১৯২১-১৯৩০ চনৰ ভিতৰত ৩,৬১,৫০০ জন, ১৯৩১-১৯৪০ চনৰ ভিতৰত ২,৪৭,৯০০ জন আৰু ১৯৪১-১৯৪৭ চনৰ ভিতৰত ২,৯৩,৯০০ জন ৷ গতিকে, এই চৰকাৰী পৰিসংখ্যা অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়চোৱাত অসমলৈ আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০ জন (প্ৰায় ৩৩ লাখ) ৷

ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০-ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ এইখিনিতে এটা কথা উল্লেখযোগ্য যে, এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল ৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেচ’(দেশ) বুলি সাৱটি লৈ, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্ত্তী সময়চোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগবঢ়ালে ৷

উল্লেখযোগ্য যে, এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়চোৱাত বহু আদিবাসী লোক স্ৱতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুছি আহে ৷ গতিকে ১৯৪৭ চনলৈকে অসমলৈ বলপূৰ্বকভাৱেই হওক অথবা নিজ ইচ্ছাতেই হওক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷ ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ ৬৮ বছৰৰ পিছত এই ৪০-৪৫ লাখ পূৰ্বজ আদিবাসী লোকৰ পা-পৰিয়াল বাঢ়ি আৰু ভাৰতৱৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ সৈতে সংগতি ৰাখি সম্প্ৰতি অসমত স্থায়ীভাৱে বসবাস কৰা আদিবাসী-চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা এক কোটিৰ কম নিশ্চয় নহ’ব ৷ সেই হিচাপমতেই, মই অসমৰ আদিবাসী-চাহ জনগোষ্ঠীয় ৰাইজৰ সৰ্বমূঠ সংখ্যাটো প্ৰায় এক কোটি বুলি ধৰি লৈছোঁ ৷

এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক কেন্দ্ৰ কৰি সম্প্ৰতি অসমৰ আদিবাসী ৰাইজৰ বাবে উদ্ভৱ হোৱা সমস্যা আৰু বিপদ হৈছে ‘অসমৰ এক কোটি মানুহৰ সমস্যা আৰু বিপদ’ ৷ অসমকে নিজৰ দেশ বুলি আকোঁৱালি লোৱা, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি সাঁৱটি লোৱা এক কোটি ‘অসমীয়া’, ‘আদিবাসী’ মানুহ আজি নিজৰ দেশতে বিদেশী হ’বলৈ ওলাইছে ৷ ঔপনিৱেশিকতা, ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতিৰ জঁটিল পাকচক্ৰত পৰি অসমৰ এক কোটি ‘থলুৱা’ মানুহে নিজৰ অধিকাৰৰ বাবে পুনৰ আন্দোলন কৰিব লগীয়া হৈছে ৷ ইয়াতকৈ আৰু দূখৰ কথা আৰু কি হ’ব পাৰে ?

এই কথা মই পূৰ্বতেও কৈছো যে, সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু জনসংখ্যাগত পৰিস্থিতিৰ দিশৰপৰা অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠীয় জনগণ অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম মূল মেৰুদণ্ডত পৰিণত হৈছে ৷ এই কথা বিভিন্ন সময়ত অসমৰ আদিবাসী ৰাইজে বিভিন্ন ধৰণেৰে প্ৰমাণো কৰি থৈছে ৷ এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পিছত প্ৰকাশিত হ’বলগীয়া নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱাটো অসমৰ প্ৰত্যেকজন গণতান্ত্ৰিক-সচেতন লোকৰ বাবে এক ঐতিহাসিক দ্বায়িত্ত্ব ৷
 
কিন্ত্ত ইতিহাসৰ কি পৰিহাস, যিটো জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত অন্যতম মূল অৱদান আগবঢ়াই থৈছে, যিটো জনগোষ্ঠীয়ে অসমীয়া ভাষাক আকোঁৱালি লোৱাৰ কাৰণেই আজিও অসমত অসমীয়াভাষী লোক সংখ্যাগৰিষ্ঠ হৈ আছে, সেই জনগোষ্ঠীটোৰ গণতান্ত্ৰিক অধিকাৰবোৰৰ হকে মাত মাতিবলৈ আজি কোনোৱেই নাই ৷ ই নিতান্তই দূখৰ কথা যে, কেইজনমান সচেতন লেখক-বুদ্ধিজীৱী আৰু কিছুমান স্বাৰ্থান্বেষী, ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ বাহিৰে এই সম্পৰ্কত কোনেও মাত মতা নাই, অথবা ইচ্ছাকৃতভাৱে নিশ্চুপ হৈ আছে ৷ অসমৰ যিকোনো সমস্যা লৈ সদায়েই মাত মাতি অহা কেইবাজনো নেতা-ৰাজনীতিক, লেখক-সাংবাদিক আৰু বুদ্ধিজীৱীও অজান কাৰণত এইক্ষেত্ৰত নীৰৱ ৷

তৎসত্ত্বেও, আমি আশা কৰিম, অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সম্পৰ্কে সততে সৰৱ
ড° হীৰেন গোঁহাই, উদয়াদিত্য ভৰালী, নিত্য বৰা, হোমেন বৰগোঁহাঞি, ড° দেৱব্ৰত শৰ্মা, অখিল গগৈ, হীৰেন গগৈ, ড° অৰূপজ্যোতি শইকীয়া, ড° সমুজ্জ্বল ভট্টাচাৰ্য আদি বিশিষ্ট ব্যক্তিসকলে এইক্ষেত্ৰত বলিষ্ঠভাৱে মাত মতাৰ লগতে অনতিপলমে নিজৰ মতামত উপযুক্ত প্লেটফ’ৰ্মত ব্যক্ত কৰি দৰিদ্ৰ আদিবাসী ৰাইজক আশ্বস্ত কৰিব৷ তদুপৰি, জন্মসূত্ৰে আদিবাসী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ ভোটেৰে জয়ী হৈ মন্ত্ৰী-বিধায়ক-সাংসদ হোৱা আদিবাসী আৰু অন্য ৰাজনৈতিক নেতাসকলে এইক্ষেত্ৰত উপযুক্ত ভূমিকা লোৱাটো এইসময়ত অত্যন্ত জৰুৰী হৈ পৰিছে ৷

সম্পাদকলৈ চিঠি

নাগৰিকপঞ্জীৰ উন্নীতকৰণ আৰু সাধাৰণ ৰাইজ 
ধনজিৎ কৃষ্ণ বৰ্মন, কোকৰাঝাৰ
সম্পাদক মহোদয়,
যিটো সময়ত এন.আৰ.চি. উন্নীতকৰণৰ নামত অসমৰ বিভিন্ন দল সংগঠনে ভিন্ন মত আগবঢ়াই আছে আৰু চৰকাৰেও ৰাজনীতি আৰম্ভ কৰিছে, সেই সময়তে কিন্তু অসমৰ জনসাধাৰণে এন.আৰ.চি.ৰ নামত যমৰ যাতনা ভোগ কৰাহেন পৰিস্থিতি পৰিলক্ষিত হৈছে৷ বিশেষকৈ আমাৰ গাঁও অঞ্চলসমূহত বহু দৰিদ্ৰ পৰিয়ালৰ লোক আছে যিসকলে নিজৰ আবেদন প্ৰ-পত্ৰখনৰ লগত দিবলগীয়া নথিসমূহ যোগাৰ কৰোতে নানান সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে৷

কিছুমান এনেকুৱা দিন হাজিৰা কৰি খোৱা লোকৰ পৰিয়াল আছে, যিসকলৰ পৰিয়ালত কেইবাজনো ল'ৰা-ছোৱালী আছে, কিন্তু সিহঁতৰ এজনৰো জন্মৰ প্ৰমাণ পত্ৰ নাই অথবা স্কুল /কলেজৰ ছাৰ্টিফিকেট নাই৷ তেনে স্থলত সিহঁতৰ জন্মৰ প্ৰমাণ পত্ৰ উলিওৱাতে আনকি আনৰ ঘৰলৈ বিয়া দি উলিয়াই দিয়া জীয়েকৰ বাবে লিঙ্ক ছাৰ্টিফিকেট উলিয়াই দিওঁতে, আবেদনখন পূৰাওতে, পৰিয়ালৰ প্ৰতিজন সদস্যৰ ফটোৰ বাবদ আদিৰ নামত যেন টকাৰ শ্ৰাদ্ধহে কৰা দেখা গৈছে। কাৰণ এই সুযোগ লৈয়ে বহু সুবিধাবাদী লোকে সৰহ টকা সংগ্ৰহ কৰাত নামি পৰিছে। পিছে আন কিছুমান এনেকুৱা পৰিয়ালো আছে, যিসকল ভূমিপুত্ৰ হৈও ১৯৭১ চনৰ আগৰ কোনো নথি-পত্ৰ নাই৷ যাৰ ফলত সেইসমূহ পৰিয়ালে আজি চিন্তাত পৰিছে৷ কোনো কোনো অঞ্চলত আকৌ কিছুমান দুষ্ট চক্ৰৰ সহযোগত ভুৱা নথি-পত্ৰ বনোৱাত নামি পৰিছে৷

তেনে ক্ষেত্ৰত অনুভৱ গৈছে যে হয়তো ভূমিপুত্ৰসকলেই নাগৰিকত্ব হেৰুৱাব লাগিব আৰু অবৈধ অনুপ্ৰৱেশকাৰীসকলেই নাগৰিকত্ব লাভ কৰিব। গতিকে চৰকাৰৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা নাগৰিকৰণৰ নামত যাতে ভূমিপুত্ৰ সকলৰ হাৰাশাস্তি হ'ব লগা নহয় আৰু কোনো অবৈধ অনুপ্ৰৱেশকাৰী বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ব নিৰ্ধাৰিত কিছুমান পদ্ধতি সলাই নতুনকৈ আন কিছুমান পদ্ধতি আৰু নিয়ম অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে দেশৰ এজন সু-নাগৰিক হিচাপে আহ্বান কৰিলোঁ!

মোৰ অনুভৱেৰে এই সকলোবোৰ সমস্যা সমাধানৰ বাবে কেইটিমান সংশোধনী প্ৰস্তাৱ আগবঢ়োৱালো।
(১) অতীজৰে পৰা এই ৰাজ্যত বসবাস কৰি থকা ভূমিপুত্ৰসকলক কোনো নথি-পত্ৰ অবিহনেই এন.আৰ.চি. ত অন্তৰ্ভূক্ত কৰিব লাগে।

(২) এন.আৰ.চি. সেৱা কেন্দ্ৰসমূহত কৰ্মীৰ সংখ্যা বঢ়াব লাগিব যাতে প্ৰত্যেকখন গাঁৱে গাঁৱে একোজনকৈ সেৱা কৰ্মী গৈ দুখীয়া লোকসকলক সহায় কৰিব পাৰে।

(৩) এই দেশৰ নাগৰিকত্ব লাভ কৰা পুৰুষৰ স্ত্ৰীক তেওঁৰ স্বামীৰ জৰিয়তে আৰু সন্তানক তাৰ দেউতাকৰ জৰিয়তে এন.আৰ.চি.ত অন্তৰ্ভুক্ত কৰিব লাগে।

৪) এই প্ৰক্ৰিয়াটো এনেই অসুবিধাত বিধ্বস্ত হৈ থকা সাধাৰণ মানুহৰ বাবে অতিৰিক্ত আৰ্থিক আৰু মানসিক বোজা যাতে নহয়, তাৰ বাবে চৰকাৰে বিনামূলীয়াকৈ ফটো, জেৰক্স আদি কেন্দ্ৰতে লোৱাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এই প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট পুঁজি চৰকাৰৰ পৰা দিয়া হৈছেই, তাৰ দ্বাৰা সাধাৰণ লোকসকলক সকাহ দিয়াটোও এটা লক্ষ্য হব লাগে।

হাস্য ব্যংগৰে সত্যৰ সন্ধান


লোকেল গুজৱ.কম
১. ইণ্টাৰনেচনেল চোৰাং কাৰবাৰী ডাউদ ককাইদেউৰ সৈতে অপকৰ্মৰ অংশীদাৰ হৈ অসমলৈ খিয়াতি কঢ়িয়াই অনা থলুৱা বেপাৰীটিলৈ সদৌ অসম সচেতন নাগৰিক সন্থাই “চোৰাং-ৰত্ন” উপাধি প্ৰদান কৰিবলৈ ওলোৱাৰ সুখবৰ। সুখ্যাতিৰ দিশত নহলেও কুখ্যাতিৰ ক্ষেত্ৰত অসমৰ নাম উজলোৱাৰ লগতে আন্তৰ্জাতিক বাণিজ্য বিস্তাৰত যোগোৱা অৰিহণাৰ বাবেই এই উপাধি আগবঢ়োৱা হৈছে বুলিও সন্থাই বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।

২. অসমৰ এটি টিভি চেনেল, তিনিখনমান বাতৰি-কাকত আলোচনী, কেইবাটাও বিল্ডিং তথা কেইবাখনে অ’ডি তথা মাৰ্চিডিজৰ গৰাকী শ্ৰীযুত নিঃকিন বৰুৱা অহাবাৰ ৰাইজ সভাৰ টিকেট পদুম পাৰ্টিৰ পৰা পোৱাটো খাটাঙ হোৱা বুলিও গোপন খবৰ ওলাইছে। অহা সদৌ অসম এম.এল.এ প্ৰতিযোগিতাত বাতৰি, চেনেল আদিৰে জনমত আনি দিয়াৰ প্ৰতিশ্ৰুতিৰ বাবেই এই “ৰিটাৰ্ণ গিফট”ৰ কনফাৰ্মেচনো দিয়া বুলি জানিব পৰা গৈছে। তথাপিও কণ্ডিচন এপ্লাই বুলি সৰু এষাৰী বাক্য অমৃতময় বাদশাহৰ ঘৰৰ পৰা ওলোৱা গোপন নথিত সৰুকৈ লেখা থকাৰ কথাও ধৰা পৰিছে।

৩. মাত্ৰ বিশ লাখ টকাতে ইমান সুলভ মূল্যত লোকৰসেৱাৰ চাকৰি তথা চিৰদিন দিন ডকাইতিৰ লাইচেঞ্চ পোৱাৰ পৰীক্ষাৰ প্ৰশ্নকাকত যোগান ধৰাৰ বাবে সমালোচিত হৈছে ৰাকেশ্বৰ পাল। মাহেকতে কেইবালাখ ঘটিব পৰা লাইচেঞ্চ দিয়াৰ বাটটো ইমান কম টকাতে চিকুনাই দিয়াতো কোনো পধ্যেই দেশৰ চাকৰি-বজাৰৰ বাবে শুভ নহয় বুলিও সদৌ অসম চৰকাৰী চাকৰি বাণিজ্য পৰিষদে মত প্ৰকাশ কৰিছে। ভৱিষ্যতে ধৰা নপৰাৰ ফু্ল-প্ৰুফ ব্যৱস্থাৰে ইয়াক চৰা-দাম কৰি সাধাৰণ মানুহে মাটি-বাৰী বিকিও সেই আকাশ-কুসুমৰ কথা চিন্তা কৰিব নোৱাৰা কৰিব লাগিব বুলিও পৰিষদে দাবী উত্থাপন কৰিছে।

৪. সদৌ অসম ভিত্তিত আয়োজিত এন.আৰ.চি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা সাধাৰণ ৰাইজে পানী খাই যোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। লিগেচী ডাটাৰ বাবে দৌৰা-দোৰি, ফটো উঠাৰ বাবে লানি, ফৰ্ম পূৰোৱাৰ বাবে দিব লগা “মানি”ৰ বাবেই এই পানী পানী খোৱা অৱস্থা হোৱা বুলি জানিব পৰা গৈছে। কাগজ বিচাৰি নাপাই এতিয়া ঘৰতে বিদেশী হোৱাৰ ভয়ত, এতিয়া বহুতো অসমীয়াই মানসিক শংকাৰ বেমাৰত আক্ৰান্ত হোৱা আৰু অনাগত দিনত মহামাৰীত পৰিণত হোৱাৰো শংকা সদৌ অসম চিন্তাশীল নাগৰিক পৰিষদে প্ৰকাশ কৰিছে।

৫. বন বিভাগে পতা অনুষ্ঠানত বেনাৰৰ ভুল দেখি মানুহে হাঁহিব লগীয়া একো নাই দেই বুলি স্পষ্টীকৰণ দিছে সদৌ অসম বনবিভাগৰ চাইনবৰ্ড অঁকা শিল্পী সংঘই। বন বিভাগৰ চাইনবৰ্ড-বেনাৰ বন্য জন্তুৰ বাবেহে, সেয়া বানান জনা হিংসাকুৰীয়া দুঠেঙীয়াৰ বাবে কোনো পধ্যেই নহয় বুলিও সংঘই স্পষ্টীকৰণ জাৰি কৰিছে।

৬. আজি শনি-ৰবি আৰু কেতু একেটা ৰেখাত স্থান লোৱা হেতুকে অসমৰ মধ্য, নামনি আৰু পিছ পৰা অঞ্চলত বন্ধ আহ্বান কৰা হৈছে। প্ৰতিবাদ স্বৰূপে ট্ৰাক-বাচ জ্বলোৱাৰ লগতে, প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী পালন কৰিলে এই গ্ৰহস্থানৰ ফলত হব পৰা অপায়-অমংগল দূৰ হোৱাটো খাটাঙ বুলিও সদৌ অসম বন্ধপ্ৰেমী জ্যোতিষী সংঘই আগতীয়া দিয়া প্ৰদান কৰিছে। সকলো ভক্তকে ৰাষ্টা যজ্ঞলৈ নিজৰ অৱদান আগবঢ়াই বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে জঁপিয়াই পৰিবলৈকো সংঘই আহ্বান জনাইছে।

৭. সেউজ বিপ্লৱৰ সূচনা মোদী চাৰতকৈ আগতেই গগৈ চাৰে কৰি থৈছে বুলি কালি স্পষ্টীকৰণ জাৰি কৰিছে সদৌ অসম নিচাদেউ ফেন ক্লাৱে। বীজৰ কঁঠীয়া পাৰি, চহাই, সেউজী ধৰণী ধুনীয়া কৰিবৰ বাবে সকলো গগৈ চাৰে কৰি ৰখাৰ পাছত এতিয়া “সেউজ বিপ্লৱ”ৰ শ্লোগান আওৰাই মোদী চাৰে শ্ৰেয় হাইজেক কৰিব নালাগে বুলিও ফেন ক্লাৱে স্পষ্টকৈ প্ৰকাশ কৰিছে। অৱশ্যে বীজ কিনাৰ বাবে, ট্ৰেক্টৰ কিনাৰ নামত সৃষ্টি হোৱা “নীলমণিয় মানি কেলেংকাৰী” সন্দৰ্ভতহে কোনো কথা কবলৈ ফেন ক্লাৱে অস্বীকাৰ কৰা বুলিও আমাৰ প্ৰতিবেদকে বাৰ্তা প্ৰেৰণ কৰিছে।

৮. চাকৰিত নিয়মীয়া নকৰাৰ বাবে ৰাষ্টাত কাঁহী বাতি লৈ ভিক্ষা মাগিলে সদৌ অসম বিশেষ প্ৰতিৰক্ষা পুলিচ সংঘই। লালটুপি সকলে এতিয়া দৰমহা পায়ো লাঠি লৈ কৰা ৰাস্তাত বাছ, ট্ৰাকৰ পৰা ভিক্ষা খুজিবলৈ আহিলে কিন্তু বজাৰ বেয়া হব বুলিও সংঘই শংকা প্ৰকাশ কৰিছে। বিষয়টোত সহানুভূতিৰে দখল দিয়াৰ পৰা বিৰত থাকিবলৈকে লালটুপি ভাই সকললৈ আহ্বান কৰি ফেক্স প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

৯. সদৌ অসম গৰাল কংগ্ৰেছে গৰালৰ পৰা ওলাই যোৱা বলধ, ছাগলী আদি আকৌ গৰাললৈ উভতি আহিলে আদৰি লব বুলি প্ৰকাশ কৰিছে। ভিতৰত ঘাঁহ কমকৈ পোৱা বাবে ওলাই যোৱা সকলে যে বাহিৰতো ঘাঁহ গোটাব পাৰিব সেয়া সন্দেহ আছে বুলি প্ৰকাশ কৰি, গৰাল প্ৰতিপালক গুঞ্জনদাই স্বভাৱসুলভ ভাৱে ইংৰাজীতে ভেঙুচালি কৰা বুলিও লোকেল-গুজৱ-নিউজত প্ৰকাশ পাইছে।

১০. অসমত থলুৱা ঠিকাদাৰক অহা পাঁচ বছৰত ঠিকা বিলাব বুলি খুচুৰা অভিযোগ নস্যাত কৰাৰ বাবে বিখ্যাত টিনটিন গাঁতকৰিয়ে প্ৰকাশ কৰিছে। ৰাস্তাত হোৱা গাঁতবোৰ পুতিবলৈ অন্তত ঠিকা এমএলএ টিকেট নোপোৱা সকলক বিশেষ অগ্ৰাধিকাৰ ভিত্তিত দিবলৈকো গাঁতকৰি চাহাবক লোকেল পদুম কৰ্মী সংঘই আহ্বান জনোৱাৰো গোপন খবৰ।