কাব্য-সাধনা বনাম সাহিত্যৰ পথাৰত 'কবিৰ খেতি'
কুমাৰ নৱজ্যোতি
প্রখ্যাত কবিৰ সৈতে একেলগে আলােকচিত্র তুলিলেই যিদৰে সেই কবিগৰাকীৰ স্তৰৰ কবি হৈ যাব নােৱাৰি, একেদৰে তেনে কোনাে প্রখ্যাত কবিৰ দুখনমান সংকলন নিজৰ মেজত সজাই থলেই বা নিজৰ লগত লৈ ফুৰা হাত-মােনাত লৈ ফুৰিলেই তেনে কবিৰ প্ৰতিভাৰ ওচৰ চাপিব পৰা নাযায়। ব্যক্তিগত সৌহার্দ্যৰে কোনাে কবিৰ সৈতে কবিতাৰ নকলৰ সমস্যা সন্দৰ্ভত চাহ-মেলত আলচ কৰাৰ পিছত সেই কবিৰে কবিতাৰ হুবহু অনুকৰণ ('হনুকৰণ’?) কৰাটো যিদৰে আশা কৰা নাযায়, একেদৰে আশা কৰা নাযায় সাহিত্যৰ আন ক্ষেত্রসমূহৰ দৰে কবিতাৰ ক্ষেত্ৰতাে প্রভাৱশালী ব্যক্তিৰে সম্পৰ্কৰ সুবাদত অথবা অর্থ বিনিময়ত একাংশ কবি’য়ে তথাকথিত ‘প্রতিষ্ঠা লাভ কৰাৰ অথবা বঁটাৰ পিছত বঁটা লাভ কৰি যােৱাৰ অভিযােগৰ গুণগুণনিবােৰাে!
কিছুমান সৰু সৰু ঠাইতাে এতিয়া ‘অকবি’ৰ কথাটো বাদেই, সাধাৰণ কবি’(!)ও পােৱা নাযায়, কাৰণ— প্রচাৰ মাধ্যমৰ কৃপাতেইহওকবা নিজা যশচেতনাৰ বিজ্ঞাপনধর্মী প্রয়াসৰ সফলতাৰ। বাবেই হওক এতিয়া প্রায় সকলােৱেইচোন ‘বিশিষ্ট কবি', 'জনপ্রিয় কবি’, ‘প্রবীণ কবি’ (বয়সৰ লেখেৰে! কবিতা চর্চাৰ বয়স !) আৰু বিভিন্ন তেনে অভিধাধাৰী কবি।
আন বহুতে কোৱাৰ দৰে আমিও কওঁ— কবিতাহে লিখিছে! হাতততাে বন্দুক লােৱা নাই। সন্ত্রাসবাদী হােৱা নাই। আন কোনাে অসামাজিক কামত জড়িত হােৱা নাই। হয়, সেই অর্থতকবিসকল আমাৰ সমাজৰ আশাৰ থলী। কবিসকল একগােট হৈ বিভিন্ন কল্যাণমূলক সামাজিক কাম কৰাৰাে বিভিন্ন উদাহৰণ আছে। বহুতে ফে'চবুকৰ মঞ্চত কোনাে সম্পাদক নাই বাবে তাত কবিতা লিখাটোকো সমালােচনা কৰে। কাকত-আলােচনীত কবিতা প্রকাশ নােহােৱাসকলৰ একাংশই যদি এই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলােকৰ কবিতাসমূহ প্রকাশ কৰে, তাত আপত্তি থাকিব নালাগে। বহুতে হয়তাে কাকত-আলােচনীত প্ৰকাশ কৰিবও নিবিচাৰে।
এচামে প্রচাৰমুখিতাৰ কথাকে নভবাকৈও তেওঁলােকৰ সৃষ্টিসমূহ এই মঞ্চৰ যােগেদি আগবঢ়াই দিয়ে। তদুপৰি, কাকত-আলােচনীত ওলােৱাৰ। পিছতাে বহুতেইচোন তেওঁলােকৰ কবিতা এই মঞ্চৰ মজিয়াত আগবঢ়ায়! বহু প্রখ্যাত যশস্বী কবিয়েও এই মঞ্চ ব্যৱহাৰ কৰে। আজিকালি এই মঞ্চৰ লেখা বিভিন্ন কাকত-আলােচনীয়ে প্রকাশাে কৰে। তাৰে হয়তােবা কিছুমান সংশ্লিষ্টগৰাকীৰ অনুমতি নােলােৱাকৈও! কথা হল— কোনে ক'ত লিখে বা মনৰ শান্তিৰ বাবে, নিজৰ হেঁপাহৰ বাবে অথবা আন কি কাৰণত ফে'চবুকত কবিতাৰ চর্চা কৰে সেইবােৰ নিজা কথা। সংবিধানগতভাৱেও, এয়া স্বাধীনতা। মাথোঁ, বক্তব্য অশালীন হ'ব নালাগে। আনৰ অধিকাৰ খর্ব কৰা বিধৰ হ'ব নালাগে। কাৰােবাৰ ভাল নালাগে, নপঢ়িলেই হল! বেছি আমনি লাগিলে সংশ্লিষ্টগৰাকীক অৱৰূদ্ধ কৰিবও পাৰি। প্ৰয়ােজনত সুস্থ বিতর্ক হােৱাটো পৃথক প্রসংগ।
প্রয়াত হীৰেন ভট্টাচার্যই জীৱনকালত এটা সাক্ষাৎকাৰত কৈছিল যে কবিতা কাকতত কিয় নােলায়, তেওঁ নাজানে। ওলােৱাৰ কাৰণ হিচাপে তেওঁ কৈছিল— ইমানবােৰ কাকত-আলােচনীত কবিতাৰ শিতান আছে, উলিয়াবতো লাগিবই! ইয়াৰ লগত বিভিন্নজনে নিজা কল্পনা বা অভিজ্ঞতাৰে কাকত-আলােচনীত কবিতা প্রকাশ হােৱাৰ সন্দৰ্ভত আন কিছুমান কাৰকো বিচাৰি উলিয়াব পাৰে। কথাবােৰ সকলাে ক্ষেত্রতে প্রযােজ্য নহ'ব পাৰে। কিন্তু, এটা কথা ঠিক যে কাকত-আলােচনীত এটা-দুটা কবিতা ওলালেই 'কবিবৰ’ভাব এটাত উপঙি নথকাই ভাল। এসময়ত সম্ভ্রান্ত বুলি ভবা কাকত-আলােচনীৰ একাংশত শেহতীয়াকৈ প্ৰকাশ হােৱা একাংশ কবিতাৰ ৰেহ-ৰূপ দেখি এচাম পাঠকে এনে ভাবাে পােষণ কৰিবলৈ লৈছে।
কবিতাৰ সমালােচকৰ বাবে বাৰু সততা, কবিতাৰ অধ্যয়নপুষ্টতা, নিৰপেক্ষতা আদি গুণ বিষয়ক সুস্পষ্ট নিয়ম কিছুমান মানিবলগীয়া হয়েই! কিন্তু, আমাৰ নতুন কবিসকলে কি কৰিব লাগিব? কবিসকলৰ সমুখত কেইবাটাও পথ খােলা আছে। কোনটো পথ গ্ৰহণ কৰিব সেই সিদ্ধান্ত আমাৰ একাংশ নতুন কবিয়ে নিজে গ্ৰহণ কৰা ভাল। কেৱল ‘কবি যশপ্রার্থী হবলৈ এৰক । কবি’ হােৱাৰ চেষ্টা কৰক, কাব্য-সাধনাৰে। কবিতা সম্পর্কে অধ্যয়ন কৰক, এক সাধনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। যথার্থতে নিজৰ ভাষাৰ লগতে থলুৱা আন ভাষা তথা বাংলা, হিন্দী আদি ভাষাৰ কবিতাও অধ্যয়ন কৰক। প্রয়ােজনত অনুবাদৰ সহায়াে লওক। অনুবাদ মাধ্যমত উৰিয়া, তামিল, মালয়ালম আদি দেশীয় ভাষা তথা বিশ্বৰ অন্যান্য ভাষাৰ ৰসােত্তীর্ণ কবিতাৰাে সােৱাদ লওক, অধ্যয়ন কৰক। ইংৰাজী ভাষাৰ কবিতা আৰু ইংৰাজীৰ মাধ্যমত বিশ্বৰ আন আন ভাষাৰ সমকালীন আৰু পূববর্তী প্রখ্যাত কবিসকলৰ কবিতাও পঢ়ক।
কবিতাৰ সংখ্যা বাঢ়িবই লাগিব, যিমান সােনকালে পাৰি কবিতাৰ সংকলন উলিয়াবই লাগিব, কবিতাৰ সভাত আনৰটো নুশুনি ব্যস্ততাৰ বাবে(!) কাগজত লিখিবলৈ আহৰি নােহােৱাত দৃষ্টিকটুভাৱে ম'বাইল ফ'ন পৰ্দাত চাইহলেও কবিতা পাঠ কৰিবই লাগিব, কবিতা পাঠৰ ফটো কাকতত ওলাবই লাগিব, কাকতত প্ৰকাশিত তেনে কবিতাৰ সভাৰ বাতৰিত নিজৰ নামটো ছপা হ'বই লাগিব, কাকতত প্রকাশিত বাতৰিত নিজৰ নামৰ আগত বিশিষ্ট-জাতীয় অভিধা এটা ছপা হ'লে ভাল—এনেধৰণৰ মানসিকতা এৰাটো সকলােৰে কাৰণে সহজ নহ'বও পাৰে। তথাপি, এৰিব পাৰিলে ভাল।
আনৰ দুই-চাৰিখন কবিতা পুথি কবিতা লিখা মেজখনত ৰাখি ৰাতি টোপনি ক্ষতি কৰি তাৰ পৰা নকল কৰিয়েই হওক, দুই-এটা শাৰী সলনি কৰিয়েই হওক, কবিতাসমূহৰ বিষয়বস্তুৰ আভাস লৈয়েই হওক ‘নিজাকৈ কবিতা লিখি কবি’ হােৱাৰ ধৃষ্টতা একাংশ 'নতুন কবিয়ে ত্যাগ কৰক।
আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ, কবিতা লিখিবই লাগিব, তেনে কোনাে ধৰা-বন্ধা কথা নাই। তাতােকৈ ডাঙৰ কথা, দিনে এটাকৈ (পাৰিলে, একাধিক!কুৰি, ডেৰকুৰিও!!) কবিতা লিখিব লাগিবই বুলি কথা নাই। লিখক, পাৰিলে কবিতা লিখক। কিন্তু, আপুনি নিলিখিলেই সৰগখন ভাগি পৰিব বুলি বা বৰ ডাঙৰ কিবা অঘটন ঘটিব বুলিও ভাবিব নালাগে। বহু প্রখ্যাত কবিয়েও বছৰ বছৰজুৰি এটাও কবিতা লিখিব নােৱাৰে। লিখাকেইটাতাে সন্তুষ্ট নহয়। সমালােচকৰ চকুত পৰাটো দূৰৈৰে কথা! কবিতা এটাৰ বীজ বছৰ বছৰজুৰি হৃদয়ত লালন-পালন কৰাৰ পিছতহে কেতিয়াবা কোনাে কবিৰ কলমেৰে। নিসৃত হয়গৈ কবিতা এটা। কুবলা খানৰ দৰে প্রখ্যাত কবিয়ে সপােনতাে কবিতা পাইছিল। অৱচেতন মনত খেলাই থকা চিন্তাই কেতিয়াবা সপােনত কবিতাৰ দুইএটা কলি আনি দিবই পাৰে বুলিও ভাবে। কিন্তু, সেয়া ব্যতিক্রমহে! সচেতনভাৱে সপােনত কবিতা পােৱা কবি হ'বলৈ নােযােৱাটো ভাল।
কোনে জানাে কৈছিল—কবিতা লিখিব নােৱাৰে যদি, গছপুলি এটাকে ৰােৱক।। কবিতা গছপুলিৰ দৰেই সেউজীয়া, সুন্দৰ। এই কথাকে সাৰােগত কৰি হয়তােবা মানুহ আৰু প্ৰকৃতিৰ ভালৰ বাবেই কথাষাৰ কোৱা হৈছিল। ঠিকেই, আন কাম-বন নাথাকিলে, নকৰিলে কবিতাৰ চৰ্চা ছিৰিয়াছ ভাৱে নকৰি এনেয়ে ‘আৰ ছিগা চুলি, তাৰ ছিগা চুলি, বান্ধিলোঁ নেঘেৰী খােপা’ৰ ধৰণেৰে কবিতাৰ সংখ্যা বঢ়োৱাতকৈ ৰাজহুৱা ঠাইত গছপুলি ৰােৱা বা মাটি থাকিলে খেতি-বাতি কৰাটো বেছি গুৰুত্বপূর্ণ। কাম বুলি বিবেচনা কৰিব পাৰি। এনেয়েও, আমি সকলােৱেই পাৰিলে গছপুলি ৰােৱা আৰু সংৰক্ষণৰ কামটোত মন দিব পাৰিলে আমাৰ সকলােৰে মংগল হ'ব।
|
আমাজনৰ পৰা কিতাপখন ক্ৰয় কৰিবলৈ ফটোত ক্লিক কৰক |
সঘনাই ‘অমুক কবি', 'তমুক কবি’ৰ বঁটা গ্ৰহণ কৰাৰ বাসনাৰে উদ্বেলিত হৈ থকাতকৈ এচাম কবিয়ে কবিতাৰ শ্বাশ্বত সাধনা কৰক। কবিতাক কবিতা’ হৈ থাকিবলৈ দিয়ক। কম আয়াসতে ‘জনপ্রিয়’ নহ'ব পাৰে (এনে ‘জনপ্রিয়তা’ ফুটছাইৰ। দৰে উৰি যাবলৈও বেছি সময় নালাগে), কিন্তু—কবিতাক সঁচাকৈয়ে ভাল পালে, কবি’ নিজেও কবিতাৰ দ্বাৰা উপকৃত হব। তেনে কবিৰ কবিতাৰ দ্বাৰা আমি পাঠকসকলাে নিশ্চিতভাৱে উপকৃত হ'ম, সমাজো উপকৃত হ'ব।
নতুন কবিসকলে কবিতা লিখক, আপত্তি নাই। মাথোঁ, কবিতা লিখাৰ সাধনা কৰাটোতাে সমানে গুৰুত্ব দিয়ক। একে ৰাতিতে কিয়নাে হ'ব লাগে ‘ডাঙৰ কবি’! বাল্মিকীও জানাে একেদিনাই মহাকবি’ হৈছিল? কবিতা’ ভাল হলে পাঠকে পঢ়িবই! কেৱল কবি হােৱাতকৈ কবিতাৰ পাঠকো হওক! নে কি কয়? অন্ততঃ কবিতাৰ পাঠকো বাঢ়িব। তেতিয়া ভালহে হ'ব। নহ'লে যে কবিতাৰ পাঠকেই নাথাকিব! কথাবােৰ ভাবিবচোন। নিজৰ কবিতা ‘ভাল' বুলি নিজে কৈ ফুৰাতকৈ পাঠককো স্বাধীনতা দিয়ক। সমালােচকে কবিতাৰ ভাল খিনি ক'ব বুলিও আশা। কৰোঁ। কিন্তু, কবিতাৰ খুঁতখিনি আঙুলিয়াই দিয়াটোও সংশ্লিষ্টগৰাকীৰ পৰা আশা। কৰক। এইখিনি সততা আৰু সংস্কাৰৰ চেতনাই সংশ্লিষ্টসকলৰ মন-মগজুক চুই যাবনে? যােগাত্মক চিন্তা, গঠনমূলক মনােভাব সকলােৰে বাবে মংগলজনক। একাংশ নতুন কবি' আৰু 'কবিতা'ৰ বাবেও।
লেখাটি 'নতুন কবি, কবিতাৰ একাংশ প্রসংগত' শীৰ্ষৰে অসম আদিত্য কাকততো প্ৰকাশ পাইছিল। লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ
Thanks for the great content
ReplyDeleteAssamcreer